চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা (দ্বিতীয় অংশ) ।। মূল: বিশ্বনাথ ঘোষ :: অনুবাদ: কল্যাণী কোঁৱৰ
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
ভাৰতৰ নাভিস্থল (দ্বিতীয় অংশ)
দুপৰীয়া সময়ত নীলম হোটেলখন বিচাৰি মই ষ্টেচনৰফালে উভতি গ’লো। হোটেলখন ষ্টেচনটোৰ সন্মূখতে থাকিব লাগে। এতিয়ালৈকে মই হোটেলখনৰ সম্পৰ্কত গোটোৱা খবৰবোৰ আছিল এনেধৰণৰ- এইখন ষাঠি বছৰীয়া পুৰণি, স্থানীয় নেতা এজনৰদ্বাৰা পৰিচালিত, আৰু ইমানেই জনপ্রিয় যে এতিয়া ইয়াৰ শাখা বিলাসপুৰ, নাগপুৰ আৰু এলেহাবাদত আছে। হোটেলখন বিচাৰি উলিয়াব নোৱাৰাৰ কথাই নাছিল৷ ভিতৰতখন,পৰিস্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্রত বিশেষভাৱে যত্ন লোৱা আজিকালিৰ যিকোনো আধুনিক ৰেস্তোৰাঁৰ সৈতে একে আছিল। কেছ কাউন্টাৰত বহি থকা মানুহজন ফোনত ব্যস্ত আছিল। মই তেওঁৰ কথা শেষ হোৱালৈ অপেক্ষা কৰিলোঁ।
“দুজনৰ আহাৰ ? ঠিক আছে। ক’চ্ছ নাম্বাৰ? S-6? ঠিক আছে। ছিট নাম্বাৰ? 41 আৰু 42? ঠিক আছে। অনুগ্রহ কৰি নিজৰ ছিটতে থাকিব। খাদ্য আপোনাৰ ওচৰলৈ পঠাই দিয়া হ’ব।”
ফোনটো বাজি থাকিল। ফোন কৰাসকল ইটাৰ্ছী ষ্টেচনৰ ওচৰ পোৱাহি বিভিন্ন ৰেলগাড়ীৰ যাত্রী আছিল। তেওঁলোক নিয়মীয়া গ্রাহক যেন লাগিছিল, যিসকলে দুপৰীয়া ৰে’লৱেৰ আহাৰতকৈ নীলম হোটেলৰ আহাৰ বেছি পছন্দ কৰে নহ’লেবা হয়তো তেওঁলোকে ৰেলত ‘হোম ডেলিভাৰী’ দিয়া বিকল্পটো ব্যৱহাৰ কৰি বেছি ভাল পাইছিল। অৱশেষত যেতিয়া মানুহজনৰ দৃষ্টি মোৰ ওপৰত পৰিল, তেওঁক ক’লো যে মই হোটেলৰ মালিকক লগ পাব খোজোঁ। তেওঁ মোক হোটেলৰ কাম কাজৰ তদাৰক কৰা এজন স্মার্ট সাজ-পোছাক পিন্ধা যুৱকৰ ফালে আঙুলিয়াই দিলে। মই তেওঁৰ ওচৰলৈ গৈ নিজৰ পৰিচয়টো দিলোঁ।
“মই মালিকৰ এটা সাক্ষাৎকাৰ ল’ব বিচাৰো” মই কলোঁ।
“মোৰ নাম ৰাজেশ। আপুনি মোক যি মন যায় সুধিব পাৰে। মই মালিকৰে মানুহ।” উত্তৰটো দি তেওঁ মোক এখন টেবুল দেখুৱাই দিলে।
“আপুনি দুপৰীয়া আহাৰ খালে নে?” সি মোক সুধিলে।
মই নাই খোৱা বুলি কোৱাৰ লগে লগেই সি পৰিচাৰক এজনক মোৰ কাৰণে সম্পূৰ্ণ খাদ্য আনিবলৈ আদেশ দিলে। এইটো স্পষ্ট আছিল যে এই যুৱকজনে হোটেলখন পৰিচালনা কৰে, কিন্তু মই বিচাৰি ফুৰা কাহিনীটো তেওঁ মোক দিয়াৰ সম্ভাৱনা নাছিল। সম্ভৱতঃ দুখীয়াৰ পৰা ধনী হোৱাৰ এটি যাত্রাৰ কাহিনী, য’ত এজন মানুহে এখন সামান্য মিঠাই দোকান খুলিলে আৰু যিখন কেই দশকৰ ভিতৰতে এটা ব্ৰেণ্ড নাম হৈ পৰে। কিন্তু নীলমৰ ব্ৰেণ্ড মেনেজাৰৰ মৌখিক পাৱাৰ পইন্ট প্রেজেণ্টেচন সহ্য কৰাৰ বাহিৰে মোৰ আন উপায় নাছিল।
ৰাজেশে ক’লে, “আমি ষাঠি বছৰ ধৰি আছোঁ। এই দোকানখন মিঠাই আৰু নিমখীয়া মুখৰোচকৰ বাবে বিখ্যাত। আজিকালি ইয়াৰ খাদ্যও অত্যন্ত জনপ্ৰিয় হৈ পৰিছে আৰু সেইয়া হৈ উঠাৰ কাৰণটো হ’ল যে আমি গুণগত মানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিওঁ। এইটো এনেয়ে হোৱা নাই যে আমি আই এছ অ’ ৯০০১-২০০০ প্ৰমাণপত্ৰ পাইছোঁ।” মই তেওঁক ইটাৰ্ছীৰ বিষয়ে তেওঁৰ আটাইতকৈ ভাল লগা দিশটোৰ বিষয়ে সুধিলোঁ। এপলক চিন্তা নকৰাকৈ সি উত্তৰ দিলে, “সস্তা- কম খৰচী জীৱন। দেশৰ আন ক’তো আপুনি ইমান সস্তাত বস্তু নাপাব। মোৰ হতুৱাই কথাষাৰ লিখি ৰাখিব পাৰে৷”
কিন্তু কিবা এটা আছিল যিয়ে তেওঁক অসুখী কৰি তুলিছিল। দুৰণিবটীয়া অধিকাংশ ৰেল ইটাৰ্ছীত ৰোৱাটো বন্ধ কৰি দিছিল। তেওঁৰ মতে, ইয়াৰ ফলত মূলত: ৰেলযাত্ৰীৰ চলাচলৰ বাবে লাভবান হোৱা এখন চহৰৰ অৰ্থনীতিত গভীৰ প্রভাৱ পেলাইছিল। বছৰ বছৰ ধৰি ইটাৰ্ছী আৰু মোগলছৰাইৰ দৰে জংছনবোৰে ৰেল তথা যাত্ৰীসকলৰ বাবে ৰিফ্ৰেছমেন্ট ৰূমৰ দৰে কাম কৰিছিল। ইঞ্জিন সলনি কৰা, ডবা পৰিস্কাৰ কৰা, পানী ভৰোৱা, প্রয়োজন হ’লে মেৰামতিৰ কাম কৰা। আনহাতে যাত্ৰীসকলে দীঘলীয়া একঘেয়ামি যাত্ৰাৰ পৰা বিৰতি পায় আৰু কিছু সময়ৰ বাবে ষ্টেচনটোৰ অস্থায়ী নাগৰিক হৈ পৰে। এইদৰে ষ্টেচনটোক আগুৰি থকা চহৰখনৰ অৰ্থনীতিত অৰিহণা যোগায়। কিন্তু একবিংশ শতিকাত বেছিভাগ দূৰণিবটীয়া ৰেলগাড়ী স্বাৱলম্বী, ভ্রাম্যমাণ চহৰলৈ ৰূপান্তৰিত হৈছে যিয়ে আপোনাক যাত্ৰাকালত প্ৰয়োজন হ’ব পৰা সকলোখিনি যোগান ধৰিছে- পানীৰ পৰা আৰম্ভ কৰি কোৱাৰ লগে লগে সতেজকৈ প্ৰস্তুত কৰি দিয়া জলপানলৈকে। আপুনি আপোনাৰ লেপটপ বা ফোন চার্জ কৰিবলৈ চকেটলৈকে পাব। তেনেহ’লে মাত্র দেৰ লাখ মানুহৰ জনসংখ্যা থকা ইটার্ছীত কিয় ৰেলবোৰ ৰয়, য’ত এই দূৰণিবটীয়া ৰেলবোৰত কোনোৱেই নুঠে আৰু যিখন চহৰ যাত্ৰীৰ বাবে খুব কমেইহে গন্তব্যস্থল হয়?
ৰে’লৱেক এতিয়া এই জংছনবোৰৰ প্রয়োজন নাই যদিও ইয়াৰ চাৰিওফালে গঢ় লৈ উঠা চহৰবোৰক ৰেলৱেৰ প্রয়োজন আছে। চহৰবোৰক ক্ৰমান্বয়ে নতুন চুপাৰফাষ্ট ৰেলৰ দ্বাৰা পোনপটীয়াকৈ সংযোগ স্থাপন কৰাৰ লগে লগে এসময়ৰ এই শক্তিশালী জংছনবোৰ ৰে’লৱেৰ ৰোমান্সৰ ব্যর্থ প্ৰেমিকৰ দৰে হৈ পৰিল, যাৰ স্মৃতিৰ বাহিৰে জীয়াই থকাৰ আন কোনো উপায় নাছিল।
“আনকি তামিলনাডু এক্সপ্ৰেছখনৰো ইটাৰ্ছিত ৰখোৱাটো বন্ধ কৰি দিছিল। কিন্তু যোৱাবছৰ সুৰেশ পাচৌৰি (এখেত মধ্য প্ৰদেশৰ পৰা যোৱা এজন কেন্দ্রীয় মন্ত্রী) ৰ কৃপাত এইখন ৰেল পুনৰ ইটাৰ্ছীত ৰৈছিল।” ৰাজেশে মোক ক’লে।
যেতিয়া আমি কথা পাতি আছিলো, সেই সময়তে মই কাঁচৰ পাৰ্টিছনখনৰ সিপাৰে থকা টেবুলখনত বগা, শকত-আৱত এজন লোক বহি থকা দেখিলোঁ। মানুহজনৰ বয়স চল্লিশ-বিৰাল্লিছ মান হ’ব, এসময়ত হয়তো মহিলাসকলে তেওঁক ধুনীয়া দেখিছিল। ৰাজেশৰ চকু মানুহজনৰ ওপৰত পৰাৰ লগে লগে থিয় হৈ ক’বলৈ ধৰিলে, “আপুনি কেতিয়া আহিল? মই গমেই নাপাওঁ, আপুনি কেতিয়া আহি পালে। যিয়েই নহওক, আপুনি সঠিক সময়ত আহিছে। মোৰ লগত আন এজন সাংবাদিক আছে। তেখেতৰ নাম……. মোৰ বিজনেছ কাৰ্ডখন চাই সি মোৰ নামটো পঢ়িলে। মোৰ নাম শুনি মানুহজন জপিয়াই উঠি কাঁচৰ পাৰ্টিছনৰ ওপৰেৰে হাতখন আগবঢ়াই দিলে। “কি কাকতালীয় সংযোগ! মই অমনদীপ বাট্ৰা।” তেওঁ অতি আনন্দিত হৈ ক’লে। তেওঁ আমাৰ টেবুলৰ ওচৰলৈ আহিল আৰু আমি সৰু-সুৰা ইটো-সিটো কথা পাতিবলৈ ল’লো। মই ৰেষ্ট হাউছত পোৱা পানীৰ অসুবিধাৰ কথা ক’লো আৰু মোৰ বাবে এখন ভাল হোটেল পাম নেকি সুধিলোঁ।
“চিন্তা কৰিব নালাগে। মই আপোনাৰ কাৰণে সকলো ব্যৱস্থা কৰি দিম। আপুনি কেতিয়া যাব বিচাৰে?”
“মই এতিয়াই আপোনাক অসুবিধা দিব খোজা নাই। কিন্তু আজি সন্ধিয়ালৈ হ’ব পাৰে নে ?”
“হৈ গ’ল বুলিয়েই ধৰক।”
আমি আকৌ কৰমৰ্দন কৰিলোঁ আৰু তেওঁ গুচি গ’ল। দুপৰীয়া ভাত খোৱাৰ পাছত হোটেলৰ বাহিৰত থিয় হৈ মই চিগাৰেট এটা খালোঁ। সেই সময়তে মোৰ চকু ওচৰতে থকা ধৰ্মশালাখনৰ ওপৰত পৰিল। বাহিৰৰ পৰা দেখিয়েই বুজিব পাৰি যে ই ইতিহাসৰ এটা টুকুৰা। এসময়ৰ এটা আটক ধুনীয়া অট্টালিকা, যিটো পৰিৱৰ্তিত সময় আৰু ৰুচিবোধৰ বাবে অৱহেলাৰ বলি হৈ পৰিছিল। আজিকালি কোনোৱে ধৰ্মশালাত থাকিবলৈ মন নকৰে, যদিহে সি অতি দুখীয়া বা একেবাৰে কৃপণ নহয়৷ কিন্তু ভাৰতত দুয়োটাৰে কেতিয়াও অভাৱ নহয়। সেইটো বিবেচনা কৰিয়েই ধৰ্মশালাবোৰে ব্যৱসায় চলাই থাকে, বিশেষকৈ হিন্দু তীৰ্থস্থান থকা চহৰবোৰত৷ এই সকলোবোৰ সমৃদ্ধিশালী হিন্দু ব্যৱসায়ীয়ে নিৰ্মাণ কৰিছিল, কেতিয়াবা বিশুদ্ধ সমাজসেৱাৰ ভাৱনাত, কেতিয়াবা আত্মা শুদ্ধিকৰণৰ বাবে, আৰু কেতিয়াবা নিজৰ পূৰ্বপুৰুষক আৰু সেই সুযোগতে নিজকে অমৰ কৰাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰে। যিয়েই নহওঁক, তেওঁলোকে ভ্ৰমণৰ সময়ত নিজৰ সমাজৰ সদস্যক থাকিবলৈ সুলভ মূল্যৰ ঠাই প্রদান কৰিছিল, বিশেষকৈ সেই সময়ত যি সময়ত হোটেল নাছিল।
নীলম হোটেলখনৰ কাষৰ এই ধর্মশালাখনৰ অৱস্থাটো মই কল্পনা কৰা ধৰণে অৱহেলিত অৱস্থাত নাছিল৷ আচলতে, ইয়াৰ নিবাসীৰ হাৰ ১০০% যেন লাগিছিল, অন্ততঃ পত্নী আৰু সন্তানৰ সৈতে কোঠা বিচাৰি অহা এজন মানুহক ৰিচেপচনিষ্ট জনে যিধৰণে দাবি দিছিল, তাৰ পৰাই ভাবিব পাৰি৷
“কৈছোঁ নহয় কোঠা খালি নাই বুলি,” সি চিঞৰিলে।
“অনুগ্রহ কৰি কিবা এটা কৰক।” মানুহজনে বিনয়েৰে ক’লে। মানুহজন আৰু পৰিয়ালৰ চেহেৰা পাতিত তেওঁলোক দৰিদ্র সীমাৰেখাৰ তলৰ যেন লাগিছিল।
“মই কি কৰিম? কোঠা এটা নিৰ্মাণ কৰি দিম নেকি?” ৰিচেপচনিষ্টটো গুজৰি উঠিল।
এইটো কোৱাটো মস্কিল যে দুখীয়া মানুহজনক সঁচাকৈয়ে ধর্মশালাত কোনো কোঠা খালি নথকাৰ বাবে খেদি পঠোৱা হৈছিল নে দুখীয়া হোৱাৰ কাৰণে। তাতকৈও ডাঙৰ কথাটো হ’ল- তেওঁক দুখীয়াৰ দৰে দেখা গৈছিল আৰু টকা আদায় কৰিব নোৱাৰিব বুলি ভাবি কোঠা দিয়া নাছিল। যি কাৰণেই নহঁওক, মহাত্মা গান্ধীয়ে ৰিচেপচনিষ্টটোৰ এনে আচৰণক অনুমোদন নজনালেহেঁতেন। কিন্তু মহাত্মা গান্ধীয়ে ১৯৩৩ চনৰ কোনোবা এৰাতি এইখন ধৰ্মশালাত কটোৱাৰ দশক জুৰা পাছত এই ৰিচেপচনিষ্টটোৱে তাত যোগদান কৰিছিল। এই ঘৰটোৰ এটা ইতিহাস আছে। মই থিয় হৈ থকা ঠাইখনত মাথোঁ গান্ধীজীৰ অদৃশ্য ভৰিৰ ছাপেই নহয়, জৱাহৰলাল নেহৰু আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ ভৰিৰ ছাপো আছে। মধ্যপ্ৰদেশ চৰকাৰে প্রকাশ কৰা এখন প্ৰচাৰ পত্ৰিকাত তাৰ উল্লেখ আছে, যিখন ৰিচেপচনিষ্টটোৱে মোৰ সুবিধাৰ বাবে ক’ৰবাৰ পৰা বিচাৰি আনি দিছিল।
চাৰি পৃষ্ঠাৰ সেই প্রচাৰ পত্ৰিকাখনত ধৰ্মশালাখনৰ সন্দৰ্ভত গান্ধী, নেহৰু আৰু ৰাজেন্দ্ৰ প্ৰসাদে দেৱনাগৰী লিপিত নিজ হাতে লিখা প্ৰশংসাসূচক মন্তব্য ছপা কৰা আছে। গান্ধীজীয়ে, তেখেতৰ প্রশংসা পত্ৰখনত ধৰ্মশালাখনৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰিছে তেওঁক আশ্রয় প্রদান কৰাৰ বাবে আৰু হৰিজন সকলকো আশ্ৰয় প্রদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। প্ৰচাৰ পত্ৰিকাখনত গান্ধীজীয়ে ধৰ্মশালাখনৰপৰা চৰ্দাৰ বল্লভভাই পেটেললৈ গুজৰাটী ভাষাত লিখা চিঠিখনৰ হিন্দী অনুবাদ ছপা কৰা হৈছে। সেই চিঠিখনৰ প্ৰকাশিত অংশ-
ইটাৰ্ছী
১ডিচেম্বৰ ১৯৩৩
ভাই শ্ৰী বল্লবভাই,
ৰাতিপুৱা তিনি বজাত ইটাৰ্ছীৰ এখন ধৰ্মশালাৰপৰা তোমালৈ এই পত্ৰখন লিখিছোঁ। মীৰা বেন মুখ ধুবলৈ গৈছে। ইয়াৰ পাছত প্রার্থনা হ’ব। তাৰ ঠিক পাছতে আমি ৰেলেৰে কাৰেলীলৈ যাব লাগিব আৰু তাৰপৰা অনন্তপুৰলৈ যাম। কালি আমি বেতুলত আছিলোঁ আৰু তাৰপৰা ৰেলত উঠি ইটাৰ্ছীলৈ আহিলোঁ, য’ত এই ধৰ্মশালাটোত আমি ৰাতি জিৰালো।
তোমাৰ চিঠিখন পাইছো। ‘টাইমছ অব ইণ্ডিয়া’ ত যি লিখা হৈছে তাৰ বিৰুদ্ধে কিমান দিন প্রতিবাদ কৰি থাকিব পাৰিবা? তথাপি মই যি উচিত বুলি ভাবোঁ তাকেই কৰি যাম। আজিকালি বাতৰিকাকত পঢ়িবলৈ প্রায়েই নাপাওঁ। মই অনুভৱ কৰোঁ যে আমি হৰিজনৰ বাবে কৰা প্রতিটো কাম হৰিয়ে (ভগৱান) চাই আছে। লাখ লাখ মানুহক একত্ৰিত কৰা শক্তিয়ে এদিন অসত্যৰ পৰ্দাখন আঁতৰাব। গাফিলতি নকৰিলে আমি গংগা স্নান কৰিম।
মই জানোঁ তোমাৰ আত্মা সদায় মোৰ লগত আছে। কোনে জানে সিয়েই মোক ৰক্ষা কৰি থাকে? তোমাৰ হৃদয়খন মাতৃ প্ৰেমেৰে ভৰি আছে। য়েৰাভাড়াত মই সেইটো অনুভৱ কৰা নাছিলো নে? তোমাৰ এই গুণটো মাজে মাজে তোমাৰ চিঠিবোৰত প্ৰতিফলিত হয় আৰু এই গুণটো সৰ্বব্যাপী, যিটো মই দেখিছোঁ। তুমি আমাৰ সকলোৰে মংগলৰ বাবে সদায় চিন্তিত হোৱাটো কোনো আচৰিত কথা নহয়।
মোৰ কথা চিন্তা নকৰিবা। যি হৈ আছে, তাক লৈও চিন্তা নকৰিবা। এইয়া সকলো ভগৱানৰে কাম।
বৰ্তমান আমি ৰেলত। মই নিশ্চিত যে নাকৰ সমস্যাৰ বাবে যি চিকিৎসা লোৱাটো জৰুৰী তুমি অৱশ্যেই ল’বা………
১৯৩৭ চনত নাগপুৰলৈ যাওঁতে নেহৰুজী কেইঘন্টামানৰ কাৰণে ইয়াত ৰৈছিল। তেওঁৰ প্ৰশস্তি পত্ৰখন সৰু আৰু সুন্দৰ। তেওঁ আতিথ্য সৎকাৰৰ বাবে ধৰ্মশালাখনক ধন্যবাদেৰে উপচাই পেলাইছিল আৰু ঠিক সেইদৰে ৱাৰ্ধাৰ পৰা এলাহাবাদ যোৱাৰ পথত ইয়াত তিনিঘণ্টা সময় কটোৱা ৰাজেন্দ্ৰ প্ৰসাদেও ধন্যবাদ জনাইছিল।
মই ধৰ্মশালাখনৰ ভিতৰলৈ সোমাই চাব পাৰিম নেকি ৰেচেপচনিষ্টক সুধিলোঁ। তাৰ কোনো আপত্তি নাছিল। ধৰ্মশালাটো সহজেই ভাৰতীয় কোনো ৰাজপ্ৰসাদৰ দৰে হ’ব পাৰিলেহেঁতেন, কিন্তু গৰিমা-মহিমা ৰহিত। ইয়াৰ বেছিভাগ কোঠা বছৰ বছৰ ধৰি পুনৰ নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ বিশাল চৌহদৰ চাৰিওফালে থকা কেইটামান কোঠা গান্ধীজীয়ে ভ্ৰমণ কৰা সময়ত যিদৰে আছিল, তেনেদৰেই আছে। ১৯৩৩ চনৰ ৩০ নৱেম্বৰৰ নিশাটো এই কোঠাবোৰৰ ভিতৰত কোনটো কোঠাত মহাত্মা গান্ধীয়ে কটালে সেই কথাটো কোনেও সঠিককৈ ক’ব নোৱাৰে। সেই সময়ত ধৰ্মশালাখনৰ বয়স মাত্ৰ পাঁচ বছৰহে হৈছিল। ১৯২৮ চনৰ এখন ফলকে মোক জনালে, “ বেতুলৰ বাসিন্দা ছেঠ মিশ্ৰীলাল, মেঘৰাজ, ধনৰাজ,পানৰাজ, কেছৰিচান্দ, দীপচান্দ,ফুলচান্দ গোঠীয়ে নিৰ্মাণ কৰিছিল।” ইটাৰ্ছীৰ মানুহে ইয়াক গোঠী ধৰ্মশালা বুলি জানে।
বাহিৰলৈ ওলাই আহোঁতে দেখিলোঁ, পৰিবাৰ আৰু সন্তানৰ সৈতে দুখীয়া মানুহজন এতিয়াও গেটৰ সন্মুখত ঘূৰি ফুৰিছে হয়তো নিতৌ এনেকুৱা আধা দজন মানুহৰ লগত লেনদেন কৰা ৰিচেপচনিষ্টটোৰ সহানুভূতি আদায় কৰাৰ আশাত। সঁচাকৈয়ে এটা কোঠাৰ অত্যন্ত প্ৰয়োজন হোৱা তেওঁ এজন দুখীয়া ভ্ৰমণকাৰী আছিল নেকি নে বেলেগ এখন চহৰৰ পৰা অহা ভিক্ষাৰী, যিয়ে ফুটপাথ বা ৰেলৱেৰ প্লেটফৰ্মতকৈ ধৰ্মশালাত আৰামত এৰাতি বা দুৰাতি কটাব বিচাৰিছিল? এনেকুৱা কথা কোৱা বা সোধাৰ কোনো উপায় নাই, যদিহে আপুনি অভিজ্ঞ নহয়- যিটো সেই ৰিচেপচনিষ্টজনৰ আছিল যেন লাগে।

