বিজ্ঞানমনস্কতা আৰু পুঁজিবাদ : তথ্য-প্রযুক্তিৰ প্ৰসংগত ।। কৌশিক দাস
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
(১)
এটা আমোদজনক অথচ চিত্তাকৰ্ষক কথাৰে আলোচনা আৰম্ভ কৰিছোঁ। পৃথিৱীৰ বহুতো বিখ্যাত ব্যক্তিয়ে “এনেকৈ কৈ গৈছে”, “তেনেকৈ লিখি গৈছে” বুলি কিছুমান উক্তি তেওঁলোকৰ নামত বৰকৈ জনপ্ৰিয় হৈ পৰা দেখিবলৈ পোৱা যায়। সেইসমূহৰ কিছুমান একেবাৰেই অসত্য, কিছুমান বিকৃত, কিছুমান অৰ্ধসত্য, কিছুমান আকৌ সম্পূৰ্ণ সঁচা। তেনে এটি বৰকৈ প্ৰচলিত উক্তিৰেই উদাহৰণ এইটো। মজাৰ কথা, সেই উক্তিটো মাত্ৰ এজন মানুহৰ নামত প্ৰচলন হৈ থকা নাই—দুজন বেলেগ বেলেগ ব্যক্তিয়ে গোট গোট আখৰেৰে লিখি থৈ গৈছে বুলি চলি আছে কথাটো! সেই দুজনো আকৌ কোনো এলা-পেচা মানুহ নহয়, তেওঁলোক হ’ল কাৰ্ল মাৰ্ক্স আৰু ভ্লাডিমিৰ লেনিন—সমাজবাদৰ দুই চিৰস্মৰণীয় পথিকৃৎ। উক্তিটো এনেকুৱা—পুঁজিপতি এজনক চোঁচৰাই ফাঁচিকাঠলৈ লৈ যোৱাৰ সময়তো ফাঁচিৰ ৰছীডাল বিক্ৰী কৰিবলৈ তেওঁ যত্পৰোনাস্তি চেষ্টা চলাই যায়। মাৰ্ক্স আৰু লেনিনৰ নামত চলি থকা এই উক্তিটোৰ আকৌ বেলেগ বেলেগ সমসুৰীয়া ৰূপো আছে। সেইবোৰৰ উৎস অপ্ৰমাণিত হ’লেও উক্তিটো হৈছে পুঁজিবাদৰ নিকৃষ্ট ৰূপটোক তীক্ষ্ণ ব্যংগৰে উদঙাই দিয়া এটা উৎকৃষ্ট ব্যংগাত্মক কৌতুক (Satirical joke)।
উক্তিটো কোনে কৈছিল, কেতিয়া কৈছিল, কেনেকৈ কৈছিল, সঁচাই কৈছিলনে—এইবোৰ প্ৰশ্নক অগ্ৰাহ্য কৰিও আমি দেখিম যে কৌতুকটোৰ মৰ্মকথাত সোমাই আছে এই দুটা বিতৰ্কাতীত সত্য—মুনাফাই হৈছে পুঁজিবাদৰ মূল লক্ষ্য, আৰু, সেই লক্ষ্যত উপনীত হ’বলৈ যিকোনো কাম কৰিবলৈ পিছ নোহোঁহকে পুঁজিবাদীসকলে। ব্যংগাত্মক কৌতুকটোৱে সেয়েহে কৈছে—ফাঁচিত ওলোমাৰ আগ মুহূৰ্ততো পুঁজিপতিজনে চেষ্টা কৰিছে ৰছীডাল বিক্ৰী কৰিবলৈ! যিকোনো বয়-বস্তু, সা-সামগ্ৰী আদিৰ কথা বাদেই, সংগীত-শিল্প-কলা-সাহিত্য, চিন্তা-ধাৰণা-উদ্ভাৱন-আৱিষ্কাৰ, ধৰ্ম-আধ্যাত্মিকতা, বিশ্বাস-অবিশ্বাস, ৰোগ-ব্যাধি-চিকিৎসা, শিক্ষা-দীক্ষা, আমাৰ আলোচ্য বিষয়ৰ কেন্দ্ৰত থকা তথ্য-বিপ্লৱ—এই সকলোবোৰকে পুঁজিবাদে পাকে-প্ৰকাৰে মুনাফা অৰ্জনৰ উৎসত পৰিণত কৰি পেলাব পাৰে। এইটো পুঁজিবাদৰ এটা স্বাভাৱিক আৰু সহজাত চৰিত্ৰ। এই স্বভাৱজাত চৰিত্ৰটোৰ কথা স্পষ্ট কৰিবলৈ ঐতিহাসিক ঘটনা এটাক মোটা তুলিকাৰে অংকন কৰা যাওক—।
আধুনিক বিজ্ঞানৰ অংকুৰোদ্গম আৰু পুঁজিবাদৰ প্ৰাৰম্ভিক বিকাশৰ উকমুকনি য়ুৰোপত প্ৰায় একে সময়তেই সংঘটিত হৈছিল—মানৱ-সভ্যতাৰ বিকাশৰ ইতিহাসত এই কথাটো বৰ তাৎপৰ্যপূৰ্ণ। বিজ্ঞানৰ প্ৰাৰম্ভিক বিকাশৰ প্ৰচণ্ড জোৱাৰে মানুহৰ মনত ৰোপন কৰিছিল অসীম আশাৰে ভৰা ভৱিষ্যতমুখী এক শুভংকৰ অভিযাত্ৰাৰ স্বপ্ন। বিজ্ঞানৰ তেনে বিকাশ আছিল চমকপ্ৰদ, তাৰ লগে লগেই কিন্তু চলি আছিল পুঁজিবাদৰ নিৰংকুশ জয়যাত্ৰা। কিছু কালৰ পাছতেই—সেই স্বাভাৱিক আৰু সহজাত চৰিত্ৰটোৰ বাবে—পুঁজিবাদে বিজ্ঞান আৰু বিজ্ঞানে আনি দিয়া অজস্ৰ প্ৰাযুক্তিক উপাদানক মুনাফা অৰ্জনৰ নিৰ্ভৰযোগ্য হাথিয়াৰত পৰিণত কৰি পেলালে; মানৱ-কল্যাণৰ দিশটো হৈ পৰিল দিশহাৰা, পুঁজিপতিৰ লাভ-লোকচানৰ বহীখনহে হৈ পৰিল পুঁজিবাদৰ প্ৰাণৰ বস্তু—নতুন দিনৰ আশাৰে ভৰা সুখকৰ স্বপ্ন তেনেদৰেই কলিতে বিনষ্ট হৈ গ’ল।
প্ৰতিপাদ্য বিষয়টোত স্পষ্টতা আনিবলৈ আমি সেই বিৰাট ঐতিহাসিক ঘটনাটো সাধাৰণভাৱেহে উপস্থাপন কৰিছোঁ, সেইটো প্ৰসংগত আমি অন্যত্ৰ বহলাই আলোচনা কৰাৰ যত্ন কৰিছিলোঁ (দ্ৰষ্টব্য : কৌশিক দাস, বিজ্ঞান আৰু মানৱীয় মূল্যবোধ, যুক্তিবাদ আৰু এজন পগলা ট্ৰাক-ড্ৰাইভাৰ গ্ৰন্থত, ২০১৭, পৃ. ১৮৭-২০৮)। তাৰ পুনৰাবৃত্তি কৰাৰ সলনি ইয়াত আমি তথ্য-প্ৰযুক্তিৰ বিপ্লৱৰ প্ৰেক্ষাপটত কেইটামান প্ৰাসংগিক দিশত ভুমুকি মাৰিবলৈহে চেষ্টা কৰিম। উল্লেখ কৰি থ’ব পাৰি, ‘মুক্ত চিন্তা’-ৰ সম্পাদকীয় টোকা এটিত আমি আধুনিক তথ্য-প্ৰযুক্তিৰ প্ৰচণ্ড জোৱাৰে কঢ়িয়াই অনা বিবিধ সামাজিক-মানসিক বিসংগতি, আৰু তাৰ বাবে নতুনকৈ জন্ম হোৱা কিছুমান আহুকলীয়া প্ৰত্যাহ্বানৰ বিষয়ে দুটিমান কথা বৰ্ণনা কৰাৰ যত্ন কৰিছিলোঁ (লিখাটো পঢ়িবলৈ ইয়াত টিপক)। এই নিবন্ধতো তথ্য-প্ৰযুক্তিৰ কথাটোৰ আঁত ধৰিয়েই আমি আগ বাঢ়িবলৈ চেষ্টা কৰিম যদিও আলোচনাৰ দিশটো অলপ বেলেগ হ’ব। তথ্যৰ প্ৰাচুৰ্যই কঢ়িয়াই অনা মানসিক বিসংগতিৰ প্ৰসংগতেই কেৱল আলোচনাটো সীমাবদ্ধ কৰি নথৈ, তথ্য-প্ৰযুক্তিৰ সুচতুৰ পুঁজিবাদী অপপ্ৰয়োগ আৰু বিজ্ঞানমনস্কতাৰ প্ৰতি অহা প্ৰত্যাহ্বানৰ দিশটোতহে আমি ইয়াত ঘাইকৈ গুৰুত্ত্ব দিবলৈ প্রয়াস কৰিম।
(২)
এইটো দফাৰ আৰম্ভণিতেই আমি ক্ষন্তেক থমকি, আমাৰ আলোচনাৰ পূৰ্ব-প্রসংগটোলৈ মনত পেলাই লওঁ। প্রসংগটো আছিল তথ্যৰ বিস্ফোৰণে জন্ম দিয়া তথ্য-প্রযুক্তিৰ বিপ্লৱ। সেই কথাটো সুঁৱৰি লোৱাৰ সময়ত, তথ্য-প্রযুক্তি বিপ্লৱৰ লগে লগে প্রচণ্ড বেগেৰে বলি থকা তথাকথিত ভুৱনীকৰণৰ (Globalization) ধুমুহাজাকৰ কথা আমি পাহৰি গ’লে ডাঙৰ ভুল হ’ব। দীঘলীয়াকৈ বৰ্ণনা কৰা বাহুল্য হ’ব যদিও উনুকিয়াই থ’ব পাৰি যে ভুৱনীকৰণত অন্য একো নহয়, পুঁজিবাদৰেই নব্য ৰূপ এটাৰ অভিব্যক্তি মূৰ্ত হৈছিল। কোৱা হ’ল যে পৃথিৱীখন অতি দ্রুত গতিত এখন “গোলকীয় গাঁও” হৈ পৰিছে। সাধাৰণতে গাঁও এখনৰ গাঁওবাসীৰ নিজৰ মাজৰ সম্পৰ্কটোৰ ৰেহৰূপ কেনেকুৱা? তুলনামূলক বিচাৰত তেনে সম্পৰ্ক বৰ নিবিড়। সেই হিচাপে ভুৱনীকৰণে জন্ম দিয়া “গোলকীয় গাঁওখন”ৰ মানুহৰ মাজত সমন্ধটো বৰ গাঢ় হোৱা উচিত, তাতে আকৌ সকলো বা-বাতৰি, তথ্য-পাতি চকুৰ পলকতে পাব পৰাকৈ ধুমুহাৰ গতিত চলি আছে তথ্য-প্রযুক্তিৰ বিপ্লৱ, তথ্যৰ মহাবিস্ফোৰণ ঘটিছে—“গোলকীয় গাঁওখন”-ত সকলো বা-বাতৰি সুলভ আৰু উভৈনদী। তেনে এটা পটভূমিত, মানৱীয় সম্পৰ্কৰ ক্ষেত্রত গোলকীয় গাঁওখনৰ প্রকৃত অৱস্থা বাৰু কেনেকুৱা? প্রশ্নটোৰ উত্তৰ স্পষ্ট কৰিবলৈ আমি সাম্প্রতিক সময়ৰ এটি অতি মৰ্মান্তিক ঘটনা উদাহৰণ হিচাপেহে আলোচনালৈ আনিছোঁ। ঘটনাটো সংঘটিত হৈছিল ক’ভিড-১৯ ৰোগৰ অজুহাতত জনতাক ত্রাসিত কৰি থোৱাৰ সেই দিনবোৰৰ আৰম্ভণিৰ কালচোৱাত।
২০২০ চনৰ ২৫ মাৰ্চত ভাৰত চৰকাৰে ক’ভিড-১৯-ৰ অজুহাতত দেশজুৰি সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছিল। চাকৰীয়াল, চিকিৎসাকৰ্মী, ব্যৱসায়ী, ছাত্র-ছাত্রী আদিয়ে কি কৰিব, কেনেকৈ কৰিব, কেনেকৈ থাকিব, বাটলৈ কেতিয়া ওলাব—সেই সকলোবোৰ অতি পুংখানুপুংখভাৱে ক্রমাৎ স্থিৰ কৰি দিয়া হৈছিল। পৰিহাসৰ কথা, তথ্য-প্রযুক্তিৰ মহাবিপ্লৱৰ সময়তো কিন্তু এটা সাধাৰণ তথ্য “গোলকীয় গাঁওখন”ৰ গাঁওবুঢ়াবৃন্দৰ চকুত পৰা নাছিল। কি আছিল সেই তথ্যটো? তেনেই সাধাৰণ তথ্য—লাখ লাখ খাটি খোৱা শ্রমিক ঘৰৰপৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত কৰ্মৰত হৈ আছিল—লকডাউনৰ সময়ত ঘৰলৈ উভতিবলৈ তেওঁলোকৰ হাতত ধনৰ কথা বাদেই—কোনো উপায়েই নাছিল। এইদৰেই হঠাতে দিয়া লকডাউনৰ ফলত লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে এক অভূতপূৰ্ব আৰু ভয়াবহ সংকটৰ সন্মুখীন হৈছিল। কাম-কাজ বন্ধ হৈ যোৱাৰ ফলত অন্নসংস্থান হেৰুৱাই—কোনো উপায় বিচাৰি নাপাই—তেওঁলোকে বিভিন্ন মহানগৰীৰ পৰা নিজৰ গাঁৱৰ ঘৰলৈ উভতি অহাৰ বাবে আৰম্ভ কৰিছিল সেই দীঘলীয়া, ভয়াবহ আৰু যন্ত্ৰণাদায়ক ঐতিহাসিক যাত্ৰা। সেই যাত্ৰাত অসংখ্য শিশু, বৃদ্ধ আৰু গৰ্ভৱতী মহিলাও আছিল। ৰাজপথসমূহ খোজ কাঢ়ি যোৱা অগণন নিচলা মানুহৰ শাৰীৰে ভৰি পৰিছিল। লক্ষণীয় কথা, যিটো ৰোগৰ সংক্রমণৰ আশংকাত তেওঁলোকক তেনে এটা অৱস্থালৈ ঠেলি দিয়া হৈছিল, সেইটো ৰোগত—কোনো প্রতিৰোধী ব্যৱস্থা গ্রহণ নকৰা সত্ত্বেও—তেওঁলোকৰ মৃত্যু হৈছিল বুলি জনা নাযায়। ভোক-পিয়াহ আৰু অত্যধিক গৰমৰ লগতে মৰ্মান্তিক দুৰ্ঘটনা, পুলিচৰ নিৰ্মম প্ৰহাৰ আৰু সীমাহীন শাৰীৰিক অৱসাদৰ বাবেহে অনেক শ্ৰমিকে বাটতে প্ৰাণ হেৰুৱাইছিল। পাছলৈ বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছিল যদিও সেইসমূহৰ বৰ এটা কামত অহা নাছিল। বিপৰীতে, বিদেশত থকা চহকী মানুহৰ তথ্য আৰু বা-বাতৰি ৰাষ্ট্রযন্ত্রটোৱে অতি তৎপৰতাৰে সংগ্রহ কৰিছিল, তেনে লোকৰ বাবে ব্যৱস্থা কৰা হৈছিল বিশেষ উৰাজাহাজৰ। দেশখন কাৰ, সকলোৰে নে মাত্র এমুঠি চহকীৰ—সেই প্রশ্নটোৰ উত্তৰ বৰ স্পষ্টকৈ ক’ভিডকালৰ উক্ত নিদাৰুণ ঘটনাই দি থৈ যায়। লগতে সি পৰিষ্কাৰ কৰি দিয়ে কোনবোৰ তথ্যত, কোনবোৰ বাতৰিত ব্যৱস্থাটোৱে গুৰুত্ব প্ৰদান কৰিব, কোনবোৰ তথ্যক অপ্রয়োজনীয় বুলি অগ্ৰাহ্য কৰিব। পুঁজিবাদী ব্যৱস্থাত তথ্যৰ গুৰুত্বৰ প্রশ্নটোত কল্যাণকামী দৰ্শনতকৈ শ্রেণীগত দৃষ্টিকোণ আৰু শ্রেণীস্বাৰ্থহে মূল বিষয়; মানৱীয় কৰুণা আদিৰ দৰে প্রমূল্যগত দিশ তাত বিবেচনাযোগ্য কথা নহয়। গতিকে দেখ্দেখ্ কথা, কেৱল তথ্যৰ মহাবিস্ফোৰণ কিম্বা তথ্য-প্ৰযুক্তিৰ বিপ্লৱ সমাজৰ সাৰ্বিক উন্নতিৰ কোনো তৰ্কাতীত সূচক নহয়। এই কথাটো স্পষ্ট কৰিবলৈ আমি বিচাৰি লৈছিলোঁ ক’ভিডৰ সময়ৰ উপৰিউক্ত উদাহৰণটি।
তথ্য-প্ৰযুক্তিৰ এই আলোচ্য বিষয়ত ক’ভিড-কালৰ অন্য এটি দিশো বৰ তাৎপৰ্যপূৰ্ণ। প্ৰসংগক্ৰমে আমাৰ এটি যৌক্তিক সন্দেহ ইয়াতে ব্যক্ত কৰি থওঁ—বাস্তৱত সঁচাই থকা কোনো সংক্ৰামক ৰোগৰ অজুহাতত জনতাৰ মাজত ভয়াবহ অথচ অনাহক আতংকৰ সৃষ্টি কৰিবলৈ বিশ্বৰ কোনোবা ক্ষমতাশালী মহল বহু দিনৰেপৰাই গোপনে সচেষ্ট হৈ থকা যেন লাগে। তেনে অপকৰ্মত বিপুল পৰিমাণৰ ভুৱা বা বিকৃত “তথ্য”-ৰ মোনা জনসাধাৰণৰ মাজত মেলি দিয়া হয়। এইখিনিতে এইটো শতিকাৰ আৰম্ভণিৰ সময়ৰ কথা আমি মনলৈ আনিব পাৰোঁ। সেই সময়ত ছাৰ্ছ (Severe Acute Respiratory Syndrome, চমুকৈ SARS) নামৰ অতি সংক্ৰামক ভাইৰাছজনিত ৰোগবিধ দুই-এখন দেশত সঁচাই দেখা দিছিল। তাকে লৈ প্ৰচাৰ-মাধ্যমসমূহৰ মাজেদি সৰ্বসাধাৰণৰ মাজত সুচতুৰভাৱে আতংকৰ বীজ বিয়পাই দিবলৈ চেষ্টা কৰা হৈছিল। আতংক সৃষ্টি কৰাত উক্ত মহলটো ক’ভিড-কালৰ তুলনাত সিমান সফল যদিও হোৱা নাছিল, তথাপি তেতিয়াৰ উৰাবাতৰি-অপপ্ৰচাৰৰ চোক তেনেই কমো নাছিল। তেতিয়াই, ২০০৩ চনত ডেভিড ৰথ্কফ্ নামৰ এগৰাকী স্তম্ভ-লেখকে ‘ইনফৰমেচন’ (Information) আৰু ‘এপিডেমিক’ (Epidemic), এই শব্দ দুটা লগ লগাই ‘ইনফ’ডেমিক’ (Infodemic) বোলা শব্দ এটাৰ জন্ম দিলে (David J. Rothkopf, When the Buzz Bites Back, The Washington Post, May 11, 2003। ৰচনাখন পঢ়িবলৈ ইয়াতে টিপক)। অসমীয়া বা বাংলা ভাষাত ‘ইনফ’ডেমিক’-ৰ প্ৰতিশব্দ আমাৰ চকুত পৰা নাই। শিথিলকৈ ল’লে আমি অসমীয়াত ‘ইনফ’ডেমিক’-ক “তথ্য” আৰু “মহামাৰী” শব্দ দুটাক যোৰা লগাই “তথ্যমহামাৰী” বা চমুকৈ “তথ্যমাৰী” বুলি ক’ব পাৰোঁ। ব্যাকৰণগত দিশৰপৰা শুদ্ধ প্ৰতিশব্দ যিয়েই হওক, দৰকাৰী প্ৰশ্নসমূহ হৈছে—তথ্যমাৰীৰ অৰ্থ আৰু তাৎপৰ্য কি? আলোচ্য বিষয়ত তথ্যমাৰীৰ প্ৰাসংগিকতাই বা কেনেকুৱা? এই প্ৰশ্নসমূহ লৈয়েই আমি আগ বাঢ়িছোঁ আলোচনাৰ পৰৱৰ্তী দফাটোলৈ।
(৩)
উল্লেখ কৰিছিলোঁ যে ছাৰ্ছ ৰোগৰ বেলিকা আতংকৰ সৃষ্টি কৰাত দগাবাজৰ মহলটো বৰ এটা সফল হোৱা নাছিল। কিন্তু প্ৰায় দুটা দশকৰ বিৰতিত, ক’ভিড ৰোগবিধৰ সহায়ত মহলটোৱে জনগণৰ মাজত প্ৰচণ্ড আতংকৰ জন্ম দিয়াত অভাৱনীয়ভাৱে সফল হ’ল। ২০০৩ চনৰ পাছত প্রায় পাহৰি যোৱা ইনফ’ডেমিক শব্দটো পুনৰ আলোচনালৈ আহিল। এই ইনফ’ডেমিক বা তথ্যমাৰীৰ সংজ্ঞা কি? এগৰাকী গৱেষকে চমুকৈ কৈছে—An “infodemic” is defined as “an overabundance of information—some accurate and some not—occurring during an epidemic” (Chris Zielinski, Infodemics and Infodemiology: A Short History, A Long Future, Rev Panam Salud Publica, 2021)। সহজকৈ ক’বলৈ গ’লে, কোনো মহামাৰীৰ সময়ত, ভুলেই হওক বা শুদ্ধই হওক বিপুল পৰিমাণৰ তথ্যৰ বিস্ফোৰণকেই তথ্যমাৰী বুলিব পাৰি। ক’ভিড-কালৰ কথা মনলৈ আহিলেই কথাটো স্পষ্ট হৈ পৰিব। তেতিয়া সঁচাই-মিছাই ক’ভিডৰ সংক্ৰান্তত হৰেক ৰকমৰ, বিবিধ আৰু বিচিত্ৰ বাতৰি যিটো গতিৰে মানুহৰ মাজত বিয়পি পৰিছিল, সেইটো আছিল সঁচাই অভূতপূৰ্ব। বজাৰৰ মাজত সম্পূৰ্ণ সুস্থ মানুহ হঠাতে বাগৰি পৰি মৃত্যুৰ মুখত পৰিছে, অন্তিম সৎকাৰত স্থানাভাৱ হোৱা বাবে অসংখ্য মৃতদেহ একেলগে পুতি পেলোৱা হৈছে, কোনো চহৰৰ অৰ্ধেক মানুহৰ একেলগে মৃত্যু হৈছে, ৰাস্তাই ৰাস্তাই হাজাৰ হাজাৰ মৃতদেহ পৰি আছে—এইধৰণৰ বাতৰিয়ে সেই সময়ত গণআতংকৰ সৃষ্টি কৰিছিল। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ক’লে যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সমান্তৰালভাৱে এক বৃহৎ তথ্যমাৰীয়ে আক্ৰমণ চলাবলৈ ধৰিছে (দ্ৰষ্টব্য: Garcia-Saiso S et al., The COVID-19 Infodemic, Rev Panam Salud Publica. 2021)। লগতে কোৱা হ’ল, “আমি কেৱল এটা মহামাৰীৰ বিৰুদ্ধেই যুঁজ দিয়া নাই; আমি যুঁজিছোঁ এটা ‘ইনফ’ডেমিক’ৰ বিৰুদ্ধেও। ভুৱা বাতৰি এই ভাইৰাছতকৈও অধিক ক্ষিপ্ৰতাৰে আৰু সহজে বিয়পি পৰিছে, আৰু ই সমানেই বিপজ্জনক”। পৰিতাপৰ হ’লেও কিঞ্চিৎ মজাৰ কথা, তেনে কাৰ্যত WHO-ৰ নিজৰো ভূমিকা বিতৰ্কৰ ঊৰ্ধত নাছিল। প্ৰসংগান্তৰৰ হ’লেও এইখিনিতে আমি হাইড্ৰক্সিক্ল’ৰ’কুইন (Hydroxychloroquin) নামৰ ঔষধবিধৰ কথা স্মৰণ কৰি ল’ব পাৰোঁ। পৰ্যাপ্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ WHO-এ হাইড্ৰক্সিক্ল’ৰ’কুইনক ক’ভিডৰ ঔষধ বুলি ততাতৈয়াকৈ স্বীকৃতি দিছিল, পাছলৈ স্থিতি সলাই ঔষধবিধ কামত নহা বস্তু বুলি ঘোষণা কৰিছিল। সি যিয়েই নহওঁক, উল্লেখ কৰি থোৱা ভাল হ’ব, একাংশ বিদ্বানে ইনফ’ডেমিক শব্দটোৰ ব্যৱহাৰত কিছুমান সংগত কাৰণতেই আপত্তি কৰিছে। তেনে কাৰণৰ মাজৰ এটা এনেকুৱা—ইনফ’ডেমিক শব্দটোৱে তথ্যৰ প্ৰসাৰৰ দ্রুতিক ভাইৰাছ বা মহামাৰীৰ সংক্রমণৰ সৈতে তুলনা কৰে; কিন্তু তেওঁলোকৰ মতে, তেনে তুলনা সহজবোধ্য হ’লেও সি বৰ বিভ্ৰান্তিকৰ। কিয়নো ভাইৰাছৰ সংক্রমণ আৰু তথ্যৰ প্ৰসাৰৰ প্ৰকৃতি-প্রক্রিয়া একে নহয়। ভাইৰাছৰ প্ৰসাৰ জৈৱিক আৰু স্বয়ংক্ৰিয়, আনহাতে তথ্যৰ আদান-প্ৰদান মানুহৰ অভিসন্ধি আৰু সামাজিক যোগাযোগ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল (চমৎকাৰ আলোচনাৰ বাবে দ্ৰষ্টব্য : Autopsy of a Metaphor: The Origins, Use and Blind Spots of the ‘Infodemic’, New media & Society, 2023)। শব্দৰ ব্যৱহাৰ ক্ষেত্রত তেনে গভীৰ বিচাৰ-বিশ্লেষণলৈ নোযোৱাকৈও আমি নিৰ্দ্বিধাই এইটো কথা সঠিক বুলি বিবেচনা কৰিব পাৰোঁ যে তথ্যৰ নিৰ্বাচন, সেইসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু আদান-প্ৰদানত মানুহৰ অভিসন্ধি আৰু উদ্দেশ্য এটা প্ৰধান নিৰ্ণায়ক শক্তি। ক’ভিডৰ সময়ৰ শ্ৰমিকৰ ঐতিহাসিক ঘৰমুখী যাত্ৰাৰ কথাটো এই প্ৰসংগত পুনৰুল্লেখ কৰিব পাৰি।
মহামাৰীৰ সময়ৰ তথ্যমাৰীৰ কথা বাদ দিলেও আমি দেখিম যে সাধাৰণ সময়তো অহৰহ চলি থাকে ভ্ৰান্ত, খণ্ডিত তথা বিকৃত তথ্যৰ এক নিৰন্তৰ প্ৰৱাহ। অলপ গমি চালেই কথাটোৰ এটা কাৰণ আমাৰ চকুত পৰিব। সেইটো হৈছে, নেপথ্যত আঁৰ লৈ থকা অমিত শক্তিশালী মহলটো জনমানসত তেনে বিসংগতিপূৰ্ণ তথ্য উদ্দেশ্যপ্ৰণোদিতভাৱে বিলাই থকাত অতিশয় সক্রিয়। সাম্প্ৰতিক সময়ৰ এই তথ্যজনিত বিশৃংখলাই সমাজত যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ স্বাভাৱিক বিকাশৰ পথত থিয় কৰাই দিছে এক অভূতপূৰ্ব বাধাৰ প্ৰাচীৰ। বিজ্ঞানমনস্কতাৰ প্ৰসাৰ ব্যাহত হোৱাৰ অৰ্থই হ’ল সমাজত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু গোড়ামিৰ শিপা শক্তিশালীভাৱে প্রোথিত হোৱা। কোনো বিতৰ্ক নোহোৱাকৈ আমি ক’ব পাৰোঁ যে যিখন সমাজত বিজ্ঞানমনস্কতাৰ অগ্ৰগতি স্তিমিত হৈ পৰে, সেই সমাজখন লাহে লাহে অন্ধকাৰৰ যুগলৈ গতি কৰে। তেনে এখন সমাজক কেৱল কিছুমান তৰল ৰাজনৈতিক শ্ল’গানেৰে প্ৰগতিৰ দিশলৈ লৈ যোৱাটো সম্ভৱ নহয়। অথচ, সমাজৰ প্রকৃত প্রগতি এক সৰ্বাত্মক আমূল পৰিৱৰ্তনৰ সৈতেহে সম্পৰ্কিত, আৰু সেই দিশটো হৈছে মূলতঃ ৰাজনৈতিক। অৰ্থাৎ, ৰাজনৈতিক চিন্তাৰ নামত চলি থকা যান্ত্রিক গোড়ামি আৰু কল্পনাশ্রয়ী ভ্রমৰ পৰিৱৰ্তে সজীৱ আৰু সময়োপযোগী ৰাজনৈতিক উদ্যম আৰু চিন্তা এই ক্ষেত্রত যে অপৰিহাৰ্য, সেইটো নক’লেও হ’ব। এই প্রসংগত আমি বিংশ শতিকাৰ আলবেনিয়া, অৱলুপ্ত হৈ যোৱা চোৱিয়েত য়ুনিয়ন আদিৰপৰা লাভ কৰা অভিজ্ঞতাও সতৰ্কভাৱে মনত ৰাখিব লাগিব। তেনে ইতিহাসে দিয়া এটা ডাঙৰ শিক্ষা হৈছে যে কেৱল ক্ষমতাকেন্দ্রী ৰাজনৈতিক পৰিৱৰ্তনে সমাজৰ প্রতিশ্রুত উত্তৰণ ঘটোৱাত বিফল হয়, যদিহে সমাজখনৰ যুক্তি-আশ্ৰয়ী সাংস্কৃতিক ভেটিটো থৰক-বৰক হৈ থাকে। তেনে দেশসমূহত ক্ষমতাকেন্দ্রী ৰাজনৈতিক দিশটোত গুৰুত্ব দিয়া হৈছিল সঁচা, সাংস্কৃতিক দিশটোক প্রায় অপাংক্তেয় কৰি ৰখা হৈছিল। তাৰ পৰিণতি হৈছিলগৈ ভয়ংকৰ।
সমাজৰ আমূল পৰিৱৰ্তনৰ পাছত কি হ’ব, সেইটো আলোচনাযোগ্য বিষয় হ’লেও, এতিয়াৰ পৰিস্থিতিত ৰাজনৈতিক আৰু সাংস্কৃতিক দিশ দুটাত আমাৰ স্থিতিনো কি হ’ব—সেই প্রশ্নটো অধিক গুৰুত্ত্বপূৰ্ণ। উল্লেখ কৰি আহিছোঁ যে এই ক্ষেত্রত ৰাজনৈতিক উদ্যমক সঞ্জীৱিত কৰি তোলাৰ বাহিৰে অন্য বিকল্প নাই। লগতে দেখ্দেখ্ কথা, তেনে ৰাজনৈতিক পৰিপক্বতা অৰ্জন কৰাত অন্ধবিশ্বাস, সাম্প্রদায়িকতা আদিয়ে ব্যক্তি আৰু সংগঠনক প্রচণ্ড বাধা প্রদান কৰে। এটা সহজ উদাহৰণ আমি হাতৰ কাষতেই পাব পাৰোঁ—ধৰ্মীয় সাম্প্রদায়িকতাই অতি সহজতেই নিষ্পেষিত জনতাৰ মাজত বিভাজন আনি দিব পাৰে। শ্রমিক বা কৃষকৰ শ্রেণীগত চেতনা ৰাজনৈতিক পৰিপক্বতাৰ বাবে অপৰিহাৰ্য। কিন্তু সমাজ এখনত যদি শ্রেণীগত পৰিচয়ৰ সলনি ধৰ্মীয় পৰিচয়টোকহে মুখ্য বুলি প্রক্ষেপ কৰা হয়, বুজন সংখ্যক মানুহ যদি তাত পতিয়নো যায়, তেনেহ’লে ৰাজনৈতিক সংগ্রামখন চলাই যোৱাত আহুকাল আছে।
গতিকে, প্ৰগতিশীলতাৰ ধাৰণাটো কেৱল ৰাজনীতিৰ সৈতেই নহয়, তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সাংস্কৃতিক সংগ্রামৰ দিশটোও। ৰাজনৈতিক আৰু সাংস্কৃতিক—এই দুয়োটা দিশ সমাজৰ প্ৰগতিৰ ৰথখনৰ দুটা চকাৰ দৰে, যি দুটাই পৰস্পৰৰ পৰিপূৰক হিচাপেহে এক সন্তুলিত সামগ্ৰিক সংগ্ৰাম গঢ়ি তুলিব পাৰে। গতিকে, বিজ্ঞানমনস্কতাৰ অগ্ৰগতি ৰুদ্ধ কৰিবলৈ কোনটো মহলে, কি অভিসন্ধি লৈ এই তথ্য-প্ৰযুক্তিৰ মহাবিপ্লৱক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে, সেয়া আজি এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ থিয় দিছে। ৰাজনৈতিক আৰু সাংস্কৃতিক— দুয়োটা দিশৰ মাজত আমি যথোচিত সন্তুলন আনিব নোৱাৰিলে এইবোৰ জৰুৰী প্ৰশ্নৰ সুদুত্তৰ নোলাব।
(৪)
সাম্প্ৰতিক সময়ৰ তথ্যৰ বান্ধভঙা জোৱাৰক কেৱল জ্ঞান অৰ্জন বা জ্ঞানৰ সম্প্ৰসাৰণত নিৰপেক্ষভাৱে ব্যৱহাৰ কৰা এটা সঁজুলি বুলি গণ্য কৰিলে ডাঙৰ ভুল হ’ব। এতিয়া তথ্য-প্ৰযুক্তি হৈ পৰিছে বিশাল পৰিসৰত ব্যৱহৃত এটি কৌশলী অস্ত্ৰ। এই অস্ত্ৰক অতি চতুৰভাৱে প্ৰয়োগ কৰি বিজ্ঞানমনস্কতা আৰু যুক্তিবাদক সাৰথি কৰা প্ৰগতিশীল চিন্তা-চৰ্চা, উদ্যম-উদ্যোগ আৰু কাম-কাজক একেবাৰেই নিষ্প্রভ কৰি পেলোৱা হৈছে। প্রগতিবাদৰ সলনি চৌদিশে শিপাই পৰিছে ক্ষতিকাৰক এক পশ্চাৎমুখী গণমানসিকতা। এই সমগ্ৰ প্ৰক্ৰিয়াটো কোনো স্বতঃস্ফূৰ্ত ঘটনা নহয়, ইয়াৰ আঁৰত আছে এক সুচতুৰ আৰু সুপৰিকল্পিত অভিসন্ধি। এইখিনিতে নিশ্চয় প্ৰশ্ন উঠিব— বিজ্ঞানমনস্কতা আৰু প্রগতিবাদৰ বিকাশক ৰুদ্ধ কৰিবলৈ সচেষ্ট এই নেতিবাচক শক্তিটো কোন আৰু তাৰ মূল উদ্দেশ্যই বা কি?
এই প্ৰশ্নটোৰ চমু আৰু পোনপটীয়া উত্তৰটো হ’ল—সেই শক্তিটো হৈছে পুঁজিবাদ আৰু তাৰ মূল অভিসন্ধি হৈছে মুনাফা অৰ্জন। পুঁজিবাদৰ বাবে মানুহৰ যুক্তিবাদী মনতকৈ অজ্ঞতা আৰু অন্ধবিশ্বাস অধিক লাভজনক। বিজ্ঞানমনস্ক, যুক্তিবাদী মনৰ মানুহে সহজতেই পুঁজিবাদৰ মিথ্যাচাৰসমূহ চিনাক্ত কৰাৰ সম্ভাৱনা থাকে। গতিকে, সমাজত বিজ্ঞানমনস্কতাৰ প্রসাৰ পুঁজিবাদৰ অনভিপ্রেত; অন্ধবিশ্বাসৰ অন্ধকাৰত সৰ্বসাধাৰণ মানুহ ডুব গৈ থকাটোহে তাৰ কাম্য। মুনাফা অৰ্জনৰ স্বভাৱজাত অদম্য আকাংক্ষাই পুঁজিবাদীসকলক কেৱল অন্ধবিশ্বাস আৰু কুসংস্কাৰক উদগণি যোগোৱাতেই ক্ষান্ত কৰি ৰাখে তেনে নহয়, বৰঞ্চ এইসমূহক লাভজনক পণ্য হিচাপে বাণিজ্যিকীকৰণ কৰিবলৈও তেওঁলোকক তৎপৰ কৰি তোলে। অৱশ্যে মানৱ-সমাজৰ ইতিহাসত অন্ধবিশ্বাস যিদৰে কোনো নতুন ঘটনা নহয়, তেনেদৰেই সেইসমূহৰ বাণিজ্যিকীকৰণৰ দিশটোও অৰ্বাচীন কথা নহয়। যুগে যুগে এচাম তস্কৰ লোকে মানুহৰ মনৰ ভয়, দুৰ্বলতা, অজ্ঞতা ইত্যাদিক মূলধন হিচাপে লৈ অন্ধবিশ্বাসৰ বেপাৰ কৰি আহিছে। কিন্তু তেনে ঠগ-প্ৰৱঞ্চনাৰ পুৰাতন স্বৰূপটো একেবাৰে সলনি কৰি পেলালে আধুনিক যুগৰ ভুৱনীকৰণ আৰু তথ্য-প্ৰযুক্তিৰ অভূতপূৰ্ব বিপ্লৱে। পূৰ্বতে যিবোৰ অন্ধবিশ্বাস কোনো নিৰ্দিষ্ট সমাজ বা ভৌগোলিক পৰিসীমাৰ মাজত সীমাবদ্ধ আছিল, আজি ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ দ্ৰুত বিস্তাৰৰ ফলত সি এক সুপৰিকল্পিত গোলকীয় উদ্যোগলৈ ৰূপান্তৰিত হৈছে। মুক্ত বজাৰ অৰ্থনীতিৰ প্ৰসাৰৰ সৈতে তাল মিলাই অন্ধবিশ্বাসসমূহক আজি একোটা লাভজনক পণ্য হিচাপে সজাই তোলা হৈছে। পূৰ্বৰ যুগৰ স্থূল অন্ধবিশ্বাসবোৰক সৰ্বসাধাৰণৰ মাজত বিশ্বাসযোগ্য কৰিবলৈ অতি কৌশলেৰে ব্যৱহাৰ কৰা হৈছে সূক্ষ্ম বৈজ্ঞানিক পৰিভাষা। বৰ্তমানৰ অন্ধবিশ্বাসৰ তেনে বাণিজ্যিক কৌশল ইমানেই সূক্ষ্ম আৰু অত্যাধুনিক যে সৰ্বসাধাৰণ মানুহে গমেই নাপায় যে তেওঁলোক কেনেদৰে এই মায়াজালখনত আৱদ্ধ হৈ পৰিছে। একালৰ জৰা-ফুকা বা গ্ৰাম্য বেজ-বেজালিৰ স্থান আজি লৈছে কোটি টকীয়া ‘ইনফ্লুৱেনচাৰ’, ‘হাই-টেক বাবা’ আৰু ‘ডিজিটেল জ্যোতিষী’সকলে। তেওঁলোকে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ বাবে কেৱল পুৰণি কুসংস্কাৰক পুনৰুজ্জীৱিত কৰাই নহয়, বৰঞ্চ বিজ্ঞানৰ জটিল শব্দাৱলী যেনে—‘কোৱাণ্টাম এনাৰ্জী’, ‘পজিটিভ ভাইব্ৰেচন’, ‘মেগনেটিক ফিল্ড’ আদি শব্দসমূহ যধেমধে, আগ-গুৰি নোহোৱাকৈ প্ৰয়োগ কৰি অন্ধবিশ্বাসক ‘আধুনিক বিজ্ঞান’ৰ পোছাক পিন্ধাই গ্ৰাহকৰ হাতত তুলি দিছে। বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তাৰ প্ৰভাৱ কম হোৱা হেতুকে সমাজত এইদৰেই অপবিজ্ঞান আৰু ছদ্মবিজ্ঞানৰ প্ৰাদূৰ্ভাৱ বাঢ়ি আহিছে দিনে দিনে। এই দিশটো যদিও আলোচ্য বিষয়ত খুবেই প্ৰাসংগিক হ’লেও বিস্তাৰিত আলোচনাৰ অৱকাশ ইয়াত নাই। বিষয়টোত আমি আগতে দীঘলীয়াকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ (কৌশিক দাস, অবিজ্ঞান, অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান, গদ্য-পদ্য : শাৰদীয় সম্ভাৰ, ২০২১, পৃ. ১৯২-১৯৮)।
উক্ত প্ৰক্ৰিয়াটো অন্ধবিশ্বাসৰ সাধাৰণ বাণিজ্যিকীকৰণ (Commercialization) মাত্ৰ—এইবুলি ভাবিলে ডাঙৰ ভুল হ’ব। ভুৱনীকৰণৰ যুগত পুঁজিবাদে অন্ধবিশ্বাসৰ বাণিজ্যিকীকৰণ অতি দ্ৰুত কৰি পেলাইছে, সেইটো সঁচা। কিন্তু গোটেই প্ৰক্ৰিয়াটো ঘটিছে বিৰাট পৰিসৰৰ নিগমীকৰণৰ (Corporatization) মাজেৰে। জনকল্যাণৰ দিশটোক ভৰিৰে মোহাৰি, মাত্ৰ মুনাফা অৰ্জনৰ পুঁজিবাদী স্বাৰ্থই এইটো প্ৰক্ৰিয়াৰ মাজেৰে কিমান নগ্ন, নিকৃষ্ট আৰু ভয়াবহ ৰূপ ধাৰণ কৰিছে, সেইটো স্পষ্ট কৰিবলৈ এইখিনিতে এটা উদাহৰণ দিব পাৰি। এমেৰিকাৰ বিয়োগোম ঔষধৰ কোম্পানী আছিল পাৰ্জু ফাৰ্মা (Purdue Pharma)। এই কোম্পানীটোৱে ১৯৯৬ চনত ওপিয়ড শ্ৰেণীৰ (Opioid) অক্সিকণ্টিন (OxyContin) নামৰ এবিধ বেদনানাশক ঔষধ (Pain killer) বজাৰলৈ উলিয়াই দিছিল। ঔষধবিধৰ বিক্ৰী বঢ়াবলৈ কোম্পানীটোৱে ব্যৱহাৰ কৰিছিল অত্যাধুনিক তথ্য-প্ৰযুক্তিৰ। তেনে প্ৰযুক্তিৰ সহায়ত বিষত আক্ৰান্ত ৰোগী বেছিকৈ কোন কোন চিকিৎসকৰ কাষলৈ গৈছিল, তাৰ নিৰ্ভুল তথ্য সংগ্ৰহ কৰা হৈছিল। তাৰ পাছত কোম্পানীটোৱে আৰম্ভ কৰিছিল তেনে চিকিৎসকসকলক প্ৰভাৱিত কৰাৰ সুচতুৰ কৌশল। তেনে চিকিৎসকৰ কাষলৈ কোম্পানীটোৱে প্ৰেৰণ কৰিছিল তেওঁলোকৰ প্ৰশিক্ষণপ্ৰাপ্ত সুদক্ষ প্ৰতিনিধিক। কোম্পানীটোৱে ফ্লৰিডা, এৰিজোনা, কেলিফৰ্নিয়াৰ আদিৰ বিলাসী ৰিজৰ্ট কিছুমানত বহুতো বিষ-ব্যৱস্থাপনাৰ (Pain-management) “বৈজ্ঞানিক সন্মিলন”-ৰ আয়োজন কৰিছিল। এই সন্মিলনসমূহত অগণন চিকিৎসক, ফাৰ্মাচিষ্ট আৰু নাৰ্ছে অংশগ্ৰহণ কৰিছিল, যাৰ সকলো খৰচ বহন কৰিছিল কোম্পানীটোৱে। এইবোৰ কৌশলে ঔষধবিধৰ বিক্ৰী অভাৱনীভাৱে বৃদ্ধি কৰিছিল। তাৰ প্ৰমাণ, ২০০১ চনত কোম্পানীটোৱে তেওঁলোকৰ প্ৰতিনিধিসকলক বিক্ৰী বাঢ়ি যোৱাৰ বাবে প্ৰেৰণামূলক বোনাছ (দৰমহাৰ ওপৰঞ্চি) হিচাপে দিছিল মুঠ ৪০ মিলিয়ন ডলাৰ! কোম্পানীটোৰ ইমান লাভ হৈছিল বিৰাট প্ৰবঞ্চনাৰ মাজেদিহে। কোম্পানীটোৱে মিছা “বৈজ্ঞানিক তথ্য” প্ৰকাশ কৰি ৰোগী আৰু চিকিৎসকসকলক পতিয়ন নিয়াইছিল যে ঔষধবিধে কোনো ড্ৰাগছ আসক্তিৰ জন্ম নিদিয়ে। প্ৰকৃততে কথাটো আছিল তাৰ বিপৰীত। কোম্পানীটোৱে বৈজ্ঞানিক তথ্যক ভুলকৈ উপস্থাপন কৰিছিল আৰু ঔষধটোৰ প্ৰকৃত বিপজ্জনক দিশসমূহ লুকুৱাই ৰাখিছিল। তদুপৰি, কোম্পানীটোৱে ঔষধবিধক দীর্ঘম্যাদী বিষ নিৰাময়ৰ বাবে এক নিৰাপদ আৰু দীর্ঘস্থায়ী সমাধান হিচাপে বজাৰত উপস্থাপন কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে এই ঔষধটোৰ প্ৰভাৱ ১২ ঘণ্টালৈ থাকে, কিন্তু বাস্তৱত দেখা গৈছিল যে ১২ ঘণ্টাৰ বহু আগতেই ঔষধৰ প্ৰভাৱ কমি আছিল, যাৰ ফলত ৰোগীসকলে অতি সোনকালে আকৌ ঔষধৰ টেমালৈ হাত মেলিছিল। এইদৰেই বহুতো মানুহ ঔষধবিধৰ প্ৰতি আসক্ত হৈ পৰিছিল। কোম্পানীটোৱে বুজাইছিল, যদি কোনো ৰোগী ঔষধৰ প্ৰতি আসক্ত হৈ পৰে, তেন্তে ইয়াৰ অৰ্থ হ’ল তেওঁৰ বিষৰ চিকিৎসা সঠিকভাৱে হোৱা নাই। এই যুক্তিত তেওঁলোকে চিকিৎসকসকলক পৰামৰ্শ দিছিল যে তেনে ৰোগীক ঔষধ বন্ধ কৰাৰ সলনি অধিক পৰিমাণে ঔষধ দিবহে লাগে! ইয়াৰ ফলত হাজাৰ হাজাৰ ৰোগীৰ আসক্তি কেৱল এই ঔষধবিধৰ প্ৰতিয়েই নহয়, হেৰ’ইনৰ দৰে মাৰাত্মক ড্ৰাগছৰ ফালে ঢাল খাইছিল। এই ভয়ংকৰ ঘটনাটোক জনপ্ৰিয় ভাষ্যত ওপিয়ড সংকট (Opioid crisis) বুলি কোৱা হয়। অৱস্থা অতি বিপজ্জনক হৈ পৰাৰ পাছত কোম্পানীটোক আদালত থিয় কৰোৱা হৈছিল, আৰু তেতিয়াহে প্ৰৱঞ্চনাৰ কথাবোৰ ভালদৰে পোহৰলৈ আহিছিল। কোম্পানীটোৱে মোটা অংকৰ ধন জৰিমনা হিচাপে ভৰিবলগীয়া হ’লেও, ইতিমধ্যেই ঔষধবিধৰ বাবে—প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে—লাখৰ ঘৰত মানুহে প্ৰাণ হেৰুৱাইছিল (ওপিয়ড সংকটৰ বিষয়ে এইখনি গৱেষণাপত্ৰ দ্ৰষ্টব্য: Art Van Zee, The Promotion and Marketing of OxyContin: Commercial Triumph, Public Health Tragedy, American Journal of Public Health, February, 2009)।
গতিকে তথ্য-প্ৰযুক্তিৰ তেনে প্ৰবঞ্চনামূলক ব্যৱহাৰৰ কথাটো মাত্ৰ দুই-এজন ইনফ্লুৱেনছাৰ, হাই-টেক বাবা কিম্বা ডিজিটেল জ্যোতিষীৰ ব্যক্তিগত আৰু বিক্ষিপ্ত খেয়ালৰ কথা নহয়—সমগ্ৰ প্ৰক্ৰিয়াটো বাণিজ্যিকীকৰণ আৰু নিগমকৰণৰ মাজেদি নিয়ন্ত্ৰিত হৈছে পুঁজিবাদী ব্যৱস্থাটোৰ ছত্ৰছাঁয়া আৰু পৃষ্ঠপোষকতাত। তথ্য-প্ৰযুক্তিৰ বিপ্লৱৰ যুগত সৰ্বসাধাৰণ মানুহে ভাবিছে যে তেওঁলোকে নিজৰ পছন্দ অনুসৰি পণ্যসমূহৰ বিষয়ে তথ্য গ্ৰহণ কৰিছে—তাত তেওঁলোক স্বাধীন। কিন্তু প্ৰকৃততে ছ’চিয়েল মিডিয়াৰ এলগৰিডমে মানুহক বহতীয়াহে কৰি পেলাইছে। ছ’চিয়েল মিডিয়াৰ এলগৰিডমে মানুহক কিদৰে জ্ঞানীয় পক্ষপাতদুষ্ট (Cognitive bias) কৰি পেলাব পাৰে, তাৰ ইংগিত আমি “মুক্ত চিন্তা”-ৰ পূৰ্বোক্ত সম্পাদকীয় টোকাত দিছিলোঁ।
(৫)
অন্ধবিশ্বাস, অপবিজ্ঞান আৰু ছদ্মবিজ্ঞানক প্ৰায় নিৰ্বিৰোধভাৱে ব্যৱহাৰ কৰি বৃহৎ নিগমসমূহে তথ্য-প্ৰযুক্তিৰ সহায়ত কেনেদৰে এক বিশাল গ্ৰাহক গোষ্ঠী তৈয়াৰ কৰি লুণ্ঠন চলাই আছে, তাৰ আৰু দুটিমান উদাহৰণ এইখিনিতে দিব পাৰি। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই “অলটাৰনেটিভ মেডিচিন” (Alternative Medicine) আৰু ‘ৱেলনেছ’ (Wellness) উদ্যোগটোৱে এক বিশাল বজাৰ দখল কৰিছে। এই উদ্যোগৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে হলীউডৰ অভিনেত্ৰী গিনেথ পালট্ৰ’ৰ (Gwyneth Paltrow) বিখ্যাত ব্ৰেণ্ড গুপ (Goop)। এই প্ৰতিষ্ঠানটোৱে প্ৰায়ে “এনাৰ্জী হিলিং”, “ডিমেগনেটাইজেচন” (Demagnetization) আদিৰ দৰে বিজ্ঞান বিজ্ঞান যেন লগা শব্দবোৰ ব্যৱহাৰ কৰি বিভিন্ন সামগ্ৰী বিপণন কৰে। এইবোৰৰ বিজ্ঞাপন ইমান সুচতুৰভাৱে উপস্থাপন কৰা হয় যে বিজ্ঞানমনস্কতা নোহোৱা মানুহে সেইবোৰত তৎক্ষণাৎ ভোল যায়। এই ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে আধুনিক তথ্য-প্ৰযুক্তিক অতি পদ্ধতিগতভাৱে ব্যৱহাৰ কৰি আহিছে। অপকাৰী বস্তু বিক্ৰী কৰাৰ অপৰাধত মোটা অংকৰ জৰিমনা ভৰিলেও (BBC-ৰ প্ৰতিবেদনখন পঢ়িবলৈ ইয়াতে টিপক) গুপৰ ব্যৱসায়ৰ মুনাফা কল্পনাতীত।
ক’ভিড-১৯ মহামাৰীৰ সময়ত তথ্যই দেখুৱা কেৰামতিৰ কথা বৰ্ণনা কৰি অহা হৈছে। সেই সময়ত সমগ্ৰ বিশ্বতে স্বাস্থ্যজনিত বহুতো ভয়ংকৰ প্ৰৱঞ্চনাৰ কথা দেখিবলৈ-শুনিবলৈ পোৱা গৈছিল। এমেৰিকাৰ তেনে এটা ঘটনাৰ হোতা আছিল মাৰ্ক গ্ৰেনন (Mark Grenon) আৰু তেওঁৰ তিনিজন পুত্ৰ। তেওঁলোকে প্ৰথমতে “জেনিচিছ টু চাৰ্চ অৱ হেলথ এণ্ড হিলিং” (Genesis II Church of Health and Healing) নামৰ এটা সংগঠনৰ খুলি লৈছিল। কৌতুকপূৰ্ণ কথা, তেওঁলোকে প্ৰচাৰ চলাইছিল যে সংগঠনটো হৈছে এটা “অধৰ্মীয় গীৰ্জা” (Non-religious church)। তেওঁলোকে তেনে কৰিছিল চৰকাৰী হস্তক্ষেপৰপৰা হাত সাৰিবৰ বাবে। তেওঁলোকে ক’ভিডৰ সময়ত ক্ল’ৰিন ডাইঅক্সাইড (Chlorine Dioxide) নামৰ এক বিষাক্ত ৰাসায়নিক পদাৰ্থক “মিৰাকল মিনাৰেল ছলিউচন” (Miracle Mineral Solution বা MMS) বুলি নামকৰণ কৰি সেইটোক ক’ভিড নিৰাময়ৰ মহৌষধ বুলি প্ৰচাৰ কৰিছিল। তেনে প্ৰচাৰত ব্যৱহাৰ কৰা হৈছিল অত্যাধুনিক তথ্য-প্ৰযুক্তিৰ উন্নত কৌশল। ক’ভিড-ভীতিত আক্ৰান্ত অগণন মানুহে ক্ৰয় কৰিছিল MMS। অকল ক’ভিডেই নহয়, অধিক মুনাফাৰ বাবে MMS-ক কৰ্কট, এইডছ, আলঝেইমাৰ, ডায়েবেটিছ আদি ৰোগৰো এক “আশ্চৰ্য ঔষধ” বুলি দাবী কৰি, অত্যাধুনিক তথ্য-প্ৰযুক্তিৰ সহায়ত তেওঁলোকে ব্যাপক প্ৰচাৰ চলাই গৈছিল। প্ৰকৃততে, MMS-ত আছিল ব্লিচিং এজেণ্ট (bleach), যি সাধাৰণতে বিভিন্ন উদ্যোগত পানী বিশুদ্ধ কৰিবলৈ বা কাপোৰ বগা কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইবিধ মানুহ বা জীৱ-জন্তুৰ বাবে অতি ক্ষতিকৰ, আনকি দ্ৰৱবিধৰ সেৱনে মৃত্যু পৰ্যন্ত ঘটাব পাৰে। অনলাইন বজাৰত সহজলভ্য এই মাৰাত্মক পদাৰ্থটো সেৱন কৰি বহু লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। U.S. Food and Drug Administration-এ সৰ্বসাধাৰণ গ্ৰাহকসকলক “মিৰাকল মিনাৰেল ছলিউচন” সেৱন নকৰিবলৈ সতৰ্ক কৰি দিবলগীয়া হৈছিল (বাতৰিটোৰ সবিশেষ পঢ়িবলৈ ইয়াতে টিপক)। কিছু বছৰৰ পাছত পৰিয়ালটো তেনে প্ৰবঞ্চনাৰ অভিযোগত ফাটেকত সোমাবলগীয়া হ’ল যদিও ইতিমধ্যেই তেওঁলোকে লুণ্ঠন কৰিছিল অগণন মানুহৰ বিপুল পৰিমাণৰ কষ্টোপাৰ্জিত ধন।
ক’ভিডৰ সময়ৰেই কথা, এইটো উদাহৰণৰ পটভূমি ভাৰতবৰ্ষ। বাবা ৰামদেৱ নামৰ এজন যোগগুৰুৰ “পতঞ্জলি” আয়ুৰ্বেদ প্ৰতিষ্ঠানে “ক’ৰোনিল” (Coronil) বুলি এবিধ ঔষধ বজাৰলৈ আনিছিল। পতঞ্জলিৰ তৰফৰ পৰা দাবী কৰা হৈছিল যে এই ঔষধবিধ ক’ভিডৰ চিকিৎসাৰ বাবে ফলপ্ৰসূ আৰু ইয়াৰ কাৰ্যকাৰিতা বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাই (Clinical trial) প্ৰতিষ্ঠিত কৰিছে। সিমানতে ৰৈ নাথাকি প্ৰতিষ্ঠানটোৱে এই ঔষধবিধ বিশ্ব স্বাস্থ্য সংস্থাৰদ্বাৰা স্বীকৃত বুলিও বিভিন্ন মাধ্যমত তীব্ৰ প্ৰচাৰ চলাইছিল। বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কেতিয়াও ক’ভিডৰ চিকিৎসাৰ বাবে পতঞ্জলিৰ এই ঔষধবিধক স্বীকৃতি দিয়া নাই, কিম্বা ঔষধবিধৰ কোনো পৰীক্ষা-নিৰীক্ষাও কৰা হোৱা নাই (BBC-ৰ বিস্তাৰিত প্ৰতিবেদনখন পঢ়িবলৈ ইয়াতে টিপক)।
মানুহৰ শৰীৰত কেতিয়াবা বাহিৰৰপৰা দূষিত পদাৰ্থ সোমাই পৰিব পাৰে, কিম্বা বিপাকীয় ক্ৰিয়াৰ ফলত তেনে বিষাক্ত পদাৰ্থ শৰীৰৰ ভিতৰতেই উৎপন্ন হ’ব পাৰে। তেনে বিষাক্ত বা দূষিত পদাৰ্থৰ চোক আমাৰ শৰীৰে নিজে নিজেই হ্ৰাস কৰিব পাৰে। দূষণৰ মাত্ৰা অতি বেছি হ’লে চিকিৎসকৰ সহায়ৰ প্ৰয়োজন হয়। কিন্তু আধুনিক তথ্য-প্ৰযুক্তি ব্যৱহাৰ কৰি তেনে দূষিত বা বিষাক্ত দ্ৰব্যৰ অতিৰঞ্জিত বা-বাতৰিৰে ভয়ংকৰ আতংকৰ জন্ম দিয়া হ’ল। লগে লগে বজাৰলৈ আহিল “ডিটক্স ফুট পেড” (Detox foot pad)। “কিনোকি”-ৰ (Kinoki) দৰে বহুজাতিক ব্ৰেণ্ডে বজাৰত এনে কিছুমান পেড মুকলি কৰিছিল, যিবোৰ ৰাতি শুবৰ সময়ত ভৰিৰ তলুৱাত লগাই থ’লে ৰাতিপুৱালৈ সেইবোৰ ক’লা বা মটীয়া বৰণৰ হৈ পৰে। দাবী কৰা হৈছিল যে এই পেডবোৰে শৰীৰৰ পৰা বিষাক্ত বা দূষিত পদাৰ্থ শোষণ কৰি উলিয়াই আনিছে। কিন্তু বিজ্ঞানসন্মত পৰীক্ষাত প্ৰমাণিত হয় যে সেই পেডবোৰত থকা কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থ মানুহৰ ভৰিৰ ঘামৰ সংস্পৰ্শলৈ অহাৰ বাবেহে তাৰ ৰং ক’লা হৈছিল, শৰীৰৰ কোনো বিষাক্ত বা দূষিত পদাৰ্থ তাৰ দ্বাৰা ওলাই অহা নাছিল (সহজ আলোচনাৰ এটি পঢ়িবলৈ ইয়াতে টিপক)।
সেইবোৰ আছিল বিজ্ঞানৰ নামত গ্ৰাহকক কৰা এক বৃহৎ প্ৰৱঞ্চনাৰ কিছুমান উদাহৰণ। তেনে অবৈজ্ঞানিক কৰ্মকাণ্ডত তথ্য-প্ৰযুক্তিক ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল। সামাজিক মাধ্যমকে ধৰি অন্যান্য তথ্য-প্ৰাযুক্তিক সঁজুলিৰ সহায়ত—মানুহৰ যুক্তিবাদী আৰু বিজ্ঞানমনস্ক চিন্তাক বুঢ়া আঙুলি দেখুৱাই—নানান অবৈজ্ঞানিক ধাৰণাক বিজ্ঞানৰ আৱৰণ দি এইদৰেই বৃহৎ নিগমসমূহে মুনাফাৰ পৰিমাণ বঢ়াই গৈ আছে। সেইসমূহৰ বিস্তাৰিত বিৱৰণ পৰিহাৰ কৰি, মাত্ৰ কেইবিধমান তেনে অপবিজ্ঞান-ছদ্মবিজ্ঞানৰ নাম উল্লেখ কৰাই সংগত হ’ব। “ডিটক্স জুচ ক্লিনজিং” (Detox juice cleansing), “কোলন হাইড্ৰ’থেৰাপী” (Colon Hydrotherapy), “গ্ৰীণৱাছিং” (Greenwashing), “কোৱাণ্টাম হিলিং” (Quantum Healing), “ৰেইকী” (Reiki) ইত্যাদি। এইধৰণৰ অপবিজ্ঞান-ছদ্মবিজ্ঞানৰ কথাবোৰ সৰ্বসাধাৰণৰ মাজত তীব্ৰ গতিত প্ৰচাৰ চলাবলৈ অৱতীৰ্ণ হয় ডিজিটেল ইনফ্লুৱেঞ্চাৰৰ নাম লোৱা কিছু সুচতুৰ-সপ্ৰতিভ কথকী প্ৰতাৰক। বিজ্ঞানৰ ভাষা যধে-মধে ব্যৱহাৰ কৰি অন্ধবিশ্বাস আৰু ছদ্ম-বিজ্ঞানৰ বাণিজ্যিকীকৰণক বিৰাট আকাৰলৈ লৈ যোৱাত এইসকলৰ অৰিহণা বহুত। ইনষ্টাগ্ৰাম, ইউটিউব আদিৰ দৰে সামাজিক মাধ্যমত মিলিয়ন মিলিয়ন অনুগামী থকা এই ইনফ্লুৱেঞ্চাৰসকলে বিজ্ঞানৰ কোনো অৰ্হতা নোহোৱাকৈয়ে কেৱল সুচতুৰ উপস্থাপন শৈলীৰ সহায়ত বিবিধ অবৈজ্ঞানিক ধ্যান-ধাৰণা আৰু সা-সামগ্ৰী বজাৰত বিক্ৰী কৰি আছে।
(৬)
যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ প্ৰতিমুখে এইদৰে অন্ধবিশ্বাসৰ যিখন গোলকীয় বজাৰ গঢ়ি উঠিছে, তাৰ আটাইতকৈ সক্ৰিয় আৰু শক্তিশালী মঞ্চ হৈছে ফে’চবুক, ইউটিউবৰ দৰে সামাজিক মাধ্যমসমূহ। এই প্লেটফৰ্মসমূহ মাত্ৰ তথ্য আদান-প্ৰদানৰ নিৰীহ-নিৰপেক্ষ মাধ্যম নহয়; বৰঞ্চ ইয়াৰ অন্তৰালত কাম কৰা এলগৰিডম আৰু পুঁজিবাদী মুনাফাখোৰ দৰ্শনটোৱে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তাৰ ভেটিত পোনে-পোনে আঘাত হানিছে। সামাজিক মাধ্যমৰ কোম্পানীসমূহৰ মুনাফাৰ পৰিমাণ নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীয়ে স্ক্ৰীণৰ সন্মুখত কটোৱা সময়ৰ ওপৰত (Engagement)। যুক্তিসংগত বৈজ্ঞানিক তথ্যতকৈ সৰহভাগ মানুহ চাঞ্চল্যকৰ ভুৱা বাতৰিৰ প্ৰতিহে অধিক আকৰ্ষিত হয়। তাতে আকৌ এই প্লেটফৰ্মসমূহৰ ডিজিটেল এলগৰিডমে লাভৰ স্বাৰ্থত বিজ্ঞানসন্মত তথ্যসমূহক তল পেলাই অন্ধবিশ্বাস আৰু ছদ্মবিজ্ঞানক ক্ৰমাগতভাৱে ব্যৱহাৰকাৰীৰ টাইমলাইনত জাপি দি থাকে। এই প্ৰসংগত আমি “ফে’চবুক পেপাৰ্ছ” (Facebook Papers) নামৰে আখ্যায়িত বিখ্যাত ঘটনাটোৰ কথা স্মৰণ কৰি ল’ব পাৰোঁ। ২০২১ চনত ফে’চবুকৰ এগৰাকী প্ৰাক্তন বিষয়া ফ্ৰান্সিছ হগেনে (Frances Haugen) ফে’চবুকৰ ভিৰচ’ৰাত সংঘটিত হৈ থকা ভয়ংকৰ ঘটনাৰ কথা ফাদিল কৰি দিছিল। তেওঁ এমেৰিকাৰ ছিনেট কমিটিৰ আগত দেখুৱাই দিছিল—কেনেকৈ ফে’চবুকৰ কৰ্তৃপক্ষই মাত্ৰ মুনাফাৰ বাবে এলগৰিডমৰ সহায়ত সমাজত বিজ্ঞানবিৰোধী ভুৱা তথ্য আৰু অন্ধবিশ্বাস বিয়পাই আহিছে। তেওঁ লগতে দেখুৱাইছিল, ফে’চবুকে কেনেকৈ কোটি কোটি মানুহে কি তথ্য দেখা পাব সেইটো নিৰ্বাচন কৰে, যাৰ ফলত মানুহৰ মানসিকতা সলনি হৈ পৰিব পাৰে। তেওঁ কৈছিল যে তেনে প্ৰভাৱ যে কেৱল ফে’চবুক ব্যৱহাৰকাৰীৰ মাজতে সীমাবদ্ধ হৈ থাকে, তেনে নহয়; ফে’চবুকৰ এলগৰিডমে প্ৰভাৱিত কৰা লোকসকলৰ চিন্তাধাৰাই প্ৰভাৱিত কৰে ফে’চবুক ব্যৱহাৰ নকৰা লোকসকলকো (পূৰ্ণ পাঠৰ বাবে দ্ৰষ্টব্য : Statement of Frances Haugen, United States Senate Committee on Commerce, Science and Transportation : Sub-Committee on Consumer Protection, Product Safety, and Data Security, October 4, 2021)। ইউটিউবৰ “ৰিকমেণ্ডেছন এলগৰিডম”-ৰ (Recommendation Algorithm) ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। ধৰা হওক, এজন ইউটিউব ব্যৱহাৰকাৰীয়ে স্বাস্থ্য বা চিকিৎসা-বিজ্ঞান সম্পৰ্কীয় কিবা সৰল বিষয় এটাৰ সন্ধান কৰিছে। ইউটিউবৰ “ৰিকমেণ্ডেছন এলগৰিডম”-এ তেওঁক লাহে লাহে অপবিজ্ঞান বা ছদ্মবিজ্ঞানৰ ভিডিঅ’ যোগান ধৰিবলৈ আৰম্ভ কৰিব। তাৰ ফল কি, সেইটো কোৱা বাহুল্য হ’ব। স্পষ্টতঃ ইউটিউবৰ “ৰিকমেণ্ডেছন এলগৰিডম” মুনাফা অৰ্জনৰ সৈতে সম্পৰ্কিত। এই প্ৰসংগত বিখ্যাত গৱেষণাপত্ৰিকা “ছায়েন্স”-ত ২০১৮ চনত প্ৰকাশিত এখনি গৱেষণাপত্ৰই এটা বৰ তাৎপৰ্যপূৰ্ণ দিশলৈ নিৰ্দ্দেশ কৰে। গৱেষকৰ দল এটাই মিছা তথ্যৰ বিস্তাৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ ২০০৬ চনৰ পৰা ২০১৭ চনলৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা উৰাবাতৰিৰ এটা ডাটাছেট ব্যৱহাৰ কৰিছিল। তেওঁলোকে দেখিছিল যে সত্য বাতৰিতকৈ মিথ্যা বাতৰিয়ে অধিক মানুহৰ কাষ চাপিছিল; অৰ্থাৎ, তথ্য-প্ৰযুক্তিৰ সহায়ত সত্যৰ তুলনাত মিথ্যা বাতৰি অধিক দ্ৰুতগতিত বিয়পি পৰিছিল (Soroush Vosoughi, Deb Roy and Sinan Aral, The spread of True and False News Online, Science, 9 Mar 2018)।
ফে’চবুকেই হওঁক, ইউটিউবেই হওঁক, আলোচ্য প্ৰসংগত তথ্য-প্ৰযুক্তিৰ অন্যতম বিপজ্জনক দিশটো হ’ল, এই সামাজিক মাধ্যমসমূহে মানুহৰ মগজুত এক “ইকো চেম্বাৰ” (Echo Chamber) বা বন্ধ-চিন্তাৰ নিৰন্ধ্ৰ পোতাশাল গঢ়ি তোলে। যেতিয়া এজন মানুহে এটা অন্ধবিশ্বাস বা ছদ্মবিজ্ঞানৰ ভিডিঅ’ বা প’ষ্ট চায় বা পঢ়ে, তেতিয়া এলগৰিডমে তেওঁক তেনেধৰণৰে অসংখ্য প’ষ্ট-ভিডিঅ’ৰ যোগান দি থাকে। ফলত ব্যক্তিজনৰ মনত এক ত্ৰুটিপূৰ্ণ ধাৰণা গঢ়ি উঠে যে তেওঁ সামাজিক মাধ্যমত সঘনাই দেখি থকা অন্ধবিশ্বাসটোৱেই হৈছে বৈজ্ঞানিক সত্য।
(৭)
তথ্য-প্ৰযুক্তিৰ মহাবিপ্লৱৰ মাজত আজি অজস্ৰ ভুল তথ্য আৰু উদ্দেশ্যপ্ৰণোদিত উৰাবাতৰি সামাজিক মাধ্যমবোৰত উৰি ফুৰিছে, ক্ৰমাৎ তীব্ৰ হৈ আহিছে অপবিজ্ঞান আৰু ছদ্মবিজ্ঞানৰ আগ্ৰাসন। বৰ বেয়াকৈ আক্ৰান্ত হৈ পৰিছে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ। সম্প্ৰতি অন্ধবিশ্বাস আৰু অপবিজ্ঞান-ছদ্মবিজ্ঞানৰ যি বিশ্বব্যাপি বিশাল সাম্ৰাজ্য গঢ়ি উঠিছে—তাৰ অন্তৰালত সক্ৰিয় হৈ আছে এক অতি শক্তিশালী, সুসংগঠিত আৰু সৰ্বগ্ৰাসী শক্তি—সেয়া হৈছে বহুজাতিক কৰ্পোৰেট গোষ্ঠী আৰু বিশ্ব পুঁজিবাদৰ কুটিল ৰাজনীতি। পুঁজিপতি গোষ্ঠীসমূহৰ একমাত্ৰ চৰম লক্ষ্য হৈছে সৰ্বাধিক মুনাফা অৰ্জন কৰা। এই মুনাফা সৰ্বস্ব পুঁজিবাদী ব্যৱস্থাৰ বাবে এজন যুক্তিবাদী, বিজ্ঞানমনস্ক আৰু প্ৰশ্ন কৰিব জনা গ্ৰাহকতকৈ এজন আৱেগিক, বিভ্ৰান্ত আৰু অন্ধবিশ্বাসী গ্ৰাহকক বজাৰৰ সামগ্ৰী বিক্ৰী কৰাটো বহুত বেছি সহজ। কাৰণ যুক্তিবাদী মানুহে কোনো একটা সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে তাৰ বৈজ্ঞানিক কাৰ্যকাৰিতা আৰু প্ৰমাণ বিচাৰে; কিন্তু অন্ধবিশ্বাসেৰে পৰিচালিত হোৱা মানুহ এজনক আকৃষ্ট কৰিবলৈ মনস্তাত্ত্বিক ভয় আৰু কৃত্ৰিম প্ৰয়োজনীয়তাৰ এক মায়াজালেই যথেষ্ট।
এই ভয়ংকৰ পৰিস্থিতিৰ বিৰুদ্ধে সৰ্বসাধাৰণক সচেতন কৰি তোলাটোৱেই বৰ্তমানৰ প্ৰধান প্ৰত্যাহ্বান। পুঁজিবাদে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ বিৰুদ্ধে চলাই থকা এই চক্ৰান্তক চিনাক্ত কৰি সৰ্বসাধাৰণ জনতাক তাৰপৰা মুক্ত কৰিবলৈ এক সচেতন যাত্ৰা আৰম্ভ কৰাটো খুবেই জৰুৰী। এই উদ্দেশ্য পূৰণৰ বাবে যুক্তিবাদী সংগঠনসমূহক অধিক শক্তিশালী আৰু সক্ৰিয় কৰি তোলাৰ কোনো বিকল্প নাই, যাতে তেওঁলোকে তৃণমূল পৰ্যায়ত বিজ্ঞানৰ পোহৰত প্ৰকৃত সত্যসমূহ বিয়পাই দিব পাৰে। সমাজৰ প্ৰকৃত পৰিৱৰ্তনৰ বাবে পুঁজিবাদৰ বিৰুদ্ধে এক সুসংহত ৰাজনৈতিক পদক্ষেপ অপৰিহাৰ্য, কিন্তু সেই ৰণ ফলপ্ৰসূ হ’বলৈ হ’লে জনসাধাৰণক অন্ধবিশ্বাসৰ অন্ধকাৰৰ পৰা মুক্ত কৰাটো হৈছে প্ৰাথমিক চৰ্ত। অন্ধবিশ্বাসত আকণ্ঠ নিমজ্জিত হৈ থকা সমাজে কেতিয়াও এক শক্তিশালী ৰাজনৈতিক সংগ্ৰাম গঢ়ি তুলিব নোৱাৰে। গতিকে, ৰাজনৈতিক আৰু সাংস্কৃতিক সংগ্ৰামক পৰস্পৰৰ পৰিপূৰক হিচাপে গণ্য কৰিলেহে সঠিক বাটৰ সন্ধান পোৱা যাব।

