জলবায়ু সংকট : কৰ্পোৰেট লোভৰ পৰিণতি ।। ড° মৃণাল কুমাৰ দত্ত
মুক্ত চিন্তা।একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
৫ জুন, বিশ্ব পৰিৱেশ দিৱস। প্ৰতিবছৰে এই দিনটোত গছপুলি ৰোপণ, জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি সম্পৰ্কে মানুহক সজাগ কৰাৰ উদ্দেশ্যে সভা-সমিতি, আলোচনা চক্ৰ, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰা হয়। বিভিন্ন সংগঠন-প্ৰতিষ্ঠানে গছৰ পুলি বিতৰণ কৰে, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকৰ মাজত পৰিৱেশ বিষয়ক প্ৰতিযোগিতা আয়োজন কৰে, আৰু গছ ৰোপণৰ উপকাৰিতা, কাৰ্বন শোষণ (carbon sequestration) তথা সুস্থ-সুন্দৰ পৰিৱেশ গঢ়ি তোলাত ইয়াৰ ভূমিকা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। নিঃসন্দেহে এই পদক্ষেপসমূহ প্ৰয়োজনীয় আৰু ইতিবাচক। কিন্তু প্ৰশ্ন হ’ল—কেৱল গছ ৰোপণ বা সচেতনতামূলক অনুষ্ঠানৰ মাজেৰেই নেকি পৰিৱেশ সংকটৰ সমাধান সম্ভৱ? জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণসমূহক আলোচনা নকৰাকৈ সমস্যাটোৰ গভীৰতা বুজা সম্ভৱ নহয়। আজিৰ এই ভয়াবহ পৰিৱেশ সংকটৰ আঁৰত আছে বৃহৎ শিল্প প্ৰতিষ্ঠানসমূহৰ অনিয়ন্ত্ৰিত প্ৰদূষণ, কয়লা-তেলভিত্তিক অৰ্থনীতিৰ অধীনত জীৱাশ্ম ইন্ধনৰ অবাধ ব্যৱহাৰ, বনাঞ্চল ধ্বংস কৰি কৰ্পৰেট মুনাফাৰ বাবে প্ৰাকৃতিক সম্পদৰ নিৰ্দয় লুণ্ঠন, আৰু সীমাহীন ভোগবাদী উন্নয়ন ব্যাৱস্থা। দুৰ্ভাগ্যজনকভাৱে, এই মূল কাৰণসমূহক জানি বা নাজানি, ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে বহু সময়ত আঁতৰাই ৰখা হয়। ফলস্বৰূপে, পৰিৱেশ ৰক্ষাৰ নামত কেৱল দৃশ্যমান আৰু জনপ্ৰিয় বিষয়সমূহকেই গুৰুত্ব দিয়া হয়; কিন্তু এই সংকটৰ জন্ম দিয়া আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাটোৰ মূল সমস্যাসমূহৰ ওপৰত প্ৰশ্ন তোলা নহয়।
গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু সংকট আজিৰ মানৱ সভ্যতাৰ সন্মুখত উপস্থিত হোৱা আটাইতকৈ ভয়ংকৰ আৰু অস্তিত্বৰ সংকটজনক সমস্যা। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, মিথেন আদি সেউজগৃহ (Greenhouse) গেছৰ বিপজ্জনক বৃদ্ধিয়ে পৃথিৱীৰ তাপমাত্রা অভূতপূৰ্ব হাৰত বৃদ্ধি কৰিছে। ইয়াৰ ফলত হিমবাহ দ্রুতগতিত গলি গৈছে, সাগৰৰ পানীৰ স্তৰ বৃদ্ধি পাই উপকূলীয় অঞ্চলসমূহ বিপদৰ মুখত পৰিছে, আনহাতে অস্বাভাৱিক বৰষুণ, বিধ্বংসী বানপানী, খৰাং, ঘূৰ্ণীবতাহ, বনজুই আৰু কৃষি ব্যৱস্থাৰ ধ্বংসই কোটি কোটি মানুহৰ জীৱন আৰু জীৱিকাক সংকটত পেলাইছে। এই বিপৰ্যয় কোনো “প্ৰাকৃতিক দুৰ্ঘটনা” নহয়; ই হৈছে মানুহে সৃষ্টি কৰা এক সামাজিক-অৰ্থনৈতিক সংকট।জলবায়ু সংকট কেৱল এটা পৰিবেশগত সমস্যা নহয়; ই এক আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সমস্যাও, যাৰ মূল শিপা লাভকেন্দ্ৰিক পুঁজিবাদী ব্যৱস্থাত নিহিত হৈ আছে।
পুঁজিবাদী ব্যৱস্থাই মানুহৰ প্ৰয়োজনৰ বাবে নহয়, বৰঞ্চ কৰ্পৰেট মুনাফাৰ বাবে উৎপাদন বৃদ্ধি কৰে। এই ব্যৱস্থাত মানুহৰ মৌলিক প্ৰয়োজন, সামাজিক কল্যাণ বা পৰিবেশগত ভাৰসাম্যতকৈ অধিক গুৰুত্ব দিয়া হয় উৎপাদন আৰু অধিকতম মুনাফা অৰ্জনৰ প্ৰচেষ্টাক। প্ৰকৃতিক কেৱল লাভ আহৰণৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰাৰ ফলত উৎপাদন আৰু সুবিধাভোগী শ্ৰেণীৰ ভোগৰ এক অন্তহীন চক্ৰ গঢ় লৈ উঠে, সেয়েহে প্ৰকৃতিৰ সীমা, পৰিবেশৰ ভাৰসাম্য আৰু ভবিষ্যৎ প্ৰজন্মৰ অস্তিত্বকো উপেক্ষা কৰা হয়। জলবায়ু পৰিৱৰ্তন পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ এক স্বাভাৱিক আৰু অবিচ্ছেদ্য পৰিণতি। পুঁজিৰ সঞ্চয় আৰু অধিক মুনাফাৰ অবিৰাম তাড়নাই প্ৰাকৃতিক সম্পদৰ নিৰ্দয় শোষণক উৎসাহিত কৰে আৰু উৎপাদন ব্যৱস্থাক জীৱাশ্ম ইন্ধনৰ ওপৰত গভীৰভাৱে নিৰ্ভৰশীল কৰি তোলে। পুঁজিবাদী ব্যৱস্থাত নিৰন্তৰ অৰ্থনৈতিক বৃদ্ধিকেই উন্নয়নৰ মূল মাপকাঠি ধৰা হয়; সেয়েহে উৎপাদন, ভোগ আৰু শক্তি ব্যৱহাৰ সদায় বৃদ্ধি পাই থাকিবলৈ বাধ্য হয়। এই অন্তহীন বৃদ্ধিৰ যুক্তিয়ে কাৰ্বন নিঃসৰণ হ্ৰাসৰ দৰে প্ৰয়োজনীয় পদক্ষেপসমূহক বাধাগ্ৰস্ত কৰে, কিয়নো নিঃসৰণ কমোৱাৰ অৰ্থ বহু ক্ষেত্ৰত মুনাফা আৰু উৎপাদনৰ গতি সীমিত কৰা। ফলস্বৰূপে বিশ্ব পুঁজিবাদী ব্যৱস্থা নিজস্ব গাঁথনি আৰু স্বাৰ্থৰ বাবেই কঠোৰ নিঃসৰণ নিয়ন্ত্ৰণ কার্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ অক্ষম হৈ পৰে।
পৃথিৱীত এনে কিছুমান প্ৰাকৃতিক সম্পদ আছে, যিবোৰ প্ৰকৃতিয়ে সমগ্ৰ মানৱজাতি আৰু জীৱজগতৰ সামূহিক ব্যৱহাৰৰ বাবে উন্মুক্ত কৰি ৰাখিছে। যেনে—মহাসাগৰ, মহাকাশ, আৰু আমাৰ বায়ুমণ্ডল। এইবোৰকেই “Commons” বা সামূহিক সম্পদ বোলা হয়। বায়ুমণ্ডলক এটা ডাঙৰ ‘কাৰ্বন জমা কৰা পাত্ৰ’ (Carbon Sink) হিচাপে ধৰিব পাৰি। পৃথিৱীৰ জলবায়ু সুস্থিৰ কৰি ৰাখিবলৈ এই বায়ুমণ্ডলৰ এটা নিৰ্দিষ্ট ক্ষমতা আছে। ইয়াত এক সীমিত পৰিমাণৰ গ্ৰীনহাউছ গেছ বা কাৰ্বন ডাই অক্সাইডহে পৃথিৱী ধ্বংস নোহোৱাকৈ জমা হ’ব পাৰে (যাক Carbon Space বা কাৰ্বন স্থান বোলা হয়)। ই সকলোৰে সমানে ব্যৱহাৰ কৰাৰ অধিকাৰ আছিল।ঔদ্যোগিক বিপ্লৱৰ পৰা ধৰি বৰ্তমানলৈকে আমেৰিকা, যুক্তৰাজ্য বা ইউৰোপৰ দৰে উন্নত পুঁজিবাদী দেশসমূহে নিজৰ অৰ্থনৈতিক বিকাশ আৰু উদ্যোগীকৰণৰ বাবে ইমান বেছি কাৰ্বন নিঃসৰণ কৰিলে যে বায়ুমণ্ডলৰ সিংহভাগ ‘কাৰ্বন স্থান’ তেওঁলোকেই ব্যৱহাৰ কৰি শেষ কৰিলে। অৰ্থাৎ, সামূহিক সম্পদটো তেওঁলোকে একপ্ৰকাৰ একচেটিয়াভাৱে দখল কৰিলে। বৰ্তমান ভাৰত, আফ্ৰিকা বা লেটিন আমেৰিকাৰ দৰে উন্নয়নশীল দেশসমূহে যেতিয়া নিজৰ দেশৰ দৰিদ্ৰতা দূৰ কৰিবলৈ আৰু জনসাধাৰণক বিদ্যুৎ-শক্তি যোগান ধৰিবলৈ উদ্যোগ স্থাপন কৰিব বিচাৰিছে, তেতিয়া বায়ুমণ্ডলত কাৰ্বন ধাৰণ ক্ষমতা প্ৰায় শেষ হৈ আহিছে।এতিয়া উন্নত দেশসমূহে গোলকীয় চুক্তিৰ জৰিয়তে সকলো দেশৰ ওপৰতে সমানে কাৰ্বন নিঃসৰণ কম কৰাৰ চাপ দিছে। ইয়াৰ ফলত উন্নয়নশীল দেশসমূহৰ স্বাভাৱিক বিকাশ স্তব্ধ হৈ পৰাৰ আশংকা দেখা দিছে।বায়ুমণ্ডল সমগ্ৰ বিশ্বৰে উমৈহতীয়া সম্পত্তি আছিল, কিন্তু উন্নত দেশসমূহে নিজৰ লাভ আৰু পুঁজিবাদী বিকাশৰ বাবে ইয়াক সৰ্বাধিক প্ৰদূষিত কৰিলে। এতিয়া তাৰ মাচুল বা ক্ষতিপূৰণ সমগ্ৰ বিশ্বই, বিশেষকৈ দৰিদ্ৰ আৰু উন্নয়নশীল দেশসমূহে ভৰিবলগীয়া হৈছে। ইয়াকেই জলবায়ু ৰাজনীতিত “Atmospheric Commons-ৰ শোষণ” বুলি কোৱা হয়।
১৯৭২ চনৰ পৰা ২০২৫ চনলৈকে বিশ্বৰ জীৱাশ্ম ইন্ধনজনিত CO₂ নিৰ্গমন প্ৰায় ১৪.৯ বিলিয়ন টনৰ পৰা ৩৮.১ বিলিয়ন টনলৈ বৃদ্ধি পাইছে, অৰ্থাৎ প্ৰায় ২.৫৬ গুণ অধিক। ইয়াৰ উপৰি, কেৱল CO₂ নহয়, অন্যান্য গ্ৰীনহাউছ গেছ (মিথেন, নাইট্রাছ অক্সাইড, ফ্লৰিনযুক্ত গেছসমূহ) যোগ কৰিলে ২০২৫ চনত মুঠ গ্ৰীনহাউছ গেছ নিৰ্গমন ৬০.৬৩ বিলিয়ন টন CO₂ সমতুল্য হয়, যি ইতিহাসৰ সৰ্বোচ্চ। ২০১৭ চনৰ “Carbon Majors Report” অনুসৰি, ১৯৮৮ৰ পৰা ২০১৫লৈকে বিশ্বৰ মুঠ কাৰ্বন নিৰ্গমনৰ ৭১% আছিল মাত্ৰ ১০০টা জীৱাশ্ম ইন্ধন কোম্পানীৰ দ্বাৰা সংঘটিত । কিন্তু ২০২৪ চনলৈকে এই পৰিস্থিতি অধিক ভয়াৱক হৈ পৰিছে। ২০২৬ চনৰ জানুৱাৰি মাহত InfluenceMap-এ প্ৰকাশ কৰা এক তথ্য অনুসৰি, কেৱল ৩২টা গেছ, কয়লা আৰু চিমেণ্ট উৎপাদক সংস্থাই ২০২৪ চনত বিশ্বৰ জীৱাশ্ম ইন্ধন আৰু চিমেণ্ট-সম্পৰ্কীয় মুঠ CO₂ৰ ৫০%ৰো অধিক নিৰ্গমন কৰিছে । অৰ্থাৎ, ২০১৫ চনৰ পেৰিছ চুক্তিৰ পিছতো নিৰ্গমনৰ উৎস অতি কম সংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে—আগতে ১০০টা নিগমে ৭১% নিৰ্গমন কৰিছিল, এতিয়া ৩২টা নিগমেই ৫০%ৰো অধিক নিৰ্গমন কৰি আছে। এই তথ্যই স্পষ্টভাৱে দেখুৱাইছে যে জলবায়ু সংকটৰ মূল কাৰণ সাধাৰণ জনতা নহয়; বৰং বৃহৎ জীৱাশ্ম ইন্ধনভিত্তিক উৎপাদন ব্যৱস্থা আৰু কৰ্পৰেট-ৰাষ্ট্ৰীয় শক্তি সমুহহে। তথাপিও পৰিৱেশ ৰক্ষাৰ আলোচনাত এই বৃহৎ প্ৰদূষণকাৰী সংস্থাসমূহৰ ভূমিকা প্ৰায়ে আঁতৰাই ৰখা।
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশিত Nature আলোচনীৰ এক যুগান্তকাৰী অধ্যয়ন অনুসৰি, চেভৰন, এক্সন মবিল, শ্বেল, আৰু বিপি-কে ধৰি শীৰ্ষ দহটা নিগম এক তৃতীয়াংশ (≈৩৩%) কাৰ্বন নিৰ্গমনৰ বাবে প্ৰত্যক্ষ দায়ী। এই অধ্যয়নে (Systematic attribution of heatwaves to the emissions of carbon majors) প্ৰথমবাৰৰ বাবে ডাঙৰ কোম্পানীবোৰৰ কাৰ্বন নিৰ্গমনে পৃথিৱীৰ প্ৰাণঘাতী তাপপ্ৰবাহবোৰ কিদৰে সম্ভৱ কৰি তুলিছে তাৰ প্ৰত্যক্ষ কাৰ্যকাৰী সম্পৰ্ক (causal link) স্থাপন কৰিছে। গৱেষকসকলে ২০০০ চনৰ পৰা ২০২৩ চনলৈকে বিশ্বজুৰি সংঘটিত ২১৩টা গুৰুতৰ তাপপ্ৰবাহ পৰীক্ষা কৰে। ফলাফল চাঞ্চল্যকৰ:
২০১০–২০১৯ সময়ছোৱাত, জলবায়ু পৰিবৰ্তনে তাপপ্ৰবাহবোৰ পূৰ্বৰ তুলনাত প্ৰায় ২০০ গুণ বেছি সম্ভাৱনীয় কৰি তুলিছিল (২০০০–২০০৯ চনত এই সংখ্যা আছিল মাত্ৰ ২০ গুণ)।
মুঠ ২১৩টা তাপপ্ৰবাহৰ ভিতৰত ৫৫টা (প্ৰায় এক-চতুৰ্থাংশ) কাৰ্যত অসম্ভৱ (virtually impossible) আছিল—অৰ্থাৎ মানৱসৃষ্ট জলবায়ু পৰিবৰ্তন নহ’লে এইবোৰ কেতিয়াও নহ’লহেঁতেন।
গৱেষণাটোৱে ১৮০টা “কাৰ্বন মেজৰ” (Carbon Majors) কোম্পানীৰ ভূমিকা বিশ্লেষণ কৰে। এই কোম্পানীসমূহে ১৮৫০ চনৰ পৰা ২০২৩ চনলৈকে বিশ্বৰ মুঠ কাৰ্বন নিৰ্গমনৰ ৫৭% অৰিহণা যোগাইছে। শীৰ্ষ ১৪টা কোম্পানীৰ যিকোনো এটাৰ একক নিৰ্গমনেই ৫০ৰো অধিক তাপপ্ৰবাহক “ভাৰ্চুৱেলি ইম্পছিবল” ৰ পৰা সম্ভৱপৰ কৰি তুলিবলৈ যথেষ্ট । কেৱল Saudi Aramco, ExxonMobil, Shell, BP, Chevron আদিৰ দৰে কোম্পানীবোৰৰ নিৰ্গমনে পৃথিৱীৰ প্ৰায় প্ৰতিটো ডাঙৰ তাপপ্ৰবাহক পূৰ্বৰ তুলনাত হাজাৰগুণ বেছি সম্ভাৱনীয় কৰি তুলিছে।
গৱেষণা অনুসৰি, ১৮৫০ চনৰ পূৰ্বৰ ঔদ্যোগিক যুগৰ তুলনাত:
২০০০–২০০৯ চনত তাপপ্ৰবাহৰ গড় তীব্ৰতা বৃদ্ধি পাইছিল ১.৪°C।
২০১০-২০১৯ চনত এই বৃদ্ধি ১.৭°C।
২০২০–২০২৩ চনত এই বৃদ্ধি বাঢ়ি ২.২°C হৈছিল।
এই বৃদ্ধিৰ অধিকাংশৰ বাবেই দায়ী এই ১৮০টা কাৰ্বন মেজৰ কোম্পানী। ২০২৫ চনৰ এই অধ্যয়নে প্ৰমাণ কৰিলে যে “এই কোম্পানীবোৰৰ নিৰ্গমনে প্ৰত্যক্ষভাৱে তাপপ্ৰবাহ সৃষ্টি কৰে”। প্ৰতিটো সংখ্যা, প্ৰতিটো পৰিসংখ্যাই এটা স্পষ্ট সত্যলৈ আঙুলিয়াই দিয়ে: পুঁজিবাদী লাভৰ বাবে জীৱাশ্ম ইন্ধন উৎপাদন কৰা এই নিগমবোৰ আক্ষৰিক অৰ্থত পৃথিৱীৰ জ্বৰৰ কাৰণ।
এই বৃহৎ কোম্পানীসমূহে বিপুল আৰ্থিক শক্তি আৰু সংগঠিত ৰাজনৈতিক প্ৰভাৱৰ জৰিয়তে পৰিবেশ নীতি নিৰ্ধাৰণত গভীৰ আৰু সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰে। অধিকাংশ ক্ষেত্ৰতে এই প্ৰভাৱ জলবায়ু সুৰক্ষা বা পৰিবেশ সংৰক্ষণৰ তুলনাত পুঁজিবাদী মুনাফাক অধিক অগ্ৰাধিকাৰ দিয়ে। এই বৃহৎ কৰ্পৰেট গোষ্ঠীসমূহে নিৰ্বাচনী অনুদান, সংবাদ মাধ্যমৰ ওপৰত প্ৰভাৱ, আৰু বিভিন্ন “গৱেষণা” বা “থিংক টেংক”ৰ সহায়ত জনমত গঢ়ি তোলে। ফলস্বৰূপে, কঠোৰ পৰিবেশ আইন, কাৰ্বন নিঃসৰণ নিয়ন্ত্ৰণ, বন সংৰক্ষণ বা পুনৰ্নৱীকৰণযোগ্য শক্তিৰ বিস্তাৰৰ দৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহক “অৰ্থনৈতিক বিকাশৰ বাধা” বা “শিল্পবিৰোধী নীতি” হিচাপে উপস্থাপন কৰা হয়।
প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশৰ নেতা আৰু প্ৰতিনিধিসকল জলবায়ু পৰিৱৰ্তনৰ সংকটকৰ বিষয়ে আলোচনা কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় সহমত গঢ়ি তোলাৰ বাবে একত্ৰিত হয়। এই বৈঠকসমূহক “Conference of the Parties” বা সংক্ষেপে COP বুলি কোৱা হয়। কিন্তু বহু ক্ষেত্ৰতে এই আলোচনা বৃহৎ তেল, কয়লা আৰু বহুজাতিক কোম্পানীসমূহৰ প্ৰভাৱত বাধাপ্ৰাপ্ত হয়। এই কৰ্পৰেট শক্তিসমূহে নিজৰ মুনাফা সুৰক্ষিত ৰাখিবলৈ চৰকাৰ আৰু নীতি নিৰ্ধাৰণত চাপ প্ৰয়োগ কৰে, ফলত কঠোৰ কাৰ্বন নিঃসৰণ হ্ৰাস নীতি বা জলবায়ু ন্যায়ৰ দাবীসমূহ দুর্বল হৈ পৰে।শেহতিয়াকৈ ২০২৫ চনৰ নৱেম্বৰ মাহত ব্ৰাজিলত অনুষ্ঠিত COP30-তো উন্নয়নশীল দেশসমূহে জলবায়ু ক্ষতি মোকাবিলাৰ বাবে আৰ্থিক সহায় দাবী জনালেও ধনী দেশসমূহে স্পষ্ট দায়িত্ব ল’বলৈ অনীহা প্ৰকাশ কৰে। উন্নয়নশীল দেশসমূহৰ বাবে ঘোষণা কৰা ৩০০ বিলিয়ন ডলাৰৰ জলবায়ু তহবিলৰ বৃহৎ অংশ ঋণ আৰু বাণিজ্যিক পুঁজি হিচাপে আগবঢ়োৱা হ’ব বুলি স্পষ্ট কৰা হৈছে। অৰ্থাৎ, “সেউজ অৰ্থনীতি” গঢ়ি তোলাৰ নামত ধনী দেশসমূহ আৰু তেওঁলোকৰ কৰ্পোৰেট প্ৰতিষ্ঠানসমূহে দৰিদ্ৰ দেশসমূহৰ শক্তি আৰু আন্তঃগাঁথনি খণ্ডৰ ওপৰত অধিক নিয়ন্ত্ৰণ স্থাপন কৰাৰ সুযোগ লাভ কৰিব। ফলত এই তথাকথিত সহায় বাস্তৱিকতে এক নতুন ধৰণৰ নৱ্য-ঔপনিৱেশিক (neo-colonial) ব্যৱস্থা হিচাপে দেখা দিছে, য’ত উন্নয়নশীল দেশসমূহ পুনৰ ঋণ নিৰ্ভৰশীলতা আৰু বিদেশী পুঁজিৰ নিয়ন্ত্ৰণৰ জালত আবদ্ধ হৈ পৰিব। ইয়াৰ ফলত পুনৰ এবাৰ স্পষ্ট হ’ল যে বিশ্ব জলবায়ু ৰাজনীতিত আজিও কৰ্পৰেট স্বাৰ্থ আৰু শক্তিশালী ৰাষ্ট্ৰসমূহৰ আধিপত্য অব্যাহত আছে।
পুঁজিবাদী উন্নয়ন মডেলৰ আন এটা ভয়ংকৰ উদাহৰণ হৈছে আমাজন বনাঞ্চলৰ ধ্বংস। প্ৰতিবছৰে হাজাৰ হাজাৰ বৰ্গকিলোমিটাৰ বনাঞ্চল গৰু পালন, চয়াবিনৰ খেতি আৰু খনিজ উদ্যোগৰ বাবে কাটি পেলোৱা হৈছে। ২০২২ চনত আমাজনত প্ৰায় ১০ হাজাৰ বৰ্গকিলোমিটাৰৰো অধিক বনাঞ্চল ধ্বংস হৈছিল। অথচ এই বনাঞ্চলসমূহ পৃথিৱীৰ অন্যতম বৃহৎ “কাৰ্বন শোষক” পৃথিৱীৰ হাঁওফাঁও । বন ধ্বংসৰ ফলত কেৱল জৈৱ বৈচিত্ৰ্যই নহয়, সমগ্ৰ বিশ্বৰ জলবায়ু ব্যৱস্থাই বিপদৰ সন্মুখীন হৈছে। ভাৰততো “উন্নয়ন”ৰ নামত বৃহৎ কৰ্পৰেট প্ৰকল্পসমূহে পৰিবেশ ধ্বংস তীব্ৰতৰ কৰি তুলিছে। কয়লা খনন,খনিজ সম্পদৰ খনন আৰু বিদ্যুৎ প্ৰকল্পৰ বাবে বিস্তীর্ণ বনাঞ্চল ধ্বংস হৈছে আৰু আদিবাসী জনগোষ্ঠী উচ্ছেদৰ সন্মুখীন হৈছে। নৱ্যউদাৰবাদী অৰ্থনৈতিক ব্যৱস্থাই এই পৰিস্থিতিক অধিক ভয়াবহ কৰি তুলিছে। লাভকেন্দ্ৰিক নীতি, ব্যক্তিগতকৰণ, অবাধ বজাৰ ব্যৱস্থা আৰু কৰ্পৰেট স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ ফলত প্ৰাকৃতিক সম্পদৰ নিৰ্বিচাৰ শোষণ বৃদ্ধি পাইছে আৰু পৰিৱেশ প্ৰদূষণ অধিক তীব্ৰ হৈ বিশ্ব উষ্ণায়ন আৰু জলবায়ু সংকটক অধিক জটিল কৰি তুলিছে।
Oxfam International-ৰ এক প্ৰতিবেদন-মতে বিশ্বৰ আটাইতকৈ ধনী ১০% লোকৰ জীৱনশৈলী আৰু অতিভোগৰ ফলতেই বিশ্বৰ প্ৰায় ৫০% কাৰ্বন নিঃসৰণ ঘটে। ডেনিয়েল ডি ভ্ৰিছ (Daniel de Vries )ৰ মতে, “মূলতঃ জলবায়ু পৰিৱৰ্তন এটা শ্ৰেণীগত প্ৰশ্ন। সমাজ কাৰ স্বাৰ্থত চলি আছে? এতিয়াৰ জৰুৰী কাম হ’ল শ্ৰমিক শ্ৰেণীৰ ফালে মুখ ঘূৰোৱা — সেই সামাজিক শক্তিৰ ফালে, যাৰ মৌলিক স্বাৰ্থ সমাজক এনে ধৰণে পুনৰ গঢ়ি তোলাৰ সৈতে জড়িত, যাতে ব্যক্তিগত লাভ সৃষ্টি কৰাৰ পৰিবৰ্তে সমাজৰ প্ৰয়োজনসমূহ পূৰণ হয়।”
গোলকীয় উষ্ণতা বৃদ্ধি বা জলবায়ু পৰিৱৰ্তনৰ প্ৰকৃত মূল কাৰণ কি সেই সৰ্ম্পকেআমি গম্ভীৰভাৱে চিন্তা কৰিব লাগিব। আজি জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ নামত বিশ্বজুৰি যিবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেইবোৰৰ বহুতো ক্ষেত্ৰত সমস্যাটোৰ বাস্তৱ আৰু মৌলিক সমাধান বিচৰাৰ পৰিৱৰ্তে বৃহৎ কৰ্পৰেট গোষ্ঠীসমূহক নতুন ব্যৱসায়িক সুযোগ সৃষ্টি কৰি দিয়াৰ প্ৰচেষ্টা চলোৱা দেখা যায়। “সেউজীয়া উন্নয়ন”, “কাৰ্বন বাণিজ্য”, “নেট-জিৰো” আদি আকৰ্ষণীয় শব্দ ব্যৱহাৰ কৰি বহু বহুজাতিক কোম্পানীয়ে নিজকে পৰিৱেশ বান্ধৱ বুলি প্ৰচাৰ কৰে, অথচ একে সময়তে বন ধ্বংস, খনিজ সম্পদ আহৰণ, কয়লা-তেল-গেছ উৎপাদন আৰু বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে পৰিৱেশ ধ্বংসৰ কাম অব্যাহত ৰাখে।
সেয়েহে বাস্তৱ আৰু স্থায়ী জলবায়ু সমাধানৰ বাবে জনমুখী গণতান্ত্ৰিক কাঠামো গঢ়ি তোলা অত্যন্ত প্ৰয়োজন। এনে এক ব্যৱস্থাত ৰাষ্ট্ৰৰ মূল লক্ষ্য হ’ব কৰ্পোৰেট মুনাফা সুৰক্ষিত কৰা নহয়, বৰঞ্চ জনসাধাৰণৰ কল্যাণ, সামাজিক ন্যায় আৰু পৰিবেশগত ভাৰসাম্য নিশ্চিত কৰা। উৎপাদনৰ মাধ্যমসমূহৰ ওপৰত জনসাধাৰণৰ গণতান্ত্ৰিক নিয়ন্ত্ৰণ স্থাপন হ’লে উৎপাদন আৰু সম্পদ ব্যৱহাৰৰ সিদ্ধান্ত কেইজনমান বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ লাভৰ স্বাৰ্থত নহয়, সমাজৰ সামগ্ৰিক প্ৰয়োজন আৰু পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত পৰিচালিত হ’ব। এনে জনমুখী ব্যৱস্থাই নবীকৰণযোগ্য শক্তিৰ বিস্তাৰ, বহনক্ষম কৃষি ব্যৱস্থা, গণপৰিবহণ, সম্পদৰ ন্যায়সঙ্গত বণ্টন আৰু পৰিবেশ সংৰক্ষণক অগ্ৰাধিকাৰ দিব। ফলত অৰ্থনৈতিক উন্নয়ন আৰু পৰিবেশ সুৰক্ষাৰ মাজত এক সুসম আৰু স্থায়ী সম্পৰ্ক গঢ়ি তোলা সম্ভৱ হ’ব।
বহুজাতিক কোম্পানীসমুহে বিভিন্ন সংস্থা আৰু প্ৰতিষ্ঠানক আৰ্থিক সাহায্য প্ৰদান কৰি জলবায়ু পৰিৱৰ্তন বিষয়ক ছেমিনাৰ, আলোচনা চক্ৰ আৰু কাৰ্যসূচী অনুষ্ঠিত কৰে, কিন্তু বহু ক্ষেত্ৰত এইবোৰ সাধাৰণ মানুহক বিভ্ৰান্ত কৰাৰ এক মাধ্যমত পৰিণত হয়। সেয়ে, কেৱল বাহ্যিক প্ৰচাৰ বা অনুষ্ঠানত সীমাবদ্ধ নাথাকি, সাধাৰণ মানুহক জলবায়ু সংকটৰ প্রকৃত কাৰণসমূহৰ বিষয়ে সচেতন কৰা অত্যন্ত জৰুৰী। মানুহে বুজিব লাগিব যে এই সংকটৰ সৈতে জড়িত আছে এক শোষণমূলক অৰ্থনৈতিক আৰু উৎপাদন ব্যৱস্থা। সেইবাবে, বিশ্ব উষ্ণায়নৰ মূল কাৰণৰ বিৰুদ্ধে সংগঠিতভাৱে মাত মাতি সংগ্রাম গঢ়ি তোলাটো সময়ৰ দাবী।

