মুক্তচিন্তা আৰু যুক্তিবাদ কিয় বাধাগ্রস্ত হৈছে (প্ৰথম অংশ) ।। লক্ষেশ্বৰ ৰায়
যিখন দেশত কাৰো ওচৰত শিৰ অৱনত কৰি চলিবলগা নহয়, য’ত কোনো ধৰণৰ ভয়-ভাবুকিৰ মাজত জীয়াই থাকিবলগীয়া নহয়, তেনে এখন দেশ সকলোৰে কাম্য। কিন্তু তেনে এখন দেশ আজি সাধাৰণ মানুহে পোৱা নাই। সাধাৰণ মানুহ আজি মূৰ তল কৰি চলিবলগীয়া হৈছে। তেওঁলোকে আজি উচিত কথা ক’ব পৰা নাই।
উচিত কথাত বোলে ‘গুষ্ঠি’-এ (আত্মীয়-স্বজন) বেয়া পায়। উচিত বা যুক্তিসম্মত কথা ক’লে শাসক শ্ৰেণীয়ে, পুঁজিপতি শ্ৰেণীয়ে সাম্রাজ্যবাদী শক্তিবোৰে বেয়া পায়, ক্ৰোধান্বিত হয়। উচিত কথা কোৱাজনক শত্ৰুৰূপে চায়, শত্ৰু হিচাপে দমন-পীড়ন চলায়। সঁচা কথাবোৰ শিল্প-সাহিত্য, গল্প-উপন্যাস, নাট-কবিতা, গানৰ মাজেৰেও দাঙি ধৰিলেও শাসকশ্ৰেণী উত্যুক্ত হয়, খঙত গুজৰি-গুমৰি উঠে, জেইলত ভৰাই থয়।
আমি ইতিহাসৰ পাতে পাতে পঢ়িবলৈ পাওঁ যে সঁচা কথা প্ৰচাৰ কৰাৰ বাবে গ্ৰীচৰ দাৰ্শনিক পণ্ডিত চক্ৰেটিছক বিহপান কৰাই হত্যা কৰা হৈছিল। সঁচা কথা কোৱাৰ বাবে গেলিলিওক বছৰৰ পিছত বছৰ বন্দীশালত আৱদ্ধ কৰি ৰখা হৈছিল। সঁচা কথা কোৱাৰ বাবে জ্যৰ্ডানো ব্ৰুনোক জুইত পুৰি হত্যা কৰা হৈছিল।
সঁচা কথা কোৱাৰ বাবে বিখ্যাত স্পেইনৰ কবি গাৰ্ডিয়া লৰ্কাক গুলীয়াই হত্যা কৰা হৈছিল; কবি বেঞ্জামিন মলয়ইছক ফাঁচি কাঠত ওলমোৱা হৈছিল। অসমৰ কুশল কোঁৱৰ আদিকো ফাঁচি কাঠত ওলোমাই মৃত্যুদণ্ড দিয়া হৈছিল।
তেনেহ’লে যুগ যুগ ধৰি সত্যৰ বাবে যুঁজ দিয়া, পৰিৱৰ্তনকামী মনীষীসকল অকল অন্যায়-অত্যাচাৰৰ সম্মুখীন হৈয়ে থাকিব লাগিব নেকি? তেওঁলোকৰ মুক্তিৰ পথ চিৰদিনৰ বাবে অৱৰুদ্ধ হৈয়ে থাকিব নেকি? পৃথিৱীৰ সাধাৰণ মানুহ এখন মুকলি পৃথিৱীৰ বাসিন্দা হ’বই নোৱাৰিব নেকি? মানুহে এখন মুক্ত, শোষণবিহীন, নিপীড়নবিহীন, শ্ৰেণীবিহীন সমাজ বিচাৰে, য’ত তেওঁলোকৰ সমস্ত মানৱীয় গুণবোৰ বিকশিত হ’ব পাৰে, তেওঁলোকেও শ্ৰম কৰাৰ বাবে এখন বহল থল পাব পাৰে, নিজৰ প্ৰয়োজনীয়খিনি সমাজৰ পৰা পাব পাৰে, নিজৰ সাধ্য অনুসৰি সমাজক শ্ৰম দিব পাৰে, শিক্ষা আৰু স্বাস্থ্যসেৱা বিনামূলীয়াকৈ পাব পাৰে। ধৰ্মীয় বিদ্বেষ, ভাষাগত বৈষম্য, আঞ্চলিক বৈষম্য আদিৰ সলনি এক ৰাষ্ট্ৰহীন সমাজৰ সদস্য হ’ব পাৰে।
কিন্তু যুগে যুগে শাসক-শোষকশ্ৰেণীয়ে এনে অৱস্থা হ’বলৈ নিদিয়ে। ৰাষ্ট্ৰৰ হতা-কৰ্তা বিধাতা শাসকশ্ৰেণীৰ বিৰুদ্ধে সাধাৰণ শ্ৰেণীক প্ৰশ্ন কৰিবলৈ, ভাবিবলৈ, চিন্তা কৰিবলৈ, সংঘবদ্ধ হ’বলৈ, আন্দোলন কৰিবলৈ, বিদ্ৰোহ কৰিবলৈ প্ৰশ্ৰয় নিদিয়ে। Right to rebel হ’ল মানুহৰ অধিকাৰ। কিন্তু এই অধিকাৰ বাস্তৱত যাতে অনুশীলন নহয় তাৰ বাবে শাসকশ্ৰেণী অহৰহ সতৰ্ক হৈ থাকে বন্দুক-বেয়নেট, আইন-আদালত সস্তম কৰি ৰাখে।
কিয় এনে হয়—মানুহৰ সমাজ যেতিয়াৰ পৰা শ্ৰেণী বিভক্ত হ’ল, ব্যক্তিগত সম্পত্তিৰ (Private Property) উদ্ভৱ হ’ল আৰু একক পৰিয়ালভিত্তিক সামাজিক সম্পৰ্ক গঢ়ি উঠিল তেতিয়াৰ পৰাই ক্ষুদ্ৰ সংখ্যক এচাম মানুহে সমাজৰ বৃহৎ সংখ্যক মানুহক পৰিচালনা কৰিবলৈ ধৰিলে; সেইচাম মানুহে ক্ৰমে দাসপ্ৰভু, সামন্তপ্ৰভু আৰু পুঁজিপতি শ্ৰেণীলৈ ৰূপান্তৰিত হ’ল। সাধাৰণ মানুহ ক্ৰমান্বয়ে ক্ৰীতদাস (Slaves), প্ৰজা (Serfs) আৰু শ্ৰমিক শ্ৰেণীলৈ (Proletariat) ৰূপান্তৰিত হ’ল। এই বৃহৎ সংখ্যক মানুহৰ কায়িক আৰু মানসিক স্বাধীনতা নোহোৱা হ’ল। তেওঁলোকক এনে এটা অৱস্থাত অধঃপতিত কৰা হ’ল যে তেওঁলোকে নিজৰ অস্তিত্বকে চিনিব নোৱৰা হ’ল, এক ইতৰ প্ৰাণী বিশেষলৈ পৰিণত হ’ল। সেয়ে ইতিহাসত ক্ৰীতদাসক বক্বক্ কৰা বা কথা কোৱা যন্ত্ৰ বুলি কোৱা হৈছিল। তেওঁলোকক যন্ত্ৰৰ দৰে কাম কৰিবলৈ বাধ্য কৰা হৈছিল। অবাধ্য হ’লে কোবাই কোবাই হত্যা কৰা হৈছিল। জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা খাদ্যৰ এটা ক্ষুদ্ৰাংশহে তেওঁলোকক দিয়া হৈছিল। অধিকাৰ বোলা কোনো বস্তু তেওঁলোকৰ নাছিল। নিজৰ শৰীৰটো, পুত্ৰ, পৰিবাৰৰ ওপৰতো কোনো অধিকাৰ নাছিল। ইচ্ছা কৰিলে মালিকে তেওঁলোকক বজাৰৰ অইন অইন সা-সামগ্ৰীৰ দৰে বিক্ৰী কৰিব পাৰিছিল বা অবাধ্য হ’লে মৃত্যুদণ্ড দিব পাৰিছিল। তেওঁলোকে কোনো অধিকাৰৰ দাবী বা অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা নাছিল। প্ৰতিবাদ কৰি মালিকৰ ওপৰত হাত উঠালে তৎক্ষণাৎ ক্ৰীতদাসৰ হাত কাটি দিয়া হৈছিল। তেওঁলোকক চিন্তা কৰিবলৈ কোনো ধৰণৰ অৱসৰ দিয়া হোৱা নাছিল বা সংঘবদ্ধ হোৱাৰ প্ৰয়াসক হিংস্ৰতাৰে কলিতে মোহাৰি পেলোৱা হৈছিল। কিন্তু এনে এক কুৎসিত অসহনীয় অন্ধকাৰময় পৰিৱেশকো অৱজ্ঞা কৰি স্পাৰ্টাকাছৰ দৰে অকুতোভয় এজন ক্ৰীতদাসে শাসক শ্ৰেণীৰ বিৰুদ্ধে গৰ্জি উঠিল। তেওঁৰ অপৰিসীম সাহস দেখি অইন অইন লাখ লাখ ক্ৰীতদাসে তেওঁৰ নেতৃত্বত দাস-মালিকৰ বিৰুদ্ধে মৰণপণ সংগ্ৰাম আৰম্ভ কৰি দিলে। এই সংগ্ৰাম মানৱ-সমাজৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। এই ঘটনাই দেখুৱাই দিলে যে মানুহৰ স্বাধীনতাৰ আকাংক্ষাক কেতিয়াও অত্যাচাৰ উৎপীড়নেৰে দমাই ৰাখিব নোৱাৰিব।
পৰৱৰ্তী সময়ত সামন্তপ্ৰভুহঁত মঞ্চত অৱতীৰ্ণ হ’ল। সিহঁতেও প্ৰজা সাধাৰণক শোষণ-লুণ্ঠণেৰে জৰ্জৰিত কৰি তুলিলে। আকৌ চৌদিশে শুনা গ’ল ভূ-লুণ্ঠিত মানৱাত্মাৰ কৰুণ বিননি। ভল্টেয়াৰ, মণ্টেস্কু আদিৰ লেখনিত মুখৰিত হ’ল মানৱাত্মাৰ মুকুতিৰ বলিষ্ঠ আহ্বান। শাসকশ্ৰেণীৰ দমন-পীড়ন, লুণ্ঠনৰাজক পদাঘাত কৰি মানুহ আগুৱাই যায় পৰম অভীপ্সিত স্বাধীনতাৰ পিনে। মানুহে স্বাধীনতা বিচাৰে, বৈজ্ঞানিক চিন্তা-চৰ্চাৰে যুক্তিবাদক আঁকোৱালি লৈ আৰু আগবাঢ়ি যাব বিচাৰে।
চৌদিশে বাধাৰ প্ৰাচীৰ। ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজতন্ত্ৰৰ নিজৰ নিজৰ মাজত মাথোঁ যুদ্ধ— সম্পত্তিৰ বাবে যুদ্ধ, ৰাজ্যৰ পৰিসীমা বৃদ্ধিৰ বাবে যুদ্ধ। ধৰ্মীয় অসহিষ্ণুতা, অন্ধবিশ্বাস আৰু যুক্তিহীনতাৰ বাবে উশাহ ল’বলৈও কষ্টকৰ পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাধাৰণ মানুহ বাধ্য হয়। এক অন্ধকাৰ গহ্বৰত পাক ঘূৰণি খাই মানুহ উপায়বিহীন হৈ পৰে। এই অৱস্থাৰ পৰা অব্যাহতি পাবলৈ মানুহে থিয় দিলে—সামন্ততন্ত্ৰৰ কবৰৰ ওপৰত গজি উঠিল পুঁজিতন্ত্ৰ। সদ্য প্ৰস্ফুটিত পুঁজিবাদে পোনতে যুক্তিবাদ, মানৱতাবাদ, বৈজ্ঞানিক চিন্তা-চৰ্চাৰ আশ্ৰয় লৈ মহীৰূহ হ’ল। কিন্তু ক্ৰমান্বয়ে মুনাফা আদায়ৰ তাড়নাত পুঁজিবাদে আগৰ সমস্ত প্ৰগতিশীলতা হেৰুৱাই পেলালে। বৃদ্ধ পুঁজিবাদে মানৱতাবাদবিৰোধী, যুক্তিবাদবিৰোধী এক কিম্ভুত-কিমাকাৰ দৈত্যলৈ পৰিণত হ’ল। সকলো ধনাত্মক দৃষ্টিভংগী পৰিত্যাগ কৰি ই মাথোঁ মুনাফা আদায়ৰ এক ভয়ানক যন্ত্ৰলৈ ৰূপান্তৰিত হ’ল। আনহাতে পুঁজিবাদ সাম্রাজ্যবাদলৈ অৱনত হোৱাৰ লগে লগে ই ৰূঢ়ভাৱে যুক্তিবাদ, মানৱতাবাদক ভৰিৰে মোহাৰি মাথোঁ মুনাফা আদায়ৰ প্ৰতিযোগিতাত হিংস্ৰতাৰে জঁপিয়াই পৰিল। সকলো বস্তুকে সি পণ্যলৈ ৰূপান্তৰ কৰিব বিচাৰিলে।
পুঁজিবাদ ধ্বংসৰ অন্তিম অৱস্থাত উপনীত হৈছে। অথচ যি উদীয়মান পুঁজিবাদে এটা সময়ত সামন্তবাদৰ গেলা-পচা ধাৰণাৰ বিৰুদ্ধে সংগ্ৰাম কৰি পাশ্চাত্যত বৈজ্ঞানিক যুক্তিবাদ, নিৰীশ্বৰবাদ, মানৱতাবাদ, স্বাধীনতা আৰু গণতন্ত্ৰৰ পতাকা ওখকৈ উড্ডীন কৰিছিল, সেই পুঁজিবাদে দিন যোৱাৰ লগে লগে সাম্রাজ্যবাদত পৰিণত হ’ল—পৰৰাজ্য দখলকাৰী দস্যু চৰ্দাৰলৈ ৰূপান্তৰিত হ’ল। এচিয়া, আফ্ৰিকা, আমেৰিকা, অষ্ট্ৰেলিয়া আদি মহাদেশত অস্ত্ৰ-শস্ত্ৰৰ বলেৰে উপনিৱেশ পাতিলে, সেই মহাদেশসমূহৰ সম্পদসমূহ অবাধ হাৰত লুণ্ঠন কৰিবলৈ ধৰিলে। আনহাতে সাম্ৰাজ্যবাদ হ’ল পুঁজিবাদৰ অন্তিম অৱস্থা। ই হ’ল ধ্বংস উন্মুখ পুঁজিবাদ। এই ধ্বংসমুখী পুঁজিবাদে আগৰ সমস্ত প্ৰগতিশীলতা হেৰুৱাই মানৱতাবিৰোধী, বৈজ্ঞানিক যুক্তিবাদবিৰোধী অন্ধ তামসিকতাৰ ভাবধাৰাক আঁকোৱালি লৈছে। পুঁজিবাদী শিল্প-সাহিত্য, সংগীত, নাট্যকলা আজি বিভিন্ন প্ৰকাৰেৰে প্ৰতিক্ৰিয়াশীল আদৰ্শধাৰাত আচ্ছন্ন হৈ পৰিছে। সেই মানৱতাবিৰোধী পংকিল ভাবধাৰাসমূহ অত্যন্ত দ্ৰুতগতিত অস্তিত্ববাদ, উদ্ভটতত্ত্ব, নৱতৰংগ, উত্তৰ আধুনিকতাবাদ আদি তত্ত্বৰ দ্বাৰা অধিকাংশ বুদ্ধিজীৱী, শিল্পী-সাহিত্যিক, নাট্যশিল্পী, চিত্ৰশিল্পীক মৰ কামোৰ মাৰি দিক্ভ্ৰান্ত কৰিছে। বুৰ্জোৱা সমাজৰ বিকৃতি, নগ্নতা, যৌনতা, হতাশা, নিঃসংগতা, জীৱনৰ অৰ্থহীনতা, আদি চৰ্চাকে বাস্তৱতা বুলি অহৰহ প্ৰচাৰ কৰা হৈছে।
আজি বুৰ্জোৱা চিন্তাধাৰাই মানৱ-সমাজক এনেদৰে নিচাগ্ৰস্ত কৰি ৰাখিছে যে সত্য কি অসত্য কি তাক ধৰিব নোৱাৰা কৰি পেলাইছে। মানুহে স্বাধীনভাৱে চিন্তা কৰিব নোৱাৰা হৈ পৰিছে বা স্বাধীনভাৱে চিন্তা কৰাৰ পৰিৱেশ ধ্বংস কৰি পেলোৱা হৈছে। স্কুল-কলেজত দিয়া শিক্ষাই মানুহক জীৱনমুখী, সমাজমুখী, প্ৰকৃত জ্ঞান আহৰণত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে। ফলত মানুহে যুক্তিবাদী, মুক্ত চিন্তা আহৰণত বিফল হৈ পৰিছে। ৰং-বিৰঙৰ ধৰ্মীয় ভাববাদী চিন্তা-চৰ্চাই বৈজ্ঞানিক যুক্তিবাদী জ্ঞান আহৰণত প্ৰতিবন্ধক হিচাপে থিয় দিছে। বহুতো মানুহ অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ সমাজত ঘটি থকা ঘটনা-পৰিঘটনাবোৰক ব্যাখ্যা কৰাত অবৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰি সত্য উদ্ঘাটনত বিফল হৈছে। নিজৰ জীৱন, সমাজ জীৱনক জানিব আৰু বুজিব নোৱাৰি এক অথৰ্বৰ জীৱন-যাপন কৰিবলৈ বাধ্য হয়, ভাগ্য আৰু অদৃষ্টৰ দ্বাৰা পৰিচালিত জীৱন-যাপন কৰিবলৈ বাধ্য হয়। দৰিদ্ৰতা, শিক্ষাহীনতা, স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত জীৱনটো ভাগ্যৰ দ্বাৰা পৰিচালিত বুলি মানি লোৱা হয়। কোটি কোটি মানুহে এনে অদৃষ্টৰ দ্বাৰা পৰিচালিত জীৱন-যাপন কৰিবলৈ বাধ্য হয়। সেইবাবে লাখে লাখে মন্দিৰ-মছজিদ, গীৰ্জাঘৰ গঢ়ি উঠে। কুম্ভমেলাত কোটি কোটি মানুহ ভাগ্য তাড়িত হৈ গোট খায়, গংগা স্নান কৰে, নিজৰ ভাগ্য ফিৰাই অনাৰ ভগৱৎ সাধনা কৰে। কিন্তু মানুহৰ অৱস্থাৰ জানোঁ কিবা পৰিৱৰ্তন হৈছে?
মানুহক চিন্তা কৰিবলৈ পাহৰাই দিয়া হৈছে। ঈশ্বৰ, আল্লা, গডেই সকলো নিয়ন্তা, তেওঁৰ চৰণত নিজক অৰ্পণ কৰা, তেৱেঁই সকলো সমস্যাৰ সমাধানকাৰক। বিজ্ঞানৰ কিতাপ পঢ়া, মুখস্থ কৰা, ডাঙৰ ডাঙৰ ডিগ্ৰী লোৱা, বিজ্ঞানী বুলি নাম লৈ ডাঙৰ ডাঙৰ চাকৰি কৰা, বিজ্ঞানৰ ফৰ্মুলা প্ৰয়োগ কৰি মেচিন বনোৱা, সেই মেচিন মহাকাশত উৰোৱা, গ্ৰহান্তৰলৈ যোৱা ৰকেট; কৃত্ৰিম উপগ্ৰহ বনোৱা-ডাঙৰ ডাঙৰ ডিগ্ৰীপ্ৰাপ্তি, ডাঙৰ ডাঙৰ চাকৰি লাভ ভগৱানৰ আশীৰ্বাদ বুলি মানি লৈ অবৈজ্ঞানিক মানসিকতাৰে জীৱন চৰ্চা কৰে। এই তথাকথিত বিজ্ঞানীসকল কাৰিকৰিবিদহে। তেওঁলোকৰ কোনো বৈজ্ঞানিক মানসিকতা নাই। সেইবাবে ৰকেট উৎক্ষেপণ কৰাৰ আগে আগে মন্দিৰত পূজা দিয়ে, ভগৱানৰ নামত নাৰিকল ভাঙে, চাইন্স মিউজিয়াম নিৰ্মাণস্থলীত ভূমি পূজন কৰে, কপালত ৰঙা ফোঁট লয়। মানুহৰ সচেতন সংঘবদ্ধ জ্ঞানৰ অনুশীলন ক’ত? এইবোৰ কৰ্মই সাধাৰণ মানুহলৈ কি বাৰ্তা প্ৰেৰণ কৰে— “ঈশ্বৰেই বিশ্ব নিয়ন্তা, তেওঁৰ অবিহনে গছৰ পাত এখিলাও নলৰে, চন্দ্ৰ-সূৰ্যৰ গতিও স্তব্ধ হয়”। বিজ্ঞানমনস্কতা ক’ৰবাতহে পৰি থাকিল। মুক্ত চিন্তা, যুক্তিবাদক অন্ধকাৰ গহ্বৰলৈ নিক্ষেপ কৰা হ’ল। মানুহে অতদিনে অৰ্জন কৰা প্ৰকৃত জ্ঞানৰ অনুশীলন আদবাটতে হেৰুৱাবৰ উপক্ৰম হ’ল। বুৰ্জোৱা শ্ৰেণীৰ নিৰ্দেশ আৰু পৰিচালনাত লিখা কিতাপবোৰ, বাতৰি কাকত, আলোচনী, চিনেমা, টিভি আৰু অতি সম্প্ৰতি মোবাইল ফোনে মানুহৰ মুক্ত চিন্তাক বন্ধ জলাশয়ৰ অন্ধকাৰ চাকনৈয়াত পেলাই দিছে। তাৰ পৰা উদ্ধাৰ পোৱাৰ পথবোৰ বন্ধ কৰি দিয়া হৈছে। যুক্তিবাদ হেৰাই গৈছে। মানুহে প্ৰশ্ন কৰিবলৈ পাহৰি মৌন-মূক হৈ পৰিছে। কিয় প্ৰতিদিনে সমগ্ৰ বিশ্বত প্ৰাইভেটাইজেছ্যন বাঢ়ি গৈছে—স্কুল-কলেজ, কল-কাৰখানা, হস্পিটেল সকলো ব্যক্তিকৰণৰ কবলত পৰিছে, নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈছে (অসমৰ দৰে ক্ষুদ্ৰ ৰাজ্যতে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩২ লাখৰ ওপৰত)? কিয় চিকিৎসাৰ অভাৱত মানুহে অসহায়ভাৱে মৃত্যুৰ কোলাত ঢলি পৰিছে? এনে হাজাৰ হাজাৰ প্ৰশ্নৰ উত্তৰ মানুহৰ মনত উদয় হয়নে? এনে প্ৰশ্নৰ উত্তৰ বিচাৰাৰ বাবে মানুহে মনবোৰ মুক্ত কৰি ৰাখিছেনে? মনবোৰ মুক্ত কৰি ৰখাৰ কোনো পৰিৱেশেই নাই। কাৰোবাৰ হাতৰ আঙুলিৰ নিৰ্দেশত মানুহবোৰ বোবা হৈছে বা মগজুৰ চিন্তা কৰাৰ শক্তি হেৰুৱাই পেলাইছে।
মুক্ত বা স্বাধীন চিন্তাক বাধা দিয়াৰ প্ৰচেষ্টা আজিৰ নহয়, সেয়া অতীততো আছিল। খ্ৰীষ্টান ধৰ্মযাজকসকলে গেলিলিওৰ গ্ৰন্থক নিষিদ্ধ কৰিছিল, বৃদ্ধ অৱস্থাতো বছৰৰ পিছত বছৰ ধৰি তেওঁক জে’লৰ বন্ধ কুঠৰীত আৱদ্ধ কৰি ৰাখিছিল। ৰাছিয়াৰ জাৰে মাৰ্ক্স-লেনিনৰ কিতাপ নিষিদ্ধ কৰিছিল, এনে কিতাপ পঢ়া মানুহকো জে’ললৈ নিক্ষেপ কৰিছিল। জাৰ্মানীৰ ফেচিষ্ট দস্যু-চৰ্দাৰ হিটলাৰে সমগ্ৰ প্ৰগতিশীল গ্ৰন্থ পুৰি পেলোৱাৰ আদেশ দিয়াই নহয় মহান বিজ্ঞানী আইনষ্টাইনৰ কিতাপো নিষিদ্ধ কৰিছিল। ইহুদী আৰু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকহঁতে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিকসকলৰ অন্যতম স্পিনোজাৰ সমস্ত গ্ৰন্থৰাজি নিষিদ্ধ কৰিছিল। অসমতো বিষ্ণুৰাভাৰ ৰচনাৰাজিক নিষিদ্ধ কৰিছিল।
(শেষ অংশ পৰৱৰ্তী সংখ্যাত প্ৰকাশ হ’ব)

