কেন্দ্ৰীয় নিবন্ধ

ইচলাম তেতিয়া আৰু এতিয়া-(ৰূপক বৰুৱা)

আৰবৰ ইচলামিক সভ্যতাৰ ইউৰোপৰ সভ্যতা গঢ় দিয়াত অৱদান আছে। ইউৰোপৰ সভ্যতাই পৰৱৰ্তী কালত নৱজাগৰণৰ যোগেদি আধুনিক যুগৰ সূচনা কৰিলে। কিন্তু ইচলামে জ্ঞান চৰ্চা এৰি ধৰ্ম-চৰ্চাকে প্ৰধান হিচাপে লোৱাত মধ্যযুগৰ অন্ধকূপতেই থাকি গ’ল। ৬৬২ খ্ৰীষ্টাব্দত আলেকজেণ্ড্ৰিয়া আৰবসকলৰ দখললৈ যায়। মহাবীৰ আলেকজেণ্ডাৰে খ্ৰীঃপূঃ ৩৩২চনত ইজিপ্ট জয় কৰি তাত আলেকজেণ্ড্ৰিয়া নামৰ এখন নগৰ প্ৰতিষ্ঠা কৰে। ই অতি সোনকালেই জ্ঞান চৰ্চাৰ কেন্দ্ৰত পৰিণত হৈছিল। আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছতো ইজিপ্টৰ টলেমি বংশৰ ৰজাসকলৰ দিনতো আলেকজেণ্ড্ৰিয়া আছিল প্ৰাচীন জগতৰ এটা প্ৰধান জ্ঞান চৰ্চাৰ কেন্দ্ৰ। তাত এখন বিশ্ববিদ্যালয় আৰু দুটা বৃহৎ ৰাজকীয় পুথিভঁৰাল আছিল। সেই পুথিভঁৰাললৈ গ্ৰীচ দেশৰ পৰা এৰিষ্ট’ট্‌লৰ লগতে আন আন গ্ৰীক পণ্ডিতসকলে ৰচনা কৰা কিতাপ অনা হৈছিল। এই পুথিভঁৰালত প্ৰায় সাত লাখমান কিতাপ আছিল। ৬৪২ চনত আলেকজেণ্ড্ৰিয়া আৰৱসকলৰ হাতলৈ যায়। আৰব পণ্ডিতসকলে এৰিষ্ট”টলকে ধৰি গ্ৰীক পণ্ডিতসকলৰ গ্ৰন্থবোৰ আৰবী ভাষালৈ অনুবাদ কৰে। সেইসময়ছোৱা আছিল আৰব সভ্যতাৰ স্বৰ্ণযুগ। ইচলাম ধৰ্মত দীক্ষিত হোৱা আৰবসকল তেতিয়া বিশ্বৰ প্ৰধান ৰাজনৈতিক আৰু সাংস্কৃতিক শক্তিত পৰিণত হৈছে। পশ্চিম আটলাণ্টিক মহাসাগৰৰ পৰা আৰম্ভ কৰি উত্তৰ আফ্ৰিকা, মধ্যপ্ৰাচ্য আৰু কেন্দ্ৰীয় এছিয়া পৰ্যন্ত আৰব ক্ষমতা আৰু সভ্যতা বিয়পি পৰিছিল। বিখ্যাত ইতিহাসবিদ ড° ডি ডি কৌশাম্বীয়ে ইচলামিক সভ্যতাই বিশ্বৰ বিভিন্ন ঠাইত যি পৰিৱৰ্তন কঢ়িয়াই আনিছিল তাক ক’বলৈ গৈ এনেদৰে কৈছে- “বিভিন্ন ঠাই স্থানীয় বুৰঞ্জী অনুসৰি মুছলমান আক্ৰমণকাৰীসকলৰ ভুমিকাও বেলেগ বেলেগ আছিল।পূৰ্বৰ ৰোমীয় সাম্ৰাজ্যৰ অৰ্ন্তভুক্ত অঞ্চলবোৰৰ ৰাইজক তেওঁলোকে সাম্ৰাজ্যবাদী কৰ, বিষয়াসকলৰ অত্যাচাৰ আৰু গিৰ্জাৰ কৰভাৰৰ পৰা ৰক্ষা কৰিছিল। পাৰস্য দেশত আকৌ মুছলমান বিজেতাসকলে ৰজা আৰু সামন্তসকলৰ অসহনীয় কৰ বোজাৰ পৰা ৰাইজক মুক্ত কৰিছিল। দুই হেজাৰ বছৰৰ পূৰ্বে আৰ্য বিজেতাসকলে যেনে ধৰণৰ ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিছিল তেওঁলোকে ঠিক একেধৰণৰ ভূমিকাকে গ্ৰহণ কৰিছিল। এওঁলোকে চিৰাচৰিত সংকীৰ্ণ প্ৰথা ভাঙি দি নতুন উৎপাদন-কৌশলৰ প্ৰবৰ্তন আৰু প্ৰসাৰ সাধন কৰিছিল। মুছলমানসকলেই চীন দেশত আৱিষ্কৃত বন্দুক-বাৰুদ, চীনা-মাটিৰ পাত্ৰ, তুলাপাত আৰু চাহপাত ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিছিল তাত সন্দেহ নাই। তেওঁলোকে গ্ৰীক বিজ্ঞান, জ্যামিতি, ভাৰতীয় চিকিৎসা-শাস্ত্ৰ আৰু বীজগণিত এইবোৰ বিষয়ৰ গ্ৰন্থ আৰবী ভাষালৈ ভাঙিছিল আৰু সেইবোৰ বিজ্ঞানৰ গ্ৰন্থত নিজে আৱিষ্কাৰ কৰা জ্ঞানো সন্নিৱিষ্ট কৰিছিল। এই গ্ৰন্থবোৰৰ জ্ঞানৰ সহায়তেই মধ্যযুগৰ য়ুৰোপে ৰেনেছাঁৰ প্ৰথম ভেটি স্থাপন কৰে। অৱশ্যে এওঁলোকৰ ঘাই বৰঙণি হ’ল কেতবোৰ উৱলি যোৱা উৎপাদনৰ সম্পৰ্ক উচ্ছেদ কৰাত। এই কাৰ্যৰ পৰা এইটো প্ৰতীয়মান হ’ল যে শ্ৰেণী ৰাষ্ট্ৰৰ ঘাই ধৰণী হ’ল দণ্ড বা শক্তি, ধৰ্ম নহয়।”

সেই সময়ত আৰব সভ্যতা আছিল শ্ৰেষ্ঠ সভ্যতা। জ্ঞান-বিজ্ঞানৰ চৰ্চাৰ সকলো ক্ষেত্ৰত আৰবসকলেই সেইযুগৰ প্ৰধান নায়ক আছিল। আৰবসকলে স্পেইন দখল কৰি তেওঁলোকৰ জ্ঞান-ভাণ্ডাৰ স্পেইনলৈ লৈ যায় আৰু ইউৰোপীয় সকলৰ মাজত এই জ্ঞান বিতৰণ কৰি সভ্যতাৰ ইতিহাসত নতুন যুগৰ সূচনা কৰিছিল। মুছলমানৰ শাসনৰ সময়ত স্পেইনত গঢ়ি উঠা জ্ঞান-চৰ্চাৰ কেন্দ্ৰ দুটা আছিল- কৰ্ডোভাত আৰু টলেড’ত। ইয়াৰ পৰা জ্ঞান-বিজ্ঞানৰ বহু কথা সমগ্ৰ ইউৰোপত বিয়পি পৰিছিল। আৰবসকলে তেতিয়াই আলোক- বিজ্ঞানৰ চৰ্চা কৰিছিল আৰু কাঁচ বা অপটিক গ্লাছ আৰু উৰিব পৰা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। “চকু”ৰ বিষয়েও তেওঁলোকে গৱেষণা কৰিছিল আৰু আধুনিক বিজ্ঞানে চকুৰ বিষয়ে আৱিষ্কাৰ কৰা বহু কথা আৰব বিজ্ঞানী সকলে তেতিয়াই অৱিষ্কাৰ কৰিছিল। “বীজগণিত”ৰ তেওঁলোকেই উন্নতি ঘটাইছিল। আৰব পণ্ডিত অল-খোৱাৰিজমি (al-Khwarizmi), অল-কিণ্ডি(al-Kindi )য়ে বীজগণিতলৈ অমূল্য অৱদান আগবঢ়াইছিল। ভাৰতত আৱিষ্কাৰ হোৱা “শূন্য” আৰু সংখ্যা লেখিবলৈ ব্যৱহাৰ কৰা “দশমিক পদ্ধতি” আৰবসকলেই ইউৰোপলৈ লৈ গৈছিল যি গণিত চৰ্চাক আগতকৈ সহজ কৰি তুলিছিল। ইয়াৰ আগতে যি ৰোমান পদ্ধতি চলিছিল সি গণিত চৰ্চাক জটিল কৰি তুলিছিল। “শূন্য”ৰ বিষয়ে ইউৰোপৰ ধাৰণা নাছিল। গণিতৰ ক্ষেত্ৰত ইচলামিক সভ্যতাৰ অৱদানৰ বিষয়ে ক’বলৈ গৈ ইতিহাসবিদ Harariয়ে তেওঁ বহু পঠিত গ্ৰন্থ “Sapiens, A Brief History of humankind”ত লিখিছে- ”But the Arabs get the credit because when they invaded India they encountered the system, understood its usefulness, refined it, and spread it through the Middle east and then to Europe.”৷ পাছলৈ টলেড’ জ্ঞান-চৰ্চাৰ প্ৰধান কেন্দ্ৰ হৈ পৰিল। ইউৰোপৰ আটাইবোৰ ঠাইৰপৰা পণ্ডিত আৰু বিদ্যাৰ্থীসকল আহি টলেড’ সমবেত হৈছিল তেওঁলোকে আৰবী ভাষাৰ গ্ৰন্থবোৰ লেটিন ভাষালৈ অনুবাদ কৰিছিল। এই গ্ৰন্থবোৰে ইউৰোপত এটা নতুন ভাবৰ সূচনা কৰিছিল।প্ৰধানকৈ এৰিষ্ট’ট্‌লকে ধৰি গ্ৰীক পণ্ডিতসকলৰ অমৰ গ্ৰন্থাৱলী আৰবী ভাষাৰ পৰা লেটিন ভাষালৈ অনুদিত হৈ সমগ্ৰ ইউৰোপত বিয়পি পৰিছিল। গ্ৰীক সভ্যতাৰ জ্ঞানৰ লুপ্তপ্ৰায় মণিমুকুতা আৰৱসকলে উদ্ধাৰ কৰি ইউৰোপত নৱ-ভাবৰ উন্মেষ ঘটাইছিল।

এটা সময়ত এই জ্ঞানৰ শক্তিয়ে ইউৰোপীয়সকল হৈছিল বিশ্ব ঐশ্বৰ্যময় আধুনিক সভ্যতাৰ জনক আৰু যি সভ্যতা বিশ্বৰ সকলো লোকেই আধুনিক সভ্যতা বুলি গ্ৰহণ কৰি ল’লে। ইয়াৰ মূলতে ধৰ্মতকৈ জ্ঞানক শক্তি বুলি গ্ৰহণ কৰি লোৱাটো। “knowledge is power” এইয়া আছিল তেওঁলোকৰ প্ৰধান বাণী। ইউৰোপত ক’পাৰনিকাছ, গেলিলিঅ’ গেলিলি, ব্ৰুনোৰ দৰে ব্যক্তি ওলাল যি বাইবেলৰ মতবাদকো প্ৰত্যাহ্বান জনাইছিল। সেই সময়ত ৰোমান কেথলিক চাৰ্চৰ বিৰুদ্ধে গৈ বাইবেলত থকা মতাবাদক প্ৰত্যাহ্বন জনোৱাটো ইমান সহাজ কথা নাছিল। ধৰ্মৰ বিৰুদ্ধে কোৱা সকলক ইনকুইজিশ্যনৰ যোগেদি কঠোৰ শাস্তি বিহিছিল। সেইসময়ত ইউৰোপত বাইবেল আৰু এৰিষ্ট’ট্‌লৰ মতকে চৰম সত্য বুলি জ্ঞান কৰিছিল। ৰোমান কেথলিক চাৰ্চে বাইবেল আৰু এৰিষ্টট্‌লৰ মতৰ কোনোবাই বিৰোধিতা কৰিলেই ইন্‌কুইজিশ্যনৰ যোগেদি শাস্তি বিহিছিল। সেই সময়ত এৰিষ্ট’ট্‌লৰ মত আছিল- সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱীখন স্থিৰ। ক’পাৰ্নিকাছে গভীৰ গৱেষণা আৰু পৰ্যবেক্ষণৰ দ্বাৰা বুজিছিল যে এৰিষ্টট্‌লৰ এই মতবাদ শুদ্ধ নহয়। তেওঁ মত প্ৰকাশ কৰিলে- “সূৰ্য্যটো স্থিৰ। পৃথিৱীখনহে সূৰ্য্যৰ চাৰিওফালেই পৰিভ্ৰমণ কৰি আছে।” ৰোমান কেথলিক ধৰ্মৰ বিৰুদ্ধে কথা কৈ ক’পাৰনিকাছ বাছি গৈছিল তেওঁৰ কেইজনমান প্ৰভাৱশালী বন্ধুৰ হস্তক্ষেপৰ কাৰণে। মৃত্যুৰ ঠিক আগে আগে তেওঁৰ গৱেষণালব্ধ তথ্য মত সন্নিৱিষ্ট কৰি এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। ক’পাৰ্নিকাছৰ মতক সমৰ্থন কৰা কাৰণে ৰোমান কেথলিক চাৰ্চে ব্ৰুনোৰ বিৰুদ্ধে ইন্‌কুইজিশ্যন আনিছিল আৰু তেওঁক বাইবেলৰ বিৰূদ্ধে মত প্ৰকাশ কৰা কাৰণে জুইত পুৰি হত্যা কৰা হৈছিল। সত্যৰ কাৰণে ছহিদ হৈছিল ব্ৰুনো। বিজ্ঞানী গেলিলিঅ’ই এৰিষ্ট’ট্‌লৰ মতবোৰক পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰত্যাহ্বান জনাইছিল। ৬৯ বছৰ বয়সত ইন্‌কুইজিশ্যনৰ মুখামুখি হৈছিল। নিজৰ মত ভুল বুলি ক’বলৈ গেলিলিঅ’ক বাধ্য কৰা হৈছিল। তাৰ পিছতো তেওঁ মৃত্যু পৰ্যন্ত কাৰাগাৰত কটাব লগা হৈছিল। কিন্তু এওঁলোকৰ এই ধৰ্মৰ বা ৰোমান কেথলিক চাৰ্চৰ বিৰুদ্ধে এই প্ৰত্যাহ্বানে ইউৰোপৰ মানুহৰ চেতনাত এনেধৰণৰ কঁপনি তুলিলে যে ধৰ্মৰ বাহিৰৰ জগতখন মানুহে চাবলৈ সাহস কৰা হ’ল। ৰাজনীতি, সমাজ, সাহিত্য সকলোতে ইয়াৰ প্ৰভাৱ পৰিছিল। কিন্তু মুছলমান বা আৰবসকলে জ্ঞানৰ এই শক্তি বুজি নাপালে ধৰ্মক মূল হিচাপে লৈ মধ্যযুগৰ অন্ধকূপত সোমাই থাকিল। তেওঁলোকৰ মাজত ধৰ্মক প্ৰত্যাহ্বান জনোৱাকৈ ইউৰোপত সংঘটিত হোৱা ধৰণৰ কোনো ডাঙৰ ঘটনা সংঘটিত নহ’ল। লাহে লাহে বিভিন্ন কাৰণত ধৰ্মীয় মৌলবাদে গা কৰি উঠিল। বৰ্তমান সময়ত বিভিন্ন কাৰণত ইচলামিক মৌলবাদ গোলকীয় সমস্যাত পৰিণত হৈছে। পুজিঁবাদী-সম্ৰাজ্যবাদী চক্ৰান্তৰ প্ৰতিক্ৰিয়া স্বৰূপে সৃষ্টি হোৱা ইছলামিক মৌলবাদ জটিল সমস্যাত পৰিণত হৈছে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *