আফ্ৰিকাত মুক্তিৰ কুচকাৱাজ – প্ৰসংগত বুৰ্কিনা ফছো, ইব্ৰাহিম ট্ৰাওৰে! (দ্বিতীয় খণ্ড) ।। ড০ তন্ময়ী ৰাণী নেওগ
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
(প্ৰথম খণ্ড পঢ়িবলৈ ইয়াতে টিপক)
“১৯৮৮ চনৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা ইব্ৰাহিম ট্ৰাওৰে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত সামৰিক অভ্যুত্থানৰ পিছত বুৰ্কিনা ফাছ’ৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হোৱাৰ সময়ত আফ্ৰিকাৰ অন্যতম যুৱ নেতা হিচাপে আত্মপ্ৰকাশ কৰে। ছাহেল অঞ্চলত জুৰুলা কৰা জেহাদী বিদ্ৰোহৰ পৰা নিৰাপত্তাজনিত প্ৰত্যাহ্বান ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে ট্ৰাওৰে ক্ষমতালৈ আহে। তেওঁৰ প্ৰশাসনে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব শক্তিশালী কৰা, বিদেশী সামৰিক উপস্থিতি হ্ৰাস কৰা, দেশৰ স্থায়ী নিৰাপত্তাজনিত সংকটৰ সৈতে মোকাবিলা কৰাত গুৰুত্ব আৰোপ কৰিছে। বিশ্বৰ দ্বিতীয় কনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাওৰে সমগ্ৰ মহাদেশখনৰ যুৱক-যুৱতীসকলৰ মাজত শেহতীয়াকৈ এক প্যান-আফ্ৰিকান দৃষ্টিভংগীক মূৰ্ত কৰি তুলিছে।”
ইব্ৰাহিম ট্ৰাওৰে এতিয়া পশ্চিমৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰিছে, কিয়?
“মই ইব্ৰাহিম ট্ৰাওৰে, আৰু আজি তোমালোকৰ আগত মই মোৰ মুখা খুলিছোঁ। জীৱনৰ প্ৰতিটো দিনেই তোমালোকৰ মিছা কথাৰ সৈতে সহবাস কৰি ডাঙৰ হৈছোঁ। সৰুতে মই টেলিভিছনত আফ্ৰিকাখন দেখিছিলোঁ। সদায় একে খনেই ছবি—গাত মাখি পৰি থকা শিশুবোৰ, শুকান মাটি, অস্ত্ৰ-শস্ত্ৰ, মৃত্যু আদি। আমি ক’লা, আমাৰ পৃথিৱী ক’লা—এইখনেই আফ্ৰিকা। আৰু তাকেই আমি বিশ্বাসো কৰিলোঁ। মই নিজক লৈ, নিজৰ মানুহক লৈ লাজ পাইছিলোঁ। কিন্তু তাৰ পাছত মই ডাঙৰ হ’লোঁ। পঢ়িলোঁ, গৱেষণা কৰিলোঁ, প্ৰশ্ন কৰিলোঁ। আৰু মই বুজিলোঁ যে তোমালোকে আমাক দেখুওৱা আফ্ৰিকাখন বাস্তৱ নহয়, এটা মিছাহে। আফ্ৰিকাক লৈ বছৰ বছৰ ধৰি লিখা এখন চিত্ৰনাট্য সেয়া। আৰু তুমি এতিয়াও সুধিছা…আফ্ৰিকা কিয় দুখীয়া? নহয়, সঠিক প্ৰশ্নটো হ’ল ইমান ধনী আফ্ৰিকাক কেনেকৈ দুখীয়া কৰি ৰখা হ’ল? ইয়াৰ উত্তৰটো শুনা: ঔপনিৱেশিকতাবাদ। ঔপনিৱেশিকতাবাদ শেষ নহ’ল, আকৃতিহে সলনি হ’ল। আগতে চাবুকেৰে শাসন কৰিছিলা, এতিয়া কৃতিত্ব লৈ শাসন কৰা”।—২০২২ চনৰ শেষৰ ফালে আফ্ৰিকাক দশক দশক ধৰি উপনিৱেশিকৰণ কৰা সাম্ৰাজ্যবাদী দেশসমূহক কেন্দ্ৰ কৰি ভাষণ প্ৰদান কৰোতে ট্ৰাওৰে এই কথাখিনি উল্লেখ কৰিছিল।

২০২৩ চনত ৰাছিয়া-আফ্ৰিকা শীৰ্ষ সন্মিলনত ভাষণ দি ইব্ৰাহিম ট্ৰাওৰে দেশবাসীক কৈছিল যে “সাম্ৰাজ্যবাদীয়ে ৰছী টানিলেই নাচি থকা পুতলাৰ দৰে আচৰণ কৰা বন্ধ কৰক”। ৰাছিয়াৰ সংবাদ মাধ্যমে তেওঁৰ এই সাহসী প্যান আফ্ৰিকানবাদী বাৰ্তা ব্যাপকভাৱে প্ৰচাৰ কৰিছিল। নিৰ্বাচনত বিলম্ব কৰা স্বত্বেও ট্ৰাওৰেৰ প্যান আফ্ৰিকানবাদী দৃষ্টিভংগীৰ বাবে লাখ লাখ লোকে তেওঁক সমৰ্থন কৰিছিল। তেওঁৰ নেতৃত্বই প্ৰমাণ কৰে যে পশ্চিমীয়া আধিপত্যক প্ৰত্যাহ্বান জনাইয়ো আফ্ৰিকা স্বাধীন হৈ থাকিব পাৰে। কেপ্তেইন ইব্ৰাহিম ট্ৰাওৰে হঠাতে বিশ্বৰ বিশেষকৈ আফ্ৰিকাত অন্যতম ৰাজনৈতিক বিষয় হৈ পৰিছে, ছ’চিয়েল মিডিয়াত নিয়মিতভাৱে ট্ৰেণ্ডিং হৈ মহাদেশখনত ক্ৰমান্বয়ে প্ৰতিৰোধৰ প্ৰতীক হৈ পৰিছে।
পশ্চিমীয়া নেতা আৰু তেওঁলোকৰ সংবাদ মাধ্যমে ইব্ৰাহিম ট্ৰাওৰেক দেশৰ সোণ চুৰি কৰি নিজৰ দেশ ধ্বংস কৰা নিষ্ঠুৰ একনায়কত্ববাদী বুলি অভিহিত কৰে। তেওঁলোকে তেওঁক পশ্চিম আফ্ৰিকান জাতিটোক ধ্বংস কৰা ক্ষমতালোভী যুদ্ধাধিপতি হিচাপে চিত্ৰিত কৰে। কিন্তু বেছিভাগ আফ্ৰিকানে তেওঁক বেলেগ ধৰণেৰে চায়। তেওঁলোকৰ বাবে ট্ৰাওৰে এজন সাহসী আফ্ৰিকান জাতীয়তাবাদী। তেওঁ যেন ডেভিদ হৈ পুৰণি ঔপনিৱেশিক শক্তিসমূহৰ দৈত্য গলিয়াথৰ সৈতে যুঁজিছে। তেওঁৰ সাহসী নেতৃত্বই এখন মুক্ত, শক্তিশালী আফ্ৰিকাৰ আশাৰ সৃষ্টি কৰে।
শেহতীয়াকৈ এটা ভিডিঅ’ত জিমি ড’ৰে বুৰ্কিনা ফাছ’ৰ নেতা ইব্ৰাহিম ট্ৰাওৰেৰ বিষয়ে বহলভাৱে আলোচনা কৰিছে। তেওঁ আলোকপাত কৰে যে ট্ৰাওৰেই আন আফ্ৰিকান নেতাসকলৰ দৰেই তেওঁৰ দেশৰ সম্পদে কেৱল পশ্চিমীয়া কোম্পানীসমূহক নহয়, নিজক জনসাধাৰণৰ লাভালাভ কৰাটো বিচাৰে। লগতে ড’ৰে দৰ্শকক সোঁৱৰাই দিছিল যে একে লক্ষ্যৰে আগবঢ়া অতীতৰ আফ্ৰিকান নেতাসকলক কিন্তু পশ্চিমীয়া শক্তিসমূহে কৰ্পৰেট স্বাৰ্থ ৰক্ষাৰ বাবে উফৰাই পেলোৱা বা হত্যা কৰা কৰিছিল। উদাহৰণ স্বৰূপে কংগোৰ পেট্ৰিচ লুমুম্বা (১৯৬১) যাক আমেৰিকাৰ ৰাষ্ট্ৰপতি আইজেনহাৱাৰৰ নিৰ্দেশত বেলজিয়াম আৰু CIA-এ হত্যা কৰিছিল। তেওঁৰ শৰীৰটো এচিডত দ্ৰৱীভূত কৰি পেলাইছিল। ঘানাৰ কোৱামে কৰুমাহ (১৯৬৬) যাক চীনত থকাৰ সময়ত ঘানাৰ সামৰিক আৰু আৰক্ষীয়ে আমেৰিকা/চিআইএ সমৰ্থিত অভ্যুত্থানত আঁতৰাই দিয়া হৈছিল, ফলত সামৰিক শাসনৰ সূচনা হৈছিল। বাৰ্কিনা ফাচোৰ থমাছ শংকৰাক (১৯৮৭) ২০০৯ চনৰ ইটালীৰ এখন তথ্যচিত্ৰ অনুসৰি আমেৰিকা, ফৰাচী আৰু চিআইএ বাহিনীৰ সমৰ্থনত ব্লেইজ কম্পাওৰেৰ নেতৃত্বত হোৱা অভ্যুত্থানত হত্যা কৰা হৈছিল। লিবিয়াৰ মুয়াম্মাৰ গাদ্দাফিক (২০১১) NATO-ৰ সমৰ্থিত গোটৰ দ্বাৰা নিৰ্যাতন আৰু হত্যা কৰা হৈছিল, যাৰ ফলত লিবিয়াৰ পতন আৰু জেহাদী সন্ত্ৰাসবাদৰ বৃদ্ধি পাইছিল।
এই আটাইকেইজনৰ মাজত মিল কি আছিল জানেনে? সকলোৱে বিচাৰিছিল যে তেওঁলোকৰ দেশৰ সম্পদে প্ৰথমে নিজৰ জনসাধাৰণৰ সেৱা কৰক, পশ্চিমীয়া কৰ্পৰেটক নহয়। আৰু তাৰে ফলত মৃত্যু মুখত পৰিছিল। পশ্চিম, WEF (World Economic Forum), NATO, আৰু আমেৰিকাই নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ আফ্ৰিকাত বা পৃথিৱীৰ যিকোনো ঠাইত মানুহক বিভক্ত কৰি ৰাখিব বিচাৰে। দেশসমূহৰ মাজৰ একতা দুৰ্বল কৰিবলৈ সংঘাতক উৎসাহিত কৰি থাকে অহৰহ। আফ্ৰিকাৰ ঐক্যক প্ৰসাৰিত কৰা বুৰ্কিনা ফাছ’ৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ট্ৰাওৰে ২০২২ চনত ক্ষমতা দখল কৰাৰ পিছত কমেও ১৯-টা হত্যাৰ চেষ্টাৰ পৰা ৰক্ষা পৰিছে বুলি ২০২৫ চনৰ এপ্ৰিল মাহত প্ৰকাশ পাইছিল The African History নামৰ আলোচনীত। পশ্চিমীয়া দেশসমূহে ইব্ৰাহিম ট্ৰাওৰেৰ কামতকৈ তেওঁৰ সত্ত্বটোক বেছি ভয় কৰে। বুৰ্কিনা ফাচোৰ যুৱ নেতাজনে যেতিয়া কথা কয়, সকলোৱে শান্ত হৈ শুনি থাকে। তেওঁৰ সাহসী, সৎ ভাষণসমূহে পশ্চিমৰ আফ্ৰিকা শোষণৰ দীৰ্ঘ ইতিহাস উন্মোচন কৰি দিয়ে, কঠিন সত্যসমূহ উন্মোচন কৰে। পশ্চিমৰ নিয়ন্ত্ৰণক প্ৰত্যাহ্বান জনায় আৰু আফ্ৰিকানসকলক পৰিৱৰ্তনৰ দাবী কৰিবলৈ অনুপ্ৰাণিত কৰে ইব্ৰাহিমে।
চলিত বৰ্ষৰ মে’ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দি ট্ৰাওৰে কয়; “আফ্ৰিকা ভিক্ষাৰী নহয়, যুদ্ধক্ষেত্ৰও নহয়, তোমালোকৰ পৰীক্ষাগাৰো নহয়, তোমালোকৰ পুতলা নহয়, তোমালোকৰ কেঁচামালৰ গুদাম নহয়। আফ্ৰিকা সাৰ পাইছে—তোমালোকৰ আগত আঁঠু ল’বলৈ নহয়, থিয় হ’বলৈ। দশক দশক ধৰি তোমালোকে আমালৈ এহাতেৰে সাহায্য পঠিয়াইছিলা আৰু আনখন হাতেৰে আমাৰ প্ৰাণ তেজ উলিয়াই নিছিলা। তোমালোকৰ নিগমবোৰে আমাৰ নদীৰ পানী নিষ্কাশন কৰাৰ সময়ত আমাৰ গাঁৱবোৰত কুঁৱা খান্দিছিলা। এতিয়াৰ পৰা আমি নিজৰ চৰ্তত উন্নয়নৰ সংজ্ঞা দিম। এনে উন্নয়ন যিয়ে শিশুসকলক শ্ৰেণীকোঠাত ৰাখিব, মালবাহী জাহাজত খনিজ পদাৰ্থ কঢ়িয়াবলৈ নহয়। এটা জাতিৰ ভূমি, জনসাধাৰণ আৰু আত্মাক সন্মান কৰা উন্নয়ন। আমি আধ্যাত্মিক জনগোষ্ঠী। তোমাৰ কেথেড্ৰেলবোৰৰ আগত আমাৰ পূৰ্বপুৰুষসকলে আকাশকলৈ গান গাইছিল। তোমালোকৰ মিছনেৰীসকলৰ আগতেই আমি নদীৰ ভাষা আৰু অৰণ্যৰ নিয়ম জানিছিলোঁ”। আফ্ৰিকাৰ যুৱক-যুৱতীসকলক পোনপটীয়াকৈ সম্বোধন কৰি ট্ৰাওৰে কয়, “তোমালোকেই আমি যুঁজ দিয়াৰ কাৰণ। তোমালোকৰ নাম, তোমালোকৰ মাটি, তোমালোকৰ শিপাৰ বাবে গৌৰৱবোধ কৰিবলৈ শিকা। বিশ্বই হয়তো এতিয়া তোমালোকক উদযাপন নকৰিব, কিন্তু ভৱিষ্যতে তোমালোকক সন্মান জনাব”। ঔপনিৱেশিক সাম্ৰাজ্যবাদীসকলক উদ্দেশ্যি ট্ৰাওৰে ক’লে, “আফ্ৰিকাই তোমালোকৰ টেবুলত আসন বিচৰা নাই, আমি নিজৰ টেবুল নিজেই নিৰ্মাণ কৰিছোঁ—য’ত কোনো শিশুৱে শেষত খাব লগা নহয়, য’ত কোনো জাতিক পাৰমাণৱিক অস্ত্ৰৰ অভাৱৰ বাবে নিস্তব্ধ কৰা নহয়, য’ত ন্যায় জাতি বা ইতিহাসৰ কথাৰে ফিল্টাৰ কৰা নহয়, বৰঞ্চ ভাগ কৰা হয়…যেনেকৈ উশাহ ভাগ কৰা হয়।—এয়া আমাৰ দৃষ্টিভংগী, এয়াই আমাৰ প্ৰতিজ্ঞা বুলিও তেওঁ লগতে কয়- আফ্ৰিকাই আৰু কাৰো আগত আঁঠু নলয়”।
মাত্ৰ ৩৭ বছৰ বয়সত ইব্ৰাহিম ট্ৰাওৰে আফ্ৰিকান প্ৰতিৰোধৰ প্ৰতীক। মাটিয়া ৰঙৰ সামৰিক কাপোৰ আৰু ৰঙা বেৰেট পিন্ধি তেওঁ মানুহক ১৯৮৭ চনত ফ্ৰান্সৰ সহায়ত হত্যা কৰা বিপ্লৱী নেতা থমাছ শংকাৰৰ কথা মনত পেলাই দিয়ে। ট্ৰাওৰে নিখুঁত নহয়; কোনো বিপ্লৱ বা কোনো বিপ্লৱী নিখুঁত নহয়। কিন্তু নিখুঁতৰ কথা নহয়, এতিয়া মুক্তিৰ কথা। বহুদিনৰ মূৰত প্ৰথমবাৰৰ বাবে আফ্ৰিকাই মুক্তিৰ সপোন দেখিবলৈ সাহস কৰিছে, আৰু সেয়ে পশ্চিমে ভয় খাইছে।
BBC, France24 আৰু আমেৰিকাৰ নেটৱৰ্কে ইব্ৰাহিম ট্ৰাওৰেক দেশখনৰ বাবে ভাবুকি বুলি অভিহিত কৰি কয় যে তেওঁ বুৰ্কিনা ফাছ’ত অস্থিৰতাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ তেওঁৰ ৰাছিয়া ভ্ৰমণে পশ্চিমীয়া নেতাসকলক বিচলিত কৰিছে। পশ্চিমীয়া নিয়ন্ত্ৰণৰ সলনি স্বাধীনতা বাছি লোৱা এজন আফ্ৰিকান যুৱ নেতাই তেওঁলোকৰ দমনমূলক ৰাজনীতিত আঘাত হানিছে। আফ্ৰিকাৰ ওপৰত ফ্ৰান্সৰ দখল নাইকিয়া হৈ গৈছে সেয়ে সংবাদ মাধ্যমৰ আক্ৰমণ প্ৰকৃত খবৰ নহয়। সেইবোৰ হৈছে ক্ষতি নিয়ন্ত্ৰণ। ৰাছিয়াই সামৰিক সহায় দিছে, সেয়ে পশ্চিমে ট্ৰাওৰেৰ দৰে সাম্ৰাজ্যবাদ বিৰোধী নেতাক লৈ ভয় খাইছে।
পশ্চিম সমৰ্থিত “ইছলামিক জেহাদী”-সকলে বুৰ্কিনা ফাচোত অশান্তিৰ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে। সোণ, লিথিয়াম, মেংগানিজ আদিৰে আঢ্যৱন্ত অঞ্চল সমূহত বিশৃংখলতাৰ সৃষ্টি কৰি আক্ৰমণ চলাইছে। পশ্চিমে কয় যে তেওঁলোকে আফ্ৰিকাত শান্তি বিচাৰে। কিন্তু তেওঁলোকে নিজেই বুৰ্কিনা ফাচোৰ সম্পদ সমৃদ্ধ অঞ্চলসমূহ অস্থিৰ কৰিবলৈ প্ৰক্সি মিলিচীয়াক পুঁজি দি থাকে। ইব্ৰাহিম ট্ৰাওৰে ঘানাৰ কোৱামে নক্ৰুমাহ আৰু জেৰী ৰলিংছ আৰু কংগোৰ পেট্ৰিছ লুমুম্বাৰ দৰে নেতাক অনুসৰণ কৰে। তেওঁলোকে বিচাৰিছিল এখন ঐক্যবদ্ধ, গৌৰৱান্বিত আফ্ৰিকা। ট্ৰাওৰে তেওঁলোকৰ সপোন ঘূৰাই আনিবলৈ চেষ্টা কৰি আছে। তেওঁৰ নীতিসমূহে ন্যায়পৰায়ণতা, স্বনিয়ন্ত্ৰণ, আৰু প্যান-আফ্ৰিকান গৌৰৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
চলিত বছৰৰ ৩০ এপ্ৰিলত বুৰ্কিনা ফাছ’ৰ ৰাজধানীখন ৰাজপথ ৰেলীৰে গমগমাই উঠিছিল, লণ্ডন, পেৰিছ আৰু পশ্চিম আফ্ৰিকাৰ ডাকাৰলৈ বিয়পি পৰিছিল। মানুহে ৰঙা বেৰেট পিন্ধি, প্যান আফ্ৰিকান পতাকা জোকাৰি চিঞৰিছিল, “Down with imperialism! (সাম্ৰাজ্যবাদ নিপাত যাওক)”! ব্ৰংক্সৰ আফ্ৰিকান-আমেৰিকানসকলৰ পৰা আৰম্ভ কৰি নাইৰোবিৰ ছাত্ৰ-ছাত্ৰীলৈকে সকলোৱে মুখত এটায়ে কথা—আফ্ৰিকাৰ উত্থান হ’ব লাগিব। ছ’চিয়েল মিডিয়া, শিল্প, আৰু সংগীতৰ জগতখনতো সমৰ্থন লাভ কৰিছে ইব্ৰাহিমে। AI-ৰ দ্বাৰা নিৰ্মিত ভিডিঅ’বোৰ মজাৰ, কিন্তু ট্ৰাওৰেৰ নেতৃত্বৰ আশা বাস্তৱিক। পৃথিৱীয়ে তেওঁলৈ আশাৰে বাট চাইছে। ট্ৰাওৰে আন এক অভ্যুত্থানৰ সন্মুখীন হ’লেও তেওঁৰ আন্দোলনে আফ্ৰিকাক বিদেশী নিয়ন্ত্ৰণৰ প্ৰয়োজন বুলি ধাৰণাটো ভাঙি পেলাইছে। পশ্চিমৰ দাস বা সম্পদ নহয় কিন্তু মুক্ত আফ্ৰিকান হৈ জীয়াই থকা বাস্তৱ এটা উপহাৰ দিব পাৰিছে ইব্ৰাহিম ট্ৰাওৰে।

