বিস্ময়কৰ মহাজাগতিক পৰিঘটনা (ভাৰ্গৱ বৰঠাকুৰ)
“The Universe is not only stranger than we imagine, it is stranger than we can imagine”- Sir Authur Eddington.
আমাৰ কল্পনাই ঢুকি নোপোৱা মহাবিশ্বখন গভীৰ ৰহস্যপূৰ্ণ ৷ বিজ্ঞান-প্ৰযুক্তিৰ গতিশীলতাই এনে বহু ৰহস্যৰ উদ্ঘাটন কৰি আহিছে যদিও বহু ৰহস্যৰ আজিও সঠিক উত্তৰ বিচাৰি উলিয়াব পৰা নাই ৷ তথাপি বিজ্ঞান কিন্তু থমকি ৰোৱা নাই, সীমাবদ্ধকতাৰ দেউল ভাঙি নতুন নতুন গৱেষণাৰ তথ্যৰাজিৰে মানৱজাতিলৈ এক নতুন গতিৰ সূচনা কৰি আহিছে ৷ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্যৰ পৰা পৃথিৱীত জীৱজগতৰ সৃষ্টিকলৈ পূৰ্বতে যি আলৌকিক শক্তিৰ ধাৰণা আছিল, বিজ্ঞানে সেইধাৰণা সমূহক খন্দন কৰি বাস্তৱসন্মত বৈজ্ঞানিক ধাৰণাৰে বহু তথ্য পোহৰ কৰি আহিছে ৷ বিজ্ঞানীৰ এই কৌতুহলী সত্বাটোৱে বহু নতুন তথা বিষ্ময়কৰ মহাজাগতিক পৰিঘটনাৰো আৱিস্কাৰ কৰিছে ৷ যিবোৰ মহাজাগতিক পৰিঘটনাই এটা সময়ত আমাৰ সৌৰজগতৰ লগতে, পৃথিৱীত জীৱ-জগতৰ বাবে প্ৰয়োজনীয় সকলোবোৰ প্ৰাথমিক মৌলৰে সৃষ্টি কৰিছিল ৷ তেনে কিছুমান মহাজাগতিক পৰিঘটনাৰ কথাই আজি সৰল ৰূপত আলোচনা কৰাৰ চেষ্টা কৰা হৈছে ৷
বগা বাওনা (white dwarf), ছুপাৰন’ভা (Supernova), নিউট্ৰন তৰা Neutron Star), কৃষ্ণগহ্বৰ (Black hole), কুৱেজাৰ( Quasar ) ইত্যাদি শব্দবোৰ মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত প্ৰতিজনলোকৰ বাবে হয়তো চিনাকী নাম ৷ বিজ্ঞানীসকলে মহাবিশ্বত সংঘটিত হোৱা বিশেষ কিছুমান মহাজাগতিক পৰিঘটনাক বুজাবলৈহে এই শব্দবোৰৰ ব্যৱহাৰ কৰিছে ৷ এই ছুপাৰন’ভা( Supernova), কৃষ্ণগহ্বৰ (Black hole )আদি মহাজাগতিক পৰিঘটনা সমূহ অত্যন্ত জটিল আৰু বিষ্ময়কৰ ৷ এই পৰিঘটনা সমূহক বুজিবলৈ প্ৰথম আমি তৰা বা নক্ষত্ৰ(Star) এটাৰ জীৱন প্ৰক্ৰিয়াৰ ওপৰত আলোতপাত কৰিব লাগিব ৷ লগতে আমাৰ কল্পনা শক্তিয়েও কিছুমান বৃহৎ আকাৰৰ, অত্যন্ত উষ্ণতা আৰু ভৰযুক্ত পদাৰ্থৰে গঠিত জগত এখনৰ ভিতৰত ভুমুকিয়াব লাগিব ৷
চিত্ৰ- তৰা এটাৰ জীৱন চক্ৰ
মহাবিশ্বত সিচঁৰিত বৃহৎ সংখ্যক গেছৰ (প্ৰধানকৈ হাইড্ৰজেন গেছৰ) থূপবোৰে বিশেষ কিছুমান পৰিস্হিতিত নিজৰ মধ্যাকৰ্ষণ শক্তিৰ ফলত প্ৰচণ্ড সংকোচিত হয় ৷ আৰু এই সংকোচনে গেছৰ পৰমাণুবোৰৰ মাজত খুব প্ৰচণ্ড বেগেৰে সংঘৰ্ষৰ সৃষ্টি কৰে, যাৰ ফলত কেন্দ্ৰত অত্যন্ত তাপৰ সৃষ্টি হয়, যাক Protostar বোলা হয় ৷এনে বৃহৎ সংকোচনে কেন্দ্ৰত হাইড্ৰজেন পৰমাণুবোৰ লগ লগাই হিলিয়াম( He) পৰমাণুৰ সৃষ্টি কৰে ৷ এই প্ৰক্ৰিয়াটোক নিউক্লীয়াৰ ফিউজন (Nuclear fusion) বোলা হয় , যাৰ ফলতেই তৰা এটাৰ পৰা প্ৰচণ্ড তাপ আৰু পোহৰৰ সৃষ্টি হয় ৷ তদুপৰি এই প্ৰচণ্ড তাপৰ ফলত সৃষ্টি হোৱা গেছৰ চাপ (মধ্যাকৰ্ষণৰ বিপৰীতমূখী চাপ) বাঢ়ি এনে এটা পৰ্যায় পায় যে এই বৰ্দ্বিত চাপ আৰু কেন্দ্ৰৰ ( Core) মধ্যকৰ্ষণিক শক্তিৰ মান সমপৰ্য্যায়ৰ হয় গৈ আৰু সংকোচিত প্ৰক্ৰিয়াৰ অন্ত পৰে ৷ অৰ্থাৎ এটা ফুলি থকা বেলুনৰ ভিতৰত সম্প্ৰসাৰিত হ’ব বিচৰা ভিতৰৰ বায়ু আৰু সংকোচিত হ’ব বিচৰা বেলুনটোৰ ৰ’বাৰ( Rubber) মাজত হোৱা যি সাম্যৱস্হা (balance) , ঠিক সেইদৰে তৰা এটাত নিউক্লীয় ফিউজন প্ৰক্ৰিয়াৰ ফলত উৎপন্ন হোৱা বিপৰীমূখী চাপ আৰু মধ্যাকৰ্ষণ শক্তিও সেইদৰে এক সাম্যৱস্হাত বৰ্তি থাকে ৷ এইদৰে নিউক্লীয়াৰ ফিউজনৰ পৰা উৎপন্ন হোৱা তাপে মধ্যকৰ্ষণ শক্তিৰ লগত ভাৰসাম্য ৰক্ষা কৰি তৰাবোৰক বহু কোটি বছৰ জীৱন্ত কৰি ৰাখিব পাৰে ৷ কিন্তু সমস্যা তেতিয়া হয় যেতিয়া তৰাটোৰ ইন্ধন শেষ হয়। তৰা এটাৰ ইন্ধন শেষ হোৱাৰ পিছত তৰাটোৰ ভৰ অনুসৰি অন্ত:ভাগত কিছুমান বিশেষ মহাজগতিক পৰিঘটনা হ’বলৈ আৰম্ভ কৰে । অৰ্থাৎ যেতিয়াই হাইড্ৰজেন বা আন নিউক্লীয় ইন্ধনৰ শেষ হয়, তেতিয়াই মধ্যাকৰ্ষণ শক্তিয়ে সন্তুলন হেৰুৱাই অসমতাৰ (Unbalance) সৃষ্টি কৰে আৰু এই সময়ছোৱাৰ পৰাই White dwarf ,Supernova,Neutron star, Black hole আদি মহাজাগতিক পৰিঘটনাৰ মাজেদি তৰা এটাৰ জীৱনকালৰ অন্ত পৰে ৷ আনহাতে আমাৰ সূৰ্যতকৈ ডাঙৰ তৰাবোৰৰ সাধাৰণতে , সূৰ্যৰ সমান বা তাতোতকৈ সৰু তৰাবোৰতকৈ কম সময়ৰ ভিতৰতেই জীৱনকালৰ শেষ হয় ৷ কাৰণ সূৰ্যতকৈ ডাঙৰ তৰাবোৰৰ ভৰ আৰু নিউক্লীয়াৰ ইন্ধনৰ পৰিমাণ যদিও বেছি হয়, সেইদৰে এই ডাঙৰ তৰাবোৰৰ ইন্ধন শেষ কৰাৰ প্ৰৱণতাও বেছি ৷
চিত্ৰ- নিউক্লীয়াৰ ফিউজন প্ৰক্ৰিয়া
বগা বাওনা (White dwarf) – নিউক্লীয় ইন্ধনৰ অভাৱত সূৰ্যৰ সমান তৰা এটা প্ৰথমতে ‘Red Giant’ পৰিণত হয় আৰু বাহ্যিক গেছৰ খোলাটো মূল অংশৰ পৰা আঁতৰি মহাবিশ্বত গ্ৰহীয় নীহাৰিকাৰ ( Planetary Nebula) সৃষ্টি কৰে ৷ য’ৰ পৰাই আকৌ নতুন তৰা আৰু নতুন এখন সৌৰজগতৰ সৃষ্টি হয় ৷খুব কম সময়ৰ ভিতৰতেই তৰাটোৰ বৃহৎ কেন্দ্ৰটো পৃথিৱীৰ সমান সুৰ গ্ৰহৰ আকাৰলৈ পৰিণত হৈ ৰয় ৷ যাৰ ফলত বগা বাওনাৰ ভিতৰ ভাগত অধিক সংকোচিত ৰূপত থকা (highly compressed) ইলেক্ট্ৰন বোৰে কোৱান্টাম বিকৰ্ষণ বলৰ সৃষ্টি কৰে য’তে অভিকেন্দ্ৰিক মধ্যাকৰ্ষণ বলৰ লগত ভাৰসাম্য স্হাপন হৈ খুব কম সময়ৰ ভিতৰতে সুস্হিৰতা পায় আৰু বৃহৎ কেন্দ্ৰৰ তৰাটোৱে পৃথিৱীৰ দৰে এটা সৰু আকাৰৰ অনুজ্বল পিণ্ড হৈ ৰ’য় ৷ ইয়াকেই ‘বগা বাওনা’ বোলা হয় ৷ বগা বাওনা বোৰত হিলিয়ামৰ নিউক্লীয়াছ ( অক্সিজেন,কাৰ্বনৰ নিউক্লীয়াছ বিশেষ কিছুমানত) আৰু ইলেক্টন যুক্ত বিধৰ্মী গেছ পোৱা যায় (degenerated gas of electrons) ৷ ‘বগা বাওনা ‘ এটাৰ ঘনত্ব প্ৰতিঘনমিটাৰত প্ৰায় এক বিলিয়ন কেছি ৷ আমাৰ পৃথিৱীত ইয়াৰ ওজন হ’ব এক চামুচত প্ৰায় পাঁচ টন ৷
চিত্ৰ- বগা বাওনা
ছুপাৰন’ভা (Supernova): আমাৰ সূৰ্যতকৈ আঠ গুনে ডাঙৰ তৰাবোৰৰ জীৱনকালৰ অন্ত পৰে এই ছুপাৰন’ভা বিস্ফোৰণেৰে ৷ যেতিয়াই তৰা এটাৰ কেন্দ্ৰত থকা সকলো হাইড্ৰজেন পৰমানুৰ নিউক্লীয় বিক্ৰিয়া ঘটি হিলিয়ামৰ সৃষ্টি হৈ ৰঙা ৰঙৰ এটা বিশাল গোলকত (Red Supergiant) পৰিণত হয় তেতিয়া হিলিয়াম গেছৰ কেন্দ্ৰক সম্প্ৰসাৰিত গেছে আৱৰি ধৰে ৷ প্ৰায় এক মিলিয়ন বছৰৰ পাছত, ইয়াৰ কেন্দ্ৰীয় ভাগত নিউক্লীয় বিক্ৰিয়াৰ দ্বাৰা আন কিছুমান গধুৰ পদাৰ্থৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে পদাৰ্থবোৰে পিয়াজৰ(Onion shell) দৰে এটা খোলাৰ সৃষ্টি কৰে ৷ আৰু খোলাটোৰ বাহিৰৰ ফালে ক্ৰমে পাতল পদাৰ্থৰ তৰপ কিছুমানৰ সৃষ্টি হয় ৷ বহু মিলিয়ন বছৰৰ পাছত কেন্দ্ৰত লৌহ জাতীয় গধুৰ পদাৰ্থৰ সৃষ্টি হয় আৰু কেন্দ্ৰীয় উষ্ণতা পাঁচ বিলিয়ন ডিগ্ৰীতকৈ অধিক হয় গৈ ৷কেন্দ্ৰত লৌহ পদাৰ্থৰ উপস্হিৰ ফলত নিউক্লীয়াৰ ফিউজন প্ৰক্ৰিয়াও বন্ধ হৈ পৰে, গতিকে তৰাৰ অভিকেন্দ্ৰিক মধ্যকৰ্ষণ শক্তিৰ লগত ইলেক্ট্ৰনৰ কোৱান্টাম বিকৰ্ষণ বলে (White dwarf ত ঘটা পৰিঘটনাটোৰ দৰে) এক ভাৰসাম্যতাৰ স্হাপন কৰে ৷ কিন্তু বৃহৎ তৰা বোৰৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ কোৱান্টাম বিকৰ্ষণে এনে সমতা বেছি সময় ধৰি ৰাখিব নোৱাৰে ৷ এক নিৰ্দিষ্ট সময়ৰ পাছত আকস্মিক ভাৱে তৰাটোৰ কেন্দ্ৰীয় মধ্যকৰ্ষণ শক্তিয়ে খুব কম সময়ৰ ভিতৰতেই ইলেক্ট্ৰনবোৰক সংকোচিত কৰি নিউট্ৰনৰ সৃষ্টি কৰে ৷ গতিকে ইলেক্ট্ৰনৰ অবিহনে অভিকেন্দ্ৰিক মধ্যকষৰ্ণিক শক্তিক বিপৰীত দিশত ক্ৰিয়া কৰিব কোনো শক্তি নাথাকে ৷ যাৰ ফলত শক্তিশালী অভিকেন্দ্ৰীক মধ্যাকৰ্ষণ শক্তিয়ে কেন্দ্ৰটোক আৰু অধিক সংকোচিত কৰি সৰু কৰে ৷ কিন্তু নিউট্ৰনৰ কোৱান্টাম বিকৰ্ষণ বলে এক নিদিষ্ট জোখৰ পাছত এই সংকোচনত বাধা দিয়ে ৷ যাৰ ফলত বিশাল ভৰৰ তৰা এটাই এইদৰে পৃথিৱীৰ(১০ ৰ পৰা ২০ কিলোমিটাৰ) জোখৰ গোলক এটাৰ সৃষ্টি কৰে ৷ আকস্মিকভাৱে হোৱা এনে সংকোচনৰ (sudden collapse) ফলত তৰাটোৰ মহাকৰ্ষণিক ক্ষেত্রত সন্তুলন নোহোৱা হয় আৰু তৰাটোত এটা প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয় ৷ বিস্ফোৰণৰ ফলত তৰাটোৰ বাহ্যিক গেছৰ খোলাটো বহু দূৰলৈ আতৰি যায় ৷ আৰু অৱশিষ্ট ৰুপে থাকি যোৱা তৰাটোক “নিউট্ৰন তৰা” বুলি অভিহিত কৰা হয়। এই বিস্ফোৰণে এক অকল্পনীয় বৃহৎ শক্তিৰ সৃষ্টি কৰে, যি আমাৰ সূৰ্যই দহ বিলিয়ন বছৰত সৃষ্টি কৰা শক্তিতকৈও অধিক ৷ বিজ্ঞানীসকলৰ মতে ছুপাৰন’ভা মহাবিশ্বৰ আটাইতকৈ শক্তিশালী বিস্ফোৰণ ৷ সংকোচিত কেন্দ্ৰটোৰ পৰা প্ৰতি ছেকেণ্ডত ৩০,০০০ মাইল বেগেৰে ওলোৱা Shock Waveয়ে কেন্দ্ৰটোক আৱৰি থকা গেছৰ মাজেদি মহাবিশ্বত বহু দূৰলৈ বিয়পি পৰে ৷ এই বিশাল শক্তিয়ে উৎপন্ন কৰা অত্যাধিক চাপ আৰু উষ্ণতাই লৌহ পদাৰ্থতকৈ অধিক গধুৰ পদাৰ্থৰ সৃষ্টি কৰে ৷ আনহাতে তৰাটোৰ কেন্দ্ৰীয় ভাগক আৱৰি থকা কাৰ্বন, অক্সিজেন, নাইট্ৰজেন আৰু ছিলিকন গেছৰ খোলাটোক এই বিস্ফোৰণে প্ৰতি ছেকেণ্ডত ১০,০০০ মাইল বেগেৰে মহাবিশ্বলৈ আঁতৰি পঠাই ৷ বিজ্ঞানী সকলৰ মতে এই ছুপাৰন’ভা বিস্ফোৰণেই আমাৰ সৌৰজতখনৰ লগতে পৃথিৱীত জীৱ সৃষ্টিৰ কাৰণে প্ৰয়োজনীয় মৌল গঠনত সহায় কৰিছিল ৷
চিত্ৰ- ছুপাৰন’ভা বিস্ফোৰণ
নিউট্ৰন তৰা (Neutron star) : সূৰ্যতকৈ আঠৰ পৰা পঁচিছ গুনে ডাঙৰ তৰা এটাৰ জীৱনকালৰ শেষ স্তৰত ঘটা এটা জটিল পৰিঘটনাৰ বাবে তৰাটোক ‘নিউট্ৰন তৰা ‘ বোলা হয় ৷ ওপৰত উল্লেখ কৰাৰ দৰে তৰা এটাত সকলোবোৰ নিউক্লীয় ইন্ধন শেষ হোৱাৰ পাছত ,লৌহ পদাৰ্থযুক্ত কেন্দ্ৰটোৰ মধ্যাকৰ্ষণিক শক্তিৰ ফলত এক বৃহৎ সংকোচনৰ সৃষ্টি হয় আৰু ইয়াৰ সকলোবোৰ পৰমাণুৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈ প্ৰচণ্ড বিস্ফোৰণেৰে বাহ্যিক গেছৰ খোলাবোৰ আঁতৰি যায় ৷ এইদৰে অৱশিষ্ট ৰূপে থাকি যোৱা তৰাটোৰ কেন্দ্ৰীয়ভাগত সৰু আৰু অত্যধিক ঘনত্বৰ নিউট্ৰনৰ সৃষ্টি হয় ৷ সেই পৰিঘটনাটোকে ‘নিউট্ৰন তৰা’ বোলা হয় ৷ বিজ্ঞানীসকলৰ মতে ই মহাবিশ্বৰ অধিক ঘনত্বপ্ৰাপ্ত তৰা ৷ আমাৰ পৃথিৱীত, এক চামুচত ইয়াৰ ওজন হ’ব একমিলিয়ন টনৰ সমান ৷ ‘নিউট্ৰন তৰা’ বোৰে লাটুম এটাৰ দৰে প্ৰচন্দ বেগেৰে (প্ৰতি চেকেন্দত প্ৰায় ৭১৬ বাৰ ) নিজ মেৰুদণ্ডত আৱৰ্তন কৰে ৷ এনে প্ৰচণ্ড ঘৰ্ণন গতিত থকা তৰাবোৰৰ পৰা বিশেষ ধৰনৰ কিছুমান বিদ্যুতচুম্বকীয় তৰংগৰ সৃষ্টি হয় ৷এনে ঘূৰ্ণন গতিৰ ফলত উৎপন্ন হোৱা তৰংগসমূহক পৃথিৱীৰ পৰা পৰ্যাবেক্ষণ কৰোতে pulsar হিচাপে নামাকৰণ হয় ৷
চিত্ৰ- নিউট্ৰন তৰা
কৃষ্ণ গহ্বৰ (Black hole) : ক’ম বেছি পৰিমাণে বহুেতই এই বিষয়ে অৱগত ৷ প্ৰায় ১৯১৬ চন মানতেই আইনষ্টাইনে সাধাৰণ আপেক্ষিকতাবাদৰ তত্ব (General theory of relativity) ৰ জৰিয়তে কৃষ্ণ গহ্বৰৰ বিষয়ে কিছু ধাৰণা আগবঢ়াই গৈছে ৷ ১৯৬৭ চনত John Wheeler নামৰ আমেৰিকান বিজ্ঞানী এজনে প্ৰথমে ‘ব্লেক হল ‘ হিচাপে নামাকৰণ কৰিছিল আৰু ১৯৭১ চনত বিজ্ঞানী সকলে প্ৰথমটো ‘ব্লেক হল’ ৰ সন্ধান পাইছিল ৷ বিজ্ঞানী সকলে লক্ষ কৰিছে যে ‘ব্লেকহল’ ৰ ওচৰে পাজৰে সময় আৰু কালৰ( Space-time)এক আচৰিত বৈশিষ্ট দেখা পোৱা যায়। সেয়ে কল্পবিজ্ঞানৰ লেখক আৰু চিনেমানিৰ্মাতা সকলৰ বাবেও ব্লেকহ’ল বৰ প্ৰিয় বিষয় । সূৰ্যতকৈ প্ৰায় পঁচিশ গুন ডাঙৰ তৰাবোৰৰ ক্ষেত্ৰত সাধাৰণতে এই পৰিঘটনা দেখা যায় ৷ ‘ছুপাৰন’ভা’ বা ‘নিউট্ৰন তৰাৰ’ ৰ দৰে কৃষ্ণগহ্বৰৰ পৰিঘটনাটো একেই যদিও এনে তৰাবোৰৰ ক্ষেত্ৰত প্ৰথমিক ভৰৰ পৰিমাণ তুলনামূলকভাৱে অধিক হোৱাৰ বাবে মধ্যাকৰ্ষিণ শক্তিও বেছি ৷ যাৰ বাবেই অত্যাধিক শক্তিশালী মধ্যাকৰ্ষণ শক্তিয়ে কেন্দ্ৰৰ নিউট্ৰনৰ বিকৰ্ষণ বলক নিয়ন্ত্ৰণত আনি ,এটা ক্ষুদ্ৰ বিন্দুৰ (এটা পৰমাণুৰ নিউক্লীয়াছতকৈও সৰু ) সৃষ্টি কৰে ৷ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ তত্ব মতে এই বিন্দুটোৰ নাম ‘Singularity’, অৰ্থাৎ এটা অসীম ঘনত্বৰ বিন্দু, য’ত পদাৰ্থবিজ্ঞানৰ কোনো তত্বৰে প্ৰয়োগ নহয় ৷ কৃষ্ণ গহ্বৰ এটাক আৱৰি থকা কাল্পনিক সীমাৰেখাডালক Event Horizon বোলা হয় ৷ Event Horizon ৰ মাজেৰে পাৰ হোৱা কোনো পদাৰ্থই আকৌ ঘূৰি আহিব নোৱাৰে, আনকি পোহৰো ! কৃষ্ণ গহ্বৰ মহাবিশ্বৰ এনে এক আচৰ্যকৰ বস্ত য’ত সময়ো ৰই যায় ৷ এইখিনিতে বহুতো পাঠকৰ প্ৰশ্ন জাগিব পাৰে, যিহেতু মহাবিশ্বৰ কোনো পদাৰ্থৰে আৱৰ্জনা হৈ ৰই নাজায়, কিন্তু মহাবিশ্বৰ পদাৰ্থসমূহ ‘কৃষ্ণ গহ্বৰ’ ৰ মাজেদি ক’লৈ যায় ? বহু বিজ্ঞানীৰ বাবে বিষয়বোৰ আজিও ৰহস্যপূৰ্ণ যদিও ষ্টিফেন হকিঙৰ দৰে বহু বিজ্ঞানীৰ মতে ‘বেক্ল হল’ ৰ শক্তিশালী মধ্যকৰ্ষণে নিজৰ কেন্দ্ৰলৈ টানি অনা পদাৰ্থসমূহ Hawking Radiation ৰ জৰিয়তে খুব লাহে লাহে আকৌ মহাবিশ্বলৈ এৰি দিয়ে বুলি ধাৰণা কৰিছে ৷ বিজ্ঞানীসকলৰ মতে বৰ্তমানলৈকে আৱিষ্কৃত ‘ ব্লেকহল’ তিনি প্ৰকাৰৰ- নক্ষত্ৰীয় ব্লেকহ’ল(stellar blackhole) অতি ভৰবিশিষ্ট ব্লেকহ’ল(super massive black hole) আৰু আন্ত:কেন্দ্ৰিক ব্লেকহ’ল(intermediate black hole) Black hole বিজ্ঞানীসকলৰ বাবে আজিও এক আৰ্চয্যকৰ ৰহস্য ৷
চিত্ৰ- কৃষ্ণগহ্বৰ
কুৱেজাৰ (Quasar): বৃহৎ আকাৰৰ কৃষ্ণ গহ্বৰবোৰৰ (Super massive Black hole) পৰা নিৰ্গত বিশেষ ধৰণৰ ৰেডিঅ’ তৰংগকে সাধাৰণতে Quasar বা ‘quasi-stellar radio sources’ বোলা হয় ৷ প্ৰায় ১৯৬১ চন মানত বিজ্ঞানীসকলে প্ৰথম ইয়াৰ সন্ধান দিছিল ৷ ‘কুৱেজাৰ’ মহাবিশ্বত এক অনত্যম প্ৰাচীন পৰিঘটনা ৷ অত্যধিক ভৰযুক্ত ‘কৃষ্ণ গহ্বৰ’ এটাই অত্যাধিক সংকোচন ঘটোৱা কিছুমান অংশৰ পৰাই Quasar বোৰত পোহৰ দেখা পোৱা যায় ৷ প্ৰায় দহ বিলিয়ন আলোক বৰ্ষত থকা Quasar এটাৰ পোহৰ আমাৰ সূৰ্যতকৈ এক ট্ৰিলিয়ন গুনতকৈও অধিক হ’ব পাৰে ৷ Quasar বোৰক বিজ্ঞানীসকলে তৰকাৰাজ্যৰ নিউক্লীয়াছ বুলি ধাৰণা কৰে ৷ Quasar এটাৰ পৰা Ultra-violate ray, Infra-red, Gamma-ray, X-Ray তৰংগও নিৰ্গত হয় ৷ কুৱেজাৰ মহাবিশ্বৰ আন এটা আউল লগা পৰিঘটনা, যাৰ বহু তথ্য আজিও ৰহস্যৰ আৱৰ্তত ৷
চিত্ৰ- কুৱেজাৰ
যিহেতু বিশ্বব্ৰহ্মাণ্ডত কোনো পদাৰ্থই আৱৰ্জনা হৈ ৰয় নাজাই ৷ এটা তৰাৰ জীৱন প্ৰক্ৰিয়া শেষ হ’লে তাৰ পৰা বিভিন্ন মহাজাগতিক প্ৰক্ৰিয়াৰে আকৌ নতুন নতুন পদাৰ্থৰ উদ্ভৱ হয় ৷ বিজ্ঞানীসকলৰ মতে তৰাবোৰ মৌল বা মৌলিক পদাৰ্থৰ উৎপাদনৰ কাৰখনা স্বৰূপ ৷ মহাবিশ্বত বহু গধুৰ মৌলবোৰৰ উৎপাদন কৰিবলৈ তৰাবোৰৰ প্ৰয়োজন হয় আৰু এই মৌলৰ প্ৰয়োজন হয় পৃথিৱীৰ দৰে গ্ৰহ আৰু জীৱজগতৰ সৃষ্টি কৰিব ৷ বিজ্ঞানীসকলৰ মতে আমাৰ তাৰকা ৰাজ্যত এনে বহু গ্ৰহ-নক্ষত্ৰৰ নিৰ্মাণ প্ৰক্ৰিয়াও ছুপাৰন’ভাৰ দৰে কিছুমান মহাজাগতিক পৰিঘটনাৰ পৰিণতি ৷
এই পৃথিৱীত মানৱজাতি থকা লৈকে বিজ্ঞানৰ অনুসন্ধিৎসু যাত্ৰাৰ সমাপ্ত নহয় ৷ অনগত দিনবোৰতো বিশ্বব্ৰহ্মাণ্ডৰ আৰু অধিক তথ্যৰ উদ্ঘাটন হৈয়ে থাকিব ৷ বিশ্বব্ৰহ্মাণ্ড বা আমাৰ সৌৰজগতত আমাৰ বাহিৰে আন জীৱৰ (Alien life) উপস্হিতি সঁচাকেই আছে নেকি? হয়তো অনাগত সময়বোৰত এনেবোৰ প্ৰশ্নৰ উত্তৰ বিজ্ঞানৰ বাবে সাধাৰণ হৈ পৰিব ৷ কিন্তু পৰিতাপৰ বিষয় যে যি সময়ত আমাৰ দৰেই এছাম মানুহে সৌৰজগতৰ আন গ্ৰহত মানুহৰ বসতিৰ কথা চিন্তা কৰিছে , মংগল গ্ৰহলৈ মানৱযান পঠোৱাৰ প্ৰস্তুতি চলিছে, সেই সময়তে আকৌ আমাৰ সমাজৰ এচামে গ্ৰহদোষ খণ্ডনৰ নামত নানা পূজা-পাতল, উপবাস, গ্ৰহৰত্ন, ৰঙা সূতা-কলা সূতা আদি পৰিধানৰ দৰে কিছুমান অন্ধবিশ্বাসত লুটি পুতি খায় এখন অবৈজ্ঞানিক সমাজৰ পোষকতা কৰিছে ৷ গতিকে বিজ্ঞানমনস্কতাৰে বিশ্বব্ৰহ্মাণ্ড তথা ইয়াৰ পৰিঘটনাসমূহক বুজিব চেষ্টা নকৰি কেৱল বিজ্ঞান-প্ৰযুক্তিৰে স্বাহিদা পূৰণ কৰিব বিচৰা , বাহ্যিক দিশটোৰ জয়ঢোল বজোৱাৰ অৰ্থই বা কি? সেইবাবেই আইনষ্টাইনৰ দৰে মনীষীয়ে কৈ গৈছে – “মোৰ মাজত ধৰ্মীয় বুলি যদি কিবা থাকে তেন্তে সি হ’ল বিজ্ঞানে আৱিস্কাৰ কৰা মহাবিশ্বৰ নিয়মতান্ত্ৰিক গঠন সম্পৰ্কে অপৰিসীম শ্ৰদ্ধা ৷…প্ৰকৃতিৰ পিনে চাই মই দেখা পাওঁ এক বিষ্ময়কৰ শৃংখলা ৷ ই সঁচাকৈ একধৰণৰ ধৰ্মীয় অনুভূতি ৷ ইয়াৰ লগত অলৌকিক বিশ্বাসৰ কোনো সম্বন্ধ নাই ৷”
তথ্যসূত্ৰ:
1) The theory of everything by Stephen Hawking
2) The Cosmic detective by Mani Bhaumik
3) Oxford dictionary of physics
4) ইন্টাৰনেট