মুদ্ৰাৰ ইতিহাস আৰু অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ।। নুৰুল ইছলাম
অৰ্থ ব্যৱস্থাত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰে৷ যিকোনো বস্তু বা সামগ্ৰীৰ দাম মুদ্ৰাৰ মানত প্ৰকাশ কৰা হয়৷ সকলো বাণিজ্যিক লেন-দেন মুদ্ৰাৰ মাধ্যমত সাধিত হয়৷ অৰ্থনীতিবিদ জিয়ফ্ৰী ক্ৰাউথাৰৰ কথাৰে–, “বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ’ল মুদ্ৰা”৷ উদাহৰণস্বৰূপে—দেশবাসীয়ে যদি বেলগছৰ পাত বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰে তেনেহ’লে বেলপাতৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব আৰু বেলপাত “মুদ্ৰা” হ’ব৷ সূক্ষ্মভাৱে লক্ষ্য কৰিলে আমি যি মুদ্ৰা ব্যৱহাৰ কৰি আছোঁ সেই মুদ্ৰা নিশাটোৰ ভিতৰতে সৃষ্টি হোৱা নাই৷ কেইবাটাও পৰ্যায় বা অৱস্থা অতিক্ৰম কৰিহে মুদ্ৰাই আজি এই ৰূপ পৰিগ্ৰহণ কৰিছে৷ মুদ্ৰাৰ ক্ৰমবিকাশ সম্পৰ্কে আলোচনা কৰিব খুজিলে মুদ্ৰাৰ ক্ৰমবিকাশৰ পাঁচটা পৰ্যায়ৰ কথা মনলৈ আহে—বিনিময় মুদ্ৰা, জন্তুমান মুদ্ৰা, অমুদ্ৰিত ধাতুমান মুদ্ৰা, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা৷ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰকৃত বিনিময়েই হ’ল বিনিময় প্ৰথা৷ কোনো ব্যক্তি বা কোনো দেশেই আত্মনিৰ্ভৰশীল নহয়৷ আটাইবোৰ প্ৰয়োজনীয় সামগ্ৰী কোনেও নিজে উৎপাদন কৰি ল’ব নোৱাৰে৷ আত্মনিৰ্ভৰশীলতাৰ অভাৱেই পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ৷ সামগ্ৰীৰ সলনি সামগ্ৰীৰ পোনপটীয়া বিনিময় কৰি দুটা প্ৰথাই বিনিময় প্ৰথা প্ৰৱৰ্তন কৰে৷ উদাহৰণ স্বৰূপে– “জোনবিল মেলা” য’ত পৰম্পৰাগত বিনিময় প্ৰথা একৈশ শতিকাৰ আধুনিক যুগতো অব্যাহত আছে৷ আদিম যুগত জনসংখ্যা সীমিত আছিল৷ সমাজখন ক্ষুদ্ৰ আছিল৷ মানুহৰ প্ৰয়োজনসমূহ সীমিত আছিল৷ তেনে এটা পটভূমিত বিনিময় প্ৰথা কাৰ্যসূচী হৈছিল৷ বিনিময় প্ৰথাৰ দ্বিতীয় স্তৰ আছিল জন্তুমান প্ৰথা, জন্তুমান স্তৰত জন্তুক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল (বিশেষকৈ ছাগলী) যদিও কিছুমান বিশেষ কাৰকৰ বাবে এই ব্যৱস্থা আঁতৰি গৈছিল কিয়নো ছাগলী পূৰ্ণ সাদৃশ্যযুক্ত নহয়, ৰং আৰু আকাৰ বেলেগ বেলেগ৷ তদুপৰি পচন্দ-অপচন্দৰ প্ৰশ্ন উঠিছিল– কোনোবাই যদি বেলেগ ৰঙৰ ছাগলী পচন্দ কৰিছিল আন কোনোবাই অইন ৰঙৰ ছাগলী পচন্দ কৰিছিল৷ দ্বিতীয়তে মহামাৰী সদৃশ ৰোগত ছাগলীৰ মৃত্যু হোৱাত ছাগলীৰ সংখ্যা হ্ৰাস হৈছিল আৰু মুদ্ৰাৰ পৰিমাণো কমি গৈছিল, অৰ্থনীতিত মুদ্ৰা সংকটে দেখা দিছিল৷ তদুপৰি জন্তু এটা ভাগ কৰি বিনিময় কৰিব নোৱাৰি— এইবোৰ কথাৰো প্ৰভাৱ পৰিছিল৷ অ-মুদ্ৰিত ধাতুমান ব্যৱস্থাত সোণ বা ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ইয়াতো বহুত অসুবিধাই দেখা দিছিল কিয়নো সোণ বা ৰূপ নিভাজ হয়নে নহয় প্ৰতিবাৰেই লেন দেনত সেইটো নিশ্চিত কৰিব লগা হৈছিল, তদুপৰি এনেবোৰ মূল্যৱান ধাতু এঠাইৰ পৰা আন ঠাইলৈ নিৰাপদে কঢ়িয়াই নিয়াটো সহজ নাছিল৷ অ-মৌদ্ৰিক ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাত ধাতু মুদ্ৰাৰ সৃষ্টি হয়৷ পৰৱৰ্তী পৰ্যায়ত এই ব্যৱস্থাতো অসুবিধাই দেখা দিয়ে৷ সোণ বা ৰূপৰ যোগান সীমাবদ্ধ বা অস্থতিস্থাপক—প্ৰয়োজন হ’লে বৃদ্ধি কৰিব নোৱাৰি৷ তদুপৰি বেপাৰ-বাণিজ্যৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে মুদ্ৰাবোৰ দূৰৰ ঠাইলৈ কঢ়িয়াই নিয়াত অসুবিধাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়ত কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল৷ এই মুদ্ৰা কঢ়িয়াই নিয়াটো সহজ৷ প্ৰথম অৱস্থাত কাগজী মুদ্ৰা সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল৷ কালক্ৰমত কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে গ্ৰহণ কৰা হৈছিল আৰু ৰূপান্তকৰণ অপ্ৰয়োজনীয় হৈ পৰিছিল৷ এইদৰে কাগজী মুদ্ৰাই বৰ্তমানৰ ৰূপ লয়৷ পৰৱৰ্তী সময়ত উন্নত আৰু উন্নয়নশীল দেশত চেক মুদ্ৰাৰ প্ৰচলন, পি.এফ.এম.এচ, আৰ.টি.এছ. আৰু ডিজিটেল মুদ্ৰাৰ প্ৰচলন৷ অৰ্থাৎ ডিজিটেল মুদ্ৰা (ডিজিটেল কাৰেঞ্চী) হৈছে মূলতঃ ডিজিটেল কম্পিউটাৰৰ ব্যৱস্থাত বিশেষকৈ ইণ্টাৰনেটৰদ্বাৰা পৰিচালিত, সংৰক্ষণ বা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহৃত যিকোনো মুদ্ৰা, ধন বা ধনৰ দৰে সম্পত্তি। ডিজেটেল মুদ্ৰাৰ প্ৰকাৰসমূহৰ ভিতৰত ক্ৰিপ্টোকাৰেঞ্চী, ভাৰ্ছুৱেল মুদ্ৰা আৰু কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা আদি অন্তৰ্ভুক্ত৷ ডিজিটেল মুদ্ৰা ইণ্টাৰনেটৰ বিতৰিত ডাটাবেছত কোম্পানী বা বেংকৰ মালিকাধীন কেন্দ্ৰীভূত ইলেকট্ৰনিক কম্পিউটাৰ ডাটাবেছত, ডিজিটেল ফাইলৰ ভিতৰত বা আনকি সংৰক্ষিত কাৰ্ডত ৰেকৰ্ড কৰিব পাৰি৷ তদুপৰি অনলাইন পেমেণ্ট অৰ্থাৎ গোগুল পে, ফোন পে, নেট বেংকিং আদি আৰু শেহতীয়াভাৱে এচ.এন.এ (চিংগেল নডেল একাউণ্ট) পদ্ধতিত বেংক ট্ৰেন্সফাৰ কৰি জনসাধাৰণে লেন-দেন অব্যাহত ৰাখিছে৷ শেহতীয়া পদ্ধতিত যোগাত্মক আৰু বিয়োগাত্মক দুয়োটা কথাই আমাৰ চকুত পৰে৷
ব্যৱহাৰিক জীৱনত মুদ্ৰাৰ ভূমিকা সম্পৰ্কে
Anna Lahpe ৰ কথাৰে—”Every time you spend money, you are casting a vote for the kind world you want”; কথাষাৰ মন কৰিবলগীয়া৷ মুদ্ৰাৰ ভূমিকাৰ প্ৰসংগত আলোচনা কৰিবলৈ হ’লে আমি অৱগত হ’ব লাগিব মুদ্ৰাৰ বৈশিষ্ট্য তথা কাৰ্যসমূহৰ সম্পৰ্কে। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব, মুদ্ৰা সহজে নষ্ট হোৱা সামগ্ৰী হ’ব নোৱাৰিব, মুদ্ৰা সমজাতীয় বা পূৰ্ণসাদৃশ্যযুক্ত হ’ব লাগিব, মুদ্ৰাৰ তাৰল্যগুণ থাকিব লাগিব, মুদ্ৰা হস্তান্তৰযোগ্য হ’ব লাগিব, মুদ্ৰা বিভাজনীয় আৰু মুদ্ৰা মূল্যৰ স্থিৰতা থাকিব লাগিব— এই কেইটাক মুদ্ৰাৰ বৈশিষ্ট্য বুলি গণ্য কৰা হয়৷ মুদ্ৰাৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিব খুজিলে, “Money is a matter of functions four- a medium, a measures, a standard and as a store” অৰ্থাৎ মুদ্ৰাই প্ৰধানত চাৰিটা কাৰ্য সম্পাদন কৰে—দৰাচলতে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম, সা-সামগ্ৰীৰ মাপকাঠি, স্থগিত দেনা-পাওনাৰ মানদণ্ড আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে৷ এই চাৰিটা কাৰ্যৰ উপৰিও মুদ্ৰাৰ কেতবোৰ উপনিৰ্মিত কাৰ্যও আছে। উদাহৰণ স্বৰূপে—, দেশ এখনৰ জাতীয় আয় মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়৷ ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত থকা বৈষম্য হ্ৰাস কৰাৰ মাধ্যম হ’ল মুদ্ৰা, চহকী শ্ৰেণীৰ পৰা অধিক কৰ-কাটল সংগ্ৰহ কৰি পোৱা ৰাজহ চৰকাৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কল্যাণৰ হ’কে ব্যৱহাৰ কৰিব পাৰে৷ যি ব্যৱস্থাত বজাৰৰ চাহিদা আৰু যোগানে উৎপাদন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে, চৰকাৰে নীতি-নিৰ্দেশনা নকৰে সেই ব্যৱস্থাটোৱে হ’ল বজাৰকেন্দ্ৰিক অৰ্থনীতি৷ বজাৰকেন্দ্ৰিক অৰ্থনীতিৰ দৰ ব্যৱস্থা হ’ল প্ৰধান বৈশিষ্ট্য৷ দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল৷ অৰ্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা এটা বিনিময় মূল্য৷ যি ব্যৱস্থাত চৰকাৰী সিদ্ধান্তইহে উৎপাদন প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে, বজাৰে নকৰে সেই ব্যৱস্থাটো সম্পদৰাজীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়৷ মুদ্ৰা অবিহনে যিকোনো আৰ্থিক ব্যৱস্থাই অচল হৈ পৰে৷
অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ
অৰ্থনীতি হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ৷ ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে৷ মানুহৰ জীৱন ধাৰণৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন৷ সম্পদ সীমিত কিন্তু অভাৱ অসীম৷ এই সীমাহীন অভাৱ পূৰণৰ বাবে মানুহে যি প্ৰচেষ্টা চলায়, সেই প্ৰচেষ্টাৰ প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ৷ সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্তম অভাৱ পূৰণ কৰাই হ’ল অৰ্থনীতিৰ মূল বিষয়৷ আমি জানোঁ যে অৰ্থনীতি শব্দটো ইংৰাজী “Economics” শব্দৰ প্ৰতিশব্দ৷ প্ৰকৃততে Economics শব্দটো গ্ৰীক শব্দ—“Oikos” অৰ্থাৎ পৰিয়াল আৰু “nomos” অৰ্থাৎ পৰিচালনা কৰা৷ শব্দ দুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা Oekosnomos-ৰ অৰ্থ, ঘৰ এখন পৰিচালনা কৰা৷ অৰ্থাৎ সীমিত আয়ৰে ঘৰ এখন পৰিচালনা কৰা ধাৰণাটোৰ পৰাই অৰ্থনীতি বা অৰ্থবিজ্ঞানৰ উৎপত্তি—এই কথা আমাৰ জ্ঞাত৷
অধ্যাপক কালবৰ্ণৰ কথাৰে, “যেতিয়া অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্ৰী ক্ৰয় কৰিব লগা হয় তেনে অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয়”– অৰ্থাৎ অধিক মুদ্ৰা তথা ক্ৰয় ক্ষমতা থকাৰ বাবে কম পৰিমাণৰ সামগ্ৰীৰ বিপৰীতে অধিক চাহিদাৰ সৃষ্টি হয় তেতিয়াই মূল্যস্তৰ বৃদ্ধি পায়৷ যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি বোলা হয়৷ মুদ্ৰাস্ফীতি বুলি ক’লে একেলেথাৰিয়ে সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়৷ মুদ্ৰাস্ফীতি হ’লে বস্তুৰ মূল্য বৃদ্ধি পায়, কিন্তু মুদ্ৰাৰ মূল্য কমি যায়, ইয়াৰ ফলস্বৰূপে প্ৰতি মুদ্ৰাৰ এককৰ বিনিময়ত ক্ৰয় ক্ষমতা হ্ৰাস পায়৷ অন্যহাতেদি চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেৰে, যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেৰে দৰ নিয়ন্ত্ৰণ কৰে৷ এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰস্তৰ মুক্ত মুদ্ৰাস্ফীতিত দৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয়৷ এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতিও বোলা হয়৷ সাধাৰণ অৰ্থত মুদ্ৰাস্ফীতি বুলিলে আমি দৰ বৃদ্ধি হোৱাকে বুজো৷ বহল অৰ্থত মুদ্ৰাস্ফীতি হৈছে এনে এক অৱস্থা যি অৱস্থাত অৰ্থনীতিত স্থায়ী আৰু অবিৰতভাৱে মূল্যস্তৰ বৃদ্ধি হয়৷ আৰু মুদ্ৰাৰ মূল্যৰ অৱনতি ঘটে৷ মুদ্ৰাস্ফীতিৰ প্ৰধানকৈ এক মৌদ্ৰিক বিষয়৷ ইয়াৰ প্ৰধান লক্ষণ হৈছে অবিৰত আৰু উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱা মূল্যস্তৰ৷ বৰ্তমান সময়ত মুদ্ৰাস্ফীতি পৃথিৱীৰ প্ৰায়বোৰ দেশৰ অৰ্থনীতিৰ এক প্ৰধান সমস্যা হৈ পৰিছে৷ ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহত All India Consumar Price Index-ৰ (CPI) মতে অৰ্থাৎ ভাৰতৰ মুদ্ৰাস্ফীতিৰ হাৰ আছিল শতকৰা ৫.২২ শতাংশ, ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহত ইয়াৰ পৰিমাণ আছিল শতকৰা ৫.৩৮ শতাংশ৷ উল্লেখযোগ্য যে ডিচেম্বৰ মাহত ইয়াৰ পৰিমাণ সামান্য হ্ৰাস হৈছে৷ তদুপৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতিৰ হাৰ ২০২৫-২৬ বৰ্ষত প্ৰথম খণ্ডত ৪.৬ শতাংশ আৰু দ্বিতীয় খণ্ডত ৬.৪ শতাংশ হ’ব বুলি ধাৰণা কৰিছে৷ যোৱা তিনিটা বিত্তীয় বৰ্ষৰ মুদ্ৰাস্ফীতিৰ হাৰৰ এক সম্যক আভাস দিয়াৰ প্ৰসায় কৰিলোঁ৷
চন মুদ্ৰাস্ফীতিৰ হাৰ (%) বৰ্ষীয় পৰিৱৰ্তন (%)
২০১৮ ৩.৯৪ % ০.৬১ %
২০১৯ ৩.৭৩ % -০.২১ %
২০২০ ৬.৬২ % ২.৮৯ %
মুদ্ৰাস্ফীতিৰ কাৰণসমূহনো কি? এই বিষয়ে চালি-জাৰি চালে নিম্নলিখিত কথাসমূহ আমাৰ চকুত পৰে৷ মূলতঃ দুটা কাৰণত মুদ্ৰাস্ফীতি সংঘটিত হয়৷ ইয়াৰ এটা কাৰণ হ’ল চাহিদাজনিত আৰু আনটো হ’ল ব্যয়জনিত কাৰণ৷ চাহিদাজনিত মুদ্ৰাস্ফীতি হ’ল—জনসাধাৰণৰ যেতিয়া দ্ৰৱ্য বা সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰৱ্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়, এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰৱ্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে, ফলত দ্ৰৱ্য বা সেৱাবিলাকৰ মূল্য বা দৰ বৃদ্ধি পায়৷ গতিকে দ্ৰৱ্য বা সেৱাৰ যোগানৰ তুলনাত ইয়াৰ চাহিদা বৃদ্ধি পালেই মূল্যস্তৰ বৃদ্ধি বা মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়৷ তদুপৰি মুদ্ৰাস্ফীতিৰ আন এটা কাৰণ হ’ল দ্ৰৱ্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি৷ দ্ৰৱ্য আৰু সেৱাবিলাকৰ উৎপাদন ব্যয় বৃদ্ধি পালেও মুদ্ৰাস্ফীতিৰ সৃষ্টি হ’ব পাৰে৷ ব্যয়জনিত মুদ্ৰাস্ফীতি অথবা উৎপাদন ব্যয় বৃদ্ধিৰ বাবে হোৱা মুদ্ৰাস্ফীতি প্ৰধানকৈ তিনিটা কাৰকৰ ফলত সংঘটিত হয়—মজুৰি বৃদ্ধি, লাভৰ পৰিমাণ বৃদ্ধি আৰু দ্ৰৱ্যৰ ওপৰত কৰ আৰোপ কৰাৰ বাবে হোৱা বোজা৷ মুদ্ৰা সংক্ৰান্তিয় কাৰণও মুদ্ৰাস্ফীতিৰ অন্যতম কাৰণ৷ দেশত মুদ্ৰাৰ যোগান বৃদ্ধি পালে জনসাধাৰণৰ হাতলৈ অধিক ক্ষমতা আহে, জনসাধাৰণৰ ক্ৰয় ক্ষমতা যদি অধিক হয়, সেই অনুপাতে যদি উৎপাদিত দ্ৰৱ্য আৰু সেৱাৰ পৰিমাণ কম হয়—তেনে ক্ষেত্ৰতো মুদ্ৰাস্ফীতিৰ সৃষ্টি হ’ব পাৰে৷
অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ
দেশত মুদ্ৰাস্ফীতি সংঘটিত হ’লে সমাজৰ বিভিন্ন খণ্ডত ইয়াৰ বিৰুপ প্ৰভাৱ পৰে। (ক) মুদ্ৰাস্ফীতি সংঘটিত হ’লে জনসাধাৰণৰ মাজত অসমতা বৃদ্ধি পায়৷ দুখীয়া শ্ৰেণীৰ হাতৰ পৰা ধনী শ্ৰেণীৰ হাতলৈ ক্ৰয় ক্ষমতাৰ হস্তান্তৰ হয় আৰু ধনী-দুখীয়া এই শ্ৰেণীৰ মাজৰ ব্যৱধান বাঢ়ি যায়৷ (খ) মুদ্ৰাস্ফীতিৰ ফলত উপভোক্তাসকল কিছুমান দ্ৰৱ্য আৰু সেৱাৰ উপভোগৰ পৰা বঞ্চিত হ’ব লগা হয়, যেতিয়া দ্ৰৱ্য আৰু সেৱাৰ দাম উৰ্ধমুখী হয়, তেতিয়া দুখীয়া লোকে সেইবিলাক প্ৰায় ক্ৰয় কৰিব নোৱাৰা হয়, ফলত তেওঁলোকৰ জীৱন ধাৰণৰ মানৰ অৱনতি ঘটে৷ মুদ্ৰাস্ফীতিৰ সময়ত অত্যাৱশ্যকীয় দ্ৰৱ্য বা সেৱাৰ দাম বৃদ্ধি পালে দেশত জনকল্যাণও হ্ৰাস হয়৷ (গ) মুদ্ৰাস্ফীতিয়ে অৰ্থনীতিৰ বিকাশ বাধাগ্ৰস্থ কৰে আৰু নিবনুৱা সমস্যাৰ সৃষ্টি কৰে৷ যেতিয়া বয়-বস্তুৰ দাম তীব্ৰভাৱে উৰ্ধমুখী হয়, তেতিয়া চৰকাৰে বাধ্য হৈ কিছু পদক্ষেপ ল’ব লগা হয়, ইয়াৰ ফলত উৎপাদনৰ পৰিমাণ কমি যোৱাৰ লগতে দেশত নিবনুৱা সমস্যা প্ৰকট হৈ পৰিব পাৰে—ফলত দেশৰ অৰ্থনৈতিক বিকাশ বাধাগ্ৰস্ত হয়৷
মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায়
সঁচাকৈ মুদ্ৰাস্ফীতি অৰ্থনৈতিক উন্নয়নৰ প্ৰবল প্ৰতিবন্ধক আৰু ই এক সামাজিক ব্যাধি৷ সেয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাটো নিতান্তই অৱশ্যক৷ সচেতন মহলে চিন্তা-চৰ্চা কৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চিন্তা-চৰ্চা অব্যাহত ৰাখিছে৷ প্ৰধানকৈ তিনিটা উপায় অৱলম্বন কৰি অৰ্থনীতিত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ সেইবোৰ হ’ল—মূলতঃ মুদ্ৰিক বা মুদ্ৰাসংক্ৰান্তিয় ব্যৱস্থা—প্ৰত্যেক দেশৰ কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা এক ব্যৱস্থা৷ কেন্দ্ৰীয় বেংক হ’ল কোনো এখন দেশৰ মুদ্ৰিক ব্যৱস্থাসমূহ নিয়ন্ত্ৰণৰ মূল বা প্ৰধান কতৃৰ্পক্ষ৷ কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰি দেশৰ বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা হ্ৰাস কৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে৷ তদুপৰি ৰাজপক্ষীয় ব্যৱস্থাত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ অন্যতম উপায় হিচাপে গ্ৰহণ কৰি চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান উপায় গ্ৰহণ কৰে৷ যেনে–, চৰকাৰী ব্যয় হ্ৰাস কৰা, কৰৰ পৰিমাণ বৃদ্ধি কৰা, ঋণ ব্যৱস্থাপনা গ্ৰহণ কৰি চলিত মুদ্ৰাৰ যোগান হ্ৰাস কৰা, বৈদেশিক মুদ্ৰাৰ তুলনাত দেশীয় মুদ্ৰাৰ মূল্যমান বৃদ্ধি কৰা, দেশৰপৰা ৰপ্তানি নিয়ন্ত্ৰণ কৰা যাতে দেশীয় বজাৰত পৰ্যাপ্ত পৰিমাণৰ দ্ৰব্য আৰু সেৱা উপলভ্য হয়, ঘৰুৱা বজাৰত বিদেশীৰ দ্ৰব্য সস্তা কৰি লোৱা ইত্যাদি৷ অন্যান্য ব্যৱস্থা গ্ৰহণ কৰিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰি—, অন্যান্য ব্যৱস্থাৱলীৰ ভিতৰত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ পৰিমাণ বৃদ্ধি কৰা যাতে এইবিলাকৰ নাটনিৰ সৃষ্টি নহয়, মূল্য বৃদ্ধিৰ বিপৰীতে দৰ নিয়ন্ত্ৰণ কৰা, উপভোগ্য দ্ৰব্যৰ সুবিতৰণ নিশ্চিত কৰা ইত্যাদি৷ তদুপৰি কলা বজাৰ ৰোধ কৰা, কৰ ফাকি ৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা আদিও নিয়ন্ত্ৰণ ব্যৱস্থাৰ অন্তৰ্গত৷ আগন্তুক দিনত ভাৰতবৰ্ষত মুদ্ৰাস্ফীতি ৰোধৰ কাৰণে বিজ্ঞানসন্মত চিন্তা-চৰ্চা আৰম্ভ হওক, এই আশাৰে…।

