গল্প-কবিতা

ৰৌদ্রস্নান (অন্তৰংগ নাট) ।। মইনা গোস্বামী

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

(মঞ্চত দুটা মাইক্ৰ’ফোন, মাইক্ৰ’ফোনৰ আগত থিয় হয় অমৃত শর্মা আৰু ৰত্ন ওৰফে জুৱেল)

অমৃত : (দৰ্শকলৈ) নমস্কাৰ। মই অমৃত শর্মা। এইজন মোৰেই নুমলীয়া পুত্ৰ। (পুতেকলৈ চাই)- নাম ক তোৰ।
জুৱেল : নামত কি আহে যায়! জুবিন নামটোনো কি নাম! কামেহে নামক অৰ্থ প্ৰদান কৰে। ধৰি লওক মোৰ নাম জুৱেল।
অমৃত : জুৱেল! কোন দিনাৰ পৰা জুৱেল হ’ল?
জুৱেল : আচলতে মা-দেউতাই দিয়া নাম ৰত্ন। পাৰ্টনাৰবোৰে জুৱেল বুলি মাতে। জুৱেল মানেও ৰত্নই।
অমৃত : আপোনালোকে ইতিমধ্যে চাগে অনুমান কৰিব পাৰিছে মই কিয় ল’ৰাক ইয়ালৈ লৈ আহিছোঁ। অৱশ্যে তাক মই এনে এখন সমাজলৈ অনাটো ঠিক হৈছে নে নাই, এতিয়ালৈ ভালদৰে বুজিব পৰা নাই। কিবা এক আৱেগত লৈ আহিলোঁ!
জুৱেল : মই আহিব খোজা নাছিলোঁ। জোৰ-জুলুম চলিছে মোৰ ওপৰত। মূৰৰ গোলমাল হৈছে হেনো মোৰ।
অমৃত : অনবৰত এজন ল’ৰাৰ যদি খোৱাৰ-শুৱাৰ কোনো সময় নাথাকে— দুৱাৰ মাৰি কোঠাৰ ভিতৰতেই সোমাই থাকে— পুৱাই ওলাই গৈ দোভাগ ৰাতি ঘৰ পায়হি— তাক আপুনি নৰ্মেল বুলি কেনেকৈ কয়!
জুৱেল : নৰ্মেল! (বিষাদ-হাঁহি) নৰ্মেল হ’বলৈ ক’ত সেই নৰ্মেল পৰিৱেশ!
অমৃত : কি পৰিৱেশ বেয়া হ’ল আমাৰ? এনে পৰিৱেশতে পৰিয়ালৰ অইন চাৰিটা মানুহ চলি থকা নাই?
জুৱেল : সকলোতো চলিয়েই আছে; কিন্তু কেনেকৈ চলিছে! চলি থকাই জীৱন নহয় দেউতা। দীৰ্ঘকাল ৰুগীয়া দেহ লৈ কাহি কাহি চলি থকাটো জানো জীৱন? জীৱনে গতি বিচাৰে; স্থবিৰতা সহিব নোৱাৰে। – শৈশৱৰ পৰাই কি মই এনেকুৱা আছিলোঁ?
অমৃত : নাছিলি। বহুত ভাল আছিলি। অনেক আশা দিব পৰা ল’ৰা আছিলি। (ৰাইজলৈ) মেট্ৰিকত ই ডিষ্টিংশ্বন পাইছিল। এতিয়া ইলেভেন পোৱাৰ পিছত মই তাৰ মতি-গতি ভয়ানকভাৱে সলনি হোৱা দেখিছোঁ।
জুৱেল : খোলাকৈ ক’বলৈ হ’লে শৈশৱৰ পৰাই তুমি মোক অত্যাচাৰ— নহয়, নহয় অত্যাচাৰ বুলি নকওঁ; তুমি মোক বহুত কষ্ট দিছা দেউতা।

অমৃত : কষ্ট দিছোঁ বুলি ক’লেই হ’ব নেকি? জান মাৰি দিছোঁ তহঁতৰ বাবে মই।
জুৱেল : সঁচা, আমাৰ বাবে তুমি বহুত কৰিছা; কিন্তু সন্তানৰো এখন নিজা জগত থাকে দেউতা। পিতৃ-মাতৃয়ে গৌৰৱ কৰাৰ থল বিচাৰি সন্তানক ডাইচৰ গুটি কৰিব নালাগে— তোমালোকৰ আনন্দৰ বাবে সিহঁতক কেৱল নম্বৰ গোটোৱা ৰণিয়া কৰিব নালাগে।
অমৃত : নম্বৰ নহ’লে— মাৰ্কছ নহ’লে দুনীয়া এতিয়া নচলে। আগৰ দিন এতিয়া নাই। জাননে নাজান মূৰ্খ?
জুৱেল : মইতো নম্বৰ পোৱা ল’ৰাই আছিলোঁ। তোমাৰ কিন্তু হেঁপাহ নপলায়। মই সকলোতকৈ ওপৰত থাকিব লাগে। ফলত মই পাঠ্যপুথিৰ সলনি অন্য এখন কিতাপ হাতত তুলি ল’লেই ঘৰখনলৈ ছুনামি আহিছিল৷
অমৃত : বাহিৰা কিতাপ পঢ়ি সময় নষ্ট কৰিলে মই বেয়া পাওঁ।
জুৱেল : কিতাপ ভাল-বেয়া থাকিব পাৰে; কিন্তু কোনো কিতাপেই বাহিৰা কিতাপ নহয় দেউতা।
অমৃত : বাপ্ৰে! মোক শিকাব পৰা হৈ গ’লি! মই শূন্যৰ পৰা আজিৰ এই অৱস্থা পাইছোঁ জান। নিজক প্ৰতিষ্ঠা কৰাৰ বাবে যুদ্ধ কৰিছোঁ। মোৰ পিতাৰ ভেটিটোও নাছিল। এতিয়া আৰামত চলিছতো তহঁত! কি বুজিবি বাপেৰৰ ব্যথা! নতুন নতুন ঘৰ সাজি বন্ধুবোৰে আমাৰ বুকুত জুই জ্বলাবৰ বাবে ঘৰলোৱা খাবলৈ মাতে। প্ৰতিখন ঘৰলোৱা খাই আহি এসপ্তাহ মাৰৰ মাতবোল নাথাকে। মাটি অলপ কিনি ঘৰ এটা বান্ধিছিলোঁ। মূৰ সুমুৱাব পৰা সৰু এটা ঘৰ।
জুৱেল : নতুন ঘৰ লোৱা মানুহবোৰে তোমালোকৰ মনত জুই জ্বলাবৰ বাবে নামাতে দেউতা। নতুন ঘৰটো লোৱাৰ সময়ত এসাজ লগে-ভাগে খাবলৈ মাতে; অথচ তুমি অনবৰত মিতিৰ-কুটুম, ওচৰ-চুবুৰীয়াৰ লগতো প্ৰতিযোগী ভাৱনা কিছুমান লগত লৈ ফুৰা। সেই ভাৱনায়েই তোমাক অহৰহ জ্বলাই মাৰিছে আৰু আমিও দিনে দিনে সেই জুইত জাহ যাবলৈ ধৰিছোঁ।
অমৃত : ক’ত প্ৰতিযোগিতা নাই? এই বিশ্বব্ৰহ্মাণ্ডত ক’ত প্ৰতিযোগিতা নাই! খেলতেই নাই নে পঢ়া-শুনাতেই নাই— নে ধন-সম্পদ গোটোৱাতেই নাই! ক’ত নাই? দেখুৱাই দেচোন প্ৰতিযোগিতা নথকা এডোখৰ ঠাই।
জুৱেল : প্ৰতিযোগিতাত লাগি থকা বাবেই তুমি কিন্তু আচল কথাটো পাহৰি গৈছা।
অমৃত : (খঙেৰে) কি পাহৰিছোঁ?
জুৱেল : মানুহৰ জীৱনত প্ৰতিযোগিতাৰ আগতে থাকে সহযোগিতা। সহযোগিতাহে প্ৰধান। অইন মানুহে সহযোগ নকৰিলে তুমি ঘৰ সাজিব নোৱাৰা, কাপোৰ বা খাদ্যও যোগাৰ কৰিব নোৱাৰা।

অমৃত : কিয় পাহৰিম? সহযোগ নহ’লে ইমান ডাঙৰ এখন পূজা কমিটিত মই সভাপতি হ’ব পাৰোঁ নেকি? মোক সহযোগ নিশিকাবি। সহযোগ মই বুজি পাওঁ। আমাৰ ঘৰখনত কেৱল তোৰ সহযোগ নাই।
জুৱেল : কি কৰিব লাগে মই?
অমৃত : আগৰদৰে পঢ়া-শুনা কৰিব লাগে। মইতো তোক অইন কাম কৰিবলৈ কোৱা নাই।
জুৱেল : নোৱাৰি দেউতা। মই অনবৰত দাদাক দেখি থাকোঁ বাইদেউক দেখি থাকোঁ দাদা আৰু বাইদেউৰ মাজেদি সমাজখনক দেখি থাকোঁ। মই বৰ অস্থির হৈ পৰোঁ। পঢ়া-শুনা কৰাৰ ইচ্ছা নাজাগে।
অমৃত : তোৰ দাদাৰ আকৌ কি হ’ল? তাৰ কথা ভাবিবলগীয়া কি আছে! সিটো প্ৰফেছাৰ মানুহ। সিটো বহুতৰ দৰে বেকাৰ নহয়।
জুৱেল : দাদা প্ৰফেছাৰ-লেকছাৰাৰ একো নহয়। নামমাত্ৰ বেতনত পৰিশ্ৰম কৰা এজন অংশকালীন শিক্ষক। যিকোনো মুহূৰ্তত তাক খেদিও দিব পাৰে। সিয়েইতো নহয়, অজস্ৰ ল’ৰা-ছোৱালীৰ সন্মুখৰ ৰাস্তাবোৰ এতিয়া বন্ধ। বেকাৰৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে। শাসক শ্ৰেণীয়ে মেৰুদণ্ডবোৰ ভাঙি দি সিহঁতক অনুগত কৰাৰ কাৰচাজি চলাইছে অবিৰত।
অমৃত : নাই, নাই— মোৰ পুত্ৰ বেকাৰ হৈ নাযায়। তাৰ বাবে চিন্তা নাই। মন্ত্ৰীৰ লগত মোৰ লাইন আছে। কিবা এটা কৰি দিব পাৰিম।
জুৱেল : তোমালোকৰ এই লাইনটোৱেই অজস্ৰ ডেকা-গাভৰুৰ বিবেক-বুদ্ধিক দেউলিয়া কৰিছে। সকলোৱে লাইন বিচাৰি গৈ সুবিধাবাদৰ পিতনিত পৰিছে। সুবিধাবাদৰ অক্টোপাছে সকলোকে গ্ৰাস কৰিবলৈ লৈছে।
অমৃত : সুবিধা নলৈ কি ঘোঁৰাৰ ঘাঁহ কাটিবি? এই পৃথিৱীত জোৰ যাৰ মুলুক তাৰ।
জুৱেল : আৰু যাৰ জোৰ নাই? ধন-বল-ক্ষমতাৰ বল নাই, সেইসকল য’তে-ত’তে পৰি মৰি থাকিলেও আপত্তি নাই, নহয়?
অমৃত : তই সঁচাকৈয়ে পাগলেই হ’বি। জগতত কোনেও নভবা কথাবোৰ ভাবি ভাবি তই যে পাগল হ’বি— মই বুজিছোঁ।
জুৱেল : মই পাগল হোৱাৰ আগতে বাইদেউতো কোনোবাদিনাই পাগল হৈছে। এই যে তাই কাৰো হাতে নাখায়— আনৰ ঘৰলৈ গৈ খাব লাগে বাবেই যাব নোখোজে— অনবৰত যে মানুহৰ পৰা আঁতৰি বগা সাজ পিন্ধি এই বয়সতে ব্ৰহ্মকুমাৰীৰ জপ কৰি থাকে— তাই তোমাৰ দৃষ্টিত কি ঠিকেই আছে?
অমৃত : ল’ৰা এটা চাই আছোঁ। ল’ৰা পালেই বিয়া দিম। বিয়া দিলেই ঠিক হৈ যাব।
জুৱেল : তুমি ভবাৰ দৰে কথাবোৰ ইমান সৰল নহয় দেউতা। গাৰ বলেৰে সকলো কাম কৰিব নোৱাৰি। বাইদেউ লাহে লাহে বাহিৰৰ মানুহৰ পৰাই নহয়, তোমাৰ-মোৰ পৰাও আঁতৰি গৈ আছে। বাইদেৱে এতিয়া কল্পনাতেই অনবৰত ঈশ্বৰৰ স’তে থাকে।

অমৃত : মোক বুজাবলৈ নাহিবি। জীৱনত ঠেকা-খুণ্ডা খাই বহুত শিকিছোঁ। ঘৰ-সমাজ কেনেকৈ চলে মই জানোঁ। ছোৱালী বা তিৰোতা মানুহৰ মন থাকে বুলি মই নাভাবো। মহাপুৰুষসকলে কৈ গৈছে- নাৰী পানীৰ দৰে, য’তেই নথওঁ কিয়, তাৰেই আকাৰ লয়।
জুৱেল : তোমাৰ আৰু মাৰ হেনো ভাল পায়েই বিয়া হৈছিল; অথচ তোমালোক দুটাৰ কাজিয়া চাই-চায়েইতো আমি ডাঙৰ হৈছোঁ।
অমৃত : কাজিয়া কৰিলেও তহঁতৰ মা এগৰাকী লক্ষ্মী তিৰোতা। তেওঁ মোক ভালদৰে বুজি পায়।
জুৱেল : তোমাক ভালদৰে বুজি পাইছে বাবেই মা এতিয়া আৰু বেছি লক্ষ্মী হৈ পৰিছে। বৰ ভাগৰুৱা তেওঁ। ভাগৰুৱা দেহটোক আউজিবৰ বাবে এক আশ্ৰয় লাগে। মাৰ সেই আশ্ৰয় এতিয়া ঈশ্বৰ।
অমৃত : কি বেয়া হৈছে? ঈশ্বৰ সেৱাইতো মূল কথা। এতিয়া দুয়ো বুঢ়া-বুঢ়ীৰ সেয়াই শেষ আশ্ৰয়। তহঁতে কি কৰিবি আমি ভালদৰে জানো। মতি-গতি দেখিয়েই বুজিছোঁ। তহঁতৰ ওপৰত ভৰসা আমাৰ নাই।
জুৱেল : ঈশ্বৰক ভৰসা কৰি কিন্তু পৃথিৱীৰ মানুহ চলা নাই দেউতা। মানুহক ভৰসা কৰিহে মানুহ চলিছে। ধৰ্মই-ধৰ্মই এতিয়া কেৱল যুদ্ধ-ৰক্তাৰক্তি।
অমৃত : বাহিৰা কিতাপ পঢ়ি পঢ়ি তোৰ মগজটো একেবাৰে নষ্ট হৈছে। তই ধৰ্মৰ বিৰুদ্ধেও কথা ক’ব পৰা হ’লি! কি জান ধৰ্মৰ বিষয়ে? এই যে চাৰা পৃথিৱীতেই মঠ-মন্দিৰ-গীৰ্জা-মছজিদ আদিলৈ লাখ লাখ, কোটি কোটি মানুহ যায়— ধন-সোণ দি উপাস্য দেৱতাক কিবা মাগে— সেইবিলাক কি অথলে গৈছে? তোৰ নিচিনা ওঁঠ টিপিলে গাখীৰ ওলোৱা ল’ৰাটোই এই কথা ক’ব পৰা হ’লি! তই দেখিছোঁ সঁচাকৈয়ে পাগল হ’লি।
জুৱেল : পাগল হোৱা নাই। তোমালোকে বুজিব নোখোজা কথাবোৰ মই মাথোঁ বুজিব খুজিছোঁ। ধৰ্ম নথকা ঠাই জানো আছে? নৈ-নিজৰা, পৰ্বত-পাহাৰ, আকাশ-সমুদ্ৰ ক’ত নাই ধৰ্ম! সকলোৱে নিজা নিজা ধৰ্ম অনুসৰি চলে। ধৰ্ম থাকিবই; কিন্তু মানুহ যে ধৰ্মান্ধ হ’ল। যি ধৰ্মই মানুহৰ পৰা মানুহক আঁতৰাই নিয়ে, সেয়া চকু নথকা ধৰ্ম দেউতা। যি ধৰ্মই মানুহকেই ঈশ্বৰ বুলি ভাবিবলৈ শিকায় সেয়াহে ধৰ্ম।
অমৃত : আমি তাৰমানে সাতাম পুৰুষীয়া বৰ্ণ বিভেদ মানিব নালাগে? মই বামুণৰ ঘৰত উপজি য’ত-ত’তে যাৰে-তাৰে হাতে খাম? বড়ো-ৰাভা-কোছ-কলিতা-হিন্দু-মুছলমান একাকাৰ কৰিম? তই পাগল নহ’লেও যধামূৰ্খ হ’লি।
জুৱেল : তুমি দেখোন প্ৰকাণ্ড পূজা এখনৰ সভাপতি। ৰাইজক ভোগ খুওৱাৰ সময়ত সকলোকে একেলগে খোৱাৰ ব্যৱস্থা নকৰা? নে কোছ-কলিতা-বড়ো-ৰাভা-হিন্দু-মুছলমান বাছি বাছি ভাগ ভাগ কৰি খুওৱাৰ ব্যৱস্থা কৰা?

অমৃত : কিয় কৰিম তেনেকুৱা? অৱশ্যে ব্ৰাহ্মণ কেইটাৰ লগত আমি কৰ্মকৰ্তাধিনিয়ে বেলেগকৈ খাওঁ। মন্ত্ৰী, এম-এল-এ বা মোটা এমাউণ্ট এটা দিয়া মানুহখিনিক অলপ চাই-চিটি বেলেগকৈ খুৱাওঁ।
জুৱেল : তুমি সভাপতি হিচাপে মূল্য পোৱা নহয়?
অমৃত : পাওঁ-পাওঁ, পূজাৰ সেই কেইদিন মানুহে বেলেগ এটা মূল্য দিয়ে। সেই কাৰণেই সভাপতি-সম্পাদক হ’বলৈ কত হেতা-ওপৰা।
জুৱেল : সকলো মানুহেই ইজনে সিজনৰ পৰা মূল্য পাবলৈ বিচাৰে। পূজাৰ সভাপতি পদে কিন্তু তোমাক স্থায়ী মূল্য নিদিয়ে।
অমৃত : স্থায়ী মূল্য? তাৰমানে?
জুৱেল : মন্ত্ৰী, এম-এল-এ, হাকিম, পুলিচ অফিচাৰ, সভাপতি-সম্পাদক আদি হ’ল স্থানে দিয়া মূল্য। সেয়ে স্থান হেৰালেই মান হেৰায় বুলি কোৱা হয়।
অমৃত : স্থায়ী মূল্য কেনেকৈ অৰ্জন কৰিব পাৰি?
জুৱেল : স্থায়ী মূল্য অৰ্জন কৰা বাটবোৰত এতিয়া অলেখ হেঙাৰ। স্থায়ী মূল্য অৰ্জন কৰিবলৈ জ্ঞান আৰু সততা লাগে। প্ৰলোভনৰ ৰাজনীতিয়ে ভুল বাটেৰে নিছে মানুহক। ফলত অজস্ৰ মানুহৰ জ্ঞান আছে— বহু কথা জানে; কিন্তু সততা নাই। সেয়ে আনক ঠগ-প্ৰৱঞ্চনা কৰি ভাল পায়। আনহাতে অলেখ মানুহৰ সততা আছে— জ্ঞান নাই। সততা থকা মানুহখিনিয়ে জ্ঞান নথকা বাবে কি শুদ্ধ, কি ভুল ভালকৈ ধৰিব নোৱাৰে। গতিকে সততা নথকা জ্ঞানীসকল আৰু জ্ঞান নথকা সৎ মানুহখিনি মৰা মানুহৰ দৰে সোঁতত উটি গৈ থাকে।
অমৃত : কি ক’লি! আৰু অলপ ভালকৈ ক’চোন, মই দেখোন বুজা নাই।
জুৱেল : মানুহবোৰক এতিয়া পইচাই নচুৱায়— ক্ষমতাই নচুৱায় দেউতা। পইচা থকা বা ক্ষমতা থকা মানুহবোৰক আমি পূজাই-সভাই-বিভিন্ন উৎসৱত গামোচা পিন্ধাওঁ।
অমৃত : অ’ সেইটো আমিও কৰোঁ দে।
জুৱেল : তোমালোকে কৰা কামটো দেখি আমি পুত্ৰ-কন্যাই বুজোঁ জ্ঞান-সততা এইবোৰ ডাঙৰ বস্তু নহয়; যিকোনো উপায়ে লেতেৰা কাম কৰি হ’লেও দৰকাৰ হ’লে খাদ্যত বিষ দি হ’লেও ধন আৰু ক্ষমতা যোগাৰ কৰিব লাগে। আৰু আমি দেখি থকাসকলে তাকেই শিকোঁ। পাহাৰ-নদী-খেতিপথাৰ ধ্বংস হোৱাৰ দৰে পইচাৰ বাবে এদিন খাদ্যতো বিষৰ পৰিমাণ বাঢ়িব আৰু মানৱ জাতি শেষ হ’ব।
অমৃত : হা! কি ক’লি!!
জুৱেল : সেয়াই নহয় দেউতা। এই যে গাঁৱে-ভূঞে, চহৰে-নগৰে অজস্ৰ মন্দিৰ-মছজিদ-গীৰ্জা আদি নানা উপাসনা গৃহ তৈয়াৰ কৰা হৈছে, কিয় জানা?

অমৃত : জানো। মানুহৰ মঙ্গলৰ বাবে।
জুৱেল : নহয়, ক্ষমতাশালীসকলে ধনপতিসকলে পুৰোহিত-মোল্লা-যাজকৰ লগ লাগি অলেখ বুধিৰে ৰাইজক পতিয়ন নিয়াইছে যে তেওঁলোকে কাকো ঠগ-প্ৰৱঞ্চনা কৰা নাই। আচলতে ঈশ্বৰৰ হাততেই সকলো শক্তি। ঈশ্বৰ-আল্লা-গডতেই জীৱনটো সঁপি দিলে- শয়নে-সপোনে তেওঁকেই ধ্যান কৰিলে দুখীয়া ৰাইজৰো ধন-বিত-ক্ষমতা প্ৰচুৰ হ’ব। গতিকে ৰাইজে পূজা-পাতল-উপাসনাতে লাগি থাকিব লাগে। আমি উপাসনা গৃহৰ সকলো ব্যৱস্থা কৰি দিম।
অমৃত : তাৰমানে আমি মানুহবোৰ ভ্ৰম সাগৰতে ডুবি আছোঁ নেকি?
জুৱেল : ভ্ৰম সাগৰত ডুবাই ৰখাৰ বাবেই স্কুল-কলেজ সকলোতে কেৱল নম্বৰ পোৱাৰ আখৰাত লগাই দিয়া হৈছে। জ্ঞানৰ অনুশীলন- সততাৰ অনুশীলন যাতে কৰিব নোৱাৰে তাৰবাবেই হাতত তুলি দিছে আনকতো দূৰৰ কথা নিজকো পাহৰি থাকিব পৰা ড্ৰাগছ-মদ-ভাং-গুট্খা আৰু মোবাইল।
অমৃত : মোবাইলটো কি বেয়া? মুহূৰ্ততে সকলো খবৰ পাব পাৰি।
জুৱেল : যিমান ভাল, তাতোকৈ সহস্ৰগুণে বেয়া। ই মানুহক মানুহৰ পৰা আঁতৰাই নিয়ে, আনকি নিজকো নিজৰ পৰা বিচ্ছিন্ন কৰে। এ-আই নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কৌশল আনি দি কৈছে— মানুহৰ মগজুৰ কাম এতিয়া এ-আই কৰিব- যন্ত্ৰই কৰিব। মানুহ লাহে লাহে যন্ত্ৰ নিৰ্ভৰ হৈ হৈ যান্ত্ৰিক হ’ব- হ’ব কথা নোকোৱা- লৰচৰ নকৰা অকৰ্মণ্য মানুহ-
অমৃত : এইবোৰ ভাবি ভাবিয়েই তই দুৱাৰ মাৰি ঘৰৰ ভিতৰত সোমাই থাক নেকি? সেইবাবেই তহঁতক ‘জেন-জি’ কয় নেকি?
জুৱেল : মই পাৰ নাপাওঁ দেউতা- ইমান মানুহক এইবোৰ কথা কেনেকৈ বুজোৱা যায়! মোৰ কথা কোনে শুনিব!! ক্ষমতাশালীৰ-ধনপতিসকলৰ ইমান প্ৰলোভিত প্ৰচাৰৰ মাজত মোৰ আৱাজ যে বৰ ক্ষুদ্ৰ!
অমৃত : আৰে! তইতো অকলশৰীয়া নহয়। তোৰ নিচিনা চিন্তা কৰা মানুহ নিশ্চয় পৃথিৱীত আছে।
জুৱেল : আছে আছে- বহুত আছে। পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে নিতে নতুন চিন্তা কৰা মানুহ বাঢ়ি আছে দেউতা।
অমৃত : (পুতেকলৈ একেথৰে চাই থাকে। সোঁহাতখন তাৰ গাত ৰাখে। লাহেকৈ মুখখন মচি ৰাইজলৈ চাই কয়) সঁচাকৈয়ে নতুন চিন্তা কৰা মানুহ বাঢ়ি আছেনে ৰাইজ?

Leave a Reply

Your email address will not be published. Required fields are marked *