নিবন্ধ

সম্পাদকৰ টোকা :: এটা দশকৰ পৰিক্ৰমা : চিন্তা আৰু দুশ্চিন্তা (কৌশিক দাস)

“মুক্ত চিন্তা” অনলাইন আলোচনীখনৰ এইটো দশম বছৰৰ অন্তিম সংখ্যা। অৰ্থাৎ, আলোচনীখনে সময়ৰ লেখেৰে দহ বছৰ—এটা দশক—সম্পূৰ্ণ কৰিলে। এই মুহূৰ্তত, প্রথমটো দশকপূৰ্তিৰ উপলক্ষে আলোচনীখনৰ সৈতে জড়িত সকলোলৈকে আমাৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ এই কৃতজ্ঞতা কোনো যান্ত্রিক বা গতানুগতিক নিয়ম-নীতি-পৰম্পৰাজনিত ধন্যবাদ-জ্ঞাপন নহয়। কথাটো সঁচাই গধুৰ আৰু সামাজিকভাৱে তাৎপৰ্যপূৰ্ণ।

সভ্য সমাজত এটা কথা সাধাৰণভাৱে মানি লোৱা হয় যে চিন্তাৰ স্বাধীনতা হৈছে আধুনিকতাৰ  অন্যতম মৰ্মবস্তু। আমি আমাৰ চৌপাশ, আমাৰ সমাজ, পৃথিৱী আৰু সামগ্রিকভাৱে বিশ্বচৰাচৰখন বুজিবলৈ কৰা চেষ্টাত চিন্তাৰ মুক্ততা অপৰিহাৰ্য। মুক্ত চিন্তাৰ গভীৰ তাৎপৰ্যৰ এই কথাটো মানুহৰ চিন্তা-জগতৰ কেন্দ্ৰলৈ অহাৰ পাছতহে প্রকৃততে মানৱ-জাতিয়ে আধুনিক যুগত প্রৱেশ কৰিবলৈ সক্ষম হৈছিল। কিন্তু চিন্তাৰ মুক্ততা কিম্বা মুক্ত চিন্তাৰ কেন্দ্রীয় গুৰুত্বৰ কথাটো ইমান সহজতে সমাজত প্রতিষ্ঠা হোৱা নাছিল—সেইটো আহিছিল এখন তীব্র আৰু ক্ষেত্রবিশেষে ৰক্তাক্ত সংগ্রামৰ মাজেৰে। কিয়নো, মুক্ত চিন্তাৰ ধাৰণাটোৱেই আছিল এটা চামৰ বাবে অনাকাংক্ষিত আৰু অতি বিপজ্জনক।

নিশ্চয় প্রশ্ন উঠিব, মুক্ত চিন্তা যদি আধুনিকতাৰ অন্যতম শাহ, তাৰ মৰ্মবস্তু, তেনেহ’লে কোনেনো মুক্ত চিন্তাক অবাঞ্ছিত উৎপাত কিম্বা বিপদ বুলি গণ্য কৰিব‌? কথাটোৰ সামান্য ব্যাখ্যা হয়তো প্রয়োজনীয় হ’ব।

জীৱন-কালত মানুহ হেজাৰটা দুখ-বেদনাত নিমজ্জিত হ’বলগীয়া হয়। তেনে পাৰ্থিৱ কষ্টৰ পৰা পৰিত্রাণ কেনেকৈ পোৱা যাব‌? এইটো মানৱ-মনৰ এটা চিৰন্তন প্রশ্ন—ই মানুহৰ মনক অহৰহ আমনি কৰি থাকে। প্রশ্নটোৰ সঠিক উত্তৰ মানুহৰ বাবে অতিশয় গুৰুত্বপূৰ্ণও— কিয়নো কথাটো মানুহৰ ইহলৌকিক জীৱন-তাড়নাৰ সৈতে সম্পৰ্কিত, প্রশ্নটোৰ সঠিক উত্তৰে মানুহৰ এটা ডাঙৰ জাগতিক প্রয়োজন পূৰণ কৰিব। আজি আৰু এইটো কথাত কোনেও তুৰি-মুৰি কৰিব নোৱাৰে—মানুহৰ সিংহভাগ দুখ-বেদনাৰ নেপথ্য কাৰণ অন্য ক’তো নাই, কাৰণটো সোমাই আছে বৰ্তি থকা বিসংগতিপূৰ্ণ সমাজ-ব্যৱস্থাটোৰ মাজত, সমাজত অবিৰতভাৱে চলি থকা শোষণ আৰু অসাম্যৰে ভৰা শাসনৰ মাজত। ইমান দেখ্‌দেখ্‌ কথাটো মানুহৰ পৰা লুকুৱাই থ’বলৈ সুপ্রাচীন কালৰে পৰা শোষক-শাসক শ্রেণীটোৱে—বিভিন্ন উপায়েৰে, হৰেক-ৰকমৰ পন্থা-পদ্ধতিৰে—চেষ্টা চলাই গৈছিল। তেনে এটা বৰ শক্তিশালী পন্থা হৈছে ধৰ্মৰ ব্যৱহাৰ। কথাটো বহুতো সুধী পণ্ডিতে বহু ঠাইত বহলাই আলোচনা-বিলোচনা কৰিছে, এইখন আলোচনীতো বাৰে বাৰে এইটো প্রসংগ উত্থাপিত হৈছে। গতিকে প্রসংগটোৰ বিশদ ব্যাখ্যালৈ বৰ্তমানে নগৈ মাত্র এটা দিশৰ কথা উল্লেখ কৰিছোঁ। জাগতিক দুখ-কষ্টবোৰৰ কাৰণ যদি মানুহে নিজৰ কৰ্মফল, বিধাতাৰ বিধান, নিয়তিৰ লীলা—এইধৰণৰ ধৰ্মকথিত উদ্ভট ব্যাখ্যাবোৰৰ মাজত বিচাৰে, যদি মানুহৰ মনত প্রশ্নাতীত সত্য হিচাপে সেইবোৰ ব্যাখ্যা শিপাই যায়, তেনেহ’লে সি শোষক-শাসকৰ বাবে বৰ লাভজনক কথা হৈ পৰে। কিয়নো, তেনে বিশ্বাসৰ বাবে শোষকৰ পৰা চকু আঁতৰাই শোষিত মানুহে নিজক ভাগ্য, বিধাতা, নিয়তি আদিক দোষাৰোপ কৰাত নিমগ্ন হৈ পৰে।

নানান অন্ধবিশ্বাস আৰু ধৰ্মীয় প্রমেয়সমূহ মানুহৰ মনৰ অতি গভীৰলৈ প্রোথিত। সেইবোৰৰ পৰা ৰক্ষা পাবলৈ, মনৰ আবৰ্জনা আঁতৰাই পেলাবলৈ মানুহৰ মুক্ত চিন্তা কৰিবপৰা মন এটা লাগিব। মুক্ত চিন্তাৰ অবিহনে মনৰ পৰিষ্কৰণ অসম্ভৱ। মানুহৰ চিন্তা-জগতত তেনে বিৰাট-বিশাল পৰিষ্কৰণ কাৰ্য সম্পন্ন হৈছিল ইউৰোপত—সহস্র বছৰ অন্ধকাৰত নিমজ্জিত হৈ থকাৰ পাছত, ৰেনেচাঁৰ যুগত। স্বাভাৱিকতেই ক্ষমতাত থকা শ্রেণীবোৰে তেনে নতুন চিন্তাত বাধা প্রদান কৰিছিল। কিন্তু জয়ী হৈছিল নতুনৰ অগ্রদূতসকল—কেতিয়াবা আনকি তেজৰ বিনিময়ত—, আৰম্ভ হৈছিল মানুহৰ বাবে আধুনিক যুগ।

কথাটো ইমানেই গুৰুত্বপূৰ্ণ, সেইবাবে পুনৰাবৃত্তি কৰিয়েই ক’ব পাৰি—মুক্ত চিন্তা হৈছে আধুনিক সভ্যতাৰ অন্যতম মৰ্মবস্তু। সহস্ৰ বছৰৰ চিন্তাৰ জড়তাত মুক্ত চিন্তাৰে প্রচণ্ড খুন্দা মাৰি মানুহে নিজৰ চৌপাশ আৰু বিশ্বপ্রকৃতিক বুজিবলৈ ওলাই আহিল। ছিটিকি গ’ল ধৰ্মৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত প্রশ্নহীন “সত্য”-ৰ মৰ্যাদা লাভ কৰা পৃথিৱীকেন্দ্রী বিশ্বব্রহ্মাণ্ড মডেলটো। তাৰ বাবে কিন্তু জ্যৰ্ডানো ব্রুনোৰ দৰে মহাপ্রতিভাধৰ মানুহে প্রাণ দিবলগীয়া হৈছিল। মুক্ত চিন্তাই কাটি দিয়া বাটত তেনে ঘটনাবোৰৰ পাছতেই সভ্যতাৰ অগ্রগতি দ্রুত হৈ পৰিছিল। সেইটো বাটেদিয়েই আগবাঢ়িছিল গেলিলিও, নিউটন আদিয়ে। সেই পথটোৰ এগৰাকী প্রসিদ্ধ পথিকৃৎ পথিক আছিল ডাৰউইন—যাৰ আৱিষ্কাৰে জীৱকুল আৰু মানুহৰ উদ্ভৱৰ প্রসংগত ধৰ্মীয় ধ্যান-ধাৰণাৰ ওপৰত মাধমাৰ সোধালে। শিল্প-কলা-সংস্কৃতিৰ ক্ষেত্রতো অমোচনীয় চিৰস্থায়ী পৰিৱৰ্তন ঘটিল। সামজিক ঘটনা-পৰিঘটনাসমূহৰ ব্যাখ্যা-বিশ্লেষণতো যুগান্তকাৰী বিপ্লৱ আহিল। শুনা গ’ল নতুন সমাজ গঠন কৰিবলৈ বিপ্লৱী দাৰ্শনিকৰ দৃপ্ত ঘোষণা—ইমান দিনে দাৰ্শনিকে চৌপাশক বুজিবলৈহে চেষ্টা কৰি আছিল, আচল কামটো হ’ল চৌপাশক শুভ দিশত পৰিৱৰ্তন কৰা।

ইতিহাসৰ সেই সময়খিনিয়ে দঢ়াই দঢ়াই কয় যে চিন্তাৰ মুক্ততা নাথাকিলে বিজ্ঞানৰ ক্ষেত্রত যি দৰে নতুন আৱিষ্কাৰ-উদ্ভাৱনৰ কথাই নাহিব, কলা-সংস্কৃতি-সাহিত্যৰ ক্ষেত্রতো অনিবাৰ্যভাৱে নিৰস যান্ত্রিকতাই হেঁচা মাৰি ধৰিব। তাতেই শেষ নহয়—তাৰ লগতে আৰু এটা ডাঙৰ ঘটনা ঘটিব—মুক্ত চিন্তাৰ অবিহনে মানুহে পাৰ্থিৱ দুখ-বেদনাৰ অন্তৰ্নিহিত আৰ্থ-সামাজিক-ৰাজনৈতিক কাৰণৰ সন্ধানৰ পৰিৱৰ্তে, ঐশী নিশ্চয়তাত বিভোৰ হৈ থাকি সংগ্রামবিমুখ হৈ জীৱনটো পাৰ কৰি দিব পাৰলৌকিক অলীক সুখৰ কল্পনাত। অৰ্থাৎ, মুক্ত চিন্তা অবিহনে সমাজ-পৰিৱৰ্তনৰ বৈপ্লৱিক চিন্তাৰ গতি-প্রকৃতি মানসিক জাড্যৰে ভাৰাক্রান্ত হৈ নিষ্কৰ্মা হৈ পৰিব।

ওলোটা ফালৰ পৰা কথাটো কিন্তু শোষকশ্রেণীৰ বাবেও জীৱন-মৰণৰ কথা। মানুহে যদি মুক্ত চিন্তাৰে, বিজ্ঞানমনস্কতা আৰু যুক্তিবাদক সাৰথি কৰি আগবাঢ়ে, তেনেহ’লে শোষিত মানুহে ধৰ্ম-অন্ধবিশ্বাসৰ মায়াজাল ফালি সংগ্রামমুখৰ বাস্তৱতাৰ জগতলৈ সোমাই পৰিব—উন্মোচিত হ’ব মানুহৰ দুখ-যন্ত্রণাৰ প্রকৃত কাৰণ। শোষিত মানুহে তেতিয়া মৰণৰ পাছৰ অলীক মুক্তি আৰু সুখৰ আশাৰ পৰিৱৰ্তে, বাস্তৱৰ পৰাই শোষকক বিদায় দি জাগতিক বাস্তব সুখৰ সন্ধান কৰিবলৈ উন্মুখ হৈ পৰিব। এইটো শোষকৰ বাবে বৰ ভয়ানক কথা।

আলোচনীখনৰ দহ বছৰ হ’ল। আলোচনীখনৰ অন্যতম মুখ্য উদ্দেশ্য আছিল মুক্ত চিন্তাৰ মঞ্চ এখন অনুষ্টুপীয়াকৈ গঠন কৰা, যুক্তিবুদ্ধি, বিজ্ঞানমনস্কতাৰ অনুশীলনক অলপ হ’লেও সজীৱ কৰি তোলা। কিন্তু বিগত দশকটো হৈছে মানুহৰ মুক্ত চিন্তাৰ প্রকাশৰ বাট বন্ধ কৰি দিয়া ইতিহাসৰ এক অন্ধকাৰ সময়। ধৰ্মীয় সাম্প্রদায়িকতাই  মুক্ত চিন্তাৰ বাবে এক ডাঙৰ প্ৰতিবন্ধক হৈ উঠিছে এই সময়ছোৱাত। ধৰ্মীয় উগ্ৰতাই যুক্তিনিষ্ঠ চিন্তাক বাধাগ্ৰস্ত কৰিছে। ডাৰউইনৰ তত্ত্বক বৰ্জন কৰিবলৈ কোৱা হৈছে। পুৰাণ-কথাৰ নানান উদ্ভট কাহিনীক সত্য আৰু “বিজ্ঞানসন্মত” বুলি প্রতিষ্ঠা কৰিবলৈ অপচেষ্টা কৰা হৈছে। শিক্ষা-ব্যৱস্থাটোক এনেদৰে গঢ় দিয়া হ’ল যে তাত মুক্ত চিন্তাৰ কোনো সুযোগ নাথাকিল।

তেনেধৰণৰ সাংঘাতিকধৰণে নেতিবাচক কৰ্মকাণ্ডৰ গতি অব্যাহত ৰাখিবলৈ পেশীশক্তিৰ প্রয়োগ কৰা হৈছে অবাধে আৰু দ্বিধাহীনভাৱে। কথাটো কোনো বিক্ষিপ্ত বলপ্রয়োগৰ কথা নহয়—বিৰাট ৰাষ্ট্রশক্তি তাত সক্রিয় হৈ আছে। এনে এক পৰিৱেশত, “মুক্ত চিন্তা”-ৰ দৰে এখন তেনেই সৰু আলোচনী নিয়মীয়াকৈ দহটা বছৰধৰি—নিৰৱচ্ছিন্নভাৱে প্রকাশ কৰি থকাটো বৰ এটা সৰু কথা নহয়। এইটো সম্ভৱ হৈছে সমূহীয়া প্রচেষ্টাৰ ফলত।

মুক্ত চিন্তা, বিজ্ঞানমনস্কতা, যুক্তিবাদ—এইসমূহ এনেই মানৱ-সভ্যতাৰ উপাদান হৈ পৰা নাই—এইসমূহৰ যুগান্তকাৰী অৱদানৰ আঁৰত বহুতো সংগ্রামীৰ তেজৰ ইতিহাস আছে। আমি মনত ৰাখিব লাগিব, মুক্ত চিন্তা অৰ্জন কৰাৰ বাটটো যিদৰে কণ্টকাকীৰ্ণ আছিল, আৰ্জিত মুক্ত চিন্তাক ৰক্ষা কৰাৰ সংগ্রামখনো অতি কঠিন হৈ পৰিব পাৰে। তাৰ ইংগিত আমাৰ ইয়াতো মাজে মাজে নহাকৈ থকা নাই।

এনে এক পটভূমিত—যিমানেই ক্ষুদ্র নহওক আলোচনীখন, “মুক্ত চিন্তা”-ৰ সৈতে জড়িত সকলোলৈকে আমাৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে সকলোলৈকে আমাৰ অভিনন্দনো থাকিল।

5 thoughts on “সম্পাদকৰ টোকা :: এটা দশকৰ পৰিক্ৰমা : চিন্তা আৰু দুশ্চিন্তা (কৌশিক দাস)

  • Manoj Kr. MahantaM

    মুক্তচিন্তা ই-আলোচনীখনৰ দশম বৰ্ষ পূৰ্তিৰ উপলক্ষে মূল সম্পাদনা সমিতিৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জনালোঁ৷ আশাকৰিছোঁ মুক্তচিন্তাৰ এই অগ্ৰগামী গতি সুদুৰ ভৱিষ্যতলৈও অব্যাহত থাকিব৷

    Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদলPost author

      অশেষ ধন্যবাদ। সকলোৰে সহযোগত আলোচনীখন আগ বাঢ়িবলৈ সক্ষম হৈছে। আপোনালোকৰ দৰে ব্যক্তিৰ সহায় আমাৰ সকলোৰে পাথেয়।

      Reply
  • Nabajyoti Borgohain

    মোৰ ধাৰণাত, প্ৰথম অসমীয়া অনলাইন প্ৰগতিশীল আলোচনী “মুক্ত চিন্তা” ই সগৌৰৱে দহ বছৰ অতিক্ৰম কৰা এই বিশেষ সন্ধিক্ষনত মোৰ আন্তৰিক শুভ্কামনা জনালোঁ।

    Reply
  • Nabajyoti Borgohain

    প্ৰথম অসমীয়া অনলাইন প্ৰগতিশীল আলোচনী ” মুক্ত চিন্তা” ই দহ বছৰ অতিক্ৰম কৰা এই বিশেষ সন্ধীক্ষণত আন্তৰিক শুভকামনা জনালোঁ।

    Reply
  • Nabajyoti Borgohain

    প্ৰথম অসমীয়া প্ৰগতিশীল অনলাইন আলোচনী ” মুক্ত চিন্তা ” ৰ দহ বছৰ সম্পূৰ্ণ কৰা সফল যাত্ৰাৰ এই বিশেষ সন্ধিক্ষণত আন্তৰিক শুভকামনা জনাইছো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *