বিবিধ চিন্তা

এন্ড্রমিডাৰ পাঠশালাত -(প্ৰজিত নাথ)

(তাৰিখ: ২৮/০৭/২০৮৭ স্থান: এন্ড্রমিডাৰ এচুকৰ এটি গ্ৰহ)

ছাত্ৰ-ছাত্ৰীসকল!
সৌ সূদূৰৰ গ্ৰহটোত বহুদিন ধৰি আক্ৰমণাত্মক হৈ আছিল এক ভাইৰাছ
যাৰ নাম আছিল ধৰ্ম
তাৰ আক্ৰমণত অনেক বৰ্ষ ধৰি আক্ৰান্ত হৈ আহিছিল
কোটি কোটি হ’ম’ ছেপিয়েন্স

হঠাৎ, সেইবাৰ সেই গ্ৰহটোৰ ফাগুনৰ সময়ত বতাহত উৰি ফুৰিছিল
অন্য এক সাংঘাতিক ভাইৰাছ—
যিয়ে ধৰ্মক পিছ পেলাইছিল

ধৰ্ম নামৰ ভাইৰাছটো যিবোৰে বিয়পাই আহিছিল
লাহে লাহে সিহঁতৰ বেপাৰ বন্ধ হৈছিল

চহৰবোৰে নিঃপালি দিছিল
গাঁৱবোৰ মৰিশালী হৈছিল

ধৰ্মৰ নামত নগৰবোৰ স্তব্ধ হৈ গৈছিল
বন্ধ হৈছিল শব্দ-প্ৰদূষণ—
ঈশ্বৰ-আল্লা-গড নাম কাল্পনিক চৰিত্ৰটো
অকৰ্মণ্য বুলি মানি লৈছিল
সেই গ্ৰহৰ অদ্ভূত হ’ম’ ছেপিয়েন্সবোৰে।

ধৰ্মৰ নামত
জাতিৰ নামত
বৰ্ণৰ নামত
চলি থকা জঘন্য অস্পৃশ্যতাৰ পৰা মুক্ত হৈছিল গ্ৰহটো

নতুন ভাইৰাছটোৰ ভয়ত হ’ম’ ছেপিয়েন্সবোৰে
ইচ্ছা থাকিলেও মানিব পৰা নাছিল
ধৰ্মীয় ৰীতি-নীতিবোৰ।
মৃতদেহবোৰ জ্বলোৱাৰ বাবে কোনো নাছিল,
মাটিত পুতিবলৈও কোনো নাছিল
ৰীতিমতে মৃতদেহৰ অন্তিম সংস্কাৰ কৰিবলৈও
কোনো ধৰ্মৰ কোনোৱে সুযোগ পোৱা নাছিল…..

জাত-পাত, ধৰ্ম, দেহৰ ৰং, কাপোৰ
এইবোৰলৈও চিন্তা কৰাৰ কাৰো সামৰ্থ্য নাছিল
নতুন ভাইৰাছটোৰ আক্ৰমণত

হ’ম’ ছেপিয়েন্সবোৰ সেই গ্ৰহৰ পৰা নোহোৱা হৈছিল….

আৰু শুনা ছাত্ৰ-ছাত্ৰীসকল,
আমাৰ এই গ্ৰহত তেতিয়াই সৃষ্টি হৈছিল—
সাম্য-মানৱ নামৰ নতুন প্ৰজাতি এটিৰ

ছাত্ৰ-ছাত্ৰীসকল!
আজি তোমালোকৰ ঘৰৰ কাম হ’ব
এখন ৰচনা লিখা, যাৰ শিৰোনাম—
‘ধৰ্ম নামৰ ভয়ংকৰ ভাইৰাছৰ পৰা বাচি থকাৰ উপায়’
লগতে আৰু এটা কাম লোৱা—,
প্ৰস্তুত কৰা সেই তাহানিৰ সৌ গ্ৰহটোৰ
ধৰ্মবিৰোধী হ’ম’ ছেপিয়েন্সৰ নামৰ এখন তালিকা

(এন্ড্রমিডা তাৰকাৰাজ্যৰ কোনো এক চুকত অৱস্থিত সাম্য-গ্ৰহৰ এক ভিতৰুৱা অঞ্চলৰ বিদ্যালয়খনত ইতিমধ্যে ছুটীৰ ঘণ্টা বাজিল। ঘৰলৈ উভতাৰ পথত ছাত্ৰ-ছাত্ৰীহঁতে সিহঁতৰ মাক-দেউতাকক আমনি কৰি গ’ল সেই নিচিহ্ন হৈ যোৱা হ’ম’ ছেপিয়েন্স আৰু সিহঁতৰ পৃথিৱী নামৰ গ্ৰহটোৰ কথা সুধি সুধি….)

দূৰৈত ৰিণিকি-ৰিণিকি তেতিয়া বাজি আছিল
কোনোবা হ’ম’-ছেপিয়েন্সৰ এটা বিখ্যাত বিশ্ব-সংগীত

Print Friendly, PDF & Email

One thought on “এন্ড্রমিডাৰ পাঠশালাত -(প্ৰজিত নাথ)

  • Dr Kaushik Bhuyan Keot

    Nice piece 👍

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *