বিজ্ঞান-প্ৰযুক্তি

অসমত ধেমচি খেতি : কৃষিপদ্ধতি আৰু বৰ্দ্ধিত সম্ভাৱনাৰ প্ৰসংগত (মানসী বৰুৱা)

পৰিচয়

ধেমচি বা Buck wheat হৈছে দক্ষিণ-পূৱ এছিয়ান মূলৰ এবিধ ৰবিশস্য। এইবিধ উদ্ভিদ প’লিগ’নেচি (Polygonaceae) গোত্ৰৰ অন্তৰ্ভুক্ত। সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন অঞ্চলত এইবিধ শস্যৰ খেতিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে। অসমত প্ৰধানতঃ ধেমচিৰ দুটা প্ৰজাতিৰ খেতি কৰা হয়— Fagopyrum esculentum আৰু F. tatarricum। যদিও ধেমচি ঘাঁহ গোত্ৰৰ অন্তৰ্গত নহয়, তথাপি ইয়াৰ প্ৰধান ব্যৱহাৰটো ধান আদি শস্যৰ গুটিবোৰৰ (cereal grain) দৰেই, কিয়নো ইয়াতো কমপ্লেক্স কাৰ্ব’হাইড্ৰেট থাকে। সেই হেতুকে ধেমচিক Pseudo-cereal / Nutri-cereal বুলিও আখ্যা দিয়া হয়।

কুমলীয়া অৱস্থাতে শাক হিচাপে ব্যৱহাৰ কৰিবলৈ ধেমচিৰ বীজ শাক-পাচলিৰ বাগিচাত সিঁচা হয়। আনহাতে, শস্যবিধৰ গুটি চপাবৰ বাবে বহল ভিত্তিত এই খেতি কৰিব লাগে। ইয়াৰ উপৰি আৱৰণী শস্য (cover crop) হিচাপে ই বন-বাত নিয়ন্ত্ৰণৰ লগতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। ধেমচি খেতিৰ পৰা হ’ব পৰা লাভালাভ আৰু ইয়াৰ বহুমুখী ব্যৱহাৰৰ বিষয়ে কৃষকসকল সচেতন হোৱাৰ পৰাই ধেমচি খেতিয়ে অসমত দখল কৰা কৃষিভূমিৰ পৰিমাণ বাঢ়ি আহিছে। নামনি অসমৰ বিভিন্ন জিলা যেনে চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা ইত্যাদিৰ কৃষিভূমি বিশেষত এই খেতিয়ে এক বিস্তীৰ্ণ অঞ্চল দখল কৰা দেখা পোৱা গৈছে। এই চমু নিবন্ধত শস্যবিধৰ বিষয়ে কিছু কথা আলচ কৰিবলৈ ওলাইছোঁ।

ধেমচি খেতিৰ পথাৰ (স্থান: পাণবাৰী, চিৰাং জিলা)

ভূমি নিৰ্বাচন আৰু প্ৰস্তুতি

ধেমচি খেতিৰ বাবে বালিচঁহীয়া তথা পলসুৱা মাটি উপযোগী বুলি ধৰা হয়। ৪-৫ চাহমান হাল বাই, মৈ দি মাটিখিনি ভালদৰে মিহি কৰি ল’ব লাগে। উপযুক্ত ভূমিত আহিন-কাতি মাহৰ ভিতৰতে শস্যৰ বীজ সিঁচিব লাগে। মন কৰিবলীয়া যে বীজ সিঁচাৰ প্ৰায় এমাহমান আগতেই প্ৰথমবাৰ হাল বাই ল’ব লাগে। নিৰ্বাচন কৰা মাটিভাগ জমা হোৱা অৱশিষ্ট পানী বোৱাই নিব পৰা ক্ষমতাসম্পন্ন হ’ব লাগে।

বীজ সিঁচাৰ পৰা চপোৱালৈ প্ৰায় ৯০-১১০ দিনৰ সময় লয়। ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলত অক্টোবৰ মাহত আৰু নামনি অঞ্চলত অক্টোবৰৰ পৰা নবেম্বৰ মাহৰ মাজ ভাগলৈকে বীজ সিঁচিব পাৰি ৷

 বীজৰ পৰিমাণ

✔ প্ৰতি বিঘাত ২.৭ কিলোগ্ৰাম

✔প্ৰতি হেক্টৰত ২০ কিলোগ্ৰাম

বীজ সিচোঁতে শাৰীৰ মাজত ৩০-৪৫ ছে:মি: আৰু গছৰ মাজত ১০-১৫ ছে:মি: ব্যৱধান ৰাখি বীজ ৰোপন কৰা উচিত।

বীজ সিঁচাৰ পদ্ধতি

৩০ ছে:মি: ব্যৱধানত ৩-৫ ছে:মি: দকৈ গাঁত কৰি বীজ সিঁচিব লাগে৷ বীজ সিঁচাৰ পিছত মৈ দি বীজবোৰ মাটিৰে ঢাকি দিয়া হয়। সাধাৰণতে বীজ সিঁচাৰ ৪-৫ দিনৰ পিছত অংকুৰিত হ’বলৈ ধৰে।

সাৰৰ প্ৰয়োগ

  • নাইট্র’জেন-প্ৰতি বিঘাত ২.৬ কি.গ্ৰা.
  • ইউৰিয়া-প্ৰতি বিঘাত ৬ কি.গ্ৰা.
  • ফছফৰাচ-প্ৰতি বিঘাত ১.৩ কি.গ্ৰা.
  • একক চুপাৰ ফছফেট-প্ৰতি বিঘাত ৯ কি.গ্ৰা.
  • পটাছ-প্ৰতি বিঘাত ১.৩ কি.গ্ৰা.
  • মিউৰেট অব পটাছ-প্ৰতি বিঘাত ২ কি.গ্ৰা.

বীজ সিঁচাৰ এদিন আগেয়ে ভালদৰে মাটিৰ লগত মিহলাই লৈ সমুদায় সাৰ প্ৰয়োগ কৰিব লাগে৷

পানীৰ ব্যৱস্থাপনা

ফুল ফুলাৰ আগৰ সময়খিনি আৰু ফল ধৰাৰ সময়খিনিত ধেমচি খেতিয়ে উপযুক্ত পৰিমাণত পানী যোগান পাব লাগে, নহ’লে উৎপাদনত প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

অপতৃণ নিয়ন্ত্ৰণ

অপতৃণবোৰ ৪-৫ পতীয়া হোৱাৰ আগতেই হাতেৰে বা খন্তি ব্যৱহাৰ কৰি উঠাব লাগে। ধেমচি শস্যবিধত অপতৃণৰ উপদ্ৰৱ সাধাৰণতে কম, তথাপি প্ৰয়োজন সাপেক্ষে বন-বাত নাশিবলৈ নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি।

ধেমচি গুটিৰ পৰা উৎপাদিত গু‌ড়ি (flour)

পোকপতংগৰ আক্ৰমণ আৰু নিৰাময়ৰ নিদান

মোৱাপোকে ধেমচি পথাৰত প্ৰৱলভাৱে আক্ৰমণ কৰিলে নিয়ন্ত্ৰণৰ বাবে তলত উল্লেখিত যিকোনো এবিধ ঔষধ প্ৰয়োগ কৰিব লাগে৷ ফুল ধৰাৰ আগতে এনে ব্যৱস্থা ল’লে বেছি সুফল পোৱা যায় ।

  • ক্ল’ৰ’পাইৰিফছ (দাৰ্চবান ২০ ইচি), বিঘাই প্ৰতি ৬৭ মি: লি:,
  • ডাইমিথ’ৱেট (ৰগৰ ৪০ ইচি), বিঘাই প্ৰতি ৬৭ মি: লি:,
  • ফ’চফামিদ’ন (ডাইমেক্ৰন ১০০ ইচি), বিঘাই প্ৰতি ২৭ মি: লি:।

হাতেৰে চালিত স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে উক্ত পৰিমাণৰ ঔষধ প্ৰতি বিঘাৰ বাবে ৬৫-৯০ লিটাৰ পানীত (প্ৰতি হেক্টৰ মাটিৰ বাবে ৫০০-৭০০ লিটাৰ পানীত) মিহলাই স্প্ৰে কৰিব লাগে। শক্তি চালিত স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে প্ৰতি বিঘাৰ বাবে ২৫-৩০ লিটাৰ পানীত (প্ৰতি হেক্টৰৰ বাবে ২০০-২৫০ লিটাৰ পানীত) এই পৰিমাণৰ ঔষধ মিহলাই স্প্ৰে কৰিব লাগে।

ধেমচি খেতিৰ ৰোগ আৰু ইয়াৰ নিৰাময়ৰ নিদান

কেতিয়াবা ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত পাউদাৰী মিলদিও (Powdery mildew) আৰু ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত ডাউনী মিলদিও (Downy mildew) নামৰ ভেঁকুৰে ধেমচি খেতিত অনিষ্ট সাধন কৰা দেখিবলৈ পোৱা যায়। ৰোগাক্ৰান্ত বীজ ৰোপনৰ পৰা আঁতৰি থাকিব লাগে। লগতে ট্ৰাইক’ডাৰ্মা ভিৰিদি (@২.৫ কি.গ্ৰা.), FYMৰ সৈতে (@২৫ কি.গ্ৰা.) মিহলাই মাটিত প্ৰয়োগৰ দ্বাৰা সুফল লাভ কৰিব পাৰি।

কাণ্ড পচা (Stem rot) ৰোগৰ পৰা হাত সাৰিবলৈ ক’পাৰ অক্সিক্ল’ৰাইড @০.২৫-০.৩% হাৰত ৰোগ আৰম্ভ হোৱা প্ৰাৰম্ভিক অৱস্থাতেই স্প্ৰে কৰি দিয়া দৰকাৰ।

ধেমচিৰ ফুল আৰু গুটি

খেতি চপোৱা

শস্যৰ ছেঁইবোৰ শুকাই আহিব ধৰাৰ লগে লগে আৰু গুটিবোৰ ক’লা পৰিব ধৰা সময়তে শস্য চপাব লাগে। খেতি চপোৱাৰ পিছত গছবোৰ পথাৰত ২-৩ দিন ৰ’দত শুকুৱাই ল’ব লাগে৷ গৰুৰে গৰকাই নাইবা মাৰিৰে কোবাই গুটিবোৰ পৃথক কৰিব পাৰি। ভালদৰে প্ৰতিপালন কৰা ধেমচি খেতিৰ এবিঘা মাটিৰ পৰা ২ কুইণ্টল নাইবা এক হেক্টৰত ১২-১৫ কুইণ্টল পৰ্যন্ত উৎপাদন পাব পাৰি।

ধেমচিৰ ব্যৱহাৰ

মৰণা মৰাৰ পাছত ঢেঁকীৰ সহায়ত বা যান্ত্ৰিক উপায়ত খুন্দি গুটিবোৰৰ বাকলি গুচাই গুড়ি কৰি আটা প্ৰস্তুত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা আটা, ঘেঁহু বা বাৰ্লিৰ আটাৰ লগত মিহলি কৰি বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্যৰ লগতে bread, pancakes, noodles আদি প্ৰস্তুত কৰা হয়।

শস্যৰ সেউজীয়া কোমল গা-গছক গৰু, ম’হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও শুকান গা-গছক খৰি হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়।

আহঁজাতীয় উপাদানেৰে সমৃদ্ধ হোৱা বাবে ই স্বাস্থ্যৰ পক্ষে উপকাৰী। মধুমেহ, ৰক্তচাপ, হাৰ্টৰ সমস্যা আদিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ইয়াক লাভদায়ক বুলি পোৱা গণ্য কৰা হৈছে। প্ৰ’টিনত চহকী হোৱা বাবে নিৰামিষভোজীসকলৰ আহাৰৰ তালিকাত ই বিশেষ স্থান অধিকাৰ কৰিছে।

ধেমচি গু‌ড়িৰ পৰা তৈয়াৰী বিস্কুট

ধেমচি খেতিৰ বৰ্দ্ধিত দিশ আৰু সম্ভাৱনা

ধেমচি খেতিৰ বাঢ়ি অহা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই কথা ক’ব পাৰি যে আগন্তুক দিনত অসমৰ ৰবিশস্যৰ পথাৰত ধেমচিয়ে এক সুকীয়া স্থান ল’ব। নামনিৰ বিভিন্ন অঞ্চলত সৰিয়হৰ হালধীয়া পথাৰবোৰ ইতিমধ্যেই ধেমচিয়ে দখল কৰি লৈছে। স্থানীয় কৃষকৰ ভাষ্য অনুসৰি সৰিয়হৰ পৰা পোৱা আয়ৰ তুলনাত ধেমচিয়ে বেছি আয় প্ৰদান কৰিবলৈ সক্ষম হৈছে হেতুকে তেওঁলোকে ধেমচি খেতিত বেছি আগ্ৰহ প্ৰকাশ কৰিছে।  অৱশ্যে মনকৰিবলগীয়া কথা, বৰ্তমানৰ বজাৰখন উৎপাদনখিনিক আৰু অধিক আগুৱাই নিবলৈ ইমানখিনি সবল হোৱা নাই। গতিকে সেই দিশত মনোনিৱেশ কৰাৰ থল আছে। সামগ্ৰিকভাৱে দেখিবলৈ পোৱা মতে নামনি অসমত ধেমচিয়ে অধিক ভূমি দখল কৰি আছে। আশা কৰা যায় যে অতি কম সময়ত এইবিধ শস্য অসমৰ সকলোতে সমাদৃত হ’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *