নিবন্ধবিবিধ চিন্তা

প্ৰসংগঃ LIC IPO – (শতঞ্জীৱ দাস)

বিলগ্নীকৰণৰ লক্ষ্যৰে ষ্টক এক্সচেঞ্জ (Stock exchange) ত জীৱন বীমা নিগমৰ তালিকাভুক্তি (listing) কিয় আৰু কাৰ স্বাৰ্থত?

ভাৰতীয় জীৱন বীমা নিগম (LICI) বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ জীৱন বীমা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে ১ ছেপ্টেম্বৰ, ২০২১, তাৰিখে ইয়াৰ প্ৰতিষ্ঠাৰ ৬৫ টা বছৰ অতিক্ৰম কৰি ৬৬ বছৰত ভৰি দিব। জন্মলগ্নৰ পৰাই অৰ্থাৎ ১৯৫৬ চনৰ ১ ছেপ্টেম্বৰৰ পৰা যোৱা ৬৫ টা বছৰত ভাৰতীয় জীৱন বীমা নিগম ইয়াৰ গ্ৰাহক সকলৰ বাবে জীৱন আৰু সঞ্চয়ৰ সুনিশ্চিত নিৰাপত্তাৰ প্ৰতীক হোৱাৰ লগতে আমাৰ দেশৰ অৰ্থনীতি আৰু জাতীয় উন্নয়নৰ এক অবিচ্ছেদ্য অংগত পৰিণত হৈছে। ভাৰতীয় অৰ্থনীতিৰ এনেকুৱা এটা কোনো ক্ষেত্ৰ নাই য’ত এই মহান ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠানটোৰ পদচিহ্ন বিচাৰি পোৱা নাযাব। গ্ৰাহকসকলৰ স্বাৰ্থ আৰু জাতীয় উন্নয়নৰ প্ৰতি অৰিহণাৰ এক সু-সমন্বয় সাধন কৰি এটি ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠান সফলতাৰে কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ এক উজ্জ্বল দৃষ্টান্ত হৈছে ভাৰতীয় জীৱন বীমা নিগম।১৯৫৬ চনৰ ১৯ জানুৱাৰীত এক অধ্যাদেশ যোগে ব্যক্তিগত খণ্ডৰ ২৪৫ টা জীৱন বীমা কোম্পানীৰ পৰিচালনা আৰু মালিকানা ভাৰত চৰকাৰে অধিগ্ৰহণ কৰে আৰু পহিলা ছেপ্টেম্বৰত ভাৰতীয় জীৱন বীমা নিগমে জন্ম লাভ কৰে। ইয়াৰ পটভূমি ৰচনা কৰে ব্যক্তিগত মালিকানাধীন জীৱন বীমা কোম্পানীসমূহে সৃষ্টি কৰা নৈৰাজ্য আৰু জালিয়াতিৰ পৰিৱেশে যাৰ ফলত এহাতে বীমা গ্ৰাহকসকল ক্ষতিগ্ৰস্ত হয় আৰু আনহাতে জাতীয় উন্নয়ন বঞ্চিত হয় প্ৰয়োজনীয় সম্পদৰ পৰা।সেয়েহে দুটা লক্ষ্য লৈ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল- (এক) বীমা গ্ৰাহক সকলক দক্ষ পৰিসেৱাৰ যোগেদি সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা আৰু জনসাধাৰণৰ সঞ্চয় সংগ্ৰহ কৰি জাতীয় উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰ কৰা। দুই) বীমা সুৰক্ষাৰ বৃত্তটো নগৰীয়া ধনীক শ্ৰেণীটোৰ মাজত সীমিত নাৰাখি গাঁও অঞ্চল আৰু অৰ্থনৈতিক ভাৱে দুৰ্বল অংশৰ জনগণ লৈ সম্প্ৰসাৰণ কৰা। কোনো সন্দেহ নাই যে পাৰ হৈ যোৱা ছয় দশকৰো অধিক কাল ভাৰতীয় জীৱন বীমা নিগমে অত্যন্ত সফলতাৰে ৰাষ্ট্ৰীয়কৰণৰ উপৰি উক্ত লক্ষ্য আৰু উদ্দেশ্য পূৰণ কৰিবলৈ সমৰ্থ হৈছে। কিন্তু অত্যন্ত উদ্বেগজনক আৰু পৰিতাপৰ বিষয় এইটোৱেই যে যি সময়ত এই সফল প্ৰতিষ্ঠানটোৱে ইয়াৰ ৬৫ বছৰ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছে, সেই সময়তে কেন্দ্ৰীয় চৰকাৰে এনে এক পদক্ষেপ ল’বলৈ আগবাঢ়িছে, যি আমাৰ স্বাধীনতা সংগ্ৰামৰ মূল্যবোধ আৰু ৰাষ্ট্ৰীয়কৰণৰ লক্ষ্য-উদ্দেশ্যেকেই মষিমূৰ কৰিব। ইতিমধ্যে খবৰ কাকত, ইলেক্ট্ৰনিক সংবাদ মাধ্যম অথবা সামাজিক মাধ্যমৰ যোগেদি সকলোৱেই জানিব পাৰিছে যে চৰকাৰে জীৱন বীমা নিগম (LICI)ক stock exchange ত তালিকা ভুক্ত ইয়াৰ অংশীদাৰিত্ব Initial Public Offering (IPO) ৰ জৰিয়তে বিক্ৰী কৰিবলৈ আগবাঢ়িছে। এশ শতাংশই চৰকাৰৰ মালিকানাৰ এই অত্যন্ত সফল আৰু লাভজনক প্রতিষ্ঠানটোৰ ক্ষেত্ৰত এনে সিদ্ধান্ত চৰকাৰে কিয় আৰু কাৰ স্বাৰ্থত ল’বলৈ আগবাঢ়িছে আৰু ইয়াৰ ফলাফল কি হ’ব, এই বিষয়ে সকলো দিশ সামৰি আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এল আই চি-ৰ শ্বেয়াৰ বিক্ৰী (IPO) আৰু ‌কালক্ৰমে ইয়াৰ বেচৰকাৰীকৰণৰ মোদী চৰকাৰৰ পদক্ষেপক ৰাষ্ট্ৰবিৰোধী ক’লে কি খুব অত্যুক্তি কৰা হ’ব? নহয়, কাৰণ–

( এক)

১৯৫৬ চনত যেতিয়া ৰাষ্ট্ৰীয়কৃত এল আই চি-য়ে যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া ওৱাৰ্কিং কেপিটেল হিচাপে কেন্দ্ৰীয় চৰকাৰে ‌আগবঢ়াইছিল মাত্ৰ ৫ কোটি টকা। ইয়াৰ পিছত আৰু এক পইচাও আগবঢ়োৱা নাই। কিন্তু সেই ৫ কোটি টকাৰ বিনিময়ত কেৱলমাত্ৰ লভ্যাংশ হিচাপে আজিলৈকে এল আই চি-য়ে চৰকাৰক আগবঢ়াইছে ২৮০০০ কোটি টকাৰো অধিক। ২০১৯-২০ চনৰ এটা বছৰতেই আগবঢ়াইছে ২৬৯৭.৭৪ কোটি টকা। সেই বছৰটোত বিভিন্ন কৰ বাবদ চৰকাৰক দিছে ১০২২৫.২৪ কোটি টকা। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ চিকিউৰিটিত এল আই চি-য়ে ২০২১ৰ ৩১ মাৰ্চলৈকে বিনিয়োগ কৰিছে ২৩ লাখ‌ ৭৫ হেজাৰ ৩৬৫ কোটি টকা। দেশৰ আন্তঃগাথঁনিমূলক ক্ষেত্ৰত বিনিয়োগ কৰিছে ৩ লাখ ১১ হেজাৰ ১৬২ কোটি টকা (৩১মাৰ্চ,২০২১)। যি সংস্থাটোৱে ৫ কোটি টকা পুঁজিৰে যাত্ৰা আৰম্ভ কৰিছিল আজি তাৰ সম্পদৰ পৰিমাণ‌ হৈছে ৩৮ লাখ ৪ হেজাৰ ৬১০.১ কোটি টকা। এই সমগ্ৰ সম্পদ এল আই চি-য়ে আভ্যন্তৰীণ ভাৱে সৃষ্টি কৰিছে। ইয়াত যিসকলৰ অৰিহণা আটাইতকৈ বেছি তেওঁলোক হৈছে এল আই চি-ৰ ৪০ কোটি বীমাগ্ৰাহক। তেওঁলোকেই হৈছে এল আই চি-ৰ মূল মালিক। অথচ তেওঁলোকৰ কোনো সন্মতি নোলোৱাকৈ আজি চৰকাৰে ‌এই অত্যন্ত সফল আৰু লাভজনক ৰাষ্ট্ৰীয়কৃত সংস্থাটোক বিলগ্নীকৰণ আৰু বেচৰকাৰীকৰণ কৰিবলৈ আগবাঢ়িছে। মালিকক সোধপোছ নকৰাকৈ মেনেজাৰে সম্পত্তি বিক্ৰি কৰিব‌ ধৰিছে। ইয়াতকৈ অনৈতিক কথা আৰু কি হ’ব পাৰে?চৰকাৰৰ পদক্ষেপ দেশখনৰ বাবে আত্মঘাতীও। এইটো সাধাৰণ জ্ঞানৰ কথা যে ৰাষ্ট্ৰই ওপৰোক্ত ধৰণে বিপুল পৰিমাণৰ ধন‌ এল আই চি -ৰ‌ পৰা লাভ কৰিব পাৰিছে সংস্থাটোৰ ৰাষ্ট্ৰীয় মালিকানাৰ বাবেহে। এল আই চি-ৰ শ্বেয়াৰ যদি ক্ৰমাগতভাৱে (যিটো চৰকাৰে ‌কৰিব বিচাৰিছে) ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী হৈ যায় আৰু শেষত ইয়াৰ বেচৰকাৰীকৰণ হয় তেন্তে ৰাষ্ট্ৰ বঞ্চিত হ’ব এই বিপুল পৰিমাণ সম্পদৰ পৰা। তেতিয়া বীমা গ্ৰাহকৰ সঞ্চয় ৰাষ্ট্ৰনিৰ্মাণ আৰু জনকল্যাণৰ কামত‌ নালাগি ব্যৱহৃত হ’ব ব্যক্তিগত পুঁজিৰ মুনাফা বৃদ্ধিৰ কামত। ই যদি ৰাষ্ট্ৰবিৰোধী কাম নহয় তেনেহ’লে ৰাষ্ট্ৰবিৰোধিতা আৰু কি হ’ব পাৰে। পৰিতাপৰ বিষয় এইটোৱেই যে নিজকে অহৰ্নিশে ‘ৰাষ্ট্ৰবাদী’ বুলি দাবী কৰা চৰকাৰে এই ৰাষ্ট্ৰদ্ৰোহী কামত লিপ্ত হৈছে। জনগণৰ ঐক্যৱদ্ধ হস্তক্ষেপেহে মাথোন চৰকাৰক এনে ৰাষ্ট্ৰদ্ৰোহী কাৰ্য্যকলাপৰ পৰা নিৰস্ত কৰিব পাৰে।

(দুই)

এল আই চি- ৰ শ্বেয়াৰ বিক্ৰীৰ(IPO) চৰকাৰৰ পদক্ষেপ…….
কুযুক্তি বনাম বাস্তৱ-

আমাৰ দেশত সতীদাহৰ দৰে বৰ্বৰ প্ৰথাৰ সপক্ষেও সমাজৰ ৰক্ষণশীল শক্তিয়ে কিছুমান যুক্তি দাঙি ধৰিছিল। এইবিলাকক যুক্তিতকৈ কুযুক্তি কোৱাটোহে সমীচিন হ’ব। মোদী চৰকাৰেও এল আই চি-ৰ শ্বেয়াৰ বিক্ৰীৰ সপক্ষে কিছুমান কুযুক্তি আগবঢ়াইছে ৰাইজক বিভ্ৰান্ত কৰিবলৈ। এইবোৰৰ সাৰৱত্তা কিমান অলপ চালিজাৰি চোৱা যাওক। ১) চৰকাৰৰ বক্তব্য, এল আই চি-ৰ শ্বেয়াৰহে বিক্ৰী হ’ব, বেচৰকাৰীকৰণ নহয়। বাস্তৱটো কি? শ্বেয়াৰ বিক্ৰী হৈছে বেচৰকাৰীকৰণৰ প্ৰথম ধাপ। অলেখ দৃষ্টান্ত, বি পি চি এল-ৰ দৰে ৰাজহুৱা খণ্ডৰ লাভজনক সংস্থাৰ শ্বেয়াৰ বিক্ৰী কৰি চৰকাৰী অংশীদাৰিত্ব ৫৩.২৯ শতাংশলৈ হ্ৰাস কৰাৰ পিছত এতিয়া এই ‘মহাৰত্ন’ উপাধিধাৰী সংস্থাটোক ব্যক্তিগত খণ্ডৰ কৰ্প’ৰেটৰ হাতত বিক্ৰী কৰাৰ সিদ্ধান্ত চৰকাৰে লৈছে। ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমা কোম্পানীৰ ক্ষেত্ৰত আইন আছিল যে চৰকাৰী অংশীদাৰিত্ব ৫১ শতাংশৰ তললৈ নেযায়। সংসদৰ চলিত অধিৱেশনত বিধেয়ক আনি মোদী চৰকাৰে এই আইন সংশোধন কৰি ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমা কোম্পানীৰ বেচৰকাৰীকৰণৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰীয়কৃত বেংকৰ ক্ষেত্ৰতো তদ্ৰূপ আইন আছিল। এতিয়া সেই আইন পৰিৱৰ্তন কৰি বেংকৰ বেচৰকাৰীকৰণৰ বাট মুকলি কৰাৰ প্ৰস্তুতি চলিছে। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত সচিবে সম্প্ৰতি ৰাজহুৱাভাৱে কৈছে যে আটাইকেইটা ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰ্যায়ক্ৰমে বেচৰকাৰীকৰণ কৰা হ’ব। ২) চৰকাৰৰ বক্তব্য, এল আই চি-য়ে শ্বেয়াৰ বজাৰত নাম তালিকাভূক্ত কৰিলে পুঁজিৰ বজাৰত সোমাই পুঁজি সংগ্ৰহৰ সুযোগ পাব। সংস্থাটোৰ পুঁজিৰ নাটনি দূৰ হ’ব। বাস্তৱটো কি? এল আই চি-ৰ পুঁজিৰ বিন্দুমাত্ৰ কোনো নাটনি হোৱা নাই। বৰং পৰিস্থিতি ইয়াৰ সম্পূৰ্ণ বিপৰীতহে। এল আই চি হৈছে দেশৰ সৰ্ববৃহৎ বিনিয়োগকাৰী। সংস্থাটোৰ মুঠ বিনিয়োগৰ পৰিমাণ হৈছে ২৬ লাখ ৮৬ হেজাৰ ৫২৭ কোটি টকা (৩১ মাৰ্চ,২০২১)। এল আই চি-য়ে প্ৰতি বছৰ প্ৰায় ৪ লাখ কোটি টকাৰ বিনিয়োগযোগ্য‌ ধন সৃষ্টি কৰে। শ্বেয়াৰ বজাৰৰ পতন ৰোধ কৰাৰ পৰা আৰম্ভ কৰি, ৰেলৰ উন্নয়ন, নাইবা IDBIৰ দৰে ৰুগ্ন সংস্থাক পুনৰুদ্ধাৰ কৰিবলৈ যেতিয়াই পুঁজিৰ প্ৰয়োজন হয় তেতিয়াই চৰকাৰে এল আই চি-ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।আজিৰ তাৰিখত এল আই চি-ৰ সমুদায় liability বা দায় পূৰণ কৰাৰ পিছতো সংস্থাটোৰ হাতত বুজন পৰিমাণৰ ধন (৩ লাখ ৬৭ হেজাৰ ৯২৪ কোটি টকা) উদ্বৃত্ত থাকিব। ইয়াৰ বাবে বাহিৰৰ পৰা পুঁজিৰ কোনো প্ৰয়োজন নহয়।৩) চৰকাৰৰ বক্তব্য, শ্বেয়াৰ বজাৰত তালিকাভূক্ত হ’লে এল আই চি-ৰ প্ৰকৃত মূল্য উন্মুক্ত হ’ব আৰু সৰু-সুৰা খুচুৰা বিনিয়োগকাৰীসকল ইয়াৰ অংশীদাৰ হোৱাৰ সুযোগ পাব। এই বক্তব্য ভিত্তিহীন। এয়া সৰ্বজনবিদিত যে শ্বেয়াৰ বজাৰত একাধিপত্য কৰে বিদেশী পুঁজি, ঘৰুৱা প্ৰাতিষ্ঠানিক বিনিয়োগকাৰী আৰু ধনিক শ্ৰেণীয়ে, অৰ্থাৎ এক কথাত দেশী-বিদেশী কৰ্প’ৰেট গোষ্ঠীবিলাকে। শ্বেয়াৰ বজাৰত খুচুৰা বিনিয়োগকাৰীৰ সংখ্যা হৈছে মাত্ৰ তিনি ‌কি চাৰি শতাংশ। এল আই চি-ৰ শ্বেয়াৰ বিক্ৰী হ’লে আটাইতকৈ লাভবান হ’ব দেশী-বিদেশী কৰ্প’ৰেট গোষ্ঠীবিলাক, খুচুৰা বিনিয়োগকাৰী নহয়। ইয়াৰ অৰ্থ হৈছে, এটি অতি সফল আৰু লাভজনক ৰাষ্ট্ৰীয়কৃত সংস্থাক ব্যক্তিগত খণ্ডৰ দেশী-বিদেশী‌ বৃহৎ পুঁজিৰ মুনাফা মৃগয়াৰ ক্ষেত্ৰলৈ পৰিণত কৰা আৰু পৰ্যায়ক্ৰমে সিহঁতৰ হাততেই তুলি দিয়া। ৪) চৰকাৰৰ বক্তব্য, শ্বেয়াৰ বজাৰত তালিকাভূক্ত ‌হ’লে এল আই চি-ৰ কাম-কাজ স্বচ্ছ তথা শৃংখলাৱদ্ধ হ’ব। এই বক্তব্য হাস্যকৰ। এল আই চি-ৰ ‌কামকাজ এটি সুদক্ষ ব’ৰ্ডেৰে পৰিচালিত। সংস্থাটোৱে প্ৰতি মাহত ইয়াৰ কাম-কাজৰ প্ৰতিবেদন বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন প্ৰাধিকৰণৰ (IRDAI) ওচৰত দাখিল কৰে। এল আই চি-ৰ সকলো ‌হিচাপ-নিকাচ ৰাজহুৱা নিৰীক্ষণৰ (public scrutiny) বাবে সংসদত নিয়মীয়াকৈ দাখিল কৰা হয়। এয়া যদি স্বচ্ছ আৰু শৃংখলাৱদ্ধ পৰিচালনা নহয় তেন্তে স্বচ্ছতা আৰু শৃংখলাৰ মাপকাঠি নো কি? ব্যক্তিগত খণ্ডৰ কোনটো কোম্পানী (যিবিলাক শ্বেয়াৰ বজাৰত তালিকাভূক্ত) ইমান স্বচ্ছতাৰে পৰিচালিত হয় চৰকাৰে ক’ব পাৰিব নে?৫) চৰকাৰৰ বক্তব্য, এল‌‌‌ আই চি-ৰ শ্বেয়াৰ বিক্ৰী হ’লে বীমাগ্ৰাহকসকল উপকৃত হ’ব। এইটো হৈছে গোকাট মিছা কথা। এল আই চি-য়ে বীমা গ্ৰাহকসকলৰ সঞ্চয় তথা বিনিয়োগৰ সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰাৰ লগতে তেওঁলোকে বিনিয়োগৰ ওপৰত যাতে উৎকৃষ্ট হাৰত ৰিটাৰ্ণ বা লাভ পায় তাৰ বাবে বোনাচ প্ৰদান কৰে। এল আই চি-ৰ ‘ভেলুয়েচন চাৰপ্লাছ’ বা উদ্বৃত্তৰ ৯৫ শতাংশ বোনাচ হিচাপে যায় বীমাগ্ৰাহকলৈ আৰু ৫ শতাংশ যায় কেন্দ্ৰীয় চৰকাৰলৈ লভ্যাংশ হিচাপে। বিলগ্নীকৰণ বা শ্বেয়াৰ ‌বিক্ৰী হ’লে যেতিয়া নতুন বিনিয়োগকাৰী বা শ্বেয়াৰহল্ডাৰবিলাক এল আই চি-ৰ অংশীদাৰ হ’ব তেতিয়া তেওঁলোকৰ ‌লাভ বা ডিভিডেণ্ডৰ প্ৰশ্নটোৱেই গুৰুত্ব আৰু অগ্ৰাধিকাৰ লাভ কৰিব। ক্ষতিগ্ৰস্ত হ’ব বীমাগ্ৰাহকসকল। সেয়েহে চৰকাৰৰ আটাইবোৰ বক্তব্য ভিত্তিহীন কুযুক্তিৰ বাহিৰে আন একো নহয়। এই কুযুক্তিৰে এটি চৰম জাতীয় স্বাৰ্থ বিৰোধী ‌পদক্ষেপ ল’বলৈ মোদী চৰকাৰ আগ বাঢ়িছে। ইয়াক প্ৰতিহত কৰাটো এক পৱিত্ৰ দেশপ্ৰেমিক কৰ্তব্য। সৰ্বস্তৰৰ দেশপ্ৰেমিক ৰাইজে ঐক্যৱদ্ধ আৱাজ তুলিলে ই প্ৰতিহত হ’ব।

(তিনি)

এল আই চি-ৰ শ্বেয়াৰ বিক্ৰী (IPO) …..
চৰকাৰৰ অগণতান্ত্ৰিক পদ্ধতি

যোৱা ১১ আগষ্ট তাৰিখে সংসদত কোনো বিতৰ্ক-আলোচনা অবিহনেই ‘সাধাৰণ বীমা ব্যৱসায় ৰাষ্ট্ৰীয়কৰণ (সংশোধন) বিধেয়ক’ চৰকাৰে পাছ কৰিলে। কি এই সংশোধন? ইমান দিন আইন আছিল যে শ্বেয়াৰ বিলগ্নীকৰণ বা বিক্ৰী হ’লেও ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমা কোম্পানী সমূহৰ ৫১শতাংশ শ্বেয়াৰ চৰকাৰৰ হাততেই থাকিব। এতিয়া ওপৰোক্ত সংশোধনীৰ যোগেদি ইয়াৰ পৰিৱৰ্তন কৰি আটাইকেইটা কোম্পানীৰ বেচৰকাৰীকৰণৰ বাট মুকলি কৰা হ’ল। সদ্যহতে ইউনাইটেড ইন্সুৰেঞ্চ কোম্পানীৰ বেচৰকাৰীকৰণ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। যোৱা ৪ আগষ্ট তাৰিখে সাধাৰণ বীমা কোম্পানীসমূহৰ সৰ্বস্তৰৰ কৰ্মচাৰী আৰু বিষয়াসকলে দেশজোৰা এদিনৰ ধৰ্মঘটৰ যোগেদি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সকলো দেশপ্ৰেমিক মানুহে এই ধৰ্মঘট সমৰ্থন ব্যক্ত কৰিছে।যিসকলে ভাবে এল আই চি-ত চৰকাৰে কিছু শ্বেয়াৰহে মাত্ৰ বিক্ৰী কৰিব, বেচৰকাৰীকৰণ নকৰে তেওঁলোকে সাধাৰণ বীমাৰ ঘটনাৱলী লক্ষ্য কৰা প্ৰয়োজন। এল আই চি এক্ট, ১৯৫৬ৰো ২৭টা সংশোধনী চৰকাৰে অত্যন্ত অগণতান্ত্ৰিক পদ্ধতিৰে যোৱা বাজেটৰ সময়ত ফাইনান্স বিলৰ মাজত অন্তৰ্ভুক্ত কৰি পাছ কৰাইছে। এই সংশোধনীবোৰৰ জৰিয়তে এল আই চি-ৰ IPO বা শ্বেয়াৰ বিক্ৰীৰ বাবে চৰকাৰে এটি ‘Legislative eco-system’ প্ৰস্তুত কৰিছে। ভাৰতৰ সংবিধানৰ ১১০ নং ধাৰা অথবা লোকসভাৰ Rules of Proceedureৰ‌ ২১৯ নং ধাৰাত সুনিৰ্দিষ্ট ভাবে কি কি বিষয় ফাইনান্স বিলৰ অন্তৰ্ভুক্ত হ’ব পাৰে সেই সম্পৰ্কে কোৱা হৈছে। এইবোৰ হৈছে, চৰকাৰে আৰোপ কৰা ‌কৰ, চৰকাৰী ৰাজহ, চৰকাৰৰ ব্যয়, ঋণ ইত্যাদি ইত্যাদি। এল আই চি এক্টৰ ২৭টা সংশোধনীৰ এটাও ইয়াৰ ভিতৰত নপৰে। এই সংশোধনীবোৰৰ মূল বিষয়কেইটা হৈছে এনেধৰণৰ..—এল আই চি-ৰ পুঁজি (authorised capital) ২৫০০০কোটি টকালৈ বৃদ্ধি কৰি‌ ২৫০০ কোটি শ্বেয়াৰ ‌(প্ৰতিটো শ্বেয়াৰৰ মূল্য ১০টকাকৈ) বজাৰত বিক্ৰীৰ বাবে এৰি দিয়া হ’ব।—-৫ বছৰৰ ভিতৰত ২৫ শতাংশ শ্বেয়াৰ বিক্ৰী কৰি এল আই চি-ত চৰকাৰী অংশীদাৰিত্ব ৭৫শতাংশলৈ হ্ৰাস কৰা হ’ব। ইয়াৰ পিছত ৫১ শতাংশলৈ হ্ৰাস কৰা হ’ব।—-এল আই চি-ৰ ব’ৰ্ড পুনৰ্গঠন কৰা হ’ব। চেয়াৰমেন CEO হ’ব, চৰকাৰৰ দ্বাৰা নিযুক্ত ডিৰেক্টৰ ইত্যাদি থাকিব।—-এল আই চি-ক কোম্পানী আইনৰ অধীনলৈ অনা হ’ব।—–শ্বেয়াৰহল্ডাৰসকলৰ বাৰ্ষিক ‌সাধাৰণ সভাৰ পৰা অডিটাৰ নিয়োগ কৰা হ’ব।—–এল আই চি এক্টৰ ২৪ নং ধাৰাৰ পৰিৱৰ্তন ইত্যাদি ইত্যাদি। ওপৰোক্ত বিষয়বস্তুৰ এটাও সংবিধানত ফাইনান্স বিলৰ যি সংজ্ঞা দিয়া হৈছে তাৰ আওতাত নপৰে। কিন্তু মোদী চৰকাৰৰ বাবে সংবিধানৰ কোনো মূল্য নাই। চৰকাৰে ফাইনান্স বিলৰ আশ্ৰয় লৈছে একমাত্ৰ এই কাৰণে যে ফাইনান্স বিল ৰাজ্য সভাত পাছ কৰাব নেলাগে আৰু সেয়েহে লোকসভাত শাসক দলৰ পাশবিক সংখ্যাগৰিষ্ঠতাৰ যোগেদি এই দুষ্কাৰ্য সম্পন্ন কৰিব পাৰে। লোকসভাৰ অধ্যক্ষ গৰাকীয়ে আপত্তি কৰিব লাগিছিল। কাৰণ সংবিধানত কোৱা আছে যে ফাইনান্স বিল সম্পৰ্কে অধ্যক্ষৰ সিদ্ধান্তই চূড়ান্ত। পিছে বৰ্তমান অধ্যক্ষৰ ৰাজনৈতিক আনুগত্য সকলোৱেই জানে। মোডী চৰকাৰে তাৰেই সুযোগ লৈছে। লৈছে কৰ’না কালৰ সুযোগো।মোদী চৰকাৰৰ লক্ষ্য যেনেকৈ অশুভ তেনেকৈ সেই লক্ষ্য অৰ্জনৰ পদ্ধতিও অগণতান্ত্ৰিক আৰু অনৈতিক। ই‌য়াৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ কোনো বিকল্প নাই।

(চাৰি)

এল আই চি-ৰ শ্বেয়াৰ বিক্ৰী (IPO)………আচল কাৰণ কি?

যিখিনি কথা‌ যোৱা তিনিটা কিস্তিত আমি তথ্যসহকাৰে আলোচনা কৰিছোঁ তাৰ পৰা এইটো ‌পৰিষ্কাৰ হৈ পৰে যে এল আই চি-ৰ বিলগ্নীকৰণ আৰু বেচৰকাৰীকৰণৰ কোনো যুক্তিগ্ৰাহ্য আৰ্থিক কাৰণ‌ থাকিব নোৱাৰে। যি ৰাষ্ট্ৰীয়কৃত সংস্থাটোৱে কেন্দ্ৰীয় চৰকাৰক বাৰ্ষিক ২৬৯৭ ‌শতাংশৰো বেছি হাৰত লভ্যাংশ দি আছে, বছৰি ১০ হেজাৰ কোটি টকাৰো অধিক কৰ দিছে, চৰকাৰক প্ৰায় ২৭ লাখ কোটি ‌টকা বিনিয়োগৰ ধন আগবঢ়াইছে, সেই সংস্থাটোৰ ‌শ্বেয়াৰ বিক্ৰী আৰু শেষত ‌বেচৰকাৰীকৰণে‌‌ ৰাষ্ট্ৰীয় তহবিলক কালক্ৰমে এই বিপুল ‌পৰিমাণৰ ধনৰ পৰা যে বঞ্চিত কৰিব সেইটো সাধাৰণ জ্ঞান থকা যিকোনো মানুহৰে বুজাত অসুবিধা নহয়। চৰকাৰে নুবুজাৰ কোনো কাৰণ নাই। তেনেহ’লে জানি-বুজিও চৰকাৰে কিয় দেশৰ বাবে ক্ষতিকাৰক এই‌ পদক্ষেপ লৈছে? ইয়াৰ দুটা মুখ্য কাৰণ আছে। প্ৰথম কাৰণটো হৈছে, মোদী চৰকাৰৰ নব্যউদাৰবাদী ‌আৰ্থিক নীতিৰ প্ৰতি অন্ধ‌‌ আনুগত্য আৰু দায়বদ্ধতা। এই আৰ্থিক ‌নীতিৰ মূল বিষয়টো হৈছে দেশী-বিদেশী বৃহৎ কৰ্প’ৰেট পুঁজি-নিৰ্ভৰ‌ আৰ্থিক বিকাশ। ইয়াৰ বক্তব্য ‌হৈছে, ব্যক্তিগত খণ্ডৰ দেশী-বিদেশী বৃহৎ পুঁজিৰ পাশবিক স্পৃহা (Animal Spirit) জগাই নুতুলিলে আৰ্থিক বিকাশৰ দুৱাৰ মুকলি নহয়। পুঁজিৰ তেনে পাশবিক স্পৃহা জগাই তোলাৰ উপায় হৈছে কৰ্প’ৰেট কৰ হ্ৰাস, সিহঁতৰ অনাদায়ী কৰ আৰু বেংক ঋণ ইত্যাদি মাফ কৰা, শ্ৰমিক-কৰ্মচাৰীৰ অধিকাৰ খৰ্ব কৰিবলৈ ‘শ্ৰম সংষ্কাৰ’, ৰাজহুৱা খণ্ডৰ বিলোপ ইত্যাদি পদক্ষেপ। মোদী চৰকাৰে অত্যন্ত আক্ৰমণাত্মকভাবে এনে ব্যৱস্থাৱলী কাৰ্য্যকৰী কৰিছে।এই চৰকাৰে কৰ্প’ৰেট কৰ ব্যাপক হাৰত হ্ৰাস কৰিছে।আজি গোটেই বিশ্বৰ ভিতৰতে ভাৰতত কৰ্প’ৰেট কৰ আটাইতকৈ কম। সংসদত যোৱা ২৮ মাৰ্চ,২০২১ তাৰিখে এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে জনায় যে ২০১৫-১৬ৰ পৰা ২০১৯-২০ৰ পাঁচটা বিত্তীয় বৰ্ষত কৰ্প’ৰেট কৰ ৰেহাই দিয়াৰ ফলত চৰকাৰী কোষাগাৰৰ‌ লোকচান হৈছে ৬ লাখ ৭ হেজাৰ ৫৮৩ কোটি টকাৰো বেছি। মোদী চৰকাৰে সম্পদ কৰ ( Wealth Tax) উঠাই দিছে।এনে নজিৰবিহীন কৰ ৰেহাইৰ উপঢৌকন দিয়া স্বত্বেও কৰ্প’ৰেট গোষ্ঠীবোৰে‌‌ অবাধে কৰ ফাঁকি দিয়ে।এনে কৰ ফাঁকিৰ পৰিমাণো চৰকাৰী ভাষ্য মতেই ১১ লক্ষ কোটি টকাৰো বেছি (৩১মাৰ্চ,২০১৯) হৈছেগৈ। এই পৰ্বত প্ৰমাণ অনাদায়ী কৰ আদায় কৰাৰ সলনি চৰকাৰে মাফহে কৰে। পৰিণতিত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় ঘাটি (Fiscal Deficit) আজি ক্ৰমবৰ্ধমান হৈ বিশালাকাৰ ৰূপ ধাৰণ কৰিছে। এই ঘাটি জোৰা মৰাৰ বাবে মোদী চৰকাৰে ৰাজহুৱা খণ্ডৰ লাভজনক প্ৰতিষ্ঠানবোৰ বিক্ৰী কৰিবলৈ উঠিপৰি লাগিছে। ২০২১-২২ৰ কেন্দ্ৰীয় বাজেটত ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানৰ শ্বেয়াৰ বিক্ৰী কৰি ১.৭৫ লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য মাত্ৰা ৰখা হৈছে। বাতৰিত প্ৰকাশ যে চৰকাৰে হিচাপ কৰিছে যে এল আই চি-ৰ শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে ১ লাখ কোটি ‌টকা আহিব। দ্বিতীয় কাৰণটো হৈছে মতাদৰ্শগত (Ideological)। বি জে পি‌ চৰকাৰ আৰু দল মতাদৰ্শগতভাৱে ৰাজহুৱা খণ্ডৰ দুৰ্ঘোৰ বিৰোধী আৰু মুক্ত বজাৰ অৰ্থনীতিৰ উগ্ৰ প্ৰৱক্তা। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৯৫৬ চনত যেতিয়া জীৱনবীমা শিল্প ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল তেতিয়াও বি জে পি-ৰ পূৰ্বসূৰী জনসংঘই তীব্ৰ বিৰোধিতা কৰিছিল। বেংক ৰাষ্ট্ৰীয়কৰণৰো এওঁলোকে প্ৰচণ্ড বিৰোধিতা কৰিছিল।২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগৰ এক সাক্ষাৎকাৰত ‌নৰেন্দ মোদীয়ে এটি‌ ‌ কৈছিল যে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ জন্মই হৈছে মৃত্যুৰ বাবে। কেতিয়া মৰিব সেইটোহে কথা। আৰু কৈছিল যে‌ এইবিলাক হয় বন্ধ কৰি দিব লাগে নাইবা বিক্ৰী কৰি দিব লাগে। প্ৰধানমন্ত্ৰী হৈ এতিয়া তেওঁ সেইটোৱেই কৰিছে। মোদী ডাঙৰীয়াৰ কৰ্প’ৰেট-প্ৰীতিও‌ নজিৰবিহীন। এনে পৰিস্থিতিত চৰকাৰে অনুসৰণ ‌কৰা নব্যউদাৰবাদী ‌আৰ্থিক নীতি আৰু মতাদৰ্শৰ বিৰুদ্ধে নেৰানেপেৰা যুঁজ নচলালে ৰাষ্ট্ৰীয়কৃত এল আই চি-ক ৰক্ষা কৰিব পৰা নেযাব। ভৰসাৰ কথা এইটোৱেই যে আজি দেশখনত এনে ঐক্যৱদ্ধ সংগ্ৰাম গঢ়ি উঠিব ধৰিছে। কৃষক, শ্ৰমিক, কৰ্মচাৰীৰ ঐক্যৱদ্ধ সংগ্ৰামৰ অগ্ৰগতি ‌বৰ্তমান সময়ৰ এক উল্লেখনীয় বৈশিষ্ট্য। ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমাত আজি সৰ্বস্তৰৰ কৰ্মচাৰী-বিষয়াৰ ঐক্যৱদ্ধ প্ৰতিবাদ ধৰ্মঘটৰ সৰ্বাত্মক সাফল্য তাৰেই ইংগিতবাহী। সংগ্ৰামৰ এই পথেৰেই পৰাস্ত হ’ব চৰকাৰৰ জাতীয় স্বাৰ্থ বিৰোধী নীতি। মুষ্টিমেয় কিছু দেশী-বিদেশী‌‌ কৰ্প’ৰেটৰ মুনাফাৰ বলিশালত ‌আমি এল আই চি-ৰ দৰে জাতীয় স্বাৰ্থ বাহী ৰাষ্ট্ৰীয়কৃত সংস্থা এটাক বলি হ’বলৈ কোনোপধ্যেই নিদিওঁ।

(পাঁচ)

এল আই চি-ৰ ‌শ্বেয়াৰ বিক্ৰী (IPO)………স্বাধীনতা সংগ্ৰামৰ লক্ষ্য/আদৰ্শৰ প্ৰতি বিশ্বাসঘাতকতা আৰু দেশৰ আৰ্থিক স্বনিৰ্ভৰতাৰ ওপৰত মাধমাৰ…

এল আই চি-ৰ শ্বেয়াৰ ‌বিক্ৰী তথা বেচৰকাৰীকৰণ আৰু ৰাজহুৱা খণ্ডক বিলোপ কৰাৰ যি পদক্ষেপ মোডী ‌চৰকাৰে লৈছে সেয়া ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামৰ লক্ষ্য-আদৰ্শৰ প্ৰতি এক চৰম বিশ্বাসঘাটকতা। আচলতে ৰাজহুৱা খণ্ডটোৱেই হৈছে দেশৰ সাম্ৰাজ্যবাদ-বিৰোধী স্বাধীনতা আন্দোলনৰ এক অভিব্যক্তি আৰু গুৰুত্বপূৰ্ণ ফচল। ১৯৩১ চনত অনুষ্ঠিত ‌ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনত ‌’পূৰ্ণ স্বৰাজ’ৰ লক্ষ্য পুনৰ দোহাৰি জাতীয় অৰ্থনৈতিক কাৰ্য্যসূচী সম্পৰ্কিত প্ৰস্তাৱত কোৱা হয় যে, “জনগণৰ ওপৰত শোষণৰ অবসান কৰিব লাগিলে ৰাজনৈতিক স্বাধীনতাৰ অন্তৰ্ভুক্ত কৰিব লাগিব কোটি কোটি বুভুক্ষু জনগণৰ প্ৰকৃত অৰ্থনৈতিক স্বাধীনতাৰ বিষয়টো।” কোৱা হয়, ইয়াৰ বাবে ‘মূল শিল্পবোৰ আৰু খনিজ ‌সম্পদৰ মালিকানা আৰু নিয়ন্ত্ৰণ ৰাষ্ট্ৰৰ হাতলৈ আনিব লাগিব। ‘পৰৱৰ্তীকালত ১৯৩৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে (তেতিয়া সুভাষচন্দ্ৰ বসু আছিল কংগ্ৰেছৰ সভাপতি) জৱাহৰলাল নেহৰুক অধ্যক্ষ হিচাপে লৈ এটি জাতীয় পৰিকল্পনা কমিটী গঠন কৰে আৰু ‌জাতীয় অৰ্থনীতিৰ বিভিন্ন দিশ চালিজাৰি চাই স্বাধীন ভাৰতৰ অৰ্থনৈতিক ৰূপৰেখা কি হ’ব সেই সম্পৰ্কে উক্ত কমিটিক প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব দিয়ে। স্বাধীনতাৰ প্ৰাক্কালত ১৯৪৬ চনত কমিটিয়ে প্ৰতিবেদন দাখিল ‌কৰে। উক্ত প্ৰতিবেদনত কোৱা হয়–“Amongst most widely discussed problems of India’s post-war economy is the question of nationalisation not only of principal means of production i,e industry & agriculture but also utilities & services like electricity, drainage, water supply, education, health, transport, banking and insurance.” বীমা সম্পৰ্কে আৰু সুনিৰ্দিষ্ট ভাবে সেই দলিলখনত কোৱা ‌হয়, “Recognition of insurance as a social service will be much fuller and truer under State enterprise, while the mobilisation of its funds will be much better to enable the capital to be found for other development projects more effectively.” সংবিধান পৰিষদৰ (Constituent Assembly) সভাত‌ ১৯৪৮ চনৰ ১২ জানুৱাৰীত ‌এক প্ৰস্তাৱযোগে কোৱা হয়, “This Assembly is of the opinion that steps should be taken as early as possible to initiate legislation to transfer to state ownership control and management of the buisness of insurance.”।ৰাষ্ট্ৰীয়কৃত বীমা শিল্প‌ আৰু সামগ্ৰিকভাৱে ৰাজহুৱা খণ্ড সেয়েহে আমাৰ স্বাধীনতা সংগ্ৰামৰ সপোন আৰু লক্ষ্য আছিল। কাৰণ তেতিয়া দেশৰ সন্মুখত মূখ্য প্ৰশ্ন আছিল,দুই শতিকা জুৰি বিদেশী ঔপনিৱেশিক ‌আৰু সাম্ৰাজ্যবাদী শাসন-শোষণত‌ জুৰুলা হোৱা এখন দেশৰ স্বনিৰ্ভৰ আৰ্থিক বিকাশ কোন বাটেৰে সম্ভৱপৰ হ’ব? কোন পথেৰে‌ ভাৰতৰ স্বাধীন শিল্পায়নৰ ভেটি নিৰ্মাণ কৰা যাব? ইয়াৰ উত্তৰ সিদিনা আছিল আৰু আজিও হৈছে ৰাজহুৱা খণ্ড। আজি হয়তো বহুতে আচৰিত হ’ব, কিন্তু সেই সময়ত ভাৰতৰ বৃহৎ পুঁজিপতিগোষ্ঠীবোৰেও ৰাজহুৱা খণ্ডৰ পোষকতা কৰিছিল। ১৯৪৪ আৰু ১৯৪৫ চনত জে আৰ ডি টাটা আৰু ঘনশ্যাম দাস বিৰলাকে‌ ধৰি দেশৰ আঠ গৰাকী আগশাৰীৰ শিল্পপতিসকলে ‘A brief Memorandum outlining a plan of economic development of India’ শীৰ্ষক এখন‌ দলিল প্ৰকাশ কৰে‌ দুটা কিস্তিত। ইয়াক ‘বোম্বে প্লেন’ বা ‘টাটা বিৰলা প্লেন’ বুলিও কোৱা হয়। এই দলিলখনত তেওঁলোকে আৰ্থিক বিকাশৰ বাবে ৰাজহুৱা খণ্ড গঢ়ি তোলাৰ সপক্ষে মত প্ৰকাশ কৰে। তেওঁলোকে নিশ্চয় সমাজতন্ত্ৰ গঢ়ি তুলিবলৈ ৰাজহুৱা খণ্ড বিচৰা নাছিল। স্বনিৰ্ভৰ পুঁজিবাদী বিকাশ আৰু শিল্পায়নৰ ভেটি নিৰ্মাণৰ বাবেই ৰাজহুৱা খণ্ড বিচাৰিছিল। কাৰণ সেই সময়ত গধুৰ, বুনিয়াদী, আৰু আন্তঃগাথঁনিমূলক ক্ষেত্ৰত শিল্পোদ্যোগ গঢ়ি তুলিবলৈ যি বিশাল পৰিমাণৰ পুঁজিৰ প্ৰয়োজন সেইটো তেওঁলোকৰ নাছিল। দ্বিতীয়তে, এনে ক্ষেত্ৰবোৰত বিনিয়োগ কৰিলে লাভ আহোতে দেৰি হয়। গতিকে তেওঁলোকে এনে ক্ষেত্ৰবোৰত বিনিয়োগৰ বাবে আগ্ৰহী নাছিল। এইবোৰ ৰাজহুৱা খণ্ডত গঢ়ি তোলাৰ দায়িত্ব তেওঁলোকে চৰকাৰৰ হাতত এৰি দিছিল আৰু তাৰ পৰা সুবিধা লৈছিল। সিদিনা স্বাধীন ভাৰতৰ চৰকাৰে শিল্পায়নত সহায়ৰ বাবে প্ৰথমতে আমেৰিকাৰ নেতৃত্বাধীন সাম্ৰাজ্যবাদী দেশবোৰৰ ওচৰ চাপিছিল। কিন্তু প্ৰত্যাখাত হৈছিল। কাৰণ সাম্ৰাজ্যবাদী দেশবোৰে আশংকা কৰিছিল যে ভাৰত যদি শিল্পায়নৰ যোগেদি নিজৰ ভৰিৰ ওপৰত থিয় হয় তেনেহ’লে সিহঁতৰ ওপৰত নিৰ্ভৰশীলতা কমি যাব। সিহঁতৰ আশংকা সঠিকেই আছিল। কিন্তু ইতিহাসৰ গতি সেই সময়ত সিহঁতৰ সপক্ষে নাছিল। সেই সময়ত চোভিয়েট ইউনিয়নৰ নেতৃত্বাধীন এটি শক্তিশালী সমাজতান্ত্ৰিক শিবিৰ গঢ়ি উঠিছিল। আমেৰিকান শিবিৰৰ দ্বাৰা প্ৰত্যাখাত হৈ নেহেৰুৰ চৰকাৰ সমাজতান্ত্ৰিক শিবিৰৰ ওচৰ চাপে। সমাজতান্ত্ৰিক দেশবোৰৰ প্ৰযুক্তিগত তথা অন্যান্য সহায় আৰু জনগণৰ কৰ আৰু সঞ্চয়ৰ ধনেৰে আমাৰ দেশত ৰাজহুৱা খণ্ড গঢ়ি উঠে। এয়াই‌ হৈছে ভাৰতত ৰাজহুৱা খণ্ড গঢ়ি উঠাৰ পটভূমি। দ্বিতীয় পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ কালছোৱাত ১৯৫৬ চনত সংসদত যি শিল্প সংক্ৰান্ত প্ৰস্তাৱ গৃহীত হয় তাত ৰাজহুৱা খণ্ডক অনন্য গুৰুত্ব প্ৰদান কৰা হয়। কোৱা হয়, ৰাজহুৱা খণ্ডই দেশৰ অৰ্থনীতিত আধিপত্যকাৰী (Commanding Heights)‌ ভূমিকা ল’ব লাগিব। এনেকৈ দেশৰ অৰ্থনৈতিক স্বনিৰ্ভৰতা আৰু ‌সাৰ্বভৌমত্বৰ মূলাধাৰ হিচাপে ৰাজহুৱা খণ্ডই এক মহান আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এল আই চি-ৰ জন্মৰো এইটোৱেই পটভূমি। এটি ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠান হিচাপে এল আই চি-য়ে ৰাষ্ট্ৰনিৰ্মাণৰ ক্ষেত্ৰত কি অসামান্য ভূমিকা পালন কৰিছে সেইটো আগতেই উল্লেখ কৰা হৈছে। পুনৰাবৃত্তিৰ প্ৰয়োজন নাই। ৰাষ্ট্ৰীয়কৃত বেংক, বীমা ইত্যাদিয়ে জনগণৰ সঞ্চয় সমবেত কৰি দেশৰ স্বনিৰ্ভৰ শিল্পায়ন আৰু উন্নয়নৰ বাবে পুঁজি যোগান ধৰিছে আৰু আনহাতে ৰাইজৰ ‍সঞ্চয়ৰ নিৰাপত্তা প্ৰদান কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ব্যক্তিমালিকানাধীন বীমা আৰু বেংক শিল্পত ৰাইজৰ সঞ্চয়ৰ কোনো নিৰাপত্তা নাছিল। আছিল দুৰ্নীতি আৰু প্ৰতাৰণাৰ অসংখ্য কাহিনী। আজি সেই অন্ধকাৰ অতীতত ঘূৰাই লৈ যোৱাৰ আয়োজন চলিছে। সময় থাকোঁতেই প্ৰতিহত কৰিব লাগিব। পিছত দেৰি হৈ যাব।শাসকৰ ভণ্ডামিৰ মুখা আজি খুলি দিব লাগিব। মুখত ‘আত্মনিৰ্ভৰ ভাৰতৰ’ শ্ল’গান দিছে। আনহাতে কামত আত্মনিৰ্ভৰতাৰ লাইখুটা ৰাজহুৱা খণ্ডক বিলোপ কৰাৰ ব্যৱস্থা কৰিছে। বীমা, বেংক ‌ইত্যাদিত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উৰ্ধসীমা ৭৪ শতাংশলৈকে বৃদ্ধি কৰি আমাৰ দেশৰ জনগণৰ সঞ্চয়ক মুনাফা লোভী বিদেশী পুঁজিৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰিছে। অথচ স্বয়ং বিশ্ববেংকেই ইয়াৰ ‘The Growth & Development Commission’ৰ প্ৰতিবেদনত সকিয়াই দিছে, “Our view is that foreign saving is an imperfect substitute for domestic savings including public savings to finance the investment a booming economy requires” পিছে কা কস্য পৰিবেদনা। দেশী-বিদেশী কৰ্প’ৰেট পুঁজিৰ প্ৰতি অন্ধ আনুগত্য থকা মোদী চৰকাৰৰ কৰ্ণকুহৰত বিশ্ববেংকৰ এনে সকিয়নীও প্ৰৱেশ কৰিব নোৱাৰে। সেয়েহে ঐক্যৱদ্ধ আন্দোলনৰ ধাৰা চাপৰেৰে প্ৰৱেশ কৰাব লাগিব। নান্য পন্থাঃ।

Print Friendly, PDF & Email