ডায়েবেটিছ ৰোগীৰ খাদ্য : প্ৰসংগ—চৰ্বী, ফলমূল আৰু শাক-পাচলি।। ডা: কুঞ্জন শইকীয়া
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
চর্বীজাতীয় খাদ্য
Lipid শব্দটোৰ অৰ্থ বৈজ্ঞানিকভাৱে বহল পৰিসৰত ব্যৱহাৰ হয়। Lipid Profile—এই তেজৰ পৰীক্ষা সকলো ডায়েবেটিছ ৰোগীয়ে কৰে আৰু ই অতি প্রয়োজনীয়। বিভিন্ন শ্রেণীৰ কলেষ্টৰল, ট্রাইগ্লিছাৰাইড আৰু ফেটি এচিড—এই সকলো Lipid-ৰ ভিতৰত পৰে। শৰীৰত জমা হৈ থকা চর্বীসমূহ আচলতে ট্রাইগ্নিছাৰাইডৰ ৰূপত থাকে। ট্রাইগ্নিছাৰাইড গঠন হয় ফেটি এচিডৰ সৈতে গ্লিছাৰিণৰ সংযোগত। আনহাতে কলেষ্টৰল হ’ল দেহৰ কোষৰ গঠনৰ বাবে আৱশ্যকীয় আৰু ই শৰীৰৰ অভ্যন্তৰত কেইবাটাও ৰূপত থাকে যেনে Low Density Lipoprotein (LDL), High Density Lipoprotein (HDL), Very low Density Lipoprotein (VLDL), Intermediate-Density Lipoprotein (IDL)। ইয়াৰ ভিতৰত HDL শৰীৰ আৰু হৃদযন্ত্ৰৰ বাবে উপকাৰী (Good Cholesterol) আৰু LDL হ’ল অপকাৰী (Bad Cholesterol)। ফেটি এচিডসমূহে যি ট্রাইগ্লিছাৰাইডৰ গঠন কৰে সেয়া হ’ল শক্তিৰো উৎস। গ্লুক’জৰ অভাৱত ইহঁতক শৰীৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰে। এইবোৰ দুই ধৰণে থাকে—ফেটি এচিড Saturated আৰু Unsaturated। আকৌ Unsaturated Fatty Acids-ক দুভাগত ভাগ কৰা হৈছে—Polyunsaturated Fatty Acids আৰু Monounsaturated Fatty Acids। ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰিয়েই এই শ্রেণীবিভাজনসমূহ কৰা হৈছে।
উপৰিউক্ত কথাখিনিৰ ব্যৱহাৰিক গুৰুত্ব আহিব খাদ্য নির্বাচনত। ক্রীম, চীজ, গাখীৰ, মাখন, ঘিউ আদিত কলেষ্টৰলৰ লগতে Saturated Fatty Acids থাকে। জন্তুৰ মাংস আৰু চৰ্বীতো এই পদার্থসমূহ বেছিকৈ পোৱা যায়। গতিকে এনে খাদ্য কমকৈ খোৱাটো দৰকাৰ।
Monounsaturated Fatty Acids আৰু Polyunsaturated Fatty Acids হ’ল হৃদয়ৰ বাবে উপকাৰী আৰু সেয়ে ডায়েবেটিছৰ ৰোগীয়ে গ্ৰহণ কৰিব পাৰে। Monounsaturated Fatty Acids উৎসসমূহ হ’ল—জলফাইৰ তেল, বাদামৰ তেল, চীনাবাদামৰ তেল, সৰিয়হৰ তেল আদি। আনহাতে বেলিফুলৰ তেল (Sunflower oil), ছয়াবীনৰ তেল, বাদামৰ তেল, আখৰোট আদি হ’ল Polyunsaturated ফেটৰ উৎস। ওমেগা-৩ আৰু ওমেগা-৬ দুয়োবিধ Polyunsaturated Fatty Acids। ওমেগা-৩-ক হৃদয়ৰ বাবে উপকাৰী বুলি কোৱা হয় কিন্তু ওমেগা-৬-ক অপকাৰীৰ শাৰীত ৰখা হয়। ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰোতে Mono আৰু Polyunsaturated তেল ১:১ অনুপাতত ব্যৱহাৰ কৰিব লাগে। এজন ব্যক্তিৰ বাবে ৩ চামুচ তেল এদিনত ব্যৱহাৰ কৰিব লাগে বা এমাহত মুঠ আধা লিটাৰ তেলৰ ওপৰত হ’ব নালাগে।
ডায়েবেটিছ থকা মানুহে গাখীৰ খাব পাৰে নে নোৱাৰে?
একাপ গৰুৰ গাখীৰত কি কি থাকে এবাৰ চাই লওঁ আহক—
কেলৰিৰ পৰিমাণ : ১৪৬ কিঃকেঃ
প্রটিন: ৭.৯ গ্রাম
ফেট: ৭.৯ গ্রাম
কার্বহাইড্রেট: ১১ গ্রাম
কেলছিয়াম: ২৭৬ গ্রাম
আইৰণ: ০.০৭ গ্রাম
ফলেট: ১২ মাইক্রগ্রাম
কেইবালানি গৱেষণাৰ পৰা এই কথা দেখা গৈছে যে গাখীৰে আচলতে ডায়েবেটিছক প্ৰতিৰোধ কৰে। গাখীৰৰ চৰ্বীত থকা Trans Palmitoleic Acid-এ ইনচুলিনৰ পৰিমাণ আৰু ইনচলিনৰ গ্লুক’জৰমাত্রা কমাব পৰা ক্ষমতা, দুয়োটাই বঢ়াব পাৰে। গাখীৰত থকা আৰু এবিধ উপাদান Conjugated Linoleic Acid-য়েও এই ক্ষেত্রত সহায় কৰে।কিন্তু লগতে এই কথাও মনত ৰাখিব লাগিব যে গাখীৰত থকা Lactose Sugar-এ শৰীৰত গ্লুক’জৰ পৰিমাণ বৃদ্ধি কৰে। তদুপৰি গাখীৰত থকা কেলৰিৰ হিচাপও ল’ব লাগিব। এগৰাকী বিশেষজ্ঞ এলিজাবেথ এলকেমিনডাৰে Can I Drink Milk if I have Diabetes? নামৰ প্ৰৱন্ধত কৈছে যে গাখীৰ খোৱাৰ পাছত গ্লুক’জৰ পৰিমাণ বৃদ্ধি হোৱা প্ৰায়ে দেখা যায়। সকলোৰে ক্ষেত্ৰত এই কথা প্রযোজ্য নহ’বও পাৰে। তেওঁৰ মতে গাখীৰ খোৱাৰ আগতে আৰু খোৱাৰ ৩০ মিনিট সময়ৰ পাছত দেহত গ্লুক’জৰ মাত্ৰা জুখিলে কেনেদৰে ই সলনি হৈছে বা বাঢ়িছে তাৰ উমান ল’ব পাৰি। যিসকল ব্যক্তিৰ এনেদৰে গাখীৰ গ্ৰহণৰ পাছত গ্লুক’জ বাঢ়ি যোৱা দেখা পায় তেওঁলোকে গাখীৰৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰাই ভাল হ’ব। নিৰামিষভোজীসকলৰ বাবে গাখীৰ আনহাতে প্রয়োজনীয় আৰু বহুলোকৰ নিতৌ একাপ গাখীৰ খোৱাৰ অভ্যাস থাকে। পৰিমিত পৰিমাণত সেয়ে অলপ গাখীৰ খোৱাত বাধা নাই, কেৱল ইয়াত গ্লুক’জ বঢ়াব পৰা ক্ষমতাৰ কথা মনত ৰাখি গ্ৰহণ কৰিব লাগে।
কোনবিধ ফলমূল ডায়েবেটিছ থকা লোকে খাব পাৰে?
ফলমূলবিলাক হ’ল বিভিন্ন পুষ্টিকৰ উপাদানৰ উৎস। ফলমূলত বিভিন্ন এণ্টিঅক্সিডেণ্ট যেনে ভিটামিন-ই, ভিটামিন-চি, Polyphenol, Flavonoids, Carotenoid পটাছিয়াম আৰু মেগনেছিয়াম আদি থাকে। মেগনেছিয়ামে ইনচুলিনক ভালকৈ কাম কৰাত সহায় কৰে।
একোবিধ ফল খাব পাৰি বা নোৱাৰি সেই কথা নিৰ্ভৰ কৰিব তাৰ Glycemic Index (G.I.) আৰু Glycemic Load-ৰ (G.L.) ওপৰত। ফলবোৰ মিঠা সোৱাদৰ হয়। তথাপিও বহুতো ফলৰ G.I. কম আৰু মধ্যমীয়া হোৱাৰ বাবে তেনে ফল খাব পাৰি। এনে ফলত Pectin জাতীয় আঁহৰ পৰিমাণ বেছি হোৱা বাবে গ্লুক’জৰ পৰিমাণ লাহে লাহে বৃদ্ধি হয়। ফল যিমান পকা হয় সিমান তাৰ G.I. বেছি হয় আৰু তেজত গ্লুক’জৰ পৰিমাণ বঢ়ায়।
GL-ৰ বিষয়েও অলপ লক্ষ্য ৰাখিব লাগে। কোনো ফলৰ G.I. বেছি হলেও G.L. কম হ’লে তাক সীমিত পৰিমাণত গ্ৰহণ কৰিব পাৰি। উদাহৰণস্বৰূপে তৰমুজৰ G.I. হ’ল ৭২, কিন্তু G.L. মাত্র ৪ গতিকে এটুকুৰা বা দুটুকুৰা তৰমুজ খোৱাত বাধা নাই।
তলত ফলমূলসমূহৰ G.I. আৰুG.L.-ৰএখন তালিকা দিয়া হৈছে।

তালিকাৰ প্ৰথম ভাগৰ ফল—আপেল, নাচপতি, মধুৰী, কমলা, ডালিম এইসমূহৰ G.I. আৰু G.L. কম হোৱা বাবে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী আনহাতে খেজুৰ, আঙুৰ, খিচমিচ, কল আদিৰGI. আৰু GL. দুয়োটাই বেছি, সেইবাবে তেজত গ্লুক’জৰ বৃদ্ধি ততালিকে আৰু বেছি পৰিমাণে কৰিব পাৰে।
পকা কঁঠাল বেয়া হ’লেও কিন্তু কেঁচা কঁঠাল মধুমেহৰ বাবে লাভজনক। কাৰণ ইয়াত যথেষ্ট পৰিমাণে আঁহ আৰু বিভিন্ন পৌষ্টিক উপাদান থাকে আৰু গ্লুক’জ কমোৱাত সহায়ক হয়।
শাক-পাচলি
অতি কম G.I. বিশিষ্ট এই শাক-পাচলিসমূহেই হ’ল প্রকৃততে ডায়েবেটিছ ৰোগীৰ আহাৰৰ মূল ভেটী। প্ৰকৃততে আহাৰৰ প্লেটখনৰ আধা অংশই শাক-পাচলিৰে ভৰপূৰ হ’ব লাগে। কেলৰিৰ মাত্রা কম হোৱাৰ বাবে ইহঁতক পেট ভৰাই খাব পাৰি। লাই, লফা, পালেং, মৰিচা, খুতুৰা—এই সকলো উপকাৰী। ফুলকবি, বন্ধাকবি, ব্রকলি, লাও, জিকা, পটল, কুন্দুলী এইবোৰ নিৰাপদ। কেৱল কিডনিৰ অসুখত ভোগা লোকসকলে শাক আৰু কিছু পাচলি কমাই খাব লাগে আৰু সেয়া কিডনি বিশেষজ্ঞৰ নিৰ্দেশ মতে গ্রহণ কৰিব লাগে। আলু, কচু, ৰঙালাও, বিট, গাজৰ, মিঠাআলু, স্কোৱাছ, সেউজীয়া মটৰ আদিত কাৰ্বহাইড্ৰেটৰ পৰিমাণ বেছি, ইহঁতক Starchy Vegetable বুলি কোৱা হয়। ইতিমধ্যে উল্লেখ কৰি অহা শাক, কবি আদি Non Starchy Vegetable। যিখিনি Starchy Vegetable আছে সেইবোৰ কমকৈ খাব লাগে।
শাক-পাচলিত থকা জিংক, ক্রমিয়াম, ছেলেনিয়াম, ফ্রেভনয়িডছ, ভিটামিন-চি আৰু ভিটামিন-ই আদিয়ে ডায়েবেটিছ ৰোগীৰ গ্লুক’জ মাত্রা নিয়ন্ত্ৰণ ৰখাত আৰু ৰোগৰ ক্রমবর্ধমান গতিক বাধা দিয়াত সহায় কৰে। Aggregate Nutrient Density Index (ANDI) হ’ল এটা সূচাংক যি যিকোনো খাদ্যৰ শৰীৰক দিব পৰা পৌষ্টিক দ্রব্যসমূহৰ এটা হিচাপ দিয়ে। এই সূচাংক যিমান বেছি হয় সিমান শাক-পাচলিৰ শৰীৰত দিব পৰা খাদ্য গুণসমূহৰ পৰিমাণ আৰু লগতে মধুমেহৰ ক্ষেত্ৰত উপকাৰীতাও বেছি হয়।
পালেং শাক, সৰিয়হৰ শাক, বন্ধাকবি, ফুলকবি, ব্রকলি, গাজৰ, মূলা, চালগোম, বিট আদিৰ ANDI বেছি হয়। Starchy Vegetable হ’লেও গাজৰ আৰু চালগোম আদিৰ Glycemic Load কম হোৱা বাবে নিদিষ্ট মাত্ৰাত খোৱাত বাধা নাই। তিতাকেৰেলাৰ গ্লুক’জ কমাব পৰা গুণৰ বিষয়ে সকলোৱে জানেই। একেদৰেই পটলৰো এই গুণ বহুপৰিমাণে আছে। আমি সদায় ব্যৱহাৰ কৰা পিঁয়াজ আৰু নহৰুও গ্লুক’জৰ নিয়ন্ত্ৰণত সহায়ক হয়।
শাক-পাচলি কেঁচাকে ছালাড কৰি খালে বহু উপকাৰ পাব পাৰি। কেঁচাকৈ বা সিজাই শাক-পাচলি সদায় ভাত বা ৰুটি খোৱাৰ আগত খাব লাগে। আহাৰ খোৱাৰ আৰম্ভণিতে খালে ভাত, ৰুটি বা অন্য খাদ্যৰ গ্লুক’জ বঢ়োৱাৰ মাত্ৰা বহু পৰিমাণে প্রশমিত হয়।

