অনুবাদকবিতা

ঘৃণা আৰু প্ৰেমৰ উৎপত্তিস্থল ক’ত? ।। মূল : ওম প্ৰকাশ বাল্মিকী : ‎অনুবাদ: মুনমুন সৰকাৰ

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা‎

মনত পেলোৱা সেই মাতৃৰ মুখখনলৈ

‎যাৰ পুত্ৰক ৰাস্তা লৈ উলিয়াই সকলোৰে আগত
‎পিটা হৈছিল
‎নিৰ্মমতাৰে
‎যিজন ল’ৰাই বন্ধুত্ব কৰিব খুজিছিল
‎বনৰীয়া ফুল
‎আৰু বৈ থকা নদীৰ স’তে

‎মনত পেলোৱা
‎সেই পুত্রৰ মুখখনলৈ
‎যাৰ মুখৰ আগত পেলাই থৈ গৈছিলা
‎বখলিয়াই চিৰাচিৰ কৰা
‎তাৰ মাকৰ গাৰ কাপোৰ

‎মনত পেলোৱা
‎সেই বৃদ্ধ পিতৃৰ মুখখনলৈ
‎যিজনে কঠোৰ পৰিশ্ৰমেৰে
‎দিনে ৰাতি তোমাৰ আধি লোৱা
‎পথাৰ সিঁচিছিল
‎ফচল কাটিছিল
‎তোমাৰ চোতাল ঘৰ সাৰি মচি ৰাখিছিল
‎যাৰ কঠোৰ পৰিশ্ৰমৰ পৰিৱৰ্তে
‎উপহাৰ হিচাপে দিয়া হৈছিল
‎অশ্ৰাৱ্য গালি আৰু কৰা হৈছিল তিৰষ্কাৰ,
‎যিজনৰ গাভৰু ছোৱালীজনীৰ শৰীৰত ওপৰত
‎জাক জাক শগুণৰ চকু
‎পৰিবলৈ লৈছিল লাহে লাহে
‎মনত পেলোৱা সেই পিতৃৰ মুখখনলৈ

‎মনত পেলোৱা
‎সেই চৰকাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ মুখখনলৈ
‎যাক এটুপি পানী যচা কামটোও এৰাই চলে
‎একেই অফিচৰ চতুর্থ বৰ্গৰ কৰ্মচাৰীজনে‎

‎এই সকলোবোৰ ঘটনাৰ পিছতো
‎তোমাৰ জানিবলৈ মন নাযায় নে
‎ঘৃণা আৰু প্ৰেমৰ উৎপত্তিস্থল দৰাচলতে ক’ত?

Leave a Reply

Your email address will not be published. Required fields are marked *