আইৰ বুকুত গজা তিনিডাল দুবৰি বন ।। হিমাংশু শইকীয়া
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
প্ৰখৰ ৰ’দ, বৰষুণ
হাড় কঁপা জাৰৰ মাজতেই
মোৰ আইৰ বুকুত গজি থাকে
তিনিডাল দুবৰি বন
ক’ত মানুহ আহে
পাৰ হয় বুকুৰ মাজেৰে
গচকি ফেনেকি
মোৰ আইক নোসোধাকৈ
ওলাই যায় সিহঁত
নিচুকনিৰ কোলাত তিনিডাল দুবৰি বন
বন কেইডালে কোনোদিন বৰষুণক অভিযোগ কৰা নাই
কোনোদিন সোধা নাই কিয় পীৰা পাৰি বহেহি ৰ’দ
কোলাত নুঠিবি বুলি আঁতৰাই নিদিয়ে নিয়ৰক
বন কেইডালৰ ওপৰেৰে
মানুহবোৰ পাৰ হ’লে মই চাই থাকোঁ
ভৰিৰ চেপত
আইয়ে ঘনকৈ উশাহ সলায়
নঙলা পাৰ হৈ বনকেইডালে
কোনোদিন বাহিৰলৈ ওলাই যোৱা নাই
ওলাই যাব নোৱাৰাকৈ সিহঁত শিপাই থাকে আইৰ বুকুত
ৰাতি হলেই
জোন এটাই আইক সোধে
“মোৰ দৰে তোমাৰ বুকুতো নাই নেকি পানী”?
আইয়ে দুবৰি বনকেডালক হাত ফুৰাই
“তোমাৰ দৰে মোৰ গালবোৰ শুকাই যোৱা নাই”
মানুহে ভুল কৰিলেও
হাঁহ, পাৰ, গৰু, ছাগলীয়ে
কোনোদিন আইৰ বুকুৰ দুবৰি বন ছিঙি খোৱা নাই।

