ইটালো কালভিনো আৰু লৰ্ড ডানচেনিৰ অনূদিত গল্প ।। কৌশিক দাস
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
ইটালো কালভিনোৰ গল্প
[ইটালো কালভিনো (Italo Calvino, ১৯২৩-১৯৮৫) আছিল ইটালীৰ এগৰাকী বিখ্যাত লিখক। জন্ম হৈছিল কিউবাত। হাভানাৰ পৰা দুবছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ইটালীলৈ আহে। দ্বিতীয় বিশ্বযুদ্ধৰ দ্বন্দ্বমুখৰ পৰিবেশে তেওঁৰ সাহিত্য-ভাৱনা গঢ় দিয়াৰ উপৰিও তেওঁৰ মনটো মাৰ্ক্সীয় দৰ্শনৰ ফালে লৈ যোৱাত এটা নিৰ্ণায়ক ভূমিকা লৈছিল। ইটালীৰ কমিউনিষ্ট পাৰ্টীৰ সক্রিয় সদস্য আছিল কালভিনো। তেওঁ নিজকে নাস্তিক আৰু ধৰ্মহীন বুলি পৰিচয় দিছিল। ১৯৫৭ চনত, হাংগেৰিৰ ওপৰত ছোৱিয়েট আগ্রাসনৰ (১৯৫৬) এবছৰ পাছত, কালভিনোই কমিউনিষ্ট পাৰ্টিৰ সৈতে আনুষ্ঠানিক সংস্পৰ্শ ত্যাগ কৰে। ইটালীয়ান ভাষাৰ পৰা Tim Parks-এ কৰা ইংৰাজী অনুবাদ Numbers in the Dark and Other Stories গ্ৰন্থৰ The Black Sheep নামৰ গল্পটোৰ এইটো অসমীয়ালৈ কৰা ৰূপান্তৰ। গল্পৰ নাম আৰু গল্পটোৰ অনুবাদ আক্ষৰিক নহয়।]
ব্যতিক্ৰমী মানুহটো (The Black Sheep)

এখন দেশ আছিল, য’ৰ সকলো মানুহ আছিল চোৰ।
ৰাতি হ’লেই সকলোৱে চোৰ-চাবি আৰু আধা-ঢকা লেম্প হাতত লৈ ওলাই গৈছিল আৰু চুবুৰীয়াৰ ঘৰত চুৰ কৰিছিল। পুৱতি নিশা চুৰি কৰা বয়-বস্তু লৈ উভতি আহি তেওঁলোকে দেখিছিল যে নিজৰ ঘৰবোৰতো ইতিমধ্যে আন চোৰে চুৰ কৰি গৈছে।
গতিকে সকলোৱে সুখে-শান্তিৰেই একেলগে আছিল, কাৰো সিমান একো ক্ষতি হোৱা নাছিল, কাৰণ এজনে সিজনৰ ঘৰত চুৰ কৰিছিল, সিজনে আকৌ চুৰ কৰিছিল অন্য এজনৰ ঘৰত, এইজনে তাৰ পিছৰজনৰ ঘৰত—এইদৰেই ইজনৰ পিছত সিজনকৈ শেষৰ মানুহজনৰ ঘৰতো চুৰি হৈছিল; আৰু এই শেষৰজনে আকৌ চুৰ কৰিছিল সেই প্ৰথমজনৰ ঘৰত।
দেশখনৰ বেপাৰ-বাণিজ্য চলিছিল ক্ৰেতা আৰু বিক্ৰেতা—দুয়ো পক্ষৰ মাজৰ অনিবাৰ্য প্ৰতাৰণাৰ মাজেৰে। চৰকাৰখন আছিল দুৰ্বৃত্তৰ এটা সংগঠন, যিটোৱে প্ৰজাক ডকা-হকা দি লুটিছিল; ইফালে প্ৰজাসকলেও চৰকাৰক কেৱল প্ৰৱঞ্চনা কৰাতহে আগ্ৰহী আছিল। এইদৰেই জীৱন অতি সুকলমে চলি গৈ আছিল; কোনো মানুহ চহকীও নাছিল, আকৌ কোনো নিচলাও নাছিল।
এদিন, কেনেকৈ জনা নাযায়, এনে এক ঘটনা ঘটিল যে তালৈ এজন সৎ মানুহ থাকিবলৈ আহিল। ৰাতি হ’লত মোনা আৰু চাকি লৈ বাহিৰলৈ যোৱাৰ সলনি, চিগাৰেট হুপিবলৈ আৰু উপন্যাস পঢ়িবলৈ তেওঁ ঘৰতে থাকি গ’ল।
চোৰবোৰ আহিল, কিন্তু ভিতৰত পোহৰ দেখি সিহঁত ঘৰটোলৈ নোসোমাল।
এইদৰে কিছু দিন চলি থাকিল। তাৰ পাছত সকলোৱে মানুহজনক ভাঙি-পাতি বুজাবলৈ বাধ্য হ’ল যে তেওঁ নিজে এইদৰে হাত সাৱতি জীয়াই থাকিবলৈ বিচাৰিলেও, আনক তেওঁলোকৰ কাম কৰাত বাধা দিয়াৰ কোনো অধিকাৰ নাই। তেওঁ এৰাতি ঘৰত থকাৰ অৰ্থটো হ’ল যে পিছৰ দিনা কোনোবা এটা পৰিয়ালে খাবলৈ একোকে নাপাব।
সৎ মানুহজনে তেনে যুক্তিৰ অকণো বিৰোধিতা কৰিব নোৱাৰিলে। তেৱোঁ আন মানুহৰ দৰেই গধূলিতেই ঘৰৰ পৰা ওলাই গৈ পিছদিনা পুৱা ঘৰলৈ উভতি আহিবলৈ ধৰিলে হয়, কিন্তু তেওঁ চুৰ নকৰিলে। তেওঁ সৎ আছিল, গতিকে এই ক্ষেত্ৰত কাৰো একো কৰিবলগীয়া নাছিল। তেওঁ আঁতৰৰ দলংখনৰ কাষলৈ গৈছিল আৰু তাৰ তলৰে বৈ যোৱা পানীৰ সোঁতলৈ চাই নিশাটো পাৰ কৰিছিল। যেতিয়া তেওঁ ঘৰলৈ ঘূৰি আহিছিল, তেতিয়া দেখিছিল যে তেওঁৰ ঘৰখনৰ বয়-বস্তু কোনোবাই লুটি লৈ গৈছে।
এইদৰে এসপ্তাহ নৌহওঁতেই সৎ মানুহজন একেবাৰে টোকোনা হৈ পৰিল; তেওঁৰ খাবলৈ একো নাছিল আৰু ঘৰখনো তেনেই উকা হৈ পৰিছিল। কিন্তু ই কোনো ডাঙৰ সমস্যা নাছিল, কিয়নো সেইটো আছিল তেওঁৰ নিজৰে ভুল; আচল সমস্যাটো হ’ল—তেওঁৰ তেনে আচৰণে সকলো দিশতে খেলিমেলি লগাই দিলে। কাৰণ মানুহজনে আনক নিজৰ সকলো লামলাকটু চুৰ কৰিবলৈ এৰি দিছিল ঠিকই, কিন্তু তেওঁ নিজে কাৰোপৰা একো বস্তু চুৰ কৰা নাছিল। ইয়াৰ ফলত সদায় কোনোবা নহয় কোনোবা এনে এজন ওলাইছিল, যিজনে পুৱতি নিশা ঘৰলৈ উভতি আহি নিজৰ ঘৰখন একেবাৰে অক্ষত অৱস্থাত পাইছিল—আচলতে সেই ঘৰখন সৎ মানুহজনে নিয়ম মতে লুট কৰিব লাগিছিল। গতিকে যিসকলৰ ঘৰত চুৰি হোৱা নাছিল, কিছু দিনৰ পাছত তেওঁলোক আনতকৈ চহকী হৈ পৰিল আৰু তেওঁলোকে চুৰ কৰিবলৈ নিবিচৰা হ’ল। কথা অধিক বিষম হ’ল যেতিয়া সৎ মানুহজনৰ ঘৰলৈ চুৰ কৰিবলৈ অহা মানুহবোৰে তেওঁৰ ঘৰটো সদায় উকা হৈ থকা দেখিবলৈ পালে; ফলত তেওঁলোক দুখীয়া হৈ পৰিল।
ইফালে, যিসকল লোক চহকী হৈ পৰিছিল, তেওঁলোকেও সেই সৎ মানুহজনৰ দৰেই ৰাতি দলঙৰ কাষলৈ গৈ তলেদি বৈ যোৱা পানীৰ সোঁতলৈ চাই থকাৰ অভ্যাসটো কৰি ল’লে। ইয়াৰ ফলত বেমেজালি অধিক বাঢ়ি গ’ল, কিয়নো আৰু বহুতো লোক বেছি চহকী হৈ পৰিল, আনফালে বহুতৰে অৱস্থা হৈ পৰিল একেবাৰে নিঃস্ব।
এতিয়া, চহকী মানুহবোৰে বুজি পালে যে যদি তেওঁলোক সদায় ৰাতি ৰাতি দলঙলৈ যায়, তেন্তে তেওঁলোকো সোনকালেই দুখীয়া হৈ পৰিব। তেওঁলোকে উপায় এটাৰ কথা ভাবিলে—“কেইজনমান দুখীয়া মানুহক আমি ধন দিম আৰু সিহঁতে আমাৰ হৈ চুৰ কৰিবলৈ যাব”। তেওঁলোকে সেইমতে চুক্তি কৰি বেতন আৰু লাভাংশৰ পৰিমাণ ঠিক কৰি ল’লে। অৱশ্যে তেওঁলোক তেতিয়াও ঠগেই হৈ আছিল আৰু ইজনে সিজনক ঠগিবলৈ এৰা নাছিল। কিন্তু, সাধাৰণতে যি ঘটে সেয়াই হ’ল—চহকীবোৰ দিনে দিনে অধিক চহকী হৈ পৰিল, আৰু দুখীয়াবোৰ হৈ পৰিল অধিক দুখীয়া।
চহকী মানুহবোৰৰ ভিতৰত কিছুমান ইমানেই বেছি চহকী হৈ পৰিল যে ধনী হৈ থাকিবলৈ তেওঁলোকে নিজে চুৰ কৰাৰ বা আনৰ হতুৱাই চুৰি কৰোৱাৰ কোনো প্ৰয়োজনেই আৰু নাথাকিল। কিন্তু যদি তেওঁলোকে চুৰ কৰাটো একেবাৰে বন্ধ কৰে, তেন্তে তেওঁলোক দুখীয়া হৈ পৰিব—কিয়নো দুখীয়াবোৰে চুৰ কৰিছিল তেওঁলোকৰ ঘৰতেহে। গতিকে তেওঁলোকে আন দুখীয়াবোৰৰ পৰা নিজৰ সা-সম্পত্তি ৰক্ষা কৰিবলৈ দুখীয়াৰ মাজৰেই অতি দুখীয়াখিনিক পইচা দিবলৈ ধৰিলে। তাৰ অৰ্থ হ’ল—পুলিচ-বাহিনী গঠন কৰাৰ লগতে এটা কাৰাগাৰো নিৰ্মাণ কৰা হ’ল।
এনেদৰেই সেই সৎ মানুহজনৰ আগমনৰ মাত্ৰ কেইবছৰমানৰ পাছত মানুহে আৰু চুৰ কৰা বা নিজৰ ঘৰত চুৰি হোৱাৰ কথা নপতা হ’ল; তেওঁলোকে মাত্ৰ ধনী বা দুখীয়া হোৱাৰ কথাহে পাতিবলৈ ল’লে। তেতিয়াও কিন্তু তেওঁলোক আচলতে সকলো চোৰেই আছিল।
গোটেই সমাজখনৰ ভিতৰত সেই আৰম্ভণিৰ মানুহজনেই একমাত্ৰ সৎ ব্যক্তি আছিল, আৰু অতি কম দিনৰ ভিতৰতে তেওঁ অনাহাৰত সিফলীয়া হ’ল।
*****
লৰ্ড ডানচেনিৰ দুটা গল্প
[বিখ্যাত আইৰিছ লেখক লৰ্ড ডানচেনিৰ (Lord Dunsany; ১৮৭৮-১৯৫৭ চন) প্ৰকৃত নাম আছিল এডৱাৰ্ড প্লাংকেট। প্ৰায় এশখন গ্ৰন্থৰ ৰচক ডানচেনি আছিল আধুনিক ফেণ্টাছী সাহিত্যৰ অন্যতম জনক। এই অনুদিত গল্প দুটাৰ মূল Fifty-One Tales নামৰ ডানচেনিৰ গল্প-পুথিখনত (প্ৰথম প্ৰকাশ ১৯১৫ চন) সংকলিত হৈছিল। এই পুথিখনৰ গল্পসমূহত কাব্যিক ৰূপকধৰ্মিতাৰ মাজেৰে আধুনিক জীৱনৰ যান্ত্ৰিকতা, জীৱনৰ ক্ষণভংগুৰতা, মানুহৰ যুক্তিবোধহীন নিৰ্বুদ্ধিতা আদিক শানিত ব্যংগৰ মাজেৰে তুলি ধৰা হৈছে। বহুক্ষেত্ৰত গল্পকাৰজনাই সুপ্ৰাচীন পুৰাণ-কথাৰ সৈতে আৰু আধুনিকতাৰ মিশ্ৰণ ঘটাইছে চমকপ্ৰদভাৱে। অতি চমুকৈ গভীৰ ভাব প্ৰকাশ কৰা লৰ্ড ডানচেনিৰ গল্পসমূহৰ আংগিক এতিয়া জনপ্ৰিয় হৈ পৰা অণু গল্পৰ ধাৰাটোৰ দৰে। ব্যংগাত্মক অথচ কাব্যিকতা মিশ্ৰিত ব্যংগৰ বাবে ডানচেনিৰ গল্পৰ আক্ষৰিক অনুবাদ সম্ভৱ নহয়।]
অতিথি (The Guest)

নিশা আঠ বজাত লণ্ডনৰ এখন জাক্জমকীয়া ৰেস্তোৰালৈ যুৱক এজন সোমাই আহিল।
তেওঁ অকলে আছিল, কিন্তু তেওঁৰ বাবে সজাই থোৱা মেজখনত আছিল দুখন চকী। এসপ্তাহৰ আগতেই তেওঁ বৰ যতনেৰে নৈশভোজটোৰ সকলোখিনি কথা ঠিক কৰি থৈছিল।
এজন পৰিৱেশকে কাষলৈ আহি তেওঁক আনজন অতিথিৰ বিষয়ে সুধিলে।
“কফি নহালৈকে আপুনি চাগে তেওঁক দেখা নাপাব”, যুৱকজনে উত্তৰ দিলে; গতিকে তেওঁক অকলশৰীয়াকৈয়ে খাদ্য পৰিৱেশন কৰা হ’ল।
ওচৰৰ মেজৰ মানুহবোৰে চাগে মন কৰিছিল যে যুৱকজনে তেওঁৰ বিৰাট নৈশভোজৰ গোটেই সময়ছোৱাত সমুখৰ খালী চকীখনক সম্বোধন কৰি একেৰাহে অকলে অকলে কথা পাতি আছিল।
ছুপৰ বাতিটোৰ ওপৰেৰে চাই তেওঁ চকীখনক ক’লে, “মোৰ বোধেৰে আপুনি মোৰ পিতাক চিনি পাইছিল”।
“আজি নিশা মই আপোনাক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ”, তেওঁ কৈ গ’ল, “কাৰণ মই আপোনাৰপৰা এটা সহায় বিচাৰিছোঁ; আচলতে মই তাৰ বাবে আপোনাক জোৰ কৰিবলৈহে ওলাইছোঁ”।
খালী চকীখনৰ সৈতে কথা পাতি থকাৰ বাহিৰে যুৱকজনৰ আচৰণত অইন কোনোধৰণৰ অস্বাভাৱিকতা নাছিল। দেখাত এজন সুস্থ মগজুৰ মানুহৰ দৰেই তেওঁ নৈশভোজৰ প্ৰতিটো ব্যঞ্জনৰ জুতি লৈ আছিল।
বাৰ্গাণ্ডী সুৰা পৰিৱেশন কৰাৰ পাছত অকলে অকলে কৈ থকা তেওঁৰ কথা-বতৰাবোৰ বাঢ়ি আহিল। সেইবুলি অতিমাত্ৰা মদ্যপান কৰি তেওঁ যে পৰিৱেশটো নষ্ট কৰিছিল, তেনে নহয়।
“মোৰ চিনাকি বহুতৰে সৈতে আপোনাৰো চিনাকি আছে”, তেওঁ ক’লে। “এবছৰ আগতে মই থেবছত মিছৰৰ ফাৰাও, সম্ৰাট চেতিক লগ পাইছিলোঁ। মোৰ বোধেৰে আপুনি যেতিয়া তেওঁক লগ পাইছিল, তাৰ পিছত তেওঁৰ সিমান একো সলনি হোৱা নাই। মই ভাবোঁ যে তেওঁৰ কপালখন ঠিক ৰজাৰ লায়েকৰ নাছিল। ফাৰাও চিঅ’পছে আপোনাক আদৰিবলৈ সজা সেই বিশাল ঘৰটো এৰি থৈ গৈছে, তেওঁ নিশ্চয় বছৰৰ পিছত বছৰ ধৰি আপোনাক লগ পাবলৈ প্ৰস্তুতি চলাইছিল। মোৰ ধাৰণা আপোনাক বোধহয় খুব কমেইহে তেনেকৈ আপ্যায়ন কৰিছে। মই এই ৰাতিৰ সাজৰ ফৰমাচ এসপ্তাহৰ আগতে কৰিছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে মোৰ লগত এগৰাকী মহিলা আহিব, কিন্তু যিহেতু তেওঁ নাহিল, সেয়েহে মই আপোনাক নিমন্ত্ৰণ কৰিলোঁ। তেওঁ হয়তো ট্ৰয়ৰ হেলেনৰ দৰে ইমান ধুনীয়া নহয়। হেলেন বাৰু অপূৰ্ব সুন্দৰী আছিলনে? আপুনি যেতিয়া তেওঁক লগ পাইছিল, তেতিয়া চাগে তেওঁৰ সেই ৰূপ নাছিল। ক্লিঅ’পেট্ৰাৰ ক্ষেত্ৰত আপুনি কিন্তু ভাগ্যৱান, কাৰণ তেওঁক আপুনি ভৰ যৌৱনকালতেই লগ পাইছিল”।
“কিন্তু আপুনি কেতিয়াও জলকুঁৱৰী, পৰী বা পুৰণি কালৰ ধুনীয়া কাল্পনিক দেৱীসকলক লগ পোৱা নাই—সেইখিনিতেই আমি আপোনাতকৈ আগবঢ়া”। যেতিয়াই পৰিৱেশকসকল তেওঁৰ মেজৰ কাষলৈ আহিছিল, তেতিয়াই তেওঁ মৌন হৈ পৰিছিল, কিন্তু তেওঁলোক আঁতৰি যোৱাৰ লগে লগে যুৱকজনে আকৌ আনন্দমনেৰে গুণগুণাই উঠিছিল আৰু মুখ ঘূৰাইছিল খালী চকীখনৰ ফালে।
“আপুনি জানেনে, সৌ সিদিনা মই আপোনাক লণ্ডনতে দেখা পাইছিলোঁ। আপুনি লাডগেট হিলেদি গৈ থকা এখন বাছত আছিল। বাছখন বৰ বেগাই গৈ আছিল। লণ্ডন এখন ভাল ঠাই। কিন্তু মই এইখনি ঠাই এৰি যাবলৈ পালেহে বৰ সুখী হ’ম। এই লণ্ডনতে মই সেইগৰাকী মহিলাক লগ পাইছিলোঁ, যাৰ কথা মই অলপ আগতে কৈ আছিলোঁ। লণ্ডন নোহোৱা হ’লে হয়তো মই তেওঁক লগ নাপালোঁহেঁতেন, আৰু লণ্ডন নোহোৱা হ’লে তেওঁৰ মন ভৰাই তুলিবলৈ মোৰ বাহিৰে অন্য কোনো নাথাকিলহেঁতেন। কথাটোৰ ভাল আৰু বেয়া—দুয়োটা পিঠিয়েই আছে”।
এটা সময়ত কফিৰ অৰ্ডাৰ দিবলৈ তেওঁ এক্ষন্তেক ৰ’ল। তেওঁ অতি গভীৰভাৱে পৰিৱেশকজনলৈ চালে আৰু তেওঁৰ হাতত এটা মুদ্ৰা তুলি দিলে। “কফিকাপ যেন একদম খাঁটি হয়”, তেওঁ ক’লে।
পৰিৱেশকজনে কফিকাপ লৈ আহিল আৰু যুৱকজনে নিজৰ কাপটোত কিবা এটা দৰবৰ বড়ি ডুবাই দিলে।
“মই ভাবোঁ, আপুনি ইয়ালৈ বৰ এটা সঘনাই নাহে,” যুৱকজনে কৈ গ’ল। “বাৰু, আপুনি চাগে এতিয়া উঠিব বিচাৰিছে। মই কিন্তু আপোনাক আপোনাৰ বাটৰ পৰা বৰ বেছি আঁতৰাই অনা নাই, লণ্ডনত আপোনাৰ কৰিবলগীয়া কাম বহুত আছে”।
তাৰ পিছত কফিখিনি শেষ কৰিয়েই যুৱকজন খালী চকীখনৰ খুৰাৰ কাষৰ মজিয়াত ঢলি পৰিল। সেই কোঠাটোত নৈশভোজ কৰি থকা এজন চিকিৎসকে লৰালৰিকৈ তেওঁৰ কাষলৈ হালি পৰি পৰীক্ষা কৰি চালে আৰু উদ্বিগ্ন মেনেজাৰজনক জনালে যে যুৱকজনৰ সেই অতিথিগৰাকী এতিয়া চকুৰ আগত আহি উপস্থিত হৈছেহি।
*****
শহা আৰু কাছৰ আচল সাধুটো (The True History of the Hare and the Tortoise)

শহা আৰু কাছ, কোন বেছি বেগবান—এই কথাটো লৈ জীৱ-জন্তুবোৰৰ মাজত তিতা-কেহা বিতৰ্ক বহু যুগ ধৰি চলি আছিল। কিছুমানে কৈছিল যে শহাৰ কাণ দুখন ইমান দীঘল কাৰণে সি বেছি খৰতকীয়া, আনহাতে আন কিছুমানে কৈছিল যে কাছৰ পিঠিৰ চলঙখন ইমান টান বাবে তাৰহে বেগ বেছি। কিন্তু কি হ’ব! বহুতো খেলিমেলিৰ বাবে চূড়ান্ত প্ৰতিযোগিতাখনৰ দিন সদায় পিছুৱাই গৈ আছিল।
কিন্তু যেতিয়া জীৱ-জন্তুবোৰৰ মাজত প্ৰায় যুদ্ধ লগাৰ উপক্ৰম হ’ল, তেতিয়া এটা বুজাবুজিলৈ আহি ঠিক কৰা হ’ল—, কোননো শুদ্ধ তাকে চাবলৈ শহা আৰু কাছই পাঁচশ গজ দূৰত্বৰ এক দৌৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগিব।
সেইটো শুনিয়েই শহাই ক’লে—”বাৰে-ভচহু আৰু অনৰ্থক কথা”! শহাটোক প্ৰতিযোগিতাত নামিবলৈ সৈমান কৰোৱাটো তাৰ সমৰ্থকসকলৰ বাবে বৰ কঠিন কাম হৈ পৰিল।
“প্ৰতিযোগিতাখনৰ প্ৰস্তাৱটোত মই আনন্দেৰে সন্মতি জনাইছোঁ”, কাছই ক’লে, “মই পিছ হুহকি নাযাওঁ”। কথাটো শুনিয়েই তাৰ সমৰ্থকবোৰে আনন্দতে জাঁপ মাৰি কেনেকৈ যে চিঞৰিবলৈ ধৰিলে!
প্ৰতিযোগিতাৰ দিনা সকলোৰে উত্তেজনাই চূড়ান্ত বিন্দু পালেগৈ; হাঁহটোৱে চোঁচা মাৰি গৈ শিয়ালটোক প্ৰায় খুঁটিবলৈ লৈছিলেই। খেলখন আৰম্ভ হোৱাৰ ঠিক আগলৈকে দুয়োটা দলেই “আমি জিকিমেই” বুলি বৰ উল্লাসেৰে ফিতাহি মাৰি আছিল।
“মই জিকিমেই জিকিম, ইয়াত কোনো সন্দেহ নাই”, কাছই ক’লে। কিন্তু শহাই একোকে নক’লে, তাৰ মুখখন বিৰক্তিৰে আমুৱাই যোৱা যেন দেখা গৈছিল।
শহাৰ দলৰ কিছুমানে তেতিয়াই তাৰ লগ এৰি বিপক্ষৰ দলত যোগ দিলেগৈ, য’ত সকলোৱে কাছৰ উৎসাহজনক কথাবোৰ শুনি বৰকৈ চিঞৰি-বাখৰি আনন্দ কৰি আছিল। কিন্তু বহুতেই শহাৰ লগ নেৰিলে। “শহা জিকিবই জিকিব, সি আমাক নিৰাশ নকৰে”, সিহঁতে ক’লে, “যাৰ ইমান দীঘল কাণ আছে, সি কেনেকৈ হাৰিব”?
“বেগাই চেঁকুৰা”, কাছৰ সমৰ্থকবোৰে চিঞৰিবলৈ ধৰিলে।
এইদৰেই “বেগাই চেঁকুৰা” কথাষাৰৰপৰা এটা জনপ্ৰিয় শ্ল’গানৰ জন্ম হ’ল, যিটো সকলোৱে ইজনে সিজনক দেখিলেই দোহাৰিবলৈ ধৰিলে—“টান চলং, কঠিন জীৱন—দেশৰ বাবে তাৰেই প্ৰয়োজন। বেগাই চেঁকুৰা”।
এই শব্দবোৰ উচ্চাৰণ কৰাৰ লগে লগে হাজাৰ হাজাৰ প্ৰাণীয়ে অন্তৰৰ পৰা উল্লাস প্ৰকাশ কৰিলে। কথাষাৰ মুখৰ পৰা ওলোৱা সাধাৰণ কথা মাত্ৰ নাছিল, সি আছিল জীৱ-জন্তুবোৰৰ আন্তৰিক অনুভূতি।
শহা আৰু কাছই দৌৰিবলৈ সাজু হ’ল। লগে লগে চৌদিশ একেবাৰে নিজম পৰিল।
শহাটোৱে বেগেৰে প্ৰায় এশ গজমান পাৰহৈ গ’ল, তাৰ পাছত তাৰ প্রতিদ্বন্দ্বী কিমাননো পালেহি বুলি সি পিছলৈ ঘূৰি চালে।
“এটা কাছৰ লগত দৌৰিবলৈ যোৱাটোৱেই বৰ উদ্ভট কথা”, এইবুলিকৈ সি বহি পৰিল আৰু গা খজুৱাবলৈ ধৰিলে।
“বেগাই চেঁকুৰা! বেগাই চেঁকুৰা”, কিছুমানে চিঞৰিবলৈ ধৰিলে।
“তাক জিৰাবলৈ দিয়া”, আন কিছুমানে চিঞৰি উঠিল। এইদৰেই “জিৰাবলৈ দিয়া” কথাষাৰো আন এটা শ্ল’গান হৈ পৰিল।
আৰু কিছু সময়ৰ পাছত কাছটো শহাৰ প্ৰায় কাষ পালেহি।
“সৌৱা সেই অলগৰ্ধ কাছটো আহি পালেহি”, এইবুলি কৈ শহাটোৱে জাঁপ মাৰি উঠিল আৰু বৰ বেগাই চেঁকুৰিবলৈ ধৰিলে যাতে কাছটোৱে তাক আৰু হৰুৱাব নোৱাৰে।
“এই দীঘল কাণ দুখন জিকিবই জিকিব”, শহাৰ সমৰ্থককেইটাই ক’লে, “এই কাণ দুখনে জয় লাভ কৰি আমি কৈ থকা কথাষাৰ একেবাৰে সঁচা বুলি প্ৰমাণ কৰি দিব”। তাৰ পিছত সিহঁতৰ কেইটামানে কাছৰ ফলীয়াকেইটাক ভেঙুচালি কৰি ক’লে, “কি হে, তোমালোকৰ সেই লেহেমীয়া প্ৰাণীটোৰ খবৰ কি”?
“বেগাই চেঁকুৰা”! সিহঁতে উত্তৰ দিলে, “বেগাই চেঁকুৰা”!
শহাটোৱে প্ৰায় তিনিশ গজমান দৌৰি গ’ল, ক’বলৈ গ’লে তেতিয়া সি প্ৰায় শেষ খুঁটিটোৰ ওচৰ পাইছিলহি। তেনেতে তাৰ হঠাৎ মনলৈ আহিল—দৃষ্টিৰ সীমাতেই নথকা কাছ এটাৰ লগত এনেকৈ দৌৰি থাকিবলৈ সি কিবা বহুৱা নেকি? কথাটো ভাবি সি আকৌ বহি পৰিল আৰু গা-মূৰ খজুৱাবলৈ ধৰিলে।
“বেগাই চেঁকুৰা! বেগাই চেঁকুৰা”, ভিৰ কৰি থকা কিছুমানে চিঞৰিবলৈ ধৰিলে। আন কিছুমানে চিঞৰি উঠিল, “তাক জিৰাবলৈ দিয়া”।
“এইবোৰ কৰি থাকি কাৰ মূৰটো হ’ব”? শহাটোৱে ক’লে আৰু এইবাৰ সি একেবাৰেই ৰৈ গ’ল। বহুতে কয় যে সি হেনো তাতে টোপনিয়াবলৈ ধৰিছিল।
কেইঘণ্টামান তীব্ৰ উত্তেজনা চলি থাকিল, আৰু তাৰ পিছত কাছটোৱে জয়লাভ কৰিলে।
“বেগাই চেঁকুৰা বেগাই চেঁকুৰা! কাছৰ সমৰ্থকবোৰে চিঞৰিবলৈ ধৰিলে, “টান চলং, কঠিন জীৱন—এইটোৱেই হৈছে জিকাৰ কাৰণ”। তাৰ পাছত সিহঁতে যেতিয়া কাছটোক সুধিলে যে তাৰ এই সফলতাৰ আচল তাৎপৰ্য কি, তেতিয়া সি গৈ বুঢ়া কাছটোক উত্তৰটো সুধিলে। বুঢ়া কাছটোৱে সমিধান দিলে, “এয়া হৈছে দ্ৰুতগামী শক্তিৰ এক গৌৰৱময় বিজয়”! কাছটোৱেও গৈ নিজৰ সমৰ্থকৰ আগত এই উত্তৰটোকে আওৰালেগৈ। ইয়াৰ পাছৰ কালত জীৱ-জন্তুবোৰে সেই কথাটোকেই দোহাৰি থাকিল। আনকি আজিও, “দ্ৰুতগামী শক্তিৰ এক গৌৰৱময় বিজয়”—এইষাৰ কথা শামুকৰ মাজতো প্ৰবাদ-বাক্য হৈ থাকি গ’ল।
শহা আৰু কাছৰ মাজৰ দৌৰ প্ৰতিযোগিতাৰ এই আচল কাহিনীটো কোনেও ভালকৈ নজনাৰ কাৰণটো হ’ল—খেলখন নিজ চকুৰে দেখা এমুঠি জীৱ-জন্তুহে অলপ দিনৰ পাছতে লগা ডাঙৰ বনজুইকুৰাৰপৰা কোনোমতে বাচি গৈছিল। ৰাতিৰ অন্ধকাৰত কোবাল বতাহৰ সৈতে বনজুইকুৰা হাবিৰ মুকলি পথাৰখনৰ মাজেদি হো-হোৱাই সোমাই আহিছিল। শহা, কাছ আৰু মাত্ৰ দুই-এটা জীৱ-জন্তুৱে হাবিৰ কাষৰ ওখ টকলা পাহাৰখনৰ টিঙটোৰপৰা দূৰৈৰ সেই জুইকুৰা প্ৰথমতে দেখিবলৈ পাইছিল। সিহঁতে হাবিৰ বাকীবোৰক বিপদৰ বাতৰিটো দিবলৈ কাক পঠিয়াব, সেইটো থিৰাং কৰিবলৈ ততাতৈয়াকৈ এখন সভা পাতিছিল।
সিহঁতে কাছটোক পঠিয়াইছিল।
*****

