অনুবাদগ্ৰন্থ

এগৰাকী কবিৰ জীৱনী।। মূল : মাৰ্ক আইনাৰ :: অনুবাদ : অৰুণ কুমাৰ শৰ্মা

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

পঞ্চদশ অধ্যায়

চিনেটৰ নেৰুডা
তুমি, তুমি কি কৰিছিলা?
খনিগৰ্ভত কৰ্মৰত তোমাৰ
ভাইসকলৰ বাবে তুমি
কেতিয়াবা মাত মাতিছিলানে?
প্ৰতাৰিতসকলৰ দুখত তুমি
ব্যথিত হৈছিলানে?
তোমাৰ মানুহবোৰৰ
ওপৰত জাপি দিয়া অন্যায়ৰ
বিৰুদ্ধে তোমাৰ মুখৰ পৰা
জ্বলন্ত শব্দাংশবোৰ উচ্চাৰিত
হৈছিলনে?

— “বিশ্বাসঘাতক

সি দূৰপ্ৰাচ্যৰ পৰাই হওক, কিম্বা স্পেইন অথবা মেক্সিকোৰ পৰাই হওক, নেৰুডাই প্ৰতিবাৰেই যেতিয়া বিদেশৰ পৰা উভতিছিল, তেতিয়াই তেওঁ পৰিৱৰ্তিত ৰূপত আহি উপস্থিত হৈছিল। লিমাত তেওঁ সাংবাদিক জৰ্জে ফলকেনক কৈছিল, “মই চিলিলৈ গৈ আছোঁ, কাৰণ, বেছ কিছু কাল মই ইয়াৰ পৰা আঁতৰি আছোঁ। মাজে মাজে মোৰ দেশখনলৈ অলপ সময়ৰ বাবে আহিছোঁ যদিও, যোৱা ষোল্ল বছৰে মই বিভিন্ন দেশ পৰিভ্ৰমণ কৰি সুদীৰ্ঘ কাল বাহিৰতে কটাইছোঁ। এতিয়া মোৰ ইচ্ছা আৰু হেঁপাহ ইয়াতেই থকাৰ, আৰু ইয়াতেই থাকি পোনপটীয়াকৈ ৰাজনীতিৰ সৈতে যুক্ত হোৱাৰ।” তেওঁ বিশ্বাস কৰিছিল যে, ঐক্যবদ্ধ বাঁওফ্ৰন্টেই হ’ল চিলিৰ একমাত্ৰ আশা-ভাৰসাৰ থল, আৰু শক্তিশালী চিলিয়ে সমগ্ৰ দক্ষিণ আমেৰিকাকে শক্তিশালী কৰিব। আৰু সেয়েহে তেওঁ কূটনৈতিক চাকৰিৰ পৰা অৱসৰ লোৱাৰ কথা চিন্তা কৰিছিল।

চিলি আহি পোৱাৰ পাছত, নেৰুডা আৰু দেলিয়াই এভেনিদা লিঞ্চত কিনা ঘৰটো মেৰামতি কৰি ঠিকঠাক কৰাৰ সময়ছোৱাত, তেওঁলোকে চিলভিয়া থেয়াৰৰ এপাৰ্টমেণ্টত থাকিবলৈ লৈছিল। চিলভিয়া আছিল এগৰাকী বহুবন্দিত অভিনেত্ৰী। আনহাতে, তেওঁ আছিল সেই হিনোজোছাৰ ভনীয়েক, যিজনে নেৰুডাক সংগ দিয়াৰ বাবে দূৰ প্ৰাচ্যলৈ গৈছিল। উক্ত এপাৰ্টমেণ্টতে এণ্টোনিও ৰেমছ নামৰ আৰ্জেণ্টিনাৰ ছাত্ৰী এজনীও আছিল, যিজনীয়ে চিলিৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ লৈছিল। নেৰুডা সম্পৰ্কে তাই লিখিছিল এইদৰে:

“সেই সময়ত তপামূৰীয়া পাবলোক শকতকেই দেখিছিলোঁ। পাতল চেহেৰাৰে দেলিয়া আছিল বৰ সুৰুচিসম্পন্না আৰু তেওঁৰ চালচলন আছিল গাম্ভীৰ্যপূৰ্ণ। আনহাতে পাবলো আছিল বোহেমিয়ান চৰিত্ৰৰ। তেওঁলোকে ৰাতি দুই বজাত আহি উপস্থিত হৈ সকলোকে টোপনিৰ পৰা জগাই ৰাতিপুৱা চাৰি-পাঁচ বজালৈ কথাৰ মহলা মাৰিছিল। ঘৰটো স্পেনিছ শৰণাৰ্থী আৰু মেক্সিকোৰ পৰা অহা মানুহেৰে ভৰি আছিল। ভাবিলে আচৰিত লাগে, কেনেকৈ যে দেলিয়াই বোহেমিয়ান এজনৰ সৈতে জীৱন নিৰ্বাহ কৰিছিল। নিৰুদ্বেগ মানসিকতাৰ বাবেই, সেইবোৰ তেওঁ কোনো কথাৰ কথা নহয় বুলি ভাবিছিল। কিন্তু, নিষ্ঠাবান দেলিয়াই অতি ধৈৰ্যসহকাৰে কুৰুচিপূৰ্ণ সকলোকে থানথিত লগাই ৰুচিশীল কৰিছিল। মুঠতে দেলিয়া আছিল সুষমাযুক্ত আৰু পাবলো আছিল ভয়ানকভাৱে অগতানুগতিক চৰিত্ৰৰ।”

যিয়েই নহওক নতুনকৈ কিনা ঘৰটোৰ মেৰামতিৰ কাম শেষ হোৱাৰ পাছত, আৰু চিলিৰ বিভিন্ন ঠাইত বক্তৃতানুষ্ঠানত অংশ গ্ৰহণ কৰি থকাৰ মাজতে, তেওঁলোকে ঘৰটোত প্ৰৱেশ কৰিছিল। মেক্সিকোৰ স্মৃতিক সঞ্জীৱিত কৰি ৰখাৰ মানসেৰে তেওঁলোকে ঘৰটোৰ নাম ৰাখিছিল, ‘লা মিছোকান’। দেলিয়াৰ পৰিয়ালটোৱে আৰ্জেণ্টিনাৰ এটি অট্টালিকা বিক্ৰী কৰাত আৰু সেই ধনৰ এটা অংশ দেলিয়াই পোৱাত তেওঁলোকৰ চিলিৰ জীৱন বেছ আয়াসতে চলিছিল; তাতে ৰাজহুৱা পেঞ্চন পুঁজিৰ পৰা সাহায্য হিচাপে নেৰুডাই কিছু পৰিমাণৰ ভাট্টা পাবলৈও আৰম্ভ কৰিছিল। মধ্যমীয়া ঘৰটোৰ পাছফালৰ প্ৰকাণ্ড চোতালখনত লোৰকাৰ স্মৃতিক যুগমীয়া কৰাৰ অভিপ্ৰায়েৰে এখন এম্ফিথিয়েটাৰ সদৃশ মঞ্চ সজাৰ উপৰিও চাৰুকলা জাতীয় কামকাজ চলাব পৰাকৈ দেলিয়াৰ নিমিত্তে এটি ষ্টুডিও নিৰ্মাণ কৰা হৈছিল। তেওঁলোকে ঘৰটো মেক্সিকোৰ মিছোকানৰ থলুৱা লোকৰ ঘৰৰ আৰ্হিৰে নিৰ্মাণ কৰিছিল। পাকঘৰৰ কাষত পতা ডাইনিং টেবিল আৰু চকীৰ ওচৰতে বেৰত লগোৱা এটি ফ্ৰেইমত বিভিন্ন প্ৰজাতিৰ ৰঙবিৰঙী পখিলাক দেখনিয়াৰকৈ সজাই ৰাখিছিল। ঘৰৰ বাহিৰত স্থাপন কৰা প্ৰকাণ্ড ওক গছৰ মূঢ়া এটিৰ ওপৰত বহি তেওঁ তেওঁৰ কবিতা লিখিবলৈ লৈছিল।

ঘৰটোৰ নক্সা প্ৰস্তুতিৰ ক্ষেত্ৰত নেৰুডা নিজেই ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ প্ৰকৃতিগত সৃষ্টিশীলতাই ঘৰটোৰ পৰিৱেশকেই সলনি কৰি দিছিল।

লা মিছোকানত দৃষ্টিনন্দনকৈ সজাই থোৱা বস্তুবোৰৰ ভিতৰত যিটোৱে চিলিৰ লেখক যোছে দোনোছোক আটাইতকৈ আকৃষ্ট কৰিছিল, সেয়া আছিল, ঘৰটোৰ বাৰান্দাক সুশোভিত কৰি ৰখা শতিকাপ্ৰাচীন আপুৰুগীয়া পোষ্টকাৰ্ডবোৰ। গতানুগতিকতাক চেৰাই বিশেষ ধৰণে চিন্তা কৰিব পৰা নেৰুডাৰ দক্ষতা দেখি তেওঁ মুগ্ধ হৈছিল। দোনোছোৰ মতে, নেৰুডাৰ আছিল পাৰিপাৰ্শ্বিকতাৰ সৈতে নিজকে গভীৰভাৱে সংযুক্ত কৰাৰ অপৰিসীম ক্ষমতা: “কল্পনা আৰু বাস্তৱ অনুভূতিৰ জগতখনৰ তেওঁ আছিল স্ৰষ্টা।”

নেৰুডাই অন্যান্যসকলৰ সৈতে লগেভাগে থাকি ভাল পাইছিল। ওঠৰ বছৰীয়া ইনেছ ভেলেঞ্জুয়েলাৰ সৈতে দিয়েগো মুনোজৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। নেৰুডা আৰু দেলিয়াই দুয়োকে থকাকৈ আহিবলৈ কৈছিল। ইনেছৰ মাকতকৈ দেলিয়া দহ বছৰে ডাঙৰ হ’লেও, ইনেছে “তেওঁক বয়স্কা” বুলি কেতিয়াও ভবা নাছিল। ষাঠি বছৰ পাছত এই কথা সুঁৱৰি তাই কৈছিল, “ভিতৰৰ পৰাই তৰুণী তৰুণী যেন লগা দেলিয়া আছিল ৰঙিলী।” ষাঠি বছৰীয়া বান্ধৱীৰ সৈতে ইনেছৰ তৎকালেই ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিছিল। দেলিয়া “ঘৰলৈ অহা সকলোকে আপোন কৰি ল’ব পৰা গুণৰ অধিকাৰী আছিল।”

ৰাফেল এলবাৰ্টিয়ে যেতিয়া নেৰুডাৰ নিমন্ত্ৰণক্ৰমে চিলিলৈ কবিতা পাঠ আৰু বক্তৃতা দিবলৈ আহিছিল, তেতিয়া তেওঁ লা মিছোকানতে আছিল। তেওঁ থকাকালত নেৰুডাই এলবাৰ্টিৰ সন্মানত কেবাটাও পাৰ্টিৰ আয়োজন কৰিছিল, য’ত বাছকবনীয়া কবি, লেখক, ৰাজনীতিক, আৰু চিত্ৰকৰ উপস্থিত থকাৰ উপৰিও সম্পূৰ্ণ অচিনাকি মুখৰো পয়োভৰ ঘটিছিল। এদিনাখন ৰাতি নেৰুডাই পাকঘৰৰ দুৱাৰ খোলা মাত্ৰকে অচিনাকি এমখা মুখে আহি মদৰ গিলাচ হাতে হাতে লৈ মদ বিচৰা দেখা গৈছিল। হাঁহিৰ খোৰাক যোগোৱা এই কাণ্ডত বিব্ৰত হৈ নেৰুডাই ইচাৰা দি এলবাৰ্টিক মতাত তাৰে দুজনে হাতত সাৰে ভৰিত সাৰে পলাই গৈছিল। নেৰুডাই এলবাৰ্টিক কৈছিল, “এইসকল কোন, মই চিনি নাপাওঁ। ইয়ালৈ সিহঁত আগতে কেতিয়াও অহা নাই।”

নেৰুডাই তেতিয়া পাকঘৰৰ দুৱাৰখন মাৰি উপস্থিত চিনাকি বন্ধুবৰ্গক লৈ ওচৰৰ আন এটি কোঠাত সোমাই তাতে সকলোকে গিলাচে গিলাচে মদ ঢালি দি নিজে হুইস্কী পান কৰি কৰি কৈছিল, “মই এতিয়া ইতিপূৰ্বে কোনোৱে পৰিচিত নোহোৱা দৰকাৰী বিষয়বস্তুৰ ওপৰত ৰচনা কৰা কবিতা পঢ়ি শুনাম।” এলবাৰ্টিয়ে বিবৰামতে, নেৰুডাই এটি এটিকৈ “মাচ্ছু পিচ্ছুৰ শিখৰ”ৰ আটাইকেইটা কবিতা, তেওঁৰ নিদ্ৰালু মাতটোৰে ধীৰে ধীৰে পঢ়ি শুনাইছিল। এইদৰে দীঘলীয়া সময় ধৰি, গোপনে কবিতা পাঠ কৰা শেষ হ’লত, তেওঁলোকে পুনৰ আহি পূৰ্ণোদ্যমে চলি থকা পাৰ্টিত যোগ দিছিল।

এনে পাৰ্টিবোৰ চলি থকাৰ মাজতে, মাজে সময়ে নেৰুডাই লা ভেগা চেণ্ট্ৰেল বজাৰখনলৈ গৈ, মাখনৰ দৰে কোমল, জিভাত দিলেই পমি যোৱা, মেন্তেকোছো নামৰ এবিধ চীজ, সভাসদসকলৰ বাবে, বিপুল পৰিমাণে লৈ আনিছিল। ইয়াৰ পাছত দেমিজনচ্‌ নামৰ স্থানীয়ভাৱে তৈয়াৰী দামী সুৰাৰ বটল উলিওৱা হৈছিল, আৰু টেবুলে টেবুলে আলাপ-আলোচনা চলি থকাৰ মাজতে মদ, ৰুটিৰ সৈতে প্ৰকাণ্ড চীজবোৰ সকলোৱে লগ হৈ খাই অন্তৰংগ একাত্মতা প্ৰকাশ কৰিছিল।

এইদৰে লা মিছোকানত বোহেমিয়ান জীৱনযাত্ৰা অব্যাহত ৰখাৰ লগতে, নেৰুডাই তেওঁৰ ৰাজহুৱাকৈ কবিতা পাঠ চলাই যোৱাৰ উপৰিও সামাজিক আৰু ৰাজনৈতিকভাৱে সক্ৰিয় হৈ পৰিছিল। নৱেম্বৰৰ সাত তাৰিখে, অক্টোবৰ বিপ্লৱবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত এক বিপুল সমাৱেশত তেওঁ “ষ্টেলিনগ্ৰাদৰ প্ৰতি নতুন প্ৰেমৰ গান” নামৰ কবিতাটো পাঠ কৰিছিল। এই কবিতাটো সমগ্ৰ দেশজুৰি ৰেডিওযোগে সম্প্ৰচাৰিত হৈছিল। চিলিকে ধৰি লেটিন আমেৰিকাৰ বহু দেশে, ১৯১৭ চনৰ বিপ্লৱৰ মাজেদি আত্মপ্ৰকাশ কৰা ছোভিয়েট ইউনিয়নক স্বীকৃতি দিয়া নাছিল; নেৰুডাই এই স্বীকৃতি শীঘ্ৰে ঘোষণা কৰাৰ দাবীত সৰৱ হৈ পৰিছিল।

১৯৪৪ চনৰ ডিচেম্বৰ মাহত, চিলিৰ কমিউনিষ্ট পাৰ্টিয়ে ১৯৪৫ৰ মাৰ্চত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। নেৰুডাই যদিও তেতিয়া পাৰ্টিৰ সদস্য হোৱা নাছিল, পাৰ্টিয়ে নেৰুডাক টাৰাপেকা আৰু এণ্টোফাগাস্তা প্ৰদেশৰ উত্তৰাঞ্চলৰ মৰুভূমিস্থিত খনি অঞ্চলৰ চিনেটৰ প্ৰাৰ্থী হিচাপে থিয় হ’বলৈ অনুৰোধ কৰিছিল। পাৰ্টিয়ে সৰ্বমুঠ পাঁচখন আসনত প্ৰাৰ্থী থিয় কৰাইছিল। শ্ৰমিক অধ্যুষিত এই অনুৰ্বৰ আৰু শুকান অঞ্চলটোত কমিউনিষ্ট পাৰ্টিৰ শক্তি আছিল আটাইতকৈ বেছি। অন্যান্য প্ৰাৰ্থীৰ তুলনাত নেৰুডাৰ জনপ্ৰিয়তা তাত সৰ্বাধিক হোৱাৰ সম্ভাৱনা আছিল প্ৰবল। আমাৰ কবিয়ে প্ৰাৰ্থিত্ব গ্ৰহণ কৰিছিল।

চিলিৰ উত্তৰত অৱস্থিত একেটামা মৰুভূমি হ’ল, পৃথিৱীৰ ভিতৰত আটাইতকৈ শুকান ঠাই। কিন্তু ইয়াৰ বালিৰ তলত প্ৰচুৰ পৰিমাণে উপলব্ধ দুবিধ মূল্যবান খনিজ পদাৰ্থ হ’ল, তাম আৰু নাইট্ৰেট। এই নাইট্ৰেটৰ পৰা উৎকৃষ্ট মানৰ গানপাউদাৰ তৈয়াৰ কৰা যায় বাবে বিশ্বজুৰি, বিশেষকৈ যুদ্ধৰত দেশবোৰত ইয়াৰ কদৰ আটাইতকৈ বেছি। স্বাভাৱিকতে চিলিয়ে এইবিধ দ্ৰব্য ৰপ্তানি কৰি প্ৰচুৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। ইয়াৰ উপৰি এইবিধ খনিজ পদাৰ্থৰ পৰা তৈয়াৰী সাৰো দেশৰ বাবে লাভজনক সম্পদ হিচাপে বিবেচিত হৈ আহিছে। এই অঞ্চলৰ খনিজ সম্পদৰ গুৰুত্ব দেশখনৰ বাবে ইমানেই বেছি যে, ১৮৭৯ চনত চিলিয়ে মৰুভূমিৰ সুউচ্চ অংশটো অধিকাৰ কৰাৰ বাবে বলিভিয়া আৰু পেৰুৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল। (যুদ্ধৰ ফলত, ১৮৮৪ চনত বলিভিয়াই উপকূলেৰে প্ৰৱেশৰ অধিকাৰ হেৰুৱাইছিল, আৰু পেৰুৱে ইয়াৰ দক্ষিণৰ বিস্তীৰ্ণ ভূভাগ এৰি দিবলগীয়া হৈছিল।) পেৰুৰ আটাইতকৈ মূল্যবান নাইট্ৰেট প্ৰদেশখন চিলিয়ে দখল কৰাত, চিলি হঠাৎ সেই অঞ্চলটোৰ প্ৰতিভূ হৈ পৰিছিল। বৈদেশিক ঋণৰ কবলত পৰি পেৰুৰ চৰকাৰে তাৰ খনিবোৰ ৰাষ্ট্ৰীয়কৰণ কৰিছিল। কিন্তু চিলিৰ চৰকাৰে ৰাষ্ট্ৰীয়কৰণ বাহাল ৰখাৰ পৰিৱৰ্তে, সেইবোৰক ব্যক্তিগত কোম্পানীৰ হাতত পানীৰ দৰত গতাই দিছিল।

কিছু বছৰৰ ভিতৰতে, জন থমাছ নৰ্থ নামৰ এজন ইংৰাজে উক্ত খনি অঞ্চলৰ দেশীয় কোম্পানীবোৰ এটি এটিকৈ নিজৰ হাতৰ মুঠিলৈ অনাত, তেওঁ “নাইট্ৰেট কিং” স্বৰূপে জনাজাত হৈ পৰিছিল। ১৮৮০ চনৰ শেষৰ ভাগত তেওঁৰ সম্পত্তিৰ পৰিমাণ আৰু মূল্যই এনে আকাৰ ধাৰণ কৰিছিল যে, দেশৰ ভিতৰতে আন এখন দেশৰ মালিক হোৱাৰ দৰে হৈ পৰিছিল। ব্ৰিটিছ পুঁজিয়ে অকল যে নাইট্ৰেট অঞ্চলেই দখল কৰিছিল, এনে নহয়; ব্ৰিটনসকলে আনকি চিলিৰ উৎপাদনৰ উপায়সমূহ, যেনে খনি, ৰে’লপথ, আৰু বেংক ইত্যাদিৰ দৰে দেশৰ অৰ্থনীতিৰ মূল আধাৰসমূহৰ সিংহভাগ কৰায়ত্ত কৰিছিল। এইদৰে ব্ৰিটিছ আৰু তাৰ পাছত যুক্তৰাষ্ট্ৰই স্পেইনৰ স্থলাভিষিক্ত হৈ দেশখন আৰু ইয়াৰ জনগণৰ ওপৰত নিৰ্বিধাই অৰ্থনৈতিক শোষণ কায়েম কৰিবলৈ লৈছিল।

খনিবোৰ পৰিচালনাৰ দায়িত্ব চিলিৰ লোকৰ হাতত নৰখাৰ বাবে, পাছত বহুতে চৰকাৰক সমালোচনা কৰিছিল। কিছুমানে আকৌ, চৰকাৰী সিদ্ধান্তক সমৰ্থন কৰি যুক্তি দৰ্শাই কৈছিল যে, সেইবোৰত টকা বিনিয়োগ নকৰাকৈয়ে চৰকাৰে ব্যক্তিগত উদ্যোগিক প্ৰতিষ্ঠানৰ পৰা মাৰ্ফতে বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। তেতিয়াৰ ৰাষ্ট্ৰপতিৰ ভাষ্য আছিল: “বিদেশী বঙালসকলক মুক্তমনে কাম কৰিব দিয়া। মই যেতিয়া দুৱৰী হৈ সকলো নিৰীক্ষণ কৰি আছোঁ, ভয় কিহৰ?”

চিলিৰ দৰিদ্ৰ লোকসকলৰ বৃহৎ সংখ্যকে উত্তৰৰ খনি অঞ্চললৈ কামৰ সন্ধানত ঢাপলি মেলিছিল। তাত কোম্পানীয়ে তেওঁলোকক নগণ্য মজুৰীৰ বিনিময়ত খটুৱাইছিল আৰু তেওঁলোকে খনিৰ আশেপাশে সাজি দিয়া জুপুৰীবোৰত বৰ নিদাৰুণ পৰিৱেশত থাকিবলগীয়া হৈছিল। সমগ্ৰ লেটিন আমেৰিকাৰ কলা শিল্পত (banana industry) প্ৰচলিত নিয়মৰ দৰে, চিলিতো মজুৰসকলক কোম্পানীৰ নিৰ্দিষ্ট দোকানবোৰত ৰচদপাতি কিনিবলৈ বাধ্য কৰোৱা হৈছিল। ১৯১৯ চনত দেশত ঘটা অৰ্থনৈতিক বিপৰ্যয়ে দুৰ্দশাগ্ৰস্ত শ্ৰমিকসকলৰ অৱস্থা আৰু অধিক শোচনীয় কৰি তুলিছিল। প্ৰথম বিশ্বযুদ্ধোত্তৰ কালত, জাৰ্মানীয়ে ছডিয়াম নাইট্ৰেটৰ সলনি কম মূল্যৰ এবিধ ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰিবলৈ লোৱাত চিলিৰ নাইট্ৰেটশিল্প সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ফলত, হাজাৰ হাজাৰ শ্ৰমিক কামৰ পৰা বিতাড়িত হৈছিল। এইসকলে উপায়হীন হৈ, যি কোনো ধৰণৰ কাম বিচাৰি ছান্টিয়াগোত ভিৰ কৰিছিল। সম্বলহীন তেওঁলোকে, তম্বু টানি এক কদৰ্য পৰিৱেশত নগৰৰ বস্তিঅঞ্চলত থাকিবলগীয়া হৈছিল। এওঁলোকৰ বহুতে ৰাজনৈতিকভাৱে সক্ৰিয় হৈ প্ৰগতিবাদী চিন্তাৰ প্ৰতি আকৰ্ষিত হৈছিল।

শ্ৰমিক আন্দোলনৰ ওপৰত নমাই অনা চৰকাৰৰ অবিৰত নিৰ্যাতনৰ ধামখুমীয়াত সৃষ্টি হোৱা এক ভয়াৱহ অস্থিৰ পৰিৱেশ আৰু মেৰুকৰণে দেশৰ ভৱিষ্যতৰ ৰাজনৈতিক গতি-প্ৰকৃতিক নিৰ্ধাৰণ কৰিবলৈ লৈছিল আৰু এই অৱস্থা সমগ্ৰ কুৰি শতিকাজুৰি অব্যাহত আছিল। দেশৰ অৰ্থনীতি বিপৰ্যয়ৰ সম্মুখীন হোৱাৰ পূৰ্বেই, চিলিৰ সৈন্যবাহিনীয়ে কোম্পানীবোৰৰ (যাৰ বেছিভাগেই বিদেশী) ৰক্ষাকৰ্তাৰ ভূমিকা পালন কৰি ধৰ্মঘটবোৰ ভঙা কাৰ্যত লিপ্ত হৈছিল। ১৯০৬ চনত, এণ্টোফাগাষ্টাত আঠাৱন্নজন শ্ৰমিকক হত্যা কৰা হৈছিল আৰু তাৰ পাছৰ বছৰত ইকুইকত আন এক ৰক্তবন্যাৰ সৃষ্টি কৰা হৈছিল।

কুৰি শতিকাৰ প্ৰথম দশকত, চিলিৰ নিৰলস সমাজবাদী নেতা, লুই এমিলিও ৰিকাবেৰেনে শ্ৰমিকৰ ভোটেৰে জাতীয় কংগ্ৰেছলৈ নিৰ্বাচিত হৈছিল। ৰিকাবেৰেনে ১৯১২ চনত, ছচিয়েলিষ্ট ৱৰ্কাৰছ পাৰ্টি গঠন কৰিছিল। দহ বছৰ পাছত, তেওঁ মাৰ্ক্সবাদৰ সমৰ্থক হৈ চিলিৰ কমিউনিষ্ট পাৰ্টি গঠন কৰিছিল। নেৰুডাই এই ইতিহাসকে, তেওঁৰ কেণ্টো জেনেৰেলৰ “ৰিকাবেৰেন (১৯২১)” নামৰ কবিতাত বৰ্ণনা কৰিছিল:

কৰ্মহীনতা আৰু মৃত্যুৱে
বাধাগ্ৰস্ত কৰা চিলি।

এয়াযে সহনশীল, ক্ৰোধোন্মত্ত চিলি,
বিপদৰ সম্মুখতো টিকি থকা চিলি
অথবা নিমখৰ আচ্ছাদনে ঢাকি ৰখা চিলি।

ইয়াতেই আবিৰ্ভাৱ হৈছিল জনতাৰ
কেপ্টেইনৰ,
তেওঁ আহিছিল প্ৰচাৰপুস্তিকা হাতত লৈ,
তেওঁ লগ পাইছিল অকলশৰীয়া এজন ক্ষুব্ধ লোকক,
যিজনে তেওঁৰ ফটা কম্বলখনেৰে
ভোকাতুৰ সন্তানহঁতক মেৰিয়াই ধৰি
ভয়ানক অন্যায়বোৰক গ্ৰহণ কৰিছিল নিৰুপায় হৈ,
কেপ্টেইনে লোকজনক কৈছিল:
“মিলোৱা তোমাৰ কণ্ঠ, আনৰ কণ্ঠৰ
স’তে,”
“মিলোৱা তোমাৰ হাত, আনৰ হাতৰ
স’তে,”

……………………………………………

তেওঁ নিৰালম্বসকলক সংগঠিত কৰিছিল,
তেওঁ বিভীষিকাৰ দুৱাৰডলিলৈ
লৈ গৈছিল কিতাপ আৰু গান,
তেওঁ সকলোৰে অভিযোগবোৰ
একত্ৰ কৰিছিল,
আৰু মুখ অথবা কণ্ঠহীন দাসবোৰক,
তেওঁলোকৰ সৰ্বব্যাপী দুখবোৰক,
নামাংকিত কৰিছিল “পুৱেবলো” বুলি,
সৰ্বহাৰা আৰু ইউনিয়ন বুলি,
এয়াই আছিল ব্যক্তিত্ব আৰু চাৰুতা।

…………………………………………….

আৰু এয়াই আছিল পাৰ্টি,
কমিউনিষ্ট পাৰ্টি।

১৯২০ চনত শ্ৰমিকৰ ধৰ্মঘটে ব্যাপক ৰূপ পৰিগ্ৰহণ কৰাত, ৰাষ্ট্ৰপতি ছেনফুয়েন্তিছে, ছান্টিয়াগো আৰু ভেলপাৰাইজোক অৱৰুদ্ধ অঞ্চল ঘোষণা কৰিছিল। ১৯২৫ চনত, সৈন্যবাহিনীয়ে লা কোৰুনিয়াত প্ৰায় বাৰশ নাইট্ৰেট শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল, আৰু ভেলপাৰাইজোত অৱস্থিত শিল্প শ্ৰমিকৰ মুখ্য কাৰ্যালয়ৰ প্ৰায় দুশ শ্ৰমিকক গ্ৰেপ্তাৰ কৰিছিল। শ্ৰমিক শ্ৰেণীৰ দ্বাৰা প্ৰকাশিত বাতৰিকাকতবোৰ নিষিদ্ধ কৰা হৈছিল, ইউনিয়নৰ মুখ্য কাৰ্যালয়বোৰ লণ্ডভণ্ড কৰা হৈছিল, আৰু শ্ৰমিক নেতাসকলক আটক কৰা হৈছিল। ৰিকাবেৰেনে অহিংস বিপ্লৱৰ আহ্বান জনাইছিল। তাৰ পাছৰ দশকটোত, তুলনামূলকভাৱে, পূৰ্বতকৈ কম নিৰ্যাতনকাৰী শাসনত, উত্তৰ চিলিত শ্ৰমিক শ্ৰেণীয়ে আটাইতকৈ সংগঠিত আৰু প্ৰভাৱশালী ৰূপত আবিৰ্ভূত হৈছিল।

এনে ধৰণৰ প্ৰচণ্ডভাৱে আলোড়িত আৰু অৰ্থনৈতিকভাৱে উল্লেখযোগ্য অঞ্চল এটিত চিনেটৰ প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাবলৈ যোৱাৰ সময়ত নেৰুডা পিছে অকলশৰীয়া নাছিল। তেওঁৰ সহযোগী আছিল, ইলিয়াছ লাফাৰ্তে গেভিনো নামৰ এজন ভূতপূৰ্ব নাইট্ৰেট শ্ৰমিক। ছচিয়েলিষ্ট পাৰ্টিৰ সহযোগী প্ৰতিষ্ঠাপক হিচাপে আবিৰ্ভূত হোৱা তেওঁ, বৰ্তমানে নতুন ৰূপত গঠিত চিলিৰ কমিউনিষ্ট পাৰ্টিৰ নেতা। লাফাৰ্তেই উত্তৰৰ আন এখন চিনেটৰৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। তেওঁলোক উভয়েই খনি অঞ্চলৰ শ্ৰমিকসকলৰ নিত্যনৈমিত্তিক জীৱনৰ সৈতে বিজড়িত হৈ তেওঁলোকৰ মজুৰি বৃদ্ধিৰ হকে, শিক্ষাৰ অধিকাৰ নিশ্চিত কৰা আৰু কামৰ পৰিৱেশ আৰু বাসস্থানৰ উন্নতিৰ দাবীত সহমৰ্মিতা প্ৰকাশ কৰি প্ৰচাৰাভিযান চলাইছিল। নাইট্ৰেট খনিশ্ৰমিকসকলে কিদৰে কোম্পানীয়ে থাকিবলৈ দিয়া জুপুৰিত বাস কৰিছিল তাৰ বৰ্ণনা লাফাৰ্তেই এনেদৰে দিছিল:

“মই তাইৰ ঘৰত সোমোৱাত তাই মোক তেওঁলোকৰ অস্থায়ী বিছনাখন দেখুৱাইছিল, কিছুমান বিছনা মাটিত পতা আছিল। ঘৰখনত চকী এখনেই আছিল আৰু বাকচবোৰ লগ লগাই টেবুল বনোৱা হৈছিল। কোম্পানীয়ে কোনো পাকঘৰৰ দিহা কৰা নাছিল……. এনে নিবাসবোৰত শৌচালয় বা গা ধোৱা কোঠাৰ কোনো ব্যৱস্থা নাছিল আৰু যিহেতু পানীৰ নাটনি, সেয়ে তাৰ শ্ৰমিকসকলে প্ৰায়ে পানী কিনি খাবলগীয়া হৈছিল। নাইট্ৰেটজনিত বিক্ৰিয়াৰ ফলস্বৰূপে চৰ্মৰোগ আৰু ঘাঁ তেওঁলোকৰ দুৰ্বিসহ জীৱনৰ অংগ হৈ পৰিছিল।”

১৯৪৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে, নেৰুডা আৰু লাফাৰ্তেই এণ্টোফাগাস্তা নগৰৰ ষ্টেডিয়ামত এক বিশাল জনসভাৰ আয়োজন কৰিছিল। নগৰীৰ মেয়ৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কমিউনিষ্টকে ধৰি অন্যান্য সমভাবাপন্ন দলবোৰে যোগদান কৰিছিল। নেৰুডাই এই সমাৱেশত “উত্তৰক জনাও অভিবাদন” নামৰ এটি কবিতা আবৃত্তি কৰিছিল। কবিতাটো মূলতঃ প্ৰচাৰাভিযানৰ উপযোগীকৈ ৰচনা কৰা হৈছিল:

হে উত্তৰাঞ্চল, মই অৱশেষত তোমালোকৰ চিৰায়ত অনুৰ্বৰ
খনিজ নীৰৱতাৰ মাজলৈ আহিছোঁ,
আহিছোঁ তোমালোকৰ মাতকথা
শুনিবলৈ যাতে মই বিচাৰি পাওঁ তাতেই নিজক,
আৰু মই খালী হৃদয় লৈ ইয়ালৈ অহা নাই: মই আহিছোঁ মোৰ যিখিনি আছে তাকে দিবলৈ।

নেৰুডাই তেওঁৰ কবিতাত প্ৰকাশ কৰাৰ দৰে, সত্যৰ প্ৰতি অবিচল থকাৰ প্ৰতিশ্ৰুতিৰে, ১৯৪৫ চনৰ মাৰ্চৰ চাৰি তাৰিখে চিনেটৰ নিৰ্বাচিত হৈছিল আৰু লাফাৰ্তেও একেদৰে নিৰ্বাচিত হৈছিল। সৰ্বমুঠ চাৰিগৰাকী চিনেটৰ আৰু কুৰিগৰাকী ডেপুটি চিনেটৰৰ বিজয়ে কমিউনিষ্ট পাৰ্টিক বেছ উৎসাহিত কৰিছিল।

সেই মাহতে, সাহিত্য ক্ষেত্ৰত বিশেষ বৰঙণি যোগোৱা নেৰুডাক চিলিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। যদিও তেতিয়াৰ সংৰক্ষণশীল চৰকাৰৰ দ্বাৰা গঠিত বিচাৰমণ্ডলীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। বঁটা গ্ৰহণ কৰি নেৰুডাই ভাষণ প্ৰসংগত কৈছিল: “গোড়ামি আৰু কমিউনিষ্ট বিৰোধিতাৰ বিৰুদ্ধে লাভ কৰা এই বিজয়ে ইয়াকে সকীয়াই দিয়ে যে, নাজীবাদৰ অৱশেষখিনিৰে পৃথিৱীখনক বিষাক্ত কৰিবলৈ সিহঁত এতিয়াও বদ্ধপৰিকৰ। গতিকে, মোৰ বাবে এই বঁটাৰ মূল্য ব্যক্তিগত বিজয়তকৈয়ো অধিক; ইয়ে এই আশাকেই মূৰ্ত কৰে যে, অনাগত দিনত আমাৰ দেশে এক গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈ বিশ্বত উচ্চ সন্মানৰ অধিকাৰী হ’ব।” এইদৰে কমিউনিষ্ট আৰু পুঁজিপতিসকলৰ মাজত দ্বন্দ্বই চৰম ৰূপ লৈছিল।

মেকাৰ্থী (McCarthy) যুগ আৰম্ভ হৈছিল, আৰু কমিউনিষ্ট বিৰোধী উত্তেজনাক আমেৰিকাত সাৰ-পানী যোগাই সমৃদ্ধ কৰি লেটিন আমেৰিকালৈকে প্ৰবলতৰ ৰূপত বিয়পাই দিয়া হৈছিল।

চিনেটৰৰ পদত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত, নেৰুডাই ৰাজনৈতিক কবিতা সমন্বিতে বহুতো উচ্চ পৰ্যায়ৰ কবিতা লিখাৰ উপৰিও এগৰাকী দক্ষ ৰাজনীতিক হিচাপে নিজকে মহিমান্বিত কৰিব পাৰিছিল। পাৰ্টিয়ে তেওঁৰ গৰিমাক আসন দখল কৰাৰ কৌশল স্বৰূপে ব্যৱহাৰ কৰিলে, স্বগৌৰৱেৰে মহীয়ান তেওঁ যশস্বী লোকতকৈও ঊৰ্ধ্বত উঠিবলৈ সক্ষম হৈছিল। তেওঁ সংসদৰ মজিয়াত কোনেও নভবা-নিচিন্তা ধৰণে সৰৱ হৈ জনগণৰ বিভিন্ন সমস্যা সমাধানৰ দাবী কৰাৰ লগতে নাৰীৰ ভোটাধিকাৰ আৰু শ্ৰমিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী তুলিছিল, যাৰ ফলত, প্ৰথমবাৰৰ বাবে ১৯৪৯ চনত নাৰীৰ ভোটাধিকাৰ চিলিত প্ৰচলিত হৈছিল। তেওঁৰ ৰাজনৈতিক বিচক্ষণতা এনেকুৱা আছিল যে, পাছৰ দশকবোৰত, বহুতো ৰাজনীতিক আৰু পাৰ্টি-সদস্যই, তেওঁৰ ইছলা নেগ্ৰাৰ ঘৰলৈ, জটিল বিষয়বোৰ আলোচনা কৰাৰ বাবে আহিবলৈ লৈছিল।

পিছে, নেৰুডাই তেওঁৰ এই নতুন ৰাজনৈতিক জীৱনটোৰ এটা অংশকহে ভাল পাইছিল, বাকীখিনিক তেওঁ ঘিণ কৰিছিল। তেওঁ এগৰাকী সাৰ্থক ৰাজনীতিক হ’ব পাৰিলেহেঁতেন, কিন্তু, এই বৃত্তিৰ লগত বিজড়িত কামবোৰ— যেনে, দৈনিক চিঠিপত্ৰ লিখা আৰু উত্তৰ দিয়া, হোৱাই-নোহোৱাই লোকক সম্বৰ্ধনা জনোৱা, নেৰানেপেৰা মিটিং, আলোচনা, অস্বস্তিপূৰ্ণ ভোজমেল ইত্যাদি, তেওঁৰ মতে আছিল, “সাংঘাতিকভাৱে বিৰক্তিকৰ আৰু সময় অপচয়কাৰী কাম।” তেওঁ ভাবিছিল, এই অপচয়িত সময়খিনিত তেওঁ কবিতা লিখিব পাৰিলেহেঁতেন। তেওঁ আৰু কৈছিল, “ৰাজনীতি আৰু কবিতা দুইটাই হ’ল বিশাল আৰু সৰ্বগ্ৰাসী বিষয়, কিন্তু দুইটাই ৰাহিযোৰা নহা বিধৰ।” তেওঁ এই সময়ছোৱাত সাহিত্যচৰ্চা খুব কমেই কৰিব পাৰিছিল, কিন্তু, যিকণ লিখিছিল, সেয়া আছিল সাঁচ বহুৱাব পৰা বিধৰ।

১৯৪৫ চনৰ জুলাই মাহৰ আঠ তাৰিখে তেওঁ, ছান্টিয়াগোৰ ছান ডিয়েগো ষ্ট্ৰীটত অৱস্থিত কুপলিকেন থিয়েটাৰ হলত ৰাজহুৱাকৈ কমিউনিষ্ট পাৰ্টিত যোগ দিছিল। ছয় দিন পাছত তেওঁ, ব্ৰাজিলৰ কাৰাৰুদ্ধ বাঁওপন্থী নেতা লুই কাৰ্লছ প্ৰেষ্টিছৰ সন্মানত অনুষ্ঠিত এখন ৰাজহুৱা সভাত যোগদানৰ নিমিত্তে ছাও পললৈ গৈছিল। স্থানান্তৰত উল্লেখ কৰা হৈছে যে, মাকৰ অন্ত্যেষ্টিক্ৰিয়াত যোগ দিবলৈ ব্ৰাজিলৰ স্বৈৰাচাৰী চৰকাৰে প্ৰেষ্টিছক এদিন বা দুদিনৰ বাবেও মুকলি কৰি নিদিয়াত দেশজুৰি গণবিক্ষোভৰ কাৰ্যসূচী পালিত হৈছিল। যিয়েই নহওক, এদশক পাছত প্ৰেষ্টিছ জে’লৰ পৰা মুকলি হৈছিল। উক্ত মুকলিপৰ্ব উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ব্ৰাজিলৰ এগৰাকী অন্যতম বিখ্যাত সাহিত্যিক আৰু ব্ৰাজিলৰ কমিউনিষ্ট পাৰ্টিৰ সভ্য জৰ্জে আমাড়োৱে নেৰুডাক সিদিনা আমন্ত্ৰিত অতিথি হিচাপে স্বাগত জনাই সম্বৰ্ধনা জ্ঞাপন কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁলোক দুয়ো নলে-গলে লগা বন্ধুত পৰিণত হৈছিল।

সিদিনা এষ্টাদিও দা পিকেম্বুৰ জনসভাত উপস্থিত হোৱা উৎসাহী এক লাখ লোকৰ সম্মুখত, জৰ্জে আমাড়ো, নেৰুডা আৰু প্ৰেষ্টিছে ভাষণ প্ৰদান কৰিছিল। নেৰুডাই সেই বিজয় সমাৰোহৰ লগত সংগতি ৰক্ষা কৰি এটি কবিতা ব্ৰাজিলবাসীক উদ্দেশ্য কৰি পাঠ কৰিছিল এইদৰে:

“হে মোৰ ব্ৰাজিলৰ ভাইভনীসকল,
আজিযে কিমান ক’বলগীয়া আছে
তোমালোকক,
কিমান যে গল্প আৰু সাধু, কিমানযে
হতাশা আৰু আশাভংগৰ ঘটনা,
জয়-পৰাজয়ৰ কাহিনী থূপ খাই
আছে মোৰ মনৰ ভিতৰত,
থূপ খাই আছে অপ্ৰকাশিত ভাবনা
আৰু পৰ্বতপ্ৰমাণ অভিনন্দন।”

সমৱেত জনগণক সম্বোধি তেওঁ কৈছিল, “মই আপোনালোকৰ বাবে আনিছোঁ চিলিৰ শ্ৰমিক, খনিমজুৰ, ৰাজমিস্ত্ৰী, আৰু নাবিকসকলে পঠিওৱা ৰাশি ৰাশি অভিনন্দন; সেইদৰে মই লগত লৈ আহিছোঁ চিলিৰ বৰফ, মেঘ আৰু কুঁৱলীবোৰে পঠিওৱা মৰম আৰু চেনেহ; আৰু আনিছোঁ ‘মোৰ দেশৰ কণকণ ল’ৰা-ছোৱালীবোৰে পঠিওৱা মুঠি মুঠি শস্যকণা’:”

“মুঠতে, তেওঁলোকৰ বাণী আছিল এটাই। প্ৰেষ্টিছ তোমাক জনাও অভিনন্দন। তেওঁলোকে মোক কৈছিল, জঙ্ঘল অথবা নদী, তেওঁ য’তেই নাথাকক কিয়, তেওঁৰ খবৰ লৈ আহা। তেওঁৰ জে’ললৈ যোৱা, তেওঁক শিকলিমুক্ত কৰা আৰু মাতা। আৰু যদি তেওঁৰ স’তে তোমাক, ৰাক্ষসহঁতে কথা পাতিব নিদিয়ে, তোমাৰ চকু ভাগৰি নপৰালৈকে দৰক লগাকৈ চাই থাকিবা আৰু কাইলৈ উভতি আহি ক’বা কি দেখিলা।”

— “পিকেম্বুৰ ভাষণ (ব্ৰাজিল, ১৯৪৫)”

ইউনিয়নৰ সৈতে আলোচনা কৰি নিৰ্ধাৰণ কৰা ৰচদপাতিৰ দামবোৰ কোম্পেনীবোৰে উলঙ্ঘা কৰাত নাইট্ৰেট শ্ৰমিকসকলে উত্তৰ চিলিজুৰি সাধাৰণ ধৰ্মঘট পালন কৰিবলগীয়া হৈছিল। নেৰুডা তেতিয়া ব্ৰাজিলত আছিল। চৰকাৰে কোম্পানীৰ পক্ষাৱলম্বন কৰি টাৰাপাকাত থকা ইউনিয়নবোৰ বেআইনী ঘোষণা কৰিছিল। ঘৰলৈ উভতি আহি নেৰুডাই লাফাৰ্তেৰ সৈতে লগ লাগি খনি অঞ্চলত প্ৰৱেশ কৰিব খোজাত চৰকাৰে বাধা দিছিল। জানুৱাৰীৰ আঠাইশ তাৰিখে চিলিৰ ৱৰ্কাৰছ’ ফেডাৰেশ্বনে ছান্টিয়াগো নগৰীত মিছিল কৰি সংহতি যাত্ৰা পালন কৰিছিল, আৰু এই মিছিলৰ পাছতে শ্ৰমিকসকলে ৰাষ্ট্ৰপতি ভৱনৰ সম্মুখত, প্লাজা বুলেনত গোট খাইছিল। তাত পুলিচ আৰু প্ৰতিবাদীসকলৰ মাজত তীব্ৰ কথা-কাটাকাটি হৈ প্ৰবল উত্তেজনাৰ সৃষ্টি হোৱাত এটা সময়ত পুলিচে গুলী চালনা কৰিছিল। ফলত ছয়জন শ্ৰমিকৰ মৃত্যু হৈছিল আৰু কেবাজনো আঘাতপ্ৰাপ্ত হৈছিল।

সেই সময়ত নেৰুডাই লিখা কবিতাবোৰ ভংভঙীয়াকৈ স্পষ্ট আৰু ৰাজনৈতিকভাৱে ক্ষুৰধাৰ আছিল, যিবোৰ পাছত কেণ্টো জেনেৰেলত অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁ সেই কবিতাবোৰত দক্ষিণ আমেৰিকাৰ ইতিহাস তুলি ধৰাৰ লগতে বৰ্তমানৰ ঘটনা প্ৰবাহকো ফটফটিয়াকৈ প্ৰকাশ কৰিছিল। তেওঁৰ তেনে এটি কবিতা আছিল, “প্লাজাৰ মৰাশবোৰ” — আঠাইছ জানুৱাৰী, ১৯৪৬।

প্লাজাৰ মাজভাগত ঘৃণনীয় এই অপৰাধ সংঘটিত হৈছিল।
ভাঙি পৰা ডালপাতবোৰেও মানুহৰ পূত তেজবোৰক লুকুৱাব পৰা নাছিল,
আনকি পাম্পাৰ বালিবোৰেও সিবোৰ গিলি থ’ব পৰা নাছিল।
কোনেও ইয়াক গোপন কৰিব পৰা নাছিল।
এই জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিল আপোন মাতৃভূমিৰ বুকুত।

এনেবোৰ ঘটনাৰ মাজতে, নেৰুডাই কাৰ্লছ মোৰ্লা লিঞ্চৰ পৰা এটি কেবল বাৰ্তা পাইছিল। বাৰ্তাটোৰ মূল কথা আছিল: বেলজিয়ামত থকা মাৰুকাই গিৰিয়েকৰ ওচৰলৈ আহিব বিচাৰে। তাইযে প্ৰায় ছমাহ ধৰি গিৰিয়েকৰ পৰা কোনো টকা-পইচা পোৱা নাই তাৰো উল্লেখ আছিল বাৰ্তাটোত। নেৰুডাই বৈদেশিক মন্ত্ৰালয়ৰ জৰিয়তে জনাইছিল: যদিও তেওঁৰ মাৰুকাৰ সৈতে বিবাহ বিচ্ছেদ ইতিপূৰ্বে হৈ গৈছে, তথাপি তেওঁ টকা-পইচা দিবলৈ ৰাজী আছে, আৰু সেই মৰ্মে তেওঁ তাইক তাইৰ বেলজিয়ামৰ ঠিকনাটো জনাবলৈ অনুৰোধ কৰিছিল। সেই দিনাই, ২২ আগষ্ট তাৰিখে, মোৰ্লা লিঞ্চে আন এটি বাৰ্তা প্ৰেৰণ কৰি নেৰুডাক জনাইছিল, “মাৰুকাই বিবাহ বিচ্ছেদ হোৱাটো অস্বীকাৰ কৰিছে, আৰু তাই পেৰু অথবা চিলিলৈ যোৱাৰ বন্দৱস্ত কৰি যথাবিহিত ভ্ৰমণ খৰচ পঠিয়াবলৈ অনুৰোধ কৰিছে।” তেতিয়াৰে পৰা নেৰুডাই মাৰুকাৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰিছিল।

কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণি শয্যাশায়ী হৈ থকা চিলিৰ ৰাষ্ট্ৰপতি জুৱান এন্টোনিও ৰিওৱে জানুৱাৰী মাহত পদত্যাগ কৰিছিল। নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অধিসূচনা ঘোষিত হোৱাত, ৰেডিকেল পাৰ্টি দুভাগত বিভক্ত হৈছিল। বিভাজিত দলটোৰ এটা গোটে কমিউনিষ্ট পাৰ্টি সমন্বিতে বাঁওপন্থী দলৰ সৈতে মিত্ৰতাপাশত আবদ্ধ হৈছিল। তেওঁলোকে গেব্ৰিয়েল গোঞ্জালেজ ভিদেলাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল। বাঁওপন্থাৰ সমৰ্থনত ভিদেলাৰ অতিৰঞ্জিত কথাবতৰাই ৰেডিকেল পাৰ্টিৰ সংৰক্ষণশীল গোটটোক অসন্তুষ্ট কৰিছিল, আৰু সেয়াই আছিল ৰেডিকেল পাৰ্টি বিভক্ত হোৱাৰ মূল কাৰণ।

নেৰুডাই তেওঁৰ অনন্য আকৰ্ষণী শক্তি আৰু জনগণৰ সৈতে একাত্ম হ’ব পৰা গুণৰ বাবে, সকলোৱে তেওঁক প্ৰচাৰাভিযানৰ মূল দায়িত্ব অৰ্পণ কৰিছিল। চিলিৰ কমিউনিষ্ট পাৰ্টিৰ নেতা আৰু লেখক ভোলোদিয়া টিটেলবোমৰ মতে, গোঞ্জালেজ ভিদেলাৰ ভাবমূৰ্তি সকলো স্তৰৰ জনগণৰ মাজলৈ লৈ যোৱাৰ বাবে নেৰুডাক অহোপুৰুষাৰ্থ কৰিবলৈ কোৱা হৈছিল। প্ৰচাৰ অভিযানত তেওঁ তেওঁৰ কবিতাবোৰ এটিৰ পাছত এটিকৈ সমগ্ৰ দেশতে আবৃত্তি কৰি ফুৰিছিল। তাৰে এটি তেওঁ, ৰাষ্ট্ৰপতি প্ৰত্যাশী প্ৰাৰ্থীজনৰ ওপৰতো ৰচনা কৰিছিল। মিত্ৰাক্ষৰ ছন্দত লিখা কবিতাটো, সঁচাকৈয়ে চিত্ত-আলোড়নকাৰী:

উত্তৰত তাম শ্ৰমিক,
দক্ষিণত ৰে’লশ্ৰমিক,
দেশৰ ইমূৰৰ পৰা সিমূৰলৈ
মানুহে তেওঁক মাতে
“গেব্ৰিয়েল, গেব্ৰিয়েল।”

নেৰুডাই পদব্ৰজেই হওক বা ৰেডিঅ’ আৰু বাতৰিকাকতযোগেই হওক, দেশজুৰি এই নিৰ্বাচনী প্ৰচাৰ চলাইছিল (তেতিয়া দেশত টেলিভিছনৰ প্ৰচলন হোৱা নাছিল)। সোঁপন্থীসকলৰ ভোট দুজন প্ৰাৰ্থীৰ মাজত ভাগ হৈ যোৱাত, নেৰুডা সমৰ্থিত প্ৰাৰ্থীজনে সৰ্বমুঠ ভোটৰ চল্লিশ শতাংশ লভিবলৈ সক্ষম হৈছিল। সেয়া আছিল ১৯৪৬ চনৰ চাৰি ছেপ্টেম্বৰৰ ঘটনা। তেতিয়াৰ চিলিৰ সংবিধানমতে, ভিদেলাই যিহেতু সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা নাছিল, সেয়েহে তেওঁ চিলিৰ জাতীয় কংগ্ৰেছত ভোটৰ সন্মুখীন হোৱাটো অপৰিহাৰ্য আছিল। এই লৈ সমগ্ৰ দেশত তীব্ৰ বাদানুবাদে দেখা দিছিল, ফলত সোঁপন্থী আৰু বাঁওপন্থী ভাবধাৰাৰ মাজত ৰাজনৈতিক মেৰুকৰণ স্পষ্ট হৈ পৰিছিল। অৱশেষত, সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই গোঞ্জালেজ ভিদেলা ৰাষ্ট্ৰপতি ঘোষিত হৈছিল। পিছে, দেখা গৈছিল যে ভিদেলাই ওলোটাখৰ মাৰি সোঁপন্থী দল আৰু খ্ৰীষ্টিয়ান ডেমক্ৰেটসকলৰ সৈতে গোপন বুজাবুজিত উপনীত হৈ এখন ৭খিচিৰি মন্ত্ৰীসভা গঠন কৰিছিল।

গাদীত বহাৰ পাছত তেওঁ বাঁওপন্থীসকলক দিয়া প্ৰতিশ্ৰুতি অনুসৰি গ্ৰামাঞ্চলত ইউনিয়ন কৰাৰ যি বাধানিষেধ আছিল তাক প্ৰত্যাহাৰ কৰিছিল। আৰু ঠিক ইয়াৰ প্ৰায় কিছুদিন পাছত, ওলোটাখৰ মাৰি, সোঁপন্থীসকলৰ সৈতে হোৱা গোপন বুজাবুজি মতে মাটিগিৰিসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে খেতমজুৰসকলৰ ধৰ্মঘটৰ অধিকাৰ বাতিল কৰিছিল আৰু তেওঁলোকৰ দৰাদৰি কৰা অধিকাৰৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰিছিল।

এনে বিশ্বাসঘাটকতা সত্ত্বেও কমিউনিষ্টসকলে আগতকৈয়ো সজোৰে তেওঁলোকৰ সাংগঠনিক শক্তি মজবুত কৰাৰ উপৰিও ইয়াৰ সংগঠন ন-ন অঞ্চললৈ বিস্তৃত কৰিছিল। জনগণৰ সমৰ্থনৰ বলত কমিউনিষ্টসকলে কেবিনেটত নিজৰ স্থিতি বৃদ্ধি কৰাৰ লগতে চৰকাৰৰ উচ্চ পৰ্যায়তো সাংগঠনিক প্ৰভাৱ বৃদ্ধি কৰিব পাৰিছিল। পাৰ্টিয়ে খনি অঞ্চলৰ উপৰিও চহৰ-নগৰত, শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত কৰা আৰু সংগঠিত হোৱাৰ অধিকাৰক মান্যতা দিয়াৰ বাবে দাবী উত্থাপন কৰি গৈছিল। তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল শ্ৰেণীসংগ্ৰামক তীব্ৰতৰ কৰা। কমিউনিষ্টসকলে বাঁওপন্থী ঐক্য সুদৃঢ় কৰাৰ বাবে ইউনিয়নবোৰক কাৰ্যকৰী পন্থা হিচাপে ব্যৱহাৰ কৰিছিল আৰু এই ক্ষেত্ৰত ধৰ্মঘটবোৰ আছিল আটাইতকৈ বাস্তৱসন্মত মাধ্যম।

ইপিনে গোঞ্জালেজ ভিদেলাই বাঁওপন্থীসকলক দিয়া প্ৰতিশ্ৰুতি অনুযায়ী সমাজ সংস্কাৰমূলক আঁচনিবোৰ ৰূপায়িত কৰাৰ সলনি, শ্ৰমিক শ্ৰেণীৰ হিতৰ বিপৰীতে গৈ মুনাফালোভী পুঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে এখনৰ পাছত এখন আইন প্ৰণয়ন কৰিবলৈ লৈছিল। ফলত, দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় দিশত গতি কৰাত, তেওঁ নিজৰ অপকৰ্ম স্বীকাৰ কৰাৰ সলনি, দেশত দেখা দিয়া সংকটৰ বাবে কমিউনিষ্টসকলক দোষাৰোপ কৰিবলৈ লৈছিল।

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই, তাম্ৰ শিল্প আৰু চিলিৰ খনি কোম্পানীবোৰত অৰ্থপূৰ্ণভাৱে প্ৰভাৱ বিস্তাৰ কৰি, দেশৰ আভ্যন্তৰীণ অৰ্থনীতিত পয়মাল সৃষ্টি কৰিব ধৰিছিল। বিশেষকৈ, যুক্তৰাষ্ট্ৰৰ বহুজাতিক সংস্থাবোৰে তেওঁলোকৰ অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত ৰখাৰ স্বাৰ্থত গোঞ্জালেজ ভিদেলাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি খনি শ্ৰমিকৰ সাংগঠনিক কাম-কাজ বন্ধ কৰাৰ নিমিত্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাংঘাতিক ধৰণে হেঁচা দিছিল।

উপৰন্তু, বিশ্বজুৰি শীতল যুদ্ধই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত, আৰু কমিউনিষ্ট ভীতিয়ে সাম্ৰাজ্যবাদক আতংকিত কৰাৰ সময়ত, দক্ষিণ গোলাৰ্ধক যাতে ছোভিয়েট ইউনিয়নৰ প্ৰভাৱমুক্ত কৰি ৰাখিব পৰা যায়, সেই উদ্দেশ্য আগত ৰাখি আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰিবলৈ লৈছিল, আৰু সেয়েহে, শতিকাৰ শেহলৈকে দক্ষিণ আমেৰিকা হৈ পৰিছিল সাম্ৰাজ্যবাদী শক্তিৰ বাবে আধিপত্য বিস্তাৰ নিশ্চিতকৰণৰ ৰণক্ষেত্ৰ। উদ্ভূত এনে পৰিস্থিতিত, গোঞ্জালেজ ভিদেলাই ৱাশ্বিংটন নে ছোভিয়েট ইউনিয়নৰ পক্ষাৱলম্বন কৰিব, এই লৈ দোধোৰ-মোধোৰত পৰিছিল। তেওঁ আটাইকে সন্তুষ্ট কৰিব বিচাৰিছিল, আৰু গাদীৰক্ষাৰ স্বাৰ্থত, সোঁপন্থীৰ পৰা বাঁওপন্থীলৈকে বিভিন্ন পাৰ্টিৰ লগত কাৰচাজি কৰি হ’লেও মিলাপ্ৰীতিৰ অভিনয় কৰিছিল।

দ্বিধাবিভক্ত চৰকাৰে ১৯৪৬ চনত লোৱা এটি সিদ্ধান্তই নেৰুডাৰ ওপৰত তৎকালীন প্ৰভাৱ পেলাইছিল, যেতিয়া ডিচেম্বৰ মাহত, গোঞ্জালেজ ভিদেলাই নেৰুডাক পূৰ্ণক্ষমতাসম্পন্ন ৰাষ্ট্ৰদূত হিচাপে ইটালীত নিযুক্তি দিয়াৰ বিষয়টো চিনেটত উত্থাপন কৰিছিল। ভিদেলাই ভাবিছিল যে, এনে ধৰণে তেওঁৰ প্ৰচাৰ অভিযানৰ নায়কজনক পুৰষ্কৃত কৰিলে, কমিউনিষ্টৰ সৈতে তেওঁৰ মধুচন্দ্ৰিকা অব্যাহত থাকিব। কিন্তু তেওঁৰ হিচাপ-নিকাচ পণ্ড কৰি লিবাৰেল পাৰ্টিৰ সদস্যসকলে সোঁপন্থীসকলৰ সৈতে লগ লাগি কবিক ৰাষ্ট্ৰদূত হিচাপে নিয়োগৰ বিৰোধিতা কৰি মতদান কৰিছিল। ভিদেলাই লিবাৰেল পাৰ্টিৰ নেতৃত্বক সৈমান কৰিবলৈ চেষ্টা কৰি বিফল হৈছিল। তেওঁলোকে স্পষ্ট কৰি দিছিল যে, কমিউনিষ্ট পাৰ্টিৰ সদস্য এজনক তেনে পদত নিযুক্তিৰ পক্ষপাতী তেওঁলোক নহয়। ৰাষ্ট্ৰপতিয়ে শেষত, নেৰুডাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল।

১৯৪৭ চনৰ আৰম্ভণিতে, চিলিৰ শ্ৰমিক শ্ৰেণীৰ আন্দোলন ধৰ্মঘট ব্যাপকতৰ হোৱাত, চিলিৰ চৰকাৰৰ ভিতৰতো প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি হৈছিল। ফেব্ৰুৱাৰীৰ ছাব্বিশ তাৰিখে উত্তৰাঞ্চলৰ নাইট্ৰেট খনিশ্ৰমিকসকলৰ ধৰ্মঘট প্ৰত্যক্ষ কৰি অহাৰ পাছত, নেৰুডাই ধৰ্মঘটী শ্ৰমিকসকলৰ দাবীৰ ন্যায্যতা সম্পৰ্কে চিনেটত বিবৃতি দিছিল এইদৰে:

মই শ্ৰমিকসকলৰ দুৰৱস্থাৰ বিষয়ে প্ৰয়োজনীয় তথ্য যুগুতাবলৈ সুযোগ পাইছিলোঁ: যোৱা কিছু দিন ধৰি মই শ্ৰমিকসকলৰ সৈতে একেলগে আছিলোঁ, তেওঁলোকৰ সমূহীয়া শয়নকক্ষত শুইছিলোঁ, আৰু মেচিনেৰে কাম কৰি থকা তেওঁলোকৰ কাম-কাজ প্ৰত্যক্ষ কৰিছিলোঁ। তেওঁলোকে কৰা কিছুমান কাম যে, পৃথিৱী নামৰ গ্ৰহটোৰ ভিতৰত আটাইতকৈ টান কাম সেয়া মই উপলব্ধি কৰিছিলোঁ। তথাপি তেওঁলোকক যি মজুৰি দিয়া হয়, সেয়া তেওঁলোকৰ ভৰণ-পোষণৰ জোখাৰে তেনেই সামান্য, টকা-পইচা খৰচ কৰি কোনো সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ কথা তেওঁলোকে সপোনতো ভাবিব নোৱাৰে….

তেওঁ আৰু কৈছিল যে, টাৰাপাকা আৰু এণ্টোফাগাস্তাৰ খনি কোম্পানীৰ মালিকানাধীনত থকা শ্ৰমিকসকলে অতি বীভৎস অৱস্থাত থাকিবলগীয়া হৈছে। তাত দুহেজাৰ শ্ৰমিকৰ বাবে মাত্ৰ ছটা স্নানাগাৰ আছে আৰু শৌচাগাৰ নাই বুলিয়েই ক’ব পাৰি। গতিকে, হে ৰাষ্ট্ৰপতি মহোদয়, আপুনিয়েই কওকচোন, আমি বাৰু কেনেকৈ আমাৰ নাগৰিকসকলে ভুগি থকা এনে অমানৱীয় অত্যাচাৰ আৰু শোষণক সহ্য কৰি থাকোঁ?

এইদৰে নেৰুডাই পাৰাগুৱেৰ স্বেচ্ছাচাৰী শাসনৰ পৰা আৰম্ভ কৰি গেব্ৰিয়েল মিষ্ট্ৰেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰালৈকে, আৰু নাৰীৰ ভোটাধিকাৰকে ধৰি বহু মূল্যবান বিষয়ৰ ওপৰত তেওঁৰ চমু কাৰ্যকালত, চিনেটত বহুতো দীঘলীয়া বক্তৃতা প্ৰদান কৰিছিল।

সেই বছৰৰ পৌৰসভাৰ নিৰ্বাচনতো তেওঁ কমিউনিষ্ট পাৰ্টিৰ হৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰি প্ৰচাৰ চলাইছিল। ১৯৪৭ চনৰ এপ্ৰিল মাহৰ প্ৰথম ৰবিবাৰে ঘোষণা কৰা ফলাফল অনুযায়ী, কমিউনিষ্টসকলে ১৬.৫ শতাংশ ভোট পাই, গুৰুত্বপূৰ্ণ অগ্ৰগতি সাধন কৰিবলৈ সক্ষম হৈছিল। বহু দল, উপদল থকা এখন দেশত অৰ্জিত এই ১৬.৫ শতাংশ কিন্তু উলাই কৰিব পৰা বিধৰ নাছিল। দেশৰ ভিতৰত কমিউনিষ্টসকলৰ অৱস্থান এতিয়া ৰেডিকেল আৰু সংৰক্ষণশীলসকলৰ ঠিক পাছত, অৰ্থাৎ তৃতীয় স্থানত। পৌৰসভাৰ নিৰ্বাচন হ’লেও, দেশজুৰি ইয়াৰ প্ৰতিক্ৰিয়া আছিল সুদূৰপ্ৰসাৰী।

কমিউনিষ্টসকলে চিলিত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰিছিল। কেবিনেটত অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ উপৰিও সমগ্ৰ দেশৰ চৰকাৰী সংস্থাসমূহতো কমিউনিষ্ট সদস্যসকলে সিদ্ধান্তকাৰী ভূমিকা গ্ৰহণ কৰিব পৰা হৈছিল। কাৰণ, ইউনিয়নবোৰ আছিল পাৰ্টি অথবা পাৰ্টিসমৰ্থকৰ দ্বাৰা পৰিচালিত। এই ইউনিয়নবোৰে শ্ৰেণীসংগ্ৰামক আগুৱাই নিয়াৰ জৰিয়তে, ৰাজনীতিক জনসাধাৰণৰ সন্মুখত পৰিষ্কাৰকৈ তুলি ধৰিছিল।

অন্যান্য পাৰ্টিসমূহে আৰু ৰাষ্ট্ৰপতিয়েও এইবোৰ লক্ষ্য কৰি আছিল। লক্ষণীয় যে, ভোটাৰৰ সৈতে ৰেডিকেল আৰু লিবাৰেল পাৰ্টিৰ সম্পৰ্ক ক্ষীণ হৈ আহিছিল। গোঞ্জালেজ ভিদেলাৰ আমোলত কমিউনিষ্ট পাৰ্টিৰ অগ্ৰগতিৰ বিপৰীতে অন্যান্য পাৰ্টিবোৰ নিস্তেজ হৈ পৰা দেখি প্ৰতিক্ৰিয়াশীলসকল বিমোৰত পৰিছিল। ৰেডিকেল আৰু লিবাৰেল পাৰ্টি সমন্বিতে অন্যান্য দলবোৰে অনুভৱ কৰিবলৈ লৈছিল যে, গোঞ্জালেজ ভিদেলাৰ অনুগ্ৰহতহে কমিউনিষ্টসকলে এনে অগ্ৰগতি লভিবলৈ সক্ষম হৈছিল। চৰকাৰৰ ভিতৰতো কমিউনিষ্টসকলক বলে নোৱাৰাত এই দলবোৰৰ প্ৰতিনিধি সদস্যসকলে চৰকাৰী পদবীৰ পৰা ইস্তফা দিছিল। আনকি, সোঁপন্থী দলবোৰক সমৰ্থন নকৰা সমাজবাদীসকলেও কমিউনিষ্টৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰপতিৰ অৱস্থা ফান্দত পৰাৰ দৰে হৈছিল; তেওঁৰ মিত্ৰ দলসমূহ আঁতৰি পৰাত, চৰকাৰ ৰক্ষা কৰাটো অসুবিধাজনক হৈ পৰিছিল। গতিকে, পৌৰনিগমৰ নিৰ্বাচন শেষ হোৱাৰ পাছদিনাই গোঞ্জালেজ ভিদেলাই, কমিউনিষ্ট পাৰ্টিৰ মুখপাত্ৰ ভোলোদিয়া টিটেলবোম আৰু কমিউনিষ্ট পাৰ্টিৰ সম্পাদক, ৰিকাৰ্ডো ফঁচেকাক লা মনেদাৰ ৰাষ্ট্ৰপতি ভৱনলৈ মাতি পঠিয়াইছিল। এই সম্পৰ্কে টিটেলবোমে লিখিছিল এইদৰে:

“আমি ভাবিছিলোঁ যে, পৌৰনিগমৰ নিৰ্বাচনত লভা জয়লাভ সম্পৰ্কে কিছু ইতিবাচক কথাৰে আলোচনা আৰম্ভ হ’ব। কিন্তু, আমাৰ আশাত চেঁচা পানী ঢালি, অন্ধ ষাঁড়গৰুৰ দৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি তেওঁ আমাৰ সম্মুখত হাজিৰ হৈছিল। কমিউনিষ্ট পাৰ্টিয়ে বেলট বাকচৰ জৰিয়তে জিকি প্ৰকাণ্ড পাৰ্টিত পৰিণত হোৱাটো তেওঁ গ্ৰহণ কৰিব পৰা নাছিল বুলি আমাৰ আগত প্ৰকাশ কৰিছিল। তেওঁ আমাক প্ৰচণ্ড খঙেৰে কৈছিল, ‘আপোনালোক অন্ধকাৰত বুৰ যাওক। মাছৰ দৰে হওক, হুলস্থুল নকৰিব, আৰু কোনেও নেদেখা দূৰত্বত থিয় হওক। আপোনালোক বাচি থকাৰ এয়াই চৰ্ত। নহ’লে, আপোনালোকৰ মৃত্যু অনিবাৰ্য।’”

ৰাষ্ট্ৰপতিৰ “বুৰ যাওক” শব্দ দুটা পাছত জনপ্ৰিয় শব্দ হৈ মানুহৰ মুখে মুখে উচ্চাৰিত হৈছিল।

ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ পৰা তিনিজন কমিউনিষ্ট পাৰ্টিৰ সদস্যক পদত্যাগ কৰিবলৈ কোৱাত, তেওঁলোকে সেই আদেশ মানিবলৈ বাধ্য হৈছিল। গোঞ্জালেজ ভিদেলাই ততালিকে, সেই পদকেইটা ৰেডিকেল পাৰ্টিৰ সদস্যেৰে পূৰোৱাত, সোঁপন্থীসকলে উৎফুল্লিত হৈ তেওঁক অভিনন্দন জনাইছিল।

ৰাষ্ট্ৰপতিৰ এনে অযৌক্তিক কাৰ্যক প্ৰত্যাহ্বান জনাই শ্ৰমিক শ্ৰেণীয়ে কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত ৰাস্তাই-ঘাটে, কলে-কাৰখানাই তীব্ৰ আন্দোলন সংগঠিত কৰিছিল। এপিনে এণ্ডিজৰ পৰা প্ৰশান্ত মহাসাগৰলৈ আৰু আনপিনে উত্তৰৰ মৰুভূমিৰ পৰা কয়লাখনিলৈকে সামৰি সমগ্ৰ অঞ্চলটোত শ্ৰেণীযুদ্ধৰ বতাহ ব’বলৈ ধৰিছিল।

বাঁওপন্থীসকলৰ সংগ্ৰাম দমন কৰাৰ বাবে চৰকাৰেও সমানে সমানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। চিলিত অতি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক স্বাৰ্থ নিহিত থকা আমেৰিকা যুক্তৰাষ্ট্ৰই এই ক্ষেত্ৰত বহি নাথাকি গোঞ্জালেজ ভিদেলাক সৰ্বোতপ্ৰকাৰে সহায় কৰিবলৈ আহি কমিউনিষ্টবিৰোধী কুৎসা ৰটনাৰে সমগ্ৰ দেশ বিষাক্ত কৰি তুলিছিল।

যুক্তৰাষ্ট্ৰৰ মদত পাই গোঞ্জালেজ ভিদেলাইও তেওঁৰ কমিউনিষ্ট বিৰোধী আক্ৰমণ তীব্ৰতৰ কৰিছিল। কমিউনিষ্ট পাৰ্টিৰ নেতাসকলক আটক কৰা হৈছিল। দেশৰ সমস্যাৰ বাবে কমিউনিষ্টসকলক জগৰীয়া কৰি চৰকাৰে দিনে-ৰাতি বহতীয়া প্ৰচাৰমাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাইছিল। হিংসাত্মক সংঘৰ্ষই দেশ ছানি ধৰিছিল। ছান্টিয়াগোৰ বাছ চালকসকলে বাছ চলাবলৈ অমান্তি হৈ ধৰ্মঘটত চামিল হৈছিল। চৰকাৰে সামৰিক বাহিনীৰ সহায় লৈ এই আন্দোলন দমন কৰিছিল। গুলীচালনাত চাৰিজন শ্ৰমিক নিহত হৈছিল, কুৰিজন আহত হৈছিল, কমিউনিষ্ট আৰু ইউনিয়ন নেতাসকলক কাৰাৰুদ্ধ কৰা হৈছিল। ৰাষ্ট্ৰপতিয়ে ছান্টিয়াগোত জৰুৰী অৱস্থা জাৰি কৰিছিল।

১৯৪৭ চনৰ আগষ্টৰ বাইছ তাৰিখে, “তথাকথিত গণতন্ত্ৰ ৰক্ষাৰ্থে” ৰাষ্ট্ৰপতিয়ে উত্থাপন কৰা নতুন আইনখনক নেচনেল কংগ্ৰেছে অনুমোদন জনাইছিল। আইনখনৰ জৰিয়তে ভিদেলাই কাৰ্যকৰীভাৱে কমিউনিষ্ট পাৰ্টিক বেআইনী ঘোষণা কৰিছিল, পাৰ্টিৰ সদস্যসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছিল, শ্ৰমিক আন্দোলনৰ সৈতে যুক্ত পাৰ্টিকৰ্মীসকলক পদবীৰ পৰা বহিষ্কাৰ কৰিছিল। আনকি, নিকায়, নিগম আদিৰ লগত যুক্ত পাৰ্টিকৰ্মীসকলো সাৰি যোৱা নাছিল। এইবোৰৰ উপৰিও, উল্লেখিত গণতন্ত্ৰ ৰক্ষাকাৰী আইনখনে, “জাতীয় শৃংখলা” বজাই ৰখাৰ স্বাৰ্থত দেশত জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰিব পৰাকৈ অতিৰিক্ত ক্ষমতা চৰকাৰৰ হাতত প্ৰদান কৰিছিল।

অক্টোবৰৰ ছয় তাৰিখে, চিলিস্থ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু লেখক, ক্লদ বোৱেৰচে, ৱাশ্বিংটনক কেবলযোগে জনাইছিল এইদৰে: “কমিউনিষ্টে তাম আৰু নাইট্ৰেটৰ দৰে দেশৰ দুটি গুৰুত্বপূৰ্ণ উৎপাদন ব্যৱস্থাক (য’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাৰ্থ নিহিত আছে) নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ বাবে ষড়যন্ত্ৰ কৰাত কমিউনিষ্টৰ বিৰুদ্ধে গোঞ্জালেজ ভিদেলাই যুদ্ধ ঘোষণা কৰিছিল।” আমেৰিকা যুক্তৰাষ্ট্ৰ যে চিলিৰ ঘটনাত কিদৰে যুক্ত আছিল, তাক আৰু কিছু কাৰ্যই প্ৰমাণ কৰে। চিলিত খনি শ্ৰমিকসকলৰ ধৰ্মঘট চলি থকাৰ সময়ত, ভিদেলাক নিশ্চিতি দি যুক্তৰাষ্ট্ৰই কৈছিল যে, জাহাজভৰ্তি কয়লা পঠিয়াবলৈ তেওঁলোকৰ দেশ প্ৰস্তুত, গতিকে চিন্তাৰ কোনো কাৰণ নাই। অক্টোবৰৰ ন তাৰিখে, বোৱেৰচে আৰু এটি কেবলবাৰ্তা পঠিয়াই যুক্তৰাষ্ট্ৰক জনাইছিল: “কমিউনিষ্টৰ বিৰুদ্ধে আমাৰ নিৰ্ধাৰিত যুদ্ধৰ লক্ষ্যস্থল হ’ল, ইউৰোপ আৰু দক্ষিণ আমেৰিকা।” চাৰি দিন পাছত তেওঁ আকৌ জনাইছিল, “আজি স্ফটিকৰ দৰে পৰিষ্কাৰ— সাম্যবাদ নে গণতন্ত্ৰ।”

চিনেটত নেৰুডাই, কয়লা শ্ৰমিকৰ ধৰ্মঘটৰ সমৰ্থনত উদাত্ত ভাষণ প্ৰদান কৰিবলৈ উঠি, দুদিন আগতে নিউয়ৰ্ক টাইমছত প্ৰকাশিত সম্পাদকীয়টো সকলোৰে দৃষ্টিগোচৰ কৰিছিল। তাত লিখা কিয়দংশ আছিল এনেকুৱা: “চিলিৰ খনি শ্ৰমিকসকলক ভালকৈ খাই-লৈ থাকিবৰ বাবে উপযুক্ত মজুৰি দিয়া হয়নে? থাকিবলৈ সুব্যৱস্থা কৰা হৈছেনে? চিকিৎসাপাতিৰ যথোচিত সুবিধা দিয়া আৰু বুঢ়া বয়সত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ফলপ্ৰসূ আঁচনি আছেনে? ইয়াৰ উত্তৰ নিশ্চয় নেতিবাচক হ’ব। ইয়াৰ উত্তৰ ইতিবাচক হোৱাঁহেঁতেন সাম্যবাদৰ প্ৰতি কাৰো কোনো অনুৰাগেই নাথাকিলহেঁতেন।”

চিলিৰ চৰকাৰে শ্ৰমিকৰ এনে জ্বলন্ত সমস্যাবোৰ সমাধান কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। বিপৰীতে এক অত্যুৎসাহী মনোভাৱ প্ৰদৰ্শন কৰি, গোঞ্জালেজ ভিদেলাই অক্টোবৰৰ একুৰি এক তাৰিখে, চিলিৰ শ্ৰমিকসকলে অৰাজক পৰিস্থিতি সৃষ্টি কৰা বুলি অভিযোগ তুলি, ছোভিয়েট ইউনিয়ন আৰু যুগোশ্লাভিয়াৰ সৈতে কূটনৈতিক সম্পৰ্ক বাতিল কৰিছিল। পিছদিনাখন, লোটাৰ সমুদ্ৰতলিত অৱস্থিত সৰ্ববৃহৎ কয়লাখনিৰ দুয়োটা শ্বিফ্‌টৰ শ্ৰমিকসকলে খনিৰ পৰা ওলাই আহিবলৈ অস্বীকাৰ কৰি অন্তৰ্ভাগতে অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছিল। তেওঁলোকে খনি অঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী আঁতৰোৱাৰ দাবী তুলিছিল আৰু বন্দী সতীৰ্থসকলৰ মুক্তিৰ দাবী কৰিছিল। কিন্তু, চৰকাৰে অতি নিৰ্মমভাৱে সশস্ত্ৰ বাহিনীৰ দ্বাৰা কন্দুৱা গেছ প্ৰয়োগ কৰি শ্ৰমিকসকলক জোৰপূৰ্বক খনিৰ পৰা উলিয়াই আনি তিনিশজনক পাতাগনিয়াৰ সিপাৰৰ জনশূন্য মেৰিয়া দ্বীপপুঞ্জত কাৰাৰুদ্ধ কৰি ৰাখিছিল। এনে ঘটনাৱলীৰ মাজতে, শ শ কমিউনিষ্ট নেতাৰ লগতে অন্যান্য বহু লোকক গণতন্ত্ৰ ৰক্ষাৰ তথাকথিত নতুন আইন অনুযায়ী ৰাষ্ট্ৰদ্ৰোহী আখ্যা দি দেশৰ উত্তৰ উপকূলৰ পিছাগুৱাৰ অসামৰিক শিবিৰত বন্দী কৰি ৰখা হৈছিল। ৰাষ্ট্ৰপতিয়ে আগষ্টো পিনোছেত নামৰ সৈন্যবাহিনীৰ এজন ত্ৰিশ বছৰীয়া কেপ্টেইনক সেই শিবিৰ পৰিচালনাৰ দায়িত্ব দিছিল।

বাঁওপন্থীসকল, আৰু ইয়াৰ দ্বাৰা পৰিচালিত আন্দোলনৰ (তেওঁৰ মতে দেশবিৰোধী কাৰ্যকলাপ) বিৰুদ্ধে গোঞ্জালেজ ভিদেলা ইমানেই খৰ্গহস্ত হৈ পৰিছিল যে, তেওঁ আটাইকেইখন কমিউনিষ্ট দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক বাতিল কৰিছিল। অজুহাত হিচাপে কৈছিল যে, ছোভিয়েট ইউনিয়ন আৰু জেকোশ্লোভেকিয়াই চিলিৰ অভ্যন্তৰত প্ৰৱেশ কৰি অথন্তৰ ঘটাই আছে। এইদৰে ‘লালাতংকৰ ভূতে’ সমগ্ৰ দক্ষিণ আমেৰিকাৰ শাসককুলক খেদি ফুৰিছিল। আৰ্জেণ্টিনাত, জুৱান পেৰনে আৰ্জেণ্টিনাৰ কমিউনিষ্ট পাৰ্টিক বেআইনী ঘোষণা কৰিছিল আৰু তাতো কমিউনিষ্টসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ চিন্তাচৰ্চা কৰিছিল আৰু আনকি আমেৰিকা যুক্তৰাষ্ট্ৰয়ো “আমেৰিকাবিৰোধী কাৰ্যকলাপৰোধ কমিটি” গঠন কৰি দেশৰ ভিতৰত “লালাতংকৰ ভূত” খেদাৰ বাবে কিমান যে সময় আৰু ডলাৰ খৰচ কৰিছিল, ভাবিলে আচৰিত লাগে।

চিলিত, কমিউনিষ্ট পাৰ্টিৰ সমৰ্থক শ্ৰমিক নেতাসকলৰ ওপৰত নিৰ্যাতন চলাই আৰু তেওঁলোকক দলে-বলে কাৰাৰুদ্ধ কৰি, চৰকাৰে শান্তি প্ৰতিষ্ঠা কৰিম বুলি ভাবিছিল। কিন্তু, চৰকাৰৰ জনবিৰোধী আৰু শ্ৰমিকবিৰোধী পদক্ষেপবোৰে জ্বলা জুইত ঘিউহে ঢালিছিল। প্ৰতিবাদমুখৰ ধৰ্মঘটী খনি আৰু ৰে’লশ্ৰমিকসকলে সমগ্ৰ উত্তৰাঞ্চল স্তব্ধ কৰি দিছিল। শান্তি-শৃংখলা বজাই ৰখাৰ নামত অভৱ্য সামৰিক বাহিনীয়ে শ্ৰমিকসকলক ধৰি-বান্ধি পিছাগুৱালৈ প্ৰেৰণ কৰিছিল, যি পিছাগুৱাক নেৰুডাই, “জাৰ্মানীত নাজী বাহিনীয়ে সৃষ্টি কৰা অসামৰিক শিবিৰৰ সৈতে” তুলনা কৰিছিল। অক্টোবৰৰ একুৰি এক তাৰিখে চিনেটৰ মজিয়াত নেৰুডাই ভাষণ প্ৰসংগত কৈছিল, “পৰিস্থিতি এনে হৈছে যে, আনকি, চিলিৰ কংগ্ৰেছতো এতিয়া বাকস্বাধীনতা নোহোৱা হৈছে। আপুনি এতিয়া প্ৰতিবাদী কোনো কথা ক’ব নোৱাৰা হৈছে।” কবিয়ে খং নিবাৰণ কৰিব নোৱাৰি উচ্চৈস্বৰে কৈছিল, “চৰকাৰে কয়লা খনি অঞ্চলত হত্যাৰ খেল খেলিছে!” পাছত খঙত অধীৰ হৈ, তেওঁ তেওঁৰ বন্ধু টোমাছ লেগোক কৈছিল, “এই নৰাধম গোঞ্জালেজ ভিদেলা, এজন বিশ্বাসঘাতক; চূড়ান্ত পৰ্যায়ৰ এক ঘৃণনীয় ব্যক্তি।”

নভেম্বৰৰ সাতাইছ তাৰিখে, চৰকাৰে কমিউনিষ্ট পাৰ্টিৰ বাতৰিকাকত ‘এল ছিগ্লো’খন বন্ধ কৰি দিছিল। সংবাদপত্ৰৰ স্বাধীনতা খৰ্ব হোৱাৰ দৰে এনে দুঃখজনক পৰিস্থিতিত নেৰুডাই চিলিৰ আভ্যন্তৰীণ বিষয়সমূহ ব্যাখ্যাসহকাৰে বিশ্বৰ সম্মুখত তুলি ধৰিবলৈ ব্যগ্ৰ হৈ পৰিছিল। তেওঁ এই মৰ্মে এটি দীঘলীয়া নিবন্ধ লিখি কাৰাকাছৰ এখন প্ৰভাৱশালী কাকত, ‘এল নেচনেল’ত প্ৰকাশ কৰাৰ বাবে তেওঁৰ বন্ধু মিগুৱেল অ’তেৰো ছিলভালৈ পঠিয়াইছিল। তেওঁ উক্ত নিবন্ধটোক, “নিযুত জনক উদ্দেশি লিখা এখন আন্তৰিকতাপূৰ্ণ চিঠি” বুলি উল্লেখ কৰিছিল, আৰু ইয়াৰ শিৰোনাম আছিল, “চিলিত গণতন্ত্ৰৰ সংকট: আমাৰ মহাদেশৰ বাবে এক অশনি সংকেত।” তেওঁ তেওঁৰ প্ৰবন্ধটোৰ আৰম্ভণিতে লিখিছিল এইদৰে, “মহাদেশজুৰি মোৰ বন্ধুসকলে চিলিত বৰ্তমানে বিৰাজ কৰা নাৰকীয় ঘটনাৱলী সম্পৰ্কে অৱগত হোৱা উচিত…..যিহেতু উত্তৰ আমেৰিকাৰ একচেটিয়া নিয়ন্ত্ৰণত থকা বাতৰিকাকতসমূহে, অন্যান্য অঞ্চলত লোৱা কৌশলৰ দৰে, চিলিৰ বাস্তৱ সত্যক বিকৃত আৰু অশুদ্ধ ৰূপত পৰিবেশন কৰিবলৈ লৈছে।” সমগ্ৰ নিবন্ধটোত তেওঁ, যুক্তিসহকাৰে আঙুলিয়াই দিছিল যে, শীতল যুদ্ধ আৰু অন্যান্য কাৰকসমূহে সৃষ্টি কৰা অস্থিৰতাৰ পটভূমিত চিলিত যিদৰে গণতন্ত্ৰ আৰু মৌলিক অধিকাৰসমূহ খৰ্ব কৰা হৈছে, তেনে পৰিস্থিতি যে মহাদেশখনৰ অন্যান্য দেশ বা অঞ্চলত নহ’ব তাৰ কোনো গেৰাণ্টী নাই, আৰু পৰিস্থিতিয়ে ভীষণ আকাৰ ধাৰণ কৰিব, যদিহে তৎকালীনভাৱে কোনো অৰ্থবহ পদক্ষেপ লোৱা নহয়।

ইয়াৰ পাছত, নেৰুডাই চিলিত উদ্ভূত পৰিস্থিতিৰ কাৰ্যকাৰণ সম্পৰ্কে তিনিটা মূল পইন্ট দাঙি ধৰিছিল:

(১) কমিউনিষ্ট মন্ত্ৰীসকলক কেবিনেটৰ পৰা বহিষ্কাৰ কৰা হৈছিল, কাৰণ, তেওঁলোকে চৰকাৰৰ ওচৰত সজোৰে দাবী কৰিছিল যাতে চিলিৰ মানুহক দিয়া প্ৰতিশ্ৰুতিসমূহ চৰকাৰে পূৰণ কৰে;

(২) বাঁওপন্থীসকলে, “উদ্যোগসহকাৰে গ্ৰহণ কৰা নতুন ধৰণৰ জনপ্ৰিয় শৈলীৰ ৰাজনীতিয়ে”, আওপুৰণি সামন্ততন্ত্ৰৰ কাণ্ডাৰী অভিজাতবৰ্গক “বাৰুকৈয়ে বীতশ্ৰদ্ধ কৰিছিল আৰু এই অভিজাতবৰ্গৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওচৰত ৰাষ্ট্ৰপতিয়ে নতিস্বীকাৰ কৰিছিল”;

(৩) আনহাতে, উত্তৰ আমেৰিকান সাম্ৰাজ্যবাদৰ এজেণ্টস্বৰূপ, “চিলিৰ সকলো খনিজ সম্পদৰ মালিক” সৰ্বশক্তিমান কোম্পানীবোৰে, অকণো সময় অপব্যয় নকৰি পৰিস্থিতিৰ সদ্ব্যৱহাৰ কৰি, সদ্যনিৰ্বাচিত ৰাষ্ট্ৰপতিজনক অক্টোপাছৰ দৰে চাৰিওফালৰ পৰা মেৰিয়াই ধৰিছিল।

নেৰুডাই তাৰ পাছত, ব্ৰিটিছ সংবাদদাতা এজনে যোৱা জুন মাহত লণ্ডনৰ ‘নিউজ ক্ৰ’নিকল’লৈ পঠিওৱা কেবল বাৰ্তাৰ উল্লেখ কৰি তাৰ ভিত্তিত গোঞ্জালেজ ভিদেলাৰ কাম-কাজ সম্পৰ্কে নিবন্ধটোত সবিস্তাৰে আলোচনা কৰিছিল। কেবল বাৰ্তাটো আছিল এনে ধৰণৰ: “ৰাষ্ট্ৰপতি গোঞ্জালেজ ভিদেলাৰ ধাৰণামতে, আগন্তুক তিনি মাহৰ ভিতৰত, ৰাছিয়া আৰু যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হ’ব, আৰু চিলিৰ সাম্প্ৰতিক আভ্যন্তৰীণ আৰু বৈদেশিক নীতি তেনে সূত্ৰৰ দ্বাৰা পৰিচালিত হৈছে।”

তাৰ উপৰি নেৰুডাই সেই নিবন্ধটোত বাঁওপন্থীসকল, বিশেষকৈ কমিউনিষ্টসকল কিহৰ বাবে যুঁজি আছে তাৰো ব্যাখ্যা আগবঢ়াইছিল। তেওঁলোকৰ অভিলাষী আঁচনিসমূহৰ ভিতৰত আছিল— ভূমিহীন কৃষকৰ মাজত পতিত মাটিবোৰ ভগাই দিয়া, পুৰুষ-মহিলা নিৰ্বিশেষে সম-মজুৰি সুনিশ্চিত কৰা, প্ৰধান শিল্পসমূহ জাতীয়কৰণ কৰা, ফেডাৰেল ৰিজাৰ্ভৰ দৰে ৰাষ্ট্ৰীয় বেংক স্থাপন কৰা, আৰু ৰাজহুৱা গৃহ নিৰ্মাণ আঁচনিখন ফলপ্ৰসূ কৰাৰ বাবে জাতীয় উদ্যোগ গ্ৰহণ কৰা।

নেৰুডাই নিজ দেশৰ শ্ৰমিক আৰু নেতাসকলৰ ওপৰত ঘটা অবাঞ্ছনীয় আচৰণৰ কথা উল্লেখ কৰি সকীয়নি দি কৈছিল যে, তেনে নিৰ্যাতন অনতিপলমে লেটিন আমেৰিকাৰ অন্যান্য দেশলৈকো বিয়পি পৰাৰ আশংকা আজি আৰু অমূলক নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্দেশত পৰিচালিত “বহতীয়া পুতলা চৰকাৰবোৰে…. দক্ষিণ আমেৰিকাৰ দেশবোৰত অমংগলীয়া দাসত্বক যুগমীয়া কৰিব বিচাৰিছে।” তেনে ধৰণৰ পুতলা চৰকাৰবোৰে, “(সংৰক্ষণশীল, কমিউনিষ্টবিৰোধী) ৰীডাৰ’ছ ডাইজেষ্টক বাইবেল হিচাপে গ্ৰহণ কৰি, পুলিচী আতিশায্যৰে নিপীড়ন, জে’ল-জৰিমনা আৰু নিৰ্বাসনৰ পথ প্ৰশস্ত কৰে।”

নিবন্ধটো পুনৰ্মুদ্ৰণ কৰি চিলিত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছিল। আনহাতে, ইয়াক সমগ্ৰ লেটিন আমেৰিকাকে ধৰি ছোভিয়েট ইউনিয়নৰ কাগজে-পত্ৰে প্ৰকাশ কৰা হৈছিল। দহ ডিচেম্বৰ তাৰিখে, চিনেটৰ মজিয়াত নেৰুডাই চৰকাৰৰ সন্ত্ৰাসী কৌশল আৰু সংবাদপত্ৰৰ স্বাধীনতা খৰ্ব কৰাৰ বিৰুদ্ধে পুনৰাই তীব্ৰভাৱে সমালোচনাত মুখৰ হৈছিল। শ্ৰমিকবিৰোধী নিৰ্যাতন, সমগ্ৰ লেটিন আমেৰিকাজুৰি বিয়পাই দিয়াৰ বাবে তেওঁ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় দপ্তৰক কঠোৰ সমালোচনা কৰিছিল।

কিন্তু বিৰোধী চিনেটৰসকলে নেৰুডাৰ কথাবতৰা ভাল পোৱা নাছিল। চিলিৰ সংবিধানমতে, সকলো চিনেটৰৰে আইনী সুৰক্ষা তথা কিছু কিছু ক্ষেত্ৰত নিৰাপত্তাৰ বিধান আছিল। ১৯৪৭ চনৰ খ্ৰীষ্টমাছৰ দিনা চিলিৰ চৰকাৰে, “দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আইন উলঙ্ঘা কৰাৰ বাবে, নেৰুডাৰ চিনেটৰ হিচাপে লভা বিশেষাধিকাৰ কৰ্তন কৰাৰ আৰ্জিৰে ছুপ্ৰীম কোৰ্টত আবেদন পেচ কৰিছিল।” উক্ত আবেদনৰ সমৰ্থনত চৰকাৰে যুক্তি দৰ্শাই কৈছিল যে, নেৰুডাই “চিলিক বিদেশৰ চকুত হেয় কৰাৰ উপৰিও কুৎসা ৰটনা আৰু মিছা অপযশেৰে ৰাষ্ট্ৰপতিৰ ভাবমূৰ্তিত কালিমা সানিছে।”

কিন্তু নেৰুডা আছিল অকুতোভয়। ডিচেম্বৰৰ ত্ৰিশ তাৰিখে, তেওঁ আকৌ চিনেটৰ মজিয়াত থিয় হৈ, পানামাৰ সংসদে মাৰ্কিন যুক্তৰাষ্ট্ৰক সামৰিক ঘাটি নিৰ্মাণ কৰাৰ বাবে ভূমি দিবলৈ অস্বীকাৰ কৰা কাৰ্যক উচ্চৈস্বৰে প্ৰশংসা কৰি বক্তব্য ৰাখিছিল। তেওঁ কৈছিল যে, গোঞ্জালেছ ভিদেলাৰ স্বৈৰাচাৰী শাসনৰ সম্পূৰ্ণ বিপৰীতে অৱস্থান কৰা পানামা হ’ল সমগ্ৰ লেটিন আমেৰিকাৰ বাবে আশা আৰু প্ৰেৰণাৰ থল। জানুৱাৰীৰ পাঁচ তাৰিখে, আপীল আদালতে, সপক্ষে পোন্ধৰ আৰু বিপক্ষে এজন ন্যায়াধীশৰ ব্যৱধানেৰে দিয়া ৰায়ত কৈছিল যে, নেৰুডাই চৰকাৰৰ বিৰুদ্ধে “মিছা” অভিযোগ অনাটো সঁচা আৰু ইয়াৰ ভিত্তিত নেৰুডাৰ বিশেষাধিকাৰ কৰ্তন কৰাৰ যথেষ্ট ভিত্তি আছে। নেৰুডা আৰু তেওঁৰ অধিবক্তাই ততালিকে এই ৰায়ৰ বিৰুদ্ধে আবেদন জনাইছিল।

পাছদিনা চিনেটৰ মজিয়াত অনুষ্ঠিত হৈছিল বিশেষ অধিৱেশন। নেৰুডাই তেওঁৰ ঐতিহাসিক ভাষণত সকলোকে আজিৰ এই উত্তেজনাপূৰ্ণ পৰিস্থিতিত তেওঁৰ “গণতন্ত্ৰৰ সংকট” নামৰ প্ৰবন্ধটো অনুধাৱন কৰিবলৈ অনুৰোধ কৰিছিল, যিটো তেওঁ “চিলিৰ সম্ভ্ৰম ৰক্ষাৰ্থে” লিখিছিল। ইয়াকে কৈ তেওঁ গোঞ্জালেজ ভিদেলাই অব্যাহত ৰখা “অপৰিণামদৰ্শী ৰাজনৈতিক দমননীতিৰ” বাবে তেওঁক জগৰীয়া কৰি তিৰস্কাৰ কৰিছিল। নেৰুডাই ভৱিষ্যদ্বাণী কৰি কৈছিল: “ভিদেলাৰ শাসন মানেই যে, ‘অমানুষিক নিৰ্যাতন’, সেয়াই লিখা থাকিব চিলিৰ বুৰঞ্জীত।” নেৰুডাই তাৰ পাছত ৰুচিসন্মতভাৱে বৰ মনোগ্ৰাহীকৈ কৈছিল:

“আজি চিনেটত ভাষণ দিবলৈ উঠি, এক বিশেষ কথা মোৰ মনলৈ আহিছে। আজি ছয় জানুৱাৰী — ১৯৪১ চনৰ এই একে তাৰিখতে — মহাপ্ৰতিভাধৰ সংগ্ৰামী আৰু মানুহৰ স্বাধীনতাৰ হকে অক্লান্ত যুঁজাৰু, বিশিষ্ট ৰাষ্ট্ৰপতি ফ্ৰেংকলিন দি ৰুজভেল্টে, বিশ্ববাসীলৈ চাৰি প্ৰকাৰৰ স্বাধীনতাৰ কথা ঘোষণা কৰিছিল, আৰু তাৰ ওপৰতে প্ৰতিষ্ঠিত হৈছিল ভৱিষ্যতৰ মানৱ সভ্যতাৰ অগ্ৰগতিৰ সোপান, যি অমূল্য প্ৰাপ্তিৰ বাবে বিশ্বজুৰি বহুতো মানুহে যুঁজি জীৱন আহুতি দিবলগীয়া হৈছিল।”

তেওঁ কৈছিল, উল্লেখিত এই চাৰি প্ৰকাৰৰ স্বাধীনতা হ’ল: “বাক স্বাধীনতাৰ অধিকাৰ; নিজৰ নিজৰ ধৰণে উপাসনা কৰাৰ অধিকাৰ; অভাৱ-অনাটনৰ পৰা মুক্ত হোৱাৰ অধিকাৰ; আৰু নিৰ্ভয়ে থকাৰ অধিকাৰ।” “ৰুজভেল্টে সপোনৰ পৃথিৱীখনক এনে হোৱাটোৱেই বিচাৰিছিল,” তেওঁ কৈছিল। কিন্তু ট্ৰুমেন সমন্বিতে লেটিন আমেৰিকাৰ একনায়কসকলে আৰু গোঞ্জালেজ ভিদেলাই, “এখন সম্পূৰ্ণ বেলেগ পৃথিৱী বিচাৰে।” চিলিত বাক স্বাধীনতা নাই; ইয়াৰ মানুহবোৰ ভয়শূন্য নহয়। আমাৰ দেশখনক দুখ-দুৰ্দশাৰ পৰা মুক্ত কৰাৰ বাবে যিসকলে যুঁজি আছে, তেওঁলোকক হাৰাশাস্তি কৰা হৈছে, দুৰ্ব্যৱহাৰ কৰা হৈছে, আঘাত কৰা হৈছে আৰু শাস্তি বিহা হৈছে।

এই ভাষণটো পাছত “মই অভিযুক্ত কৰোঁ” (Yo acuso) শিৰোনামেৰে প্ৰকাশ কৰা হৈছিল। শিৰোনামটো ১৮৯৮ চনত এমিল জোলাই ফৰাচী নিবাসী আলফ্ৰেড ড্ৰেইফাছৰ সমৰ্থনত লিখা চিঠিখনৰ পৰা লোৱা হৈছিল। উল্লেখযোগ্য যে, আলফ্ৰেড ড্ৰেইফাছক জাৰ্মানীলৈ গোপন তথ্য সৰৱৰাহ কৰাৰ অপৰাধত অভিযুক্ত কৰা হৈছিল।

এনেবোৰ ভাষণৰ পৰিণতিত নেৰুডাৰ পৰিয়ালটোৱে দুষ্টচক্ৰৰ লঘুলাঞ্ছনাৰ সম্মুখীন হ’বলগীয়া হৈছিল। চিনাকি হেয়াৰড্ৰেছাৰজনক দেলিয়াই তিক্তবিৰক্ত হৈ কৈছিল, “আমাক পিছাগুৱালৈ পঠালেও, তালৈ যাবলৈ আমি সাজু আছোঁ।” উদ্বিগ্ন নেৰুডাৰ ওজন এঘাৰ পাউণ্ড কমিছিল আৰু তেওঁৰ টোপনি বাধাগ্ৰস্ত হৈছিল।

দেশৰ কিছু অংশত যাতে ৰাষ্ট্ৰপতিয়ে জৰুৰী ক্ষমতাৰ বলত সামৰিক বাহিনী নিয়োগ কৰিব পাৰে, তাৰ ওপৰত তেৰ জানুৱাৰী তাৰিখে, চিনেটত তৰ্কবিতৰ্ক হৈছিল। ৰাষ্ট্ৰপতিক এনে ক্ষমতাৰে বলীয়ান কৰাৰ অৰ্থ হ’ল, তথাকথিত “দেশপ্ৰেমবিৰোধী প্ৰচাৰ” কঠোৰ হাতেৰে দমন কৰাৰ অধিকাৰ আৰু মিটিং-মিছিল খৰ্ব কৰাৰ অধিকাৰ তেওঁৰ হাতত তুলি দিয়া। নেৰুডাই খচৰা আইনখনক দৃঢ়তাৰে বিৰোধিতা কৰিছিল আৰু এই আইনৰ ওপৰত তৰ্কবিতৰ্ক শেষ হোৱাৰ পাছত, তেওঁ পিছাগুৱাৰ ৰাজনৈতিক বন্দীসকলৰ নামবোৰ পঢ়ি শুনাইছিল আৰু তেওঁলোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছিল। এইদৰে তেওঁ চাৰিশ পঞ্চাশতকৈয়ো অধিক নাম মাতি শুনোৱাৰ পৰত সভাপতিয়ে চিনেটৰ কাৰ্যক্ৰম স্থগিত ঘোষণা কৰাত তেওঁ সিদিনাৰ বাবে তাতেই শেষ কৰিবলগীয়া হৈছিল। পাছদিনা তেওঁ বাকী থকা নামখিনি পঢ়ি শুনাইছিল।

অধিৱেশনৰ শেষৰ পিনে ভোটাভোটি হ’লত, আঠাইশজন চিনেটৰে খচৰাখনৰ সপক্ষে আৰু আঠজনে বিপক্ষে ভোট দিয়াৰ মাজেৰে ভিদেলাক অতিৰিক্ত ক্ষমতাৰে বলীয়ান কৰিছিল। এই কলংকিত ঘটনাৰ ছয় দিন পাছত, দেশৰ আপীল আদালতে নেৰুডাৰ বিৰুদ্ধে থকা মোকৰ্দমাটো নিষ্পত্তিৰ বাবে ছুপ্ৰিম কোৰ্টলৈ প্ৰেৰণ কৰিছিল।

এনে অৱস্থাত নেৰুডাক শ’লঠেকত পেলাবলৈ বৈদেশিক মন্ত্ৰালয়ে ব্ৰুছেলছৰ কূটনৈতিক বিভাগক কেবলবাৰ্তাযোগে “মাননীয় নেৰুডাৰ বৈধ পত্নী মাৰুকাক চিলিলৈ প্ৰত্যাৱৰ্তনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল।” বৈধ পত্নী থকাৰ পাছতো আন এগৰাকী নাৰীৰ সৈতে বিবাহিত জীৱন-যাপন কৰাৰ অপৰাধ সম্পৰ্কে সংবাদপত্ৰবোৰেও সুযোগ বুজি মুখৰোচককৈ বিভিন্ন ধৰণৰ লেখামেলা প্ৰকাশ কৰিবলৈ ধৰিছিল। চৰকাৰেও কথাটো প্ৰতিপন্ন কৰাৰ বাবে যি কোনো প্ৰকাৰে মাৰুকাক চিলিলৈ আনিবলৈ বদ্ধপৰিকৰ হৈছিল।

১৯৪৮ চনৰ একুৰি এক জানুৱাৰী তাৰিখে, চিলিৰ চিনেটৰ সভাপতি এলেছেন্দ্ৰীয়ে নেৰুডাক সাংবিধানিক নিয়ম অনুসৰি ত্ৰিশ দিনৰ বাবে দেশৰ বাহিৰলৈ যোৱাৰ লিখিত অনুমতি দিছিল। কিন্তু নেৰুডাই চিনেটত অনুপস্থিত থকাৰ অনুমতি পালেও, দেশৰ সীমা পাৰ হোৱাৰ অনুমতিপত্ৰ তেওঁৰ নাছিল, যি অনুমতিপত্ৰ কেৱল ৰাষ্ট্ৰপতিয়েহে দিব পাৰে। নেৰুডাই চিলিস্থ মেক্সিকোৰ ৰাষ্ট্ৰদূত পেদ্ৰো দা আলবাক চিলিৰ সীমা অতিক্ৰম কৰোৱাৰ বন্দৱস্ত কৰিবলৈ অনুৰোধ কৰিছিল। সেইমতে দা আলবাই তেওঁৰ সহযোগী এজনৰ হতুৱাই নেৰুডা আৰু দেলিয়াক গাড়ীৰে আৰ্জেণ্টিনাৰ সীমালৈকে লৈ গৈছিল। কিন্তু চিলিৰ সীমা সুৰক্ষা বাহিনীক প্ৰয়োজনীয় তথ্যপাতি দেখুৱাব নোৱাৰাত তেওঁলোকে সীমা অতিক্ৰম কৰিব পৰা নাছিল। উপায়ন্তৰ হৈ নেৰুডাই পুনৰাই ছান্টিয়াগোৰ মেক্সিকোৰ ৰাষ্ট্ৰদূত ভৱনলৈ উভতি আহিছিল। নেৰুডাক সিদিনা ভীষণ উদ্বিগ্ন দেখা গৈছিল। জীৱনৰ প্ৰতি ভাবুকি দেখা দিয়াত নেৰুডাই ৰাষ্ট্ৰদূত ভৱন এৰি নোযোৱাৰ সিদ্ধান্ত লৈছিল।

ৰাষ্ট্ৰদূত দা আলবাই নেৰুডাক মেক্সিকোত ৰাজনৈতিক আশ্ৰয় দিব বিচাৰি মেক্সিকোৰ বৈদেশিক মন্ত্ৰীৰ সৈতে যোগাযোগ কৰিছিল যদিও আন্তৰ্জাতিক প্ৰতিক্ৰিয়াৰ ভয়ত আলবাৰ অনুৰোধ তেওঁ প্ৰত্যাখ্যান কৰিছিল। তাতে, ৰাষ্ট্ৰদূত ভৱনত নেৰুডাৰ উপস্থিতি আলবাৰ পক্ষে বিপজ্জনক হওক সেয়া তেওঁ বিচৰা নাছিল। গতিকে, তেওঁ এখন টেক্সি লৈ তেওঁৰ বন্ধু কাৰমেন কুৱেভাছৰ ঘৰলৈ প্ৰস্থান কৰিছিল। চিলিৰ এগৰাকী প্ৰভাৱশালী গণসংগীত বিশাৰদ আৰু নৃত্যদলৰ প্ৰতিষ্ঠাপক আছিল কাৰমেন। টেক্সিচালকজনে যাত্ৰাপথত নেৰুডাৰ সৈতে কথা পতাটো নাছিলেই, আনকি তেওঁৰ পিনে চোৱাও নাছিল। নেৰুডাৰ বন্ধু আৰু জীৱনীকাৰ মাৰ্গাৰিটা এগুইৰেই লিখামতে, যেতিয়া নেৰুডাই যাত্ৰাৰ অন্তত ভাড়া দিব বিচাৰিছিল, তেতিয়া ড্ৰাইভাৰজনে বিনম্ৰতাৰে কৈছিল, “আপোনাৰ পৰা একো পাবলগীয়া নাই, ডন পাবলো, কুশলে থাকক, বিদায়।”

জানুৱাৰীৰ ত্ৰিশ তাৰিখে, কমিউনিষ্টবিৰোধী সংগঠন এটিয়ে উত্তেজনাকৰ পৰিস্থিতি সৃষ্টিৰ উদ্দেশ্যে ছান্টিয়াগোৰ কেন্দ্ৰস্থলীত নেৰুডাৰ প্ৰতীকি কফিন সাজি তাত অগ্নিসংযোগ কৰিছিল। তাৰ তিনি দিন পাছত, নেৰুডা আৰু দেলিয়াই আকৌ গাড়ীৰে আৰ্জেণ্টিনাৰ সীমান্তলৈ গৈছিল। কিন্তু সীমা সুৰক্ষা বাহিনীয়ে তেওঁলোকক সীমা পাৰ হ’বলৈ দিয়া নাছিল, কাৰণ, দাখিল কৰা তথ্যত তেওঁৰ নাম আছিল ৰিকাৰ্ডো নেফটালি ৰেইজ (তেওঁ যোৱা বছৰ তেওঁৰ নামটো আইনগতভাৱে পাবলো নেৰুডালৈ সলনি কৰিছিল ঠিকেই, কিন্তু দাখিল কৰা তথ্যত তাক শুধৰোৱা হোৱা নাছিল)। পিছদিনা ছুপ্ৰিম কোৰ্টে সপক্ষে ষোল্ল আৰু বিপক্ষে এটা ভোটৰ ব্যৱধানত চিনেটৰ হিচাপে পাই থকা ৰক্ষাকৱচবোৰৰ পৰা নেৰুডাক বঞ্চিত কৰিছিল। কোৰ্টে এই ৰায়ৰ সপক্ষে কাৰণ দৰ্শাই কৈছিল, “নেৰুডাই চৰকাৰৰ বিৰুদ্ধে অসত্য আৰু পক্ষপাতমূলক বক্তব্য প্ৰকাশ কৰাটো সঁচা।” কালবিলম্ব নকৰি, সুযোগৰ অপেক্ষাত থকা চৰকাৰে নেৰুডাক আটক কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। গত্যন্তৰহীন নেৰুডাইয়ো পাৰ্টিৰ নিৰ্দেশত আত্মগোপন কৰিবলগীয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *