গল্প-কবিতা

মানুহ হোৱাৰ যন্ত্ৰণা – (ড০ কস্তুৰী নাথ)

এটা মৃত্যুৰ খবৰৰ বাবে মানুহ ইমান উৎকৰ্ণ হৈ ৰ’ব পাৰেনে?? এটা মৃত্যুৰ খবৰ মানুহৰ বাবে ইমান উৎকণ্ঠাৰ হ’ব পাৰেনে?? কালিৰে পৰা আশা কৰ্মী জনীলৈ কিমানবাৰ ফোন কৰিছে জ্ঞানীয়ে তাৰ হিচাপ নাই। আনকালে হোৱা হ’লে এই আশা কৰ্মী বোৰৰ ফোন আহে বুলি তাই ফোনটোৰ ফ্লাইট মুড অন কৰি থ’লেহেঁতেন। আজি কিন্তু সমগ্ৰ দিন তাই কেৱল আশা কৰ্মীজনীৰ ফোনলৈকে অপেক্ষা কৰি থাকিল অথচ দিনটোৰ শেষতো তাইৰ বাবে অপেক্ষাৰ ফোনটো নাহিল। তাৰমানে, জ্ঞানীয়ে অনুমান কৰি ল’লে এতিয়াও মৰা নাই মানুহজনী। কিমান বয়স কৈছিল তাইৰ?.. সোতৰ বছৰ। তাইৰ বয়সতকৈ প্ৰায় দুগুণ সৰু। মানুহজনী বুলি ক’ব পৰা নাযায় তাইক – ছোৱালীজনী বুলিহে ক’ব পৰা যায়। এনেও মানুহ বুলি ক’ব পৰাকৈ যিবোৰ বৈশিষ্ট্য লাগে সেইবোৰ সিহঁতৰ পৰা বহুত নিলগত, মাত্ৰ মানুহৰ দৰে দৈহিক অবয়বটোৰ বাদে। মানুহ হৈ পালেনে সিহঁতি জীৱনত?? জন্মৰ পৰা মৃত্যলৈকে?? সিহঁতটো ‘মাইকী’ হয় আৰু ‘মাইকী’ক মানুহ বুলি ক’ব পৰা নাযায়। ‘মাইকী’ মানে ‘মতা’ক সন্তুষ্ট কৰা আৰু সন্তান উৎপাদন কৰা একো একোটা যন্ত্ৰ। কিমান সন্তান উৎপাদন কৰিব পাৰে এজনী ‘মাইকী’য়ে নিজৰ সমগ্ৰ জীৱনত … সাতটাৰ পৰা বাৰটা অথবা তাতোকৈও বেছি। জ্ঞানীৰ জীৱনত এনেকুৱা অভিজ্ঞতাও হৈছে যে গৰ্ভৱতী দুজনী মাইকী স্বাস্থ্য পৰীক্ষাৰ বাবে একেলগে আহিছে। এজনীৰ পাঁচ মাহ আৰু এজনীৰ সাত মাহ আৰু সম্বন্ধত সিহঁত মাক জীয়েক। এইবোৰ একেবাৰে সাধাৰণ কথা সিহঁতৰ বাবে। আহ কেনেকৈ যে আহে একো একোজনী গৰ্ভৱতী মাইকী প্ৰসৱৰ সময়ত। হাতত একোটা থৈলা আৰু অকণমানি লেতেৰা পলিথিন এটাত দুখনমান ফটাকানি। সন্তান প্ৰসৱ কৰে আৰু অলপ সময়ৰ পাছতে অহা বাটেৰে টালি টোপোলা বান্ধি গুচি যায়গৈ। জ্ঞানীয়ে সৰুৰে পৰা ঘৰৰ গৰুজনীয়েও প্ৰসৱৰ সময়ত ইয়াতকৈ বেছি আপডাল পোৱা দেখি আহিছে। এবাৰ জ্ঞানীৰ ওচৰলৈ এজন আলৰ বৃদ্ধ আহিছিল অকণমানি চাৰি বছৰীয়া লৰা এটাৰ ছালত হোৱা বেমাৰ এটা দেখাবলৈ। কথা প্ৰসংগত জ্ঞানীয়ে সুধিছিল ল’ৰাৰ নাতি নে ছোৱালীৰ নাতি? আৰু জ্ঞানীক অবাক কৰি আলৰবৃদ্ধই উত্তৰ দিছিল
: নাতি নহয় বাইদেউ, মোৰ একেবাৰে পেটমচাটো।
আহ মুহূৰ্তৰ বাবে চিকিৎসক জ্ঞানীৰ হাতৰ প্ৰেচকিপশ্যন লিখা কলমটো ৰৈ গৈছিল। কি কয় এই মৃত্যুমুখী বুঢ়াই!! বমি বমি ভাব এটাই ‘চিকিৎসক’ জ্ঞানীক মুহূৰ্তৰ বাবে ‘মানুহ’ জ্ঞানীলৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। কিন্তু পিছমুহূৰ্ততে তাই নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পৰিস্থিতি চম্ভালি লৈছিল। এৰা চম্ভালি ল’ব পৰাকৈ পৰিপক্ক হৈ উঠিছে তাই। কত কথাই চম্ভালিব পৰাকৈ পৰিপক্ক হৈ উঠিছে চিকিৎসক জ্ঞানী। তায়োতো ‘মানুহ’ হৈ থকা নাই। ‘মানুহ’ জ্ঞানী সেইজনী আছিল যিজনীয়ে ধুনীয়া ধুনীয়া কবিতা লিখিছিল, যি গল্পৰ মাজেৰে সমাজ পৰিৱৰ্তনৰ সপোন দেখিছিল, যি অন্যায়ৰ কেৱল প্ৰতিবাদ কৰিব জানিছিল- আপোচ কৰিব নাজানিছিল, যি অনবৰতে আবেগৰ মাজুলীত বাস কৰিছিল … সৰলতা, সততা আৰু স্পষ্টবাদিতা যাৰ অভ্যাস আছিল। আটাইতকৈ ডাঙৰ কথা সেইজনী জ্ঞানীয়ে প্ৰেম কৰিব জানিছিল। অহৰহ প্ৰেমৰ নিচাত ডুবি থকা সেইজনী বেলেগ এজনী জ্ঞানী আছিল, সেইবোৰ বেলেগ এটা সময়ৰ বেলেগ এখন পৃথিৱীৰ কথা আছিল। এতিয়া তাই চিকিৎসক । কেতিয়াবাই খুলি পেলাইছে মানুহৰ পোছাক। এতিয়াৰ চিকিৎসক জ্ঞানীৰ বাবে মানুহৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ। হোজা আৰু দুখীয়া মানুহৰ প্ৰেচকিপশ্যনবোৰ বিদেশী কোম্পেনীৰ অলাগতিয়াল দৰৱ আৰু পৰীক্ষা নিৰীক্ষাৰে ভৰাই পেলালেও হাত নকঁপে এতিয়া তাইৰ। এতিয়া তাই পোষ্টমৰ্টেম ৰিপোৰ্টৰ বাবেও দৰদাম কৰিব পাৰে অকস্মাতে স্বামীক হেৰুৱাই সেন্দূৰ মচিবলৈকে আহৰি নোপোৱা কোনোবা সদ্যবিধৱাৰ সৈতে। এতিয়াৰ চিকিৎসক জ্ঞানীৰ কলমেৰে গল্প কবিতাৰ নামত বাজে আবেগৰ বৰষুণ নসৰে, এতিয়া কেৱল সেই কলমেৰে প্ৰেচকিপশ্যনৰ ৰূপত লাভ লোকচানৰ অংক চলে। এতিয়া আৰু অসহায় কাৰোবাক দেখিলে অথবা জীৱন সংগ্ৰামত জুৰুলা মানুহে তাইৰ ওচৰত দুখৰ পৃষ্ঠা মেলি বহি ল’লে তাই আগৰ দৰে হৃদয়েৰে বিচাৰ নকৰে। এতিয়া তাই হিচাপ কৰে বাজে কথা শুনি সময় নষ্ট কৰাতকৈ লাভ লোকচানৰ অংকবোৰ কিদৰে মিলাব পৰা যায়। এতিয়াৰ জ্ঞানীৰ বাবে আৰ্দশ, সততা, নৈতিকতা, প্ৰেম এইবোৰ ব্যৰ্থ মানুহৰ ব্যৰ্থতা ঢকাৰ কিছুমান কৌশল মাত্ৰ।
কিন্তু কালি ৰাতিৰে পৰা আশা কৰ্মীজনীৰ ফোনটো পোৱাৰ পাছত ক’ৰবাত যেন চিকিৎসক আৰু মানুহ সত্তা দুটাৰ মাজত টনা আঁজোৰা চলিছে। বাৰে বাৰে চকুৰ সন্মুখত ভাহি আহিছে সোঁতৰ বছৰীয়া এজনী কোমল গাভৰুৰ এখন অসহায় মুখ। যাক সমাজ আৰু পুৰুষতান্ত্ৰিক ব্যৱস্থাই ‘মাইকী’ বনাই পেলাইছে। যি জাতৰ নহওক তাই, তায়োতো মানুহ হৈয়েই উপজিছিল। তাইৰ বয়সত জ্ঞানীৰ উচ্চাকাংক্ষী মনটোৰ বাবে পৃথিৱীখন সৰু আছিল। কিন্তু পেটত দুটাকৈ যঁজা সন্তানলৈ মৃত্যুৰ বাবে অপেক্ষা কৰি থকা এই সোতৰ বছৰীয়া ‘মাইকী’ জনী। আই অ’ দেহি, প্ৰসৱৰ বাবে আহোঁতেও জুলাই মাহৰ এই গেলা গৰমত পিন্ধি আহিবলগীয়া হৈছে হাত মোজা, ভৰি মোজা, বোৰ্খাৰ ওপৰতো দুজাপ তিনিজাপ কাপোৰ। চকু কেইটাও পাতল কাপোৰ এখনে ঢাকি আহিছে। যি কাপোৰ জ্ঞানীয়ে বৰফৰ দেশত থাকিলেও পিন্ধিব নোৱাৰে। ইমানদিনে চিকিৎসক জ্ঞানীৰ বাবে এইবোৰ দেখিও আওকাণ কৰা বিষয় আছিল। কিন্তু আজি মাত্ৰ সোতৰ বছৰীয়া ভালকৈ পূৰঠ হ’বলৈ নোপোৱা অচিনাকি ছোৱালী এজনীৰ জীয়া যন্ত্ৰণাই বাৰে বাৰে যেন জ্ঞানীৰ যন্ত্ৰ হোৱাৰ ইমান বছৰীয়া আয়োজন খহাই পেলাইছে। তাই ছুটীত আছে বাহিৰত। এম আৰে ট্ৰিপ দিছে। জ্ঞানীয়ে এইবাৰ সিহঁতৰ টাৰ্গেট ক্ৰছ কৰিছে। ফৰেইন ট্ৰিপ দিছিল কিন্তু ফৰেইন গৈ গৈ আমনি লাগিছে তাইৰ। এইবাৰ সেয়েহে ওচৰৰে মেঘালয়ৰ খুব ধুনীয়া গাঁও এখন বাছি লৈছে। এইকেইটা দিন সম্পূৰ্ণ তাইৰ। সন্তানহীনতাৰ ট্ৰেজেদি, বিবাহ বিচ্ছেদৰ ট্ৰেজেদি আৰু তথাকথিত সফলতাৰ আঁৰৰ অলেখ কাহিনী… প্ৰতি বছৰেই জ্ঞানীয়ে বিশেষ কেইটামান দিনত এনেদৰে ক’ৰবালৈ গুচি যায়। কিবা উপভোগ কৰিবলৈ নহয়। টকা থাকিলে উপভোগৰ সকলো পথেই খোলা থাকে। কিন্তু বছৰটোৰ বিশেষ দিনকেইটাত তাই আঁতৰি থাকে সকলোৰে পৰা। প্ৰেমৰ নিচাত ডুবা মানুহ মদৰ নিচাত ডুবি থাকে। চিগাৰেটৰ ধোঁৱাই কুণ্ডলী পকাই পকাই জীৱনৰ ব্যৰ্থতাবোৰৰ হিচাপ কৰে। তেনে হিচাপত ব্যস্ত থকাৰ সময়তে আশা কৰ্মী এজনীৰ ফোন আহিছিল। কিবা কাৰণত মোবাইলৰ ফ্লাইট মুড অন কৰিবলৈ জ্ঞানীয়ে পাহৰি গৈছিল।

কথাখিনি এনে আছিল,
“সোতৰবছৰীয়া মাইকীজনীৰ পেটত দুটা সন্তান আছিল মানে যঁজা সন্তান। প্ৰসৱৰ সময়তহে কথাটো পোহৰলৈ আহিল। কাৰণ সমগ্ৰ নমহীয়া প্ৰক্ৰিয়াটোত মাত্ৰ সামান্য তেজ পৰীক্ষা এটাৰ বাদে আন একো এটা পৰীক্ষাই কৰা হোৱা নাছিল। অৱশেষত প্ৰসৱৰ সময়ত তাই স্থানীয় প্ৰাথমিক চিকিৎসালয়খনলৈ আহিল। হাতত এটা থৈলা আৰু লেতেৰা ফটাকানি দুটুকুৰামান লৈ। এটা সন্তান প্ৰসৱৰ পাছত দ্বিতীয়টো সন্তানলৈ জটিলতা আহি পৰিল। প্ৰসৱৰ কাৰণে অকলে চিকিৎসালয়লৈ অহা মাইকীজনীৰ অভিভাৱকক বাৰম্বাৰ ফোন কৰি, মানুহ পঠিয়াই মাতি অনা হ’ল। অনিচ্ছাসত্ত্বেও উপায়হীন হৈ অভিভাৱক আহিল। অভিভাৱক মানে গিৰিয়েক আৰু তিনিজনী ঘৈণীয়েক। ইমান জটিল সময়ত সোতৰ বছৰীয়া মাইকীক জিলা চিকিৎসালয়খনলৈ আনিবলৈও ইচ্ছুক নহয় অভিভাৱক বুলি ভবা মানুহখিনি। লগত আছে মাত্ৰ এজনী আশা কৰ্মী আৰু এজনী এ এন এম নাৰ্ছ। জিলা চিকিৎসালয়খনলৈ অৱশেষত মাইকীজনীক অনা হ’ল। তাত নাৰাখে ডাক্তৰে তাইক ইমান জটিল সময়ত। গুৱাহাটীলৈ ৰেফাৰ কৰিলে ডাক্তৰে আৰু অভিভাৱকৰূপী যমদূতে তাইক ঘৰলৈ লৈ আনিলে, যি হয় ঘৰতেই হওক বুলি। মানুহজনী এতিয়া মৰিল নে নাই তাই নাজানে… “
সেই মৰাৰ খবৰটো জানিবলৈকে জ্ঞানীয়ে বাৰম্বাৰ ফোন কৰি আছে আশা কৰ্মীজনীলৈ। এৰা সোতৰ বছৰীয়া এজনী অচিনাকি ‘মাইকী’ ৰ মৃত্যুৱেই যেন জ্ঞানীৰ বাবে পৃথিৱীৰ আটাইতকৈ সকাহৰ খবৰটো এই মুহূৰ্তত। যি মাইকী জীৱনত কাহানিও মানুহ হ’বলৈ নিশিকিলে সেই মাইকী জীয়াই থাকি কি কৰিব। সব মাইকী মৰি যা এই পৃথিৱীৰ, যি কেতিয়াও মানুহ হ’বলৈ নিশিকিলি। সব মাইকী মৰি যা এই পৃথিৱীৰ, যি সদায় পৰ্দাৰে নিজক ঢাকি ৰাখিলি, ( সেই পৰ্দা বোৰ্খাৰে হওক বা মানসিকতাৰে হওক) সব মাইকী মৰি যা এই পৃথিৱীৰ, যি আগৰাতি গৰু পিটন খায়ো পিছদিনা গিৰিয়েৰলৈ কেৱল গৰম ভাত বাঢ়িব জানিলি, সব মাইকী মৰি যা এই পৃথিৱীৰ ,যি পুৰুষতান্ত্রিক ব্যৱস্থাৰ সমগ্র নিৰ্যাতন সহিও এবাৰ প্ৰতিবাদ কৰিবলৈ নিশিকিলি, সব মাইকী মৰি যা এই পৃথিৱীৰ, যি কেৱল পুৰুষতন্ত্ৰৰ চকীদাৰী কৰিবলৈ জন্ম ল’লি। এই সোতৰ বছৰীয়া ‘মাইকী’জনী তাৰেই আৰম্ভণি হওক। মদৰ নিচাত বিৰবিৰাই উঠিল জ্ঞানীয়ে। নিজক চিকুটি চালে মদৰ নিচাত মাতাল চিকিৎসকে। তাই বাৰু মানুহ হ’লনে?? পিছমুহূৰ্ততে নিজক সান্ত্বনা দি বিৰবিৰাই উঠিল তাই ‘নাই নাই তাইতো প্ৰথম মানুহ হৈছিল তাৰ পাছতহে চিকিৎসক হৈছে আৰু মাইকী?? মাইকীতো তাই কাহানিও নহ’ল, কাৰণ তাই সন্তান জন্ম দিব নোৱাৰিলে আৰু গিৰিয়েকটোকো লগত ৰাখিব নোৱাৰিলে। তাইতো মাইকী নহ’লেই জীৱনত…
পুৱতি নিশা ফোনৰ শব্দত সাৰ পাই গ’ল তাই। সময়টো চালে তিনি বাজি পঞ্চলিছ মিনিট। মদৰ নিচাত হোটেলৰ ৰূমৰ ফ্ল’ৰতে শুই গৈছিল তাই। ফোনটো ৰিচিভ কৰাত সিটো মূৰত আশা কৰ্মীৰ ফোন।
:বাইদেউ মানুহজনী ঢুকাল। কেঁচুৱাটোও বাচি নাথাকিল। আপুনি দিনটো কেইবাবাৰো সোধাৰ বাবে খবৰটো দিলোঁ।
খপজপকৈ বিচনাত উঠি বহিল জ্ঞানী। চকু কেইটা মুদি সম্পূৰ্ণকৈ পূৰঠ হ’বলৈ নোপোৱা সোতৰ বছৰীয়া অচিনাকি এজনী দুৰ্ভগীয়া নাৰীৰ বাবে প্রার্থনা কৰিলে। ভগৱানক কৃতজ্ঞতা জনালে মানুহ হোৱাৰ যন্ত্ৰণাৰ পৰা তাইক মুক্তি দিয়াৰ বাবে। হিচাপ কৰি চালে মনতে কিমান বছৰৰ পাছত তাই ভগৱানক স্মৰণ কৰিলে। নাই তাইৰ মনত নপৰিল। ৰাতি পুৱাবৰে হ’ল । অলপ অলপ পোহৰ সোমাই আহিছিল ৰূমলৈ। গাটো গৰম পানীৰে ধুই ল’লে। মদৰ নিচাত মাথাটো এতিয়াও হেং মাৰি আছে। ৰূমত থকা ইলেক্ট্ৰনিক জাৰটোত পানী গৰম কৰি একাপ ব্লু টি বনালে (ব্লু টি নে কাৰোবাৰ যন্ত্ৰণা পান কৰি নিলকণ্ঠী হোৱাৰ ইচ্ছা সেই মুহূৰ্তত ঠাৱৰ কৰিব পৰা নাই তাই), ঘড়ীটোলৈ চালে। ছটা বাজি গৈছে। আশা কৰ্মীজনীলৈ ফোন লগালে আৰু ক’লে
: এনেকৈ যি টি মানুহৰ খবৰ দিবলৈ মোলৈ অসময়ত ফোন নকৰিবি। মই ছুটীত আছোঁ গম পাৱ নহয়। আৰু মই জইন নকৰালৈকে একো কাৰণতে মোলৈ দ্বিতীয়বাৰ ফোন নকৰিবি।

চিকিৎসক জ্ঞানীয়ে লাহেকৈ মোবাইলৰ ফ্লাইট মুড অন কৰি ল’লে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *