এসময়ত।। প্ৰিয়ংকা দাস
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
ঘড়ী গলিছে
চকুৰে মনিব নোৱাৰাকৈ
জিলিকা চকু
দীঘল এটি বাট
গৈ গৈ আন্ধাৰত
বগাকৈ ৰ’দৰ তাপ
এসময়ত
পুখুৰীত কাছ আছিল
হাতজালেৰ টানি ভেঁট
নিদ্ৰাহীনতাত খুঁচি দিয়া হ’ল
বুঢ়া কাছৰ পিঠিত শ বছৰীয়া সাধু
নতুন মানেই পুৰণিৰ সমাধি
নে
পুৰণিৰ পুনৰ্নিমাণ
এৱা সূঁতাৰ মূৰ এটা পকাই
দুপৰীয়া অলেখ কথা শুনিছিলোঁ
গাৰ ওপৰত
বান
নিৰ্বাক নিস্পৃহ নিমাত ওঁঠ
অক্ষিপটত উচপিচনিৰ বুৰবুৰণি
এসময়ত
কথাই মাটি খান্দিব
পোত যোৱা ভূত আৰু ভৱিষ্যত
সাৱটি
উন্মীলনত বৰ্তমান
ম’ন’ক্ৰমেটিক দীঘল বাট।

