কেন্দ্ৰীয় নিবন্ধনিবন্ধ

দিশহীন ডিগ্ৰী : ভাৰতীয় উচ্চ শিক্ষাৰ নীৰৱ সংকট ।। ড° জিতু বুঢ়াগোঁহাই

মুক্ত চিন্তা। একাদশ বৰ্ষ।। ৫ম সংখ্যা

এখন দেশৰ বিশ্ববিদ্যালয়সমূহ কেৱল শিক্ষা প্ৰদান কৰা প্ৰতিষ্ঠান নহয়; সেয়া হৈছে এখন সমাজৰ বৌদ্ধিক বিবেক আৰু ভৱিষ্যৎ কল্পনাৰ জন্মস্থান— য’ত গঢ় লৈ উঠে চিন্তা, জিজ্ঞাসা আৰু নতুন ধাৰণা। এসময়ত বৌদ্ধিক বিকাশ আৰু সামাজিক উত্তৰণৰ উৎপত্তিস্থল বুলি বিবেচিত ভাৰতৰ উচ্চ শিক্ষা আজি বিভ্ৰান্তি আৰু আত্মতুষ্টিৰ গভীৰ গহ্বৰত নিমজ্জিত হৈছে। ডিগ্ৰীৰ সংখ্যা বাঢ়িছে, কিন্তু প্ৰজ্ঞা ক্ষীণ হৈছে; বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাইছে, স্নাতকৰ পৰিসংখ্যাও অভূতপূৰ্ব, কিন্তু জিজ্ঞাসাৰ স্পৃহা ম্লান হৈ আহিছে। শ্ৰেণীকক্ষ এতিয়া ধাৰণাৰ গৱেষণাগাৰ নহৈ পৰীক্ষা কেন্দ্ৰলৈ পৰিণত হৈছে। উচ্চ শিক্ষাৰ গভীৰ লক্ষ্য যেনে, সমালোচনামূলক চিন্তা, সৃজনশীলতা আৰু নৈতিক চৰিত্ৰৰ বিকাশ—নম্বৰ আৰু চাকৰি পোৱাৰ মোহত ম্লান পৰি গৈছে। ডিগ্ৰী আছে, কিন্তু দিশ নাই; তথ্যৰ অভাৱ নাই, তথাপিও প্ৰজ্ঞাৰ দীপ্তি ধীৰে ধীৰে ম্লান হৈ আহিছে।

আত্মাহীন শিক্ষা

এসময়ত ভাৰতৰ উচ্চ শিক্ষা আছিল মনৰ মুক্তি আৰু বৌদ্ধিক অনুসন্ধানৰ এক যাত্ৰা। বিশ্ববিদ্যালয় মানে আছিল ধাৰণাৰ সংঘাত, চিন্তাৰ স্বাধীনতা আৰু নতুন উপলব্ধিৰ ক্ষেত্ৰ। কিন্তু আজিৰ বহু ক্ষেত্ৰত এই আদৰ্শ ধীৰে ধীৰে এক যান্ত্ৰিক প্ৰক্ৰিয়ালৈ পৰিণত হৈছে। বিতৰ্ক আৰু অনুসন্ধানৰ পৰিৱেশ থকা শ্ৰেণীকক্ষসমূহত এতিয়া প্ৰায়ে পাৱাৰপইণ্ট স্লাইড আৰু মুখস্থ বিদ্যাৰ আধিপত্য। শিক্ষকসকলে পাঠ্যক্ৰম সম্পন্ন কৰাৰ তাড়নাত ব্যস্ত, আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লক্ষ্য অধিকাংশ ক্ষেত্ৰত কেৱল ভাল নম্বৰ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা। শিক্ষাৰ স্বাভাৱিক আনন্দক প্ৰতিযোগিতাৰ উদ্বেগে ঢাকি পেলাইছে। নম্বৰ, ৰেংক আৰু প্লেছমেণ্টৰ পৰিসংখ্যাই যেন শিক্ষাৰ একমাত্র সূচক হৈ পৰিছে। শিক্ষা কেতিয়াও কেৱল কৰ্মসংস্থাপনৰ উপায় হিচাপে কল্পনা কৰা হোৱা নাছিল।

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ত এই সংকটক স্পষ্টকৈ চিহ্নিত কৰিছে আৰু স্বীকাৰ কৰা হৈছে যে ভাৰতীয় উচ্চ শিক্ষাত বিষয়সমূহৰ মাজত কঠোৰ বিভাজন, সীমিত প্ৰৱেশাধিকাৰ আৰু গৱেষণা তথা উদ্ভাৱনত পৰ্যাপ্ত গুৰুত্বৰ অভাৱ বিদ্যমান। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ লক্ষ্য হৈছে ২০৩৫ চনৰ ভিতৰত উচ্চ শিক্ষাত ৫০ শতাংশ মুঠ নামভৰ্তি অনুপাত (Gross Enrolment Ratio-GER) অৰ্জন কৰা, যাৰ বাবে ব্যৱহাৰিক দক্ষতা (Practical Skills), উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানৰ অংশীদাৰিত্ব (Industry–Academia Partnership) আৰু আঞ্চলিক কৌশলৰ (Regional Strategy) ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। কিন্তু এটা কথা ঠিক যে সঁচা ৰূপান্তৰ নীতি ঘোষণাৰে নহয়; সেয়া সম্ভৱ হ’ব তেতিয়াহে, যেতিয়া ডিগ্ৰী অৰ্জনৰ মানসিকতাৰ পৰা জ্ঞান অনুসন্ধানৰ মানসিকতালৈ এক গভীৰ সাংস্কৃতিক পৰিৱৰ্তন ঘটিব।

শ্ৰেষ্ঠত্বৰ মৰীচিকা

ভাৰতীয় উচ্চ শিক্ষা ব্যৱস্থাৰ আন এটা গভীৰ সমস্যা হৈছে শ্ৰেষ্ঠত্বৰ এক বিভ্ৰান্তিকৰ ধাৰণা। আই.আই.টি (IIT), আই.আই.এম (IIM), এইমছ (AIIMS) আৰু কিছু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সাফল্যক প্ৰায়ে সমগ্ৰ ব্যৱস্থাৰ শ্ৰেষ্ঠত্বৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হয়। QS বিশ্ববিদ্যালয় ৰেংকিং ২০২৬-ত ভাৰতৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক আশাব্যঞ্জক ছবি উপস্থাপন কৰিছে। QS বিশ্ববিদ্যালয় ৰেংকিং হ’ল Quacquarelli Symonds নামৰ সংস্থাই প্ৰতিবছৰে প্ৰকাশ কৰা এক বিশ্বব্যাপী বিশ্ববিদ্যালয় ৰেংকিং। ২০২৬ চনৰ এই তালিকাত ভাৰতৰ প্ৰায় ৫৪-খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে, আৰু উপস্থিতিৰ দিশত ভাৰত আমেৰিকা, যুক্তৰাজ্য আৰু চীনৰ পিছতেই চতুৰ্থ স্থানত আছে। প্ৰথম দৃষ্টিত এই পৰিসংখ্যাই দেশৰ শিক্ষা ব্যৱস্থাৰ অগ্ৰগতিৰ এক ইতিবাচক সংকেত দিয়ে। কিন্তু এই উজ্জ্বল চিত্ৰৰ আঁৰত এক গুৰুত্বপূর্ণ বাস্তৱতা লুকাই আছে।

QS ৰেংকিঙত অথবা Times Higher Education-ৰ তালিকাত ভাৰতৰ কোনো প্ৰতিষ্ঠানেই বিশ্বৰ শীৰ্ষ ৫০-খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভাৰতৰ সৰ্বোত্তম প্ৰতিষ্ঠানসমূহ যেনে আই.আই.টি (IIT), আৰু আই.আই.এচ.চি-ৰ (IISc) অৱস্থান ১০০-ৰ পৰা ১৫০-ৰ মাজত। এই তথ্যই স্পষ্টভাৱে প্ৰকাশ কৰে যে উপস্থিতিৰ বৃদ্ধি ঘটিলেও গুণগত উৎকৰ্ষৰ ক্ষেত্ৰত দেশ এতিয়াও পিছ পৰি আছে। সৰ্বভাৰতীয় উচ্চ শিক্ষা জৰীপ (All India Survey of Higher Education-AISHE) ২০২২–২৩ অনুসৰি ভাৰতত উচ্চ শিক্ষাত ৪.৫ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। তথাপিও এই বিপুল সংখ্যাৰ মাজত ০.৫ শতাংশতকৈও কম ছাত্ৰ-ছাত্ৰীয়ে আই.আই.টিসমূহত অধ্যয়ন কৰে। বাকী প্ৰায় ৯৯ শতাংশ শিক্ষাৰ্থী ৰাজ্যিক বিশ্ববিদ্যালয়, অধিভুক্ত মহাবিদ্যালয় আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহত পঢ়ে য’ত বহু ক্ষেত্ৰত শিক্ষকৰ অভাৱ, পুৰণি পাঠ্যক্ৰম আৰু অপৰ্যাপ্ত আন্তঃগাঁথনিৰ সমস্যা বিদ্যমান। ফলত, এপিনে সীমিতসংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠান উৎকৰ্ষৰ দিশে আগবাঢ়ি থাকোঁতে আনপিনে বহু প্ৰতিষ্ঠানে ন্যূনতম মান বৰ্তাই ৰাখিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছে।

শিক্ষা কেৱল ৰেংকিঙৰ বিষয় নহয়; ই সমাজ গঢ়াৰ মূল আধাৰ। যদি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহেই দুর্বল হৈ থাকে, তেন্তে দেশৰ সামগ্ৰিক মানৱ সম্পদ উন্নয়নো বাধাপ্ৰাপ্ত হ’ব। সেয়ে, কেৱল কেইখনমান শীৰ্ষ প্ৰতিষ্ঠানৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰি উচ্চ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক সাফল্য নিৰ্ধাৰণ কৰা যুক্তিযুক্ত নহয়। এতিয়া সময় আহিছে ৰেংকিঙৰ চিকমিকনি আৰু বাহ্যিক সাফল্যৰ মোহৰ পৰা ওলাই আহি শিক্ষাৰ অন্তৰ্নিহিত সংকটসমূহৰ সৈতে সৎভাৱে মুখামুখি হোৱা। সংখ্যাত্মক অগ্ৰগতি বা বিশ্ব ৰেংকিঙত সাময়িক উন্নতিৰে শিক্ষাৰ প্ৰকৃত মান নিৰ্ণয় কৰিব নোৱাৰি; প্ৰয়োজন হৈছে এক গভীৰ, আত্মসমালোচনামূলক দৃষ্টিভংগী। সমগ্ৰ শিক্ষা ব্যৱস্থাৰ গুণগত উন্নয়ন নিশ্চিত কৰিবলৈ এক অন্তৰ্ভুক্তিমূলক, সুসংহত আৰু দূৰদৰ্শী নীতিৰ বিকাশ অতি প্ৰয়োজনীয়। এনে নীতিৰ মূল লক্ষ্য হ’ব লাগিব শিক্ষাৰ সকলো স্তৰত সমতা, প্ৰাসংগিকতা আৰু উৎকৃষ্টতাৰ সমন্বয় ঘটোৱা। আধুনিক যুগৰ প্ৰয়োজন অনুসৰি পাঠ্যক্ৰমসমূহৰ সময়োপযোগী আধুনিকীকৰণ, নিয়মিত প্ৰশিক্ষণেৰে শিক্ষকসকলৰ সক্ষমতা বৃদ্ধি আৰু একে সময়তে, গৱেষণাৰ মান উন্নয়ন কৰাটোও শিক্ষা ব্যৱস্থাৰ এক অন্যতম মুখ্য দিশ।

ইয়াৰ লগতে শিক্ষকসকলৰ সক্ষমতা বৃদ্ধি বিশেষ গুৰুত্বপূৰ্ণ। নিয়মিত প্ৰশিক্ষণ, নতুন শিক্ষণ-পদ্ধতিৰ পৰিচয় আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে শিক্ষকসকলক অধিক ফলপ্ৰসূ কৰি তুলিব পাৰে। একে সময়তে, গৱেষণাৰ মান উন্নয়ন কৰাটোও শিক্ষা ব্যৱস্থাৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ। উদ্ভাৱনমুখী চিন্তা, আন্তঃবিষয়ক গৱেষণা আৰু পৰ্যাপ্ত সম্পদৰ যোগানে এই ক্ষেত্ৰখনক শক্তিশালী কৰিব পাৰে। ইয়াৰ উপৰিও, উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানৰ মাজত দৃঢ় অংশীদাৰিত্ব গঢ়ি তোলা অত্যাৱশ্যক যাতে শিক্ষাৰ্থীসকলক উদ্যোগৰ প্ৰয়োজন অনুসৰি দক্ষ মানৱ-সম্পদ গঢ়ি তুলাত সহায় কৰে। নীতি আয়োগৰ ২০২১ চনৰ প্ৰতিবেদনেও দেখুৱাইছে যে ভাৰতৰ ৭০ শতাংশতকৈ অধিক মহাবিদ্যালয়ত এক হাজাৰতকৈ কম ছাত্ৰ আছে। এনে ক্ষুদ্ৰ প্ৰতিষ্ঠানসমূহত মানসম্পন্ন শিক্ষণ আৰু অৰ্থপূৰ্ণ গৱেষণাৰ পৰিবেশ সৃষ্টি কৰাটো সহজ নহয়।

ভাৰতৰ গৱেষণা আৰু উন্নয়ন (R&D) দিশত ব্যয় GDP-ৰ মাত্ৰ ০.৬৪ শতাংশ, আনহাতে জাৰ্মানীয়ে ৩.১ শতাংশ আৰু দক্ষিণ কোৰিয়াই ৪.৮ শতাংশ ব্যয় কৰে। এই বিনিয়োগৰ অভাৱে গৱেষণাৰ গুণমান আৰু পৰিমাণ উভয়কে ক্ষতিগ্ৰস্ত কৰিছে। ভাৰতৰ গৱেষণা প্ৰবন্ধৰ সংখ্যা বিশ্বস্তৰত ২০১৭ চনৰ ৩.৫ শতাংশৰ পৰা ২০২৪ চনত ৫.২ শতাংশলৈ বৃদ্ধি পাইছে। অধিক বিশ্ববিদ্যালয়, অধিক গৱেষক, আৰু “publish or perish” সংস্কৃতি ইয়াৰ কাৰণ। কিন্তু উচ্চ-প্ৰভাৱশালী গৱেষণাত অংশীদাৰিত্ব এতিয়াও সীমিত। সকলো প্ৰবন্ধ একে মানৰ নহয়,
বহু গৱেষণা কম প্ৰভাৱশালী (low-impact) জাৰ্ণেলত প্ৰকাশিত, অন্যান্য গৱেষকৰ দ্বাৰা উল্লেখ (citation) কম আৰু নতুন জ্ঞান সৃষ্টিত প্ৰভাৱ সীমিত।

এই বাস্তৱতাই এক স্পষ্ট বৈপৰীত্য উন্মোচিত কৰে—এফালে সৰু এটা বিশ্বমানৰ অভিজাত শ্ৰেণী, আনফালে সম্পদহীন বৃহৎ সংখ্যাগৰিষ্ঠ। অভিজাত প্ৰতিষ্ঠানৰ বহু স্নাতকে বিদেশলৈ গতি কৰে বা বহুজাতিক কৰ্পোৰেটত লাভজনক চাকৰি লাভ কৰে। কিন্তু সম্পদহীন মহাবিদ্যালয়ৰ স্নাতকসকল প্ৰায়ে সীমিত সুযোগ আৰু অনিশ্চিত ভবিষ্যতৰ সন্মুখীন হয়।

প্ৰকৃত শ্ৰেষ্ঠত্ব মুষ্টিমেয় কেইটামান প্ৰতিষ্ঠানৰ দীপ্তিত সীমাবদ্ধ নহয়। সেয়া তেতিয়াহে অৰ্থবহ হয়, যেতিয়া মানসম্পন্ন শিক্ষাৰ পোহৰ প্ৰতিজন শিক্ষাৰ্থীৰ জীৱনলৈ বিয়পি পৰিব। কাৰণ শ্ৰেষ্ঠত্ব মানে কেইটামান তৰাৰ উজ্জ্বলতা নহয়—ইয়াৰ অৰ্থ হ’ব সমগ্ৰ আকাশখনকে দীপ্তিময় কৰি তোলা।

ডিগ্ৰীৰ বিস্তাৰ আৰু নিয়োগযোগ্যতাৰ সংকট

ডিগ্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ডিগ্ৰীৰ মূল্য কমি গৈছে আৰু কৰ্মসংস্থানৰ সম্ভাৱনা হ্ৰাস পাইছে। আৰ্থিক সমীক্ষা ২০২৩-২৪ অনুযায়ী ভাৰতৰ মাত্ৰ ৫১.২৫ শতাংশ স্নাতককহে নিয়োগযোগ্য বুলি গণ্য কৰা হয়, কাৰণ বহু স্নাতকৰ যোগাযোগ দক্ষতা, সমস্যা সমাধানৰ ক্ষমতা, সমালোচনামূলক চিন্তা আৰু প্ৰযুক্তিগত দক্ষতাৰ অভাৱ। এই তথ্যই স্পষ্টকৈ দেখুৱাই দিয়ে যে ডিগ্ৰীৰ বিস্তাৰ সত্ত্বেও দক্ষতাৰ অভাৱ এক গভীৰ সমস্যা হৈ আছে।

এই সংকটৰ পৰিণতি কেৱল ব্যক্তিগত স্তৰত সীমাবদ্ধ নহয়; ই গভীৰভাৱে সমাজ আৰু অৰ্থনীতিৰ ওপৰতো প্ৰভাৱ পেলায়। India Employment Report 2024 অনুসাৰে, ভাৰতৰ মুঠ কৰ্মসংস্থানবিহীন লোকৰ ৮৩ শতাংশতকৈ অধিক হৈছে যুৱসমাজ। এই তথ্যই স্পষ্টকৈ সূচায় যে নিযুক্তিহীনতা এতিয়া এক “youth-centric” সমস্যাৰ ৰূপ লৈছে। অধিক চিন্তাজনক কথাটো হ’ল—এই কৰ্মসংস্থানবিহীন যুৱসংখ্যাৰ মাজত প্ৰায় ৬৫ শতাংশতকৈও অধিক মাধ্যমিক বা তাতকৈ অধিক শিক্ষা গ্ৰহণ কৰা। অৰ্থাৎ, শিক্ষাৰ পৰিমাণ বৃদ্ধি পোৱাৰ সৈতে উপযুক্ত কৰ্মসংস্থাপন নিশ্চিত হোৱা নাই। ২০২৪ চনত হাৰিয়ানাত স্বাস্থ্যসেৱাৰ সীমিতসংখ্যক পদৰ বাবে ৪৬,০০০-ৰো অধিক স্নাতক আৰু স্নাতকোত্তৰ প্ৰাৰ্থীয়ে আবেদন কৰিছিল। একেদৰে ৰাজস্থানত মাত্ৰ ১৮-টা পিয়নৰ পদৰ বাবে প্ৰায় ১২,০০০ উচ্চশিক্ষিত প্ৰাৰ্থীৰ প্ৰতিযোগিতা দেখা গৈছিল। এই ঘটনাসমূহ কেৱল পৰিসংখ্যা নহয়; ই ভাৰতীয় কৰ্মবজাৰৰ এক গভীৰ সংকটৰ প্ৰতিচ্ছবি। উচ্চ শিক্ষিত প্ৰাৰ্থীসকলে নিজৰ যোগ্যতাৰ সৈতে সংগতিপূৰ্ণ কৰ্মসংস্থাপন নাপাই নিম্নপদৰ চাকৰিৰ বাবে আবেদন কৰিবলৈ বাধ্য হোৱা ঘটনাক এক ধৰণৰ “underemployment” বা যোগ্যতা অনুসৰি সম্পূৰ্ণভাৱে নিয়োজিত নোহোৱা অৱস্থাৰ স্পষ্ট উদাহৰণ বুলি ক’ব পাৰি।

এই পৰিস্থিতিয়ে ভাৰতীয় উচ্চ শিক্ষাব্যৱস্থাৰ এক গভীৰ বিৰোধাভাস উন্মোচন কৰে। যি সময়ত উচ্চশিক্ষা এক সম্ভাৱনা আৰু উন্নয়নৰ দুৱাৰ বুলি ধৰা হৈছিল, আজি বহু ক্ষেত্ৰত অনিশ্চয়তা আৰু হতাশাৰ উৎস হৈ পৰিছে। দক্ষতা, উদ্যোগিক চাহিদা আৰু পাঠ্যক্ৰমৰ মাজত থকা অসামঞ্জস্যই এই সমস্যাটো অধিক তীব্ৰ কৰি তুলিছে। সেইবাবে, উচ্চ শিক্ষা ব্যৱস্থাৰ গুণগত সংস্কাৰ কেৱল এক শিক্ষানীতিৰ প্ৰশ্ন নহয়; ই দেশৰ সামাজিক স্থিতিশীলতা আৰু অৰ্থনৈতিক ভৱিষ্যতৰ সৈতে নিবিড়ভাৱে জড়িত এক গুৰুত্বপূর্ণ প্ৰয়োজন।

উদ্দেশ্যৰ সংকট

এই সমস্যাসমূহৰ গভীৰতাত গ’লেই দেখা যায় যে ইয়াৰ মূলত আছে উদ্দেশ্যৰ এক মৌলিক সংকট। আজিৰ বহু ক্ষেত্ৰত শিক্ষা মানে হৈছে—ডিগ্ৰী লাভ কৰা, চাকৰি পোৱা আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰা। এই লক্ষ্যসমূহ স্বাভাৱিক আৰু প্ৰয়োজনীয় হ’লেও, যেতিয়া শিক্ষা কেৱল এইবোৰত সীমাবদ্ধ হৈ পৰে, তেতিয়া ইয়াৰ গভীৰ উদ্দেশ্য ক্ষীণ হৈ আহে। জ্ঞানৰ অনুসন্ধান, সৃষ্টিশীলতা, সমালোচনামূলক চিন্তা আৰু সমাজমুখী দায়িত্ববোধ—এইবোৰ ধীৰে ধীৰে পিছপৰা বিষয় হৈ পৰে। ফলত, শিক্ষা ব্যৱস্থা এক প্ৰকাৰৰ “বিনিয়োগ আৰু প্ৰতিদান” (investment-return) মডেললৈ পৰিৱৰ্তিত হয়, য’ত ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰীক এক পণ্য হিচাপে গ্ৰহণ কৰে আৰু প্ৰতিষ্ঠানসমূহে সেই পণ্য প্ৰদান কৰে। এই দৃষ্টিভংগীয়ে শিক্ষাৰ আত্মাকেই সংকুচিত কৰে আৰু ইয়াক এক যান্ত্ৰিক, লক্ষ্য-সীমিত প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত কৰে।

গৱেষণা বহু ক্ষেত্ৰত জ্ঞানৰ প্রতি অনুৰাগৰ বাবে নহয়; পদোন্নতিৰ ক্ষেত্ৰত আনুষ্ঠানিক চর্ত পূৰণৰ বাবে কৰা হয়। ভাৰতত জ্ঞান-নিবিড় (knowledge-intensive) চাকৰিৰ অংশ তুলনামূলকভাৱে কম, আৰু কিছুমান বিশ্লেষণত এই অংশ প্ৰায় ১০–১৫ শতাংশৰ মাজত বুলি ধৰা হয়। ফলস্বৰূপে, বহু স্নাতক তেওঁলোকৰ যোগ্যতাতকৈ নিম্ন বা অসংগত পদত নিযুক্ত হ’বলৈ বাধ্য হয়। এসময়ত শিক্ষাজগতক সংজ্ঞায়িত কৰা অনুসন্ধিৎসাৰ মনোভাৱক এতিয়া যেন আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াই লাহে লাহে নিস্তেজ কৰি তুলিছে।

ইপিনে বিশ্বৰ শিক্ষাজগত দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু আন্তঃবিষয়ক গৱেষণাই জ্ঞানৰ নতুন সীমা উন্মোচন কৰিছে যদিও, ভাৰতৰ বহু শিক্ষা-প্ৰতিষ্ঠানে এতিয়াও পৰম্পৰাগত আৰু তাত্ত্বিক শিক্ষণ পদ্ধতিত অধিক নিৰ্ভৰশীল। অৱশ্যে কিছুমান অগ্ৰণী প্ৰতিষ্ঠানে ইতিমধ্যে আধুনিক, দক্ষতাভিত্তিক শিক্ষাৰ দিশে আগবঢ়িছে এয়া অস্বীকাৰ কৰিব নোৱাৰি। এই পৰিস্থিতিৰ আন এক গুৰুত্বপূর্ণ দিশ কৰ্পোৰেট ক্ষেত্ৰৰ দৃষ্টিভংগীত স্পষ্টকৈ প্ৰতিফলিত হৈছে। বিভিন্ন নিয়োগ সমীক্ষাই দেখুৱাইছে যে বহু কৰ্পোৰেট নিয়োগকৰ্তাই অনুভৱ কৰে—নতুনকৈ স্নাতক সম্পূৰ্ণ কৰা প্ৰাৰ্থীসকলক উৎপাদনশীল কৰ্মী হিচাপে গঢ়ি তুলিবলৈ সংস্থাসমূহে অতিৰিক্ত প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া হয়। অৰ্থাৎ, বিশ্ববিদ্যালয়সমূহৰ পৰা ওলাই অহা শিক্ষাৰ্থীৰ তাত্ত্বিক জ্ঞান আৰু কৰ্মক্ষেত্ৰৰ বাস্তৱ প্ৰয়োজনৰ মাজত এটা স্পষ্ট ব্যৱধান বিদ্যমান।

বহু নিয়োগকৰ্তাই এতিয়া ডিগ্ৰীক একমাত্ৰ যোগ্যতাৰ মানদণ্ড হিচাপে নহয়, বিশেষ দক্ষতা, সমস্যা সমাধানৰ ক্ষমতা আৰু ব্যৱহাৰিক অভিজ্ঞতাক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। এই ধাৰাই চাকৰিৰ বজাৰত ‘degree-centric’ পদ্ধতিৰ পৰা ‘skill-centric’ পদ্ধতিলৈ এক গুৰুত্বপূৰ্ণ কিন্তু ধীৰগতিত চলি থকা ৰূপান্তৰক সূচায়। ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ মূল সংকট নীতিৰ অভাৱ নহয়; সমস্যাটো অধিকাংশ ক্ষেত্ৰতে কাৰ্যকৰণৰ সীমাবদ্ধতা, উদ্যোগক্ষেত্ৰৰ সৈতে দুর্বল সংযোগ আৰু বাস্তৱমুখী ফলাফলৰ অভাৱত নিহিত।

প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনাৰ (PMKVY) জৰিয়তে ২০২৩ চনলৈ প্ৰায় ১ কোটি যুৱক-যুৱতীক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। পৰিসংখ্যাগত দিশত ই এক উল্লেখযোগ্য সাফল্য যদিও, বিভিন্ন অডিট আৰু মূল্যায়নে দেখুৱাইছে যে তেওঁলোকৰ এটা উল্লেখযোগ্য অংশই স্থায়ী আৰু প্ৰাসংগিক কর্মসংস্থাপন লাভ কৰিব পৰা নাই; কিছুমান ক্ষেত্ৰত এই হাৰ ২০%-ৰ আশে-পাশে। এই বৈষম্যই এটা গুৰুত্বপূর্ণ বাস্তৱতা প্ৰকাশ কৰে—প্ৰশিক্ষণৰ সংখ্যা বাঢ়িলেই কৰ্মসংস্থাপন নিশ্চিত নহয়। ইয়াৰ মূল কাৰণসমূহ হৈছে দীৰ্ঘম্যাদী কৰ্মসংস্থান নিৰীক্ষণ ব্যৱস্থাৰ অভাৱ, প্ৰশিক্ষণৰ বিষয়বস্তু আৰু উদ্যোগক্ষেত্ৰৰ বাস্তৱ প্ৰয়োজনৰ মাজত অসামঞ্জস্য, আৰু দক্ষতা উন্নয়নৰ পিছত নিয়োগ সংযোগৰ (placement linkage) দুর্বলতা। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই পৰিস্থিতিৰ বিকল্প ৰূপত সামগ্ৰিক শিক্ষাৰ দিশ দেখুৱাইছে। কিন্তু ইয়াৰ সাফল্য নিৰ্ভৰ কৰিব প্ৰাতিষ্ঠানিক মানসিকতাৰ ৰূপান্তৰৰ ওপৰত—অনুপালনৰ পৰা সৃজনশীলতালৈ, নিয়ন্ত্ৰণৰ পৰা অনুসন্ধিৎসালৈ।

সন্তুষ্টিৰপৰা আকাংক্ষালৈ

এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল—কিমানখন ভাৰতীয় বিশ্ববিদ্যালয়ে সঁচাকৈয়ে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হোৱাৰ আকাংক্ষা ৰাখে? এই প্ৰশ্ন ৰেংকিঙৰ বিষয়ে নহয়; এই প্ৰশ্ন হৈছে উচ্চাকাংক্ষাৰ মনোভাৱৰ বিষয়ে। বহু প্ৰতিষ্ঠানে বৈশ্বিক মানদণ্ড স্পৰ্শ কৰাৰ সাহসী লক্ষ্য স্থাপন কৰাৰ পৰিৱৰ্তে সাধাৰণ NAAC গ্ৰেড, সীমিত সুবিধা আৰু আঞ্চলিক স্বীকৃতিতেই সন্তুষ্ট হৈ থাকে। আকাংক্ষা অহংকাৰ নহয়; ই অগ্ৰগতিৰ চালিকাশক্তি।

যিবিলাক বিশ্ববিদ্যালয়ে বৈশ্বিক প্ৰাসংগিকতা লাভ কৰিব বিচাৰে, তেওঁলোকে নিজকে কিছুমান মৌলিক প্ৰশ্ন সুধিব লাগিব—আমাৰ স্নাতকসকল বিশ্বমানৰ নে? আমাৰ গৱেষণাই সমাজত প্ৰভাৱ পেলাইছে নে? আমি আন্তৰ্জাতিক সহযোগিতাৰ বাবে মুকলি নে? স্পষ্ট লক্ষ্য, দূৰদৰ্শী নেতৃত্ব আৰু স্বায়ত্তশাসনক জবাবদিহিতাৰ সৈতে সংযুক্ত কৰাই প্ৰতিষ্ঠানসমূহক পৰ্যাপ্ততাৰ পৰা বিশিষ্টতালৈ উত্তৰণ কৰিবলৈ সহায় কৰিব পাৰে।

উপসংহাৰ

শেষত প্ৰশ্নটো কেৱল শিক্ষা ব্যৱস্থাৰ নহয়; ই এটা জাতিৰ আত্মাৰ সৈতে জড়িত। বিশ্ববিদ্যালয়সমূহ কেৱল ডিগ্ৰী প্ৰদান কৰা প্ৰতিষ্ঠান নহয়, ই সমাজৰ বৌদ্ধিক বিবেক। যদি সেই বিবেক ম্লান হয়, তেন্তে এটা জাতিৰ ভবিষ্যৎও অনিশ্চিত হৈ পৰে। ডিগ্ৰী অৰ্জন কৰা হয়তো এতিয়া তুলনামূলকভাৱে সহজ হৈছে; কিন্তু প্ৰজ্ঞা, সমালোচনামূলক চিন্তা আৰু বাস্তৱজ্ঞান গঢ়ি তোলা এতিয়াও এক জটিল আৰু কষ্টসাধ্য প্ৰক্ৰিয়া। পাঠ্যক্ৰমত তাত্ত্বিক জ্ঞানৰ আধিক্য থাকিলেও, তাৰ সৈতে সংগতি ৰাখি প্ৰয়োজনীয় দক্ষতা, উদ্ভাৱনী চিন্তা আৰু কৰ্মমুখী প্ৰস্তুতি গঢ়ি তোলাত ব্যৱস্থাটো বহু ক্ষেত্ৰত ব্যৰ্থ হৈছে।

যদি শিক্ষা ব্যৱস্থাই এই মৌলিক পাৰ্থক্যটো—ডিগ্ৰী আৰু প্ৰজ্ঞাৰ মাজৰ ব্যৱধান উপেক্ষা কৰি থাকে, তেন্তে বিশ্ববিদ্যালয়সমূহ লাহে লাহে জ্ঞান সৃষ্টিৰ কেন্দ্ৰ হিচাপে নহয়, কেৱল প্ৰমাণপত্ৰ উৎপাদনৰ স্থানত পৰিণত হ’ব। তেনে পৰিস্থিতিত শিক্ষাৰ মূল উদ্দেশ্য যেনে, মানৱ সম্পদ গঢ়া, সমাজ উন্নয়ন কৰা আৰু জ্ঞানৰ নতুন দিগন্ত মুকলি কৰা—সকলোতে ক্ষতিগ্ৰস্ত হ’ব। সেয়েহে ভাৰতীয় উচ্চ শিক্ষাৰ সন্মুখত থকা প্ৰত্যাহ্বান কেৱল সংস্কাৰৰ নহয়; ই এক পুনর্জাগৰণৰ আহ্বান। দিল্লী বিশ্ববিদ্যালয়ৰ ‘দিল্লী স্কুল অৱ ইকনমিক্স’-ৰ সমাজবিজ্ঞান বিভাগৰ প্ৰাক্তন প্ৰফেচৰ এমেৰিটাছ, খ্যাতনামা ভাৰতীয় সমাজতত্ত্ববিদ, লেখক আৰু বুদ্ধিজীৱী আন্দ্ৰে বেটেই তেওঁৰ Universities at the Crossroads গ্ৰন্থখনত ২০১০ চনতে সতর্ক কৰি কৈছিল যে বিশ্ববিদ্যালয়সমূহ এতিয়া এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আছে—সমাজৰ বাবে উৎসৰ্গিত এক সজীৱ বৌদ্ধিক অনুষ্ঠান হিচাপে থাকিব নে কেৱল প্ৰমাণপত্ৰ উৎপাদন কৰা এক অনুষ্ঠানত পৰিণত হ’ব? বেটেইয়ে অভিজাত অতীতলৈ উভতি যোৱাৰ কোনো আহ্বান জনোৱা নাই; কিন্ত মূলতঃ এটা মৌলিক নীতিৰ কথাহে স্মৰণ কৰাই দিছে—বিশ্ববিদ্যালয়ে সমাজক সৰ্বোত্তমভাৱে সেৱা কৰিব পাৰে কেৱল তেতিয়াই, যেতিয়া ই নিজৰ বৌদ্ধিক স্বাধীনতা অটুট ৰাখে।

Leave a Reply

Your email address will not be published. Required fields are marked *