নিবন্ধবিবিধ চিন্তা

সাহসী কণ্ঠ বীৰুবালা ।। অপৰাজিতা চৌধুৰী

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

সেইদিনা আছিল ২০২৪ চনৰ তেৰ মে’। অসম-মেঘালয় সীমান্তৰ পাহাৰৰ দাঁতিৰ সেউজীয়া গাঁওখনৰ সাহসী কণ্ঠটো সেইদিনা চিৰদিনলৈ শুই পৰিছিল। দীৰ্ঘদিন কেঞ্চাৰত ভুগি থকা বীৰুবালা ৰাভাই ৰোগৰ সৈতে যুঁজি যুঁজি চিৰনিদ্ৰাৰ কোলাত জিৰণী লৈছিল। অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ কৰি যোৱা, ডাইনী অপবাদত নিৰ্যাতিতা বহুজনৰ জীৱন ৰক্ষাকাৰিণী, পদ্মশ্ৰী বীৰুবালা ৰাভাৰ বৰ্ণিল জীৱনৰ অৱসান হৈছিল।

বিদায় পৰত শ্ৰদ্ধাঞ্জলি যচাৰ আবেগেৰে সিক্ত হোৱাৰ, তেখেতৰ সাহসৰ গাঁথাৰে অনুপ্ৰাণিত হোৱাৰ আশা লৈ তেখেতৰ গাঁও ঠাকুৰবিলালৈ যাত্ৰা আৰম্ভ কৰিলোঁ দুইমান বজাত। গোৱালপাৰা চহৰৰ পৰা যথেষ্ট দূৰত, অসম-মেঘালয় সীমান্তত বীৰুবালাৰ গাঁও ঠাকুৰবিলা। বাটটো যেন এখন কৃশাঙ্গী বোৱতি নৈ, দুপাৰে সেউজীয়াৰ প্ৰাচুৰ্য্য! ওপৰত আকাশৰ চন্দ্ৰতাপ! বাটতে ৰৈ কেতেকীবাৰী গাঁৱৰ বাটৰ কাষৰ এঘৰত গৈ ক’লোঁ,” ফুল কেইপাহমান দিবনে? আমি বীৰুবালা ৰাভাক শ্ৰদ্ধা জনাবলৈ যাওঁ!” তেওঁলোকে আথেবেথে ফুল-পাত আনি, সূতাৰে গাঁঠি মাৰি এথোপা কৰি হাতত দিলে । তেওঁলোকৰ চকুতো আবেগ! ঠাকুৰবিলা গৈ পাই দেখোঁ লোকে লোকাৰণ্য! এসময়ত য’ত ডাইনী-বিশ্বাসৰ বিৰোধিতা কৰাৰ বাবে বীৰুবালা ৰাভাক এঘৰীয়া কৰি থৈছিল, তাতেই আজি বীৰুবালাৰ জয়গান! ৰাজ্যিক মৰ্যাদাৰে বিদায়ৰ আয়োজন! মনৰ মাজত বাজি উঠিল ফাৰকান্তিৰ কৰুণ সুৰ !

ডাইনী নহয়, নিৰ্যাতিতৰ ৰক্ষাকাৰিণীহে !

বীৰুবালা ৰাভাৰ বৰপুত্ৰ(বৰ্তমান জীৱিত দুইপুত্ৰৰ ভিতৰত ডাঙৰ)বিষ্ণুৱে অলপতে মুক্তি পোৱা “Birubala- from witch to Padmadhree” চিনেমাখনৰ নামটোৰে বীৰুবালা ৰাভাৰ ছবি ভুলকৈ প্ৰকাশ হোৱা বুলি স্পষ্টীকৰণ দাবী কৰিছিল। এই কথাটো ক’’বই লাগিব যে বীৰুবালা ৰাভা নিজে ডাইনী অভিহিত হৈ নিৰ্যাতিত হোৱা নাছিল। তেওঁ ডাইনী বিশ্বাসৰ বিৰোধিতা কৰাৰ বাবেহে সমাজৰ ৰোষৰ বলি হৈছিল ! জীৱনৰ কঠিন অভিজ্ঞতাৰে যুক্তিবাদী হৈ পৰা, মানুহৰ দুখ-দুৰ্গতি দেখিলে অন্তৰত মৰম বেথা উথলি উঠা বীৰুবালাই সাহসেৰে নিজৰ মতত অটল হৈ আছিল। এই বীৰুবালাৰ গাঁথা শুনিবলৈ আগলৈ ঘূৰি যাওঁচোন !

নিৰ্যাতনৰ কত যে কাহিনী !

অসম-মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁৱৰ কাষৰে বৰঝৰা গাঁৱৰ বোৱাৰী জোনালী ৰাভা। ৰাইজে গাঁৱৰ পৰা খেদি দিলে ডাইনীবিদ্যা শাহুৱেকৰ পৰা শিকি গাঁৱৰ মানুহৰ অনিষ্ট কৰা বুলি। দহ-বাৰ বছৰ আগতে শাহুৱেককো নিৰ্বাসিত কৰিছিল ডাইনী বুলি অত্যাচাৰ কৰি। জোনালী গোৱালপাৰাৰেই বলবলাৰ ওচৰৰ হাতীগাৱঁৰ মাকৰ ঘৰ পালেগৈ। মহিলা সমতা ছোছাইটি নামৰ সংস্থাটোৰ সহায়ত পুনৰ নিজ গাঁৱলৈ ঘূৰি যাবলৈ সক্ষম হ’ল জোনালী। একে গাঁৱৰ মঞ্জুলা ৰাভাৰ মাক জগাই ৰাভাও বাৰবছৰ ধৰি নিৰ্বাসিত। মঞ্জুলাই মাকক ঘূৰাই অনাত সহায় কৰিবলৈ মহিলা সমতা ছোছাইটিৰ মামণি শইকীয়াক খাটনি ধৰিলে। জিলাৰ বিভিন্ন ঠাইৰ পৰা আগতে হোৱা, পিছত হোৱা বহুত এনে খবৰ আহিল। চিৰণী ৰাভা, অনিতা ৰাভা, খেদাই ৰাভা – কত যে কাহিনী!মামণি শইকীয়াৰ উদ্যোগত, প্ৰশাসনৰ সহায়ত এই অঞ্চলৰ চল্লিছজন নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ কৰা হ’ল।

দদানমঞ্চৰ (মন্দিৰ প্ৰাঙ্গণৰ)সেই সভাখন

অসম মহিলা সমতা ছোছাইটি নামৰ সংস্থাটোৰ হৈ কাম কৰিবলৈ সুদূৰ উত্তৰ লক্ষীমপুৰৰ সোণৰঢেকী গাঁৱৰ পৰা গোৱালপাৰালৈ অহা মামণি শইকীয়াই ডাইনী অভিহিত কৰি নাৰী নিৰ্যাতন কৰাৰ কেইবাটাও ঘটনাৰ খবৰ পালে। পিতৃ গান্ধীবাদী মথুৰা শইকীয়াৰ প্ৰেৰণাৰে পুষ্ট মামণি অন্ধবিশ্বাস, কুসংস্কাৰ বিৰোধী আৰু নিৰ্ভয়। মামণিয়ে বুজিছিল ডাইনী বিশ্বাসৰ বিৰুদ্ধে এই যুঁজ সহজ নহয়। গাঁৱৰ মাজৰ পৰাই প্ৰতিবাদী কণ্ঠ উলিয়াই আনিব পাৰিলেহে এই যুঁজখন আগুৱাই নিব পৰা যাব। এই উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে এই বৃহত্তৰ অঞ্চলৰ মহিলা সমিতি সমূহক মাতি দদান মন্দিৰ প্ৰাঙ্গণত এখন সজাগতা সভাৰ আয়োজন কৰা হ’ল। সেয়া 2001 চনৰ কথা। বিভিন্ন অঞ্চলৰ তিনিশৰো অধিক মহিলা ইয়াত সমবেত হ’ল। মামণি শইকীয়াই সকলোকে নিজৰ নিজৰ নাম কৈ পৰিচয় দিবলৈ আহ্বান জনালে। তাৰ মাজৰ বহুতে নিজৰ নামটোকে কবলৈ লাজ কৰে। নিজৰ নামটো শুনিবলৈ বেয়া বুলি ভাবে। শিক্ষাৰ অভাৱ, দাৰিদ্ৰ্য, পশ্চাদপদ পৰিৱেশ, পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাই চেপামাৰি ধৰা ভয়াৰ্ত মনৰ এই মহিলা সকলে খোলাকৈ মনৰ কথা কয় কেনেকৈ! তাৰে মাজৰে পাঁচগৰাকী ডাইনী অপবাদত নিগৃহীত আৰু ঘৰদুৱাৰ এৰি বেলেগত থাকিবলগীয়া হোৱা মহিলা। তেওঁলোকে মামণি শইকীয়াৰ সহায় বিচাৰি মনৰ কথা ক’লে। মামণি শইকীয়াই এওঁলোকৰ প্ৰসঙ্গত উপস্থিত মহিলা সকলে ডাইনী বিশ্বাস কৰেনে নকৰে সঁচাকৈ ক’বলৈ অনুৰোধ কৰিলে। মহিলাসকল নিৰুত্তৰ। তেওঁলোকে সূতা, কম্বল কিবা দিবলৈ পতা সভা বুলিহে আহিছিল! ডাইনীৰ কথা পতা সভাত মাত মাতিলে ঘৰলৈ গৈ গিৰিহঁতৰ কিল খাবহে লাগিব! ৰাভা ভাষাত তেওঁলোকে নিজৰ মাজতে পতা কথাবোৰ মামণি শইকীয়াই বুজি পোৱা নাছিল। এইবাৰ মামণি শইকীয়াই বৰঝৰা অঞ্চলৰ মহিলা সমিতিৰ এগৰাকী বিষয়ববীয়া বীৰুবালাৰ মতামত জানিবলৈ বিচাৰিলে। বীৰুবালাই জানে ৰাইজখনে ডাইনী বিশ্বাস কৰে। ডাইনী অভিহিত মহিলা কেইগৰাকীক বীৰুবালাই সুধিলে, কোনে তোমালোকক ডাইনী বুলি অভিহিত কৰিছে ? আটাইকেইগৰাকী মহিলাকে একেজন দেওধনী ছাৰাল ৰাভাই ডাইনী বুলি চিনাক্ত কৰিছিল! দেওধনী ছাৰাল ৰাভা! বীৰুবালাৰ প্ৰথম পুত্ৰ ধৰ্মেশ্বৰৰ মানসিক অসুস্থতাৰ সময়ত এইজনেই কৈছিল যে ল’ৰাটোক পৰীকন্যাই ধৰিছে। পৰীকন্যাৰ লগত ল’ৰাটোৰ বিয়া হৈছে, পৰী গৰ্ভৱতী হৈছে, এদিন পিছত পৰীৰ সন্তান হ’ব। তিনিদিন পিছত ধৰ্মেশ্বৰৰ মৃত্যু হ’ব। সেয়া আছিল 1985 চনৰ কথা। কিন্তু ধৰ্মেশ্বৰ তো নমৰিল! মানসিকভাৱে অসুস্থ ধৰ্মেশ্বৰক চম্ভালিব নোৱাৰি উপায়ন্তৰ হৈ পিছলৈ শ্বিলঙৰ হস্পিটালত থৈ আহিছিল 1996 চনত। বীৰুবালাই জানে গাঁৱৰ সকলোৱেই এই অন্ধবিশ্বাস সত্য বুলিয়েই মানে। তথাপি সাহস কৰি নিজৰ জীৱনৰ এই অভিজ্ঞতাৰ কথাৰে বীৰুবালাই দেওধনীৰ কথা মিছা বুলি কৈ উপস্থিত ৰাইজক ক’লে যে তেওঁ ডাইনী বিশ্বাস নকৰে। কিবা স্বাৰ্থসিদ্ধিৰ বাবেহে দেওধনী, ওজা আদিয়ে চক্ৰান্ত কৰি কাৰোবাক ডাইনী সজাই সমাজখনত খেলিমেলিৰ সৃষ্টি কৰে। যি অঞ্চলত ডাইনীবিশ্বাসে কত যে মহিলাক গৃহহাৰা কৰিলে, সেই ঠাইতে ভৰাসভাত মুকলিকৈ ডাইনী বিশ্বাসৰ বিৰুদ্ধে ধ্বনিত হ’ল সেই অঞ্চলৰেই এই প্ৰতিবাদী কণ্ঠ! চতুৰ্থ শ্ৰেণীতেই স্কুলীয়া শিক্ষা সামৰা বীৰুবালাই জীৱনৰ অভিজ্ঞতাৰ শিক্ষাৰে, যুক্তিৰে, সাহসেৰে সোঁতৰ বিপৰীতে ঠিয় দিলে। মামণি শইকীয়াৰ হাত ধৰি এনেদৰে ভীৰৰ মাজৰ পৰা আন্ধাৰৰ বিৰুদ্ধে যুঁজিবলৈ সাহ কৰি ওলাই আহিল বীৰুবালা! সভা শেষ হ’ল। গাঁৱৰ ৰাইজে খবৰ পালে বীৰুবালাই ডাইনীবিশ্বাসৰ বিৰুদ্ধে ৰাজহুৱাকৈ কৈছে। ৰাইজে এঘৰীয়া কৰিলে বীৰুবালাক। ডাইনী-বিশ্বাসৰ বিৰুদ্ধে নকওঁ বুলি লিখি দি চহী কৰিবলৈ ক’লে। ইতিমধ্যে অসম মহিলা সমতা ছোছাইটিৰ ভৰসাৰে সাহসী বীৰুবালাই এই চাপৰ বিৰুদ্ধে সবল স্থিতিৰে সাহসেৰে অটল হৈ থাকিল। বৰঝৰা আঞ্চলিক মহিলা সমিতি আৰু মহিলা সমতা চোছাইটিৰ মামণি শইকীয়াৰ সহযোগত ডাইনী অপযশত নিৰ্যাতিতসকলৰ হকে গাঁৱে গাঁৱে ঘূৰি কাম কৰিবলৈ ধৰিলে দুৰ্গতৰ কষ্ট দেখিলে অন্তৰে কন্দা বীৰুবালাই। নিৰ্যাতিত সকলৰ, গাঁৱৰ পৰা অন্যায়ভাৱে খেদাখোৱা সকলৰ সংস্থাপনৰ বাবে আৰম্ভ কৰিলে সংগ্ৰাম। দুহেজাৰ চাৰি চনত মামণি শইকীয়াৰ উদ্যোগত বিশ্বৰ শান্তিৰ বাবে কামকৰা এশগৰাকী মহিলাৰ তালিকাৰ বাবে বীৰুবালা ৰাভাৰ নাম পঠিওৱা হ’ল। দুহেজাৰ পাঁচ চনত ইয়াৰ সমৰ্থনত তেওঁলোকে প্ৰমাণভৰা তথ্য বিচাৰিলে। কোলাত দুমহীয়া কেঁচুৱালৈ মামণি শইকীয়াই গাঁৱে গাঁৱে গৈ তথ্য সংগ্ৰহ কৰি পঠালে।

বীৰুবালাৰ নাম শান্তিৰ বাবে কাম কৰা বিশ্বৰ এশগৰাকীৰ তালিকাত অন্তৰ্ভুক্ত বুলি আনুষ্ঠানিক স্বীকৃতি লাভ কৰিলে। ইলোৰা বিজ্ঞান মঞ্চৰ পৰা 2005 চনত সম্বৰ্ধনা জনোৱা হ’ল অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগ্ৰামৰ এই অক্লান্ত যোদ্ধালৈ। লাহে লাহে বীৰুবালাৰ নাম সকলোৱে জনা হ’ল। বীৰুবালা ডাইনী অপবাদত নিৰ্যাতিত সকলৰ বাবে যেন হৈ পৰিল উদ্ধাৰকাৰিণী মছিহা! পুলিচ প্ৰশাসনৰ বহুতেই তেখেতলৈ সহায়ৰ হাত আগবঢ়ালে! দুহেজাৰ একৈছ চনত বীৰুবালা পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ’ল !

দুৰ্ভগীয়া “ডাইনী” সকলৰ দুৰ্ভোগৰ গাঁথা !

কোন বাৰু এই ডাইনী অপযশত ভুক্তভোগী লোকসকল? অন্ধবিশ্বাসৰ সুযোগ লৈ মানুহে মানুহৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কাহিনী এইবোৰ! সাধাৰণতে মহিলাকেই ডাইনী বুলি চিনাক্ত কৰে। কাৰণ এই পুৰুষতান্ত্ৰিক সমাজত নাৰী হ’ব পাৰে সহজ আক্ৰমণৰ লক্ষ্য। কোনোবা পুত্ৰসন্তান নথকা স্বামীৰ মৃত্যু হ’লে তেওঁক সম্পত্তিৰ ভাগ নিদিয়াকৈ খেদি দিবলৈ, অকলশৰীয়া, বিবাহ-বিচ্ছেদ হোৱা মহিলা, কাৰোবাৰ প্ৰতি ব্যক্তিগত ঈৰ্ষা-দ্বেষ চৰিতাৰ্থ কৰিবলৈ সহজ বুদ্ধি ! টকাৰ লোভত ওজা, দেওধনীয়ে কাৰোবাক ডাইনী বুলি চিনাক্ত কৰি দিলে অন্ধবিশ্বাসৰ অন্ধকাৰে আবৰা সমাজৰ ৰাইজে তাৰ বিৰুদ্ধে যাবলৈ ভয় কৰে । খুব কমসংখ্যক পুৰুষো এনে চক্ৰান্তৰ বলি হয়, ডাইনা বুলি অভিহিত হয়। গাঁৱত বেমাৰ আজাৰ হৈ, চিকিৎসাৰ অভাৱতো মানুহ মৰে। ওজা-বেজৰ জৰাপানী, গাছান্ত ঔষধ খাই ভাল নহ’লে বেজে কোনোবাই মন্ত্ৰ কৰি এনে কৰিছে বুলি বুজাই থয়। কেতিয়াবা কয় “আমুক ডাইনীয়ে তোৰ ছাৱাটাক খাইছে!” অজ্ঞতা, অন্ধবিশ্বাসে বিয়পোৱা ঘৃণাই মানুহৰ মনবোৰ বিষাক্ত কৰি তোলে ! উন্মাদৰ দৰে হৈ পৰে! অন্তৰৰ মায়া, মমতা অদৃশ্য পৰে! নিজৰ মানুহকেই সময়ত হত্যা কৰে নৃশংসভাৱে! তথাকথিত শিক্ষিত মানুহ কিছুমানো এই পশ্চাদপদ চিন্তাৰ পৰা মুক্ত নহয়! ভয়ৰ অন্ধকাৰে পিছলৈ টানি থাকে দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ!

জীৱনৰ অভিজ্ঞতাৰে যুক্তিবাদী বীৰুবালা

বীৰুবালা ৰাভাৰ সৰুতেই পিতৃ বিয়োগ হৈছিল। মাকে ধাইৰ কাম কৰিছিল বাবে সততে ই গাঁও সি গাঁও ঘূৰিবলগা হৈছিল। ঘৰখন চম্ভালি লোৱা বীৰুবালা নহ’লে মাকৰ নচলে মাকে জীয়েকৰ বাবে বিচাৰি লৈছিল ঘৰজোঁৱাই। হয়তো নিজৰ জন্ম গাঁওখনতেই নিগাজী হোৱা কথাটোৱে বীৰুবালাৰ সাহসত ইন্ধন যোগাইছিল। মানসিকভাৱে অসুস্থ বৰপুত্ৰ ধৰ্মেশ্বৰৰ ক্ষেত্ৰত দেওধনী ছাৰাল ৰাভাৰ পৰীয়ে লম্ভা বুলি কৈছিল আৰু তিনিদিন পিছত মৃত্যুমুখত পৰিব বুলি ভৱিষ্যতবাণী কৰিছিল। পিছে এই ভৱিষ্যৎবাণী নফলিয়ালে। ধৰ্মেশ্বৰক ডাক্তৰি চিকিৎসা কৰালে বীৰুবালাই। চহৰৰ পৰা বহু দূৰ মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁৱত থাকি ধৰ্মেশ্বৰৰ চিকিৎসা কৰাটো অসুবিধা হৈছিল। ইফালে 1996 চনত ধৰ্মেশ্বৰৰ দেউতাকৰো কেন্সাৰ ধৰা পৰিল। ব্যক্তিগত ঈৰ্ষা, আক্ৰোশৰ বাবে ভতিজাবোৱাৰীয়েকে কাৰোবাৰ আগত বীৰুবালাৰ ঘৰৰ অসুখ-বিসুখ সম্পৰ্কত মন্তব্য কৰিলে

” ঘৰোতে বাণ, ঘৰোতে ছান,

ঘৰোতে ডাইনী ঘৰোতে ভূতুনী” !

কথা গৈ বীৰুবালাৰ কাণত পৰিল। আগৰে পৰা মহিলা সমিতিৰ কাম কৰা বীৰুবালাই এই কথা সহ্য নকৰিলে। পুতেক ধৰ্মেশ্বৰক শ্বিলঙত চিকিৎসাৰ বাবে থৈ অহাৰ পিছত ৰাইজৰ ওচৰত অপযশ, মানহানিৰ বিচাৰ দিলে । অৱশেষত ভতিজাবোৱাৰীয়েকে সমাজত দণ্ড ভৰিবলগা হ’ল! মানসিকভাৱে দুৰ্বল হোৱাহেতেন হয়তো কথাই বেলেগ ৰূপ ল’লেহেতেন ! বীৰুবালাই দেখিছিল অজ্ঞতা, অভাৱ, যাতায়াতৰ অসুবিধা, চিকিৎসাসেৱাৰ সুযোগ দূৰৈত হোৱা আদিৰ দৰে নানা কাৰণত ভিতৰুৱা অঞ্চলৰ বহু মানুহে বেমাৰ-আজাৰ হ’লে বেজ, দেওধনীৰ আশ্ৰয় লয়। উপযুক্ত চিকিৎসাৰ ব্যৱস্থা থাকিলে বহু বেমাৰৰ পৰা ৰক্ষা পাব পাৰি বুলি তেওঁ উপলব্ধি কৰিছিল। মানুহ কেতিয়াও ডাইনী হ’ব নোৱাৰে – এয়া আছিল তেওঁৰ দৃঢ় বিশ্বাস।

অইনতকৈ বেলেগ মাতৃ

সমাজৰ নিৰ্যাতিত সকলৰ বাবে কাম কৰিবলৈ ওলাই অহা বীৰুবালা বহুসময়ত ঘৰৰ পৰা আতৰত থাকিবলগীয়া হৈছিল। অইন মাকবোৰৰ দৰে বিধে বিধে ব্যঞ্জন ৰান্ধি সকলো সময়ত সন্তানৰ আপদাল কৰিবলৈ অসুবিধা হৈছিল। ঘৰত থকা নুমলীয়া পুত্ৰ দয়ালু ৰাভাৰ শৈশৱৰ স্মৃতিত মাক নথকা দিনৰ ভিতৰে ভিতৰে নিৰাপত্তাহীনতাত ভোগাৰ স্মৃতিও হয়তো আছে! কিন্তু মাতৃৰ সাহসী, সংগ্ৰামী জীৱন আৰু বিনিময়ত পোৱা সন্মানে তেওঁলোকক গৰ্বিত কৰিছিল। কিন্তু মাতৃৰ অসুস্থতাৰ সময়ত পুত্ৰ-কন্যা-বোৱাৰী সকলোৱেই আন্তৰিকতাৰে শুশ্ৰূষা কৰিছিল। মিছন বীৰুবালাৰ কামকাজ আগুৱাই নিবলৈ তেওঁলোক আগ্ৰহী।

বীৰুবালাৰ সপোনটো

বিভিন্ন সময়ত বহুতেই সংগ্ৰামী বীৰুবালা ৰাভাৰ সাক্ষাৎকাৰ লৈছিল। সহজ সৰলভাবে, ঘৰুৱা সুৰৰ হেনাহুচা মাতকথাবোৰেৰে বীৰুবালা ৰাভাই বৰ্ণনা কৰিছে নিজৰ অভিজ্ঞতা। তেওঁৰ কথা-বতৰাই তেওঁৰ অকপট, সৰল অথচ শক্তিশালী ব্যক্তিত্ব আৰু দুৰ্গতজনৰ বাবে কাম কৰাৰ ক্ষেত্ৰত অটল আদৰ্শ প্ৰকাশ কৰিছে। বীৰুবালাই মহিলা সকলৰ দুৰ্গতিৰ কথাত কৈছে – ” আমি নিজেৰ হয়া মাত মাতিবা লাগে। …. নিজেৰ খায়া পৰেৰ হয়াও মাত মাতিবা লাগে।” ৰাভা মানুহ হৈয়ো ডাইনী বিশ্বাস কিয় নকৰে বুলি নিজৰ সম্প্ৰদায়ৰ লোকে অভিযোগ কৰাত তেওঁ কৈছে, “এই যে দেওধনী, তন্ত্ৰ-মন্ত্ৰ এতই পাৰে যদি, চুৰ-ডাকাইত গিলাকে ধৰিবা নাপাৰে কিয়া?” গাঁৱৰ মানুহে টকা-পইচাৰ অভাৱত, নিজৰ অজ্ঞতাৰ বাবে ৰোগৰ আৰম্ভণিৰ পৰা বেজ-বেজালি কৰে, শেষত মুমূৰ্ষু অৱস্থাত হস্পিটাললৈ লৈ যায় বাবে বহু সময়ত শোকাবহভাৱে আপোনজনক হেৰুৱাবলগা হয়! বীৰুবালা ৰাভাই এনে বহু ঘটনা বৰ্ণনা কৰি আক্ষেপ কৰি কৈছে” ইমান আঘাত-বিঘাত পায়াও মানুহে বেজ-বেজালি কৰে, ইটু ভুল!” এই অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজখনে বীৰুবালাক এইটো শিকাইছে যে উন্নত বাটপথ, গাঁৱেভূঞে উন্নত, সুলভ চিকিৎসাৰ ব্যৱস্থা, অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ অবিহনে এই অন্ধবিশ্বাসসমূহৰ পৰা মানুহক উদ্ধাৰ কৰা অসম্ভৱ।

এতিয়াও আতৰা নাই আন্ধাৰ !

বীৰুবালা ৰাভাৰ আদৰ্শেৰে অন্যান্য ভিতৰুৱা গাঁও কিছুমানৰ মানুহখিনিক সজাগ কৰাৰ উদ্দেশ্যে সভা পাতিবলৈ উদ্যোগ লোৱাৰ সময়ত গম পোৱা গ’ল ভয়ৰ আন্ধাৰ আতৰা নাই! ডাইনী-বিশ্বাসৰ বিৰোধ কৰি সভা পাতিলে পৰম্পৰাৰ বিৰোধ কৰা হ’ব বুলি গাঁৱৰ বহু মানুহেই ভয় কৰে। এতিয়াও দেখোন বহু তথাকথিত শিক্ষিত মানুহেও কাৰোবাৰ বেমাৰ হ’লে কাৰোবাৰ কু-নজৰ লগা বুলি বিশ্বাস কৰে! ডাইনী অপবাদত নিৰ্যাতন আৰু হত্যাৰ বিৰুদ্ধে 2015 চনত আইন প্ৰনয়ন হোৱাৰ পিছত অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰিবলৈ কিছু সুবিধা হয়। কিন্তু মনৰ আন্ধাৰ আতৰাব নোৱাৰিলে এই ব্যাধি দূৰ হ’ব জানো? তাৰবাবে হাজাৰ বীৰুবালাক হাতধৰি উলিয়াই আনিব লাগিব। আস্থা আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। আন্ধাৰ গুচোৱাৰ এই সংগ্রাম তীব্ৰতৰ কৰি তুলিব লাগিব! নাৰী সবলীকৰণ, অৰ্থনৈতিক নিৰাপত্তাৰ ব্যৱস্থা, সুশিক্ষা, স্বাস্থ্যৰক্ষা আৰু চিকিৎসাৰ সুব্যৱস্থা এইবোৰৰ বাৰে জনমত গঢ়ি তুলিব লাগিব। নাৰীক দুৰ্বল আৰু হীন বুলি প্ৰতিপন্ন কৰিব খোজা পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব লাগিব। অন্ধবিশ্বাস আৰু কুসংস্কাৰবিহীন এখন সমাজৰ বাবে আমাৰ কণ্ঠ একেলগে সজোৰে সৰব হ’ব লাগিব! আৰু যে বহু বাট আছে যাবলৈ!

(নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ মুখপত্ৰ ‘আৱাজ’ত পূৰ্বে প্ৰকাশিত)

Leave a Reply

Your email address will not be published. Required fields are marked *