গল্প-কবিতা

বিষ্ণু ৰাভা, বৰজোপাৰ শিপাত মুখ থৈ তুমি- (অনিতা গগৈ)

সোঁতত বুকু কাটি উৰি গ’ল
শিল চৰাই এজাক
.
ঠোঁটত ফুলিছে
ৰঙা জবা
.

নদীৰ আঙুলিবোৰ শংখ
তেজত তিতা সূৰ্যৰ ঘোঁৰা
.
কলহে কলহে হলাহল পি
উঠি আহে শূন্যতা
.
ব্যথাৰ বেহানি পাতি মানুহ
ব্যাপ্তিৰ খহনীয়া
.
বিষ্ণু ৰাভা,
বৰজোপাৰ শিপাত মুখ থৈ তুমি
.
ঢৌ তুলি উটি যোৱা
খৰমান জোৱাৰ-নাও

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *