নিবন্ধশিল্প-কলা-সংস্কৃতি

কেনভাচত প্ৰতিবাদৰ ভাষা : ইনজু আহমেদৰ ‘The Mirror’ আৰু সামাজিক দায়বদ্ধতা ।। পল্লৱ হাজৰিকা

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

শিল্প কেৱল চকুৰ প্ৰশান্তি নহয়, শিল্প হ’ব পাৰে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী অস্ত্ৰ। এই সত্যটোকে পুনৰবাৰ প্ৰমাণ কৰিছে গণমুখী চিত্ৰশিল্পী ইনজু আহমেদে। দীৰ্ঘদিন ধৰি তেওঁ নিজৰ ৰং-তুলিকাৰ মাধ্যমেৰে কেৱল নন্দনতাত্ত্বিক সৌন্দৰ্যৰ চৰ্চা কৰা নাই, বৰঞ্চ সচেতনভাৱে কেনভাচলৈ তুলি আনিছে নিস্পেষিত মানুহৰ কৰুণ গাথা। তেওঁৰ ছবিত প্ৰতিফলিত হয় সাধাৰণ জনতাৰ দুখ, যন্ত্ৰণা আৰু ক্ষমতাশালী পক্ষৰ শোষণ-বঞ্চনাৰ এক জীৱন্ত দলিল। ইনজু আহমেদৰ শিল্পদৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল—তেওঁ এচাম মানুহক‌ কেৱল অসহায় ৰূপত তুলি ধৰিয়েই ক্ষান্ত থকা নাই। বৰঞ্চ, সেইসকল লোকৰ বুকুত গুমৰি থকা প্ৰতিবাদ আৰু কণ্ঠক তেওঁ প্ৰতিৰোধৰ স্বৰ হিচাপে গঢ়ি তুলিছে। তেওঁ স্পষ্টকৈ বিশ্বাস কৰে যে শিল্প কেতিয়াও ৰাজনীতিৰ পৰা বিচ্ছিন্ন হ’ব নোৱাৰে; সমাজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপট এজন শিল্পীৰ সৃষ্টিৰ উৎস হ’ব পাৰে।

শেহতীয়াকৈ গোলাঘাটত চাৰুকলা বিদ্যালয়ৰ উদ্যোগত আৰু প্রয়াস আর্ট গেলেৰিৰ সহযোগত গোলাঘাটৰ কলা বীথিকাত অনুষ্ঠিত হৈ যোৱা তেওঁৰ একক চিত্ৰ প্ৰদৰ্শনী ‘The Mirror’-এ এই ধাৰণাটোকেই অধিক দৃঢ় কৰিলে। প্ৰদৰ্শনীখনত স্থান পোৱা ন-পুৰণি চিত্ৰসমূহৰ মাজেৰে সমসাময়িক সমাজখনত ৰাষ্ট্ৰযন্ত্ৰই চলাই যোৱা শোষণৰ এক ভয়াবহ অথচ স্পষ্ট ছবি প্ৰতিফলিত হৈছে। চিত্ৰশিল্পৰ গভীৰ সমালোচনা কৰাৰ সাহস নাথাকিলেও এগৰাকী সচেতন দৰ্শক হিচাপে প্ৰদৰ্শনীখনৰ কেইখনমান বিশেষ ছবিয়ে মনত যি জোকাৰণি তুলিলে, সেই অনুভৱকহে ব্যক্ত কৰিবলৈ চেষ্টা কৰিছো। স্বাভাৱিকতেই চিত্ৰ সমালোচকৰ লিখনীৰ সোৱাদ এই লেখাত পোৱা নাযাব।

 আন্ধাৰত এখন শীৰ্ণ হাত…

 

এই চিত্ৰখনি কেৱল এখন কেনভাচ নহয়, বৰঞ্চ বৰ্তমানৰ সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ এক মৰ্মস্পৰ্শী দলিল। শিল্পীয়ে তুলিকাৰে  সমাজৰ এচাম মানুহৰ অসহায় অৱস্থা আৰু আন এচামৰ বিলাসিতাৰ মাজৰ ব্যৱধানক অতি নিপুণভাৱে ফুটাই তুলিবলৈ যত্ন কৰিছে। ছবিখনত দেখা পোৱা সেই শীৰ্ণ হাতখন আৰু খালী পাত্ৰটোৱে সমাজৰ নিম্নবৰ্গৰ মানুহৰ চৰম দৰিদ্ৰতাক প্ৰতিনিধিত্ব কৰিছে। এইখন কেৱল এগৰাকী ভিক্ষাৰীৰ হাত নহয়, ই হ’ল আধুনিক সমাজৰ সেইসকল ‘হিতাধিকাৰী’ৰ প্ৰতীক যি সদায় আনৰ দান বা চৰকাৰী অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিবলৈ বাধ্য হয়। হাতখনৰ ভংগীয়ে এক অসহায় আহ্বান সূচাইছে। ই সমাজৰ উৎপাদন ব্যৱস্থাৰ পৰা বঞ্চিত হোৱা এচাম মানুহৰ কথাই কয়, যিসকলৰ হাতত কেৱল ‘গ্ৰহণ’ কৰাৰ বাবেহে এটা পাত্ৰ আছে, কিন্তু স্বাৱলম্বী হোৱাৰ কোনো পথ নাই। দূৰৈত অস্পষ্ট নীলিম চহৰীয়া জীৱনৰ নিৰ্মাণ। শিল্পীয়ে ছবিখনত ৰঙৰ যি বৈপৰীত্য ব্যৱহাৰ কৰিছে, সামাজিক দৃষ্টিকোণৰ পৰা অতি তাৎপৰ্যপূৰ্ণ। ছবিখনৰ বেছিভাগ অংশ আন্ধাৰ বা গভীৰ নীলা ৰঙেৰে আবৃত। ই অনিশ্চয়তা, শূন্যতা আৰু দৰিদ্ৰতাৰ ভয়ংকৰ অন্ধকাৰৰেই হয়তো সূচক। ই সমাজৰ সেই নিৰাশাজনক দিশটো উন্মোচন কৰিছে য’ত মানুহৰ পৰিচয় কেৱল এক শূন্য পাত্ৰত আবদ্ধ। আকৌ বাওঁফালে থকা তেজৰঙা প্ৰলেপটোৱে বিদ্ৰোহ, খং অথবা অনাগত দিনৰ এক বিপদৰ সংকেত দিয়ে। ই সেইসকল বঞ্চিত লোকৰ অন্তৰত জমা হৈ থকা তীব্ৰ যন্ত্ৰণাৰ বহিঃপ্ৰকাশ নেকি? আনফালে অন্ধকাৰৰ মাজতো হাতখন আৰু পাত্ৰটো উজ্জ্বল কৰি দেখুওৱা হৈছে।  সমাজৰ সকলো উন্নয়নৰ আলোচনাৰ কেন্দ্ৰবিন্দু এইসকল লোক হ’লেও, তেওঁলোকৰ বাস্তৱ অৱস্থাটো কিন্তু অন্ধকাৰতেই নিমজ্জিত। য’ত দৰিদ্ৰতা দূৰীকৰণৰ নামত কেৱল পাত্ৰটো ভৰাই দিয়াৰ চেষ্টা কৰা হয়, কিন্তু সেই হাতখন শক্তিশালী কৰাৰ বাবে কোনো সূত্ৰ নাথাকে। হাতত পিন্ধি থকা সাধাৰণ খাৰুপাতে তেওঁলোকৰ পৰম্পৰাগত দৰিদ্ৰতাৰ এক চিনাকি দিয়ে, যিটো পুৰুষানুক্ৰমে চলি আহিছে।

 খেতি ৰখীয়া ‘শ্বলচাং’টো…

উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজ-ব্যৱস্থা আৰু বৰ্তমানৰ গোলকীয় অৰ্থনীতিৰ সংঘাতক এই ছবিখনে এক অতি শক্তিশালী ৰূপত তুলি ধৰিছে। ছবিখনৰ কেন্দ্ৰবিন্দু হৈছে এটা ওলমি থকা পৰম্পৰাগত ‘শ্বলচাং’। যিটো কেৱল এটা পোছাক নহয়, বৰঞ্চ উত্তৰ-পূবৰ পাহাৰীয়া ভূমিপুত্ৰৰ স্বাভিমান আৰু সাংস্কৃতিক পৰিচয়ৰ প্ৰতীক। এজন জীৱন্ত মানুহৰ অনুপস্থিতিত এই ‘শ্বলচাং’টোক পথাৰৰ ৰখীয়া হিচাপে ব্যৱহাৰ কৰা কাৰ্যটোৱে হয়তো এক গভীৰ সামাজিক ট্ৰেজেডীও সূচাইছে। যি সময়ত বহিঃৰাজ্যৰ বাণিজ্যিক শক্তি বা বণিয়াসকলে এই অঞ্চলৰ প্ৰাকৃতিক সম্পদ আৰু উৰ্বৰ ভূমি হস্তগত কৰিবলৈ উঠি-পৰি লাগিছে, সেই সময়ত থলুৱা অধিকাৰীসকল নিজৰ ভেটিতেই যেন অস্তিত্বহীন বা নিৰুপায় । এই দৃশ্যটোৱে জনজাতীয় সমাজৰ সেই অসহায় অৱস্থাক প্ৰতিফলিত কৰিছে য’ত তেওঁলোকৰ শতিকা পুৰণি পৰম্পৰাটো এতিয়া কেৱল এক ‘চৰাই খেদা চৌ’ৰ দৰে নিস্প্ৰাণ প্ৰতিৰোধত পৰিণত হৈছে। ছবিখনত ৰঙৰ প্ৰয়োগ অতিশয় অৰ্থবহ আৰু সাংকেতিক। শিল্পীজনে হালধীয়া আৰু সেউজীয়াৰ এক বিশাল বিস্তৃতি ব্যৱহাৰ কৰিছে, যিয়ে উত্তৰ-পূবৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যক বুজাইছে। পকি উঠা সোণালী পথাৰখন যেন বণিয়াৰ আগ্ৰাসনৰ বাবে এক সহজ লক্ষ্য। এই বিশাল প্ৰাকৃতিক ৰঙৰ বিপৰীতে ‘শ্বলচাং’টোৰ বাবে ব্যৱহাৰ কৰা গাঢ় ৰঙা ৰংটোৱে দৰ্শকৰ দৃষ্টিত এক তীব্ৰ জোকাৰণি দিয়ে। ইয়াত ৰঙা ৰঙক তেজ, বলিদান আৰু একে সময়তে এক নীৰৱ প্ৰতিবাদৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছে। আকাশৰ শান্ত নীলা আৰু পাহাৰৰ শীতল সেউজীয়াৰ মাজত এই উত্তপ্ত ৰঙা ৰঙৰ গালুগটোৱে এক মানসিক উত্তেজনা সৃষ্টি কৰিছে, যিয়ে নিৰ্মল পাহাৰীয়া জীৱনলৈ অহা বহিৰাগত সংকটক চিহ্নিত কৰিব পাৰে।

মহানগৰৰ সেই কালভাৰ্টটো…

এই ছবিখন কেৱল এটা দৃশ্য নহয়, বৰঞ্চ ই আধুনিক সভ্যতাৰ এক নিৰ্মম বাস্তৱ। শিল্পী গৰাকীয়ে কেনভাছত যি মহানগৰীয় শূন্যতাৰ চিত্ৰ অংকন কৰিছে, সেয়া আমাৰ তথাকথিত প্ৰগতিৰ বিপৰীতে থকা এক কৰুণ সত্য। ছবিখনৰ এফালে থকা গাঢ় নীলা আৰু ক’লা ৰঙৰ সংমিশ্ৰণে চহৰীয়া জীৱনৰ সেই যান্ত্ৰিকতাক প্ৰকাশ কৰিছে, য’ত অট্টালিকা আৰু বৈদ্যুতিক সংযোগৰ ভিৰ আছে যদিও মানৱীয় উষ্মতাৰ অভাৱ। ওপৰৰ ফালে থকা ৰঙা আৰু উজ্জ্বল হালধীয়া আভাই চহৰখনৰ বিলাসিতা আৰু হুলস্থূলীয়া পৰিৱেশটোক প্ৰতিফলিত কৰিছে। কিন্তু এই সমগ্ৰ জাকজমকতাৰ মাজত আটাইতকৈ চকুত লগা দিশটো হ’ল তলৰ সোঁফালে থকা সেই নিৰাশ্ৰয় পৰিয়ালটো। এখন আধুনিক চহৰৰ কালভাৰ্টৰ ভিতৰত আশ্ৰয় লোৱা এই নিঃস্ব পৰিয়ালটোৱে আমাক এক ডাঙৰ প্ৰশ্নৰ সন্মুখীন কৰায়। ছবিখনত দুটি শিশুৰ শৰীৰত লজ্জা নিবাৰণৰ বাবে সামান্য বস্ত্ৰও নাই। এই নগ্নতাই কেৱল তেওঁলোকৰ দৰিদ্ৰতাকে নহয়, বৰঞ্চ আমাৰ সমাজ ব্যৱস্থাৰ বিফলতা আৰু উদাসীনতাকো উদঙাই দিছে। কালভাৰ্টটোৰ গোলাকাৰ অবয়বটোৱে যেন তেওঁলোকক চহৰখনৰ মূল সোঁতৰ পৰা বিচ্ছিন্ন কৰি এটা সৰু বৃত্তৰ মাজত আৱদ্ধ কৰি ৰাখিছে। চহৰৰ যান্ত্ৰিকতা আৰু বিলাসিতাৰ সমান্তৰালভাৱে চলি থকা এই চৰম দৰিদ্ৰতা সঁচাকৈয়ে হৃদয় বিদাৰক। শিল্পীয়ে দেখুৱাব বিচাৰিছে যে যিমান বেছি চহৰবোৰ পোহৰ আৰু আধুনিকতাৰে উপচি পৰিছে, সিমানেই সমাজৰ এটা শ্ৰেণীক আন্ধাৰ আৰু অৱহেলিত গহ্বৰলৈ ঠেলি দিয়া হৈছে। এই ছবিখন কেৱল এটা শিল্পকৰ্ম হৈ থকা নাই, ই হৈ পৰিছে বৰ্তমান সময়ৰ অৰ্থনৈতিক বৈষম্য আৰু সামাজিক নিৰাপত্তাহীনতাৰ এক বলিষ্ঠ প্ৰতিবাদ।

খঙাল গোনা ম’হটো…

চিত্ৰশিল্পী গৰাকীৰ এই ছবিখন এক গভীৰ সামাজিক আৰু মানসিক চেতনাৰ শক্তিশালী বহিঃপ্ৰকাশ। প্ৰান্তীয় জনজীৱনৰ প্ৰেক্ষাপটত ‘গোনা ম’হ’ এটাক আমি অপৰিমেয় শক্তি আৰু সাহসৰ প্ৰতীক হিচাপেই দেখি আহিছোঁ। এটা গোনা ম’হে নিজৰ দলটোক যেনেদৰে বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ সদায় সজাগ হৈ থাকে, ঠিক তেনেদৰে কেনভাচৰ এই ম’হটোৱেও এক অকুতোভয় ৰক্ষকৰ ভূমিকা পালন কৰা যেন অনুভৱ হয়। ইয়াৰ তীক্ষ্ণ শিং আৰু গভীৰ দৃষ্টিয়ে বুজাই দিয়ে যে ই কোনো শোষকৰ ওচৰত হাৰ মানিবলৈ নিজৰ যাত্ৰা আৰম্ভ কৰা নাই। এয়া হয়তো চিত্ৰকৰজনৰ নিজৰ ভিতৰৰ সেই বিদ্ৰোহী সত্তাটো, যিয়ে যুগ যুগ ধৰি বঞ্চিত হৈ অহা সাধাৰণ মানুহৰ হৈ প্ৰতিবাদ কৰিবলৈ সাজু হৈছে। ইয়াৰ ‘নাকী’ নলগোৱা অৱস্থাটোৱে এক অনিয়ন্ত্ৰিত আৰু মুক্ত সত্তাৰ ইংগিত দিয়ে, যিটো হয়তো শোষক শ্ৰেণীৰ বাবে এক শক্তিশালী প্ৰত্যাহ্বান। চিত্ৰখনিৰ ৰঙৰ প্ৰয়োগ আৰু কাৰিকৰী দিশটো লক্ষ্য কৰিলে দেখা যায় যে ই এক তীব্ৰ উত্তেজনা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ম’হটোৰ শৰীৰত ব্যৱহাৰ কৰা গাঢ় নীলা আৰু ক’লা ৰঙৰ ছাঁ-পোহৰে ইয়াৰ বিশালতা আৰু গাম্ভীৰ্যক মূৰ্ত কৰি তুলিছে। এই গাঢ় ৰঙৰ বিপৰীতে পৃষ্ঠভূমিত ব্যৱহাৰ কৰা উজ্জ্বল ৰঙা ৰংটোৱে খং আৰু এক বৈপ্লৱিক পৰিৱেশৰ যেন সূচনা কৰিছে। ৰঙা ৰঙৰ এই আধিপত্যই যেন ক’ব বিচাৰিছে, ম’হটোৰ এই যাত্ৰা এক সংগ্ৰামৰ পটভূমি। সোঁফালৰ পৰা অহা হালধীয়া আৰু বগাৰ পোহৰে অন্ধকাৰৰ মাজত এক নতুন আশাৰ সংকেত দিয়ে। সামগ্ৰিকভাৱে, ইনজু আহমেদে কেৱল এখন ছবি অঁকা নাই, বৰঞ্চ নিৰ্যাতিত মানুহখিনিৰ সংগ্ৰামী মানসিকতাক এক শৈল্পিক মাত্ৰা দিছে।

উল্লেখ্য যে, ইনজু আহমেদৰ চিত্ৰশৈলীৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল ৰঙৰ তীব্ৰতা আৰু Bold strokes, যিটোয়ে তেওঁৰ প্ৰায় প্ৰতিখন কেনভাচতে এক প্ৰকাৰৰ জীৱন্ত গতিশীলতাৰ সৃষ্টি কৰে। তেওঁ বিশেষকৈ বাস্তৱক কেৱল দেখাৰ দৰে অংকন নকৰি, তাৰ অন্তৰ্নিহিত আৱেগ আৰু মানসিক সংঘাতবোৰকহে অধিক গুৰুত্ব দিছে। তেওঁৰ ছবিত প্ৰায়েই গাঢ় ৰঙৰ ব্যৱহাৰ দেখা যায়, যিয়ে দৰ্শকৰ মনত একপ্ৰকাৰৰ উত্তেজনা বা গভীৰ চিন্তাৰ উদ্ৰেক কৰে। বিশেষকৈ প্ৰান্তীয় সমাজৰ সংগ্ৰাম, সাধাৰণ মানুহৰ জীৱনবোধ আৰু প্ৰকৃতিৰ ৰুদ্ৰৰূপক তেওঁ প্ৰতীকী অৰ্থত উপস্থাপন কৰিবলৈ অহৰহ চেষ্টা কৰিছে। তেওঁৰ শিল্পত এক প্ৰকাৰৰ ‘অনিয়নন্ত্ৰিত মুক্তি’ৰ ভাব ফুটি উঠে, য’ত পৰম্পৰাগত নীতি-নিয়মৰ পৰিৱৰ্তে শিল্পীৰ স্বতন্ত্ৰ সত্বাইহে অধিক প্ৰাধান্য পায়।

Leave a Reply

Your email address will not be published. Required fields are marked *