অনুবাদকবিতা

মাতিব, কিন্তু নাযাবি-(মূলঃ ৰাহত ইন্দোৰী, অনুবাদ: বিতোপন গগৈ)

মাতিব কিন্তু নাযাবি
সেয়া সমাজ সেইফালে নাযাবি

মূৰত যদি পৃথিৱীৰ বোজা ল’ব লাগে ল
খোজ দিবলৈ আৰম্ভ কৰাৰ পাছত ৰৈ নাযাবি

পৃথিৱী এৰি যাবলৈ সন্মত
কিন্তু দেশ এৰি নাযাবি

ৰাস্তাত জানাজাই জানাজা
কিন্তু পৰিৱেশ এতিয়া মৰাৰ নহয়

থাপমাৰি তৰাবোৰ লৈ আহিম
খালি হাতেৰে ঘৰলৈ যোৱাটো মোৰ নহ’ব

মোৰ সোণাই কাৰোবাক ভাল পা
কিন্তু সীমা পাৰ হৈ নাযাবি

সি ডিঙিৰ জোখ লয়, লওক
কিন্তু শোষকক ভয় নকৰিবি

ৰাস্তাত শৱ যাত্ৰাই শৱ যাত্ৰা
কিন্তু পৰিৱেশ এতিয়া মৰাৰ নহয়

সকলো ফালে এতিয়া মহামাৰীৰ সংক্ৰমণ
কিন্তু পৰিৱেশ এতিয়া মৰাৰ নহয়।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *