বান ।। উৎপল বৰকটকী
মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
আকাশে আজি পিন্ধিছে এটা অন্তহীন কান্দোন।
মেঘবোৰ যেন শতাব্দীৰ নোকোৱা দুখ লৈ একেলগে নামি আহিছে পৃথিৱীৰ বুকুলৈ…
নদী সেইদিনা নদী হৈ নাথাকিল—
যিদিনা পৰিধি ভাঙি উন্মাদ এক সাম্ৰাজ্যত পৰিণত হৈছিল।
নদীখন— যি নদী এদিন ল’ৰালিৰ হাঁহিত বৈছিল, আজি অচিন মাতৰ এটা উন্মত্ত সোঁত…
যি নদীৰ সৈ’তে সহবাসে পাৰ হ’ল কৌশোৰ, যৌৱন, বাৰ্দ্ধক্য; আজি সেই একেই নদীয়ে ঘৰৰ ঠিকনা উচ্চাৰণ নকৰে।
কোনে তাক মাতিলে?
কোনে তাৰ বুকুত ইমান অস্থিৰতা সিঁচিলে?
কোনেও নাজানে।
কেৱল অনামী বতাহে তাৰ চুলিত আঙুলি ফুৰাই আৰু অধিক বন্য কৰি তোলে।
পাহাৰৰ বুকুৰ পৰা সৰি অহা প্ৰতিটো সৰু জুৰিয়ে আজি এটা এটা অশ্ৰুৰ বৰ্ণমালা।
গাঁওবোৰক মানচিত্ৰৰ পৰা মচি পেলায়,
পথবোৰক ইতিহাস কৰি থৈ যায়,
আৰু মানুহ…মাত্ৰ সংখ্যাত পৰিণত হয়।
গছবোৰে পানীৰ সোঁতত বাচি লয়
ঋষিৰ নীৰৱতা…
ঘৰবোৰ এটাৰ পিছত আনটো
পানীৰ বুকুত নামহীন নাও হৈ ভাহি যায়।
এটা ঘৰ ভাঙি পৰাৰ শব্দ কিমান কঠিন হ’ব পাৰে—
সেয়া কেৱল পানীৰ তলত জীৱন বিচাৰি ফুৰা, এপদ-এপদকৈ ঘৰখন গঢ়া মানুহবোৰে জানে।
পানীয়ে এটা এটাকৈ ঘৰ নিলে;
কিন্তু ঘৰতকৈ বেছি উটুৱাই নিলে ফিৰি আহিম বুলি দুৱাৰত এৰি যোৱা বিশ্বাসবোৰ।
কেৱল দুৱাৰবোৰ পানীৰ স্মৃতিত ভাহি থাকে।
আন্ধাৰে পানীৰ ওপৰতে সাজে নিজৰ ঘৰ।
নদীয়ে পিন্ধি ল’লে ক্ৰুৰতাৰ সাজ
নিঃসহায় মানুহ
পানীৰ আঁচোৰ শুকুৱাবলৈ বহু ঋতু লাগিব।

