চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা (দ্বিতীয় অংশ) ।। মূল: বিশ্বনাথ ঘোষ :: অনুবাদ: কল্যাণী কোঁৱৰ
মুক্ত চিন্তা। একাদশ বছৰ।। ৫ম সংখ্যা
পূৰ্বৰ সংখ্যাটিৰ বাবে ইয়াত টিপক
ভাৰতৰ নাভিস্থল (তৃতীয় খণ্ড)
ৰে’ষ্ট হাউচলৈ ঘূৰি আহি মই শুই পৰিলোঁ। প্রায় ডেৰ লাখ জনসংখ্যাৰ এই ইটাৰ্ছী চহৰখনৰ চাবলগীয়া ঠাইবোৰৰ বেছিভাগেই মই চালোঁ। দুৱাৰত কোনোবাই জোৰেৰে টুকুৰিয়াই দিয়াত মই সাৰ পাই উঠিলোঁ। কেয়াৰটেকাৰ জীৱন লাল। সি থৰক-বৰক কৰি থকা এজন বুঢ়া মানুহক ভিতৰলৈ আনিলে যিজনে হাত দুখন নমস্কাৰ কৰি দাঁতবিহীন শিশুসুলভ হাঁহি এটাৰে সম্ভাষণ জনালে।
“ছাৰ, আপুনি ভাপ ইঞ্জিন চলোৱা চালকক লগ কৰিব বিচাৰিছে বুলি কৈছিল। এই মানুহজনে আগতে ভাপ ইঞ্জিন চলাইছিল।” জীৱনলালে বুঢ়া লোকজনৰ প্রতি আঙুলিয়ালে যিজনে এতিয়া ইণ্টাৰভিউ বৰ্ডৰ সন্মূখত বিশ বছৰীয়া ল’ৰাৰ দৰে বহি আছে। অথবা ক’বলৈ গ’লে, লাজকুৰীয়া কইনাৰ দৰে।
টোপনিৰ পৰা হঠাৎ জগাই দিয়াৰ বাবে মোৰ তন্দ্রাভাব আঁতৰ হ’বলৈ কিছু সময় লাগিল। সেই সময়তে মই দেখিলোঁ যে বাহিৰত আন্ধাৰ হ’ল। ঘড়ীটোৱে সন্ধিয়া ছয়-ত্ৰিশ বজাৰ সংকেট দিলে। মই বুঢ়া মানুহজনৰ নাম আৰু বয়স সুধিলোঁ। তেওঁৰ নাম মথুৰা প্ৰসাদ, বয়সৰ কথা তেওঁ নিজেই নিশ্চিতভাৱে ক’ব নোৱাৰিলে। ২০০১ চনত তেওঁ ৰে’লৱেৰ পৰা অৱসৰ লোৱাৰ কথা ক’লে, অর্থাৎ তেওঁৰ বয়স সত্তৰৰ ওচৰ চাপিব লাগিছিল যদিও তেওঁৰ ক্ষীণকায় শৰীৰ আৰু অনিচ্ছাকৃতভাৱে দেখা দিয়া মুখমণ্ডলৰ বলিৰেখাৰ বাবে তেওঁক বহুত বয়সীয়াল লাগিছিল, কাণেৰেও কম শুনিছিল। জীৱনলালে মই সোধা প্রশ্নবোৰ জোৰেৰে তেওঁৰ কাণত আওৰাই থাকিব লগা হৈছিল।
মই যিমানখিনি বুজিলোঁ, মথুৰা প্ৰসাদ, মই লগ পাব খোজা ভাপ ইঞ্জিনৰ নিয়মীয়া চালক নহয়। বৰঞ্চ চালকৰ সহায়ক যিয়ে চাকৰি কালৰ শেষৰ সময়ত য়াৰ্ডলৈ ভাপ ইঞ্জিন লৈ যাব পৰাকৈ অভিজ্ঞ হৈ উঠিছিল। যিহেতু জীৱনলালে মই বিশেষকৈ ভাপ ইঞ্জিনৰ চালক এজনক লগ পাব বিচৰা বুলি তেওঁক কৈছিল, সেয়েহে তেওঁ ভাপ ইঞ্জিনৰ কাম-কাজৰ বিষয়ে বুজাবলৈ ধৰিলে। পাম্প, ইনজেক্টৰ আৰু প্ৰেছাৰ গজৰ বিষয়ে তেওঁ কৈ যাবলৈ ধৰিলে, যিবোৰ মোৰ বাবে মাথো ক’লা ৰঙৰ আখৰৰ সমতুল্য আছিল। কিন্তু তেওঁ যি আগ্ৰহেৰে ব্যাখ্যা কৰি আছিল, সেই আগ্রহে তেওঁক অতি মৰমলগা কৰি তুলিছিল। যিহেতু মথুৰা প্ৰসাদে জীৱনৰ গোটেইখিনি সময় ইটার্ছীতে বাস কৰিছিল, গতিকে মই তেওঁক তেওঁৰ স্মৃতিয়ে ঢুকি পোৱালৈকে সেই সময়ৰ ইটাৰ্ছীখন কেনেকুৱা আছিল বুলি সুধিলোঁ। মই অতি আচৰিত হ’লোঁ যেতিয়া তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ দিনবোৰলৈ উভতি গ’ল।
“জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ চলি আছিল আৰু ৰে’লৱে ষ্টেচনলৈ বিশেষ সামৰিক বাহিনীৰ আগমন ঘটিছে। আমি বহুত সৰু আছিলোঁ। মনত আছে, সেই সময়ত ষ্টেচনত কোনেও বিনা কাৰণত ঘূৰি ফুৰিব নোৱাৰিছিল। সকলো ঠাইতে ব্ৰিটিছ অফিচাৰবোৰ ঘূৰি ফুৰিছিল আৰু তেওঁলোক বৰ কঠোৰ আছিল। আমি সদায়েই তেওঁলোকক কোৱা শুনিছিলোঁ, ‘বাক আপ! বাক আপ!’ তেওঁলোকৰ মহিলাসকল বৰ মৰমিয়াল আছিল। ভাৰতীয় শিশু দেখিলেই হাতত চকলেট গুঁজি দিছিল।”
মথুৰা প্ৰসাদৰ অৱশেষত মনত পৰিল, ১৯৬৪ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মাহিলি চল্লিশ টকাৰ দৰমহাত তেওঁ ৰে’লৱেত যোগদান কৰিছিল। তেওঁ কয় যে সেই সময়ত দৰমহা কম আছিল যদিও সত্য আৰু সততাৰে তাৰ ক্ষতিপূৰণ সম্পূৰ্ণ হৈছিল। মথুৰা প্ৰসাদৰ শুকান বলিৰেখাৰে ভৰি থকা মুখখনলৈ চালে বিশ্বাস কৰিব পাৰি যে সত্য আৰু সততাৰ বাবেই তেওঁ কঠিন জীৱন-যাপন কৰিছিল। তেওঁ সৰলতা আৰু সৰল মনোভাবৰ এক জীৱন্ত উদাহৰণ। মই মনে মনে ভাবিবলৈ ধৰিলোঁ যোৱাৰ সময়ত তেওঁক মই কেইশমান টকা দি পঠাম।
“সেই সময়ত ইটার্ছীত একো নাছিল। একধৰণৰ এখন বস্তিৰ দৰে আছিল। ৰাস্তাৰ অৱস্থা খোজকাঢ়িব নোৱাৰা। বাহিৰলৈ ওলাই যাবলৈ ভয় লাগিছিল। চাৰিওফালৰ পৰা গাড়ী আহি থাকে। কিন্তু সেই সময়ত মানুহবোৰ অধিক দয়াবান আৰু উদাৰ আছিল। প্রতিখন দোকানতে ফুট্টানে (শুকান ভজা বুট)ৰ এটা বস্তা ৰাখিছিল। যেতিয়াই কোনোবা ভিক্ষাৰী বা দুখীয়া লোক আহে, দোকানীজনে কাগজৰ এটা ঠোঙা বনায় আৰু যথেষ্ট পৰিমাণৰ ফুট্টানে ভৰাই দি পঠায়। কাকো কেতিয়াও খালী হাতেৰে ঘূৰাই নপঠায়।” তেওঁ কৈছিল আৰু মই ভোকাতুৰ মথুৰা প্রসাদক এখন দোকানৰ সন্মুখত শুকান ভজা বুট খাবলৈ ৰৈ থকা কল্পনা কৰিলোঁ। মই তেওঁক কিছু টকা দিয়াৰ সিদ্ধান্ত ইতিমধ্যেই লৈছিলোঁ।
মই তেওঁৰ পৰিয়ালৰ বিষয়ে সুধিলোঁ। তেওঁৰ দুগৰাকী কন্যা আছে, দুয়োৰে বিয়া হৈ গ’ল। এতিয়া পত্নীৰ সৈতে তেওঁ ইটাৰ্ছীতে থাকে। “এতিয়া তেওঁ জীৱনটো উপভোগ কৰি আছে”, জীৱনলালে দুষ্টামিৰে হাঁহি এটা মাৰি মন্তব্য কৰিলে, “খুব ফুৰিবলৈ যায়।” ফুৰিবলৈ যোৱা আৰু জীৱন উপভোগ কৰা কথাটো দেহা থৰ-বৰ কৰা মথুৰা প্ৰসাদৰ লগত জড়িত কৰিব পৰা নাযায়। গতিকে মই জীৱনলালক সি কোৱা কথাখিনি বুজাবলৈ ক’লোঁ।
জীৱনলালে ক’লে, “যদি তেওঁ ভ্ৰমণ নকৰে তেন্তে তেওঁৰ প্ৰথম শ্ৰেণীৰ টিকেট পাছটো অপচয় নহ’বনে? তেওঁৰ দুটা প্ৰথম শ্ৰেণীৰ টিকেট পাছ আছে, এটা নিজৰ বাবে আৰু এটা সংগীৰ বাবে। গতিকে তেওঁ তীৰ্থযাত্ৰাত গৈ থাকে। কেতিয়াবা বেনাৰস, কেতিয়াবা দ্বাৰকা, কেতিয়াবা মথুৰা। সেই হিচাপত তেওঁৰ সামৰ্থ্য আছে। সাত হাজাৰ টকাৰ পেঞ্চন পায়।”
“বছৰেকীয়া?” মই সুধিলোঁ।
“নহয়, মাহেকীয়া।” জীৱনলালে হাঁহিলে।
মথুৰা প্ৰসাদে মিচিকিয়াই হাঁহি আছিল, তেওঁৰ থুতৰিটো আগৰ দৰেই কঁপি উঠিল।
মই তেলৰ দাগ লগা বিচনাখনৰ পৰা যেন সৰি পৰিলোঁ। ইটাৰ্ছীৰ দৰে সৰু চহৰত বসবাস কৰা এজন লোকৰ বাবে, যিজনে নিজৰ সাংসাৰিক দায়িত্ব সুকলমে পালন কৰিছিল আৰু এতিয়া হয়তো দুবেলা দুসাঁজ খোৱাৰ বাহিৰে আন বিশেষ একো প্ৰয়োজন নাছিল, সেই সাত হাজাৰ টকা সত্তৰ হাজাৰ টকাৰ সমান আছিল। ভুল মোৰেই, তেওঁৰ শীৰ্ণ- জীৰ্ণ চেহেৰাটোৱে মোক বিচলিত কৰিছিল আৰু মই পাহৰি গৈছিলোঁ যে তেওঁ ২০০১ চনত অৱসৰ লৈছে আৰু তেওঁৰ প্ৰাক্তন নিয়োগকৰ্তাজন আন কোনো নহয়, মহাশক্তিশালী ভাৰতীয় ৰে’লৱে আছিল। এতিয়া মোৰ মনে কৈছে যে তেওঁৰ পৰা কেনেবাকৈ দুশ টকামান উলিয়াই মোৰ সন্ধিয়াৰ পানীয়ৰ যোগাৰ কৰোঁ।
তেওঁলোক উঠি যাবৰ সময়ত মথুৰা প্ৰসাদে মোৰ বিজনেছ কাৰ্ডটো বিচাৰিলে। মই তেওঁক মোৰ কাৰ্ডটো দিলোঁ। “আপোনাৰ কাৰ্ডটো নোলোৱাকৈ মই কেনেকৈ যাওঁ?” তেওঁ দাঁতবিহীন হাঁহি এটা মাৰি ক’লে, “ৰামেশ্বৰমলৈ কেতিয়াবা যাবলৈ হ’লে মই চেন্নাইলৈ যাব লাগিব। সেইখনেই এতিয়ালৈকে মই নেদেখা একমাত্ৰ তীৰ্থস্থান।”
মথুৰা প্ৰসাদ যোৱাৰ পাছত মই অমনদীপলৈ ফোন কৰিলোঁ। সেইদিনা সন্ধিয়া আমি লগ হ’ম নে নাই আৰু সি মোৰ বাবে হোটেল বিচাৰি পাইছে নেকি সেইটো নিশ্চিত কৰিব বিচাৰিছিলোঁ। সি চহৰৰ আটাইতকৈ ভাল হোটেলখনৰ লগত কথা পাতিছে আৰু তাত বহুতো কোঠা খালী আছে বুলি জনালে।
“মই আপোনাক পৰামৰ্শ দিওঁ যে আপুনি এতিয়াই ৰেষ্ট হাউছটো এৰি হোটেললৈ গুচি আহক। মই তাতে আপোনাৰ বাবে ৰৈ থাকিম। হোটেলখন মোৰ দোকানৰ পৰা এক মিনিট খোজ কাঢ়িলেই পাব।” তেওঁ ক’লে।
ৰে’ষ্ট হাউছৰ পৰা চেক আউট কৰিয়েই মই বুজিলোঁ যে মাত্ৰ কোঠাৰ পৰা ওলাই আহি চাবিটো জীৱনলালৰ হাতত তুলি দি বাহিৰলৈ ওলাই আহিলেই হয়। সেই চৰকাৰী জিৰণি ঘৰটোত থকাটো বিনামূলীয়া। যিহেতু বিলত চহী নকৰাকৈ বা মানিবেগটোত হাত নিদিয়াকৈ চেক আউট কৰোঁতে মোৰ অদ্ভুত অনুভৱ হৈছিল। সেয়েহে জীৱনলালক টিপ দি আগদিনা সন্ধিয়া মোক আদৰণি জনোৱা আনজন কেয়াৰটেকাৰৰ লগত টকাখিনি ভগাই ল’বলৈ ক’লোঁ।
মই শেষবাৰৰ বাবে ট্ৰেক্টৰৰ দোকানখনলৈ ভালকৈ চালোঁ- সততে ট্ৰেক্টৰৰ দোকান চহৰ এখনত দেখা পোৱা নাযায়। তাৰপাছত আকৌ এবাৰ মই ৰে’লৱে ষ্টেচনৰ ৰাস্তাটোৰে উভতি গ’লোঁ, হোটেল নীলম আৰু গোঠী ধৰ্মশালা এই ৰাস্তাতে পৰে। সেই ৰাস্তাটোতে মই চেক ইন কৰিবলগীয়া হোটেলখন আছে, য’ত অমনদীপে মোৰ বাবে অপেক্ষা কৰি আছিল। তাত গৈ পোৱাৰ পিছত আমি চিধা চিৰি বগাই ৰিচেপচনলৈ গ’লোঁ। মই প্ৰতিদিনে ছশ টকাত ছুইট (suite) কোঠা এটা পছন্দ কৰিলোঁ। ছুইটটো যথেষ্ট ডাঙৰ, এখন বিচনাৰ লগতে চোফা আদিৰ সৈতে বহিব পৰাকৈ বহুতো ঠাই আছিল। কুশ্বন আৰু গাৰুৰে সজ্জিত বিচনাখন বৃত্তাকাৰ আছিল- এনেকুৱা বিচনা তেতিয়ালৈকে মই মাথোঁ চিনেমাত দেখিছিলোঁ। গা- ধোৱা কোঠালিটো যথেষ্ট ডাঙৰ আৰু পৰিস্কাৰ আছিল। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল যে ছুইটটোৰ পৰা ৰে’লৱে ষ্টেচনটো দেখা গৈছিল। কেৰেলাৰ বেকৱাটাৰ্ছৰ সন্মুখৰ ৰিজৰ্টত থকা যেন লাগি গৈছিল। কেৰেলাৰ বাবে বেকৱাটাৰ্ছৰ অৰ্থ আৰু ইটাৰ্ছীৰ কাৰণে ৰে’লৱে ষ্টেচনৰ অৰ্থ একে। ইটাৰ্ছীৰ ৰাস্তাত লক্ষ্যহীনভাৱে ঘূৰি ফুৰি আৰু দাগ লগা বিচনা চাদৰত শুই থকাৰ পাছত হাতত পেগ এটা লৈ চোফাত আৰামেৰে হেলান দি মোৰ ভাল লাগিল। মোৰ সন্মুখৰ চকীখনত অমনদীপ বহিল। মই তাত থাকি ভাল পোৱা দেখি অমনদীপ সন্তুষ্ট হ’ল। সৌভাগ্যক্ৰমে আমাক লগ দিছিল বিশ-বাইশ বছৰীয়া যুৱক সঞ্জয়ে। তেওঁ ভূপালৰ এখন বাতৰিকাকতৰ ইটাৰ্ছীৰ স্থানীয় সংবাদদাতা তথা ফটোগ্ৰাফাৰ আছিল। সি অমনদীপক পিতৃ স্থানীয় জ্ঞান কৰিছিল, এক কথাত ক’বলৈ গ’লে অমনদীপ তাৰ গুৰু আছিল। সি আজ্ঞাবাহী শিষ্যৰ দৰে যিমান পাৰি কুছিমুছি কম ঠাই দখল কৰিবলৈ চেষ্টা কৰিছিল।
“সেইদিনা সন্ধিয়া আপোনাক ষ্টেচনৰ পৰা ওলাই অহা দেখিছিলোঁ। আপুনি বগা চার্ট পিন্ধি আছিল, নহয়নে?” সঞ্জয়ে ক’লে। “অমনদীপ মহোদয়ে চেন্নাইৰ পৰা এজন সাংবাদিক আহিব বুলি কৈছিল। কিন্তু সেইজন আপুনিয়েই হ’ব বুলি মই ভবা নাছিলোঁ ।”
সেই সন্ধিয়া হোৱা কথা-বতৰাত সঞ্জয়ৰ অৱদান সিমানেই আছিল। যেতিয়া অমনদীপে মোক ইটাৰ্ছীৰ বিষয়ে, চহৰখনৰ আও-ভাওত নিজে জড়িত হোৱাৰ কাহিনী কৈ আছিল, তেতিয়া সি নীৰৱ শ্রোতা হৈ থাকিল। কিছু সময়ৰ মূৰে মূৰে কোনো ৰে’লৰ উকিটোৱে ৰে’লৱে ষ্টেচনটোৰ লগত সংযোগ থকা কাহিনীবোৰ শুনি থকাৰ সময়ত নিখুঁত পটভূমিৰ সৃষ্টি কৰিছিল।
অমনদীপে তাৰ দোকানত প্রায় তিনিশ নিয়মীয়া গ্রাহক থকা বুলি ক’লে যিয়ে ধাৰলৈ বস্তু নিয়ে। ইয়াৰে পঞ্চাশ শতাংশ ৰে’ল কর্মচাৰী আৰু বাকীসকল কৃষক। বেতনভুগী গ্ৰাহকে প্ৰতিমাহে ধাৰৰ ধন আদায় কৰে। আনহাতে কৃষকে বছৰেকত দুবাৰকৈ তেওঁক ধন আদায় কৰিছিল, প্রায়ে ইটাৰ্ছীৰ আশে-পাশে প্রচুৰ উৎপাদিত হোৱা ছয়াবিন আৰু সৰিয়হৰ ৰূপত।
“কৃষকসকলে সদায় নিজৰ কথা পালন কৰে। ৰে’ল কৰ্মচাৰীয়ে মাজে-সময়ে তেওঁলোকৰ ধন আদায় কৰিবলৈ অসুবিধা পায়। তেওঁলোকৰ ধাৰ বাঢ়ি গৈ থাকে। কথাটো হ’ল আজিকালি সকলোৱে ভাল জীৱন যাপন কৰিব বিচাৰে। ফলত তেওঁলোকে উপার্জনতকৈ অধিক খৰচ কৰে আৰু তাৰপাছত বৃহৎ ঋণৰ সন্মুখীন হয়। প্রায় প্রতিজন নিম্ন বৰ্গৰ ৰে’লৱে কর্মচাৰী ডিঙিলৈকে ধাৰত পোত গৈ আছে। ইয়াৰ আন এটা কাৰণ হ’ল মদ্যপানৰ অভ্যাস। মদ্যপানৰ প্রকোপ ইমানেই যে সিদিনা এজন কৰ্মচাৰী খোজকাঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত এটা সাপ দেখিলে। সি ইমানেই মদ খাই আছিল যে সাপটো ধৰি সি ক’লে, ‘আজি ৰাতি এই সাপটো মোৰ লগত শুব।’ পিছদিনা ৰাতিপুৱা তাক বিচনাত মৃত অৱস্থাত পোৱা গৈছিল। সাপে খোঁটাৰ ফলত তাৰ মৃত্যু হৈছিল। আজিকালি মহিলাসকলেও মদ্যপান কৰিবলৈ লৈছে। আমি এতিয়া খাই থকাৰ দৰেই তেওঁলোকেও পুৰুষ সহকৰ্মীৰ লগত মদ্যপান কৰে। একেবাৰে লাজ নকৰে। মাথোঁ এইয়াই নহয়, এই মহিলাসকলৰ কিছুমানে নিজৰ বা স্বামীৰ ঋণ পৰিশোধ কৰিবলৈ অনৈতিক কামত লিপ্ত হয় । মই মঞ্জু নামৰ এগৰাকী মহিলাক চিনি পাওঁ, আঠ নে দহ বছৰ ধৰি তাই মোৰ দোকানৰ গ্রাহক। তাইৰ গিৰিয়েক ৰে’লৱে চিকিৎসালয়ত টেকনিচিয়ান হিচাপে কাম কৰে। আগতে তাই বৰ সহজ-সৰল সাদৰী মহিলা আছিল। কিন্তু কিছুদিনৰ পৰা মই তাইক অচিনাকী পুৰুষৰ লগত ঘূৰি ফুৰা দেখিছোঁ। কেতিয়াবা তাই ৰাতি মোলৈ ফোন কৰে, আৰু মই বুজি পাওঁ তাই সম্পূৰ্ণভাৱে নিচাসক্ত হৈ থাকে। মই এবাৰ তাইক সুধিছিলোঁ, তোমাৰ লগত দেখা সেই মানুহবোৰ কোন? তাই উত্তৰ দিলে, ‘কি কৰিম ভাই চাহাব, উপায় নাই।’ ভাবি চাওকচোন, এনেকুৱা এগৰাকী সাদৰী আৰু সুন্দৰী মহিলাই নিজৰ জীৱনটো ধ্বংস কৰি পেলাইছে। তাইক দেখিলে ভাবিব নোৱাৰি যে তাই সেই ধৰণৰ মহিলা।”
মঞ্জুৰ বিষয়ে অমনদীপৰ বিৱৰণটো তথ্য সমৃদ্ধতকৈ বেছি উত্তেজনাময় আছিল। মই সুধিলোঁ এতিয়া এই সময়ত আড্ডা মাৰিবলৈ তাই ইয়ালৈ অহাৰ কোনো সম্ভাৱনা আছে নেকি। মই তাক তেনেকৈ সুধিলোঁ কাৰণ মই নিশ্চিত আছিলোঁ যে সি এনেকুৱা এটা উত্তৰ দিব, “নাই, তাই নাহে। এতিয়া বহুত দেৰি হ’ল।” কিন্তু মোক আচৰিত কৰি সি এটা নম্বৰ ডায়েল কৰিলে। ফোনটো বাজি উঠিল।
“মঞ্জুজী, মঞ্জুজী! শুনিছেনে? মোৰ বন্ধু এজন চেন্নাইৰ পৰা আহিছে। তেওঁ এটা লেখা লিখিছে, ঋণ পৰিশোধ কৰিবলগীয়া হোৱাৰ বাবে মহিলাসকলে কেনেকৈ ভুল পথ অৱলম্বন কৰে, তাৰ ওপৰত…..” মোৰ এনে লাগিছিল, মোৰ হাতত এনেকুৱা এটা যন্ত্র থাকিলহেঁতেন যিয়ে মোক সেই কোঠাটোৰ পৰা নিমিষতে অদৃশ্য কৰি পেলাব পাৰে। মোৰ ইমানেই লাজ লাগিছিল যে কাণ দুখন গৰম হৈ যোৱা আৰু আঙুলিবোৰ কঁপি থকা অনুভৱ কৰিছিলোঁ- যিটো এতিয়া ভাবি চালে অমূলক আছিল বুলিব পাৰি।
“চেন্নাইৰ পৰা আহিছে। আৰু তেওঁ ……..”
“মঞ্জুজী, মোৰ কথাবোৰ শুনা পাইছেনে?” ফোনটো বিছিন্ন হৈ পৰিল।
“সেইয়া দেখিলানে? তাই মদ খাই বেহুছ হৈ আছে । মই কোৱা কথাবোৰৰ এটা শব্দ তাই বুজি পোৱা নাই।” অমনদীপে ক’লে।
“কোনো কথা নাই। মোৰ মাথো তাইক জনাৰ কৌতূহল হৈছিল, এতিয়া থাকক দিয়া।” মই তাক আস্বস্ত কৰিবলৈ ক’লোঁ।
“ইয়াৰ পিছত তাইক মোৰ দোকানলৈ আহিবলৈ দিয়ক। মোৰ মনৰ কথা তাইক ক’ম!” অমনদীপে হুমুনিয়াহ এটা কাঢ়ি ফোনটো পকেটত ভৰাই থ’লে।
বিষয়টো সলনি কৰিবলৈ মই তাক দোকানখন কেতিয়া আৰম্ভ কৰিছিল সুধিলোঁ। সি হুইস্কিত চুমুক এটা মাৰি ক’লে, “দেউতাই ১৯৬৪ নে ১৯৬৫ চনত দোকানখন খুলিছিল। মই দোকানত বহাটো তেওঁ কেতিয়াও বিচৰা নাছিল। কিন্তু ১৯৮৪ চনত তেওঁৰ হঠাৎ মৃত্যু ঘটিল আৰু মোৰ হাতত আন উপায় নাছিল। আনহাতে বহুতো মানুহে আমাৰ পৰা লাখ লাখ টকা ঋণ লৈছিল। কিন্তু দেউতাৰ মৃত্যুৰ পাছত তেওঁলোক অন্তর্ধান হৈ হ’ল। বেংকৰ পৰা বিশ হাজাৰ টকা ঋণ লৈ মই নতুনকৈ সকলো পুনৰ আৰম্ভ কৰিব লগা হ’ল। ঋণ লোৱাত সহায় কৰা সেই মেনেজাৰ জনৰ প্রতি মই জীৱনভৰ কৃতজ্ঞ হৈ থাকিম। তেওঁ নথকা হ’লে হয়তো আজি মই ৰাস্তাত থাকিলোহেঁতেন।”
১৯৮৪ চনত, দেউতাক ঢুকুৱাৰ কিছু সময়ৰ আগতেই তেওঁ সাংবাদিক হোৱাৰ সিদ্ধান্ত লয়। তেতিয়া তেওঁ কলেজত পঢ়ি আছিল আৰু দেউতাকে তেওঁক প্রায়ে কোনোবা এজন মি. এমৰ ওচৰলৈ টকা সংগ্রহ কৰিবলৈ পঠাইছিল, যিজনে সেই সময়ত ইটাৰ্ছীত এখন অতি উন্নত মিঠাইৰ দোকান চলাইছিল। মিঠাইৰ দোকান চলোৱাৰ উপৰিও অমনদীপৰ মতে তেওঁ এজন সুদৰ্শন ব্যক্তি আছিল, পার্ট টাইম সাংবাদিক আছিল আৰু অভিনেতা হোৱাৰ অভিলাষ পুহি ৰাখিছিল।
“এদিন সন্ধিয়া মই দোকানলৈ যাওঁতে তেওঁক টেলিফোনতে বাতৰি দি থকা শুনিলোঁ। ইটার্ছীত কিবা এটা ক্রীড়া অনুষ্ঠান হৈছিল আৰু তেওঁ মুখ্য কাৰ্য্যালয়লৈ ফোন কৰি তাৰ স্ক’ৰসমূহ কৈ আছিল। আপুনি বিশ্বাস নকৰিব এই কথাটোৱে মোক কিমান মুগ্ধ কৰিছিল। মই তেওঁক তেতিয়াই মইও সাংবাদিক হ’ব বিচাৰোঁ বুলি কৈছিলোঁ। তেওঁ মোক মৰমেৰে সুধিলে, ‘তুমি সঁচাকৈয়ে ভাবিছা নেকি।’ এইবুলি কৈ তেওঁ মালিকৰ নামত এখন চিঠি লিখিলে আৰু মোক লগ কৰিবলৈ ক’লে।”
কিন্তু অমনদীপৰ উচ্চাকাংক্ষাৰ দুৱাৰখন ইমান সহজে খোল খোৱা নাছিল। দেউতাকৰ মৃত্যু হ’ল। সেই বিপৰ্য্যয় আৰু দোকানখন চোৱা-চিতা কৰাৰ দায়িত্ব হঠাৎ আহি পৰাৰ পাছতো সি নিজৰ উচ্চাকাংক্ষাক জীয়াই ৰাখিলে। সি ইংৰাজী ভাষাৰ টিউচন ল’বলৈ আৰম্ভ কৰিলে আৰু সৃষ্টিশীল লেখাৰ এটা দূৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলে। অৱশ্যে সাংবাদিকতাৰ চাকৰিটো পাবৰ বাবে ভূপালত থকা কাকতখনৰ মূখ্য কাৰ্যালয়লৈ সি কেইবাবাৰো অহাযোৱা কৰিবলগীয়া হ’ল। টকা- পইচাৰ হিচাপত চাকৰিটোত বিশেষ একো লাভ নাই। কিন্তু প্ৰেছ কার্ডখন আৰু গুৰু মি.এম ৰ দৰে ইটাৰ্ছীৰপৰা বাতৰি কাকতখনলৈ খবৰ পঠাবলৈ পোৱা অনুমোদনে অমনদীপক খুব আনন্দিত কৰিছিল।
“মই দহ বছৰ ধৰি ইংৰাজী টিউচন ললোঁ। ভাষাটোৰ ওপৰত দখল আয়ত্ব কৰাৰ মোৰ আকাংক্ষা প্রৱল আছিল। ১৯৯০ চনত মোৰ বিয়াৰ পাছতো সদায় মই ৰাতিপুৱা ছয় বজাতে চাইকেল চলাই টিউচন পঢ়িবলৈ যাওঁ। আনকি ঠাণ্ডা দিনতো যাওঁ।” অমনদীপে ক’লে।
অমনদীপৰ অন্তৰত সাংবাদিকতাৰ জুই লগোৱা মিঠাই দোকানৰ সুদৰ্শন মালিক মি. এমৰ অৱশেষত কি হ’ল?
“চিনেমাত নিজৰ ভাগ্য পৰীক্ষা কৰিবৰ বাবে তেওঁ মুম্বাইলৈ গুচি যায়। যিকোনো প্রকাৰে তাত তেওঁ এখন চিনেমাত অভিনয় কৰাৰ সুযোগ পাইছিল আৰু মই শুনামতে চিনেমাখন নিৰ্মাণ কৰিবৰ বাবে তেওঁ নিজৰ জেপৰ পৰা পঞ্চাশ লাখ টকা খৰচ কৰিছিল। কিন্তু যেতিয়া চিনেমাখনে মুক্তি পায়, দেখিলে যে তেওঁৰ মাত্র পাঁচ মিনিটৰ দৃশ্যাংশ এটা আছে। তাৰোপৰি চিনেমাখন ফ্লপ হ’ল। এই ঘটনাটোৱে দিয়া আঘাত তেওঁ সহ্য কৰিব নোৱাৰি মদ খাবলৈ ধৰিলে। মিঠাইৰ দোকানখন বন্ধ হৈ গ’ল আৰু মদত আসক্ত হৈ অৱশেষত তেওঁৰ মৃত্যু হয়। ( আগলৈ)

