ঐতিহ্য আৰু সংস্কৃতিৰ ৰূপান্তৰ : ভূপেন হাজৰিকাৰ চিন্তাৰ আঁত ধৰি ।। পৰমানন্দ মজুমদাৰ
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
ঐতিহ্যৰ সৈতে সংস্কৃতিৰ সম্বন্ধ কি? ঐতিহ্যক নেওচা দি আমি সংস্কৃতিৰ গতিমুখ নিৰ্মাণ কৰিব পাৰোঁনে? বৰ্তমানক গতিশীল কৰাত অথবা ভৱিষ্যতৰ পথ নিৰ্মাণত ঐতিহ্যৰ ভূমিকা আছেনে? আকৌ মনলৈ আহে—ঐতিহ্যক হুবহু আমি লগত লৈ ফুৰিম নে, নে তাৰ পৰা শিক্ষা লৈহে আগবাঢ়িম? নে ঐতিহ্য এটা আহুকলীয়া কথা?
ভূপেন হাজৰিকাৰ কথা লিখিবলৈ গৈ এনেবোৰ কথা মনলৈ আহিছে, কিয়নো তেওঁৰ চিন্তাত এইবোৰ কথাই প্ৰায়ে ভুমুকি মাৰিছিল। তেওঁৰ গানত, তেওঁৰ গদ্যত, তেওঁৰ চিনেমাত তাৰ প্ৰতিফলন ঘটিছে। জ্যোতিপ্ৰসাদ আগৰৱালাই ঐতিহ্যৰ সত্যখিনিক লৈহে সংস্কৃতিৰ ৰূপান্তৰৰ কথা ভাবিছিল। অৰ্থাৎ তেওঁ বুজাব খুজিছিল ঐতিহ্যৰ সকলো কথা উপকাৰী নহ’ব পাৰে, তাক চালি জাৰিহে সঁচাখিনি, প্ৰয়োজনখিনি আমি ল’ব লাগে বৰ্তমানক উজ্জীৱিত কৰিবলৈ আৰু ভৱিষ্যতৰ বাট কাটিবলৈ। হেমাংগ বিশ্বাসে সেয়ে অতীতৰ গ্ৰহণ-বৰ্জনৰ প্ৰশ্নটো জৰুৰী বুলি ভাবিছিল। কিন্তু তেওঁৰ দুখ আছিল এটাই যে আমি যি বৰ্জন কৰিব লাগিছিল তাক গ্ৰহণ কৰিছোঁ আৰু আমি যি গ্ৰহণ কৰিব লাগিছিল তাক বৰ্জন কৰিছোঁ। আনহাতে জ্যোতিপ্ৰসাদে কোৱা ঐতিহ্যৰ সত্যক আমি লোৱা নাই, লৈছোঁ অসত্যকহে। আজি দেশত মধ্যযুগীয় সংস্কৃতিৰ পয়োভৰ হ’ব লাগিছে। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰাদুৰ্ভাৱে সমাজখনক আবৰি ধৰিব লাগিছে। এয়া আছিল ঐতিহ্যৰ বৰ্জনীয় অংশহে। ‘অমৃত কলহ যাত্ৰা’, ৰথযাত্ৰা আদিৰ বিশাল আয়োজনে কি সূচায়? আমি ক’লৈ যাব বিচাৰিছোঁ?
ভূপেন হাজৰিকাই গাইছিল—
শংকৰে যুঁজিলে সুৰেৰে বৈৰী
নিশাচৰ যতমানে পলালে লৱৰি…
শংকৰদেৱ আমাৰ ঐতিহ্য। এই ঐতিহ্যৰ সত্য এইটোৱে তেওঁ যুঁজখন কৰিছিল দুষ্কৃতিৰ বিৰুদ্ধে সমাজখনক সংহত কৰিবলৈ, সেইটোহে আমি ল’ব লাগে! জ্যোতিপ্ৰসাদেও শংকৰদেৱৰ বৈপ্লৱিক ভূমিকাকহে অনুসৰণ কৰাৰ পক্ষপাতী আছিল। আজিৰ যুগত তেওঁৰ ধৰ্মক আগ কৰিলে বাস্তৱ সন্মত কেনেকৈ হ’ব? তেওঁৰ সৃষ্টিখিনিৰ যথাযথ মূল্যায়ন কৰি আজিৰ যুগত সিঁচি দিব পাৰিব লাগিব। মাজুলীত বছৰি বানপানীয়ে মথাউৰি ভাঙি যি তাণ্ডব সৃষ্টি কৰি ক্ষতি কৰে তাৰ কথা উল্লেখ কৰি ভূপেন হাজৰিকাই এখন ৰচনাত লিখিছে যে তাতকৈ ডাঙৰ কথা হৈছে সময়ৰ নদীখন আৰু বেছি বেগী আৰু বেছি নিষ্ঠুৰ। সত্ৰসমূহক যাতে এই সময়ৰ নদীয়ে মহতিয়াই নিব নোৱাৰে তাৰ বাবে মথাউৰি সজা হ’ব সেইদিনা যিদিনা অসমৰ গোটেই কেইখন সত্ৰক শিক্ষাবিভাগে প্ৰচলিত নৃত্যগীত ভাৱনাৰ জীৱন্ত শিক্ষালয় বুলি মানি কাৰ্যত আগুৱাব। সত্ৰৰ শিল্পীয়ে তেতিয়া সত্ৰত থাকি ঘৰৰ আৰু বাহিৰৰ নতুন ছাত্ৰ এচামক শিক্ষাদান কৰিব পাৰিব। ভূপেন হাজৰিকাই কৈছে যে “যিখিনি আমাৰ আছিল, যিখিনি সময়ৰ ধুমুহাক নেওচিও আজিলৈকে বাচি আছে সেইখিনিকে ৰখা আমাৰ জৰুৰী সমস্যা বুলি আমাৰ বিশ্বাস।”( ‘সুন্দৰৰ ন দিগন্ত’,১৯৬৭,পৃ,৭৪)।
কিন্তু কেনেকৈ? যি যেনেকৈ আছে তেনেকৈয়েনে? ঐতিহ্যৰ সংস্কাৰৰ জানো প্ৰয়োজন নহ’ব? ভূপেন হাজৰিকা আছিল সেই সংস্কাৰৰ পক্ষত—নহ’লে সি যে আওপুৰণি হৈ নাইকীয়া হ’ব সেই কথা তেওঁ মনে প্ৰাণে বিশ্বাস কৰিছিল। তেওঁ কৈছে, অসমীয়া শাস্ত্ৰীয় সত্ৰীয়া সংগীতৰ ব্যাকৰণ সৰল নহয়। সেয়ে তাৰ শিক্ষাৰ আৰু সাধনাৰ বাবে বৈজ্ঞানিক শিক্ষা পদ্ধতিত ভেটি কৰা শিক্ষালয়ৰ প্ৰয়োজন। পলম কৰিলে বিপদ হ’ব। তেওঁ ইয়াকো কৈছে, “বৰ ঘৰৰ জপাৰ কাঠি এবাৰ হেৰালে বিচাৰি পোৱা টান হ’ব।”(পূৰ্বোক্ত)
যোৱা শতিকাৰ সত্তৰৰ দশকতে লিখা এখন ৰচনাত তেওঁ এই বিষয়ে বহলাই আলোচনা কৰিছিল। তেওঁ লিখিছিল,আজিৰ অসমীয়াই প্ৰচলিত ‘ভাওনা’ ঠিক পুৰণিভাৱে গ্ৰহণ কৰিবলৈ টান পোৱাৰ মূলতে আছে যন্ত্ৰজীৱনৰ ব্যস্ততা আৰু পৰিৱৰ্তিত আমোদ জ্ঞান। পুৰণি ভাওনাক আজিৰ মানুহৰ সমুখত দাঙি ধৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছিল—
(১) দৈৰ্ঘ্যৰ হ্ৰাস, (২) ৰুচি সম্পন্ন বেশ ভূষা আৰু ৰূপ সজ্জা, (৩) পুৰণি প্ৰতীকধৰ্মী মঞ্চ সজ্জা আৰু (৪) সুচিন্তিত সম্পাদনা আৰু পৰিৱেশনা।
তেওঁ অৱশ্যে এইটো কোৱা নাছিল যে পুৰণি ভাওনা এখনত ন ভাষা সুমুৱাওক, ন সুৰ সংযোজনা কৰক বা তথাকথিত আধুনিক থিয়েট্ৰিকেলিটি সুমুৱাওক। তেওঁ বিশ্বাস কৰিছিল, পুৰণি সৌন্দৰ্য ৰাখিয়েই নকৈ, চুটিকৈ ভাওনা পৰিবেশন কৰিব পাৰি।
বহুতেই হয়তো ভূপেন হাজৰিকাৰ এই দৃষ্টিভংগীক সত্ৰবিৰোধী অথবা ভাওনাৰ প্ৰতি অসন্মান বুলি ভাবিব পাৰে বা ভাবিছিল। কিন্তু এয়া ঐতিহ্যৰ প্ৰতি প্ৰকৃত সন্মানহে। ঐতিহ্যক ধুই পোখালি ল’লেহে ঐতিহ্যই বৰ্তমানক গতিময় কৰিব আৰু ভৱিষ্যতকো সমৃদ্ধিৰ বাটেৰে লৈ যাব। ৰূপান্তৰৰ মাজেৰেহে সি বিকশিত হৈ উঠিব।
ভূপেন হাজৰিকাই নিজৰ স্থিতি প্ৰতিপন্ন কৰিবলৈ উদাহৰণ দিছিল বংগৰ, উদাহৰণ দিছিল জেকোশ্লেভেকিয়াৰ, উদাহৰণ দিছিল জাপানৰ। বংগত যাত্ৰাসমূহ ধুনীয়াকৈ আজিৰ লোকৰ বাবে পৰিৱেশন কৰা হৈছে। জেকোশ্লেভেকিয়াৰ ‘পাপেট’ থিয়েটাৰ, জাপানৰ ‘কাবুকী’ থিয়েটাৰ আজিৰ দিনত নতুনভাৱে পৰিৱেশন কৰি পৃথিৱীৰ নাটঘৰ তোলপাৰ লগোৱাৰ কথা তেওঁ উল্লেখ কৰিছে।
শংকৰী সংস্কৃতিৰ প্ৰতি ভূপেন হাজৰিকাৰ দৈআছিল অগাধ সন্মান। সেয়ে তেওঁ প্ৰশ্ন কৰিছিল: “শংকৰী পদ্ধতিত নৃত্য গীতৰ চৰ্চা কৰি অহা লোকসকলক গুৰু ৰূপে লৈয়েই গ্ৰাম্য, প্ৰাকৃতিক, সুস্থ পৰিবেশতে এনে এটা শংকৰী শান্তি নিকেতন হ’ব নোৱাৰে জানো?” তাতে যোগ দি তেওঁ এইবুলিও কৈছিল, “আজি আমি পূৰ্ণ কণ্ঠেৰে ক’ব পাৰোঁ এনে এখন শংকৰী সংগীত নৃত্য নিকেতনলৈ অকল আমাৰ উঠি অহা শিল্পীচামেই শিক্ষা লাভ কৰিবলৈ যাব এনে নহয়, মাদ্ৰাজ, টাঞ্জোৰ, মণিপুৰৰ গুৰুসকলৰ ওচৰলৈ লৱৰি যোৱাৰ দৰে ভাৰতৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ দলে দলে আহিব।”(পূৰ্বোক্ত,পৃ,৭৩)
ভূপেন হাজৰিকাই নিজকে দুটা সময়ৰ সন্ধিক্ষণৰ শিল্পী বুলি ভাবি ভাল পাইছিল। অতীতৰ আৰু আনটো অনাগত ভৱিষ্যতৰ মাজৰ সন্ধিক্ষণৰ। সেয়ে কৈছিল, “অতীতৰ কোনো কোনো বিশ্বাস বা অন্ধবিশ্বাসে আমাৰ গতিক অলপ ৰুদ্ধ কৰে আজিও; অতীতৰ কোনো কোনো বৈজ্ঞানিক বিশ্বাসে আমাক যুক্তিপূৰ্ণ কৰে আজিও। পৃথিবীৰ আন আন শিল্পীৰ দৰে আমিও আজি অতীতৰ সহস্ৰ বছৰৰ মূল্যবোধ আৰু ভবিষ্যতৰ সহস্ৰ বছৰৰ মূল্যবোধৰ সন্ধিস্থলত থিয় হোৱা নাই জানো?” ( পূৰ্বোক্ত,পৃ,৭২)
এই দৃষ্টিভংগীৰেই ভূপেন হাজৰিকাই অতীতক চাইছিল আৰু ভৱিষ্যতলৈ চকু থৈছিল। সংস্কৃতি তেওঁৰ মতে এটি জীৱন দৃষ্টি। জীৱন হ’ল মাথো কেইটামান মুহূৰ্ত, কেইটামান প্ৰহৰ! তেওঁ কৈছে, “…কি বিশাল অনি:শেষ সৌন্দৰ্যৰ মাজেৰে সেই মুহূৰ্ত সেই প্ৰহৰ আহিছে ৰূপৰ মাজেৰে, মাধুৰ্যৰ মাজেৰে সিঁহতে যেন চিৰস্মৰণীয় হ’বলৈ ক্ষুধাৰ হাত পাতি আছে। সেই মুহূৰ্ত হয়তো শেষ হৈ যায়, কিন্তু মাধুৰ্যৰতো শেষ নাই। সেই মুহূৰ্তক—-নাট্যকাৰে নাটকেৰে, চিত্ৰকৰে তুলিকাৰে, গীতিকাৰে গীতেৰে ,নৃত্যবিদে নৃত্যমুদ্ৰাৰে, কবিয়ে কবিতাৰে চিৰদিনৰ বাবে সৃষ্টিত বন্দী কৰি ৰাখে। সেয়েই হয় সংস্কৃতি।”(পূৰ্বোক্ত,পৃ৭৮)
এই সংস্কৃতি জীৱনৰ যাত্ৰাৰ সৌন্দৰ্যৰ পৰা পোৱা,যি চিৰপ্ৰৱহমান ।এয়া সাঁচিপাতৰ পৰা পোৱা—চিফুং বাঁহীৰ সুৰত গঢ় লোৱা। ৰংঘৰৰ পৰা পোৱা আৰু বিজ্ঞানৰ জোৱাৰৰ পৰা সৃষ্টি হোৱা—
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাবটিব মহান মানৱতাক
বিজ্ঞানে আনিব জোৱাৰ।
মহান মানৱতাক সমাজত প্ৰতিষ্ঠা কৰাই সংস্কৃতিৰ অৰ্থ। সঁচা আধুনিক গীতিকাৰে জীৱনৰ বাটৰ দাঁতিত থিয় হৈ চিৰপ্ৰৱহমান সামূহিক বা ব্যক্তিগত মানৱ গতিক নিৰীক্ষণ কৰি গীতেৰে প্ৰকাশ কৰে। পিচে আজিৰ গীতিকাৰে ভাবে,বাটৰ দাঁতিত অকল থিয় নহৈ মাজে মাজে জীৱনৰ বাটৰুৱাৰ লগ হৈ লৱৰি ধাৱমান কথিকা বা running commentaryও কৰি চাব লাগিব।কাৰণ সঁচা আধুনিক গীত সৃষ্টিয়ে মানৱতাক বিশ্বাস কৰে। জনজীৱনৰ প্ৰতীকৰূপে মানৱাত্মাক স্পৰ্শ কৰিব খোজে।
সংস্কৃতিৰ লক্ষ্য মানুহ,মাথো মানুহ। সকলো মানুহ একেই—দেশৰ পৰা দেশান্তৰলৈ যাৰ গতি। ‘সাগৰ সংগমত কতনা সাঁতুৰিলো’ বোলা আন এখন ৰচনাত তেওঁ লিখিছে—
“হাইড্ৰোজেন দুভাগ, অক্সিজেন এভাগ লৈ সকলো দেশতে পানীৰ সৃষ্টি হয়। নিউয়ৰ্ক, মস্কো বা পেৰিচ, হেলচিংকি, শিৱসাগৰ বা বেলজিয়াম যলৈকে গৈছোঁ—মানুহ—মানুহ। একে ধাতুৰে তৈয়াৰী। নিজৰ যিখিনি সুন্দৰ, যিখিনি উদাৰ, যিখিনি মহৎ সেইখিনিৰ বাবে সকলো গৌৰৱান্বিত। নিজৰ আৱৰ্জনাখিনিৰ বাবে যি সদায়েই দু:খিত লজ্জিত—আনৰ সৌন্দৰ্য আৰু মহত্বৰ প্ৰতি শ্ৰদ্ধাশীল। সেয়ে নহ’লে মানুহ জাতিৰ ভৱিষ্যতেই বা কি? ই যে সহ-অৱস্থানৰ যুগ, পঞ্চশীলৰ যুগ, গড আৰু ডেভিলৰ মাজৰ পৰা দানবীয়তা ত্যাগ কৰাৰ যুগ। শান্তি আৰু মানৱতাৰ সাগৰলৈ সকলো আগুৱাইছে। বাধা ক’ত—যি কয় মানুহ মুক্ত হ’ব নোৱাৰে।…”(পূৰ্বোক্ত,পৃ,৫)
সেয়ে তেওঁ গাইছিল—
ইতিহাসে চিঞৰে জয় জনতাৰে
ত্ৰাস এৰি দানৱক বধো গৈ আহ।
আৰু গাইছিল—
সঁচা সৰু মানুহ যদি
ৰঙা মদাৰ হয়
মদাৰৰে শিখা যদি
হাতে হাতে লয়
তেতিয়াহে সমাজ আকাশ জ্যোতিৰে ভৰিব
জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলে’।
তেওঁ কৈছিল, “আজিৰ সামাজিক মূল্যবোধৰ প্ৰভাৱ পৰা আৰ্টৰ ধাৰাত মানৱতাবোধৰ ৰ’দ পৰিছে। সেই বোধৰেই আজিৰ চিত্ৰকৰ, আজিৰ গীতিকাৰ, আজিৰ নাট্যকাৰ, আজিৰ বোলছবি নিৰ্মাতাই গণসংযোগৰ মাধ্যমসমূহৰে এনে এখন সমাজৰ ছবি আঁকক: যি ছবিয়ে অদূৰ ভৱিষ্যতে তেনে বিধৱা গাভৰুৰ কপালত ৰঙা অৰুণৰ ফোঁট আঁকি দিয়ে—যি ছবিয়ে সেই পোনাটিৰ হাতত পূজাৰ দিনা এটি বেলুন দি তাৰ মুখত হাঁহি বিৰিঙায়, যি ছবিয়ে সেই নিৰক্ষৰ খেতিয়কটিৰ বুকুত জ্ঞানৰ বিতচকু পিন্ধাই দিয়ে। সেই ফোঁটটি পোৱা গাভৰুৰ আনন্দখিনি, সেই বেলুন পোৱা পোনাৰ হাঁহিখিনি, জ্ঞান পোৱা খেতিয়কৰ আনন্দৰ নিশ্বাস খিনি সঁচা শিল্পীৰ বাবে জীৱনৰ বিদ্যুৎ নহয় জানো?…
মূমূৰ্ষূ মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ…।” (পূৰ্বোক্ত,পৃ,৯৪)
এই কিঞ্চিৎ বিদ্যুৎ দিব পাৰিলেহে শিল্পীৰ ঐতিহ্য অক্ষুণ্ণ থাকিব বুলি ভূপেন হাজৰিকাই স্পষ্টকৈ কৈছিল।আজি আমাৰ মাজত মুমূৰ্ষজনক জীৱনৰ বিদ্যুৎ দিবলৈ ওলোৱা শিল্পী ওলাইছে কিমান ?

