গল্প-কবিতা

আকৌ আহিব—মানুহ (খগেশ সেন ডেকা)

ইয়াত এতিয়াও মানুহ আছেনে ?
চোতাল ভৰি গজিছে বিয়নি-সাৱটা
কাহিবন কেঁচুমতা চোৰাতৰ হাবি
কাহানিতে বন্ধ হ’ল পঁজাৰ পদূলি
নিফুট নিতাল শীতৰ জুহাল
লটকণ লিটিকাই
ক’তেনো হেৰাল
টঙীঘৰত চম্পাৱতী নাই৷

বৰ অন্ধকাৰ এই আততায়ী ৰাতি
চৌপাশে অপহুতা অসুৰা বৃত্তি
উশাহত কচাইখানাৰ
কেচেমা কেচেম গোন্ধ
ৰৈ ৰৈ ৰণশিঙা বাজে
মতিভ্ৰম সৈনিক আহে
বন্দুক টোঁৱাই
দেওপাৰি উৰি যায়
বন কুকুহা
খোৰোঙৰ ফেঁচু
পৰ্যুদস্ত সময়ৰ যাতনাত
সৰি পৰে নাহৰৰ একোখিলা পাত৷

ধুমুহাত দোঁ খোৱা বাঁহনিৰ দৰে
হিয়ালি-জিয়ালি
কোন কাঁচনীয়ে কান্দে
শিৰৰ সূৰ্য ডুবাৰ পৰত
কাৰ বুকুভগা চিঞৰত
আগলতি কলপাত লৰে৷

সমুখত নিথৰ নীৰৱ
তেজৰ দলিচাত
কোন বঙহৰ তুমৰলি দেহা৷

দোমোজাত তোলপাৰ সময়ৰ কঠিন প্ৰশ্ন
ক’ত পাম কোনে দিব
সুদিন সম্ভৱা বুকুজুৰ অমৃত সংবাদ
কোনে কাটিবহি
চোতালৰ গেজেপনি হাবি৷

আহিব
আকৌ আহিব
মানুহ
পদূলিৰ শলখা খুলি

অন্ধকাৰ মৰুপথৰ পথিকৃৎ
চেতনাৰ ঢিমিক-ঢামাক নক্ষত্ৰ পোহৰ
জীৱনৰ পৰা জীৱনলৈ
বৰ্তমানৰ পৰা ভৱিষ্যতৰ পৃথিৱলৈ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *