গল্প-কবিতা

অখিল গগৈ সমীপেষু – (নয়নমণি মেধি)

বৰ কষ্টত আছোঁ ককাইদেউ
অসহনীয় এই যন্ত্ৰণা
.
সময় সলনি হৈছে যদিও পৰিস্থিতি একেই আছে
তেজক পানী কৰি চহাইছোঁ মাটি
ঋণৰ দায়ত বেচিছোঁ ভেটি
বন্ধকত থৈ বিবেক টোপ গিলি মৰিছোঁ
আমি বৰশীৰ মাছ
.
এজন ঝঞ্ঝা বিজয়ী বিপ্লৱীৰ সাধু সাধু লগা
কথাবোৰ শুনিছিলোঁ তাহানিতে
আজি যেন দেখা পালোঁ তোমাৰ মাজত
সেই একেই তেজ একেই আমঠু
.
বৰ কষ্টত আছোঁ ককাইদেউ
চকুৰ পানীবোৰ সৰি সৰি শিল হৈছে
তাৰে কাৰোবাৰ অন্তৰ গলাব নোৱাৰিলেও
অস্ত্ৰ সাজিব পাৰিম
.
বৰ কষ্টত আছা ককাইদেউ
কষ্টত আছে তোমাৰ বৃদ্ধা মাতৃ
পত্নী – পুত্ৰ – সুহৃদ – সজ্জন সকলো
.
কলিজা ক’লা পৰি যায় …

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *