কেন্দ্ৰীয় নিবন্ধনিবন্ধ

২০২৬ চনৰ আন্তৰ্জাতিক বুকাৰ বঁটা ।। ড০ জিতু বুঢ়াগোহাঁই

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

আন্তৰ্জাতিক বুকাৰ বঁটা হ’ল বিশ্বসাহিত্যৰ ক্ষেত্ৰত বৃটেইনত প্ৰদান কৰা সন্মানজনক সাহিত্য বঁটা। এই বঁটাটোৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—

  • মূল গ্ৰন্থখন ইংৰাজীৰ বাহিৰৰ যিকোনো ভাষাত ৰচিত হ’ব লাগে।
  • গ্ৰন্থখন ইংৰাজী ভাষালৈ অনূদিত হৈ যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত হ’ব লাগে।
  • বঁটাৰ ধনৰাশি লেখক আৰু অনুবাদকৰ মাজত সমানে ভাগ কৰা হয়, যাৰ জৰিয়তে মূল লেখক আৰু অনুবাদক উভয়ৰে অৱদানক সমান গুৰুত্ব দিয়া হয়।

২০২৬ বৰ্ষৰ আন্তৰ্জাতিক বুকাৰ বঁটাৰ বাবে “টাইৱান ট্ৰেভেলগ (Taiwan Travelogue)” নামৰ উপন্যাসখনক নিৰ্বাচিত কৰা হৈছে। এই বঁটা লাভ কৰি বিশ্ব সাহিত্যৰ মানচিত্ৰত এক ঐতিহাসিক মুহূৰ্তৰ সূচনা কৰিলে টাইৱান ট্ৰেভেলগৰ লেখিকা ইয়াং শ্বুৱাং-জি (Yáng Shuāng-zǐ)- আৰু অনুবাদক লিন কিঙ (Lin King)-এ । এই উপন্যাসখন কেৱল সাহিত্যিক সফলতা নহয়; ই বিশ্ব সাহিত্যত টাইৱানী কণ্ঠ, মেণ্ডাৰিন ভাষা আৰু অনূদিত সাহিত্যৰ নতুন দিগন্ত উন্মোচন কৰা এক সাংস্কৃতিক ঘটনাত পৰিণত হৈছে। বিচাৰকমণ্ডলীৰ অধ্যক্ষা নাটাছা ব্ৰাউনে ২০২৬ চনৰ ১৯ মে’ত বৃটেইনৰ Tate Modern-ত অনুষ্ঠিত এক অনুষ্ঠানত বঁটাটোৰ ঘোষণা কৰি কয় যে টাইৱান ট্ৰেভেলগ নামৰ উপন্যাসখনে এক অবিশ্বাস্য দ্বৈত সাফল্য অর্জন কৰিছে: উপন্যাসখন একে সময়তে যেনেকৈ এক প্ৰেমকাহিনী হিচাপে সফল, তেনেকৈ এক তীক্ষ্ণ উত্তৰ-ঔপনিবেশ উপন্যাস হিচাপেও গভীৰভাৱে সফল। ই এক অত্যন্ত মনোমোহা আৰু সূক্ষ্মভাৱে পৰিশীলিত উপন্যাস। আন্তৰ্জাতিক বুকাৰ বঁটাৰ দশম বৰ্ষপূৰ্তিৰ এই বিশেষ বছৰত লাভ কৰা এই সন্মানে কেৱল এখন গ্ৰন্থকেই স্বীকৃতি দিয়া নহয়; ই বিশ্বসাহিত্যত অনুবাদ সাহিত্যৰ শক্তি আৰু বহুভাষিক সংস্কৃতিৰ গভীৰতাকো নতুনকৈ উদযাপন কৰিছে। বিশেষ তাৎপৰ্যৰ বিষয় হ’ল—মেণ্ডাৰিন চীনা ভাষাৰ পৰা অনূদিত কোনো গ্ৰন্থই প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিলে।

বঁটা প্ৰদানৰ প্ৰেক্ষাপট

সাহিত্যৰ ক্ষেত্ৰত Bukhman Philanthropies-এ বিশ্বসাহিত্যৰ বিভিন্ন ভাষাৰ লেখক আৰু অনুবাদকসকলৰ কণ্ঠ বিশ্বমঞ্চত অধিক শক্তিশালীভাৱে প্ৰতিধ্বনিত হোৱাত সহায় কৰি আহিছে। এই উদ্দেশ্যৰ অংশ হিচাপে সংস্থাটোৱে আন্তৰ্জাতিক বুকাৰ বঁটাৰ সমৰ্থক হিচাপে আগবাঢ়ি আহিছে। এই বঁটাই লেখকৰ লগতে অনুবাদককো সমান মর্যাদা দিয়ে। কাৰণ, অনুবাদকেই মূল ভাষাৰ সাহিত্যক নতুন ভাষা আৰু নতুন সংস্কৃতিৰ পাঠকৰ ওচৰলৈ লৈ যোৱা সেতুবন্ধন। এক অৰ্থত, অনুবাদ হৈছে ভাষাৰ সীমা অতিক্ৰম কৰি সাহিত্যৰ আত্মাক বিশ্বজুৰি বিস্তৃত কৰাৰ এক সৃজনশীল শিল্প।

আন্তৰ্জাতিক বুকাৰ বঁটাই বিশ্বসাহিত্যৰ বৈচিত্ৰ্য, গভীৰতা আৰু সৃজনশীলতাক উজ্জ্বলভাৱে উদযাপন কৰে। বিশেষকৈ এই বঁটাৰ জৰিয়তে বিভিন্ন ভাষাত ৰচিত উৎকৃষ্ট সাহিত্যক ইংৰাজী অনুবাদৰ মাধ্যমেৰে বিশ্বজুৰি পাঠকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰচেষ্টাক সন্মান জনোৱা হয়। ২০১৬ চনৰ পৰা এই বঁটা প্ৰতি বছৰে ইংৰাজীলৈ অনূদিত এখন উৎকৃষ্ট কল্পসাহিত্যধৰ্মী গ্ৰন্থক প্ৰদান কৰা হৈছে। লেখকৰ লগতে অনুবাদককো সমান মৰ্যাদা দিয়াৰ মাধ্যমেৰে এই বঁটাই অনুবাদকৰ সৃজনশীল ভূমিকাকো বিশেষ স্বীকৃতি প্ৰদান কৰিছে।

এই বঁটা কেৱল এখন গ্ৰন্থৰ সাহিত্যিক মানদণ্ডৰ স্বীকৃতি নহয়; ই এক ভাষা, সংস্কৃতি আৰু অভিজ্ঞতাৰ পৰা আন এক ভাষা আৰু সংস্কৃতিলৈ মানৱীয় অনুভূতিৰ সেতুবন্ধন। ফলত বিশ্বসাহিত্যৰ ক্ষেত্ৰত অনুবাদ সাহিত্যৰ গুৰুত্ব বহুগুণে বৃদ্ধি পাইছে। বুকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটাক সেই অৰ্থত আধুনিক সাহিত্যজগতত অনুবাদৰ ক্ৰমবিকাশ আৰু আন্তঃসাংস্কৃতিক সাহিত্যিক বিনিময়ৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়।

গত এক দশকৰ যাত্ৰাত আন্তৰ্জাতিক বুকাৰ বঁটাই বিশ্বৰ বিভিন্ন ভাষাৰ উল্লেখযোগ্য সাহিত্যক ইংৰাজীভাষী পাঠকৰ সন্মুখলৈ আনিছে। লেটিন আমেৰিকা, ইউৰোপ, আফ্ৰিকা, এছিয়া—বিভিন্ন ভূখণ্ডৰ সাহিত্যিক কণ্ঠই এই বঁটাৰ মাধ্যমে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে। এই বঁটাৰ মুঠ আৰ্থিক মূল্য £৫০,০০০, অৰ্থাৎ প্ৰায় ৬৭ হাজাৰ মাৰ্কিন ডলাৰ। নিয়ম অনুসৰি এই ধন লেখিকা আৰু অনুবাদকৰ মাজত সমানে ভাগ কৰা হ’ব, যি অনুবাদকৰ অৱদানকো মূল সৃষ্টিৰ সমান মর্যাদা দিয়াৰ এক উজ্জ্বল নিদৰ্শন।

ইয়াৰ উপৰিও চূড়ান্ত তালিকাত স্থান লাভ কৰা আন প্ৰতিগৰাকী লেখক আৰু অনুবাদকেও ৫,০০০ পাউণ্ডকৈ লাভ কৰিব। এই ব্যৱস্থাই আন্তৰ্জাতিক বুকাৰ বঁটাক কেৱল প্ৰতিযোগিতামূলক সন্মান হিচাপে নহয়, বিশ্বসাহিত্যৰ বহুভাষিক সৃজনশীলতাক সমানভাৱে উদযাপন কৰা এক বৃহৎ সাহিত্যিক মঞ্চ হিচাপেও প্ৰতিষ্ঠা কৰিছে। এইবাৰৰ ফলাফলে অৱশ্যে বিশেষ তাৎপৰ্য বহন কৰে। মেণ্ডাৰিন ভাষাত লিখিত এখন টাইৱানী উপন্যাসৰ বিজয়ে স্পষ্টভাৱে ইংগিত দিয়ে যে বঁটাটোৰ ভাষিক আৰু ভৌগোলিক পৰিসৰ এতিয়া আৰু অধিক বিস্তৃত হৈছে। টাইৱান ট্ৰেভেলগৰ জয় কেৱল এখন উপন্যাসৰ ব্যক্তিগত সাফল্য নহয়; ই টাইৱানৰ সাহিত্য, মেণ্ডাৰিন ভাষা আৰু পূব এছিয়াৰ সাংস্কৃতিক অভিজ্ঞতাক বিশ্বসাহিত্যৰ কেন্দ্ৰস্থললৈ আগবঢ়াই নিয়াৰ এক ঐতিহাসিক মুহূর্ত।

২০২৬ আন্তৰ্জাতিক বুকাৰ বঁটাৰ চূড়ান্ত আৰু সংক্ষিপ্ত তালিকা

২০২৬ বৰ্ষৰ আন্তৰ্জাতিক বুকাৰ বঁটাটোৰ বাবে বিশ্বজুৰি প্ৰকাশকসকলে মুঠ ১২৮খন গ্ৰন্থ জমা দিছিল। সেই বিশাল সাহিত্যসম্ভাৰৰ মাজৰ পৰা বিচাৰকমণ্ডলীয়ে গভীৰ মূল্যায়নৰ ভিত্তিত ছয়খন গ্ৰন্থক চূড়ান্ত তালিকালৈ নিৰ্বাচিত কৰে। চূড়ান্ত আৰু সংক্ষিপ্ত তালিকাখনে বিশ্ব সাহিত্যৰ এক মনোমোহা বহুভাষিক মানচিত্ৰ আমাৰ আগত উন্মোচন কৰিছে। বিভিন্ন দেশ, সংস্কৃতি আৰু ভাষাৰ অভিজ্ঞতা এই তালিকাত একেলগে মিলিত হৈছে। ইতিহাস, ৰাজনীতি, স্মৃতি, ব্যক্তিগত যন্ত্ৰণা, ঔপনিবেশবাদ, নাৰী-অভিজ্ঞতা আৰু মানবিক অস্তিত্বৰ গভীৰ অনুসন্ধানে এই গ্ৰন্থসমূহক বিশেষ তাৎপৰ্য দিছে। এই বছৰৰ বিজয়ী গ্ৰন্থ হিচাপে বিশেষভাৱে সমাদৃত হোৱা টাইৱান ট্ৰেভেলগৰ বাহিৰেও আন পাঁচখন গ্ৰন্থ হ’ল –

The Nights Are Quiet in Tehran– শ্বিদা বাজিয়াৰ (Shida Bazyar) (মূল ভাষা: জাৰ্মান)

শ্বিদা বাজিয়াৰৰ এই উপন্যাসখন এক ইৰাণী পৰিয়ালৰ কেইবাটাও প্ৰজন্মৰ জীৱনৰ মাজেৰে ৰাজনৈতিক অস্থিৰতা আৰু নিৰ্বাসনৰ বেদনাক চিত্ৰিত কৰে। ইৰাণ বিপ্লৱৰ সুদূৰপ্ৰসাৰী অভিঘাত, বিদেশৰ মাটিত নতুন জীৱন গঢ়াৰ কঠিন সংগ্ৰাম আৰু অতীতৰ স্মৃতিৰ সৈতে হোৱা অবিৰাম সহাৱস্থানে উপন্যাসখনক এক গভীৰ মানৱীয় সংবেদনশীলতা প্ৰদান কৰিছে। নীৰৱতা আৰু অন্তৰ্নিহিত যন্ত্ৰণাৰ এক সংযত অথচ শক্তিশালী সাহিত্যিক প্ৰকাশ ইয়াত দেখা যায়।

On Earth As It Is Beneath – আনা পাউলা মাইয়া (Ana Paula Maia) (মূল ভাষা: পৰ্তুগীজ)

ব্ৰাজিলীয় লেখিকা আনা পাউলা মাইয়াৰ এই গ্ৰন্থখন অন্ধকাৰ, কঠোৰ আৰু অস্তিত্ববাদী স্বৰৰ বাবে বিশেষভাৱে উল্লেখযোগ্য। সমাজৰ প্ৰান্তিক আৰু উপেক্ষিত মানুহৰ জীৱন, মৃত্যু আৰু নৈতিক দ্বন্দ্ব ইয়াত গভীৰ বাস্তৱতাৰে ফুটাই তোলা হৈছে। উপন্যাসখনত এক গভীৰ বিষণ্ণ সৌন্দৰ্য বিদ্যমান—য’ত মানুহৰ অন্তৰ্জগতৰ নিসংগতা, নীৰৱ যন্ত্ৰণা আৰু বাহিৰৰ পৃথিৱীৰ সংঘাত, হিংসা আৰু কঠোৰ জীৱন-বাস্তৱ একেলগে সুন্দৰভাৱে প্ৰকাশ পাইছে।

The Witch — মাৰী এনডিয়ায়ে (Marie NDiaye) (মূল ভাষা: ফৰাচী)

ফৰাচী সাহিত্যৰ অন্যতম শক্তিশালী কণ্ঠ মাৰী এনডিয়ায়েৰ এই উপন্যাসখন নাৰীসত্তা, সমাজৰ ভয় আৰু বিচ্ছিন্নতাক কেন্দ্ৰ কৰি ৰচিত। “ডাইনী” শব্দটোৰ সামাজিক আৰু মানসিক তাৎপৰ্যক লেখিকাই গভীৰ ৰূপক হিচাপে ব্যৱহাৰ কৰিছে। বাস্তৱ আৰু অদ্ভুততাৰ সীমাৰেখা অস্পষ্ট কৰি তোলা এই কাহিনীত এক ধৰণৰ মনস্তাত্ত্বিক অস্বস্তি আৰু নিঃসঙ্গতা অনুভৱ হয়।

The Director —ডেনিয়েল কেলমান (Daniel Kehlmann) (মূল ভাষা: জাৰ্মান)

ডেনিয়েল কেলমানৰ এই উপন্যাসখন শিল্প, ক্ষমতা আৰু ইতিহাসৰ জটিল সম্পৰ্কৰ অনুসন্ধান। এক চলচ্চিত্ৰ নিৰ্মাতাৰ জীৱন আৰু ৰাজনৈতিক বাস্তৱতাৰ সংঘাতে গঢ় লৈ উঠা এই কাহিনীত শিল্পৰ স্বাধীনতা আৰু নৈতিক দায়িত্বৰ গুৰুত্ব উজ্জ্বল হৈ উঠে। কেলমানৰ তীক্ষ্ণ বুদ্ধিদীপ্ত ভাষা আৰু ব্যংগাত্মক সুৰ উপন্যাসখনৰ অন্যতম শক্তি।

She Who Remains —ৰেনে কাৰাবাছ (Rene Karabash) (মূল ভাষা: বুলগেৰীয়ান)

ৰেনে কাৰাবাছৰ এই উপন্যাসখন স্মৃতি, নাৰী-অভিজ্ঞতা আৰু অস্তিত্বৰ এক কাব্যিক অনুসন্ধান। ব্যক্তিগত বেদনা আৰু সামাজিক বাস্তৱতাৰ সংমিশ্ৰণে ইয়াক গভীৰ আবেগময়তা দিছে। ভাষাৰ কোমলতা আৰু আভ্যন্তৰীণ মনস্তত্ত্বৰ সূক্ষ্ম বিশ্লেষণে গ্ৰন্থখনক বিশেষ সাহিত্যিক মৰ্যাদা প্ৰদান কৰিছে।

এই সংক্ষিপ্ত তালিকাখনে প্রমাণ কৰে যে বিশ্বসাহিত্যৰ সৌন্দৰ্য কোনো একক ভাষা বা ভূগোলৰ মাজত সীমাবদ্ধ নহয়। এই তালিকাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে মানৱীয় অনুভৱ, স্মৃতি আৰু কল্পনাৰ গভীৰতাই সাহিত্যক বিশ্বজনীন কৰি তোলে।

টাইৱান ট্ৰেভেলগ : পটভূমি আৰু কাহিনী

টাইৱান ট্ৰেভেলগ উপন্যাসখন প্ৰথমবাৰৰ বাবে ২০২০ চনত মেণ্ডাৰিন চীনা ভাষাত প্ৰকাশ পাইছিল। ২০২৬ চনৰ মাৰ্চ মাহত লিন কিঙে কৰা ইংৰাজী অনুবাদ প্ৰকাশ পোৱাৰ পিছত অতি কম সময়ৰ ভিতৰতে গ্ৰন্থখনে আন্তৰ্জাতিক সাহিত্যজগতত বিশেষ সমাদৰ লাভ কৰে। ইতিমধ্যে গ্ৰন্থখনে ২০২৪ চনত National Book Award for Translated Literature লাভ কৰি নিজৰ শ্ৰেষ্ঠত্বৰ প্ৰমাণ দাঙি ধৰিছিল।

উপন্যাসখনৰ পটভূমি ১৯৩৮ চনৰ জাপান-অধিকৃত টাইৱান। বাহ্যিকভাৱে ই এক কল্পিত ভ্ৰমণ-স্মৃতিকথাৰ ৰূপত উপস্থাপিত — যেন পাঠকে কোনো ভ্ৰমণকাৰীৰ হেৰাই যোৱা দিনলিপি পঢ়িছে। কিন্ত উপন্যাসখন কেৱল এক ভ্ৰমণকাহিনী বা প্ৰেমৰ আখ্যান নহয়; ইয়াৰ অন্তঃসলিল সোঁতত গভীৰ সংবেদনশীলতাৰে উপনিবেশবাদ, ক্ষমতাৰ অসম সম্পর্ক, শ্ৰেণীগত বিভাজন, সাংস্কৃতিক আধিপত্য আৰু মানৱীয় অনুভৱৰ সূক্ষ্ম অন্তৰ্দ্বন্দ্ব  অনুসন্ধান কৰা হৈছে।

কাহিনীৰ কেন্দ্ৰত আছে দুগৰাকী মহিলা। প্ৰথমগৰাকী হৈছে নাগাছাকিৰ জাপানী ঔপন্যাসিক আঅ’য়ামা চিজুকো। চৰকাৰী পৃষ্ঠপোষকতাৰ অধীনত আয়োজিত এক ভ্ৰমণসূচীৰ অংশ হিচাপে তেওঁ টাইৱানত উপস্থিত হয়, কিন্তু সাম্ৰাজ্যবাদী আনুষ্ঠানিকতাতকৈ তেওঁৰ মন বেছি আকৃষ্ট হয় টাইৱানৰ খাদ্য আৰু সংস্কৃতিৰ প্ৰতি। তেওঁ এক সদিচ্ছাসম্পন্ন, কৌতুহলী আৰু অনুভূতিপ্ৰৱণ মহিলা — তথাপিও তেওঁ উপনিবেশবাদী শক্তিৰ প্ৰতিনিধি, আৰু এই পৰিচয়ৰ ভাৰ তেওঁ সচেতনে বা অসচেতনে বহন কৰি ফুৰে।

দ্বিতীয়গৰাকী হৈছে টাইৱানী মহিলা চিজুৰু — আঅ’য়ামাৰ নিৰ্ধাৰিত অনুবাদক আৰু এগৰাকী অসাধাৰণ ৰন্ধনশিল্পী। চিজুৰু মোহনীয়, সংযত আৰু মিতভাষী। তেওঁ নিজকে সদায় এক সযত্নে নিৰ্মিত দূৰত্বৰ আঁৰত ৰাখে — যেন কাচৰ দেৱালৰ সিপাৰে থকা এক জীৱন্ত মানুহ, যাক দেখা যায় কিন্তু ধৰা নাযায়। আঅ’য়ামাই তেওঁৰ এই সংযমৰ আৱৰণ ভেদ কৰি প্ৰকৃত চিজুৰুক চিনিবলৈ সাধ্যমতে চেষ্টা কৰে। চিজুৰু কেৱল উপনিবেশিত ভূখণ্ডৰ এগৰাকী বাসিন্দাই নহয়, তেওঁ এক নীৰৱ, সংযত কণ্ঠস্বৰ — যি সমাজ তেওঁক চুপ কৰাই ৰাখিব বিচাৰে, তাৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰে নিজৰ অস্তিত্বৰ মাজেৰেই।

কাহিনী আগবাঢ়ি গৈ থাকোতে আঅ’য়ামাই চিজুৰুৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ পৰে। তেওঁ আনকি চিজুৰুৰ ওচৰত নিজৰ বাগদান ভংগ কৰিবলৈকো আহ্বান জনায়। কিন্তু চিজুৰুৰ সঁহাৰি সদায় অস্পষ্ট — তেওঁ সঁহাৰি জনাইছে নে নাই, এই অনিশ্চয়তাই উপন্যাসখনৰ আবেগিক গভীৰতা বজাই ৰাখে।

এই সম্পৰ্ক কেৱল দুটা মানৱ-হৃদয়ৰ মাজৰ টান নহয়। ইয়াৰ মাজত প্ৰতিফলিত হয় উপনিবেশ আৰু সাম্ৰাজ্যৰ ক্ষমতাৰ অসম সমীকৰণ। আঅ’য়ামা সদিচ্ছাসম্পন্ন, কিন্তু তেওঁ শাসনকাৰী সমাজৰ অংশ; চিজুৰু উজ্জ্বল বুদ্ধিমত্তাসম্পন্ন, কিন্তু তেওঁ শাসিত। তেওঁলোকৰ প্ৰতিটো সাক্ষাতত, প্ৰতিটো কথোপকথনত এই বৈষম্য অদৃশ্যভাৱে উপস্থিত থাকে। উপন্যাসখন এক কুইয়াৰ ঐতিহাসিক প্ৰেমকাহিনী হিচাপে বিশেষ তাৎপৰ্য বহন কৰে। এই কাহিনীত চৰিত্ৰসমূহক কেৱল বঞ্চনা, নিঃসঙ্গতা বা সামাজিক যন্ত্ৰণাৰ মাজত সীমাবদ্ধ কৰি ৰখা হোৱা নাই; বৰং তেওঁলোকৰ আকাঙ্ক্ষা, ভালপোৱা, অন্তৰঙ্গতা আৰু মানৱীয় সত্তাক গভীৰ মৰ্যাদাৰে উপস্থাপন কৰা হৈছে। টাইৱান ট্ৰেভেলগ-ত খাদ্য কেৱল বৰ্ণনাৰ এক উপাদান নহয় — ই যেন উপন্যাসখনৰ তৃতীয় মূল চৰিত্ৰ। ইয়াং শ্বুৱাং-জি-এ বিস্তৃত আৰ্কাইভ গৱেষণা আৰু সূক্ষ্ম বিৱৰণৰ সহায়ত ১৯৩৮ চনৰ টাইৱানী খাদ্য-সংস্কৃতিৰ এক জীৱন্ত ছবি আঁকিছে।

আঅ’য়ামাই “বিশুদ্ধ” টাইৱানী খাদ্য বিচাৰি ফুৰে — কিন্তু এই অনুসন্ধানৰ মাজতেই উপন্যাসৰ এক গভীৰ ব্যংগ লুকাই আছে। কাৰণ ঔপনিবেশিক শাসনৰ অধীনত সংস্কৃতিৰ “বিশুদ্ধতা” বুলি আচলতে কি বস্তু থাকে? চিজুৰুৱে দৈনন্দিন সাধাৰণ আহাৰৰ মাধ্যমেৰে টাইৱানৰ সাংস্কৃতিক প্ৰতিৰোধক নিঃশব্দে ফুটাই তোলে। খাদ্যৰ জৰিয়তে টাইৱানী সমাজৰ বহু সামাজিক আচাৰ-ব্যৱহাৰ উন্মোচিত হয় আৰু পাঠকে উপলব্ধি কৰে যে খাদ্য কিদৰে বহু-জাতিগত সামাজিক বাস্তৱৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। কাহিনী আগবাঢ়ি যোৱাৰ লগে লগে একেলগে গ্ৰহণ কৰা আহাৰে দুয়োগৰাকী মহিলাক অধিক ওচৰ চপাই আনে; খাদ্যৰ টেবুলত বহিলে সাংস্কৃতিক পাৰ্থক্য আৰু ক্ষমতাৰ অসমতা যেন কম অনুভূত হয়। কিন্ত একে সময়তে তেওঁলোকৰ মাজৰ সামাজিক দূৰত্বকো মনত পেলাই দিয়ে।

টাইৱান ট্ৰেভেলগৰ লেখক আৰু অনুবাদক

ইয়াং শ্বুৱাং-জি আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰা প্ৰথম টাইৱানী লেখিকা হিচাপে স্বীকৃতি লাভ কৰাৰ বিপৰীতে লিন কিং প্ৰথম টাইৱানী-আমেৰিকান অনুবাদক হিচাপে এই গৌৰৱ অৰ্জন কৰিছে। তেওঁলোকৰ এই যৌথ সাফল্যই টাইৱানৰ সাহিত্যিক ঐতিহ্যক বিশ্বমঞ্চত নতুন মর্যাদা প্ৰদান কৰিছে। ইয়াং শ্বুৱাং-জি কেৱল এজন ঔপন্যাসিকেই নহয় — তেওঁ কথাসাহিত্য, প্ৰবন্ধ, মাংগা, ভিডিঅ’ গেমৰ চিত্ৰনাট্য আৰু সাহিত্য সমালোচনাৰ এগৰাকী বহুমুখী সৃষ্টিশীল লেখক। টাইৱান ট্ৰেভেলগৰ বাবে তেওঁ টাইৱানৰ সৰ্বোচ্চ সাহিত্যিক সন্মান Golden Tripod Award লাভ কৰিছিল। আন্তৰ্জাতিক বুকাৰ বঁটাই তেওঁক বিশ্বমঞ্চত প্ৰতিষ্ঠিত কৰিলে।

Booker Prize Foundation-ক দিয়া এক সাক্ষাৎকাৰত তেওঁ নিজৰ লেখাৰ অনুপ্ৰেৰণাৰ বিষয়ে ব্যাখ্যা দিয়ে। কোৰিয়া আৰু টাইৱান — দুয়োখন দেশেই এসময়ত জাপানী সাম্ৰাজ্যৰ উপনিবেশ আছিল। কিন্তু সেই ইতিহাসৰ প্ৰতি দুই দেশৰ মনোভাৱ ভিন্ন। তেওঁৰ ভাষাত:

“কোৰিয়ানসকলে সেই ইতিহাসৰ প্ৰতি প্ৰায় একে ধৰণৰ ক্ষোভ অনুভৱ কৰে, আনহাতে টাইৱানীসকলৰ মনোভাৱত বিতৃষ্ণা আৰু নষ্টালজিয়াৰ এক জটিল মিশ্ৰণ দেখা যায়।”

এই জটিলতাকে তেওঁ তেওঁৰ উপন্যাসত অন্বেষণ কৰিব বিচাৰিছে — ইতিহাসক কেৱল “ভাল বনাম বেয়া”ৰ সৰলীকৃত দৃষ্টিভংগীৰে নহয়, বৰং সাধাৰণ মানুহৰ প্ৰকৃত অভিজ্ঞতাৰ মাজেৰে বুজিবলৈ। তেওঁৰ উপন্যাসখনে বুজাবলৈ চেষ্টা কৰিছে যে ইতিহাস কেতিয়াও সৰল নহয়, মানুহ বৈপৰীত্যেৰে গঠিত, আৰু মানসিক সত্য সদায় ৰাজনৈতিক বৰ্ণনাত খাপ নাখায়।

লিন কিঙে কৰা ইংৰাজী অনুবাদ হৈছে ইয়াং শ্বুৱাং-জি-ৰ ৰচনাৰ প্ৰথম ইংৰাজী অনুবাদ। এই অনুবাদ গ্ৰন্থই ইতিমধ্যে ২০২৪ চনত অনুদিত সাহিত্যৰ ৰাষ্ট্ৰীয় বঁটা (National Book Award for Translated Literature) আৰু Baifang Schell Book Prize লাভ কৰিছে। লিন কিং নিজেও এগৰাকী স্বীকৃতিপ্ৰাপ্ত লেখিকা — তেওঁ PEN/Dau Short Story Prize for Emerging Writers বঁটা লাভ কৰিছে আৰু তেওঁৰ নিজৰ প্ৰথম উপন্যাস Weeb শীঘ্ৰে প্ৰকাশ পাব।

আন্তৰ্জাতিক বুকাৰ জয়ৰ পিছত লিন কিঙে জনাইছে যে তেওঁ এনে ঐতিহাসিক কাহিনী অপছন্দ কৰে য’ত চৰিত্ৰসমূহ কেৱল যন্ত্ৰণা আৰু আঘাতৰ প্ৰতীকহে হৈ ৰয়। তেওঁৰ মতে, অন্ধকাৰ ৰাজনৈতিক সময়তো মানুহে প্ৰেম কৰিছিল, হাঁহিছিল, চিনেমা চাইছিল, বন্ধুৰ সৈতে তৰ্ক কৰিছিল, সুস্বাদু আহাৰ খাইছিল। টাইৱান ট্ৰেভেলগে ঠিক সেই সত্যটোকেই অকপটে প্ৰতিফলিত কৰিছে।

উপসংহাৰ

টাইৱান ট্ৰেভেলগৰ আন্তৰ্জাতিক বুকাৰ বঁটা বিজয় কেৱল এখন উৎকৃষ্ট উপন্যাসৰ স্বীকৃতি নহয় — ই একাধিক কাৰণত গুৰুত্বপূৰ্ণ। প্ৰথমতে, টাইৱানী সাহিত্যই সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এনে ধৰণৰ দৃশ্যমানতা লাভ কৰাৰ সুযোগ কমকৈ পায়। ইংৰাজী প্ৰকাশন জগতত অনূদিত সাহিত্য আজিও মুঠ প্ৰকাশনৰ এক সৰু অংশমাত্ৰ। সেই পৰিপ্ৰেক্ষিতত মেণ্ডাৰিন ভাষাৰ এখন টাইৱানী উপন্যাসে বিশ্বৰ অন্যতম মর্যাদাপূৰ্ণ সাহিত্য বঁটা জয় কৰাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ। বহু পাঠকৰ বাবে এইটো কেৱল এখন ভাল গ্ৰন্থৰ সন্ধান নহয় — এয়া এক সাহিত্যিক পৰম্পৰাৰ আৱিষ্কাৰ, যি পৰম্পৰা এতিয়ালৈকে মূলধাৰাৰ আন্তৰ্জাতিক মনোযোগৰ বাহিৰত আছিল। দ্বিতীয়তে, এই বিজয়ে আন্তৰ্জাতিক বুকাৰ বঁটাৰ ভৌগোলিক আৰু ভাষিক বিস্তৃতিৰ এক নতুন অধ্যায় ৰচনা কৰিলে। এই বছৰ চূড়ান্ত তালিকাত স্থান লাভ কৰা ছয়খন গ্ৰন্থই পাঁচটা ভিন্ন ভাষাৰ প্ৰতিনিধিত্ব কৰিছে, যিয়ে এই বঁটাৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতি থকা দৃঢ় প্ৰতিশ্ৰুতি সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *