বিবিধ চিন্তা

বীজ সিঁচিব নোৱৰাৰ বাবেই যি মানুহ হ’ব নোৱাৰিলে-(বীথিকা হাজৰিকা)

নাৰী দেৱী, সহনশীলা ধৰিত্ৰী, নাৰী মাতৃ, নাৰী ধাত্ৰী, নাৰী নৈ, নাৰী প্ৰকৃতি, নাৰী মহিমাময়ী, চলনাময়ী। নাৰী নহয় কি! নাৰী আন সকলোৱেই হ’ব পাৰে, কেৱল হ’ব নোৱাৰে মানুহ। নাৰীৰ থাকিব নোৱাৰে মানৱীয় দোষ-গুণ।
ন বছৰীয়া দলিত গৰীব ছোৱালী এজনীক ধৰ্ষণ কৰি নেফানেফ কৰাৰ পাছত পুৰি পেলোৱা হ’ল। কণমানিজনীৰ উদ্ধাৰ হোৱা পোৰা ছিন্ন ভৰিখনৰ এনে কোনো ক্ষমতা নাই যি সমাজৰ দৃষ্টি কাঢ়ি ল’ব পাৰে। দুই একে মনুবাদী পুৰুষতন্ত্ৰক দোষী বোলোতে কিছুমান মানুহে জকজকাই উঠিল। কোনোৱে পূৰ্বজন্মৰ ফল বুলিলে। আনহাতে এজনী ছোৱালীয়ে সংঘটিত কৰা অপৰাধে সমাজখনত দপদপাই থকা তেনেবোৰ মানুহক আকৌ সুযোগ দিলে নাৰীবাদীক আক্ৰমণৰ লক্ষ্য কৰি ল’বলৈ। মুহূৰ্ততে মিছা বুলি প্ৰতিপন্ন কৰিবলৈ বহুতে উঠি পৰি লাগিল নাৰীৰ ওপৰত চলি অহা দীৰ্ঘদিনীয়া অত্যাচাৰৰ বিষয়টো। সমাজখনে নাৰীৰ ওপৰত জোৰকৈ জাপি দিয়া সহনশীলা, মহিমাময়ী দেৱীৰ ৰূপটোত চৰম আঘাত লাগিল। সকলো চিন্তিত হ’ল নাৰীৰ এই অধঃপতন দেখি। অধঃপতনৰ কাৰণ হিচাপে নাৰীবাদীৰ কৰ্মকাণ্ডক জগৰীয়া কৰা হ’ল।

নাৰীক মানুহৰ শাৰীত প্ৰতিষ্ঠাৰ বাবে নাৰীবাদীয়ে চলোৱা আন্দোলনৰ ভেটিটোত আঘাত হানিবলৈ সষ্টম হৈ থকা এটা চামে এনেবোৰ সুযোগলৈ বাট চাই থাকে। কোনো অপৰাধী নাৰীয়ে সংঘটিত কৰা ঘটনাৰ বাবে সমস্ত নাৰীক জবাবদিহি কৰিব বিচৰা হয়। নাৰীবাদীৰ বিৰুদ্ধে ঢৌ এটা বিয়পাই দিবলৈ সক্ষম হয় সেইসকল। সেই ঢৌত গোটেই সমাজখন উটি যোৱাৰ উপক্ৰম হয়। সমাজত মানুহৰ মাজত যুগ যুগ ধৰি শিপাই থকা এটা কাৰকে এই ঢৌ বিয়পি যোৱাত সহায় কৰে। কি সেই কাৰক? সেই বিয়য়ে আলোচনা কৰাৰ আগেয়ে সদ্য সংঘটিত দুটামান ঘটনালৈ লক্ষ্য কৰা যাওক। কোনোবাটো পোহৰলৈ অহা। কোনোবাটো আকৌ সকলোৱে দেখি থাকিও আওকাণ কৰা-

ট্ৰেফিক ৰুল ভংগ কৰা এজন কেবচালক পুৰুষক কেইবাটাও ঘোঁচা মাৰে কাণত হেডফোন গুজি জেব্ৰাক্ৰচিঙেৰে ৰাস্তা পাৰ হোৱা এজনী ছোৱালীয়ে। প্ৰত্যক্ষ্যদৰ্শীৰ হাতৰ মোবাইলবোৰৰ সক্ৰিয় হৈ পৰে। বন্দী হয় দৃশ্য।দেশ তোলপাৰ হয়। তাইৰ দৈহিক গঠনলৈ তীব্ৰ দৃষ্টিৰে চোৱা হয়। নাৰীৰ নামত কলংক বুলি কয়। তাইৰ আইন হাতত তুলি লোৱাৰ অপৰাধে নাৰীবাদীক কাঠগড়াত ঠিয় কৰায়।

আন এটা দৃশ্যত ভীৰ ৰাস্তা এটাৰ কাষত নিজৰ সুদৃশ্য নতুন মডেলৰ গাড়ীখন ৰখাই এজন সুন্দৰ সুঠাম যুৱকে চিগাৰেট হুঁপি থাকে। কাষেদি বৰ সাৱধানে এজন বৃদ্ধই নিজৰ ই ৰিক্সাখন পাৰ কৰাই নিওতে গাড়ীখনৰ rare view mirror খনত খুন্দা এটা লাগে। চিগাৰেটটো বিশেষ কাইদাৰে দলি মাৰি দি সুদৰ্শন যুৱক জনে বৃদ্ধক ৰিক্সাৰ পৰা কলাৰত ধৰি চোঁচৰাই আনে, এক ঘোঁচা মাৰি দিয়ে, বৃদ্ধই যুৱকজনক হাত জোৰ কৰি ক্ষমা কৰি দিবলৈ কয়। সেই সময়তে যুৱকে আৰু একঘোঁচা মাৰি সোধে, “এইখন গ্লাছৰ দাম কিমান জান? বাপ জনমত কিনি পাইছ?” নাই নাই ভিডিঅ’ কৰি ৰখা নহ’ল। মোবাইলবোৰ পকেটত ৰাখি মানুহবোৰে দূৰৰ পৰাই চালে। এই লেখিকাই উঠি যোৱা ৰিক্সাখনৰ পৰা মুহূৰ্ততে সকলো দেখিলে। কিবা এষাৰ ক’বলৈ মুখ মেলোতেই চালকে জোৰেৰে ৰিক্সা আগুৱাই নি ক’লে, “বাইদেউ লাফৰাত পৰি লাভ নাই! ধনী মানুহৰ ল’ৰা!”

উল্লেখিত দুয়োটা ঘটনাই অপৰাধৰ। এটা নাৰীয়ে কৰা অপৰাধ আনটো পুৰুষে। প্ৰথমটোৰ দৰে ঘটনা কাচিৎ হয়। দ্বিতীয়টো ঘটিয়ে থাকে।

আন এটা ঘটনা। ৰাস্তাৰে অকলশৰে গৈ থকা ছোৱালী এজনীৰ বুকুখন ল’ৰা এটাই হঠাৎ খামুচি ধৰে। ছোৱালীজনীয়ে প্ৰতিবাদ কৰে, শক্তি প্ৰয়োগ কৰি ল’ৰাজনে চলাই যোৱা বাহনখন তাই নলাত পেলাই দিয়ে। বাহনখনৰ মোহত ল’ৰাজনে ঠাই এৰি পলাবও নোৱৰা হয়। বিশেষ ভয়ো খোৱা নাই, সহজ কথা বুলি। মানুহবোৰ লাহে লাহে গোট খায়। ছোৱালীজনীয়ে প্ৰমাণ ৰাখিবলৈ ভিডিঅ’ কৰে। খঙতে স্বতঃস্ফূৰ্তভাৱে ইংৰাজীতো গালি পাৰে। থানাত প্ৰমাণ সহকাৰে কেচ দিয়া হয়। ভিডিঅ’ ভাইৰেল হয়। মানুহবোৰে তাইৰ হাব ভাব লক্ষ্য কৰে। ভিতৰুৱা কিবা কথা আছে নেকি বুলি খুচৰি চোৱাৰ চেষ্টা কৰে। স্মাৰ্টনেচক লৈ ইতিকিং কৰে। পাহৰি যায় স্মাৰ্টনেচ আয়ত্ব কৰোৱাবলৈ নিজ সন্তানৰ ওপৰত প্ৰয়োগ কৰা চাপৰ কথা। ইংৰাজী কোৱা দেখি জাতীয়তাবাদো জাগি উঠে। পাহৰি যোৱা যায় গাঁৱে-ভূঞে, চহৰে-নগৰে গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰৰ কথা, আজিৰ ল’ৰা-ছোৱালীবোৰে মাতৃভাষাৰ দৰে স্বতঃস্ফূৰ্তভাৱে ইংৰাজী ক’ব পৰা হোৱাৰ কথা।

সেইদৰে, টকিঅ’ অলিম্পিকত স্বৰ্ণ পদকপ্ৰাপ্ত এগৰাকী পুৰুষ খেলুৱৈক দেখা যায় দৰ্শকৰ আসনত বহি উল গুঁঠি থকা। কাষত বহি থকাবোৰৰ কাৰো ভ্ৰূক্ষেপ নাই। নিজ নিজ কামত ব্যস্ত। কোনেও মোবাইলেৰে সেই দৃশ্য তুলি ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। তাকে দেখি আমাৰ বহুতৰ মুখতে ফুটি উঠিল কৌতুকৰ হাঁহি। পুৰুষক জানো কল্পনা কৰা যায় তেনে ৰূপত?

এখন বস্তিৰ ওচৰা-ওচৰিকৈ থকা ঘৰবোৰৰ বহুকেইটাতে প্ৰায়বোৰ পুৱা আৰম্ভ হয় মাৰপিটৰ ঘটনাৰে। কল্পনাত একোগৰাকী প্ৰহৃত নাৰী আৰু উদ্যতহস্ত পুৰুষৰ ছবিয়েই মনলৈ আহিব যিটো সকলোৰে বাবে ঠিক ঠাক। কিন্তু যেতিয়াই এগৰাকী নাৰীৰ হাতৰ বেলনামাৰীদাল দাং খাব আৰু প্ৰহৃত অৱস্থাত থাকিব পুৰুষ, তেতিয়া দৃশ্যটো হৈ পৰিব কৌতুক উদ্ৰেককাৰী।

অলিম্পিকত ভাৰতীয় নাৰী খেলুৱৈসকলে পুৰস্কাৰ লাভ কৰি দেশৰ পদকৰ সংখ্যা বঢ়ালে। লাভলীনা বৰগোহাঁয়ে অসমৰ বাবে প্ৰথমটো অলিম্পিক পদক আনি ইতিহাস ৰচিলে। ভাৰত মূলুকত নাৰীৰ স্থান পুৰুষতকৈ কোনো গুণে কম নহয় ধৰণৰ প্ৰচাৰ এটা চলিল। এটা চামে আকৌ স্বস্তিৰ নিশ্বাস পেলালে যেতিয়া নীৰজ চোপ্ৰাই দেশৰ বাবে সোণৰ পদক জিনি আনিলে। প্ৰচাৰ চলিল পুৰুষতকৈ নাৰী কেতিয়াও শ্ৰেষ্ঠ হ’ব নোৱাৰে। এগৰাকী নাৰী আৰু এগৰাকী পুৰুষে পৰিয়াল আৰু সমাজৰ পৰা লাভ কৰা প্ৰত্যাহ্বানবোৰ যে বেলেগ বেলেগ সেইকথা তল পৰিল।
সততে সমাজত ঘটি থকা এনেবোৰ ঘটনাৰ আঁত ধৰি স্বাভাৱিকতে কেইটামান প্ৰশ্ন মনলৈ আহিব পাৰে বা নাহিবও পাৰে-

১.যিকোনো অপৰাধ আৰু ধৰ্ষণ বা নাৰী নিগ্ৰহৰ ঘটনাক একাকাৰ কৰা উচিত নে?
২.এগৰাকী পুৰুষে বা নাৰীয়ে খঙত ঘোঁচা মৰা আৰু সুযোগ পালেই এগৰাকী পুৰুষে নাৰীৰ বুকুত হাত দিয়া একে ধৰণৰ অপৰাধ নেকি?
৩.বুকুত হাত দিয়াৰ কথাটো কেৱল বেয়া ব্যৱহাৰ বুলি কৈ থ’ব পাৰি নে?
৪.কেৱল যোনি ফালি-চিৰি, শৰীৰ নেফানেফ কৰিলেহে প্ৰতিবাদ কৰিব পাৰি?
৬.ৰাস্তাৰে অকলশৰে গৈ থকা ছোৱালী এগৰাকীক দেখি যেতিয়া কোনো পুৰুষে বুকুত হাত দিবলৈ, খেলি চাবলৈ মন কৰে, তেতিয়া কেৱল যৌনতাইহে ক্ৰিয়া কৰে নে নাৰীৰ প্ৰতি সমাজে বান্ধি দিয়া দৃষ্টিভংগীয়ে?
৭. সহনশীলা, দেৱী বুলি কৰা তোষামোদ বা গুণগানে নাৰীক মানুহ বুলি ভবাত বাধা নিদিয়েনে? মানুহৰ শাৰীৰ পৰা উঠাই বা নমাই বিচাৰ কৰাৰ বাবেই নাৰীৰ মানৱীয় দোষগুণ থকাৰ কথাটো সমাজে পাহৰি যায় নেকি?
৮. দেৱীৰ শাৰীলৈ তুলিলে প্ৰকৃততে নাৰীৰ কিবা লাভ হয়নে?
৯.যদি হয়, কেনেকৈ? নহয় যদি কি স্বাৰ্থত দেৱী বুলি তোষামোদ কৰা হয়?
১০.আমি জানো যে মানুহৰ যৌনতা কেৱল শাৰীৰিক নহয়, মানসিকো। মানুহেই একমাত্ৰ প্ৰাণী যি লিংগ নিৰ্বিশেষে যৌনতাক উপভোগ কৰে। মানুহেই ইয়াক কলাৰ শাৰীলৈও লৈ যাব পাৰে, ধৰ্ষণৰ শাৰীলৈও।
১১.কেনে ধৰণৰ সামাজিক অনুশীলনে ধৰ্ষিতাৰ পোছাক, স্মাৰ্টনেচ, ভাষা আদি নিৰীক্ষণ কৰিবলৈ বিকৃত মানসিকতাৰ গঢ় দিয়ে?
১২.এই অনুশীলনবোৰ কেৱল ব্যক্তিগত পৰ্যায়ৰ নে সমাজ ৰাজনৈতিকো? ব্যক্তিগত অনুশীলনত সামাজিক বা ৰাজনৈতিক অনুশীলনৰ প্ৰভাৱ পৰে নে নপৰে?
১৩. কোনো মতাদৰ্শই প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ পেলায় নেকি?
১৪. সেই মতাদৰ্শ সমাজ-ৰাজনৈতিক হ’ব পাৰে নে?
১৫.ৰক্ষণশীল সমাজবোৰতহে ধৰ্ষণৰ ঘটনা কিয় বেছি হয়?

তালিবানে আফগানিস্তান দখল কৰিয়েই বাৰ বছৰৰ ওপৰৰ ছোৱালী আৰু কম বয়সীয়া বিধবাসকলৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰিলে। যাতে বিদ্ৰোহীসকলে নিজৰ যৌন দাসী কৰি লোৱাত সুবিধা হয়। এয়া যুগ যুগ ধৰি চলি থকা এক অনুশীলনৰ পৰিণতি। যি অনুশীলন ধৰ্মান্ধসকলে নিৰ্দ্বিধাই কৰিব পাৰে। নাৰীৰ স্থান দাসীৰ পৰ্যায়ত ৰাখি থোৱাৰ ক্ষেত্ৰত ধৰ্মৰ অৰিহণাই আটাইতকৈ বেছি। অৰ্থনীতি আৰু ৰাজনীতিয়ে যদি ধৰ্মৰ পাছে পাছে খোজ লয়, তেন্তে পৰিণতি হৈ পৰে অতি ভয়ানক।
ঘটনাবোৰ ঘটে আৰু এটা নিৰ্দিষ্ট গণ্ডীত সোমাই পৰি মানুহবোৰে সমাজত চলি থকা সকলোবোৰ অনিয়মক নিয়ম বুলি মানি লয়।

মন গ’ল দেৱী সজাই পূজিলে, টুকুৰিয়াই চালে, জোকাই চালে, মন গ’ল ফালি-চিৰি নেফানেফ কৰি পেলালে। শেষত দেহটোৰ আৰঁত থকা চৰিত্ৰ বিচাৰ কৰিলে, পোছাকজোৰলৈও চকু দিবলৈ নাপাহৰিলে! বিজ্ঞান প্ৰযুক্তিৰে মানৱ সমাজ ইমান দূৰ আগুৱাই অহাৰ পাছতো নাৰীৰ প্ৰতি হীন মনোভাৱ পোষণ কৰাত আমাৰ সমাজ পিছুৱাই নগ’ল।

বহুতে ক’ব খোজে কেৱল জৈৱিক কাৰণতেই নাৰীৰ স্থান পুৰুষতকৈ হীন। কাৰণ নাৰীয়ে বীজ সিঁচিব নোৱাৰে, ধাৰণহে কৰিব পাৰে। সেয়ে জৰায়ুটোৰ গৰাকী হৈয়ো সন্তানৰ কৰ্তৃত্ব লাভ কৰিব নোৱাৰে। এনে মন্তব্যও শুনা যায় যে নাৰী যদি পুৰুষৰ সমান হ’লহেঁতেন অলিম্পিকৰ প্ৰতিযোগিতাত নাৰী আৰু পুৰুষৰ শাখা ভিন্ন নহ’লহেঁতেন। সেই সকলৰ মতে শাৰীৰিকভাৱে যিহেতু নাৰী পুৰুষতকৈ দুৰ্বল, সামাজিকভাৱেও নাৰীসকল পুৰুষতকৈ হীন বুলি মানি লোৱা উচিত। জৈৱিক কাৰণতেই নাৰী আৰু পুৰুষৰ শাৰীৰিক আকাৰ-আকৃতিৰ নাইবা দৈহিক শক্তিৰ ভিন্নতা থকাটো অনস্বীকাৰ্য। খেল-ধেমালিৰ ক্ষেত্ৰত যিহেতু শৰীৰৰ ওজন বা উচ্চতাৰ ভিন্নতাক গুৰুত্ব দিয়া হয় নাৰী পুৰুষৰ ইভেণ্টবোৰো ভিন্ন কৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সুচল হয়। কিন্তু কোনো গৱেষণাই এতিয়ালৈকে সিদ্ধান্ত দিব পৰা নাই যে নাৰী জৈৱিকভাৱে পুৰুষতকৈ দুৰ্বল বা পুৰুষৰ মস্তিষ্ক নাৰীতকৈ উন্নত।

তথাপি জৈৱিকভাৱে নাৰীক পুৰুষতকৈ হীন বুলি ধৰি লৈ নাৰী পুৰুষৰ সামাজিক স্থান নিৰ্ণয় কৰিব বিচৰা সকলে বিভিন্ন দেশত বৰ্তি থকা মাতৃতান্ত্ৰিক সমাজবোৰৰ কথা পাহৰি থাকে। কেৱল জৈৱিক কাৰণতে নাৰী পুৰুষৰ সামাজিক স্থান নিৰ্ণয় হোৱা হ’লে মাতৃতান্ত্ৰিক সমাজবোৰ নাথাকিলহেঁতেন। ইয়াৰ পৰাই বুজিব পাৰি যে নাৰীৰ লৈংগিক ধাৰণাটো সমাজ প্ৰসূতহে। সভ্য সমাজ এখনে পুৰুষতান্ত্ৰিকতা বা মাতৃতান্ত্ৰিকতাৰ বিপৰীতে মানৱীয় প্ৰমূল্যৰ চৰ্ত সমূহহে পূৰণ কৰিব লাগে। যি সমাজত মানুহে কেৱল লিংগ পৰিচয়ৰ বাবে জীয়াতু ভুগিব লগা হয় সেই সমাজে কেৱল বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিৰে নিজকে সভ্য বুলি দাবী কৰিব নোৱাৰে।

নৃতাত্বিক, সমাজতাত্বিক বিশ্লেষণতো এটা কথা ওলাই আহিছে যে সমাজেহে লৈঙ্গিক ভূমিকা নিৰ্ধাৰণত মুখ্য ভূমিকা লয়। ৰিচাৰ্ড লিওটিনৰ দৰে জীৱ বিজ্ঞানীয়েও কয় যে জৈৱিক কাৰণতকৈও সামাজিক আৰু ৰাজনৈতিক কাৰণতহে পুৰুষতন্ত্ৰ প্ৰতিষ্ঠা হৈছে। নাৰীবাদী তত্ব অনুসৰিও পিতৃতন্ত্ৰ হৈছে এক লৈঙ্গিক বৈষম্যমূলক ব্যৱস্থা, যি ব্যৱস্থা নিৰ্দ্ধাৰিত কৰিছে অৰ্থনৈতিক সমাজব্যৱস্থা, ৰাজনীতি আৰু ধৰ্মই।

নৃতাত্বিক সাক্ষ্য প্ৰমাণ পোৱা গৈছে যে প্ৰাগৈতিহাসিক কালত দলীয় চিকাৰত নাৰী পুৰুষ উভয়ে অংশগ্ৰহণ কৰিছিল। নাৰী যিহেতু জন্মদাত্ৰী, আন প্ৰাণীৰ দৰেই সন্তানৰ সৈতে নাৰী পুৰুষতকৈ বহু বেছি সংপৃক্ত, এই কথা অনস্বীকাৰ্য। যিখিনি সময় সন্তানৰ জন্ম আৰু পালনত নাৰী ব্যস্ত হৈ থাকে সেইখিনি সময়ত পুৰুষ মুক্ত হৈ থাকিব পাৰে। সেই সময়ছোৱাত নাৰী জীৱন ধাৰণ কৰা আৰু সন্তান পালন কৰাৰ ক্ষেত্ৰত হৈ উঠে পৰনিৰ্ভৰশীল। পৰিয়ালৰ ধাৰণাটো তাৰে পৰাই হয়তো উদ্ভৱ হৈছিল। প্ৰায় ২,০০,০০০ বছৰ পুৰণি হোমোচেপিয়েঞ্চৰ ইতিহাসত প্ৰায় ৫০,০০০ বছৰৰ পূৰ্বে মানুহৰ গাত আচৰণগত আধুনিকতা ফুটি উঠিছিল। পশুপালন আৰু খেতি কৰিবলৈ শিকিছিল মাত্ৰ ১২,০০০ বছৰ পূৰ্বেহে। লাহে লাহে সম্পত্তিৰ ধাৰণাটো গজগজীয়া হৈ পৰিল। সম্পত্তি বোলোতে সেয়া মাটি আৰু পশুধন। সম্পত্তিৰ অধিকাৰৰ প্ৰশ্নটোতেই শোষক আৰু শোষিত দুটা শ্ৰেণীত বিভক্ত হ’ল মানৱসমাজ। শোষণৰ- শাসনৰ আহিলা স্বৰূপ ধৰ্ম আহিল (ধৰ্মৰ জন্ম আকৌ প্ৰায় ৪০০০/৫০০০ বছৰৰ আগতেহে হৈছিল‌।) শাসনৰ বাঘজৰীডাল ধৰ্মই পৰিচালনা কৰিবলৈ ল’লে। ভাৰত বৰিষত বলীয়ে দুৰ্বলীৰ ওপৰত চলোৱা শাসন-শোষণক নায্যতা প্ৰদান কৰিবলৈ মনুৰ হাত ধৰি আহিল বৰ্ণাশ্ৰম। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ হিচাপে শাসক শোষকক ভাগ কৰা হ’ল। নাৰীক ৰখা হ’ল আটাইতকৈ তলৰ শূদ্ৰৰ শাৰীত। আনকি যি গীতাক পৱিত্ৰ বুলি মহাত্মা গান্ধীয়ে লগত কঢ়িয়াই ফুৰিছিল, সেই গীতায়ো নাৰীক বৈশ্য আৰু শূদ্ৰৰ স্থানতহে ৰাখিছে।

এনেদৰে শাসন-শোষণৰ ভেটি দৃঢ় কৰিবলৈ নাৰীক ব্যৱহাৰ কৰাৰ ফলত সমাজখনত পুৰুষতান্ত্ৰিকতাৰ ভেটি দৃঢ় হ’ল। নাৰী ক্ৰমে মাতৃৰ পৰা গৃহকৰ্ত্ৰী , ধাত্ৰী আৰু শেষলৈ গৃহ দাসী হৈ পৰিল। কেৱল জৰায়ুটোৰ দোহাই দি নাৰীক দুৰ্বলা, অবলা, সহনশীলা, দেৱী সজোৱা হ’ল। প্ৰয়োজনত দেৱীক বেদীত তোলা হ’ল, প্ৰয়োজনত ভূলুণ্ঠিত কৰা হ’ল। কাৰবাৰটো চলি থাকিল। চলি আছে এতিয়াও। বৰং ৰাজনৈতিক তৎপৰতাৰে সেই পুৰুষতান্ত্ৰিকতাৰ ভেটি আৰু বেছি গজগজীয়া কৰাৰ ফন্দীহে পতা হৈছে। আচৰিত ধৰণে ধৰ্মৰ মদিৰা পান কৰি নাৰী-পুৰুষ উভয়ে সেই কামত হাত উজান দিয়া দেখা গৈছে। বিপৰীতে বাঢ়ি আহিছে নাৰীবাদী প্ৰতিৰোধ আৰু সংগ্ৰাম। প্ৰতিক্ৰিয়া হিচাপে সেই সংগ্ৰাম নিশকতীয়া কৰিবলৈ উঠি পৰি লাগিছে এটা চাম। এই ক্ষেত্ৰত কোনো সুযোগ এৰি দিয়াৰ পক্ষপাতী নহয় ৰাজনৈতিক আশিসধন্য সেই চামটো।

লিংগ বৈষম্য যদি নাথাকিলহেঁতেন লৈঙ্গিক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিব লগাও নহ’লহেঁতেন। তেনে আইনৰ সুবিধা লৈ দুই এক নাৰীয়ে অপৰাধ কৰি সাৰি যোৱাৰ অৱকাশো নাথাকিলহেঁতেন। যি সমাজত নাৰী দেৱীৰ শাৰীৰ পৰা উঠি বা নামি গৈ মানুহৰ সহজাত দোষ গুণেৰে মানৱী হৈ উঠিব নোৱাৰে, লিংগবৈষম্য, বৰ্ণ বৈষম্য, ভাষিক বৈষম্য, জাতপাতৰ বৈষম্যই যি সমাজক অস্থিৰ, সংঘৰ্ষজৰ্জৰ কৰি ৰাখে সেই সমাজক সভ্য সমাজ বুলি গণ্য কৰিব নোৱাৰি। মানৱ সমাজৰ ইতিহাস প্ৰতিৰোধ আৰু সংগ্ৰামৰ ইতিহাস। সেয়ে প্ৰতিৰোধ আৰু সংগ্ৰামৰ মাজেদিহে সভ্যতাৰ দিশে গতি কৰাৰ থল আছে। সেই প্ৰতিৰোধ গঢ়ি তোলাত সহায় কৰিব যুক্তিবাদ, বিজ্ঞানমনস্কতা আৰু সাৰ্বজনীন আধুনিক শিক্ষাই।

One thought on “বীজ সিঁচিব নোৱৰাৰ বাবেই যি মানুহ হ’ব নোৱাৰিলে-(বীথিকা হাজৰিকা)

  • কল্যাণী বৰ্মন

    মানসিকতাত গঢ় লৈ উঠা বৈষ্যম আমি কঢ়িয়াই ফুৰিছোঁ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *