গল্প-কবিতা

য়েছ মাই লৰ্ডশ্বিপ -(মুনমুন সৰকাৰ শ‌ইকীয়া)

য়েছ মাই লৰ্ডশ্বিপ!
আপোনাৰ দেশৰ নাগৰিক হোৱাটো এক ব্যয়বহুল কাৰবাৰ।
আমাৰ দৰে অনুষ্টুপীয়াকৈ জীয়াই থকাবোৰে
জীৱন বন্ধকত থৈ সংবিধান আওৰাওঁ।
.
আপোনাৰ দেশ!
হয়, আপুনি ৰাষ্ট্ৰ
আপুনি আইন
আপুনিয়েই সংবিধান।
আমি ৰাষ্ট্ৰপ্ৰেমী
আৰু ৰাষ্ট্ৰদ্ৰোহীৰ মাজৰ
সীমাৰেখা অতিক্ৰম কৰিব নোৱৰা
এক বিশেষ শ্ৰেণীৰ জনতা ।
.
য়েছ মাই লৰ্ডশ্বিপ
আপুনি গডছেক ভাল পোৱা ৰাষ্ট্ৰপ্ৰেমী!
আৰু আমি অহিংসাত বিশ্বাস ৰখা ৰাষ্ট্ৰদ্ৰোহী।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *