অসমীয়া গ্ৰন্থৰ ইতিহাসৰ বিষয়ে এখন মূল্যৱান গ্ৰন্থ ।। কৌশিক দাস
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
বেটুপাতৰ আলোকচিত্ৰখন দেখি এইখন এখন পুৰণি কিতাপ যেন লাগিব। নহয়, গ্ৰন্থখন সদ্য প্ৰকাশিত, প্ৰকাশৰ তাৰিখ—৯ ডিচেম্বৰ, ২০২৫। এই চমু লিখাত মূল্যবান গ্ৰন্থখনৰেই বতৰা দিবলৈ লৈছোঁ।

ঊনৈছ শতিকাটো বহুতো দিশৰ পৰা অসমৰ ইতিহাসত অতিশয় গুৰুত্বপূৰ্ণ। আৰম্ভণিচোৱাত আহোম ৰাজতন্ত্ৰৰ অন্তৰ্দ্বন্দ্ব, মানৰ আক্ৰমণ, ইংৰাজৰ শাসনাৰম্ভ—এইবোৰতো আছিলেই, তাৰ লগে লগে আছিল বহুজনচৰ্চিত ভাষিক বিপৰ্যয়ৰ কথা। বিপৰ্যয়ৰ লগে লগে কিন্তু আধুনিক অসমীয়া ভাষাৰ বিকাশৰ সূচনাও ঘটিছিল, সেই কথাটোও লক্ষ্যনীয়। তাত মিছনেৰীসকলৰ লগতে অসমৰ অসমীয়া-বাঙালীৰ ইতিবাচক অবদান-অৰিহণাৰ দিশটো অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠা আৰু বিকাশৰ ইতিহাসৰ এটা চিৰস্মৰণীয় অধ্যায়।
সেই গুৰুত্বপূৰ্ণ সময়ৰ বিচাৰ-বিশ্লেষণ অসমৰ পণ্ডিত-গৱেষকসকলে বহু দিনৰে পৰা ঐকান্তিকভাৱে, বহু কষ্টৰ মাজেৰে কৰি আহিছে। এই প্ৰসংগত থাওকতে মনলৈ আহে প্ৰসেনজিৎ চৌধুৰীদেৱৰ নিৰলস অনুসন্ধানৰ কথা। হীৰেন গোহাঁই, শিৱনাথ বৰ্মন আদি গৱেষকে উক্ত প্ৰসংগত বহুতো দিশ উন্মোচন কৰি থৈছে।
চাবলৈ গ’লে দুশ-ডেৰশ বছৰ বৰ বেছি দিনৰ কথা নহয়। কিন্তু দুখৰ কথা, আমাৰ ইয়াত ঘটনাৱলীৰ তথ্য-সংৰক্ষণৰ দিশটো বৰ দুৰ্বল। নাতিদূৰ অতীতৰ তথ্য-পাতিও অসমত সেয়েহে বৰ দুৰ্লভ হৈ পৰে। পণ্ডিত-গৱেষকসকলে বহু কষ্টৰ মূৰতহে তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এনে এটা পটভূমিত প্ৰকাশ হৈছে “ঊনৈছ শতিকাৰ অসমীয়া গ্ৰন্থ আৰু মুদ্ৰণ সংস্কৃতি”। গ্ৰন্থখন প্ৰণয়ন কৰিছে চিন্তাশীল চিৰিয়াছ লেখক প্ৰসূন বৰ্মনদেৱে।
এক কথাত, গ্ৰন্থখনত বৰ্ণিত হৈছে অসমীয়া গ্ৰন্থৰ মুদ্ৰণৰ আদি কালচোৱাৰ অতি ৰোমাঞ্চকৰ কাহিনী। সেই কাহিনী বিবৃত হৈছে অজস্ৰ তথ্যৰ সমাৰোহৰ মাজেদি। তেনে বহুতো তথ্য আমাৰ বাবে তেনেই নতুন। এইটো হৈছে গ্ৰন্থখনৰ আপুৰুগীয়া সম্পদ। কিছুমান তথ্য অৱশ্যে আমি পূৰ্বৰ পণ্ডিতসকলৰ বিভিন্ন ৰচনাৰ মাজতো পাওঁ—সেইটো সঁচা। কিন্তু বহুতো পূৰ্বৱৰ্তী তথ্যৰ মহামূল্যবান সংশোধনে গ্ৰন্থখনৰ মূল্য বৃদ্ধি কৰিছে। উদাহৰণ স্বৰূপে, সূৰ্য হাজৰিকা (পৃ. ২৫, ৫৩-৫৪), যোগেন্দ্ৰ নাথ ভূঞা (পৃ. ৩৯-৪০) আদিয়ে পূৰ্বে লিপিবদ্ধ কৰা তথ্য-ব্যাখ্যাৰ আংশিকতা-অসম্পূৰ্ণতা লেখকে নতুন তথ্যৰ আধাৰত প্ৰতিপন্ন কৰিছে। প্ৰসংগত উল্লেখ কৰিব পাৰি, অসমত অসমীয়াৰ পৰিৱৰ্তে বাঙালী ভাষাৰ প্ৰৱৰ্তনৰ আঁৰত এসময়ত “বাঙালী আমোলাৰ ষড়যন্ত্ৰ”-ৰ ভ্ৰান্ত তত্ত্ব এটা বৰ জনপ্ৰিয় হৈছিল। প্ৰসেনজিৎ চৌধুৰী, শিৱনাথ বৰ্মন আদি গৱেষকে বিপুল তথ্য-পাতিৰে উক্ত তত্ত্বটো আঁতৰাই পেলাইছিল। আলোচ্য গ্ৰন্থখনত আমি পাওঁ আনন্দৰাম ঢেকীয়াল ফুকনৰ গ্ৰন্থ “অসমীয়া লৰাৰ মিত্ৰ (দ্বিতীয় কাণ্ড)” প্ৰকাশত ৭৮-গৰাকী ব্যক্তিয়ে সহায় হিচাপে ৮৪৫.০০ টকা আগ বঢ়াইছিল—তাৰে বহুকেইগৰাকী আছিল বাঙালী মানুহ (পৃ. ৩৯-৪০)। এনে তথ্য বৰ চিত্তাকৰ্ষক।
গ্ৰন্থখনত সেইটো শতিকাত মুদ্ৰিত হোৱা বহুকেইখন গ্ৰন্থৰ সবিশেষ বতৰা আমি পাওঁ। সেই তালিকাৰ মাজত এখন গ্ৰন্থৰ নামে আমাক নিশ্চয় বিশেষ চিন্তাৰ খোৰাক দিব। গ্ৰন্থখনৰ নাম “গণিতৰ পুথি”, প্ৰকাশৰ চন ১৮৪৫। লেখক, বকুল কায়স্থ (পৃ. ৪১)। প্ৰথম অসমীয়া ছপা গ্ৰন্থ “ধৰ্ম্মপুস্তক” মুদ্ৰিত হোৱাৰ তিনিটা দশকৰ পাছতেই—“অৰুনোদই” প্ৰকাশৰ আগতেই— মুদ্ৰিত হোৱা গণিতৰ গ্ৰন্থখনৰ বাতৰি নিশ্চয় ৰোমাঞ্চকৰ! অৱশ্যে আলোচ্য গ্ৰন্থখনৰ উক্ত তালিকাত “গণিতৰ পুথি”-ৰ প্ৰকাশৰ স্থানটোৰ বাতৰি নাই। গ্ৰন্থখনে আৰু এটা ৰোমাঞ্চকৰ বাতৰি দিছে। অসমত ঊনৈছ শতিকাৰ মধ্যভাগত মিছনেৰীসকলে মুদ্ৰণৰ বাবে অসমীয়া হৰফ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। কথাটো নিশ্চয় বৰ চিত্তাকৰ্ষক। গ্ৰন্থাকাৰে লগতে উল্লেখ কৰিছে যে সেই হৰফ-নিৰ্মাণৰ উদ্যোগটো আছিল ক্ষণস্থায়ী, সি বেছি দিনলৈ টিকি নাথাকিল।
হৰফৰ সৈতে গ্ৰন্থখনত আলোচিত হৈছে মুদ্ৰণ শৈলীৰ কথা। হৰেক ৰকমৰ হৰফ আৰু মুদ্ৰণ শৈলীৰ কথা বৰ আকৰ্ষণীয়ভাৱে উত্থাপন কৰা হৈছে গ্ৰন্থখনত। কোৱা বহুল্য, এই বিষয়টো মাত্ৰ লেখি বৰ্ণনা কৰিব নোৱাৰি, বুজাব নোৱাৰি। গ্ৰন্থকাৰে এই প্ৰসংগত সন্নিবিষ্ট কৰিছে বহুতো অমূল্য চিত্ৰ। তেনে চিত্ৰসমূহে গ্ৰন্থখনক এক অতি উচ্চ মাত্ৰা প্ৰদান কৰিছে।
গ্ৰন্থখনত বেটুপাতৰ বিৱৰ্তন আৰু অলংকৰণৰ বিকাশ—এই দুটা প্ৰসংগও গুৰুত্ত্বসহকাৰে স্থান পাইছে। এই দুটি বিষয়তো সন্নিবিষ্ট কৰা হৈছে বহুতো চিত্ৰ।
কিতাপখনৰ পৰিশিষ্ট হৈছে বহুতো তথ্যৰ সম্ভাৰ। লগতে, তথ্যৰ সূত্ৰ হিচাপে দিয়া গ্ৰন্থৰ তালিকাখনে আগ্ৰহী পাঠকক বৰ সহায় কৰিব। গৱেষণামূলক গ্ৰন্থ এখনৰ নিৰ্ঘণ্ট প্ৰস্তুত কৰাটো এটা শ্ৰমসাধ্য কাম। কিতাপখনৰ নিৰ্ঘণ্ট যথেষ্ট নিষ্ঠাৰে প্ৰস্তুত কৰা হৈছে—এইটোৱে পাঠকক বৰ সহায় কৰিব।
মুঠ ১৮৮ পৃষ্ঠাৰ গ্ৰন্থখন প্ৰকাশ কৰিছে “বান্ধৱ”-এ। মূল্য ২৫০ টকা। ছপা আৰু পকাবন্ধা উন্নত। কিছুমান চিত্ৰ AI-ৰ সহায়ত অংকন কৰা হৈছে—এইটো কথাও উল্লেখনীয়। গ্ৰন্থখনত বৰ্ণাশুদ্ধি নাই বুলি ক’ব নোৱাৰি, কিন্তু তেনেই তাকৰ।
উল্লেখ কৰিছিলোঁ, গ্ৰন্থখন হৈছে অজস্ৰ তথ্যৰ সম্ভাৰ। কিন্তু তৎকালীন সামাজিক পটভূমিৰ বিস্তাৰিত বৰ্ণনা গ্ৰন্থখনত অনুপস্থিত। সেইটো অৱশ্যে গ্ৰন্থখনৰ অভিপ্ৰেত উদ্দেশ্য নহয়; হ’লেও কথাটো গ্ৰন্থখন পাঠ কৰি থকাৰ সময়ত মনলৈ আহিছিল।
বেটুপাত আৰু অলংকৰণ বৰ ভাল হৈছে। দুয়োটাই গ্ৰন্থখনে সামৰি লোৱা সময়চোৱাৰ সৈতে বৰ সংগতিপূৰ্ণ হৈ পৰিছে। এইটো টোকাৰ প্ৰথমতেই কথাটোৰ ইংগিত দিয়া হৈছে।
গ্ৰন্থখন প্ৰণয়ন কৰাৰ বাবে গ্ৰন্থকাৰ আৰু প্ৰকাশকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। কিতাপখনৰ বহুল প্ৰচাৰ হোৱাটো বাঞ্ছনীয়।

