অনুবাদগল্পনিবন্ধ

এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ; অনুবাদ : অৰুণ কুমাৰ শৰ্মা

নৱম অধ্যায়

(দ্বিতীয় অংশ)

আশ্চৰ্যকৰ হ’লেও সত্য যে, ছিংগাপুৰতো তেওঁ স্থানীয় কানিসেৱনকাৰীসকলৰ সৈতে একাকাৰ হৈ তেওঁলোকৰ চৰিত্ৰৰ সৈতে নিজকে বিলীন কৰি দিছিল। অৱশ্যে, এই সম্পৰ্কে পাছত তেওঁ তেওঁৰ বিতৃষ্ণা প্ৰকাশ কৰি নিলিখা নহয়; যদিও তেওঁ সৰ্বশেষত কেৱল ইউৰোপীয় সম্প্ৰদায়ৰ লগতহে এই নিচাযুক্ত দ্ৰব্যবিধ সেৱন কৰিবলৈ লৈছিল।

নেৰুডাৰ লেখনীসমূহত কানিৰ প্ৰভাৱ কিদৰে পৰিছিল, তাক সঠিককৈ কোৱাটো অসম্ভৱ। যদিও অধ্যাপক ফ্ৰেঞ্চিস্কো লীলে এই বিষয়ে গৱেষণা কৰি কৈছিল, “হয়, কানিয়ে তেওঁৰ দেহ আৰু ইন্দ্ৰিয়ক আচ্ছন্ন কৰাৰ উপৰিও তেওঁৰ উপলব্ধিৰ জগতখনকো এক অনন্য অনুভূতিৰ আলোকেৰে আলোকিত কৰাটো আমি তেওঁৰ কেইটিমান কবিতাত স্পষ্টকৈ দেখা পাওঁ।’’ তেওঁৰ মতে, “তেনে আলোকিত অন্তৰ্দৃষ্টিবোৰ কেতিয়াবা ভয়ংকৰ আৰু বিস্ময়কৰ ৰূপত প্ৰতিভাত হোৱা দেখা যায়।’’ কলেৰিজে বৰ্ণনা কৰামতে, “কানিৰ নিচাত নিচাগ্ৰস্ত বেছিভাগ সাহিত্যিকে নিচা আঁতৰি যোৱাৰ পাছতহে সেই বিষয়ে লিখা দেখা যায়। কিন্তু পাৰ্শ্বৱৰ্তী প্ৰতিক্ৰিয়াস্বৰূপে ৰাগীয়াল দ্ৰব্যবিধে সৃষ্টি কৰা আলস্য আৰু অন্যান্য উপসৰ্গৰ ফলত তেওঁলোকে অৰ্জা মাদকতাপূৰ্ণ অভিজ্ঞতাখিনিক হুবহুকৈ লিখিবলৈ অসমৰ্থ হয়।’’

তৎসত্ত্বেও, ক’বই লাগিব যে নেৰুডাই কিন্তু এই ক্ষেত্ৰত সফল হৈছিল। মানসিকভাৱে অসাৰ হ’লেও, আৱিৰ্ভূত অনুভূতি আৰু চিত্ৰকল্পবোৰক তেওঁ তেওঁৰ ফ্ৰেইমত বন্দী কৰি ৰাখি পাছত কাগজৰ পাতত মূৰ্ত কৰিব পাৰিছিল।

মৰতৰ আবাসৰ প্ৰথম খণ্ডত পাঁচটা কথাকবিতা আছে। কথাকবিতা হোৱা হেতুকে বহল পৰিসৰত তেওঁ দূৰৈৰ পৰা অৱলোকন কৰা সকলোকে অন্তৰ্ভুক্ত কৰাৰ সুযোগ পায়, আৰু কিতাপখনৰ ছন্দবদ্ধ ৰূপত লিখা কবিতাবোৰত অন্তৰ্মুখী পৰ্যৱেক্ষণবোৰ প্ৰকাশিত হোৱা দেখা যায়। তাৰে তিনিটা কবিতা কানি সম্পৰ্কীয় অভিজ্ঞতা আৰু পটভূমিকাৰে সমৃদ্ধ।

“নিশাচৰী চয়ন’’ কবিতাটোত পৃথিৱীত তেনেই নিসংগ হৈ পৰা বক্তাজনে “দেৱদূতৰূপী নিদ্ৰাদেৱতা’’ক লগ পায়। “তেওঁ মাহবোৰ জোকাৰি যোৱা বতাহ, ৰে’লৰ উকি।’’ “জোঙা ফলৰ সুবাসেৰে তেওঁ সুবাসিত’’, “দূৰত্বৰ পুনৰাবৃত্তিৰে তেওঁ, ধৰিব নোৱাৰা খেলিমেলি ৰঙৰ সুৰা।’’ দেৱদূত জনৰ বিশেষ “দ্ৰব্য’’বিধ হ’ল, “তেওঁৰ ভৱিষ্যদৰ্শী খাদ্য, যাৰ বিষয়ে তেওঁ কৃতনিশ্চয় হৈ প্ৰচাৰ কৰে।’’ অলপ আগতে উনুকিওৱা দ্ৰব্যবিধক সপ্তম স্তৱকত তেওঁ “আকাশৰ সোৱাদহীন ফল’’ বুলি উল্লেখ কৰিছে। হাৰ্ভাৰ্ডৰ তুলনামূলক সাহিত্যৰ অধ্যাপক ৰোনি কেণ্টৰে আঙুলিয়াই দিয়ামতে, এই চিত্ৰকল্পবোৰে “সূচোৱা ভোজ্য দ্ৰব্যবোৰ, টোপনিৰ মায়াজালৰ উৰ্দ্ধত সৃষ্ট, আৰু এয়া পৰিৱৰ্তিত চেতন মনৰ সৈতে সম্পৰ্কিত।’’ তাৰ উপৰি, বক্তাক দ্ৰব্যবোৰ প্ৰদান কৰা হৈছে ক’লা খাঙত, যিদৰে কানিৰ ৰজনবোৰক সাধাৰণতে ক’লা আৱৰণেৰে ঢাকি অনা হয়। একেটা শাৰীতে আমি দুটা বৈশিষ্ট্য লক্ষ্য কৰোঁ: “বিকচিনা লগা উশাহত তেওঁ চেঁকুৰে আৰু চুম্বনৰ দৰে তেওঁৰ খোজবোৰ।’’ শেষৰ ফালে, বক্তাজনে তেওঁৰ নিশাচৰী যাত্ৰাৰ সামৰণি মাৰে আৰু অন্যান্য কানি সেৱনকাৰীসকলৰ সৈতে সমূহীয়া ভিৰৰ মাজত আবিৰ্ভূত হয়, আৰু পাছ মুহূৰ্ততে তেওঁ দেৱদূতৰূপী নিদ্ৰাদেৱতাৰ কোলাৰ পৰা মুক্ত হৈ নগৰীমুৱা হয়, য’ৰ পৰা তেওঁ ইয়ালৈ আহিছিল।

“স্ববিৰোধী ভাবৰ প্ৰকাশ’’ত নেৰুডাই কানিৰ ৰাগীত বিভোৰ এজন ব্যক্তিৰ মনত উদয় হোৱা আনুষংগিক প্ৰতিবিম্ব আৰু চেতনাক মূৰ্ত কৰা পৰিলক্ষিত হয়। কবিতাটোত কবিয়ে সেই মুহূৰ্তত কানিৰ ধোঁৱাৰে আচ্ছন্ন স্বচ্ছ এখন জগতৰ আৱহাৱাক সংজ্ঞাবদ্ধ কৰিব বিচাৰিছে, যিখনক নিৰ্বাক আৰু নিশ্চল ৰূপত থকা সমৱেত শিল্পীবৃন্দই ঘেৰি ধৰিছে, আৰু য’ত চিমেণ্টৰ এখন নিৰ্জু আৰামীচকীয়ে তেওঁৰ হাড়বোৰ নপৰাকৈ ধৰি ৰাখিছে আৰু তাতেই তেওঁ ৰৈ আছে, “ব্যৰ্থকাম অভিযানৰ অৱহেলিত তেজৰ চেকা লগা সমৰসদৃশ কালৰ বাবে।’’

কানিৰ ৰাগীত লিখা “নিশাচৰী প্ৰতিষ্ঠান’’ হ’ল নেৰুডাৰ তৃতীয় কথাকবিতা। ইয়াত যি প্ৰতিষ্ঠানবোৰৰ কথা কোৱা হৈছে, সেইবোৰ পতিতালয় নতুবা পানশালা নহয়; কাঠৰ মজিয়াৰ স্বকীয় বৈশিষ্ট্যেৰে সেইবোৰ একো একোটা কানিৰ ঘাটি। অলংকৰণহীন সেইবোৰত নাই কোনো হাইহুই। (নেৰুডাই এই কবিতাবোৰত কেতিয়াও “কানি’’ শব্দটো ব্যৱহাৰ কৰা নাছিল।) “কুকুৰটোৰ দৰে, বৰ কষ্টেৰে মোৰ সম্বিৎ ঘূৰি আহিছিল, আৰু ময়ো চিৎকাৰ কৰিছিলোঁ,’’ এইদৰে প্ৰায় বোধন কৰাৰ মাজেদি কবিতাটো আগবাঢ়ে, আৰু তেওঁ মনতে কিবাকিবি জল্পনা-কল্পনা কৰাৰ প্ৰয়াস কৰি কানিৰ ঘাটিলৈ বুলি “নিষ্প্ৰাণ চেঁকুৰ’’ দিয়ে। বিভ্ৰান্তিকবলিত তেওঁ গাখীৰৰ দৰে বগা বৰণীয়া ধুঁৱলী-কুঁৱলীময় মানসিক অৱস্থাৰ পৰা ওলাই অহাৰ বাবে কিহবাৰ সহায় বিচাৰে।

সাধাৰণ এটি বাতাৱৰণক বুজাবলৈ পহিলাতে বিকৰ্ষণমূলক প্ৰতিবিম্ববোৰ উপস্থাপন কৰা হয়। বক্তা কবিক চৌপাশে আগুৰি ধৰা কানি সেৱনকাৰীসকলৰ আকৃতি জন্তুৰ দৰে, কিন্তু কুন্ধচ: “ৰাতিৰ স’তে অভ্যস্ত কিমান যে ভেকুলীয়ে, কণ্ঠ উজাৰি নাক বজাই টোৰটোৰোৱাই গান গাই আছে চল্লিশ বছৰীয়া মানুহৰ দৰে।’’ তেওঁ সিহঁতক নিয়োজিত কৰিব বিচাৰে, “যাতে সিহঁতে অভিজাত এজনৰ সংলাপ আওৰোৱাৰ দৰে নাওৰীয়া এজনৰ সংলাপো সমান দক্ষতাৰে আওৰাব পাৰে, জিৰাফৰ ছবি আঁকিব পাৰে, একৰ্ডিয়নৰ বৰ্ণনা দিব পাৰে আৰু মোৰ নগ্ন অধিষ্ঠাত্ৰী দেৱীবোৰক অৰ্চনা কৰিব পাৰে।’’ আৰু প্ৰতিদানস্বৰূপে তেওঁ সিহঁতক গৰিহণা দিয়ে। কিন্তু এনে বিভ্ৰান্তিবোৰৰ গভীৰতাৰ পৰা মুক্তিৰ কোনো উল্লেখ নাই: “ইমানসোপা মৃতকৰ বাবে শাওপাত, যিবোৰৰ চেহেৰাই নাই; শাওপাত দিছোঁ সুৰাসাৰ আৰু দুৰ্ভাগ্যই আহত কৰা ইমানবোৰক, আৰু শলাগৰ শৰাই যাচিছোঁ ৰাতিৰ প্ৰহৰীলৈ…. সৰগৰ বাচি থকা পূজাৰীলৈ।’’ ইয়াৰ পাছতে, অৰ্দ্ধচেতন অৱস্থাৰ পৰা মুক্ত হোৱা মাত্ৰকে, তেওঁ অন্যান্য কানি সেৱনকাৰীসকলৰ পৰা নিজকে সম্পূৰ্ণৰূপে পৃথক কৰিবলৈ চেষ্টা কৰে।

১৯৬৪ চনত নেৰুডাই ইছলা নেগ্ৰাত লিখা আত্মচৰিতমূলক কবিতাপুথিৰ “প্ৰাচ্যৰ কানি’’ নামৰ কবিতাত এছিয়াত থকাকালীন অনুভূতিৰ কাব্যিক অনুৰণন দেখা যায়, য’ত কানিয়েই হ’ল বিষয়বস্তু। এয়াতো কলেৰিজ আৰু বদলেয়াৰৰ ইউৰোপৰ মাদক দ্ৰব্য নহয়। উন্নত মানৰ এই কবিতাটো পাছত লিখিলেও, স্মৃতিকথাত আত্মগৌৰৱেৰে বিবৃত কৰাৰ দৰে তাহানিৰ সেই একে মানসিকতাৰ পৰিস্ফুৰণ দৃষ্টিগোচৰ হয়। তেওঁ কবিতাটোৰ পাতনি মেলিছিল এইদৰে: “মই জানিব বিচাৰিছিলোঁ। মই ভিতৰত প্ৰৱেশ কৰিছিলো….’’ নীৰৱতাই তেওঁক আশ্চৰ্য্য কৰিছিল। তাত মাথোঁ আছিল ধোঁৱাখোৱা নলীবোৰৰ কেৰকেৰণি শব্দ। “সেইবোৰৰ পৰা নিৰ্গত ‘গাখীৰৰ দৰে বগা ধোঁৱা’ই, ‘অপৰিসীম আনন্দ’ যোগাইছিল’’:

আফিং সোৰোপা আৰু সমাহিত আনন্দৰ ফুল, অনুভূতিহীন অথচ অবিমিশ্ৰ সক্ৰিয়তা ইয়াৰ। সকলো আছিল নিৰ্মল আৰু পৱিত্ৰ যেন লগা, প্ৰাণময় নোহোৱালৈকে সকলোবোৰ তেলৰ দৰে পিছল আৰু নিৰ্ভৰশীল, একোৱেই নোপোৰে, কোনোৱে নিচিঞৰে, যন্ত্ৰণাৰ কোনো থল নাই, আৰু খং তুলিবলৈও একো উদ্দীপক নাই।

সেই সময়ত পঞ্চাছ বছৰ বয়সত ভৰি দিয়া নেৰুডাই নিজকে সাম্যবাদৰ এজন প্ৰবক্তা হিচাপে প্ৰক্ষেপ কৰিবলৈ ধৰিছিল, আৰু তেতিয়াৰে পৰা তেওঁ আৰু তেওঁৰ কমৰেড সকলে বাস্তৱতাৰ পৰা পলায়নৰ আহিলা স্বৰূপে ব্যৱহাৰ কৰি থকা ৰাগীয়াল দ্ৰব্যবিধক পৰিহাৰ কৰিছিল। কিন্তু সেই বুলি নেৰুডাই, “জীয়াই থকাৰ একমাত্ৰ দ্ৰব্যস্বৰূপ, প্ৰাচ্যৰ কানিবিধ” কিদৰে তেওঁৰ জীৱনৰ অংগ হৈ পৰিছিল, তাৰ ব্যাখ্যা তেওঁ কোনোদিনে পৰিষ্কাৰকৈ আগনবঢ়ালে। তেতিয়া আৰোহণ কৰা সুউচ্চ ৰাজনৈতিক অৱস্থানে তেওঁক তেনে কৰাৰ পৰা বিৰত ৰাখিলেও, কানিক শোষণকাৰীৰ (সাম্ৰাজ্যবাদী) শোষণৰ আহিলা বুলি আদৰ্শায়িত কৰি ছন্দবদ্ধ ৰূপত কবিতা তেওঁ লিখিছিল এইদৰে:

মই নিপাতিত দৰিদ্ৰসকলক বিচাৰি গৈছিলোঁ,
পিয়ন, ৰিক্সাওৱালা বা বাগানৰ কুলি….
আঘাতে আঘাতে জৰ্জৰিত
সিহঁতৰ লগত মই,
মানৱসত্তাবিহীন সত্তা সিহঁত,
কেৱল দুভৰিৰ ওপৰত থিয় দিয়া সিহঁত একোটা বোজা কঢ়িওৱা পশু,
নিৰন্তৰ খোজ আৰু খোজ,
ঘাম আৰু ঘাম, গেবাৰি খাটনেৰে ঘৰ্মাক্ত সিহঁতৰ দেহ,
দেহেৰে তেজ নিগৰে,
সত্তাবিহীন সিহঁত
অকলশৰে ইয়াত,
অকলশৰে
সিহঁতৰ ক্ষুধাৰে, প্ৰতিজনে
“কিনিছিল/ সন্তোষ লভাৰ অস্পষ্ট অধিকাৰ।” “ওৰে জীৱন এই সুখ বা
সন্তোষ বিচাৰি,” সিহঁত অন্তিম পৰত
“বিশ্ৰামৰত”, “ভাগ্যক ধিয়াই”।

১৯৬০ৰ ভাগত তেওঁৰ মনত এনে সংস্কাৰকামী চিন্তাচেতনা উদয় হোৱাৰ মূলতে আছিল কাৰ্ল মাৰ্ক্সৰ সেই বিখ্যাত উক্তি, “ধৰ্ম হ’ল… জনগণৰ বাবে আফিংস্বৰূপ।” কাৰ্ল মাৰ্ক্সৰ এই উক্তিটোকে জোৰ দি তেওঁ কৈছিল: “ৰহণ লগাই কোৱাৰ দৰে, কানি নামৰ এই আচহুৱা বস্তুবিধ স্বৰ্গ নহয়, বৰঞ্চ ই শোষিতসকলৰ বাবে পলায়নৰ ৰাস্তা।”

যদিও, নেৰুডাই পাছৰ কালত কানিৰ ঘাটিত লগ পোৱা শোষিত মানুহখিনিৰ দুখ-কষ্ট নিৰাময়ৰ বাবে নেতৃত্ব দি যুঁজিছিল—“যিসকলে দিনৰ দিনটো ৰিক্সা টানিছিল”—সেই একেখিনি মানুহকে তেওঁ কিন্তু ১৯২০ চনত নেতৃত্ব দিয়াৰ কথা ভবা নাছিল। তেতিয়া তেওঁ নাৰীসকলকো কেৱল কামনা চৰিতাৰ্থ কৰাৰ আহিলা হিচাপেহে দেখিছিল, আৰু লগুৱাবোৰকো ‘উঠ বুলিলে উঠ’ আৰু ‘বহ বুলিলে বহ’ৰ দৰে চাবি দিয়া পুতলা বুলি ভাবিছিল, তেওঁৰ ভাষাত যেতিয়া “প্ৰতি দহ মিনিটৰ মূৰে মূৰে আহি ৰত্নাইৰ দৰে লগুৱাই মোৰ মদৰ গিলাচটো পূৰ কৰি দিছিল।” “শোষিতসকলৰ বাবে পলায়নৰ ৰাস্তা” এই ধৰণৰ মন্তব্যৰ পাছতো, তেওঁ লক্ষ্য কৰিছিল যে, ইউৰোপীয় সাহিত্যই ৰহণ সানি কোৱাৰ দৰে কানি সেৱনকাৰীসকলৰ অৱস্থা স্বৰ্গৰাজ্যত থকাৰ লেখীয়া নহয়, তেওঁলোক যে কেৱল দুখীয়া, তেনে নহয়, তেওঁলোক “হতভগীয়া একোটা ভূতৰ দৰে।” তাৰ পাছত তেওঁ একেটো পেৰেগ্ৰাফতে লিখিছিল: “কানিৰ ঘাটিত ফুল বচা গাদী বা গাৰু নাছিল, সামান্যতম বিলাসিতা বুলিবলৈও একো নাছিল… ৰমকজমক কৰা একোৱেই নাছিল, আনকি ধোঁৱাখোৱাসকলৰ মুদো মুদো চকুবোৰো আছিল নিষ্প্ৰভ।”

ইপিনে প্ৰাচ্যৰ ভৌতিকতাবাদ সম্পৰ্কেও তেওঁৰ অভিজ্ঞতা আমনিদায়ক পৰ্য্যায়ত উপনীত হৈছিল। অনুসন্ধিৎসু মনৰ এজন বুদ্ধিজীৱী হিচাপে, নিৰ্বাণ অথবা মোক্ষ লাভক দুখ-কষ্টৰ পৰা মুক্তি লভাৰ পথস্বৰূপে গ্ৰহণ কৰা, বৌদ্ধ দৰ্শনৰ জগতখনত তেওঁ প্ৰৱেশ কৰিছিল যদিও, ইয়ে তেওঁক আত্মিক আৰু মানসিক হতাশাৰ পৰা মুক্ত কৰিব পৰা নাছিল। তেওঁ বুদ্ধৰ জীৱন আৰু দৰ্শন সম্পৰ্কে খৰচি মাৰি অধ্যয়ন কৰিছিল। ব্ৰহ্মদেশত থকা কালত তেওঁ তাৰ আকৰ্ষণীয় প্ৰাচীন পাগান নগৰী দৰ্শন কৰিবলৈ গৈছিল, য’ত তেওঁ থূপতে থকা, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বুদ্ধমন্দিৰ আৰু কীৰ্তিস্তম্ভ দেখিবলৈ পাইছিল। লা নেশ্বনত লিখা ধাৰা বিবৰণীমতে, শ্ৰীলংকাত তেওঁ জঙ্ঘলে জংঘলে ভ্ৰমণ কৰি “ৰহস্যেৰে ভৰপূৰ, বুদ্ধ যুগৰ সিংহলী পাঁচখন নগৰ দৰ্শন কৰিছিল।” অনুৰাধাপুৰাত পূৰ্ণিমাৰ ফৰকাল ৰাতি, ছায়ামূৰ্তিৰ দৰে প্ৰকাণ্ড প্ৰকাণ্ড পেগোদাবোৰ দেখি তেওঁ তন্ময় হৈছিল। তেওঁ তাত “বুদ্ধধৰ্মী লোকসকলক আঁঠু কাঢ়ি প্ৰণাম কৰা দেখিছিল, যিসকলৰ সিংহলী ওঁঠে ওঁঠে আছিল বুদ্ধৰ বচন।” ইয়ান্দিলৈ পত্ৰযোগে তেওঁ লিখিছিল, “মোক চাৰিওপিনে বেৰি আছে হাজাৰ-নিযুতৰ দৰে অসংখ্য গৌতম বুদ্ধৰ প্ৰতিকৃতিয়ে, যিবোৰ হাতীৰ দাঁত, এলেবেষ্টাৰ আৰু কাঠেৰে তৈয়াৰী; প্ৰতিটো পেগোদাতে এইবোৰ ভৰি আছে, কিন্তু ভোকাতুৰ বুদ্ধৰ ফটোখনেহে মোক বেছিকৈ বিচলিত কৰিছে।” এই বুলি তেওঁ ইয়াৰ ফটো এখন ইয়ান্দিলৈ পঠিয়াইছিল।

বৌদ্ধ মতবাদৰ বিভিন্ন দিশে তেওঁক আকৰ্ষণ কৰিছিল যদিও একে সময়তে এই মতবাদে তেওঁৰ সম্মুখত প্ৰত্যাহ্বানো থিয় কৰাইছিল। এই প্ৰসংগত, সাক্ষাৎকাৰী এজনক তেওঁ বহু বছৰ পাছত কৈছিল যে, তেওঁৰ মাক আছিল ভক্তিপৰায়ণ আৰু দেউতাক আছিল নাস্তিক, আৰু এই দুই ধৰণৰ নিমিলা অংকই, কৌতূহলী আৰু সন্দিগ্ধ কৰা তেওঁক, অতীন্দ্ৰিয়বাদক বুজিবলৈ সহায় কৰিছিল। নিশ্চিতভাৱে, বুদ্ধ দৰ্শন আৰু ইয়াৰ প্ৰায়োগিকতা সম্পৰ্কে নিষ্ঠা সহকাৰে কৰা প্ৰয়াসৰ প্ৰতিফলন তেওঁৰ ৰচনাতো মূৰ্তিমান হোৱা দেখা পাওঁ। ১৯২৯ চনৰ শেষৰফালে, সম্ভৱতঃ কলম্বোত লিখা “ইয়াৰ অৰ্থ ছাঁ” নামৰ কবিতাটো এই ক্ষেত্ৰত উল্লেখযোগ্য। তত্ত্বগত ফালৰ পৰা গধুৰ আৰু মনোমোহা কবিতাটোত তেওঁ বৌদ্ধ দৰ্শনৰ জন্ম আৰু পুনৰ্জন্মৰ নিৰৱচ্ছিন্ন চক্ৰাকাৰ ধাৰণাটোক সুন্দৰকৈ প্ৰতিষ্ঠিত কৰা দেখা যায়, যিয়ে পশ্চিমীয়াসকলক মুগ্ধ নকৰাকৈ নাথাকিব।

কবিতাটোত, বক্তাজনে পুনৰ্জন্মৰ আৱৰ্তনচক্ৰৰ মহিমাত বিভোৰ হৈ, তেওঁৰ “চিৰন্তন নিৰাপত্তাৰ বাবে বাহুমূলত গুজি লৈছিল সপোনপুৰীৰ মনোমোহা দেৱদূতৰ সঞ্জীৱনী, বেগী ডেউকা:”

তেওঁৰ জন্মৰ আগতে অতীতৰ গভীৰলৈ উভতি যোৱাৰ এয়া এক আৱৰ্তনচক্ৰ, আৰু এতিয়া তেওঁ দেৱদূতৰ সৈতে চিৰশাশ্বত অৱস্থালৈ অগ্ৰসৰ হৈছে। তেওঁ পাছত লিখামতে, তেওঁ তেওঁৰ “সেই নিগূঢ় ঠাইখিনিৰ” বাবে “আৰক্ষণ” বিচাৰিছে যাতে সেইখন অনন্ত কাললৈ টিকি থাকে। পিছে, ব্যক্তিগতভাৱে থিয় কৰোৱা তেওঁৰ এই ধাৰণা প্ৰকৃত বৌদ্ধ দৰ্শনৰ সৈতে বৈপৰীত্যতাৰে ভৰা। কাৰণ, বৌদ্ধ দৰ্শনে আৱৰ্তনচক্ৰৰ ফান্দত ভৰি দিয়াৰ সলনি, মুক্তি আৰু নিৰ্বাণ লাভৰ ওপৰতহে গুৰুত্ব দিয়ে।

নেৰুডাৰ জীৱনৰ এই সময়ছোৱাত দুখ-যন্ত্ৰণাই আছিল তেওঁৰ একমাত্ৰ অন্তৰ্বস্তু, আৰু তেওঁৰ এই যন্ত্ৰণা আছিল আত্মস্বাৰ্থ চৰিতাৰ্থ কৰাৰ যন্ত্ৰণা। বৌদ্ধ দৰ্শনে দুখ-যন্ত্ৰণা নিৰাময়ৰ বাবে লালসাৰ পৰা মুক্ত হোৱাটো বিচাৰে। উদাহৰণস্বৰূপে, নেৰুডাই সুদূৰ অতীতৰ পুৱেৰ্তো ছেভিদ্ৰাৰ দিনবোৰৰ হা-হুতাশকে মন্থন কৰি আছিল—তাতে যোগ দিছিল এলবেৰ্টিনাৰ প্ৰতি থকা অনুৰাগ। গতিকে, বুদ্ধৰ দৰ্শন তেনে এজন ব্যক্তিৰ বাবে অভিসম্পাতস্বৰূপ হোৱাটোৱেই স্বাভাৱিক, যিজনে তেওঁৰ কামনা-বাসনা আৰু তদজনিত যন্ত্ৰণাক পৰিহাৰ কৰিব নুখুজি, তাতেই লেটি খাই থাকিব বিচাৰে। বৌদ্ধ দৰ্শনৰ মতে এইবোৰক পৰিহাৰ কৰিব নোৱাৰাটো মুক্তি আৰু নিৰ্বাণৰ ক্ষেত্ৰত হেঙাৰ হোৱাৰ উপৰিও, ই মৃত্যুতুল্য। তেওঁ উপলব্ধি কৰিছিল যে, বুদ্ধৰ মতবাদ মনোমুগ্ধকৰ হ’লেও, ই আছিল তেওঁৰ চৰিত্ৰৰ লগত খাপ নোখোৱা বিধৰ, প্ৰায় বৈপৰীত্যৰে ভৰা।

উদাহৰণস্বৰূপে, তেওঁৰ “ইয়াৰ অৰ্থ ছাঁ” নামৰ চতুষ্পদী কবিতাটোৰ তৃতীয় স্তৱকটোত তেওঁ তাকেই প্ৰকাশ কৰিছে অতি প্ৰাঞ্জলভাৱে:

মই যিদৰে বৰ্তি আছোঁ কিম্বা বৰ্তি থকা নাই,
ঠিক সেইদৰেই মোক থাকিব দিয়া
আৰু মোৰ আনুগত্যক তেনে লৌহ-কঠিন অৱস্থাৰে সংৰেখিত কৰা,
যাতে জন্ম-মৃত্যুৰ আলোড়ণে প্ৰকম্পিত নকৰে সেই নিবিড়তাক,
যাক মই মোৰ বাবে সংৰক্ষিত কৰিব বিচাৰোঁ, অনন্ত কালৰ বাবে।

বৌদ্ধ দৰ্শনৰ মতে, নেৰুডাৰ কবিতাফাঁকিৰ শেষৰ শাৰীত লুকাই আছে তেওঁৰ সমস্যাৰ জটিলতা। নেৰুডাই অনন্ত সত্তাৰ হকে ওকালতি কৰে, অথচ বৌদ্ধ মতবাদ অনুযায়ী একোৱেই শাশ্বত নহয়। আনহাতে, সংযোজক হিচাপে কবিতাটোৰ শেষ শাৰীত উল্লেখিত প্ৰাৰ্থনাই, বুদ্ধই প্ৰচাৰ কৰা মতবাদৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰা পৰিলক্ষিত হয়। আত্মপ্ৰত্যয়েৰে তেওঁ তেওঁৰ অহমিকাকে সাৰোগত কৰি আগবঢ়ি যোৱাৰ সিদ্ধান্ত লয়। নাৰী, অগতানুগতিকতা আৰু কানিৰ ক্ষেত্ৰত লভা ব্যৰ্থ অভিজ্ঞতাৰ দৰে, বৌদ্ধ মতবাদো তেওঁৰ বাবে মূল্যহীন প্ৰতিপন্ন হয়। তেওঁ বিচৰাটো ইয়াত নোপোৱা বাবে অপ্ৰয়োজনীয় ইয়াক তেওঁ পথৰ দাঁতিলৈ দলিয়াই দিয়ে।

১৯৬৪ চনত নেৰুডাই এজন নিৰীশ্বৰবাদী আৰু সমাজবাদৰ উচ্চনিনাদী প্ৰবক্তাস্বৰূপে “প্ৰাচ্যৰ ধৰ্ম’’ নামেৰে এটি কবিতা লিখে।  কবিতাটোৰ কেইটিমান শাৰী এনেকুৱা:

ৰেংগুনত তেওঁ উপলব্ধি কৰিছিল যে, ঈশ্বৰ বুলিলে যাক বুজায়,
তেওঁ আপাদমস্তক
হতভাগা মানুহৰ শত্ৰু।
…………
জন্মাবধি হিংস্ৰ
কুণ্ডলী পকোৱা সৰ্পদেৱতাবোৰ,
অনন্ত শূন্যতাৰ
ককটেইল পাৰ্টিত হাঁহি থকা
নাঙঠ আৰু মনোৰম বুদ্ধবোৰ।

ভয়ানকভাৱে ক্ৰছবিদ্ধ যিশুৰ দৰে,
সকলোৱে যি মন যায় কৰিব পাৰে,
ক্ষতবিক্ষত অথবা ভয়ংকৰ
এই সকলে জাপি দিব পাৰে
তেওঁলোকৰ সৰগ
আমাৰ ওপৰত।
……….

নিজৰ কাপুৰুষালি ঢাকাৰ বাবে
মানুহে নিৰ্মাণ কৰা ভয় লগা দেৱতাবোৰ,
……………………
পূতিগন্ধি সৰগ আৰু সৰগীয়
দ্ৰব্যেৰে ভৰপূৰ সমগ্ৰ ধৰা।

১৯২৯ চনটো নেৰুডাৰ বাবে আছিল নিৰন্তৰ পৰিৱৰ্তনৰ বছৰ, আৰু শ্ৰীলংকাত কটোৱা এই কালছোৱাই আছিল তেওঁৰ বাবে আটাইতকৈ বিভ্ৰান্তিকৰ। এই বিষয়ে ভৰ বাৰিষা কালত ইয়ান্দিলৈ লিখা চিঠিত তেওঁ লিখিছিল, “কেতিয়াবা ইয়াত ভাল লাগে ঠিকেই, পিছে ভয়ংকৰ দৈত্যৰ দৰে ইয়াৰ নিৰলতা।’’

ধুমুহাই মুষলধাৰে বৰষি আঘাত কৰিছিল তেওঁৰ মনোজগতক। “পানী আৰু পানী, ক্ষান্ত হ’ব নোখোজা পানী… দুষ্ট সেমেকা জলবায়ুয়ে মোক হাড়লৈকে বিন্ধে’’: “ক্ৰান্তীয় অঞ্চলৰ বাবে বৰ দুখজনক এই সময়।’’ বৰষুণ দিলেই তেওঁ পঢ়িবলৈ লৈছিল। ইয়ান্দিয়ে পঠোৱা আৰ্জেণ্টিনাৰ আলোচনী ’লছ হোগাৰেছ’ পঢ়াৰ লগতে তেওঁ ৱেণ্ডটৰ পৰা ধাৰলৈ অনা ইংৰাজী উপন্যাসবোৰ পঢ়িছিল।

হেঁচুকি ধৰা অশান্তিকৰ নিসংগতাৰ বিষয়ে তেওঁ লিখিছিল:

“(এটি) সেমেকা কোঠাৰ ভিতৰত মই, ইয়ে মোক জৰ্জৰিত কৰে, কাৰণ সৰু সৰু ক্ষতবোৰ ডাঙৰ হ’ব ধৰে: ৰক্তক্ষয় বন্ধ কৰা টান হৈ পৰে, আৰু এই ৰক্তক্ষৰণ আত্মালৈকে বিয়পে। যোৱাৰাতিৰ প্ৰচণ্ড ধুমুহা-বৰষুণত মোৰ ঘৰটো পানীৰে ভৰি পৰিছিল, আৰু ভয়ানক বজ্ৰপাতৰ আঘাতত মোৰ ঘৰৰ কাষৰ বাৰীৰ দুডাল নাৰিকল গছ বাগৰি পৰিছিল। কিন্তু আজি কি যে সুন্দৰ আৰু সতেজ দিন, সেউজীয়া আৰু স্বচ্ছ: প্ৰশান্ত নীলা ৰং সাৱটি সাগৰখন স্পষ্ট ৰূপত জিলিকি উঠিছে।’’

শেষৰ বাক্যটোৱে সূচায় যে, মনোজাগতিক ৰক্তক্ষৰণৰ পৰা তেওঁ যেন সাময়িকভাৱে সকাহ পাইছে, আৰু আশাবাদে তেওঁৰ মুখ পোহৰাই তুলিছে। তেওঁ নিজকে ক্ৰমাৎ মুকলি কৰিবলৈ লৈছিল যদিও শ্ৰীলংকাৰ জীৱন তেওঁৰ বাবে বৰ দুৰ্বিসহ হৈ পৰিছিল; ইয়াৰ ’মৃত্যুসম অলস’ জীৱন তেওঁৰ বাবে উদ্বেগৰ কাৰণ হৈ দেখা দিছিল। সৌভাগ্যৱশতঃ ভাল খবৰ এটি আহিছিল। সেয়া আছিল তেওঁৰ বদলিৰ নিৰ্দেশ—ছিংগাপুৰলৈ, যিখন দেশ ইয়াতোকৈ বহু বেছি সাৰ্বজনীন আৰু জাভাৰ দৰে সমানে আকৰ্ষণীয়। উৎফুল্লিত নেৰুডাই ইয়ান্দিলৈ লিখিছিল, “মোৰ দুখ-বেদনাৰ উপশম ঘটিব ধৰিছে।’’

এনে লাগিছিল, নেৰুডাই যেন কেনেবাকৈ ১৯২০ চনৰ দৰে এক নিৰুদ্যম অৱস্থাৰ পৰা ওলাই আহিব পাৰিছিল।

**ৱেলেৱাত্তা, শ্ৰীলংকা, ২৭ ফেব্ৰুৱাৰী, ১৯৩০:**

কলিকতাৰ বাণিজ্য দূত প্ৰধানজনে মোক ছিংগাপুৰ আৰু জাভাত নিযুক্তিৰ বাবে অনুমোদন জনাই চিলিৰ ঊৰ্ধতন কৰ্তৃপক্ষলৈ লিখিছে। স্বাভাৱিকতে, এই সংবাদ পাই মই আনন্দত মতলীয়া হওঁ—অৱশ্যে পেটছি বা তাইৰ দৰে ছোৱালীৰ বাবে নহয়, কাৰণ ইতিমধ্যে মই মোৰ ভাঙি পৰা স্বাস্থ্য উদ্ধাৰ কৰিব পাৰিছোঁ, আৰু মোৰ ছালখন এতিয়াও চালুকীয়া হৈয়েই আছে। আনন্দৰ আতিশয্যত মই ৰাতিপুৱাই অকলশৰে সাগৰৰ তীৰৰ বালিত ভৰি দুখন মেলি লৈ বহোঁ, আৰু মহানন্দে ইয়ান্দি-ইয়ান্দিকৈ চিঞৰোঁ। মোৰ কি হ’ল বুলি ভাবি মাছমৰীয়াসকলে আচৰিত হৈ মোৰ পিনে চায়; মই বহাৰ পৰা একে জাঁপে উঠি গৈ তেওঁলোকক জাল মেলি মাছ ধৰাত সহায় কৰোঁ।

হয়, অৱশেষত নেৰুডাই জ্বলন্ত অগ্নিকুণ্ডৰ পৰা ওলাই আহিব পৰিছিল। ১৯৩০ চনৰ জুলাইৰ প্ৰথম ভাগত, নেৰুডাই এবুকু সুখানুভূতি লৈ নতুন পদবীত যোগ দিয়াৰ বাবে ছিংগাপুৰলৈ যাত্ৰা কৰিছিল, আৰু এই যাত্ৰাৰ সংগী আছিল তেওঁৰ ভাষাত—”মোৰ শ্ৰীলংকাৰ ল’ৰা, মোৰ মৰমৰ লগুৱা, দম ব্ৰাম্পী”। এইখিনিতে পৰিষ্কাৰ কৰা ভাল যে, কোনো এটা সময়ত পূৰ্বতে উল্লেখ কৰা তেওঁৰ লগুৱা ৰত্নাইয়ে নাম সলাই হৈছিল ব্ৰাম্পী। বাণিজ্য দূতগৰাকীয়ে তেওঁৰ লগত অনা অন্যতম প্ৰাণীটো আছিল তেওঁৰ “প্ৰিয়তম বন্ধু”, এটি কেৰ্কেটুৱা। ছিংগাপুৰ পাই তেওঁ পোনে পোনে গৈ পৃথিৱী-বিখ্যাত ৰাফেল হোটেলত উঠিছিল। কাপোৰ এসোপা ধুবলৈ যো-জা কৰোঁতে তেওঁ স্তম্ভিত হৈ জানিব পাৰিছিল যে, এসময়ত ছিংগাপুৰত বাণিজ্য দূতাবাস আছিল যদিও এতিয়া নাই। তেওঁ লৰালৰিকৈ ভিজোৱা কাপোৰবোৰ মোনাত ভৰাই বন্দৰলৈ দৌৰ দিছিল, আৰু ভাগ্যক্ৰমে ৰৈ থকা কলম্বোৰ পৰা অহা জাহাজখনতে জাভা দ্বীপপুঞ্জৰ বাটাভিয়ালৈ বুলি যাত্ৰা কৰিছিল। তেওঁ ধৰি লৈছিল যে, যিহেতু ছিংগাপুৰত এই দূতাবাস নাই, ই নিশ্চয় বাটাভিয়াৰ পৰাই কাম কৰি আছে। তেওঁৰ ভবা কথাই সঠিক আছিল। জাভা দ্বীপপুঞ্জৰ উত্তৰ-পশ্চিম প্ৰান্তত বাটাভিয়া অৱস্থিত।

ইয়াৰ বৰ্তমান নাম জাকাৰ্টা, ইন্দোনেছিয়াৰ ৰাজধানীৰূপে পৰিচিত। যিয়েই নহওঁক, ইয়াত কামত যোগ দিয়াৰ পাছত নেৰুডাই লাহে লাহে সেই সময়ত বাটাভিয়াৰ শাসনত থকা ওলণ্ডাজ ঔপনিৱেশিকবাদী সম্ভ্ৰান্ত পৰিয়ালৰ জীৱনযাত্ৰাৰ সৈতে পৰিচিত হ’বলৈ লৈছিল। টেনিছ খেলৰ লগত কোনো সম্পৰ্ক নথকা স্বত্ত্বেও, এনে খেল উপভোগ কৰিবলৈ যাওঁতে মেৰিয়া এণ্টোনিয়েতো হাগেনাৰ নামৰ এজনী মোহনীয়া ছোৱালীৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল। মাকদেউতাকৰ লগত থকা তাইক নেৰুডাই মৰমতে মাৰুকা বুলি মাতিছিল, আৰু অৱলীলাক্ৰমে নেৰুডাই তেওঁৰ সামাজিকভাৱে আৱশ্যকীয় চৰ্ত পূৰণ কৰিব পৰা উল্লেখিত ছোৱালীজনীৰ সৈতে প্ৰণয়পাশত আবদ্ধ হৈছিল। বিবাহযোগ্যা তাই আছিল ইউৰোপীয় বংশোদ্ভুত। সম্ভৱতঃ সমগোত্ৰীয়তাৰ অনুৰাগে তাইকো তেওঁৰ প্ৰতি চঞ্চল কৰি তুলিছিল। অন্ধ প্ৰেমৰ তৎপৰ অনুৰাগেৰে তাই তেঁওক দেখা মাত্ৰেই ভাল পাই পেলাইছিল। টেনিছ কোৰ্টতেই হওক, অথবা বজাৰ-সমাৰ কিম্বা কুঞ্জবনতেই হওক, তেওঁলোকে অৱসৰ-বিনোদনৰ মাজেৰে তেওঁলোকৰ প্ৰেম-পিৰীতিক গভীৰ কৰিবলৈ যথেষ্ট সময় পাইছিল।

১৯৩১ চনৰ একত্ৰিশ জানুৱাৰী তাৰিখে, নেৰুডাই পোষ্টকাৰ্ডযোগে লিখি ইয়ান্দিক জনাইছিল:
“মৰমৰ বন্ধু, মই আৰু এতিয়া অকলশৰীয়া নহয়! এমাহ আগতে মই বিবাহপাশত আবদ্ধ হ’লোঁ।’’তেওঁলোকৰ বিয়া হৈছিল ১৯৩০ চনৰ ছয় ডিচেম্বৰ তাৰিখে, টেনিছ কোৰ্টত দেখাদেখি হোৱাৰ ছমাহৰ মূৰত।

বিয়াৰ এসপ্তাহ পাছত, এইমৰ্মে তেওঁ দেউতাকক জনাই লিখিছিল যে, তেওঁৰ পত্নী “এক বিশিষ্ট পৰিয়ালৰ’’ আৰু “আমি আশা কৰাতকৈ আগেয়ে হঠাৎ বিয়াখন পাতিবলগীয়া হোৱাত আপোনাৰ সন্মতিলৈ বাট চাব নোৱাৰিলোঁ।’’ নেৰুডাই দেউতাকক তুষ্ট কৰাৰ কাৰণে আৰু লিখিছিল:
“এতিয়াৰ পৰা তোমাৰ পুত্ৰ সুদূৰৈত অকলে থকা বুলি তুমি আৰু চিন্তা কৰি থাকিব নালাগে। সম্প্ৰতি চিৰদিনৰ নিমিত্তে মোক চোৱাচিতা কৰিবলৈ অন্ততঃ এজন আছে।’’ তেওঁ আৰু লিখিছিল: “বুজাপৰাৰ ক্ষেত্ৰত সকলোফালৰ পৰা নিখুঁত তাই, আৰু সেয়েহে আমি বৰ সুখী।’’ ইয়াৰ উপৰি তেওঁ দেউতাকক জনাইছিল: “তাই স্পেনিছ ভাষা নাজানে আৰু ময়ো ডাচ্চ (ওলন্দাজ) ভাষা নাজানো। সেয়েহে আমি ইংৰাজীতেই সুন্দৰকৈ কথাবতৰা পাতোঁ।’’

নেৰুডাই তেওঁৰ প্ৰিয় বন্ধু এঞ্জেল ক্ৰুচাগা ছান্টা মাৰিয়ালৈ (যিজনে পাছত এলবেৰ্টিনাক বিয়া কৰাইছিল) লিখিছিল: “মই বিয়া কৰালোঁ। অনুগ্ৰহ কৰি মোৰ স্ত্ৰীৰ ফটোখন প্ৰকৃত ৰূপত ’যিগযেগ’ পত্ৰিকাত ছপোৱাৰ বন্দৱস্ত কৰিবা। এয়া মাৰুকাক সন্তুষ্ট কৰাৰ বাবে কৰিছোঁ বুলি নাভাবিবা। তাই ইতিমধ্যে তোমালোকৰ বিষয়ে সকলো জানি লৈছে…. ফটোটো ’যিগযেগ’ত ছপা হৈ ওলালেই, মোলৈ আলোচনীখনৰ দুটা কপি পঠিয়াবা। কিন্তু নাপাহৰিবা, আমাৰ ঘৰুৱা শান্তি যাতে বিঘ্নিত নহয়, তাৰ প্ৰতি চকু দি ন্যস্ত কামটো নিয়াৰিকৈ কৰিবা বুলি আশা ৰাখিলোঁ। অধীৰ আগ্ৰহেৰে বাট চাই ৰ’লোঁ। তোমাৰ বন্ধু, পাবলো নেৰুডা’’

সুন্দৰ পাভযোৰাৰে নকৈ বিবাহিত দম্পতীৰ যুগ্ম জীৱন আৰম্ভ হৈছিল।

বিবাহিত জীৱনৰ দহ মাহ পাছত, ১৯৩১ চনৰ ছেপ্তেম্বৰৰ পাঁচ তাৰিখে, নেৰুডাই তেওঁৰ বিবাহিত জীৱনৰ বিষয়ে ইয়ান্দিলৈ বিবৰিবলৈ গৈ আৰম্ভণিতে লিখিছিল:
“মই মোৰ ওলণ্ডাজ পত্নীৰ সৈতে ‘চৰম সুখ আৰু অপাৰ শান্তিৰে’ জীৱন যাপন কৰি আছোঁ, যদিও দুয়োৰো অভিৰুচি বেলেগ। মই পঢ়োঁ, আৰু তেওঁ গোঁঠে। আমি এটি সৰু পঁজাঘৰত থাকিবলৈ লৈছোঁ। ইপিনে মোৰ বাণিজ্যদূতৰ জীৱন—এক নৰকৰ জীৱন, সকলো সময়তে কূটনৈতিক কাম-কাজ, আহাৰ, ডিনাৰ-জেকেট, টেইলকোট, আনুষ্ঠানিক পোছাক, ইউনিফৰ্ম, নাচ-গান, কক্‌টেইল লৈ ব্যস্ত।’’

মাজেসময়ে নৱদম্পতীয়ে গাড়ীত থাৰ্মফ্লাক্স, ফৰাচী ব্ৰেণ্ডি আৰু কিতাপ ভৰাই পৰ্বত অথবা উপকূলৰ পিনে অৱসৰ বিনোদনৰ বাবে গৈছিল, আৰু সেই আপাহতে সুমাত্ৰাৰ “ক’লা দ্বীপপুঞ্জ’’, নহয়তো সমুদ্ৰগৰ্ভৰ ক্ৰাক্ৰাতো আগ্নেয়গিৰিৰ সৌন্দৰ্য উপভোগ কৰিছিল। নেৰুডাৰ ভাষাত:
“আমি ছেণ্ডউইচ্চ আৰু পানীয় গ্ৰহণ কৰি ওভতোঁ। মই লিখামেলা নকৰোঁ…. এই দেশৰ দিনবোৰচোন কিবা একে একে লগা। সময় অতিবাহিত কৰোঁ কিতাপ পঢ়ি, নহয়তো ফিল্ম চাই।’’

এইখিনিতে মন কৰিবলগীয়া যে, নেৰুডাই কেতিয়াও মাৰুকাক উপলক্ষ কৰি কোনো কবিতা লিখা নাছিল। তেওঁৰ ‘স্মৃতিকথা’ৰ এটি পৃষ্ঠাতহে মাৰুকাৰ উল্লেখ থকা দেখা যায়, সিও কেৱল সামৰা হৈছে, বন্ধনীৰ মাজত থকা এটা পেৰেগ্ৰাফতে। তেওঁ লিখিছিল:
“মই এজনী ক্ৰেওল ছোৱালীক লগ পাইছিলোঁ, স্পষ্টকৈ ক’বলৈ হ’লে তাই আছিল মলয় তেজ থকা এজনী ওলণ্ডাজ ছোৱালী। তাইক মোৰ বৰ ভাল লাগিছিল। তাই ওখ-পাখ আৰু ভদ্ৰ আছিল, কিন্তু সাহিত্য-কলা সম্পৰ্কে তাইৰ কোনো ধাৰণা নাছিল।’’

ইয়াৰ পাছত তেওঁ, পাল মাৰা ধৰণে, দুই কি তিনিটা বাক্যত বাহিৰে যেন তেওঁৰ বিষয়ে লিখিবলৈ একোৱেই নাই এনে ভাৱ দেখুৱাই তলৰ পেৰেগ্ৰাফটো সন্নিবিষ্ট কৰি সামৰিছিল:

(কিছু বছৰ পাছত, মোৰ জীৱনীকাৰ আৰু বান্ধৱী মাৰ্গাৰিতা এগুইৰেই এই সম্পৰ্কে লিখিছিল:
“নেৰুডাই ১৯৩২ চনত চিলিলৈ উভতি আহিছিল আৰু ইয়াৰ দুবছৰ আগতে, বাটাভিয়াত, তেওঁ মাৰিয়া এণ্টোনিয়েতো হাগেনাৰ নামৰ ওলণ্ডাজ ছোৱালী এজনীক বিয়া কৰাইছিল। ছোৱালীজনী আছিল জাভাৰ বাসিন্দা। এগৰাকী বাণিজ্যদূতৰ সৈতে বিয়া হ’বলৈ পাই তাই গৌৰৱবোধ কৰিছিল আৰু দক্ষিণ আমেৰিকা সম্পৰ্কে অদ্ভুত ধাৰণা আছিল। তাই স্পেনিছ ভাষা জনা নাছিল। শিকোঁতে কষ্ট হৈছিল যদিও, তাই এই ভাষা শিকিবলৈ লৈছিল। এইবোৰ স্বত্তেও, নেৰুডাৰ প্ৰতি তাইৰ অনুৰাগৰ অন্ত নাছিল আৰু তেওঁলোক দুয়ো সদায় মিলাপ্ৰীতিৰে আছিল। নেৰুডাই মৰমতে মাৰুকা বুলি মাতা তাই আছিল বেচ ওখপাখ, সহজসৰল আৰু অনাড়ম্বৰ।’’)

এইদৰে চিঠি-পত্ৰেৰে তেওঁলোকৰ বিবাহ সম্পন্ন হোৱা বুলি ঘোষণা কৰাৰ পাছত, মাৰুকাক দুবাহুৰ মাজত লৈ নেৰুডাই চিলিলৈ উভতি যাবলৈ ব্যগ্ৰ হৈ পৰিছিল। ইপিনে বিশ্বজুৰি হাহাকাৰ সৃষ্টি কৰা মহামন্দাৰ (Great Depression) পৰিপ্ৰেক্ষিতত চিলিৰ অৰ্থনীতি বিপৰ্যস্ত হোৱাত চৰকাৰে ব্যয় সংকোচনৰ দৃষ্টিৰে বাণিজ্য দূতৰ দৰে পদৰ বিলুপ্তি ঘটাইছিল। এনে অৱস্থাত মাৰুকাৰ পৰিয়ালটোৱে তেওঁলোকক সহায় কৰাৰ বাবে হাত উজান দিছিল যদিও, নতুন উৎসাহেৰে উজ্জীৱিত নেৰুডাই ঘৰলৈ আহিবলৈ সাজু হৈছিল। অতদিনে প্ৰেমিকাসকলে হতাশ কৰা প্ৰেম-প্ৰত্যাখ্যাত কবিজনে, লগত ন-কইনাজনী লৈ ঘৰলৈ উভতিবলৈ সাজু হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *