বিবিধ চিন্তা

উচ্ছেদঃ অসমৰ জনতাৰ সন্মুখত এখন প্ৰত্যাহ্বানমূলক যুঁজ ।। মণিকংকনা বৰবৰা

মুক্ত চিন্তা‌। একাদশ বছৰ‌। ১ম সংখ্যা

উচ্ছেদ সমগ্ৰ দেশৰ বাবেই এতিয়া এটা আতংকৰ নাম। বৰ্তমান অসমৰ পৰিস্থিতিলৈ চাই এনে লাগিছে যে যুদ্ধ শব্দটোৰ প্ৰতি আমাৰ মনত যি ভয়, শংকা, উত্তেজনা ঠিক সেইদৰে উচ্ছেদো যুদ্ধৰ ভয়াৱহতাখিনিতকৈ কোনো গুণেই কম নহয়। বোমা-বুলডজাৰ দুয়োটা শব্দলৈকে এতিয়া আমাৰ মনত সমানেই ভয়। একেই অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত বিশাল সেনাবাহিনী, এফালৰ পৰা সকলোবোৰ বিধ্বস্ত কৰি যোৱাৰ কাঢ়া নিৰ্দেশ। এতিয়া অসমত চলি থকা উচ্ছেদৰ যিখন মৰ্মন্তুদ ছবি তাক বৰ্ণনা কৰাৰ ভাষা আমাৰ নাই। আমি হতবাক হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে হেজাৰ হেজাৰ উচ্ছেদিত মানুহৰ হাহাকাৰখিনি দেখাৰ পাছতো হাঁহি মুখেৰে প্ৰকাশ কৰিছে যে উচ্ছেদত মানৱীয়তাৰ কথা নাহে। তেখেতৰ এই ভাষ্যই আমাক জাৰ্মানীৰ ইহুদী সকলৰ নিধনৰ বাবে নিৰ্দেশ দিয়া হিটলাৰলৈ মনত পেলাইছে। যদিও আইনত মানুহক হত্যা কৰি উচ্ছেদ চলোৱাৰ নিৰ্দেশ নাই, যোৱা ১৭ জুলাইৰ দিনা গোৱালপাৰাত চলা উচ্ছেদ কাৰ্যত এজন ১৯ বছৰীয়া যুৱকক পুলিচে মূৰত গুলীয়াই হত্যা কৰা ঘটনাই তেনে নিৰ্দয়তাৰ প্ৰমাণ ইতিমধ্যে দিলেই। দুটা দিনৰ পিছত গুলীবিদ্ধ আৰু এজন ব্যক্তিৰো চিকিৎসালয়ত মৃত্যু ঘটিছে। পৰিয়ালৰ শূন্য ভৱিষ্যতৰ কথা ভাবি দুটাকৈ এমা-ডিমা সন্তানৰ পিতৃয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। দূৰ্ভাগ্যজনক কথা এয়ে যে মানৱীয়তা ভূলুণ্ঠিত হৈ থকা এনেবোৰ দৃশ্য আৰু অসমৰ উঠি ৰজা বহি ৰজা হিমন্ত বিশ্বশৰ্মাৰ স্বেচ্ছাচাৰী শাসনৰ অশোভনীয় দম্ভালিৰ আমি এতিয়া একোজন নীৰৱ সাক্ষী।

বেদখলীসকল আচলতে কোন?:

বছৰৰ পাছত বছৰ ধৰি অসমৰ বিভিন্ন চৰ-চাপৰি, নৈ, বনাঞ্চলৰ দাঁতি-কাষৰীয়া, পাহাৰীয়া আদি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰি আহিছে। চৰকাৰে এতিয়া এইসকল লোকক বেদখলী বুলি ক’ব খোজে। কিছুসংখ্যক প্ৰব্ৰজিত লোকৰ অতীতটো খুঁচৰিলে তেওঁলোকৰ প্ৰব্ৰজনৰ মূল কাৰণবোৰো দেখা পোৱা যায়। যেনে প্ৰলয়ংকৰী বানপানী-গৰাখহনীয়াত আক্ৰান্ত লোক। মহাজনী শোষণৰ বলি বা অন্যান্য কাৰণত ভূমিহীন হোৱা লোক, চাহবাগিচাৰ কামৰ পৰা বিতাড়িত হোৱা লোক। বৰ্দ্ধিত পৰিয়ালৰ বোজা আৰু কিছুসংখ্যকে লাভজনক খেতি-ব্যৱসায়ৰ বাবেও এনেবোৰ অঞ্চলত বসবাস কৰি আহিছে। অসমৰ অৰ্থনৈতিক বিকাশত এই সকল অতি পৰিশ্ৰমী লোকৰ অৱদান কিন্তু খুবেই গুৰুত্বপূৰ্ণ।

উচ্ছেদৰ আঁৰৰ ৰাজনীতি:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত দ্ৰুত গতিত চলাই থকা উচ্ছেদৰ সিটো পিঠিৰ নাম ৰাখিছে অবৈধ বাংলাদেশী। গোৱালপাৰা, ধুবুৰী আদি অঞ্চলত হৈ থকা উচ্ছেদিত গৰিষ্ঠসংখ্যকেই মুছলমান সম্প্ৰদায়ৰ লোক বাবে ধৰি লোৱা হ’ল তাত কোনো অবৈধ বাংলাদেশী লোকো আছিল, যদিও ই এতিয়ালৈকে প্ৰমাণিত হোৱা নাই। কিন্তু কোকৰাঝাৰৰ পৰ্বতঝোৰা, কাৰ্বি আংলং, ডিমা হাছাও, পলাশবাৰী, লক্ষীমপুৰ, কাজিৰঙা আদি অঞ্চলবোৰত থকা জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ কাৰণ কি হ’ব পাৰে? ইয়াততো কোনো অবৈধ বাংলাদেশী নাই। কোনো আইন কানুনলৈ কেৰেপ নকৰি সততে সাম্প্ৰদায়িক ঘৃণা সূচক মন্তব্য এৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই লাইকা দধিয়াত ১৫০০ মিচিং জনগোষ্ঠীৰ লোকক কৰা উচ্ছেদক কি বুলি ক’ব! এই যে ৰামদেৱক তেজপুৰৰত ১২০০ বিঘা, তামুলপুৰত ৬০০ বিঘা, গোলাঘাটত ২৫ একৰ মাটি প্ৰদান কৰা হ’ল, কাৰ্বি আংলঙৰ ৩০ হাজাৰ বিঘা আৰু কোকৰাঝাৰ পৰ্বতঝোৰাত ৩৬০০ বিঘা আদানীক ১২০০ বিঘা ৰিলায়েন্সক গটোৱা হ’ল, নগাঁৱৰ মিকিৰ বামুণীত ২৭৬ বিঘা চ’লাৰ কোম্পানীক, ডিমা হাছাওৰ ৯০০০ বিঘা চিমেণ্ট কোম্পানীক গটোৱা হ’ল, এইবোৰটো অসমৰ থলুৱা খিলঞ্জীয়া লোকৰেই মাটি।

পৰিতাপৰ বিষয় যে আমাৰ মাটিৰ পুনৰ জৰীপৰ কথাটো তিলমানো গুৰুত্ব দিয়া হোৱা নাই। ইফালে বসুন্ধৰা আঁচনিখনো যে খিলঞ্জীয়াক মাটি প্ৰদানৰ বাবে নহয়, খিলঞ্জীয়াৰ মাটি কাঢ়ি লোৱাৰহে ব্যৱস্থা এই কথা অসমৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে সংবাদ মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ইতিমধ্যে এয়া প্ৰমাণিতও হৈছে।

এই বৰ্ষৰে জুন মাহত কেন্দ্ৰীয় চৰকাৰৰ খনন মন্ত্ৰালয়ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা এক তথ্য অনুসৰি অসমৰ ধুবুৰীৰ পৰা ডিমা হাছাওলৈকে আছে অতি মূল্যৱান খনিজ পদাৰ্থ। ‘উত্তৰ পূব ভাৰতৰ ভূতাত্ত্বিক সম্ভাৱনা’ৰ বিষয়ৰ এই প্ৰতিবেদনত অসমৰ ভূগৰ্ভত ১৪৯৪.৩০ মিলিয়ন টন চূণশিল, ২৮৬৪ মিলিয়ন টন ৰেয়াৰ আৰ্থ এলিমেণ্ট, ১৮.২৯ মিলিয়ন টন আইৰণ অ’ৰ, ৪.১৩ মিলিয়ন টন ছিলিকা থকাৰ কথা উল্লেখ কৰা হৈছে। উল্লিখিত খনিজ পদাৰ্থবোৰৰ উৎস হ’ল নগাঁও, কাৰ্বি আংলং, ধুবুৰী, ডিমা হাছাও আদি ঠাই সমূহ। ইতিমধ্যে এই মূল্যৱান খনিজ পদাৰ্থসমূহৰ সন্ধানৰ লগতে বহুজাতিক কোম্পানীৰ হাতত বিতৰণ কৰাও হৈ গৈছে। ই নব্য ঔপনিৱেশিক আগ্ৰাসনৰ চুড়ান্ত ৰূপটোৰেই প্ৰতিফলন নহয়নে? উল্লেখযোগ্য কথাটো হ’ল যে, অসম চৰকাৰে ধুবুৰী জিলাত ‘সাম্প্ৰদায়িক উত্তেজনা’ নিয়ন্ত্ৰণৰ বাবে এটা স্থায়ী ‘সেনা শিবিৰ’ৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু দেশৰ চৌপাশে এবাৰ চকু ফুৰালে ইয়াৰ আচল ৰহস্য ফাদিল হৈ পৰে যিটো আমাৰ সাধাৰণ মানুহৰ সৰহসংখ্যকেই অজ্ঞাত বাবে চৰকাৰৰ এনে পদক্ষেপৰ বিৰোধ এতিয়ালৈকে হোৱা নাই। অৱশ্যে সচেতন মানুহৰেই জনসাধাৰণক আচল ছবিখন দেখুওৱাৰ দায়িত্ব। কিয়নো আজি কেইবছৰমানৰ আগৰ পৰা মধ্য ভাৰতৰ ঝাড়খণ্ড, ছত্ৰিশগড় আদি ৰাজ্যসমূহৰ আদিবাসী অধ্যুষিত এলেকাত স্থানীয় লোকৰ স্বশাসনৰ বাবে প্ৰযোজ্য এখন আইন থকাৰ পাছতো [“পঞ্চায়ত (অনুসূচিত এলেকালৈ সম্প্ৰসাৰণ) আইন, ১৯৯৬” (PESA)ৰ বিধানসমূহ দেশৰ পঞ্চম অনুসূচী অঞ্চলৰ ক্ষেত্ৰত প্ৰযোজ্য।] প্ৰতি দুই-আঢ়ৈ কিল’মিটাৰৰ মূৰে মূৰে সেনা শিৱিৰ বলপূৰ্বকভাৱে স্থাপন কৰা হৈছে।

চৰকাৰে তাত সেনা শিৱিৰ স্থাপনৰ কাৰণ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ বুলি কৈছে যদিও আচল কাৰণ কিন্তু সেয়াহে, যাতে আদিবাসী লোকসকলৰ প্ৰতিবাদক দমন কৰি সেই অঞ্চলৰ খনিজ সম্পদ, মাটি আৰু বনাঞ্চলসমূহ পুঁজিপতি গোষ্ঠীৰ হাতত সহজে তুলি দিব পৰা যায়। এইটো ঠিক যে গোটেই প্ৰক্ৰিয়াটো ১৯৯১ চনৰ নতুন অৰ্থনৈতিক নীতিৰ লগতেই জড়িত। তেতিয়াৰ পৰাই শ্ৰমজীৱি লোকসকলৰ মাটি, নদীবোৰ, চৰণীয়া পথাৰ, গাঁৱৰ খেতি পথাৰ আৰু অন্যান্য সুবিধাজনক ঠাইবোৰৰ অধিগ্ৰহণৰ বাবে চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলৰ ওপৰত বিভিন্ন কৌশল প্ৰয়োগেৰে আক্ৰমণ চলাই আহিছে। সন্ত্ৰাসবাদী নিয়ন্ত্ৰণৰ নামত সেনা শিৱিৰ স্থাপন কৰা উল্লিখিত অঞ্চলৰ জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা কিন্তু মুঠেও নাই, শিশুৰ পৰা বয়োবৃদ্ধলৈকে তাৰ মানুহে এক মৰণসম যাতনা ভোগ কৰি আছে। ৰাষ্ট্ৰই আদিবাসী নামৰ মানুহখিনিকে পৃথিৱীৰ বুকুৰ পৰা উৎখাত কৰাৰ কৌশল কৰিছে বুলি তাৰ সচেতন মানুহে ক’ব খোজে। গতিকে মধ্য ভাৰতৰ অঞ্চলবোৰৰ দৰে মূল্যৱান খনিজ পদাৰ্থৰ ভাণ্ডাৰ থকা আমাৰ অসমতো সেনা শিৱিৰৰ স্থাপনে ভৱিষ্যতৰ এক অতি ভয়াৱহ ছবি এখন স্পষ্ট কৰি তুলিছে। যিটো গোঁজেই গজালি মেলাৰ সম্ভাৱনা। যিটোত অসমৰ বুকুৰ পৰাও প্ৰান্তীয় লোক সকলক পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন কৰি পেলোৱাৰ কৌশল জড়িত আছে।

গতিকে অসমৰ জনতাই বুজি উঠা দৰকাৰ যে ১৮০০০ বিঘা মাটিত এছীয়ান ডেভ্‌লপমেণ্ট বেংকৰ সহযোগত হ’ব খোজা কাৰ্বি আংলং সৌৰশক্তি, কোকৰাঝাৰৰ আদানী এপিডিচিএল কয়লা চালিত বিদ্যুৎ কেন্দ্ৰ, কাজিৰঙা ইংলেপথাৰৰ হায়াত হোটেল, হাতী খুলি বাগিচাৰ তাজ হোটেলৰ নামত জনজাতীয় লোক সকলক কৰিব খোজা উচ্ছেদত কিন্তু কোনো অবৈধ বাংলাদেশী নাই। আনহাতে গৰুখুটি কৃষি প্ৰকল্পৰ বাস্তৱ ছবিখন অসমৰ ৰাইজে ইতিমধ্যে দেখিলে।

আমি এটা কথা স্পষ্টকৈ বুজা ভাল যে, পুঁজিপতিৰ সমৰ্থক বিজেপি শাসিত চৰকাৰখনে কেৱল অসমতে নহয় সমগ্ৰ দেশৰ অন্যতম প্ৰাকৃতিক সম্পদেৰে চহকী অঞ্চলত বসবাস কৰি থকা প্ৰান্তীয় আদিবাসী, জনজাতীয়, সংখ্যালঘূ, অৰ্থনৈতিকভাৱে দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা জনগোষ্ঠীবোৰৰ ওপৰতেই চলাই আছে উচ্ছেদ আৰু বিভিন্ন ধৰণৰ দমন-পীড়ন। এফালে ‘২০০৬  বন অধিকাৰ অধিনিয়মে’ অনুসূচিত জনজাতি আৰু অন্যান্য প্ৰান্তীয় আৰু জনজাতীয় সম্প্ৰদায়সমূহৰ পৰম্পৰাগতভাৱে নিৰ্ভৰশীল বনভূমিৰ ওপৰত থকা তেওঁলোকৰ অধিকাৰক স্বীকৃতি দিব বিচাৰিছে। আৰু এই আইনখনৰ লক্ষ্যই হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ আশ্ৰয়হীন সকলো বন সম্প্ৰদায়ক উমৈহতীয়া সম্পত্তিৰ বনভূমিৰ ওপৰত অধিকাৰ লাভ কৰাত সহায় কৰা, স্থানীয় স্বশাসনক শক্তিশালী কৰা, দৰিদ্ৰতা নিৰাময় আৰু ভাৰতৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাক গুৰুত্ব দিয়া। কিন্তু বাস্তৱত সেয়া আমি নাই দেখা। বন সুৰক্ষা আৰু পুনৰ সংস্থাপনৰ নামত একোখন বনভূমি অসাংবিধানিকভাৱে আৰু অবৈধভাৱে লিজত দি, বৃহৎ পুঁজিপতি গোষ্ঠী সমূহক বিক্ৰী কৰি খনন আৰু অন্যান্য ধৰণৰ ভূমি বেদখলৰ বাবে হাজাৰ হাজাৰ লোকক ভূমিহীন কৰা কাৰ্যহে অব্যাহত আছে। ইয়ে স্পষ্ট কৰিছে ৰাষ্ট্ৰ আৰু বৃহৎ কৰ্পৰেটসমূহৰ মাজত থকা আগ্ৰাসী সম্পৰ্ক। অসমৰ মাটিত থকা সম্পদবোৰ বিক্ৰীৰ বাবে ভাৰত চৰকাৰে বহুজাতিক কোম্পানীৰ সৈতে কি কি বা গোপন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰিছে সেয়া সময়ে কৈ যাব। ইয়াৰ পৰিণতিত পুঁজিপতি গোষ্ঠী আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত অসম চৰকাৰে শ্ৰমজীৱি সংখ্যালঘু, জনজাতীয় সাধাৰণ লোকসকলৰ ওপৰত আৰু কি কি নিৰ্যাতন চলাব ই এতিয়া অতি চিন্তনীয় বিষয়। কিয়নো ইয়াৰ মূল কাৰণটো লুকাই আছে সাম্ৰাজ্যবাদী ব্যৱস্থাৰ অৰ্থনৈতিক সংকটত। যাৰ ফলত অধিক মুনাফা লুটাৰ স্বাৰ্থত শাসকৰ চৰিত্ৰ অতি হিংস্ৰ হৈ পৰা দেখা গৈছে।

উচ্ছেদৰ জৰিয়তে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ কৌশল:

আজিলৈকে বিজেপি চৰকাৰখনে বিদেশী নাগৰিকৰ অনুপ্রবেশৰ সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিপৰীতে এই সমস্যাক অক্ষুণ্ণ ৰাখি সাম্প্রদায়িক বিভাজনৰ ৰাজনীতিহে চলাই থকা দেখা গৈছে। সৰ্বসাধাৰণ বহুসংখ্যক মানুহেও মুখ্যমন্ত্ৰীৰ চাতুৰীত ভোল গৈ উচ্ছেদ কাৰ্য দেখি আনন্দিত হৈছে। গোলাঘাট জিলাত সৌ সিদিনা বিজেপিৰ দলীয় কৰ্মীসকলে উচ্ছেদৰ সমৰ্থনত সমদলেই উলিয়াই পেলালে। তাতে আকৌ আৰু এখোপ গৈ বৰপথাৰৰ টাই আহোম ছাত্ৰ সন্থাই আমাৰ ইয়াতো উচ্ছেদ কৰক বুলি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰও প্ৰদান কৰিলে। তাতে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ শৃংখল চলিহা নামৰ ব্যক্তিজনে বিনা বিচাৰ-বিশ্লেষণেৰে দিয়া উচটনিবোৰ আছেই।

তাৎপৰ্যজনক কথা এই যে আগতে সমদলবোৰ চৰকাৰৰ শোষণৰ বিৰুদ্ধে, হত্যা-হিংসা বন্ধৰ দাবীৰে উলিওৱা হৈছিল, এতিয়া বিজেপি চৰকাৰৰ শাসনত সমদলৰ অৰ্থ ওলোটা হ’বলৈ আৰম্ভ কৰিছে। ‘আহক আমাৰ ইয়াত উচ্ছেদ কৰক’ মানেই যে ‘আহক আমাৰ ইয়াত থকা সকলক হত্যা কৰক’ একেই আহ্বানেই নহয়নে!

মন কৰিবলগীয়া কথাটো হ’ল উচ্ছেদ হৈ যোৱা সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাটৰ বিদ্যাপুৰ নামৰ গাঁও এখনৰ বাসিন্দাই জনোৱা মতে তেওঁলোক তালৈ ৭০ দশকতে অহা। ১৯৭৮ চনত প্ৰতিষ্ঠা কৰা স্কুল তাত আছে। তাৰ পিছতো তেওঁলোকক বাংলাদেশী বুলিয়েই উচ্ছেদ কৰিব বিচৰা হৈছে। তথ্য জনাৰ অধিকাৰ আইন অনুসৰি সৌ সিদিনা গোৱালপাৰাৰ পাইকানত আশুডুবি নামৰ ম্যাদী পট্টা থকা গাঁওখনকো উচ্ছেদ কৰা হ’ল।

উত্তৰপ্ৰদেশ দেশৰ ভিতৰতে এখন অতি সাম্প্ৰদায়িক সংঘৰ্ষ পীড়িত ঠাই বুলি আমি জানো। শেহতীয়াকৈ অসমো উত্তৰপ্ৰদেশৰ দৰেই হ’বলৈ গৈ আছে, আৰু ইয়াৰ ছবিখন চাগে তাতকৈয়ো ভয়ংকৰ হ’ব, এইবাবেই যে- অসমৰ স্বয়ং মুখ্যমন্ত্ৰী জনেই সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱাৰ সূত্ৰধাৰৰ ভূমিকা পালন কৰি আছে। উচ্ছেদৰ আগতে ইতিমধ্যে কেইবাখনো মুছলমান বিৰোধী নাটক তেওঁ পাতি ল’লে। তাৰে এখন হ’ল গৰু-গাহৰি মঙহ মন্দিৰে-মছজিদে ওলোৱা ৰাজনীতি। স্বাভাৱিকতে প্ৰায় মানুহে গ্ৰহণ কৰা দুবিধ খাদ্যক ধৰ্মীয় ৰং সানি ধুবুৰীত ‘শ্বুট্ এট্ চাইট্ অৰ্ডাৰো’ দিয়া হ’ল। এইটো সৰু কথা নহয়। সাংবিধানিক নীতি উলংঘা কৰি ইছলাম ধৰ্মালম্বী লোকসকলৰ প্ৰতি ঘৃণাসুচক মুকলি বাক্য প্ৰয়োগৰ উপৰি শ্বুট্ এট চাইট্ অৰ্ডাৰে হিন্দু-মুছলমান সকলৰ মাজত কিন্তু এখন মুকলি সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবেও প্ৰৰোচিত কৰিছে। গতিকে সামাজিক মাধ্যমবোৰত বহুলোকে বাংলাদেশী সকলক উচ্ছেদ কৰিছে বুলি আনন্দৰ নামত বন্যতা প্ৰকাশ কৰাৰ অন্তৰালৰ কাৰণ কিন্তু সাধাৰণ মানুহখিনিতকৈ ৰাইজখনক নেতৃত্ব দিয়া মুখ্যমন্ত্ৰীজনহে। গতিকে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ অপৰাধত ফাঁচীকাঠত ওলমিব লগা হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটোহে আগত আহিব লাগে বুলি আমি ভাবোঁ।

আনহাতে ৰাজহুৱা স্থান, সভা আদিতো তেখেতৰ কথা কোৱাৰ যি আচৰণ এয়া অসমৰ নতুন প্ৰজন্মৰ মাজতো অচিৰেই প্ৰভাৱ পৰিব বুলিও চিন্তনীয় বিষয় হৈ পৰিছে।

এই যে বাংলাদেশী উচ্ছেদ বোলা প্ৰচাৰ। তাৰ ওপৰত এটা উদাহৰণ দিব পাৰি- ২০১৬ চনৰ ১৯ চেপ্তেম্বৰত কাজিৰঙাত হোৱা ভয়াবহ উচ্ছেদত চৰকাৰে বাংলাদেশী খেদিলোঁ বুলি বিৰাট প্ৰচাৰ কৰিছিল। কিন্তু তাৰ পিছৰ সত্যখিনি আছিল এই উচ্ছেদিতক চৰকাৰে ১৪ কোটি, ৭১ লাখ, ৭২ হাজাৰ, ৭ শ, ২৩ টকা ক্ষতিপূৰণ দিছিল। এই টকা খিনি কাৰ পকেটৰ পৰা গ’ল তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব পাৰিবনে?

উচ্ছেদ, কাজিৰঙা আৰু ইয়াৰ দাঁতি-কাষৰীয়া মানুহৰ জীৱন দুৰ্দশা:

অলপতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ষষ্ঠ সংযোজনৰ জৰিয়তে কাজিৰঙাৰ পৰিসীমা বৃদ্ধি কৰা হ’ল ৪৭,২৯১ হেক্টৰ ভূমি। নতুনকৈ অন্তর্ভুক্ত হ’ল ৬ হাজাৰ হেক্টৰ। গতিকে কাজিৰঙাৰ থলুৱা মানুহৰ আৰু কি দুৰ্গতি হ’বলৈ গৈ আছে, ইও এক গভীৰ চিন্তাৰ বিষয় নহয়নে?

২০১৭ চনত BBCৰ নিৰ্মিত তথ্য চিত্ৰ “world:killing for conservation” (ৱৰ্ল্ড:কিলিং ফৰ কনছাৰভেচন) ৰ মুক্তিৰ লগে লগে সমগ্র বিশ্বজুৰি এক বিতৰ্কৰ জোৱাৰ উঠিছিল। কিয়নো কাজিৰঙা হৈ পৰিছিল তাৰ অভিকেন্দ্ৰ। যিহেতু Justin Rawlattএ এটি দুঃসাহসিক পদক্ষেপ লৈ তেওঁৰ সংবাদ মাধ্যমৰ মাজেৰে কিছু উদাহৰণ, কিছু সাক্ষ্য প্ৰমাণৰ জৰিয়তে কাজিৰঙাৰ বহু অকথিত সমস্যা, অকথিত কাহিনী দাঙি ধৰি কেইটিমান কঠিন প্ৰশ্নৰ অৱতাৰণা কৰিছিল। কিন্তু সেই প্রশ্ন সমূহৰ উত্তৰ দিয়াৰ পৰিৱৰ্ত্তে অসম চৰকাৰে Justin Rawlatক black listed কৰাৰ দৰে চূড়ান্ত সিদ্ধান্ত লৈছিল। অসম চৰকাৰৰ এই সিদ্ধান্তক কেৱল একপক্ষীয়ই নহয় চূড়ান্ত অগণতান্ত্ৰিক বুলি প্রত্যেকজন নিৰপেক্ষ পৰ্য্যবেক্ষকে এই তথ্যচিত্ৰ খনত প্রত্যক্ষ কৰা গুৰুত্বপূৰ্ণ প্রশ্ন উত্থাপন কৰিছিল। তাৰে তিনিটা হ’ল –

১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত shoot at sight অর্থাৎ দেখা মাত্রেই গুলী কৰাৰ আদেশ প্রচলিত নেকি?

২) ২০০৬ চনৰ FRA the law of the land ৰ বিপৰীতে স্থানীয় ব্যক্তি সকলক সদায় বলপূর্বকভাৱে উচ্ছেদ কৰি আহিছে নেকি?

৩) বৰ্ত্তমান কাজিৰঙাৰ পৰিচালনা আৰু কাৰ্য্যাৱলী বিদেশী পুঁজিৰ দ্বাৰা নিয়ন্ত্রিত নেকি? নে স্বেচ্ছাসেৱী অনুষ্ঠান WWF (World Wide Fund for Nature) আদিৰ আঙুলিৰ ঠাৰত চলে?

এই তথ্যচিত্ৰৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সমুখত কাজিৰঙাৰ আচল ছবিখন দাঙি ধৰিব খুজিছিল যে এক ঐতিহাসিক মুহূৰ্তত এজাক মানুহৰ বিৰল আত্মত্যাগৰ পৰিপ্ৰেক্ষিতত জন্ম হৈছিল কাজিৰঙাৰ। সেই আত্মত্যাগ আছিল প্ৰকৃতিৰ স্বাৰ্থত। বুজাবুজি তথা পুনৰ সংস্থাপনৰ মাজেৰে হোৱা আত্মত্যাগ য’ত নাছিল মানুহৰ চকুৰপানীৰ ইতিহাস। কিন্তু তেনে এক ঐতিহাসিক পটভূমিত জন্মলাভ কৰা কাজিৰঙা আজি পৰিণত হৈছে এজাক লোভী মানুহৰ বাবে বিদেশী পুঁজিৰ খিৰতী গাইত।

শ্বুট এণ্ড চাইট্ অৰ্ডাৰৰ দ্বাৰা বনবিভাগৰ আত্মৰক্ষা অধিকাৰৰ অতিৰিক্তকৰণে ন বছৰীয়া শিশু আকাশ ওৰাঙক গুলীয়াই পংগু কৰিছিল। মন বৰা নামৰ এজন দৰিদ্ৰ কৃষক বলি হ’ল শাৰীৰিক অত্যাচাৰ আৰু শৰীৰত বিদ্যুৎ পৰিবহন কৰি দিয়া অমানুষিক অত্যাচাৰৰ, যাৰ বাবে আজিও তেওঁ শাৰীৰিক আৰু মানসিকভাৱে বিধ্বস্ত। কাজিৰঙাত দ্বীপেন চাওৰা, গাঁওবুঢ়া কিলিং, ৰাহুল কুটুম, হৰেন দলে আৰু অসংখ্য অচিনাক্ত জীৱন ন্যায় নোপোৱাকৈয়ে নিঃশব্দে সমাধিস্থ হৈ আছে। এই অসংখ্য মৃত্যুৰ কোনো আইন সঙ্গত ব্যৱস্থা কেতিয়াবা হ’ব নে নাই তাৰ উত্তৰো ক’তো নাই? (তথ্য: জীপাল কৃষক শ্ৰমিক সংঘ)

চোৰাং চিকাৰী সজাই জেললৈ পঠিওৱাৰ ভয়ত, শ্বুট এট চাইট্ অৰ্ডাৰৰ ভয়ত কাজিৰঙাৰ আশে-পাশে থকা মিচিং, আদিবাসী আদি জনজাতীয় লোকসকলে বিল-খালত মাছ-পুঠি ধৰি খোৱা, গৰু-ছাগলী চৰাবলৈ যোৱা কাম নিষিদ্ধ। মহিলা সকলেও খৰি লুৰিবলৈ যোৱা, শাক-পাত, বনৌষধি বুটলিবলৈ যাব নোৱাৰে।

এইকেইদিনতে এটা প্ৰাকৃতিক ঐতিহাসিক সংগ্ৰহালয়ৰ নামত কাজিৰঙা মৌজাৰ লগতে মহুৰা মৌজাৰ অন্তৰ্গত বংকুৱাল, ৰিৰি আদি গাঁৱৰ সৰ্বমুঠ ১৪০ বিঘা মাটি সংৰক্ষণৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে। বংকুৱালৰ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি মথাউৰিৰ প্ৰায় দুই কিলোমিটাৰমানৰ আঁতৰত থকা এই মাটিসমূহ বংকুৱালৰ প্ৰবল গৰাখহনীয়াৰ আগতে তাতেই গাঁও আছিল। এতিয়া তাত বিভিন্ন খেতি বাতি কৰা হয়, তেওঁলোকৰ হাতত জৰীপৰ নথি-পত্ৰও আছে।

এই কথাখিনি এইবাবেই উল্লেখ কৰা হ’ল যে, কাজিৰঙাৰ পৰিসীমা বৃদ্ধিৰ লগত দাঁতি-কাষৰীয়া মানুহৰ জীৱন যুঁজখনো কিন্তু ইমান সহজ নহয়।

প্ৰতিৰোধী আন্দোলনক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ:

সকলোৱে জ্ঞাত যে আধুনিক চহৰ গঢ়ি তোলাৰ নামত গুৱাহাটী মহানগৰীৰ বহু বছৰীয়া গছবোৰ কাটি পেলোৱাক লৈ কিছুদিন আগেয়ে স্থানীয় সচেতন লোক আৰু শিক্ষাৰ্থী সকলে প্ৰতিবাদী সমদল, মানৱ শৃংখল আদি কিছু কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। এতিয়া গুৱাহাটীত প্ৰতিবাদী সমদল উলিওৱা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হ’ল। লক্ষণীয় কথাটো হ’ল যে গুৱাহাটীৰ স্থানান্তৰিত গছৰ তথ্য দাখিল আৰু আন ২৩ জোপা গছক স্পৰ্শ নকৰাৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নহা হ’লে হয়তো হিমন্ত বিশ্বই অসমৰ আটাইবোৰ চহৰৰ গছ নিঃশেষ কৰি পেলালেহেঁতেন। জানিব পৰা মতে মিকিৰ বামুণীত সৌৰশক্তি প্রকল্প বনাবলৈ কাৰ্বি আৰু আদিবাসী কৃষকসকলৰ পৰা ২৭৬ বিঘা খেতি মাটি জোৰ কৰি কাঢ়ি লওঁতে প্ৰতিবাদ কৰিবলৈ যোৱা কাৰ্বি জনগোষ্ঠীৰ ১৪ জনকৈ লোকক জেইল পৰ্যন্ত পঠিয়াইছিল। শিলসাঁকোত উচ্ছেদিত মহিলাই অৰ্দ্ধ উলংগ হৈ প্ৰতিবাদ কৰিব লগা হ’ল, গৰুখুটীতো এজনে প্ৰাণ দিব লগা হৈছিল। এইবোৰ কথাই প্ৰমাণ দিছে যে অসমৰ দুখীয়া-দৰিদ্ৰ মানুহৰ জীৱন-যাতনাই আচলতে চৰকাৰৰ তিলমানো খুটি নলৰায়। হিমন্ত বিশ্বৰ বুলডজাৰ থমকি ৰয় কেৱল মন্ত্ৰী, বহুজাতিক কোম্পানী আদিৰ সমুখতহে।

ধুবুৰী, গোৱালপাৰা আদি অঞ্চলবোৰত উচ্ছেদ চলাওঁতে কিছু প্ৰতিবাদ আৰম্ভ হৈছিল যদিও, হিংসাত্মক ৰূপ ধাৰণ কৰাত কেইবাগৰাকীকো জেইলত দিয়া হ’ল। গুলীয়াই হত্যাও কৰা হ’ল।

যোৱা কিছুদিনৰ আগত অসমৰ সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ এটা বিবৃতি অনুসৰি আলফাৰ ওপৰত ৰাষ্ট্ৰৰ বাহিনীৰ দ্বাৰা ইজৰাইল আমদানিকৃত দ্ৰোণ আক্ৰমণ সংঘটিত হৈছে।  ৰাষ্ট্ৰৰ এই কাৰ্যক আমি মধ্য ভাৰতৰ অঞ্চলবোৰৰ নিষিদ্ধ ঘোষিত সংগঠনৰ ওপৰত ভাৰত ৰাষ্ট্ৰই ইজৰাইলৰ উচ্চ ক্ষমতা সম্পন্ন অস্ত্ৰৰ দ্বাৰা চলাই থকা আক্ৰমণৰ লগত তুলনা কৰি চোৱাৰ থল আছে।

উল্লেখযোগ্য যে মধ্য ভাৰতৰ গণতান্ত্ৰিক বা সশস্ত্ৰ সংগ্ৰামৰ পথ অনুসৰণ কৰা সকলোবোৰ সংগঠনকে নিষিদ্ধ কৰা হৈছে। তাত এতিয়া ৰাষ্ট্ৰৰ হত্যা, দমন পীড়নে সকলো সীমা অতিক্ৰম কৰিছে। গ্ৰামাঞ্চলৰ লগতে চহৰৰ কলম ধৰি থকা লোকসকলকো অপহৰণ-গ্ৰেপ্তাৰ কৰি নানান অত্যাচাৰ চলাইছে। গত জুলাই মাহতে কমেও ছয়-সাতগৰাকী শিক্ষাৰ্থী সমাজকৰ্মীক দিল্লী পুলিচে অবৈধ ভাৱে অপহৰণ কৰি এটা সপ্তাহ ধৰি তেওঁলোকৰ ওপৰত অসহনীয় শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাযায়।

সামৰণিত এটা কথা অতি স্পষ্ট যে ফেচীবাদী ৰূপ গ্ৰহণ কৰা চৰকাৰখনে যি পৰ্যায়লৈ গৈ দমন নচলাওক কিয় জনগণৰ সংঘবদ্ধ প্ৰতিৰোধী আন্দোলনৰ বিনে আন বিকল্প নাই। জানিব পৰা মতে জনতাৰ জোৰদাৰ আন্দোলনৰ ওচৰত সেও মানি ১৮০০০ বিঘা মাটিত কাৰ্বি আংলং সৌৰশক্তি স্থাপনৰ বাবে দিব খোজা টকা এছিয়ান ডেভলপমেণ্ট বেংকে ওভতাই নিছে। কোকৰাঝাৰৰ আদানী এপিডিচিএল কয়লা চালিত বিদ্যুৎ কেন্দ্ৰ, কাজিৰঙা ইংলেপথাৰৰ হায়াত হোটেল, হাতীখুলি বাগিচাৰ তাজ হোটেলৰ নামত মাটি কাঢ়ি ল’ব খোজা কাৰ্যও স্থগিত ৰখা হৈছে। এইবোৰ একোটা সৰু উদাহৰণহে বুলিব পাৰি। সাম্ৰাজ্যবাদী উন্নয়নৰ আৰ্হি গ্ৰহণেৰে অসমৰ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ নামত বিজেপি শাসনাধীন চৰকাৰখনে ইতিমধ্যেই পুঁজিপতিৰ হাতত অসমৰ সমস্তখিনিকেই গটাই দিছে। গতিকে ধাৰাবাহিকভাৱে চলি থকা উচ্ছেদবোৰেই প্ৰমাণ কৰিছে যে বৃটিছ ঔপনিৱেশিক কালত দিয়া যুঁজখনতকৈও অসমৰ জনতাই বৰ্তমান সময়ত কৰিব লগা যুঁজখন আৰু প্ৰত্যাহ্বানমূলক হ’ব। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে স্পৰ্শকাতৰ বুলি নিৰ্ধাৰণ কৰি লোৱা এলেকাৰ বাসিন্দা খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াত ৰাজ্যবাসীক জীৱনৰ নিৰাপত্তা দিব নোৱৰা বিজেপি চৰকাৰখন তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা প্ৰকাশ পাইছেই, আনহাতে আচল অৰ্থত ই হৈছে একছত্ৰী শাসকে নিজকে ক্ষমতাত অধিষ্ঠিত কৰি ৰাখিবলৈ জনগণৰ মাজত অহৰহ সংঘাত-সংঘৰ্ষৰ মাজেদি বিভাজন সৃষ্টি কৰি ৰখাৰ এক কৌশল। বিজেপি চৰকাৰখনৰ ভাষাত এতিয়া অসমৰ খিলঞ্জীয়াই আত্মৰক্ষাৰ উপায় হিচাপে হাতত বন্দুক তুলি লোৱাটোৱেই সঠিক সিদ্ধান্ত। এনে পটভূমিয়ে নিজকে সুৰক্ষিত ৰাখিবলৈ শোষিত জনতাকো অনুৰূপ পন্থা গ্ৰহণ কৰিবলৈ প্ৰৰোচিত কৰাৰ সম্ভাৱনাক নুই কৰা নাযায়।

Leave a Reply

Your email address will not be published. Required fields are marked *