কুইয়েৰ কবিতা : ধানফুলৰ গোন্ধ ।। উৎপল বৰকটকী
মুক্ত চিন্তা। একাদশ বৰ্ষ।। ৫ম সংখ্যা
[টোকা: Queer poetry হ’ল কবিতাৰ এনে এক ধাৰা, যি LGBTQIA+ পৰিসৰৰ অন্তৰ্গত ব্যক্তিৰ অভিজ্ঞতা, পৰিচয়, ইচ্ছা আৰু আৱেগসমূহক প্ৰকাশ কৰে। ই পৰম্পৰাগত, হেটেৰোনৰ্মেটিভ (heteronormative) ৰীতি-নীতিক ভংগ কৰি সামাজিক প্ৰথাসমূহক প্ৰত্যাহ্বান জনায় আৰু প্ৰায়ে প্ৰেম, হেঁপাহ, বৈষম্য তথা আত্ম-স্বীকৃতিৰ দৰে বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে।]
এদিন
পদূলিৰ তগৰজোপাৰ কাষত ৰৈ
বনমালাই তৰালিক কৈছিল—
তাইৰ ওঁঠখন হেনো তগৰফুলৰ দৰেই গোন্ধায়
এদিন
তৰালিয়েও ক’লে—
বনমালাৰ হাতখন হেনো শিমলু তুলাতকৈও কোমল
এদিন
এৰালতলি পথাৰত সিহঁতে ধান কাটিবলৈ গৈ
গৰমত
নৈত ধুইছিল গা
বনমালাই কৈছিল—ঘামবোৰ আনাৰসৰ দৰেই গোন্ধাইছে
তৰালিয়ে ক’লে—নদীৰ পানীবোৰ আনাৰসৰ দৰেই গোন্ধাইছে
দুপৰৰ বেলি গৈ পিছচোতাল পালে
লগৰীকেইজনীয়ে উচপিচ কৰিছে
সিহঁত আহিবৰ হোৱাই নাই৷
বহুপৰৰ পাছত…
সিহঁতক ওভতা দেখিলে
লগৰীকেইজনীয়ে সিহঁতলৈ এবাৰ চায়
এবাৰ ধান দাই
পথাৰৰ আলিৰে বাট লৈ
সিহঁতে আগবাঢ়ে
আকৌ কোনোবা পৰত
ওখ ধাননিৰ মাজত বহুপৰ হেৰাই যায়…
আকৌ ওলায়…
এৰি
বাটে বাটে ধানফুলৰ গোন্ধ।

