মণিপুৰৰ পৰা বিশ্বমঞ্চলৈ : ৰতন থিয়ামৰ নাট্যশিল্প ।। জিতু বুঢ়াগোহাঁই
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
২০২৫ চনৰ ২৩ জুলাইত মণিপুৰৰ প্ৰবাদপ্ৰতিম ব্যক্তিত্ব ৰতন থিয়ামে ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ৰতন থিয়াম আছিল একেধাৰে এগৰাকী শক্তিশালী মঞ্চ পৰিচালক, লেখক, ডিজাইনাৰ, সংগীতজ্ঞ, চিত্ৰশিল্পী, আৰু অভিনেতা। “Lord of Stage” খ্যাত থিয়ামৰ মৃত্যু কেৱল পৰিয়াল, সহকৰ্মী, দৰ্শকৰ বাবেই ব্যক্তিগত ক্ষতি নহয়, ভাৰতীয় নাট্যক্ষেত্ৰৰ বাবেও এক আঘাত। পৰিৱেশন আৰু সৃষ্টিশীল কলাৰ প্ৰায় প্ৰতিটো উপাদানতে সৃষ্টিশীল উজ্জ্বলতা বিস্তৃত হৈ থকা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ নাট্য-উদ্ভাৱক ৰতন থিয়াম কলা আৰু সংস্কৃতিৰ অনুপম ক্ষেত্ৰ ইম্ফলত ডাঙৰ-দীঘল হৈছিল, যিয়ে তেওঁৰ জীৱন আৰু কৰ্মত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁৰ পিতৃ থিয়াম তৰুণকুমাৰ শাস্ত্ৰীয় মণিপুৰী নৃত্যৰ অন্যতম সন্মানীয় গুৰু, আনহাতে মাতৃ বিলাসীনি দেৱী আছিল এগৰাকী প্ৰখ্যাত নৃত্যশিল্পী।
বি. ভি. কৰন্থ, কে. এন. পানিকাৰ, হাবিব তনবীৰ, বংশী কৌল আদিৰ সৈতে ৰতন থিয়াম স্বাধীনতাৰ পাছৰ নাট্য আন্দোলন “থিয়েটাৰ ফৰ ৰুটছ”ৰ অন্যতম আগশাৰীৰ ব্যক্তি আছিল, য’ত অনুশীলনকাৰীসকলে পৰম্পৰাগত আৰু থলুৱা প্ৰথাক ঔপনিৱেশিকৰণ মুক্ত প্ৰক্ৰিয়া হিচাপে আঁকোৱালি লৈছিল। এই আন্দোলনে ভাৰতীয় ধ্ৰুপদী, লোক-কলা, আৰু থলুৱা পৰিবেশন পৰম্পৰাক আধুনিক সংবেদনশীলতাৰ সৈতে পুনৰ উদ্ধাৰ আৰু একত্ৰিত কৰিবলৈ বিচাৰিছিল। সেয়া আছিল ভাৰতীয় সাংস্কৃতিক পৰিচয়ক পুনৰ সংজ্ঞায়িত কৰাৰ এক শক্তিশালী কৌশল।
নিজৰ গৃহভূমিৰ পৰা বৈচিত্ৰ্যময় পৰিৱেশন পৰম্পৰাৰ সংশ্লেষণ কৰি থিয়ামে এক নতুন নাট্যৰূপৰ সৃষ্টি কৰি মণিপুৰী আৰু ভাৰতীয় নাট্যক বিশ্বৰ মঞ্চলৈ লৈ যায়। তেওঁৰ নাট্য-ৰচনাৰ অন্যতম বৈশিষ্ট্য হ’ল ধ্ৰুপদী ভাৰতীয় নাট্য শাস্ত্ৰৰ গভীৰ জ্ঞান, পশ্চিমীয়া নাট্যৰ বাস্তৱবাদী দৃষ্টিভংগী, আৰু মণিপুৰৰ পৰম্পৰাগত থলুৱা শিল্পৰ সূক্ষ্ম সংগম। তেওঁ থাং-টাৰ দৰে মণিপুৰী যুদ্ধ কলা (Martial art), ৰাসলীলা, মণিপুৰী নৃত্য, সংগীত, আৰু দৈনন্দিন জীৱনৰ আচাৰ-ব্যৱহাৰক সৃজনশীলভাৱে ৰূপান্তৰিত কৰি এক নিজস্ব নাট্য-ভাষা গঢ়ি তোলাৰ চেষ্টা কৰিছে। এই সকলো উপাদান তেওঁ সুদক্ষভাৱে মিশ্ৰণ কৰি এনে এক নান্দনিক অভিজ্ঞতা প্ৰদান কৰে, য’ত পোৱা যায় পুৰণি আৰু নতুনৰ লগতে স্থানীয় আৰু বিশ্বজনীন অনুভৱ। এই মিশ্ৰণত কেতিয়াবা ধ্যানমগ্ন মৌনতা, কেতিয়াবা প্ৰচণ্ড শক্তিৰ বিস্ফোৰণ, আৰু প্ৰায়েই আধ্যাত্মিক বিশ্লেষণৰ ছাঁ দেখা যায়। তেনেদৰে থিয়ামে কেৱল মণিপুৰ বা ভাৰতৰ নাট্যশৈলীলৈ নহয়, বিশ্বমঞ্চলৈ নিজৰ নাট্যদৃষ্টিভংগীৰে এটা নতুন দিশ মুকলি কৰে—য’ত পৰম্পৰা আৰু আধুনিকতা, নৈঃশব্দ্য আৰু শব্দ, দৃশ্য আৰু অন্তৰ্দৃষ্টি একেলগে উচ্চাৰিত হয়। এই কলাত্মক কৌশলৰ জৰিয়তে থিয়ামে মণিপুৰৰ আৰ্থ-ৰাজনৈতিক আৰু সাংস্কৃতিক স্বকীয়তাক দৃঢ় কৰি তুলিছিল, মূল ভূখণ্ডৰ প্ৰধান সাংস্কৃতিক আখ্যানৰ পৰা পৃথক বুলি স্থান দিছিল। ইয়াৰ ফলত তেওঁ নাট্যকাৰ আৰু পৰিচালক হিচাপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। “চক্ৰব্যুহ”, “উৰুভংগম”, “উত্তৰ প্ৰিয়দৰ্শী” আদি তেওঁৰ বিখ্যাত নাটকসমূহে মণিপুৰী থিয়েটাৰ আৰু সামগ্ৰিকভাৱে ভাৰতীয় নাটকলৈ বিশ্বব্যাপী প্ৰশংসা কঢ়িয়াই আনিছিল।
ৰতন থিয়ামে চিত্ৰকলা, কবিতা, কল্পকাহিনী, সমালোচনাৰ জৰিয়তে নিজৰ সৃষ্টিশীল যাত্ৰা আৰম্ভ কৰিছিল। ১৯৭৪ চনত তেওঁ ইব্ৰাহিম আলকাজৰ অধীনত দিল্লীৰ “নেচনেল স্কুল অৱ ড্ৰামাৰ” পৰা অভিনয়ত বিশেষজ্ঞতাৰে স্নাতক ডিগ্ৰী লাভ কৰে। মণিপুৰলৈ উভটি আহি ১৯৭৬ চনত থিয়ামে ইম্ফলত “কোৰাছ ৰেপাৰ্টৰী থিয়েটাৰ” (Chorus Repertory Theatre) নামৰ এক নাট্যগোষ্ঠী স্থাপন কৰে—যি নাট্যগোষ্ঠী লাহে লাহে দৃশ্যগতভাৱে সমৃদ্ধ, পৰীক্ষামূলক, আৰু সামাজিকভাৱে দায়বদ্ধ ৰাষ্ট্ৰীয় নাট্যকেন্দ্ৰত পৰিণত হ’ল—য’ত সকলো অভিনেতাই আছিল নৃত্যশিল্পী, সংগীতজ্ঞ, চিত্ৰশিল্পী, আৰু সাধক। এই মঞ্চই বিশ্বজুৰি চিন্তাশীল আৰু নাট্যৰসিক ব্যক্তিৰ গভীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। থিয়ামে প্ৰাচীন গ্ৰীক নাটক আৰু জাপানৰ ‘নোহ’ নাট্যৰ প্ৰভাৱেৰে মেইটেই ৰীতি-নীতি, মণিপুৰী নৃত্য, থাং-টা যুদ্ধ কলা, মণিপুৰৰ পৰম্পৰাগত বাঁহৰ বাদ্যযন্ত্ৰ—পেনা আৰু ৱাৰী লিবাৰ দৰে পৰম্পৰাগত আখ্যানমূলক গায়ন-বায়ন, ভাৰতীয় ধ্ৰুপদী নাট্যৰ নীতি, বিশেষকৈ নাট্যশাস্ত্ৰৰ তত্ত্বসমূহক সাৰগৰ্ভভাৱে একত্ৰিত কৰিছে। কোৰাছ ৰেপাৰ্টৰী থিয়েটাৰৰ জৰিয়তে থিয়ামে প্ৰজন্মৰ পিছত প্ৰজন্মৰ শিল্পীসকলক প্ৰশিক্ষণ আৰু অনুপ্ৰাণিত কৰাৰ লগতে গ্ৰাম্য আৰু নগৰীয়া প্ৰতিচ্ছবি, পৰম্পৰাগত আৰু আধুনিক পৰিচালনা কৌশল, আৰু উদ্ভাৱনীমূলক মঞ্চশিল্পৰ সংমিশ্ৰণক উৎসাহিত কৰিছিল। ভাৰত আৰু বিদেশৰ বহু আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অতি উল্লেখযোগ্য অভিনয়েৰে সজ্জিত এই নাট্যমঞ্চই এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ পৰা সন্মানীয় ‘ফ্ৰিঞ্জ ফাৰ্ষ্ট এৱাৰ্ড, ১৯৮৭’, ‘ইণ্ডো-গ্ৰীক ফ্ৰেণ্ডশ্বিপ এৱাৰ্ড, ১৯৮৪’, ‘ডিপ্লমা অৱ চাৰ্ভাণ্টিং আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ ফেষ্টিভেল, ১৯৯০’ লাভ কৰিবলৈ সক্ষম হৈছে। থিয়ামে ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে নেচনেল স্কুল অৱ ড্ৰামাৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
মহাভাৰতৰ দ্ৰোণপৰ্বৰ আধাৰত নিৰ্মিত ৰতন থিয়ামৰ ‘চক্ৰব্যুহ’ ভাৰতীয় আৰু বিশ্ব নাট্যজগতত এক গুৰুত্বপূৰ্ণ অৱদান। ১৯৮৪ চনত তেওঁক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰা তেওঁৰ ‘চক্ৰব্যুহ’ নাটকখন সমগ্ৰ বিশ্বতে ১০০ বাৰতকৈও অধিক প্ৰদৰ্শন কৰা হৈছে। মণিপুৰৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ সন্মুখত উপস্থাপন কৰাৰ ক্ষেত্ৰতো এই নাটকৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। এই নাটকত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত অভিমন্যুৰ বীৰত্ব আৰু তেওঁৰ ট্ৰেজিক মৃত্যুৰ কাহিনীক কেন্দ্ৰ কৰি ৰতন থিয়ামে এক শক্তিশালী নাট্যৰূপ দিছে। চক্ৰব্যুহ মহাভাৰতৰ যুদ্ধৰ এক বিশেষ সামৰিক গঠনৰ নাম, যিটো দুৰ্যোধনৰ পক্ষৰ যোদ্ধা দ্ৰোণাচাৰ্যই পাণ্ডৱসকলৰ বিৰুদ্ধে ৰচনা কৰিছিল। এই জটিল গঠন ভেদ কৰিব পৰা যোদ্ধাৰ সংখ্যা অতি কম আছিল। অৰ্জুনৰ পুত্ৰ অভিমন্যুৱে এই চক্ৰব্যুহ ভেদ কৰিব জানিছিল, কিন্তু বাহিৰলৈ ওলাই অহাৰ কৌশল তেওঁৰ অজ্ঞাত আছিল। তেওঁ সাহসেৰে চক্ৰব্যুহত প্ৰৱেশ কৰে, কিন্তু কৌৰৱৰ যোদ্ধাসকলে তেওঁক ঘেৰি ধৰি নিৰ্মমভাৱে হত্যা কৰে। ৰতন থিয়ামৰ ‘চক্ৰব্যুহ’ কেৱল মহাভাৰতৰ এটা ঘটনাৰ পুনৰ্নিৰ্মাণ নহয়; ই মানৱ-জীৱনৰ সংঘাত, ত্যাগ, আৰু নৈতিক দ্বন্দ্বৰ প্ৰতীকী উপস্থাপন। থিয়ামে এই নাটকত জীৱনৰ জটিলতাক ‘চক্ৰব্যুহ’ৰ ৰূপক হিচাপে ব্যৱহাৰ কৰিছে, য’ত মানুহ প্ৰায়ে নিজৰ সিদ্ধান্ত আৰু পৰিস্থিতিৰ ফান্দত আৱদ্ধ হৈ পৰে।
ভাসৰ সংস্কৃত নাটকৰ পৰা অভিযোজিত ৰতন থিয়ামৰ আন এখন উল্লেখযোগ্য নাটক হ’ল ‘উৰুভংগম’। ‘উৰুভংগম’ মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ শেষৰ পৰ্যায়ৰ ওপৰত আধাৰিত, য’ত দুৰ্যোধনৰ কৰুণ পতন আৰু তেওঁৰ জীৱনৰ অন্তিম মুহূৰ্তৰ কথা চিত্ৰিত কৰা হৈছে। নাটকত দুৰ্যোধনৰ অহংকাৰ, তেওঁৰ যুদ্ধৰ সিদ্ধান্ত আৰু শেষত ভীমৰ হাতত তেওঁৰ পৰাজয়ৰ পাছত হোৱা মানসিক আৰু শাৰীৰিক পৰিস্থিতিৰ কথা চিত্ৰিত কৰিছে। থিয়ামে এই নাটকত দুৰ্যোধনক কেৱল খলনায়ক হিচাপে নহয়, এটা জটিল চৰিত্ৰ হিচাপে উপস্থাপন কৰিছে, যাৰ মৰ্যাদা, দায়িত্ব আৰু দুৰ্বলতাৰ মাজত সংঘাত চলিছে। নাটকখন কেৱল যুদ্ধ বা পৰাজয়ৰ কাহিনী নহয়, ইয়াত মানৱ-জীৱনৰ সংঘাত, কৰ্তব্য, আৰু নশ্বৰতাৰ দাৰ্শনিক বিষয়বস্তু উত্থাপন কৰা হৈছে। ‘উৰুভংগম’ আৰু ‘চক্ৰব্যুহ’— এই দুয়োখন নাটকে পুনৰ মহাকাব্যৰ প্ৰসংগ আহৰণ কৰি আধুনিক সময়ৰ দ্বিধা-দ্বন্দ্বৰ ওপৰত গভীৰ মন্তব্য আগবঢ়াইছে। এই নাট্যকৃতিৰ জৰিয়তে ৰতন থিয়ামে মহাকাব্যিক কাহিনীৰ কালজয়ী প্ৰাসংগিকতাৰ ওপৰত থকা নিজৰ বিশ্বাস প্ৰতিফলিত কৰিছে। তেওঁৰ দৃষ্টিত, অতীতৰ কাহিনীবোৰ কেৱল ইতিহাস নহয়, বৰঞ্চ আধুনিক সমাজৰ সংকট, নৈতিক দ্বন্দ্ব আৰু আত্মসংগ্ৰাম বুজাবলৈ এক শক্তিশালী দাপোন।
ৰতন থিয়ামৰ আন এখন উল্লেখযোগ্য নাটক হ’ল ‘উত্তৰ প্ৰিয়দৰ্শী’, যিখন তেওঁৰ নিৰ্দেশনাত কোৰাছ ৰেপাৰ্টৰী থিয়েটাৰৰ দ্বাৰা মঞ্চস্থ কৰা হৈছিল। এই নাটকখন সম্ৰাট অশোকৰ জীৱন আৰু তেওঁৰ দাৰ্শনিক পৰিৱৰ্তনৰ পৰা অনুপ্ৰাণিত, বিশেষকৈ তেওঁৰ যুদ্ধৰ পৰা অহিংসা আৰু বৌদ্ধ ধৰ্মৰ দিশে যাত্ৰাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত। ৰতন থিয়ামে এই নাটকত প্ৰাচীন ভাৰতীয় ঐতিহ্যৰ সৈতে সমকালীন সামাজিক-ৰাজনৈতিক বিষয়ৰ সংমিশ্ৰণ ঘটাইছে, য’ত মণিপুৰৰ সাংস্কৃতিক উপাদান আৰু তেওঁৰ স্বকীয় শৈল্পিক দৃষ্টিভংগী প্ৰতিফলিত হৈছে। নাটকখনে মণিপুৰৰ সামাজিক-ৰাজনৈতিক অস্থিৰতা, যেনে কুকি-মেইতেই সংঘৰ্ষ আৰু বিচ্ছিন্নতাবাদৰ প্ৰশ্নক প্ৰতীকীভাৱে প্ৰতিফলিত কৰে। অশোকৰ অহিংসাৰ পথ মণিপুৰৰ শান্তিৰ প্ৰতি এক আহ্বান হিচাপে পৰিগণিত হয়। বৌদ্ধ ধৰ্মৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি নাটকখনে মানৱ-জীৱনৰ আধ্যাত্মিক মাত্ৰা আৰু নৈতিক সংকটৰ বিষয়ে আলোচনা কৰে, যিটো সাৰ্বজনীন দৰ্শকৰ বাবে প্ৰাসংগিক।
ৰতন থিয়ামৰ ‘নাইন হিলছ ৱান ভেলী’ হ’ল মণিপুৰৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ ওপৰত আধাৰিত এক গভীৰ মঞ্চ প্ৰযোজনা, য’ত ঐতিহ্যবাহী আচাৰ-অনুষ্ঠান, সংগীত আৰু নৃত্যৰ জৰিয়তে ৰাজ্যখনৰ হিংসা, অসন্তোষ আৰু জাতিগত বিভাজনৰ অভিজ্ঞতা উজ্জ্বলকৈ উপস্থাপন কৰা হৈছে। ২৬-জনীয়া অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা ‘নাইন হিলছ ৱান ভেলী’ ২০০৫ চনৰ অক্টোবৰ মাহত ভাৰতৰ নতুন দিল্লীত প্ৰিমিয়াৰ হৈছিল। নাটকখন একেলগে এটি সাংস্কৃতিক নৃত্যনাট্য, এটি শোকগাথা আৰু এটি আত্মজাগৰণৰ আহ্বান। ‘নাইন হিলছ’ মানে মণিপুৰৰ পাহাৰীয়া জনগোষ্ঠীসকলৰ অস্তিত্ব আৰু সাংস্কৃতিক পৰিচয়, আৰু ‘ৱান ভেলী’ হৈছে সংহতি, সহাৱস্থান আৰু শান্তিৰ এক স্বপ্ন। এই নাটকখনত ৰতন থিয়ামে কৌশলৰে ৰাজনীতি, ধৰ্ম, ইতিহাস, জাতি আৰু আত্মচেতনা আৱদ্ধ কৰি এক গম্ভীৰ নাট্যভাষা গঢ়ি তোলে। ইয়াত দৰ্শকৰ হাহাকাৰো আছে, কিন্তু তাৰ মাজতে শুদ্ধ সৌন্দৰ্য্যৰ সম্ভাৰো আছে। ইয়াৰ প্ৰতীকী উপস্থাপন আৰু শৈল্পিক গভীৰতাই নাট্যশিল্পী আৰু দৰ্শকৰ মাজত মণিপুৰৰ জটিল পৰিস্থিতিৰ বিষয়ে সজাগতা সৃষ্টি কৰিছে। থিয়ামে কয় যে ‘নাইন হিলছ ৱান ভেলী’ হৈছে এক অস্থিৰ সমাজ আৰু ৰাজনৈতিক অস্থিৰতাৰ নথি—য’ত ভুক্তভোগীসকল কেৱল সাধাৰণ মানুহ।
গ্ৰীক ট্ৰেজেডী ‘এণ্টিগন’ আৰু ‘দ্য বাক্কে’-ৰ দৰে পাশ্চাত্য ক্লাচিক নাট্যক থিয়ামে মেইটেই সংস্কৃতিৰ আধাৰত স্থানীয়কৰণ কৰি, মণিপুৰী দৰ্শন আৰু পৰিৱেশন কলাৰ জৰিয়তে নতুন ৰূপত পুনৰ কল্পনা কৰিছিল। এই নাটকবোৰ তেওঁৰ থিয়েটাৰত পুনৰ্জন্ম লাভ কৰিছে—য’ত স্থানীয় বিশ্বাস, আৰ্হি, আৰু ধাৰণাবোৰে পশ্চিমীয়া শৈলীৰ অন্তৰ্দৃষ্টিৰে নতুন প্ৰেক্ষাপটত প্ৰতিষ্ঠাপন কৰিছে। আনকি শ্বেক্সপীয়েৰৰ ‘মেকবেথ’ থিয়ামৰ থিয়েটাৰত এক নতুন অনুৰণনত উজলি উঠিছিল—য’ত ক্ষমতা, ধৰ্ম, আৰু ভাগ্যৰ দ্বন্দ্ব মণিপুৰী সাংস্কৃতিক অভিজ্ঞতাৰ সৈতে সংগতি লাভ কৰিছিল।
ৰতন থিয়ামৰ নাটক চাই দৰ্শক কেৱল উত্তেজিত নহয়; তেওঁলোকে গভীৰ চিন্তা আৰু অনুভৱৰ সৈতে অলপ সময়ৰ বাবে স্তব্ধ হৈ পৰে। থিয়ামৰ নাটক শেষ হোৱাৰ পাছতো, তাৰ প্ৰভাৱ দৰ্শকৰ মনত দীৰ্ঘদিন ধৰি প্ৰতিধ্বনিত হৈ থাকে। থিয়ামে নিজৰ নাটকত মৌনতাৰ ভাষা সৃষ্টি কৰে। নিষ্ঠুৰতাৰ আঁৰৰ পৰা সৌন্দৰ্য্যৰ ৰেখা বাচি উলিয়ায়। তেওঁ থিয়েটাৰক এক ধ্যানমূলক অভিজ্ঞতা হিচাপে গঢ়ি তোলে, য’ত নাটক কেৱল এটা কাহিনী নহয়, বৰঞ্চ এটা দৰ্শন—এক আত্মানুসন্ধান। তেওঁ বিশ্বাস কৰিছিল যে থিয়েটাৰে কেৱল শ্লোগান উত্থাপন কৰাতেই সীমাবদ্ধ নাথাকে; ইয়াৰ মূল উদ্দেশ্য হ’ল গভীৰ চিন্তা আৰু বৌদ্ধিক আলোচনাৰ পথ উন্মোচন কৰা। তেওঁৰ নাটকবোৰে কেতিয়াও চিঞৰ-বাখৰৰ আশ্ৰয় লোৱা নাছিল, কিন্ত দৃঢ়ভাৱে উপস্থিত থাকি, দর্শকৰ মনত অসহজ অথচ অনিবার্য প্ৰশ্নবোৰ জাগ্ৰত কৰিছিল। নাটকসমূহৰ মৌনতাই যেন শব্দৰ তুলনাত বেছি শব্দৰ সৃষ্টি কৰিছিল—য’ত প্ৰতিটো দৃশ্যই এক গভীৰ আত্মসমীক্ষাৰ দিশে লৈ গৈছিল। তেওঁৰ নাট্যশৈলী ভাৰতীয় থিয়েটাৰৰ গভীৰতা, নীৰৱতা, আৰু সৌন্দৰ্য্যৰ এক অনন্য ৰূপ। তেওঁ নিজেই কৈছিল, “I am not trying to entertain, I am trying to awaken”।
সমালোচকসকলে ৰতন থিয়ামক প্ৰায়ে পোলেণ্ডৰ কিংবদন্তি থিয়েটাৰ পৰিচালক জেৰ্জি গ্ৰ’ট’স্কি আৰু ইংলেণ্ডৰ নাট্যশিল্পৰ দিগ্গজ পিটাৰ ব্ৰুকৰ সৈতে একে শ্ৰেণীত স্থান দিছে, কাৰণ তেওঁৰ নাট্যশিল্পই শব্দৰ পৰা গভীৰ চিন্তালৈ, দৃশ্যৰ পৰা আত্মাৰ দিশলৈ যাত্ৰা কৰে। ই কেবল নাটক নহয়— ই এক জীৱন্ত সাধনা। কিন্তু থিয়াম কেৱল নাট্য পৰিচালক হিচাপে সীমিত নহয়—তেওঁ এজন প্ৰশিক্ষিত মণিপুৰী নৃত্যশিল্পী, এজন দক্ষ চিত্ৰশিল্পী আৰু হিন্দুস্তানী সংগীতৰ এক গম্ভীৰ অধ্যয়নেৰে সমৃদ্ধ কণ্ঠশিল্পী। এই বহুমুখী কলাশিক্ষাৰ অভিজ্ঞতাই তেওঁৰ থিয়েটাৰক শব্দ, গতি, দৃশ্য আৰু নৃত্যৰ এক আন্তৰ্ধাৰণিক (interdisciplinary) নাট্যমঞ্চলৈ উন্নীত কৰিছে।
ৰতন থিয়ামৰ থিয়েটাৰৰ বিশালতা আৰু তেওঁৰ শিল্পৰ গভীৰতা কেৱল বঁটা আৰু স্বীকৃতিৰ জৰিয়তে সম্পূৰ্ণৰূপে মূল্যায়ন কৰা সম্ভৱ নহয়। তথাপি, তেওঁৰ অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপ তেওঁ ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠিত সন্মান আৰু পুৰস্কাৰ লাভ কৰিছে। এই সন্মানসমূহ তেওঁৰ নাট্যকলা, সাংস্কৃতিক উত্তৰাধিকাৰৰ সংৰক্ষণ আৰু মানৱীয় মূল্যবোধৰ প্ৰতি তেওঁৰ নিষ্ঠাৰ সাক্ষ্য বহন কৰে— ৰাষ্ট্ৰীয় একাডেমী বঁটা (সংগীত নাটক একাডেমী), ১৯৮৭; পদ্মশ্ৰী, ১৯৮৯; লা গ্ৰেণ্ড মেডাইল, ১৯৯৭ (ফ্ৰান্স); থিয়েটাৰ আৰু মানৱতাবাদৰ ক্ষেত্ৰত বছৰৰ আন্তঃৰাষ্ট্ৰীয় পুৰুষ, ১৯৯৮-৯৯; জন ডি ৰকফেলাৰ বঁটা, ২০০৮।
ৰতন থিয়াম হিংসা আৰু কুসংস্কাৰৰ নিৰ্ভীক সমালোচক আছিল। সংঘাত আৰু অশান্তিৰে দীৰ্ঘ সময় ধৰি জর্জৰিত মণিপুৰত বসবাস কৰি তেওঁ নিজৰ থিয়েটাৰক এক নিৰৱ অথচ শক্তিশালী প্ৰতিবাদৰ মাধ্যমত পৰিণত কৰিছিল। তেওঁৰ ভ্ৰাম্যমাণ নাট্যশিল্পই অস্তিত্বৰ সংগ্ৰামত জড়িত সাধাৰণ মানুহৰ কষ্ট আৰু নিৰব কান্দোনক মঞ্চৰ ভাষা দিছিল। তেওঁ নাট্যকলাৰ জৰিয়তে অত্যাচাৰী ব্যৱস্থাক প্ৰশ্ন কৰিছিল আৰু মণিপুৰৰ বহুজাতিক, বহুসাংস্কৃতিক ঐতিহ্যক উদ্ভাসিত কৰিছিল। তেওঁৰ সৃষ্টি যেন মণিপুৰবাসীৰ যন্ত্ৰণাৰ ওপৰত এৰা এক শিল্প-প্ৰতিবাদ আছিল—মৌনতাৰ মাজেৰে উচ্চাৰিত এক ন্যায়ৰ দাবী। মণিপুৰৰ সৈতে জড়িত চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ২০০১ চনত ‘পদ্মশ্ৰী’ ঘূৰাই দিয়াৰ কাৰ্যই তেওঁৰ নীতিৰ প্ৰতি অদম্য দায়বদ্ধতা আৰু কৰ্তৃত্বক প্ৰত্যাহ্বান জনাবলৈ ভয় নকৰা সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে তেওঁৰ পৰিচয়ৰ উদাহৰণ দাঙি ধৰিছিল। ২০২৩ চনত মণিপুৰত জাতিগত হিংসাৰ মাজতে তেওঁ শান্তি সমিতিত যোগদানৰ আমন্ত্ৰণ নাকচ কৰিছিল, ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীক শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তি দেখুৱাবলৈ আহ্বান জনাইছিল।
বহু দিশত ৰতন থিয়ামে উত্তৰ-পূবত থকা দীৰ্ঘদিনীয়া সাংস্কৃতিক শূন্যতা পূৰণ কৰি এক সমৃদ্ধ উত্তৰাধিকাৰ এৰি থৈ গ’ল যিয়ে সদায় প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব।

