ব’হাগী আই ।। আকাংক্ষা গগৈ
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
মোৰ আইৰ ধূসৰ চকু,
আৰু শোটোৰা পৰা ছালত
বিৱৰ্ণ ব’হাগৰ আবেলি।
ঘৰৰ চাদত লেৰেলিছে গোলাপ, জবা, যুতি, জাই
আইৰ আঠুৰ বিষ,
কোন সতে চিৰি বগায়!
পিয়াহত শুকায় একালৰ জকমক ফুলনি
মোৰ আই ক্লান্ত মালিনী।
জেতুকাবুলীয়া পকা চুলিত
ব’হাগে চুমা খায়
দেহত তিনিকুৰি বসন্তৰ আঁচোৰ,
তাতে ৰিহা মেৰিয়াই
বিহুলৈ ওলায়।
অমাতৰ মাতেৰে সুৰীয়া গীত গায়
আই নহ’লে হুঁচৰিত ৰং নাই।
একালৰ সম্ৰাজ্ঞী
ব’হাগী,
মোৰ আই নাচনী।

