গাঁৱৰ সমাজত স্বৈৰতন্ত্ৰৰ প্ৰভাৱ ।। প্ৰদীপ দাস
মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
গাঁও অঞ্চলৰ যি সামাজিক ব্যৱস্থা, এই ব্যৱস্থাৰ আঁৰত স্বৈৰতান্ত্ৰিক গোট এটা লুকাই থকা দেখা যায়। গাঁৱৰ প্ৰায়বোৰ সমাজলৈ লক্ষ্য কৰিলে দেখা যায় যে বছৰ বছৰ ধৰি মুস্তিমেয় কেইজনমান ব্যক্তিয়ে সমাজ পৰিচালিত কৰি আহিছে। অৱশ্যে প্ৰথমাৱস্থাত গণতান্ত্ৰিক নিয়মেৰে বা ৰাইজৰ সমৰ্থনত এওঁলোকক বিষয়বাব দিয়া হয় যদিও পৰৱৰ্তী সময়ত এওঁলোকে নিজৰ নিজৰ ধৰণেৰে সিদ্ধান্তবোৰ লোৱা দেখা যায়। কেতিয়াবা আনুষ্ঠানিকতাৰ খাতিৰত সভা এখন অনুষ্ঠিত কৰে যদিও উদ্দেশ্য আৰু সিদ্ধান্ত পূৰ্বে নিৰ্ধাৰণ হৈ থাকে। সাধাৰণ ৰাইজৰ কথাৰ বৰ বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাযায়।
সাধাৰণতে গাঁৱৰ সমাজত তিনি ধৰণৰ ব্যক্তি থকা দেখা যায়। প্ৰথম ৭৫ শতাংশ মানুহে সামাজিক কামক লৈ বিশেষ চিন্তাম্বিত নহয় বা এওঁলোক নিজৰ মাজতে ব্যস্ত থাকে। সমাজে নিৰ্ধাৰণ কৰা বৰঙণি, চান্দা আদি দিয়ে নিজৰ দায়িত্ব পালন কৰা বুলি আস্বস্ত হয়। কেতিয়াবা দুই-এজনে ভাল-বেয়াৰ সমালোচনা কৰে যদিও সমাজত কথা কোৱাৰ ভয় এটা থকাৰ বাবে নিশ্চুপ হৈ থকিব লগা হয় আৰু স্বৈৰতান্ত্ৰিক সকলে যি সিদ্ধান্ত লয় তাকে মানি ল’বলৈ বাধ্য হয়।
দ্বিতীয়তে ১৫ শতাংশ ব্যক্তি সেইসকল, যিসকলে উচিত অনুচিত বিচাৰ কৰাৰ প্ৰয়োজনবোধ নকৰে। এখেত সকলৰ ধাৰণা এয়ে যে বিষয়াসকলে যি সিদ্ধান্তই নলওক নিশ্চয় ভালেই হ’ব। এওঁলোকে বিষয়াসকলক বিজ্ঞ, ধৰ্মপৰায়ণ, শক্তিশালী বা সৰ্বেসৰ্বা বুলি ভাবি লয়। সেয়ে তেওঁলোকৰ বিপক্ষে মাত মাতিবলৈ ভয় কৰে আৰু সমীহো কৰে। এওঁলোক সদায় এই স্বৈৰতান্ত্ৰিকসকলৰ পক্ষত থাকে।
তৃতীয়তে বাকী থকা ১০ শতাংশ ব্যক্তিয়ে কথাবোৰ চালিজাৰি চোৱাৰ ক্ষমতা ৰাখে, হিত-অহিত বা সমাজৰ সকলোৰে হৈ চিন্তা কৰাৰ সমৰ্থতা ৰাখে। সেয়ে বিষয়বাবত থকাসকলে সততে এওঁলোকক এৰাই চলে, সভালৈ বা যিকোনো কামত এওঁলোকক পৰাপক্ষত আমন্ত্ৰণ নজনায় বা জনালেও(বধ্যত পৰি) কথা কোৱাৰ সুযোগ নিদিয়ে আৰু কদাচিত ক’বলৈ সুবিধা দিলেও তেওঁলোকৰ কথাত যিমানেই ইতিবাচক যুক্তি নাথাকক কিয় সেই কথাৰ গুৰুত্ব নোহোৱা কৰি দিয়ে আৰু এওঁলোকৰ লগত থকা ১৫ শতাংশ ব্যক্তিৰ সমৰ্থনৰ বাবে সিদ্ধান্ত সৰ্বদা স্বৈৰতান্ত্ৰিক সকলৰ পক্ষত থাকে।
এনে নহয় যে স্বৈৰতান্ত্ৰিক সকলে সমাজৰ কাম নকৰে। এখেতসকল প্ৰকৃততে বৰ চতুৰ আৰু বুদ্ধিমত্তা সম্পন্ন ব্যক্তি হয়। এই গোটটোৱে প্ৰকৃত সমাজ সেৱা নকৰিলেও “দৃশ্যমান” কামৰ জৰিয়তে জনপ্ৰিয়তা অটুট ৰাখে।
ভাওনা, বিহু, ৰাস, সবাহ— এইবোৰত তেওঁলোক আগৰণুৱা। ৰাইজৰ চান্দাৰে ছাত্ৰক বঁটা দিয়ে, কিন্তু ব্যক্তিগতভাৱে কাৰো বিপদত ওলাই নাহে। ইয়াক “Spectacle Politics” বোলা হয়। এইবোৰ কাৰণতে এওঁলোকৰ জনপ্ৰিয়তাও বৃদ্ধি পায়। এই জনপ্ৰিয়তাই এওঁলোকক আৰু অধিক স্বৈৰতান্ত্ৰিক হ’বলৈ সাহস যোগায়। উপৰুক্ত ১০ শতাংশ ব্যক্তিৰ কোনো যুক্তিয়ে তেওঁলোকক হিলাব নোৱাৰে কাৰণ এওঁলোকৰ লগত ইতিমধ্যে আছেই ১৫ শতাংশ ব্যক্তি যি তেওঁলোকক সমীহ কৰে আৰু সৰ্বসাধাৰণ ৭৫ শতাংশ ব্যক্তি যি সভালৈ নাহে, চান্দা বা বৰঙণি দিয়ে নিজৰ দ্বায়িত্ব সামৰে। এই ১০ শতাংশ বনাম ১৫ শতাংশৰ সংঘাতত ৭৫ শতাংশৰ নীৰৱতাই সদায় ১৫ শতাংশক জয়ী কৰায়। ইয়াক সমাজবিজ্ঞানত “Spiral of Silence” বোলে— সংখ্যাগৰিষ্ঠই ভাবে তেওঁলোক অকলশৰীয়া, সেয়ে মনে মনে থাকে।
উপসংহাৰ:
যেতিয়ালৈকে ৭৫% মানুহ নীৰৱ হৈ থাকিব, ১৫% মানুহেই অন্ধভাৱে সমৰ্থন কৰিব, আৰু ১০% ক অকলশৰীয়া কৰি ৰখা হ’ব— তেতিয়ালৈকে গাঁৱৰ নামঘৰৰ চোতালতো স্বৈৰতন্ত্ৰই গণতন্ত্ৰৰ মুখা পিন্ধি ৰাজত্ব কৰি থাকিব। প্ৰথম পদক্ষেপটো হ’ল এই নীৰৱতা ভঙা, প্ৰশ্ন কৰা। কাৰণ প্ৰশ্ন নকৰা সমাজ এখন জীৱন্ত সমাজ হ’ব নোৱাৰে।

