কেন্দ্ৰীয় নিবন্ধ

ভূপেন হাজৰিকাৰ মন-আকাশৰ দুটি তৰা: চাৰ্লি চেপলিন আৰু চাৰ্গে আইজেনষ্টাইন ।। পৰমানন্দ মজুমদাৰ

মুক্ত চিন্তা।একাদশ বছৰ।। ১ম সংখ্যা

ভূপেন হাজৰিকাৰ দুজন প্ৰিয় বিশ্ববিশ্ৰুত চলচ্চিত্ৰকাৰ আছিল চাৰ্লি চেপলিন আৰু চাৰ্গে আইজেনষ্টাইন। বিশ্ববন্দিত অভিনেতা, চলচ্চিত্ৰ পৰিচালক চাৰ্লি চেপলিনৰ বিষয়ে ভূপেন হাজৰিকাই এখন নাতিদীৰ্ঘ ৰচনা লিখিছিল সত্তৰৰ দশকতে— ‘চাৰ্লি চেপলিনৰ সৃষ্টি পদ্ধতি’। ৰচনাখন তেওঁৰ প্ৰথম প্ৰবন্ধ সংকলন ‘সুন্দৰৰ ন দিগন্ত ‘(১৯৬৭)ত সংকলিত হৈছিল। গানৰ দৰে ভূপেন হাজৰিকাৰ গদ্যও বৰ মনপৰশা। লিখাৰ শৈলী কথা কোৱাৰ দৰে। ভাষাও বৰ মিঠা। কম কথাতে বহু দিশ সামৰি লয়। বহু উৎসৰে বিষয়বস্তুক প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰে।

চাৰ্লি চেপলিনৰ বিষয়ে ভূপেন হাজৰিকাই লিখা ৰচনাখন চাৰিপৃষ্ঠাতকৈ অলপহে বেছি। এই কম পৰিসৰতে চেপলিনৰ মহত্ব, চাৰিত্ৰিক বৈশিষ্ট্য, আৰু জীৱনৰ দৃষ্টিভংগী সুন্দৰকৈ উপস্থাপন কৰিছে। আমেৰিকান ৰাষ্ট্ৰদূত ৰূপী অভিনেতা মাৰ্লন ব্ৰেণ্ডো আৰু ৰাচিয়ান কাউণ্টেচ ৰূপী অভিনেত্ৰী চোফিয়া লোৰেনৰ উদ্ধৃতিৰে ভূপেন হাজৰিকাই চেপলিনৰ বিষয়ে পোনতে দুটা কথা কৈ লৈছে। ব্ৰেণ্ডো আছিল আত্মাভিমানী অভিনেতা অথচ তেওঁকেই চেপলিনে ডিকটেটৰৰ দৰে নিৰ্দেশ দিব পাৰিছিল ‘মাৰ্লন, তুমি তোমাক দিয়া চিনটোলৈ আহা। এক। দুই। তিনি খোজ। বাচ্, আগনাবাঢ়িবা।’ আনহাতে চোফিয়াই কৈছিল—”ইচ্ ইমান অভিনয় কৰিলো, কিন্তু এই মানুহজনৰ পৰা ইমান শিকিবলগীয়া আছে। এতিয়াহে বুজিছোঁ আমি বহুতো নাজানিছিলো!” দুয়োজনকে অভিনয়ত চেপলিনে নিৰ্দেশ দিয়াৰ মুহূৰ্ত বাৰু কেনে আছিল? ভূপেন হাজৰিকাই লিখিছে— তেওঁ হেনো ষ্টুডিঅ’ৰ মজিয়াত ঘূৰি ফুৰিছে, কাম কৰিছে,নিৰ্দেশ দিছে আৰু তেতিয়া তেওঁক পৃথিৱীৰ পৰা বহু উচ্চত বতাহত উৰি ফুৰা চিলা এটাৰ সৈতে ৰিজাব পাৰি। তেওঁৰ সম্পূৰ্ণ বগা চুলিখিনি অলিয়া-বলিয়া হৈ যায়। তেওঁ চুটি মানুহ, কিন্তু তেওঁৰ সৃষ্টিয়ে এই সৰু মানুহজনৰ ব্যক্তিত্বটো আকাশলংঘা কৰি তোলে।ভৰি দুখন কিন্তু পৃথিৱীৰ বোকাত থাকে।

চেপলিনৰ ষ্টুডিঅ’ত ছবি পৰিচালনা কৰাৰ যি দৰ্শন সেয়াও আছিল বৰ ৰোমাঞ্চকৰ। সেই সময়ৰ লণ্ডনৰ ইলাষ্ট্ৰেটেড নিউজৰ সাংবাদিক উৰছুলা ৰবাৰ্টশ্বৰ মন্তব্য এটি ৰচনাখনত  দিয়া হৈছে। তেওঁ কৈছিল, “ষ্টুডিঅ’ত এই মহান কৌতুকাভিনেতাজনক পৰিচালকৰূপে ব্যস্ত থকা যিজনে দেখিছে, তেওঁ পৃথিৱীৰ সুকুমাৰ কলা বুৰঞ্জীৰ এটি ডাঙৰ অধ্যায় ৰচনা কৰিছে।”

ভূপেন হাজৰিকাই লিখিছে—যদি পৰিচালক ৰূপে কৰ্মৰত চেপলিনক কোনোৱে তেওঁক ফিল্মত ধৰি ৰাখিব পাৰিলেহেঁতেন! কিন্তু সেই সুবিধা তেওঁ কাকো নিদিয়ে।নিৰ্জন দ্বীপত আপোনমনে, স্বাধীনভাৱে, তেওঁৰ নিজস্ব ভংগীৰে ছবি নিৰ্মাণ কৰি যায়।

চেপলিনৰ ছবিয়ে কি কৈছিল,কিহৰ পিনে তেওঁ দৰ্শকৰ চকু পোনাব খুজিছিল?? ভূপেন হাজৰিকাই সেই কথাৰ সম্ভেদ দি উল্লেখ কৰিছে এনেদৰে: “চেপলিনে প্ৰত্যেক ছবিৰে পৃথিৱীক ভবাই তোলে।ছবি কৰাটো তেওঁৰ ধৰ্ম।” এই মন্তব্য কৰাৰ সময়ত চেপলিনে ‘এ কাউণ্টেচ ফ্ৰম হংকং’ ছবিৰ দৃশ্যগ্ৰহণ শেষ কৰিছিল(জুন,১৯৬৬)। তাৰ পাছত চেপলিনে কি কৰিব? ভূপেন হাজৰিকাই লিখিছে যে তাৰ পাছত দিনটোৰ বাৰঘণ্টা এক্সপোজ ফিল্মখিনি লৈ এডিটিং ৰুমত বহি থাকিছিল চাৰ্লি।নিজেই ছবিৰ এভাগ কাটে,এভাগ জোৰা লগাই পেলাই দিয়ে।এভাগ পেলাই দিয়াৰ পিছত হেনো তেওঁৰ মুখত দুখৰ ছাঁ পৰে। কিন্তু পিছ মুহূৰ্ততে মুখ উজ্বল হৈ উঠে। তেওঁ হেনো কয়–“মই ছবি সম্পাদনা কৰোঁতে ইমান সাৱধান হ’ব লাগে যে মোক নিজকে নিজেই এজন ধৰ্মযাজক যেন লাগে।”

এনে এগৰাকী প্ৰসিদ্ধ পৰিচালক, বিশ্বব্যাপী খ্যাতিমান অভিনেতাৰ জীৱন-দৰ্শন কি আছিল বাৰু ? অথবা সমাজ বা মানুহ সম্পৰ্কে তেওঁৰ ধাৰণা কি আছিল? ভূপেন হাজৰিকাই সেই কথা বিবৰি কৈছে—শান্তি, ভ্ৰাতৃত্ব, মুক্তি, সাম্য আৰু উন্নতি, বাটৰ ভিক্ষুৰ প্ৰতি সমবেদনা, অন্ধ ফুল বেচোতা গাভৰুৰ বা হাত ভৰি নোহোৱা অসহায় মানুহৰ প্ৰতি তেওঁৰ আছিল সহানুভূতি—এয়াই আছিল তেওঁৰ জীৱন-দৰ্শন। সেয়ে তেওঁৰ এইবোৰ ভালপোৱাক মানুহে বুলিছিল ‘কমিউনিজম।’ আৰু সেয়ে আমেৰিকাই তেওঁৰ প্ৰতি নিষ্ঠুৰ আচৰণ কৰি তেওঁক বিদায় দিছিল। চেপলিনৰ এজন পুৰণি বন্ধু হলিউডৰ বিখ্যাত অভিনেতা বাষ্টন কীটনেও কৈছে যে তেওঁক বহু আগতেই ছছিয়েলিষ্ট বা কমিউনিষ্ট আখ্যা দিয়া হৈছিল, কিন্তু তেওঁ জানে তেওঁ ৰাজনীতিক জীৱন-দৰ্শন কৰি লোৱা নাছিল। তেওঁ হেনো কেৰেপেই নকৰে ৰাজনীতিক। পিচে যদি কোনো দুৰ্ভগীয়াই আহি কয়হি তেওঁক—মই বিপদত পাৰিছোঁ, তেতিয়া চাৰ্লিয়ে উত্তৰ দিয়ে—”মই তোমাৰ লগত আছোঁ।”

চাৰ্লিৰ এই অভিব্যক্তিক ভূপেন হাজৰিকাই বৰ ভাল পাইছিল, কৈছিল এয়াই চাৰ্লিৰ জীৱন-দৰ্শন। এই জীৱন-দৰ্শন সম্পৰ্কে তেওঁ এনেকৈ লিখিছে—”মানুহ আৰু মানৱতা তেওঁৰ প্ৰিয় বস্তু। ‘মডাৰ্ণ টাইমচ’ ছবিত আজিৰ অতি যান্ত্ৰিকতাই মানুহৰ পৰা মানৱতা কাঢ়ি নিয়াৰ সম্ভাৱনাৰ কথা ব্যংগ কৰিছে। বেছি সংখ্যক লোকৰ দাৰিদ্ৰ্য অভাৱ দূৰ কৰিব নোৱাৰা মানৱ ‘সভ্যতা’ই মহাশূন্যত বিচৰণ কৰাৰ বিষয়ে সিদিনা চেপলিনে ৰগৰ কৰিছে এই বুলি,—বেচেৰা পৃথিৱীৰ মানুহে চন্দ্ৰ, মংগল গ্ৰহ আদিৰ দুৱাৰত খটখটাই চিঞৰিছে—বোলো ঘৰত কোনোবা আছেনে?’ পিচে উত্তৰ নাই! উত্তৰ মৌনতাহে পাইছে। তাত ওচৰ চুবুৰীয়া নাই!—পৃথিৱীয়ে আন গ্ৰহত বন্ধু পোৱাহেঁতেন সুখৰ কথা হ’লহেঁতেন।”

এই ৰগৰত ভূপেন হাজৰিকাই বহু অৰ্থ বিচাৰি পাইছে। তেওঁ লিখিছে, চেপলিনে নিজৰ শৈশৱক ভয় কৰিছিল।কৈছিল তেওঁৰ হেনো দাৰিদ্ৰ্যলৈ উভতি যাবলৈ ভয় লাগে। তেওঁ কৈছিল পৃথিৱীখন বৰ নিষ্ঠুৰ, গতিকে আমিও নিষ্ঠুৰ হ’ব লাগে। ভূপেন হাজৰিকাৰ মতে চেপলিনে যে কথাষাৰ কৈছে তাৰ অৰ্থ হ’ল মানুহে অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সাহসী হ’ব লাগে।

হয়তো চেপলিনৰ জীৱন-দৰ্শনৰ মাজত ভূপেন হাজৰিকাইও নিজকে বিচাৰি পাইছিল। চেপলিনৰ দৰে তেওঁৰ আন এজন প্ৰিয় চলচ্চিত্ৰকাৰ আছিল চাৰ্গে আইজেনষ্টাইন। আইজেনষ্টাইনৰ চলচ্চিত্ৰবোধে তেওঁক বৰকৈ আকৰ্ষণ কৰিছিল। ‘আমাৰ প্ৰতিনিধি’-ত (জানুৱাৰী,১৯৭২) তেওঁ লিখিছিল, চাৰ্গেই ছবি নিৰ্মাণত অভিনৱ পদ্ধতি ব্যৱহাৰ কৰিছিল। কাৰ্ল মাৰ্ক্সৰ Dialectical Materialism-ৰ thesis আৰু synthesis-ক ফিল্ম সম্পাদনাত ব্যৱহাৰ কৰি চাৰ্গেই এক অভিনৱ সত্য দি গৈছে। পৰস্পৰবিৰোধী shot সংঘাতেৰে আৰু তাৰ ফলেৰে চাৰ্গেই এক নতুন প্ৰভাৱৰ সৃষ্টি কৰি সফলতা অৰ্জন কৰিছিল। চাৰ্গেৰ সুবিখ্যাত ছবি Battleship Potemkin আৰু তেওঁ লিখা অমূল্য পুথি Film Sense। ভূপেন হাজৰিকাই লিখিছে চাৰ্গেই যদি অকল এইখন ছবি কৰি গ’লহেঁতেন আৰু এই কিতাপখন লিখি গ’লহেঁতেন তেতিয়াও তেওঁৰ নাম বিশ্ব ইতিহাসত থাকি গ’লহেঁতেন। তেওঁ ভাবি বিস্ময়াভিভূত হয় এইটো ভাবি যে একুৰি ছয় বছৰ বয়সতে তেওঁ কেনেকৈ এনে এক গভীৰ সৃষ্টি কৰিব পাৰিলে! আকৌ তেওঁ ৰচনাখনত এই কথাও লিখিছে যে মাৰ্ক্সৰ ডাচ-কেপিটেল এজন ৰাজনীতিজ্ঞৰ বাবে তেনেকৈ বহুমূলীয়া, তেনেকৈ গভীৰ চিন্তাৰে চিনেমা নিৰ্মাণ কৰোঁতাসকলৰ বাবেও Film Sense পুথিখন অপৰিহাৰ্য।

চাৰ্গে আইজেনষ্টাইনৰ অক্টোবৰ বিপ্লৱৰ পটভূমিত নিৰ্মাণ কৰা ছবিখন আছিল ‘অক্টোবৰ।’ এই ছবিখনৰ বিষয়েও ভূপেন হাজৰিকাই উচ্চ প্ৰশংসা কৰি লিখিছে—”প্ৰচণ্ড শক্তিৰ এই ছবিখন এবাৰ চালে আপুনি অকল যে মনত ৰাখিব লাগিব এনে নহয়, অনুভূতিৰ প্ৰতিটো ৰন্ধ্ৰত ই প্ৰৱেশ কৰি আপোনাক চিন্তান্বিত কৰি তুলিব।” (আমাৰ প্ৰতিনিধি, জানুৱাৰী, ১৯৭২)। ছবিখন তেওঁৰ চকুত—সংযোগ আৰু যন্ত্ৰৰ inner action। টেলিফোন, ফেক্টৰী, হুইছেল, তৰবাৰী, বন্দুক এইবোৰ প্ৰাণহীন বস্তুক এই ছবিত আইজেনষ্টাইনে এনেভাৱে ব্যৱহাৰ কৰিছে যে সকলোৱে মানুহ জাতিটোক সংযোগেৰে জাগ্ৰত কৰিছে। অক্টোবৰ বিপ্লৱৰ মহামতি লেনিনৰো আছিল চিনেমা প্ৰীতি। তাৰ এক দৃষ্টান্ত : চিনেমা প্ৰজেকশ্যন এটা তেওঁ ৰোগাক্ৰান্ত হৈ থকা সময়ত বিছনাৰ ওচৰতে ৰাখিছিল। তেওঁক লগ পাবলৈ তালৈ চাৰ্গে মাজে সময়ে গৈছিল। তাৰেই ফচল ‘অক্টোবৰ’।

চাৰ্গেৰ চিনেমাৰ খ্যাতিমান অভিনেতা চেৰকাচোভ। তেওঁৰ কথা আলচ নকৰাকৈ চাৰ্গেৰ কথা অসম্পূৰ্ণ হৈ ৰয়। চাৰ্গেই বিচৰা মতেই তেওঁৰ পৰা শত শতাংশ অভিনয় আদায় কৰিছিল। চেৰকাচোভৰ অম্লান প্ৰতিভাৰ কথা ভূপেন হাজৰিকাই আন এখন ৰচনাত (আমাৰ প্ৰতিনিধি, নবেম্বৰ, ১৯৬৬) উল্লেখ কৰিছে। চেৰকাচোভক তেওঁ ১৯৫৫ চনত ৰাচিয়া ভ্ৰমণ কালত লগ পাইছিল। ভোজমেলত তেওঁৰ সৈতে মিলিতও হৈছিল, য’ত আছিল ভাৰতৰ পৰা যোৱা সাংবাদিক বিবেকানন্দ মুখোপাধ্যায়, নাট্যকাৰ শচীন সেনগুপ্তা, লেখক মুলকৰাজ আনন্দ আৰু চিত্ৰকৰ এম এফ হুছেইন। চাৰ্গেৰ ‘লেনিন ইন্ নাইনটিন্ এইটটিন’ত চেৰকাচোভে মেক্সিম গৰ্কীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। চাৰ্গেৰ আন দুখন ছবি ‘আলেকজেণ্ডাৰ নেভী’ আৰু ‘আইভান দ্য টেৰিবল’ ভূপেন হাজৰিকাই চাইছিল আৰু দুয়োখনৰে নাম ভূমিকাত চেৰকাচোভৰ অভিনয় দেখি অভিভূত হৈছিল।

চাৰ্গেৰ পৰাম্পৰা দেখা গৈছিল পৰৱৰ্তী কালত চলচ্চিত্ৰকাৰ পুডভকিনৰ ছবিত। পুডভকিনে কৈছিল,দৰ্শকক প্ৰত্যেকখন ছবিয়ে ভবাই তুলিব লাগে। এইষাৰ কথাই ভূপেন হাজৰিকাৰ মনত ৰেখাপাত কৰিছিল। তেওঁ নিজৰ সৃষ্টি আঁৰৰ কথা ক’বলৈ গৈ চলচ্চিত্ৰৰ প্ৰসংগত কৈছিল—উদ্দেশ্য সকলোতে একে—সমাজক ভবাই তোলা।ফিল্ম শ্বুড প্ৰভক্ অডিয়েন্স টু থিংক।

চাৰ্লি সম্পৰ্কত ভূপেন হাজৰিকাই আৰু এটা কথা লিখিছিল—আৰ্ট সৃষ্টিত চেপলিনৰ পদ্ধতি আছিল ষ্টাইলাইজড্।সেই ষ্টাইলাইজেকশ্যন লাহে লাহে ৰূপান্তৰিত হয় মানৱতাৰ প্ৰকাশলৈ। দৰ্শকে পৰিৱৰ্তনখিনি গম নোপোৱাকৈয়ে উপলব্ধি কৰেগৈ।

ভূপেন হাজৰিকাই লিখিছিল, নাটঘৰৰ নাটক যদি আৰ্ট হয় তেন্তে বোলছবি বিংশ শতাব্দীৰ এটি মহান আৰু বিস্ময়কৰ আৰ্ট। আইজেনষ্টাইনৰ দৰে তেৱোঁ কৈছিল, চলচ্চিত্ৰ সকলো কলাৰে সমন্বয়। এই কলাই মানুহক ভবাই তুলিব পাৰিব লাগে, জগাব পাৰিব লাগে, সৰ্বোপৰি মানৱতাবোধক উৰ্দ্ধত তুলি ধৰিব পাৰিব লাগে।

ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ চিন্তা সঁচাকৈয়ে চিত্তাকৰ্ষক আৰু যুগমীয়া। এই দৃষ্টিভংগীৰে তেওঁ ছবি নিৰ্মাণত হাত দিছিল। নিজৰ ছবি নিৰ্মাণত সৃষ্টিৰ বেদনাৰ বিষয়ে তেওঁ এনেদৰে কৈ গৈছে—

“সবাতোকৈ অধিক বেদনা হয় সৃষ্টিৰ আগমুহূৰ্তত। ঠিক কিবা এটিয়ে প্ৰেৰণা দিয়াৰ পিছতে। সেই প্ৰেৰণা হ’ব পাৰে কোনো বিশেষ জনক দেখি বা বিশেষ স্থানৰ সৌন্দৰ্য দেখি বা বিশেষ সমস্যাৰ গুৰুত্ব দেখি বা বিশেষ মুহূৰ্ত এটিক উপলব্ধি কৰি। আমাৰ এৰাবাটে বাটে ঘূৰি ফুৰি অৱহেলিত মাটিৰ সুৰ শুনি মোৰ প্ৰথম ছবি ‘এৰাবাটৰ সুৰ’ৰ প্ৰেৰণা পাইছিলো। গোৱালপাৰাৰ বিশেষ স্থানৰ হাতী মাউত এজনৰ ব্যক্তিত্ব দেখি আৰম্ভ কৰিছিলো দ্বিতীয় ছবি ‘মাহুত বন্ধুৰে’। কালিদাসৰ অমৰ কাব্যৰ সাৰ্বজনীন সৌন্দৰ্য অসমৰ ৰাইজৰ সমুখলৈ সহজভাৱে দাঙি ধৰাৰ প্ৰেৰণাই মোক আগুৱাইছিল ‘শকুন্তলা’ ছবি কৰাৰ বাটেৰে। খাছী আৰু অসমীয়াৰ যোগসূত্ৰ উপলব্ধি কৰি কৰিছিলো চেৰাপুঞ্জীত এদিন সন্ধিয়া বহি খাছী সাধুকথা এটি খাছী গাঁওবুঢ়া এজনৰ পৰা শুনি। সেই সন্ধিয়াটোৰ বতৰ মধুৰ হ’লেও মোৰ বাবে বেদনাৰে ভৰা। সেই বেদনা তিনি বছৰ বুকুত বান্ধি এদিন আৰম্ভ কৰিছিলো ‘প্ৰতিধ্বনি’। মুখা পিন্ধা ধনীয়ে দুখীয়া অসমীয়া গাভৰুৰ সতীত্ব কিনিবলৈ অহা দেখি কৰিছিলো ‘চিকমিক বিজুলী।’ উদ্দেশ্য সকলোতে একে—সমাজক ভবাই তোলা। ফিল্ম শ্বুড্ প্ৰভক অডিয়েন্স টু থিং” (আমাৰ প্ৰতিনিধি, এপ্ৰিল,১৯৭৫)।

Leave a Reply

Your email address will not be published. Required fields are marked *