নাগৰিক অকবিতা : সৰু মানুহ-ডাঙৰ মানুহ ।। অশ্বিনী কলিতা
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
ডাঙৰ মানুহবোৰৰ
চেহেৰা-পাতি সাধাৰণতে নিপোটল,
বেশে-ভূষাই, পোছাকে পৰিচ্ছদে
পিণ্ডত দিয়া তামোলটোৰ দৰেই চিকুণ।
সৰু মানুহৰ তুলনাত
ডাঙৰ মানুহবোৰৰ বহুত কিবা কিবি থাকে
ডিগ্ৰী ডিপ্লমাও ধেৰ, ভেম-গপো বেছি।
ডাঙৰ মানুহৰ হাতবোৰো দীঘল।
দীঘল হাতৰ বাবেই ৰঙা ফিটাৰ মেৰ পাকবোৰ
খুলিবলৈ তেওঁলোকৰ সহজ হয়।
দীঘল হাতেৰে মন্ত্ৰী-মুদ্গৰকো সহজতে ঢুকি পোৱা যায়।
ডাঙৰ মানুহেবোৰে
সৰু মানুহৰ দৰে বিড়ি নাখায়,
আমনি লাগিলে চিগাৰেট হুপে,
ফটিকা খাই হুলস্থূল নকৰে,
ককটেইল পাৰ্টি কৰি বমি কৰে
অজীৰ্ণ ইংলিছ অবাইচ
ডাঙৰ মানুহেবোৰৰ খং উঠিলে
মানুহক কেতিয়াবা
‘সৰু মানুহৰ জাত’’ বুলিও তাচ্ছিল্য কৰে,
সৰু মানুহে কিন্তু ডাঙৰ মানুহক ভুলতো
‘ডাঙৰ মানুহৰ জাত’ বুলি উভটি নধৰে,
ইতিহাস সাক্ষী,
সহ্যৰ সীমা পাৰ হ’লে
সৰু মানুহবোৰ
শুকান বাৰুদৰ দৰে
ভমককৈ জ্বলে।
প্ৰায়বোৰ ডাঙৰ মানুহেই
সৰু মানুহৰ পৰা পাৰ্যমানে আঁতৰি
ওচৰ চাপে দেশী বিদেশী যোত্ৰবান সগোত্ৰৰ।
সৰু মানুহবোৰে বজাৰে-সমাৰে, বাটে-ঘাটে
হৃদয়ৰ উমেৰে বিয়নী মেল পাতে—
মানুহৰ স’তে।
সৰু মানুহবোৰে ঘৰৰ বাজলৈ
সৰুপানী চুবলৈ যোৱাৰ দৰে
ডাঙৰ মানুহেবোৰে ফৰেইন ট্ৰিপত
মন গ’লেই উৰি যায়
চিংগাপুৰ-ডুবাই।
আনৰ সুবিধা-অসুবিধাৰ প্ৰতি
নিৰুদ্বিগ্ন, নিৰ্বিকাৰ
—কিছুমান ডাঙৰ মানুহৰ
এয়াও এক বিকাৰ।
জেপ লুৰুকাবোৰৰ দুই এক
সৰু মানুহৰ মাজৰ হয়।
দেশ লুৰুকা আটাইয়ে কিন্তু ডাঙৰ মানুহৰ জাতৰ।
প্ৰিয় পাঠক,
চাহৰ দোকানত কেতিয়াবা পাইছেনে লগ?
পাণৰ দোকানত?
আপোনাৰেই হওক বুলি সুবিধা অকণ
চকী এৰি থিয় হোৱা
চাহকাপ আধা খোৱা,
মলিয়ন পোছাকেৰে শীৰ্ণ চেহেৰাৰ
অচিনাকি সেই ‘সৰু মানুহ’ জন?
আপুনি মন কৰিলেই দেখিব
বাছে-ৰেলে, ৰেস্তোঁৰাই-হোটেলে
ডাঙৰ হৃদয়ৰ অনেক সৰু মানুহ,
সৰু সৰু কামবোৰত যাৰ
উজ্বলি উজ্বলি উঠে
মানুহ হোৱাৰ গৌৰৱ-আভা
মনুষ্যত্বৰ সৌৰভ-প্ৰভা।
ভূপেনদাৰ গীতৰ
সৰু সৰু পুখুৰীৰ সৰু সৰু মাছবোৰৰ দৰেই
সৰু সৰু জুপুৰিৰ সৰু সৰু মানুহ জাকৰ
সৰু সৰু উদাৰতাত লাজ পোৱা
আমি যেন মধ্যবিত্তীয় ভেকুলী।
এই জল এই স্থল
ইলুটি সিলুটি।

