নাকুৱাৰ কবিতাটো…।। পল্লৱ হাজৰিকা
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
ধনশিৰিৰ গৰাতে নাকুৱাৰ ঘৰ
তিনিবাৰ ভেটি সলোৱা
মই তেওঁৰ চোতালত বহি থাকোতে
খবৰ কাগজৰ টুকুৰাৰ সৰু টোপোলাটোৰ পৰা
তেওঁ উলিয়াইছে
তিনিটা তিঁয়হৰ গুটি
পাঁচটা লেছেৰাৰ
দুটা জিকাৰ
তেতিয়া শুভ্ৰ দোৰোণ ফুলৰ পথাৰ ফালি
উঠি আহিছে সস্তীয়া প্ৰসাধন লেপি
কৃষক, শ্ৰমিক, মাছমৰীয়াৰ দেশৰ
‘অৰুণোদয় মহিলা’ৰ শাৰী
তিনিটা তিঁয়হৰ
পাঁচটা লেছেৰাৰ
দুটা জিকাৰ গুটি মাত্ৰ
ক’ত গুজি থ’ব নাকুৱাই
ভূমি ক’ত ভূমি?
মই তেওঁৰ চোতালতে বহি আছো
চাৰিহাল ম’হৰ এটা হেৰোৱা গল্পত
কেৰকেৰাই থকা কুঁহিয়াৰ শাল এখন যাৰ পাতনি
নাকুৱাৰ প্ৰাথমিকত পঢ়া ল’ৰায়ে উহুৱা চৰকাৰী চাউলত তেতিয়া প্ৰসন্নৰ উতল আহিছে
এদিন তেওঁ মোক
এটা সৰু পুৰণি কাঠৰ বাকচ খুলি দেখুৱাইছিল
তাত আছিল
বাঘৰ চকু, শিয়ালৰ দাঁত, হৰিণৰ নাভি আৰু
ক’লা ফেঁটীৰ মূৰ…।

