ভাগ বতৰা ।। শান্তনু কোঁৱৰ
মুক্ত চিন্তা। একাদশ বছৰ। ১ম সংখ্যা
কেতিয়াবা তুমি পুনৰ জীয়াই তোলা মোক
জীৱন অকলে জীয়াব নোৱাৰি
কেতিয়াবা মাজনিশা বুকুলৈ টানি লোৱা
মই যেন তোমাৰ একমাত্ৰ পৃথিৱী
কেতিয়াবা ভাগোতে ভিতৰি
একমাত্ৰ ঘৃণাৰ পাত্ৰ হওঁ মই
কেতিয়াবা আকাশ কদাকাৰ
বাট চাওঁতে মোলৈ
প্ৰেম বুলিয়ে ডিঙিত আঁৰি লোৱা
ধুমুহাৰ গামোচা
কেতিয়াবা উচুপনিত গৃহহীনৰ ভয়াৰ্ত সেমেকা চকুলো
তুমি উঠি আহোঁতে বুকুলৈ
নামনিত জ্বলিল দাওদাওকৈ
দুখন গাঁও
কেতিয়াবা ভাগি পৰোঁ মই, কেতিয়াবা তুমি
যন্ত্ৰণা কেতিয়াবা বিলাস,
কেতিয়াবা তেজৰ উচপিচনি।

