অনিল ৰায়চৌধুৰীৰ সোঁৱৰণত – (দিগন্ত ওজা)
আমাৰ কালৰ অন্যতম প্ৰতিভাশালী সমাজ বিজ্ঞানী, তথ্যৰ গভীৰ অন্বেষক, তীক্ষ্ণধী বিশ্লেষক আছিল ৰায়চৌধুৰীদেৱ। তদুপৰি আছিল এক বিশাল জীৱনৰ অধিকাৰী। ট্ৰেড ইউনিয়নত জড়িত ৰায়চৌধুৰীয়ে কৃষক আৰু শ্ৰমিক আন্দোলনত লোৱা সক্ৰিয় ভূমিকাৰ বাবে ৰাজৰোষত পৰি তিনিবাৰকৈ কাৰাৰুদ্ধ হ’বলগীয়াত পৰিছিল, অথচ এই অভিজ্ঞতাকো কামত খটুৱাই তেখেতে লিখিছিল ‘কাণ্ডাৰী’ আৰু ‘শত্ৰু’ৰ দৰে উপন্যাস। তেখেতৰ ‘শত্ৰু’ আছিল ১৯৬২ত চৈনিক মূলৰ অসমীয়া মানুহৰ অবৰ্ণনীয় দুখ-যন্ত্ৰণাৰ চাক্ষুষ অভিজ্ঞতালব্ধ উপন্যাস৷ এইসকল লোকক তেখেতে লগ পাইছিল গুৱাহাটীৰ কাৰাগাৰত, লগ পাইছিল তেজপুৰ-যোৰহাটৰ কাৰাগাৰত। ১৯৬৮ চনত প্ৰকাশিত উপন্যাসখনৰ বিষয়বস্তু গ্ৰহণ কৰিব পৰাকৈ তৎকালীন অসমীয়া পঢ়ুৱৈ সাজু নাছিল, কাৰণ সেয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘শতঘ্নী’-এ মোহাচ্ছন্ন কৰাৰ পৰিৱেশ৷ কিন্তু ঔপন্যাসিক হিচাপে অনিল ৰায়চৌধুৰীক সিমান মনত ৰখা নহ’ব, যিমান মনত ৰখা হ’ব সমাজবিজ্ঞানীৰূপে৷ তেখেতে মন কৰিছিল যে অসমৰ ৰাজনৈতিক বা সামাজিক চৰ্চা আহোম-অসমতেই সীমাবদ্ধ হৈ ৰয়৷ অসমৰ ইতিহাস চৰ্চাৰ এই দূৰ্বলতা আঁতৰাই তেখেতে ৰচনা কৰিছিল “নামনি অসমৰ মধ্যশ্ৰেণী“৷ এই কিতাপখন আছিল নতুনকৈ উন্মোচিত বহু তথ্যৰ অফুৰন্ত ভড়াল। অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ অনেক অজানা দিশ পোহৰলৈ আহিছিল তেখেতৰ “অসমৰ সমাজ ইতিহাসত নৱবৈষ্ণৱবাদ” আৰু “অসমীয়া সমাজ আৰু নৱবৈষ্ণৱবাদ” গ্ৰন্থৰ মাজেৰে৷ ব্যক্তিগত আলাপত তেখেতে মোক বহুবাৰ কৈছিল, দিগন্ত, গৱেষণাৰ পথত আৰু লিখোতে সদায় মন কৰিবলগীয়া কথা হ’ল তথ্যৰ শুদ্ধতা৷ তথ্য আধাৰিত ধ্যানধাৰণা সময় আৰু ব্যক্তিভেদে সলনি হ’ব পাৰে, কিন্তু তথ্য ভুল হ’ব নালাগে৷ সেয়ে গৱেষণাৰ পথত বেলেগে দাঙি ধৰা বিশ্লেষণসমূহ তেওঁ আধাৰ কৰা তথ্যৰ সাপেক্ষে নিৰীক্ষণ কৰিবা৷ তেখেতৰ সৈতে বয়সৰ দুস্তৰ প্ৰভেদ, কিন্তু কোনোদিনে আমাৰ আলোচনাত (সেই ব্যৱধানে তেখেতৰ প্ৰতি মোৰ মনত সৃষ্টি কৰা সন্মানৰ কোঠাটোৰ বাহিৰে) বয়স হেঙাৰ হোৱা নাছিল৷ তাতে তেখেতৰ মাজত আছিল এনে এক শিশুসুলভ সৰলতা, যি স্বাভাৱিক কৰি তুলিছিল আমাৰ ঘনিষ্ঠতা৷ বহু বৌদ্ধিক আলোচনাত বহিছিলোঁ তেখেতৰ সৈতে৷ এই আলোচনাবোৰে মোৰ যুক্তি সবল কৰাত সহায় কৰিছিল৷ মোৰ “অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন” লিখাৰ ক্ষেত্ৰতো তেখেতৰ সহায় আছিল যথেষ্ট৷ ‘অসমীয়া’ক জাতিৰ বিপৰীতে সমাজ হিছাপে চাবলৈ মোক দিকদৰ্শন কৰোৱা মহীচন্দ্ৰ মিৰিৰ লেখাটোও পোনতে পাইছিলোঁ ৰায়চৌধুৰীদেৱৰ “অসমীয়া ভাষাৰ দৰ্শন” কিতাপখনতেই৷ তেখেতৰ আন কিতাপসমূহৰ দৰেই এই খুদমানি কিতাপখনো গভীৰ সমাজবীক্ষাৰ অন্যতম নিদৰ্শন৷ অথচ ভাবি দুখ লাগে, বিগত শতিকাৰ ৯০ৰ দশকত যেতিয়া মই তেতিয়া কৰ্মৰত (অধুনালুপ্ত) “দৈনিক আজিৰ সংবাদ“-ৰ বাবে লেখা বিছাৰিছিলো, ৰায়চৌধুৰীদেৱে মোক কৈছিল যে মূলসুঁতিৰ কাকতৰ পৰা তেখেতক লেখা বিছৰা সেয়াই প্ৰথম! কিন্তু সেই ‘প্ৰথম’ৰ পৰা মই যেতিয়াই বিছাৰিছিলো, তেখেতে মোক লেখা দিবলৈ চেষ্টা কৰিছিল৷ অসমৰ বাংলাদেশী সমস্যাক কেন্দ্ৰ কৰি লিখা “অসমত বাংলাদেশী” চোৱা চোৱাকৈ মই প্ৰকাশ কৰিছিলোঁ৷ মোৰ কাৰণে সন্মানৰ কথা আছিল এইটো যে কিতাপ আকাৰে প্ৰকাশিত “অসমত বাংলাদেশী“-ত মোৰ এটা টোকা তেখেতে নিজে বিচাৰি সন্নিৱিষ্ট কৰিছিল৷ বহু কথাই মনত জুমুৰি দি ধৰিছে৷ সকলো এইসময়ত লিখা সম্ভৱ নহয়৷ ৯৪ বছৰ আয়ুকালো কম নহয়৷ তেখেতে আমাক দি যোৱা অৱদানো একেবাৰে কম বুলিব নোৱাৰি৷ আৰু বহু লিখিব হয়তো তেখেতে পাৰিলেহেঁতেন৷ কিন্তু ৰায়চৌধুৰীদেৱৰ বৈশিষ্ট্যই আছিল কাৰো হেঁচাত তেখেতে লিখা নাছিল, লিখিছিল যুক্তিৰ কষটি শিলত বক্তব্য উত্তীৰ্ণ হোৱাৰ পিছত৷ যেতিয়াই যাওঁ, তেতিয়াই কিবা পঢ়ি থকাই দেখিছিলোঁ৷ লিখাৰ কথা সুধিলে কৌতুকপূৰ্ণভাৱে কৈছিল, কুকুৰে হাঁড় চোবোৱা দি লিখি আছোঁ, আমাৰ লিখাত একো নাই৷ পণ্ডিতৰ বিনয়ৰ আৰু কি বেলেগ নিদৰ্শন লাগে? তেখেতক আজীৱন মনত ৰাখিম৷