কেন্দ্ৰীয় নিবন্ধ

অন্ধবিশ্বাস, বিজ্ঞানমনস্কতা আৰু ভূপেন হাজৰিকা ।। বৰ্ণালী বৰুৱা দাস

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

পাতনি:

ভূপেন হাজৰিকা যুক্তিবাদী আছিল নে? প্ৰশ্নটো শুনি বহুতেই হয়তো পোনচাটেই উপহাস কৰিব – ‘প্ৰশ্ন নাপালে আৰু?’ কোনোবাই হয়তো ক’ব, ‘শোষিত, বঞ্চিত জনগণৰ মুক্তিৰ বাবে গান গোৱা ভূপেন হাজৰিকা ‘যুক্তিবাদী’ আছিল নে বুলি সুকীয়াকৈ প্ৰশ্ন কৰাটোৱেই এটা অৰ্থহীন কথা’। এনেকৈ আৰু বহুতে বহু ধৰণৰ প্ৰতিক্ৰিয়া যে কৰিব সি নিশ্চিত। কিন্তু আমাৰ মতে প্ৰশ্নটো অবান্তৰ নহয়, বৰং ভূপেন হাজৰিকাৰ দৰে এজন মহা প্ৰতিভাধৰ আৰু বহুলভাৱে জনপ্ৰিয় ব্যক্তিৰ সৃষ্টি আৰু কৰ্মক বিভিন্ন দৃষ্টিকোণেৰে পৰীক্ষা কৰাটো অতিকে প্ৰয়োজনীয়। সেয়েহে অন্ধবিশ্বাস, কু-সংস্কাৰৰ সৈতে ভূপেন হাজৰিকাৰ অৱস্থান সম্পৰ্কীয় প্ৰশ্নটো তেওঁৰ জন্ম শতবাৰ্ষিকীৰ বিশাল আয়োজনৰ মাজতেই উত্থাপন কৰাৰ প্ৰয়াস কৰিলোঁ। গীতৰ সৃষ্টিৰ লগত স্ৰষ্টাৰ চেতনা সম্পৰ্কীত। দুয়োটাকে পৃথক কৰিব পৰা নাযায়। গতিকে কেৱল ভূপেন হাজৰিকাৰ গীতৰ কথাতে সীমাবদ্ধ নাথাকি তেওঁৰ জীৱনৰ কিছু কৰ্মকো এই লেখাৰ মাজলৈ অনা হ’ল। অৱশ্যে মূল বিষয়লৈ যোৱাৰ আগতেই পাঠকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী যে সচৰাচৰ পাঠকে বিচৰা ‘বীৰ বন্দনা’ বা ‘ব্যক্তি পূজা’ ইয়াত নাথাকিব। বিশাল প্ৰতিভা আৰু ৰসবোধৰ লগতে ভুল-শুদ্ধ আৰু নানা মানৱীয় সবলতা-দুৰ্বলতাৰ সমাহাৰেৰে পৰিপূৰ্ণ ভূপেন হাজৰিকাজনৰ জীৱন আৰু সৃষ্টিৰ এটা মাত্ৰ দিশৰ কথাহে আজি আমি পাতিম। সেইটো হ’ল ভূপেন হাজৰিকাৰ – ‘যুক্তিবাদী চেতনা’-ৰ কথা।

বিজ্ঞানে আনিব জোৱাৰ:

বিৱৰ্তনৰ প্ৰক্ৰিয়াত মানৱ সমাজত জন্ম হোৱা অন্ধবিশ্বাসবোৰ স্বাভাৱিকতেই বিশ্বৰ আন আন ঠাইৰ দৰেই ভাৰত বা অসমতো আছিল। প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ হোৱা নানা ঐন্দ্ৰজালিক ক্ৰিয়া-কলাপৰ মাজেৰে জন্ম পাইছিল বিচিত্ৰ অন্ধবিশ্বাসবোৰৰ। তাৰপাছত লাহেকৈ জন্ম হৈছিল বিভিন্ন ধৰ্মৰ আৰু সেই ধৰ্মবোৰৰ লগত যুক্ত অজস্ৰ আচাৰ-অনুষ্ঠানৰ। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে আধুনিক শিক্ষাৰে শিক্ষিতসকলে লাহে লাহে বহু আওপুৰণি ৰীতি-নীতি আৰু ধ্যান-ধাৰণাক বিজ্ঞানৰ পোহৰত চাবলৈ শিকিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা প্ৰাচীন সভ্যতাত বিজ্ঞানৰ বিকাশ ঘটিছিল সঁচা, কিন্তু সকলো সভ্যতাতে বিজ্ঞান বিকাশৰ ধাৰাবাহিকতা ৰক্ষা পৰা নাছিল। অনুসন্ধিৎসু মানুহৰ অভিজ্ঞতালব্ধ জ্ঞানৰ চমকপ্ৰদ বিকাশক প্ৰণালীবদ্ধভাৱে প্ৰতিস্থাপিত কৰি যি আধুনিক বিজ্ঞানৰ সৃষ্টি হৈছিল তাক বোকোচাত তুলি কঢ়িয়াই আনিছিল আধুনিক শিক্ষাই। কোৱা বাহুল্য যে ভাৰতৰ অন্যান্য ঠাইৰ দৰেই অসমতো ঔপনিৱেশিক শাসনৰ হাত ধৰিহে আধুনিক শিক্ষাৰ প্ৰসাৰ হয় আৰু বিজ্ঞানৰ জয়যাত্ৰাৰ বিভিন্ন খবৰ শিক্ষিত চামে পাবলৈ ধৰে। লাহে লাহে সাধাৰণ মানুহেও বিজ্ঞানৰ অৱদানবোৰ দেখি শুনি চমকৃত হোৱাৰ লগতে বিজ্ঞানৰ প্ৰতি এক শ্ৰদ্ধাৰ মনোভাব পোষণ কৰিবলৈ লয়। এইসকলৰ মাজত অনেক কবি-সাহিত্যিক-শিল্পীও আছিল‌। উদাহৰণ স্বৰূপে যুগাগ্ৰগামী চেতনাৰ অধিকাৰী ৰবীন্দ্ৰনাথ ঠাকুৰে একাধিকবাৰ তেওঁৰ সৃষ্টিত বিজ্ঞানৰ জয়গান গাইছে‌। অসমতো এচাম শিক্ষিত অগ্ৰগামী ব্যক্তিৰ বহু ৰচনাত এনে চেতনাৰ উন্মেষ আমি দেখিবলৈ পাওঁ‌। তেনে অলেখ উদাহৰণৰ পৰা ভূপেন হাজৰিকাৰ আদৰ্শ স্বৰূপ জ্যোতি প্ৰসাদৰ এটি বিখ্যাত কবিতাৰ পংক্তিয়েই আজিৰ আলোচনাৰ বাবে উল্লেখনীয় বুলি বিবেচনা কৰিছোঁ‌। সেইটো হ’ল –

মই যন্ত্ৰ যুগৰ মোহন মন্ত্ৰ ল’ম
মন-বিমানৰ ময়েই সাৰথি হ’ম
বিজুলী-ৰথৰ মহাৰথী মই
জীৱনৰ ৰণ্‌জিৎ
বিদাৰিম মই সমাজতন্ত্ৰ
ৰচিম নতুন মানৱতন্ত্ৰ
বিজ্ঞান স্বৰ্গজিৎ
মই জ্ঞানৰ ইন্দ্ৰজিৎ

ভূপেন হাজৰিকাইও বিজ্ঞানৰ জয়যাত্ৰাক গভীৰ আস্থাৰে স্বাগতম জনাইছিল‌। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সময়ত খুব স্পষ্টকৈ তেওঁৰ মনৰ আশা ব্যক্ত কৰিছিল এই বুলি –

সমাজে সাৱটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ।

গুৱাহাটীৰ মুক-বধিৰ বিদ্যালয় উদ্বোধনত লিখিছিল—

বিজ্ঞানে আগুৱাই যায়
নতুন সভ্যতাত
বধিৰতা মুকতাৰ কাৰাগাৰ নাই।

সেইদৰে যক্ষ্মাৰোগৰ চিকিৎসালয় উদ্বোধনৰ সময়তো লিখিছিল—

আজি ৰোগাক্ৰান্তই
বিজ্ঞান আঁচলৰ
নতুন বা ছাটি পায়—।

মানৱৰ সামূহিক কল্যাণৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰতি আস্থাৰ ভাৱ প্ৰকট হয় কাৰ্বি-লাংপি হাইড্ৰ-প্ৰজেক্টৰ কাম-কাজ প্ৰত্যক্ষ কৰি। সেই সময়ত ‘কপিলী কপিলী’ গীতটোত কপিলী নদীখনক এজনী চঞ্চলা গাভৰুৰ ৰূপত অংকন কৰিছিল, যি গাভৰুৱে বাউলী হৈ বানেৰে বুৰাইছিল মানুহৰ কষ্টৰ খেতি-পথাৰ।

কপিলী কপিলী ৰাংঢালী ছোৱালী
মহিমা বুজাকে টান
কপিলী কপিলী তই হৈ বাউলী
বাৰিষাত মাৰিলি ধান।।

এনে সমস্যা জৰ্জ্জৰ সময়ত প্ৰযুক্তিৰ প্ৰয়োগেৰে কপিলীত বান্ধ দি কৃষক ৰাইজক পৰিত্ৰাণ কৰাৰ লগতে বিদ্যুৎ শক্তিৰ উৎপাদনেৰে জ্যোতিষ্মান হোৱাৰ আশাও প্ৰকাশ কৰিছিল।

(সেয়ে) বিজ্ঞানী ডেকাটি
সাজিকাচি ওলালে
লগত ওলালে হেজাৰ
মৃত্যুক নেওচি শ্ৰমিকো ওলালে
সাৱটি তোৰ দুয়ো পাৰ।
কপিলী কপিলী
পাগলী ছোৱালী
মানুহক কৰিবি ত্ৰাণ
উমৰাংচু জনীও
তোৰেই লগে লাগি
হ’ব চিৰ জ্যোতিষ্মান।

মন কৰিবলগীয়া যে অগ্ৰজ পথ-প্ৰদৰ্শক জ্যোতিপ্ৰসাদৰ দৰেই ভূপেন হাজৰিকাইও বিজ্ঞান-প্ৰযুক্তিৰ অভিনৱ আৱিষ্কাৰবোৰক মানুহৰ সামূহিক কল্যাণৰ সৈতে যুক্ত কৰি মানৱতাৰ জয় গান গাইছিল। বিজ্ঞানৰ সাফল্যক সমাজৰ ধনীক শ্ৰেণীয়ে সদায় আদৰ-সাদৰ কৰে। আনকি বিজ্ঞান গৱেষণাৰ কাৰণে পুঁজিবাদী শাসকে অপৰিমেয় সা-সুবিধা আৰু পৃ্ষ্ঠ-পোষকতা প্ৰদান কৰাৰ অলেখ উদাহৰণ আছে। নক’লেও হ’ব যে বিজ্ঞানৰ সাফল্যক কুক্ষিগত কৰি নিজৰ মুনাফাৰ বাবে তাক প্ৰয়োগ কৰাৰ সুযোগ তেওঁলোকে গ্ৰহণ কৰে। সেয়ে বিজ্ঞান প্ৰযুক্তিৰ প্ৰতি এই চামটোৰ স্বাভাৱিক কাৰণতেই আগ্ৰহ থাকে। কিন্তু জ্যোতিপ্ৰসাদ বা ভূপেন হাজৰিকাৰ বিজ্ঞানৰ প্ৰতি আশাবাদত এই সংকীৰ্ণতা নাছিল। যেনেকৈ ‘বিজ্ঞান স্বৰ্গজিৎ’ক ‘নতুন মানৱতন্ত্ৰ’ ৰচাৰ হাথিয়াৰ ৰূপে জ্যোতিপ্ৰসাদে প্ৰক্ষেপ কৰিছে তেনেকৈ ভূপেন হাজৰিকাইও ‘বিজ্ঞানে জোৱাৰ’ অনা সমাজখনে ‘মহান মানৱতা’ক সাৱটিব বুলি আশা ব্যক্ত কৰিছে। সাম্প্ৰতিক সময়ত ভূপেন হাজৰিকাৰ ‘বিজ্ঞানে আনিব জোৱাৰ’ বাক্যাংশক বহুলভাৱে চৰকাৰী-বেচৰকাৰী বিজ্ঞাপনত বা বিজ্ঞানৰ আঁচনি, শিতান আদিৰ নামকৰণত ব্যৱহাৰ কৰা দেখা যায়। সেই সকলে কিন্তু ভূপেন হাজৰিকাই বিচৰা সেই সামূহিক কল্যাণৰ কথাত সিমান মনোযোগ দিয়া যেন বোধ নহয়।

নতুন সমাজ গঢ়াৰ সংকল্প:

সকলো শ্ৰেণী বিভক্ত সমাজতে বিবিধ ৰূপৰ বৈষম্য বিৰাজ কৰে‌। মানুহে মানুহক বেছা-কিনা কৰা ঘৃণিত দাস প্ৰথাৰ পৰা গাৰ বৰণ কলা-বগাক লৈ সৃষ্টি হোৱা বৰ্ণ বৈষম্যলৈকে বা আমাৰ দেশ ভাৰতত হিন্দু ধৰ্মৰ ছত্ৰছায়াত গা কৰি উঠা ঘৃণনীয় জাতিভেদলৈকে, এই সকলো প্ৰকাৰৰ বৈষম্যৰ দ্বাৰা এচাম মানুহ নিগৃহিত, নিষ্পেষিত হৈ আছিল আৰু হৈ আছে‌। সমাজ দায়বদ্ধ শিল্পীয়ে এনে অমানৱীয় প্ৰথাৰ বিৰুদ্ধে নিশ্চুপ হৈ থাকিব নোৱাৰে‌। বিশ্বৰ বিভিন্ন প্ৰান্তত অজস্ৰ শিল্পীয়ে শোষণ-নিপীড়নৰ বিৰুদ্ধে, সমতাৰ হকে নিজৰ সংগীতক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়‌। উদাহৰণ স্বৰূপে কৃষ্ণাংগসকলৰ (আফ্ৰিকান-আমেৰিকান) অধিকাৰ সংগ্ৰামৰ দীঘলীয়া ইতিহাসত  নিনা  চাইমন, মাহালিয়া জেকচন, পল ৰবচন, উডি গাথ্ৰী, পীট চিগাৰ, বব মাৰ্লি আদিৰ দৰে শত-সহস্ৰ শিল্পীৰ নাম খোদিত হৈ আছে যি কেৱল গানেই গোৱা নাছিল, গানেৰে শোষণ, দমন আৰু বৈষম্যৰ বিৰুদ্ধে মানুহক জগাই তুলিছিল‌, সংগ্ৰামৰ বাবে নিৰন্তৰ শক্তি আৰু সাহস যোগাইছিল। এই ধৰণৰ সংগ্ৰামী প্ৰচেষ্টাক প্ৰত্যক্ষভাৱে কু-সংস্কাৰ বিৰোধী সংগ্ৰামৰ অংশ বুলি আখ্যা দিব নোৱাৰিলেও পৰোক্ষভাৱে ইয়াক এক বহল ভিত্তিক স্থিতাৱস্থা বিৰোধী সংগ্ৰাম ৰূপেই চিনাক্ত কৰিব পাৰি‌। কাৰণ সমাজত প্ৰচলিত বিভেদকামী প্ৰথাৰ বিৰোধ-সংগ্ৰামৰ জৰিয়তে ই মূলতঃ সমাজ পৰিৱৰ্তনৰ আকাংক্ষাকেই মূৰ্ত কৰে‌। প্ৰকৃতাৰ্থত বিজ্ঞানমনস্ক যুক্তিবাদী আন্দোলনৰ পৰা সেয়েহে ইয়াক পৃথক কৰিব নোৱাৰি‌। কাৰণ প্ৰগতিশীল যুক্তিবাদী আন্দোলনৰো মূল লক্ষ্য সমাজ পৰিৱৰ্তন‌।

সমাজ পৰিৱৰ্তনৰ হেঁপাহ কৈশোৰ কালতেই ভূপেনৰ মনতো প্ৰোথিত হৈছিল জ্যোতি-বিষ্ণুৰ উমাল সান্নিধ্যত‌। তেৰ-চৈধ্য বছৰ বয়সীয়া কিশোৰ হৈয়ো ‘অগ্নি যুগৰ ফিৰিঙতি’ ৰূপে নতুন অসম গঢ়াৰ‌, এক পৰিপক্ক আৰু সু-নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি লৈছিল, য’ত ধৰ্ম-ব্যৱসায়ী, জাত-পাতৰ বিচাৰ আৰু অস্পৃশ্যতাৰ দৰে সামাজিক বৈষম্য নাথাকিব –

ধৰ্ম-ব্যৱসায়ীৰ ঠাই নাই তাত
জাতিৰ অহংকাৰ লয় পাব তাত
অস্পৃশ্যতাৰ মহা দানৱক আপোন হাতেৰে নাশিম‌।
নতুন অসম গঢ়িম‌।

পাছলৈ গণনাট্য সংঘৰ জীপাল পৰিৱেশত সমাজ পৰিৱৰ্তনৰ এই আকাংক্ষা আৰু গাঢ়তৰ হয়‌। ভূপেন হাজৰিকাৰ কণ্ঠ শোষিত নিস্পেষিতৰ মুক্তিৰ হকে এক সবল কণ্ঠ হৈ পৰে‌।

সমাজৰ নীতি-নিয়ম ভঙাটো নতুন নিয়ম:

সমাজ পৰিৱৰ্তনৰ বাবে পুৰণি ৰক্ষণশীল সমাজৰ নীতি-নিয়ম ভাঙিবই লাগিব‌। নিয়ম ভঙাৰ প্ৰসংগটো সেয়েহে ভূপেন হাজৰিকাৰ গানলৈ বাৰম্বাৰ আহিছে‌। যদিও নৰ-নাৰীৰ প্ৰেমৰ সম্পৰ্কত লিখা, তথাপি “সমাজৰ নীতি-নিয়ম, ভঙাটো নতুন নিয়ম”‌ বোলা দৃপ্ত ঘোষণা গানত সতকাই পোৱা টান‌। সমাজৰ ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙিবলৈ কৰা আহ্বানতো সমাজ আৰোপিত বন্ধনৰ প্ৰতি অনীহা স্পষ্ট ৰূপত প্ৰকাশ পাইছে –

জীৰ্ণ সমাজৰ বন্ধনে মোক
বিষাক্ত বাষ্পহে যাচে – –
মুক্ত বায়ু মোৰ প্ৰাপ্য
য’ত সামূহিক জীৱনৰ উৎস আছে।

এলান্ধু সদৃশ আও-পুৰণি নীতি নিয়মক খামুচি নতুন চেতনাৰ বাট বন্ধ কৰি ৰখাসকলৰ প্ৰতি এনে বাক্যবাণ নিশ্চিতভাৱে অস্বস্তিকৰ –

আওপুৰণি নীতি-নিয়ম আমিয়ে ভাঙিলোঁ
মন সীমাক বাধা দিয়া ধন গছকিলোঁ‌।
——–
শতিকাৰ এলান্ধুৰে সাৰোঁ-পোচোঁ আমি
সমতাৰে ৰহণ সানি নিকা কৰোঁ আমি‌। (বনহংস চিনেমাৰ ‘আগলি বাঁহৰে লাহৰি গগনা’ শীৰ্ষক গীত)

সৰুদৈ আইদেউ আৰু অনামিকা গোস্বামীৰ কথাৰে:

নক’লেও হ’ব যে ভূপেন হাজৰিকাৰ এই প্ৰথা বিৰোধীতা মূলত: আছিল জাত-পাতক কেন্দ্ৰ কৰি‌। অসমত তথাকথিত উচ্চবৰ্ণৰ একাংশৰ পৰা ভূপেন হাজৰিকাই জীৱনত অনেক লাঞ্চনা ভোগ কৰিব লগাত পৰিছিল‌। এইসকল উচ্চবৰ্ণীয়ই  কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা পোৱা ভূপেন হাজৰিকাৰ পি এইচ ডি ডিগ্ৰীটোকেই ভুৱা বুলি প্ৰচাৰ কৰিছিল‌। অন্যায়ভাৱে বিশ্ববিদ্যালয়ৰ চাকৰীৰ দৰমহা কটাত ক্ষোভিত হৈ তেওঁ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰীটোও বাদ দিব লগা হৈছিল‌। প্ৰেমৰ ক্ষেত্ৰতো শ্ৰেণী আৰু জাত-পাতৰ বৈষম্যৰ সন্মুখীন হ’ব লগা হৈছিল‌ ভূপেন হাজৰিকা। সেইবাবেই উচ্চ-নীচ জাত-পাতৰ ভেদাভেদক তীক্ষ্ণ ভাষাৰে তেওঁ বিৰোধ আৰু বিদ্ৰূপ কৰিছিল – ‌

সৰুদৈ আইদেউৰ কি হ’ল, কি হ’ল?
সৰুকণত বহিবৰ মন গ’ল
লেঠা হ’ল‌।
সমাজেও অনুমতি নিদিলে
দুয়োৰে জাত-পাত নিমিলে‌।
সৰুদৈ-সৰুকণে বিজুলীৰ পোহৰত
সৰু সৰু সমাজক এৰে হে’—
—–
সৰু সৰু সমাজতে
সৰু সৰু বিচাৰতে
ভেকুলীয়ে বৰ লাজ পায়‌।

সমাজে বান্ধি দিয়া নীতি-নিয়ম পালন কৰা হৈছে নে নাই তাৰ তদাৰকী কৰিবলৈ থকা সহস্ৰ চন্তৰীক গীতৰ মাজেৰে কৰা এনে তাচ্চিল্য সতকাই পোৱা টান। সৰুদৈ-সৰুকণ সেয়েহে ভূপেন হাজৰিকাৰ এক দূৰ্দান্ত সৃষ্টি হৈ ৰ’ব।

তেওঁৰ আন এটি জনপ্ৰিয় গীততো শুনা যায় জাত-পাতৰ নিয়মক উলংঘা কৰি বিয়া কৰোৱা আন এহাল যুৱক-যুৱতী প্ৰশান্ত দাস আৰু অনামিকা গোস্বামীৰ কথা‌। বিজ্ঞানৰ চৰম উন্নতিৰ দিনতো জাত-পাতৰ দৰে ঘৃণনীয় প্ৰথা মানি চলাটো কিমান অসামঞ্জস্যপূৰ্ণ তাক গানটোৰ মাজেৰে সুন্দৰকৈ ফুটাই তুলিছে –

মহাশূন্যত উপগ্ৰহ ৰাখি
এয়া গণ সংযোগ কৰোৱাৰ যুগ
আৰু আনৱিক শক্তিক দানৱৰ পৰা আনি
মানৱৰ সেৱাত লগোৱাৰ যুগ‌।
এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতি-কূল
নেওচা হোমাগ্নিৰ যুগ‌।
এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ
এয়া জেট যুগ, আনৱিক যুগ
সীমাৰ পৰিধি ভঙাৰ যুগ‌।

সৰুদৈ আইদেউ আৰু অনামিকা গোস্বামী চৰিত্ৰকেইটাৰ মাজেৰে আমি ভূপেন হাজৰিকাৰ আদৰ্শগত পৰিৱৰ্তনৰ ৰেহৰূপো কিছু বিশ্লেষণ কৰি চাব পাৰোঁ‌। সৰুদৈ আইদেউ আছিল তেখেতৰ গণনাট্য যুগৰ সৃষ্টি‌। গানটোৰ শীৰ্ষ হ’ল ‘ডুগ্ ডুগ‌্ ডুগ্ ডুগ্ ডম্বৰু, মেঘে বজায় ডম্বৰু’‌। মূল গীতটো আৰম্ভ হোৱাৰ আগতেই দুটামান বাক্যৰে নিম্নবৰ্গৰ বিদ্ৰোহী চেতনাক অতি সুন্দৰ শৈল্পিক অভিব্যক্তিৰে প্ৰকাশ কৰিছে এনেকৈ –

“ব্ৰহ্মপুত্ৰৰ পাৰতে সৰু সৰু পুখুৰীও থাকে‌। তাৰ সৰু পুঠি মাছবোৰো সাহসী হৈছে‌। সিহঁতে আজিকালি আকাশৰ বিজুলীকো গিলিব খোজে‌‌।” ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদী এখনৰ কাষত থকা সৰু সৰু পুখুৰীৰ ৰূপকেৰে তথাকথিত মূল সুঁতিৰ কাষত থকা প্ৰান্তীয় মানুহৰ কথা কি অপূৰ্ব চিত্ৰৰে ফুটাই তুলিছে‌! সৰুকণহঁতৰ দৰে সৰু সৰু মানুহবোৰ তেওঁৰ গীতত হৈ পৰিছে আকাশৰ বিজুলীকো গিলিব খোজা কণ কণ সাহসী পুঠিমাছ! সৰু পঁজাত বাস কৰা সৰুকণৰ সৈতে উচ্চ বৰ্ণৰ সৰুদৈ আইদেউৰ মন মিলিছে‌। সমাজৰ পৰা পাইছে প্ৰচণ্ড বাধা। সেই বাধাক সাহসেৰেই ওফৰাই তেওঁলোকে সমাজখনকেই ত্যাগ কৰিছে‌। —

সৰুদৈ সৰুকণে
বিজুলীৰ পোহৰত
সৰু সৰু সমাজক এৰে‌।

সমাজৰ বিচাৰক বুঢ়া আঙুলি দেখুৱাই দুয়ো বিয়া পাতিছে‌। সেই বিয়াত নাই কোনো সমাজ আৰোপিত পৰম্পৰাগত প্ৰথাৰ বাহ্যিকতা‌। প্ৰকৃতিৰ সন্তান, বিদ্ৰোহী সৰুকণ-সৰুদৈৰ যুগ্ম জীৱনৰ সাক্ষী হৈ ৰৈছে বিশাল প্ৰকৃতি নিজেই। তাত বনজুয়ে হোম দিছে, বিজুলীয়ে তৰি দিছে ৰভা –

বনজুয়ে হোম দিলে
বিজুলীয়ে ৰভা দিলে
জিলিয়ে বিয়া নাম গায়
ধুমুহাই গগনা বাই
সাহসৰে বাতৰি বিলায়‌।

জাত-পাতৰ ভেদাভেদক হেলাৰঙে প্ৰত্যাখ্যান কৰাৰ কাব্যিক প্ৰকাশ আমি বিহুনামতো পাওঁ—

তোলৈ চাওঁতে জপনা দেওঁতে
বিন্ধিলে আঘৈয়া হুলে
তোৰো মনে গ’লে মোৰো মনে গ’লে
কি কৰিব কলিতা কূলে‌।

নিজৰ জীৱনৰ সংঘাত আৰু গণনাট্যৰ আদৰ্শগত প্ৰভাৱ, এই দুয়োটাই ভূপেন হাজৰিকাক লোক-সংগীতৰ ভাৱ-ভাষা আৰু সুৰৰ প্ৰতি আকৃষ্ট কৰিছিল‌। লোক-জীৱনৰ যন্ত্ৰণা, সংঘাত আৰু সংগ্ৰামৰ ভাষা তেওঁ আয়ত্ব কৰিছিল আৰু নিজৰ সৃষ্টিত তাক প্ৰয়োগ কৰিছিল অতি বিচক্ষণতাৰে‌। এই যে সমাজক পৰোৱাই নকৰা সৰুদৈ-সৰুকণৰ বিদ্ৰোহী চেতনা, তাকো এনেকুৱা লোক-জীৱনৰ সাৰ-পানীৰেই জীপাল কৰি তুলিছিল বুলি সহজেই অনুমান কৰিব পাৰি‌।

পিছে, গানটোত পোৱা সৰুদৈ আইদেউৰ বিদ্ৰোহী চেতনাৰ চোক পাছৰ কালৰ অনামিকা গোস্বামীৰ ক্ষেত্ৰত যেন কিছু স্তিমিত হৈ পৰিল‌। কাৰণ যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে সমাজৰ বাধা নামানি বিয়াত বহিল সঁচা‌। কিন্তু বিজ্ঞানৰ জয়-জয় ময়-ময় যুগত, যাক গানটোত বৰ্ণনা কৰা হৈছে ‘মহাশূন্যত উপগ্ৰহ ৰাখি গণ-সংযোগ কৰোৱাৰ যুগ’ বুলি, সেই যুগত গানৰ বিদ্ৰোহী নায়ক-নায়িকা গৈছে কামাখ্যা ধামলৈ, – দুয়ো দুয়োকে মালা পিন্ধাবলৈ।—

যুৱতী অনামিকা গোস্বামী
আৰু যুৱক প্ৰশান্ত দাসে
বিয়াত হেনো কিছু বাধা পালে,
ৰাম বাধা পালে‌।
সেয়ে কাকো নজনালে কামাখ্যা ধামত
দুয়ো দুয়োকে আজি মালা পিন্ধালে
ৰাম মালা পিন্ধালে‌।

এই গীতটো লিখা হৈছিল ১৯৭৬ চনত‌। ডুগ ডুগ ডম্বৰুৰ লিখা হৈছিল ১৯৫৪ চনত‌। মাজৰ বিশ বাইশ বছৰত স্বাভাৱিকতেই বিজ্ঞান-প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতি হ’ল‌। পৰমাণু শক্তি কেন্দ্ৰ স্থাপন হ’ল (১৯৫৪), স্পুটনিক ১ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিলে (১৯৫৭) মহাকাশলৈ প্ৰথম মানুহ উৰা মাৰিলে (য়ুৰি গাগাৰিণ, ১৯৬১), এপ’ল’ অভিযানৰ যোগেদি মানুহে চন্দ্ৰত পদাৰ্পণ কৰিলে ( ১৯৬৯), ভাইকিং -১ ৰে ছন্দ্ৰমুখী অভিযান কৰিলে (১৯৭৫), , ৰি কম্বিনেণ্ট ডি এন এৰ প্ৰয়োগ কৰিলে ( ১৯৭২), ডি এন এ ক্ল’নিং কৰিলে (১৯৭৩) আৰু যে কত কি!! সেইখিনি ‘যুৱতী অনামিকা গোস্বামী’ গীতটোতো বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে‌। কিন্তু চৌপাশৰ ইমান প্ৰযুক্তিগত উন্নতিৰ পাছতো হাজৰিকাৰ গীতৰ জাতি-কূল নেওচা নায়ক-নায়িকাই কামাখ্যা ধামত আঁঠু ল’লেগৈ‌। কথাটো পৰিহাসপূৰ্ণ নহয় নে? কোৱা বাহুল্য যে সমাজ বাস্তৱো ঠিক এইটোৱেই‌। বিজ্ঞানৰ অগ্ৰগতিয়ে সকলো মানুহৰ মন কিন্তু বৈজ্ঞানিক চেতনাৰে আলোকিত কৰিব পৰা নাই‌। সমাজৰ আওপুৰণি নীতি-নিয়মক খামুচি বহি থকাসকলৰ কথা বাদেই, আনকি কিছু কিছু ক্ষেত্ৰত দূৰ্দান্ত প্ৰথা বিৰোধী ভূমিকা লোৱা মানুহৰ মনৰ চুকে-কোণেও অন্ধ সংস্কাৰে বাঁহ বান্ধি থাকে‌। ‘যুৱতী অনামিকা গোস্বামী’ গানটোৰ ক্ষেত্ৰত বহুতে হয়তো ক’ব পাৰে সমাজৰ যিখন বাস্তৱ ছবি তাকেই গানটোত অবিকৃত ৰূপত অংকন কৰিছে‌ মাত্ৰ, তাক স্ৰষ্টাৰ নিজৰ দৰ্শনগত স্থিতি বুলি ভবাটো জানো উচিত? কিন্তু এই ক্ষেত্ৰত মনত ৰাখিব লাগিব যে সেই একেজন স্ৰষ্টাই এটা সময়ত ‘সৰুদৈ আইদেউ’কো সৃষ্টি কৰিছিল‌, যি তথাকথিত মূল সুঁতিৰ দ্বাৰা পূজিত প্ৰতিষ্ঠানৰ ওচৰত মূৰ দোওঁৱা নাছিল। তদুপৰি ভূপেন হাজৰিকাৰ মন গহনত ভূমুকি মাৰিলেও আমি কিছু চিত্তাকৰ্ষক দিশ দেখা পাওঁ, য’ত তেখেতৰেই সৃষ্ট ‘অনামিকা গোস্বামী’ আৰু ‘প্ৰশান্ত দাস’ৰ ব্যক্তিত্বৰ সমাৰোপণ ঘটে‌। এইখিনিতে তেখেতৰ এই দিশটোৰ বিষয়ে কিছু আলোচনা কৰাটো উচিত হ’ব বুলি ভাবোঁ‌।

ভূপেন হাজৰিকাৰ মন-গহনত এভূমুকি:

জীৱনকালতেই কিংবদন্তী স্বৰূপ হৈ পৰা ভূপেন হাজৰিকাৰ ব্যক্তিগত জীৱনৰ চৰ্চাও কম হোৱা নাই‌। ব্যক্তিগত জীৱনৰ অনেক ৰসাল কথা তেওঁ বিভিন্ন ঠাইত ব্যক্ত কৰি থৈ গৈছে‌। বহুতৰ ব্যক্তিগত স্মৃতিচাৰণ, আত্মজীৱনী, সাক্ষাৎকাৰ আদিৰ পৰাও অনেক কথা আমি জানিব পাৰোঁ য’ত গীতে মাতে বিজ্ঞান-বন্দনাত মুখৰ ভূপেন হাজৰিকাজনৰ কেতবোৰ সংস্কাৰাচ্ছন্ন চাৰিত্ৰিক বৈশিষ্ট্যৰ উমান পাওঁ‌। ইয়াত তাৰে মাত্ৰ দুটামান বিক্ষিপ্ত উদাহৰণ টানি আনিলোঁ‌।

১) এইচ এম ভি কোম্পানীয়ে ১৩৯৫ শক (১৯৮৭ চন) পূজাৰ সময়ত এক বিশেষ সংকলন প্ৰকাশ কৰিছিল‌ – “শাৰদ অৰ্ঘ্য: এইচ এম ভিৰ পূজোৰ গানেৰ বই”‌। উক্ত সংকলনত অন্যান্য শিল্পীৰ লগতে ভূপেন হাজৰিকাৰো এটি সাক্ষাৎকাৰ প্ৰকাশ পাইছিল‌। সাক্ষাৎকাৰলানীৰ শীৰ্ষ আছিল – ‘গানেৰ জগতেৰ বাইৰে’‌। উক্ত সাক্ষাৎকাৰটোৰ অতনু ভট্টাচাৰ্যই কৰা অসমীয়া অনুবাদ প্ৰকাশ পাইছে মঞ্জিৎ ৰাজকোঁৱৰ সম্পাদিত সাতসৰী আলোচনীৰ ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষ বিশেষ সংখ্যাত‌ (আগষ্ট, ২০২৫)‌। সেই সাক্ষাৎকাৰৰ পৰা কিছু অংশ তুলি দিলোঁ‌।

প্ৰশ্ন: “ভাগ্য বিশ্বাস কৰে? জ্যোতিষ শাস্ত্ৰ?”

ভূপেন: “বোধকৰোঁ মানো‌। কামাখ্যা মন্দিৰৰ কাষত ডাঙৰ-দীঘল হৈছোঁ‌। ভিতৰত প্ৰোথিত হৈ থকা সংস্কাৰৰ পৰা মুক্ত হোৱা সম্ভৱ নহয়‌। —”

একেটা সাক্ষাৎকাৰতে আকৌ কৈছে—

ভুপেন: “–জ্যোতিষশাস্ত্ৰ বিশ্বাস নকৰোঁ‌। পিছে অন্ধবিশ্বাস আছে‌। ক’লা মেকুৰী মই অপয়া বুলি ভাবোঁ‌। মস্কো, লণ্ডন, নিউয়ৰ্কতো দেখিছোঁ —ক’লা মেকুৰী সম্পৰ্কে তেওঁলোকৰ ভীতি আছে‌। ময়ো অভ্যাসৰ দাস হৈ গৈছোঁ‌।”

২) এবাৰ কলিকতাৰ কোনো সংগীতানুষ্ঠানৰ পৰা গীত গাই আহোঁতে বাটত ক’ৰবাত বেগটো এৰি থৈ আহিল‌। বেগ হেৰোৱাৰ কাৰণ হিচাপে ভূপেন হাজৰিকাই ভাবি লৈছিল যে সেইকেইদিনতে তেখেতৰ পিতৃৰ মৃত্যু তিথি আছিল‌। গতিকে পিতৃৰ আত্মাই আহি তেখেতৰ বেগটো লৈ গ’ল‌। (কলকাতাত ভূপেন হাজৰিকা: মিণ্টু মুখাৰ্জী‌। ভূপেনন্দ্ৰজ্যোতি, দশম বাৰ্ষিক সংকলন, পৃষ্ঠা: ২৮)

৩) মিণ্টু মুখোপাধ্যায়ে উল্লেখ কৰা ঘটনাটো নে আন এদিনৰ ঘটনা সেইটো বুজা নাযায়, কিন্তু কল্পনা লাজমীয়েও ভূপেন হাজৰিকাৰ গানৰ বহী হেৰোৱাৰ আৰু হেৰাই পোৱাৰ ঘটনা এটাৰ উল্লেখ কৰিছে‌ তেওঁৰ As I knew him নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনত। গানৰ বহী বিচাৰি তুমুল বাক-বিতণ্ডা আৰু সন্ধানৰ পাছতো বিচাৰি নাপাই সকলো হতাশ হৈ পৰিছিল। তেনেতে ভেকা নামৰ তেওঁৰ সহ বাদ্যযন্ত্ৰী এজনে হেৰোৱা বেগটো আনি দিয়াত পাছত ভূপেন হাজৰিকাৰ প্ৰতিক্ৰিয়া আছিল আশ্চৰ্যকৰ। কল্পনা লাজমীৰ ভাষাত ভূপেনে সেই সময়ত কোৱা কথাখিনি এনে ধৰণৰ – last night was the full moon, you know. It was during a night like this that my father died. This is no passed-by who found my books, I am telling you, it was my father’s spirit that picked that bag and gave it to Bheka. এই কথাত কল্পনা লাজমীয়ে এইবোৰ অবান্তৰ কথা বুলি কওঁতেও ভূপেন হাজৰিকা আছিল নিজৰ মতত অটল। (Kalpana Lajmi, Bhupen Hazarika, as I knew him, page: 34)

৪) উক্ত কিতাপখনতে পুৰীত ফুৰিবলৈ যাওঁতে ভূপেন হাজৰিকাই জয়ন্ত হাজৰিকাৰ ভূত দেখি ভয়ত জ্বৰ উঠাৰ ঘটনা এটাও বৰ্ণিত হৈছে, য’ত ভূপেন হাজৰিকাই অকলে শুবলৈ ভয় খাই কল্পনা লাজমী আৰু মাক ললিতা লাজমী থকা ৰূমৰ চোফাতে ৰাতিটো পৰি ৰৈছিল। ( পৃষ্ঠা ৫৯), বৰ্ণিত হৈছে কাজিৰঙাৰ মাজত কুঠৰীত এৰাতি থাকোঁতে ৰাতি অহা বনৰীয়া হাতীক সাক্ষাৎ গণেশ বুলি সাস্তাংগে প্ৰণাম কৰাৰ কাহিনী (পৃষ্ঠা: ১৪১), স্বপ্নফল বিশ্বাস কৰাৰ কাহিনী (পৃ: ১৪৩) ইত্যাদি‌। তাৰ মাজত সকলোতকৈ অবান্তৰ কাহিনীটো হৈছে অম্ৰুতানন্দময়ী মাতাৰ অলৌকিক শক্তি সম্পৰ্কীয়‌ কাহিনীটো। কাহিনীটো নক’লে এই বৰ্ণনা আধৰুৱা হ’ব‌। সেয়ে চমুকৈ হ’লেও সেই কাহিনীটো উল্লেখ কৰিলোঁ‌।

মুম্বাইত থকাকালীন সময়ছোৱাত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক লৈ গৈছিল এই ‘মাতা’গৰাকীৰ ওচৰলৈ‌। দুয়ো তেওঁৰ শিষ্য হৈ পৰিছিল‌‌। পিছলৈ ভূপেন হাজৰিকাৰ কপালত সেই আম্মাৰ বিভূতিৰ ফোঁট এটাও দি থোৱা হৈছিল‌। কল্পনা লাজমীয়ে আনকি তেওঁৰ কিতাপখনো এই ‘আম্মা’লৈকে উচ্চৰ্গা কৰিছে‌। এই ‘আম্মা’ ৰ এটা অলৌকিক (!) ঘটনা কল্পনা লাজমীয়ে বৰ উৎসাহেৰে বৰ্ণনা কৰিছে‌। ঘটনাটো এনেকুৱা, — এবাৰ আম্মাৰ আশ্ৰমত ভূপেন আৰু কল্পনা আছিলগৈ‌। আম্মা সেইদিনা আছিল ব্ৰতত‌। ভুপেন হাজৰিকাই নিজৰ বাবে কিছু খোৱা বস্তু লগত লৈ ফুৰাৰ অভ্যাস আছে, যিখিনি আনৰ সৈতে ভগাই ল’বলৈ বৰ বেয়া পাইছিল। সেইদিনাও তেওঁৰ হাতত আছিল এটোপোলা খেজুৰ আৰু লগতে আছিল এটেমা বুট‌। আশ্ৰমলৈ আম্মা সোমাই অহা দেখি কল্পনাই ভূপেনক অনুৰোধ কৰিলে বৰতীয়া আম্মাক খেজুৰ খুৱাবলৈ‌। কিন্তু ভূপেন হাজৰিকাই ভোৰভোৰাই উঠিল

‘নাই নাই, সেইখিনি মোৰ, মই কাকো নিদিওঁ’‌।

‘কিন্তু তেওঁতো ‘আম্মা’, তেওঁক দিব পাৰা, তেওঁ ভোকত আছে‌। – কল্পনাই কৈ উঠিল।

ভূপেন হাজৰিকাই ভোৰভোৰাই থাকিল – নাই কোনোপধ্যেই তেওঁ সেইখিনি নিদিয়ে‌।

তেনেতে হঠাৎ সেইখিনিতে আম্মা ওলালহি‌। কল্পনাৰ ভাষাত “শূন্যৰ পৰাই আৱিৰ্ভাৱ হ’ল” (Suddenly from nowhere Amma appeared soundlessly)। ভূপেন হাজৰিকাই তেওঁৰ বুটৰ টেমাটো দেখুৱাই কল্পনা লাজমীক ক’লে যে তেওঁ আম্মাক সেই বুটখিনিকে দিব‌। সেই বুলি তেওঁ আম্মাৰ ওচৰলৈ বুটৰ টেমাটো লৈ গ’ল‌। কিন্তু টেমাটো খুলি দুয়ো আচৰিত‌। তাত হেনো বুটৰ সলনি খেজুৰহে ওলাল‌। আশ্চৰ্যচকিত ভূপেনৰ হাতৰ খেজুৰ খাই আম্মাই সেইবাৰ হেনো ব্ৰত ভাঙিলে‌।

অলপমানো যুক্তিৰ ধাৰে কাষে যোৱা মানুহৰ বাবে এনে ঘটনা হাস্যকৰ। তেনে মানুহে ক্ষন্তেকতে বিশ্বাস কৰাতকৈ আঁৰত থকা লৌকিক কাৰণ নিশ্চয় সন্ধান কৰিব। কিন্তু লাজমীৰ লেখাত তেনে কোনো অবিশ্বাসৰ সুৰ নাছিল। বৰং দুয়ো আম্মা অলৌকিক শক্তিৰ অধিকাৰী বুলিয়েই ধৰি লৈছিল। কল্পনা লাজমীৰ কথা সুকীয়া‌। তেওঁৰ তেনে কোনো প্ৰগতিশীল চিন্তা-চৰ্চাৰ নেপথ্যৰ বিষয়ে আমি অৱগত নহওঁ‌। কিন্তু সৰুৰে পৰা মাৰ্ক্সীয় আদৰ্শত লালিত-পালিত ভূপেন হাজৰিকাৰ মন-মননত এনে বিশ্বাস সোমাই থকাটো অত্যন্ত হতাশাজনক‌।

অৱশ্যে এইটো ভূপেন হাজৰিকা‍ৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা একক সমস্যা নহয়‌। মাৰ্ক্সবাদী আদৰ্শৰে আগবঢ়া বহু সক্ৰিয় কৰ্মীৰ চৰিত্ৰতে এনে দ্বৈত আচৰণ বৰ সুলভ‌। “বৈজ্ঞানিক এজনৰো বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে”– বিজ্ঞানকৰ্মী সকলে আপ্তবাক্যৰ দৰে আওঁৰোৱা এই কথাটোৰ লগত কিন্তু এজন মাৰ্ক্সবাদ-দীক্ষিত তথা জনগণৰ মুক্তিকামী কৰ্মীৰ কথাটো মিলাব নোৱাৰি‌।

এই পৰিঘটনাটোৰ আঁত ধৰি আমি কিছু গভীৰ চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে‌। বিজ্ঞান আৰু সংস্কাৰৰ এক শান্তিপূৰ্ণ সহাৱস্থানৰ উদাহৰণ আমাৰ সমাজত বৰ সুলভ‌। সাধাৰণ মানুহৰ ক্ষেত্ৰত কথাটো বুজিবলৈ সহজ। কাৰণ সমাজত চলি থকা দ্বন্দবোৰক এক যুক্তিনিষ্ঠ দৃষ্টিভংগীৰে অধ্যয়ন কৰাৰ পৰা তেওঁলোকৰ অৱস্থান শত যোজন দূৰৈত। কিন্তু বৈজ্ঞানিক সমাজবাদ প্ৰতিষ্ঠাৰ যুঁজত অৱতীৰ্ণ হোৱা ৰূপান্তৰকামী সক্ৰিয় কৰ্মীৰ মনৰ মাজত ভূত-ভগৱান-চয়তানৰ লীলাভূমি এখন বিৰাজ কৰি থকাটো সঁচাকৈয়ে চিন্তাৰ বিষয়। অৱশ্যে এই ‘চিন্তাৰ বিষয়’টো বহু ৰূপান্তৰকামীয়েই এটা তেনেই গৌণ কথা বুলি বিবেচনা কৰি এৰাই চলিবলৈ চেষ্টা কৰে। কাৰণ তেওঁলোকে অত্যন্ত যান্ত্ৰিকভাৱে বিশ্বাস কৰে যে পুঁজিবাদৰ অৱসান ঘটিলেই আপোনা-আপুনি সমাজখন সুখৰ স্বৰ্গ হৈ পৰিব, জীৱন-যাপনৰ অনিশ্চয়তা নাথাকিব আৰু তাৰ পৰিণতিত অজ্ঞতাই জন্ম দিয়া আৰু অনিশ্চয়তাই লালন-পালন কৰা মানুহৰ মনৰ ভূত-ভগৱান-চয়তানবোৰেও পলাই পত্ৰং দিব। কথাটো পিছে ইমান পোনপটীয়া আৰু স্বত:সিদ্ধ নহয়। ভূপেন হাজৰিকাই হয়তো তাৰ জলন্ত প্ৰমাণ। এই বিষয়ত সুগভীৰ আলোচনাৰ থল আছে। অৱশ্যে সেই আলোচনা আজিৰ প্ৰসংগৰ বাহিৰত। তথাপি ক’ব পাৰি যে এক সামগ্ৰিক সাংস্কৃতিক আন্দোলনৰ অবিহনে, অন্তৰ্বিপ্লৱ সংঘটিত নহ’লে এই গৌণ বুলি ভাবি লোৱা কথাটোৱেই সমাজক স্থিতাৱস্থাত বৰ্তাই ৰখাৰ বাবে মুখ্য ভূমিকা লৈ থাকিব। জ্যোতি, বিষ্ণু, হেমাংগৰ মানসপুত্ৰ তথা গণনাট্য আন্দোলনৰ নিষ্ঠাবান কৰ্মী ভূপেন হাজৰিকাৰ পাছৰ কালৰ আদৰ্শগত বিচ্যুতিৰ ক্ষুৰধাৰ সমালোচনা প্ৰগতিশীল সমাজে কৰিছে। সেই সমালোচনা নিশ্চয় হ’ব লাগে। কিন্তু তাৰ কাৰক হিচাপে কেৱল বৃহৎ বাণিজ্যিক সংস্কৃতিৰ কবলত পৰি সুবিধাবাদৰ আশ্ৰয় লোৱা বুলি ব্যক্তি চৰিত্ৰৰ বিশ্লেষণ কৰি থাকিলে সেই বিশ্লেষণ সীমাৱদ্ধ হ’ব। সমাজ ৰূপান্তৰৰ স্বপ্ন তেতিয়াহে পূৰ্ণ হ’ব যেতিয়া প্ৰত্যেকজন ৰূপান্তৰৰ সাধকৰ মননগত আমূল পৰিৱৰ্তন হ’ব। আৰু সেইটো হ’ব আৰ্থ-ৰাজনৈতিক ক্ৰিয়া কৰ্মৰ লগতে কৰ্মীসকলৰ মাজত বিজ্ঞানমনস্কতাৰ চৰ্চাকো সম গুৰুত্ব দিয়াৰ জৰিয়তেহে। প্ৰগতিশীল সামাজিক সংগঠনবোৰত দায়িত্বশীলভাৱে এই অনুশীলনবোৰ চলি থাকিলে হয়তো আমি ভূপেন হাজৰিকাৰ সৃষ্টিত ‘অনামিকা গোস্বামী আৰু প্ৰশান্ত দাস’ক আণৱিক যুগত কামাখ্যা ধামলৈ যোৱা তৰুণ-তৰুণীৰ ৰূপত নাপালোৱেইহেঁতেন! হয়তো বা সেই সাংগঠনিক অনুশীলন ভালদৰে চলি থকাহেঁতেন আন আদৰ্শগত বিচ্যুতিবোৰো নেদেখিলোঁহেঁতেন!

সামৰণি:

ভূপেন হাজৰিকাৰ গীতত কু-সংস্কাৰ বিৰোধী চেতনাৰ বিষয়ে ক’বলৈ গৈ ইতিবাচক আৰু নেতিবাচক বহুখিনি কথাই সামৰা হ’ল। বৰ্তমান সময়ত যিহেতু অসমীয়াৰ জাতীয় নায়ক হিচাপে ভূপেন হাজৰিকাক বন্দনা কৰি থকা হৈছে, ক’ৰবাত যেন দোষে-গুণে ভৰা তেজ-মঙহৰ ভূপেনজন হেৰাই গৈছে। ‘সুধাকণ্ঠ’ অভিধাৰে তেওঁৰ গণ মুকুতিৰ বাবে সমৰ্পিত সকলো প্ৰচেষ্টাক ঢাকি পূজাৰ বেদীত স্থাপন কৰাৰ ৰজাঘৰীয়া প্ৰচেষ্টাবোৰ আছেই। ফলত জীৱনত ভালদৰে এটাও ভূপেন হাজৰিকাৰ গান নুশুনা মানুহেও ধূপ-ধূনা আৰু ফুলেৰে ওপচাই ভূপেন হাজৰিকাৰ পূজা কৰিবলৈ লৈছে। এনে এক সন্ধিক্ষণত দোষে-গুণে ভৰা মানুহ ভূপেন হাজৰিকাক তুলি ধৰাটো এক প্ৰত্যাহ্বানেই। সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিয়েই এই লেখাটো লিখিছোঁ। এই মহা প্ৰতিভাধৰ শিল্পীজনলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি, তেওঁৰ সৃষ্টি আৰু কৰ্মৰ মাজেৰেই পাঠকৰ বিবেচনাৰ বাবে আগবঢ়াই দিব খুজিছোঁ সচৰাচৰ উপেক্ষিত এটি প্ৰশ্ন। সাম্যৰ সৰগ ৰচিব খোজা নিৰন্তৰ কৰ্মীৰ বাবে যুক্তিবাদী, বিজ্ঞানমনস্ক আন্দোলনৰ প্ৰয়োজনীয়তা কিমান!

2 thoughts on “অন্ধবিশ্বাস, বিজ্ঞানমনস্কতা আৰু ভূপেন হাজৰিকা ।। বৰ্ণালী বৰুৱা দাস

  • অৰুণ কুমাৰ শৰ্মা

    ডক্তৰ ভূপেন হাজৰিকাৰ ওপৰত লিখা আপোনাৰ
    বিজ্ঞানসন্মত আলচটি পঢ়িলোঁ । বহু নজনা কথা জানিলোঁ। এয়া সঁচা যে আমি উচ্চশিক্ষিত হৈয়ো
    নিয়ম ভঙাৰ কথা কৈয়ো বহু ক্ষেত্ৰত অন্ধসংস্কাৰৰ চকনৈয়াত বুৰ গৈ থাকোঁ । এই বেমাৰ মাৰ্ক্সবাদীসকলৰ ক্ষেত্ৰতো আছে । মোৰ বোধেৰে সমাজ সংস্কাৰৰ বাটত বাট বোলাসকল বিজ্ঞানমনস্ক হোৱা অতিকে জৰুৰী । কাৰণ, তেওঁলোক একো একোজন কাণ্ডাৰী । কথা আৰু কামৰ সংগতি, তেওঁলোকে ৰাইজক দেখুৱাব পাৰিব লাগে । মোৰ পঢ়াশুনা কম যদিও ,মই বুজিছোঁ যে , আপোনাৰ লিখা সাৱলীল, ছাত্ৰক
    বুজোৱা দি আপুনি বুজাব পাৰিছে। বহুত বহুত ধন্যবাদ । আপোনাৰ পৰা এনে যুক্তিবাদী লেখা
    ভৱিষ্যতে আৰু পাম বুলি আশা ৰাখিলোঁ ।

    Reply
  • নতুন চিন্তাৰ আলোকত কৰা এই আলোচনাটো বৰ ভাল পালোঁ৷ ই কেৱল ভূপেন হাজৰিকাৰ আলোচনা নহয়, কিছু সামাজিক দিশো সামৰি লৈছে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *