আজীৱন সাম্যবাদী দৰ্শনৰ সংগ্ৰামী যোদ্ধা কমল গগৈ : এক চমু আলোকপাত ।। ভক্ত প্ৰসাদ গৌতম
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
ধনতন্ত্ৰবাদৰ জিঘাংসাৰপৰা খাটিখোৱা জনতাৰ মুক্তিৰ সন্ধানত শ্ৰমজীৱী মানুহৰ মাজত বৈপ্লৱিক চিন্তাৰ স্ফুৰণ ঘটাই “ৰূপান্তৰহে জগত ধুনীয়া কৰে” বাণীৰে উদ্বুদ্ধ ব্যক্তিজনক প্ৰথম লগ পাইছিলো ১৯৭৮ চনত। মাহ, দিন, বাৰ বিস্মৃতিৰ গৰ্ভত বিলীন হ’ল। আমি তেতিয়া বিশ্বনাথ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। কলাবাৰীৰ ৰমেন শইকীয়া আৰু মই বামগাঁৱৰ প্ৰয়াত বোধেশ্বৰ বৰাদেৱৰ ভাৰাঘৰত আছিলোঁ। বন্ধু ৰমেন শইকীয়া সেই সময়ত কমল গগৈদেৱৰ C.P.I (ML) আদৰ্শৰে দীক্ষিত যুৱ শক্তি। সেই সময়ত গগৈদেৱে বিশ্বনাথ অঞ্চলত সংগঠন সক্ৰিয় কৰাৰ কামত বিভিন্ন চাহ বাগানৰ শ্ৰমিকৰ মাজত সোমাই পৰিছিল, তেওঁলোকক সাম্যবাদী দৰ্শনৰ শিক্ষা দিছিল। এনে দুই-এখন সভাত বন্ধু ৰমেন শইকীয়াৰ লগত গৈ সাম্যবাদী দৰ্শনৰ শিক্ষা লোৱাৰ সুবিধা পাইছিলোঁ।

বিভিন্ন অঞ্চলত সংগঠনৰ কামত দিনটোৰ ব্যস্ততাপূৰ্ণ কামৰ অন্তত আমাৰ ভাৰাঘৰত আহি মাজে সময়ে ৰাতিটো কটোৱাৰ কথা ভালকৈয়ে মনত আছে। তেখেতৰ পৰাই মই নিজে মাৰ্ক্সবাদৰ অ-আ-ক-খ শিকিছিলোঁ। ১৯৭৯ চনত প্ৰাক বিশ্ববিদ্যালয়ৰ অধ্যয়ন সামৰি উচ্চ শিক্ষাৰ বাবে যোৰহাটলৈ যোৱাৰ পিছত তেখেতৰ লগত সম্পৰ্ক প্ৰায় নাইকিয়া হ’ল। অৱশ্যে তেখেতৰ সংগ্ৰামী জীৱনৰ বিৰল কৰ্মৰাজীৰ বিষয়ে পাছলৈকে বিভিন্নজনৰ মুখত শুনিবলৈ পাইছিলোঁ। তেখেত কেতিয়াৰ পৰা সাম্যবাদী দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী-লেনিনবাদী) লগত আদৰ্শগতভাৱে জড়িত হৈছিল সেয়া কোনোদিনে সোধা নহ’ল, কিয়নো সেই সময়ত নিজৰ সেই বিষয়ত জ্ঞান আছিল প্ৰায় শূন্য। অৱশ্যে তেখেতে ১৯৬৯ চনৰ আগতেই এই দৰ্শনৰ প্ৰতি আকৃষ্ট হৈছিল সেয়া নিশ্চিত। কিয়নো ১৯৬৭ চনৰপৰা নক্সালবাৰী আন্দোলনে দেশৰ আকাশ-বতাহ কঁপাই তোলা সময়তে ১৯৬৮-৬৯ চনমানত এই আন্দোলনৰ কৰ্মীসকলৰ যেতিয়া বিভিন্ন গোটত বিভাজন হৈ দুই ভিন্ন সক্ৰিয় গোট—বিনোদ মিশ্ৰ গ্ৰুপ আৰু ভাস্কৰ নন্দী গ্ৰুপ—হৈছিল, তেতিয়া তেখেতে ভাস্কৰ নন্দী গ্ৰুপত থকা সক্ৰিয় সাংগঠনিক কৰ্মী আছিল। কুৰি শতিকাৰ ষাঠিৰ দশকত সেই সময়ত প্ৰগতিশীল চিন্তা-চৰ্চাৰ বাবে অতি বিখ্যাত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সমাজ-বিজ্ঞান অধ্যয়ন কৰি আহি আন্দোলনক নেতৃত্ব দিয়া ভাস্কৰ নন্দীৰ তেজাল সময়ৰ প্ৰাজ্ঞ নেতৃত্বৰ প্ৰতি তেখেতৰ আছিল অগাধ বিশ্বাস। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই তেখেতে ‘আছাম ট্ৰিবিউন’ কাকতৰ চাৰ্কুলেচন মেনেজাৰ প্ৰয়াত অমূল্য বৰুৱাৰ লগ লাগি দিনত কাকতৰ চাকৰি কৰি, ৰাতি ৰাতি বিপ্লৱী আন্দোলনৰ কৰ্মীসকলৰ লগত আলোচনাত মিলিত হোৱাৰ পৰিৱেশ পাইছিল। ইয়াৰ পৰাই বিপ্লৱী কৰ্মী গোট গঠন কৰি তেখেতক গাঁৱলৈ গৈ কাম কৰাৰ বাবে দিয়া নিৰ্দেশ অনুযায়ী গুৱাহাটী এৰি তেখেত জনসাধাৰণৰ মাজত সোমাই পৰিল। তেখেতক দায়িত্ব দিয়া হ’ল তেতিয়াৰ দৰং জিলাৰ একাংশ, তেজপুৰ, লক্ষীমপুৰ আৰু মাজুলীলৈকে। বিপ্লৱী কাম-কাজবোৰ আগুৱাই নিবলৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব, জনসাধৰণৰ আচৰণবোৰ অধ্যয়ন কৰিব লাগিব আৰু জনসাধাৰণৰ বিপ্লৱী কৰ্মীসকলৰ প্ৰতি বিশ্বাস থাকিব লাগিব। এই কথা অনুধাৱন কৰি গগৈদেৱৰ লগত তেখেতৰ সংগ্ৰামী সতীৰ্থসকলে সামাজিক সাংস্কৃতিক কাৰ্যসূচী লৈ জনতাৰ ওচৰত যোৱাৰ পৰিকল্পনা কৰি সামাজিক উত্তৰণ ঘটাব পৰা কাম-কাজত জড়িত হৈ পৰিল। দিন-ৰাতি একাকাৰ কৰি দিনৰ ভাগত সামাজিক কাম-কাজ আৰু ৰাতিৰ ভাগত কৌশলপূৰ্ণভাৱে বিপ্লৱী কাৰ্যকলাপত জড়িত হৈ পৰিল। তেখেতৰ ঘৰৰ ওচৰৰে নাৰায়ণপুৰত ‘নাৰায়ণপুৰ যুৱ মঞ্চ’ নামেৰে এটা সংগঠন খুলি নিজে যুৱ মঞ্চৰ প্ৰধান সম্পাদকৰ দায়িত্ব ল’লে। সভাপতিৰ দায়িত্ব দিলে গুৱাহাটীত চাৰ্টাদ একাউণ্টেন্সী পঢ়ি বিপ্লৱী কৰ্মী হৈ গাঁৱলৈ ঘূৰি অহা জৰাবাৰী অঞ্চলৰ বাসিন্দা প্ৰয়াত সৰ্বেশ্বৰ ভূঞাক। তেখেতসকলে নাৰায়ণপুৰ অঞ্চলত কিছু সংস্কাৰমূলক কামতো আত্মনিয়োগ কৰিলে। সভাপতি আৰু সম্পাদক দুয়ো সমবায় সমিতিৰ লগত জড়িত হৈ জৰাবাৰীৰ সমবায় দোকান আৰু মেৰমুখত ঔতলৰ সমবায় দোকান সুশৃংখলিত ৰূপত চলাবলৈ ধৰিলে। সেই সময়ত নাৰায়ণপুৰ হাইস্কুলত দেখা দিয়া বিশৃংখলতাৰ বিৰুদ্ধে বিৰাট ৰাজহুৱা সভা অনুষ্ঠিত কৰা, গোলাবিলাকত অবৈধভাৱে জমা কৰা সামগ্ৰী উদ্ধাৰ কৰা আদি সংস্কাৰমূলক কামতো দুয়ো জড়িত হৈ পৰিল। এইবোৰ কামত সেই অঞ্চলৰ বহুতো যুৱকে তেওঁলোকৰ লগত অংশগ্ৰহণ কৰিছিল। ঠিক তেনেদৰে ডুবিয়াৰ ওচৰত কংগ্ৰেছ চৰকাৰে প্ৰতিষ্ঠা কৰা ‘পূৰ্বজ্যেতি কৃষি পাম নিগম’, বৰ এলেঙী সত্ৰত চিলিং এক্টক লৈ হোৱা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ, বান নিয়ন্ত্ৰণ সমিতিৰ সক্ৰিয় কৰ্মীৰূপে অংশগ্ৰহণ আদি সংস্কাৰমূলক কামতো আত্মনিয়োগ কৰিলে। এনেদৰে সামাজিক কাম-কাজৰ লগতে গোপনে বিপ্লৱী কাৰ্যকলাপ চলাই থাকোঁতে এদিন মাজুলীৰ জেংৰাইমুখৰপৰা তেখেত আৰু নিলয় দত্ত ঘূৰি আহোঁতে লক্ষীমপুৰত চৰকাৰী অনুসন্ধানকাৰী বিষয়াক তেওঁৰ লগত থকা এজন আত্মসমৰ্পণকাৰীয়ে দুয়োকে চিনাক্তকৰণ কৰি দিলে। ইয়াৰ পাছদিনা পুলিচ বাহিনীয়ে তেখেতৰ ঘৰ খানাতালাচ কৰি দুয়োকে গ্ৰেপ্তাৰ কৰিলে (গ্ৰেপ্তাৰৰ এই কথাখিনি কমল গগৈদেৱে নিজে লিখা প্ৰবন্ধ এটাৰ পৰা তুলি অনা হৈছে)। সেই দিনটো আছিল ১৯৭২ চনৰ ২২ ফেব্ৰুৱাৰী। দুয়োৰে হাতত হাতকেৰেয়া, ভৰিত শিকলি লগাই এখনৰ পিছত এখনকৈ অসমৰ বিভিন্ন থানালৈ নিয়াৰ অন্তত তিনিমাহৰ পিছত তেজপুৰ জেললৈ প্ৰেৰণ কৰে।
জেল জীৱন আৰু সংস্কাৰমূলক কাম
তেজপুৰ জেলত তেখেতে বিভিন্নধৰণৰ হাজোতী কয়দীৰ লগতে উচ্চ শিক্ষিত নগা বিদ্ৰোহীকে আদি কৰি হত্যাকাৰী, ঠগ, প্ৰবঞ্চক ,চোৰ-ডকাইটৰ লগতে পকেটমাৰকে ধৰি বাৰশ বাষষ্ঠীজন কাৰাবন্দীৰ লগত থকাৰ তথ্য নিজে লিপিবদ্ধ কৰিছে। চৰকাৰী চাকৰিয়াল উচ্চ শিক্ষিত নগা বিদ্ৰোহীসকলক হেনো প্ৰথম শ্ৰেণীৰ কাৰাবাসী গৃহত বেলেগকৈ ৰাখিছিল। তেখেতক তৃতীয় শ্ৰেণীৰ প্ৰায় এক হাজাৰ কাৰাবাসীৰ লগত ৰাখিছিল। তেখেতৰ আইনৰ ধাৰাবোৰৰ ওপৰত জ্ঞান থকাৰ কথা জানিব পাৰি তেখেতৰ হতুৱাই আবেদন লিখাবৰ বাবে কাৰাবন্দীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছিল। জেলৰপৰাই তেখেতে কাৰাবন্দীসকলৰ ন্যাৰ্য দাবী কিছুমান উত্থাপন কৰিবলৈ আৰম্ভ কৰে। দাবীসমূহ আছিল কাৰাবন্দীসকলক বাতৰি কাকত, কিতাপ, খেলা-ধূলাৰ সামগ্ৰী যোগান আদি। কেইদিনমানৰ পাছত দাবী কৰা মতেই ‘আসাম ট্ৰিবিউন’ আৰু ‘নতুন অসমীয়া’ নামৰ দুখন বাতৰি কাকত, কিছু কিতাপ আৰু খেলা-ধূলাৰ সামগ্ৰী কাৰাবাসীসকলে পাবলৈ সক্ষম হৈছিল। বছৰ বছৰ ধৰি বন্দী হৈ থকা কাৰাবাসীসকলে জনাই নাছিল যে এইবোৰ তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আৰু এইদৰে দাবী কৰিলেহে যে প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিব পাৰি। ইয়াৰ পাছত তেখেতে জেলৰ আইনমতে কাৰাবন্দীসকলে দৈনিক খাদ্যখিনি ঠিক মতে পাবৰ বাবে এখন দৰ্খাস্ত লিখি হাজোতী কয়দীৰ চহী লৈ জেল কৰ্তৃপক্ষক দিলে। কৰ্তৃপক্ষই দৰ্খাস্তখন পায়েই তেখেতক কাৰ্যালয়ত হাজিৰ কৰাই দৰ্খাস্তখন উঠাই ল’বলৈ একপ্ৰকাৰ অনুৰোধেই কৰিলে। কমল গগৈদেৱৰ ভাষাৰে ক’বলৈ হ’লে, “আপোনাৰ লিখিত আৰু হাজোতী কয়দীয়ে চহী কৰা আবেদনখন এইখন পালোঁ, পিছে এইবোৰত আপুনি লাগি কি পাব, আপুনি নেলাগিব, আপোনাক সাধাৰণ কাৰাবাসী হিচাপে নেৰাখি স্পেচিয়েল কোঠাত আমি ঠাই দিওঁ, আপোনাক ৰান্ধনী দিয়া হ’ব, কাপোৰ ধুই দিয়াৰ কাৰণে মানুহ দিয়া হ’ব। মুঠতে আপোনাক পৰিচৰ্যা কৰিবৰ বাবে সম্পূৰ্ণ মানুহ দিয়া হ’ব। আপুনি কি কয়”? জেল কৰ্তৃপক্ষই তেখেতক দিয়া সুবিধাৰ টোপ নিগিলি “মই আহিলোঁ বেছি ক’বলৈ নাই” বুলি তেখেত ওলাই আহিল। ইয়াৰ পাছতে তেখেতৰ নেতৃত্বত আৰম্ভ হ’ল অনশন আন্দোলন। একেৰাহে তিনিটা দিন অনশন চলিল। অনশনৰ তৃতীয় দিনা উপায়ুক্ত মহোদয়ে আহি আলোচনামৰ্মে “According to jail manual” তেখেতলোকক খাদ্য দিয়াৰ আশ্বাস দিয়াত অনশন ভংগ হৈছিল। ইয়াৰ পাছত তেখেতৰে নেতৃত্বত জেইলৰ ভিতৰত ভোগালী বিহু উদযাপনৰ দাবী উত্থাপন কৰি সফল হৈছিল আৰু কাৰাবন্দীসকলে ধুমধামেৰে ভোগালী বিহু উদযাপন কৰিছিল। কাৰাবন্দী জীৱনত বহুতো সংস্কাৰমূলক কাম কৰা ব্যক্তিজন ৩০.১০.৭৪ তাৰিখে জেলৰ পৰা জামিনত মুক্তি লাভ কৰিছিল।
সাহিত্য জগতৰ লগত সম্পৰ্ক
বহু প্ৰতিভাৱান এই ব্যক্তিজনে ৰাজনৈতিক সংগ্ৰাম চলাই যোৱাৰ লগতে যিমানখিনি সময় পাইছিল সেই সময়ছোৱা সৎ ব্যৱহাৰ কৰি সমান্তৰালভাৱে কলম চলাই গৈছিল। তেখেতে গুৱাহাটী পৰা প্ৰকাশিত ‘শ্ৰেণী সংগ্ৰাম’ আৰু ‘নৱযুগ’ আদিকে কৰি কেইবাখনো কাকতত লিখা-মেলা কৰিছিল। ‘গণ-বাৰুদ’ কাকত আৰু ‘প্ৰজ্ঞাদীপ’ নামৰ আলোচনীৰ লগতে সতীৰ্থসকলৰ কেইবাখনো অতি গুৰুত্বপূৰ্ণ স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছিল। ভৰলুপাৰৰপৰা প্ৰকাশিত আৰু প্ৰয়াত প্ৰফুল্ল বৰুৱাই সম্পাদনা কৰা তিনিদিনীয়া ‘অসম বাতৰি’ কাকতখনৰ সহকাৰী সম্পাদক হিচাপে কিছুদিন কৰ্মৰত আছিল। ‘নতুন অসমীয়া’ দৈনিক কাকতত অনুবাদক হিচাপেও কৰ্মৰত আছিল।
তেখেতৰ আলোচনী, বাতৰি কাকত আৰু স্মৃতিগ্ৰন্থত প্ৰকাশিত লেখাসমূহ সংৰক্ষণৰ অভাৱত এতিয়া দুৰ্লভ হৈ পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত হোমেন বৰগোহাঞি সম্পাদিত ‘নীলাচল’ কাকতত তেখেতৰ ‘মোৰ মৃত পিতালৈ এখন চিঠি’ নামৰ চহৰীয়া জীৱন আৰু হোষ্টেল জীৱনত দেখা বিসংগতিৰ কথা লৈ লিখা কবিতা এটা প্ৰকাশ পাইছিল। তেখেতৰ বহুতো কবিতা সংৰক্ষণৰ অভাৱত হেৰাই গৈছে যদিও আৰু দুটা কবিতা ‘দু:খ মোৰ তুমি অহাৰ বাবে’ আৰু ‘ফাগুনৰ সোঁৱৰণি’ প্ৰকাশিত ৰূপত আছে।
আমি জনাত তেখেতৰ চাৰিখন পুথি প্ৰকাশিত হৈছে—
১) ছয়াময়া ৰণচালিৰ ৰেঙনি
২) শিশুৰ মনোজগতৰ খবৰ লয়নে?
৩) মোৰ হাতৰ ঘড়ীটো হেৰাই গ’ল আৰু
৪) কাৰাবন্দীৰ এন্ধাৰ কুঠৰীৰ এজাক পোহৰ ।
চতুৰ্থখন পুথি প্ৰকৃততে ক’বলৈ হ’লে কাৰাবন্দী জীৱনৰ এখন শক্তিশালী দলিল। তত্ত্বগধুৰ শিৰোনামৰ কেইটামান সঁচা কাহিনী সমৃদ্ধ প্ৰবন্ধৰ লগতে ভিন্নধৰ্মী গল্পও সামৰি প্ৰকাশিত গ্ৰন্থ ‘কাৰাবন্দীৰ এন্ধাৰ কুঠৰীৰ এজাক পোহৰ’। সমাজ, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি, দেশৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে সম্যক জ্ঞান ল’ব পৰা কাহিনী আৰু গল্পবোৰৰ অতি আকৰ্ষণীয় শিৰোনামবোৰ হ’ল—
১) কাৰাবন্দীৰ এন্ধাৰ জীৱনৰ এজাক পোহৰ?
২) ডুবন্ত জাহাজত জীৱনৰ মমতা বিচাৰি
৩) লিহিৰী বনতে
৪) উত্তৰপৰীয়া সংস্কৃতিৰ কিছু গুৰুতৰ বিভ্ৰাট (১)
৫) উত্তৰপৰীয়া সংস্কৃতিৰ কিছু গুৰুতৰ বিভ্ৰাট (২)
৬) মানুহৰ ইতিহাস নাহিব দুনাই
৭) দীন দয়ালৰ টোকা বহীৰপৰা
৮) আজি কণপিতৌৰ অসুখ
৯) চেংদৈ পেহীৰ চকুলো
১০) জাহাপনাৰ ধাবা
তেখেতৰ সংগ্ৰামী জীৱনৰ সংঘাতময় দিনবোৰৰ একো একোখন দলিলৰূপে চিহ্নিত কৰিবপৰা এই লিখনিসমূহত সমাজ, সভ্যতা, সংস্কৃতিৰ বহুতো দিশ উন্মোচিত হৈছে। প্ৰকৃততে ক’বলৈ হ’লে ‘কাৰাবন্দীৰ এন্ধাৰ কুঠৰীৰ এজাক পোহৰ’ পুথিখনক আত্মজীৱনীৰ এছোৱা বুলিও ক’ব পাৰি।
মানৱ-সেৱাৰ বাবেই সদা জাগ্ৰত, শোষণ নিষ্পেষণৰ বিৰুদ্ধে এক উদাত্ত আৰু বলিষ্ঠ কন্ঠৰ সংগ্ৰামী সত্তা কমল গগৈদেৱ বৰ্তমান বাৰ্ধক্যজনিত কাৰণত শয্যাগত। এই ক্ষুদ্ৰ লিখনিৰে তেখেতলৈ সংগ্ৰামী অভিনন্দন আৰু শ্ৰদ্ধা যাছিলোঁ।
(এই লিখনি প্ৰস্তুত কৰোঁতে তথ্যসমূহ তেখেতৰ লগত হোৱা সান্নিধ্য, বন্ধু ৰমেন শইকীয়াৰ পৰা পোৱা তথ্য আৰু কমল গগৈদেৱৰ লিখনিৰ সহায় লোৱা হৈছে)

