গল্প-কবিতা

এমালগাম ।। ক্ষীৰধৰ বৰুৱা

মুক্ত চিন্তা। একাদশ বৰ্ষ।। ৫ম সংখ্যা

[এটা বিজ্ঞানভিত্তিক গল্প]

‘‘পটাপট জোখা৷ এইখিনি সময়ত আমাৰ বৰ লৰালৰি বুজিছা৷ পটাপট৷’’
‘‘পটাপট নে ফটাফট, দেউতা?’’—বাৰাণ্ডালৈ ওলাই আহি পলে ফটকৰে সুধিলে৷
এই ল’ৰাটোৰপৰা আৰু উপায় নাই৷ পঢ়াৰ টেবুলৰ পৰা কোনে কি কৈছে চব মন কৰি থাকে৷ লগে লগে কৈ নিদিলে সি সুধিয়েই থাকিব৷ কৈ দিয়াই ভাল৷
‘‘পটাপট বা ফটাফট দুয়োটাই হ’ব সোণ৷ যোৱা অংককেইটা শেষ কৰাগৈ৷’’
এৰা, কোনো কোনো ঠাইত প আৰু ফ অভেদ হৈ যায়৷ অৰিন্দমৰ ফট কৰে গাজা এটা মনত পৰি গ’ল৷ ইউনিভাৰ্ছিটিত পঢ়ি থাকোঁতে প্ৰসেন নে মুনীন কোনোবা এজনে কৈছিল সি পাহৰিলে৷ দুয়োজনৰ ঘৰ ডিব্ৰুগড়ত৷ অনবৰত স্ফূৰ্তি কৰি থাকে৷ পঢ়েও বৰ ছিৰিয়াছ কিতাপবোৰ৷ মাৰ্ক্সবাদী চিন্তাধাৰাৰ গ্ৰন্থ৷
এজন থলুৱা আৰু এজন চুবুৰীয়া দেশৰ প্ৰাক্তন ভগনীয়াৰ মাজত কথা-বতৰা—
‘‘হেৰি, আপোনালোকে বোলে ‘প’ক ‘ফ’ বোলে?’’
‘‘দূৰ ক’ৰবাৰ, আপনাৰা ফাগল হৈছেন না কি?’’
অৰিন্দমৰ নিজৰে হাঁহি উঠি গ’ল৷ এইটোতো আৰু পলক ক’ব নোৱাৰি৷ সি আৰু কিবাকিবি পেঘেনিয়াই পেঘেনিয়াই সুধি থাকিব৷ পৰীক ক’ব লাগিব আজৰি সময়ত৷ পৰী মানে পৰিণীতা, তাৰ পৰিবাৰ৷ অৰিন্দমৰ বাবে পুৱাৰ এই সময়খিনি আনতকৈ সিহঁতৰ বেছি লৰালৰি৷ ন বজাৰ আগে আগে পলক স্কুলত থ’বলৈ যাব লাগে৷ পূৰা দুই কিল’মিটাৰ ৰাস্তা অহা-যোৱা৷ পৰী জুনিয়ৰ কলেজলৈ ওলাই যাব লাগে বুৰঞ্জী পঢ়াবলৈ৷ সকলোৰে শেষত সি নিজে যাব লাগে ভেনছাৰ কলেজখনত ফিজিক্স পঢ়াবলৈ৷ তাৰ থিয়ৰিৰ ক্লাছ দুটা সি পিছৰ ফালে প্ৰেক্টিকেলৰ লগত মিলাই লৈছে৷ আজি এই ব্যস্ত সময়খিনিতে ওলাইছেহি এই ভঙাছিঙা বিচৰা মানুহ দুটা৷
‘‘ছাৰ, বেছি লৰালৰি কৰিব নোৱাৰি নহয়৷ এই লাইটকেইটা ভাগি গ’লে বিপদ ঘটিব৷’’
‘‘অ’ সেই ছি-এফ-এল বাল্ব দুটা? সেইবোৰ ভাগিলেনো কি বিপদ হ’ব?’’
‘‘কলেজৰ বিজ্ঞানৰ বৰুৱা ছাৰে আমাৰ ল’ৰাহঁতক কৈছে হেনো এইবোৰত থকা পাৰা ওলাই প্ৰদূষণ কৰিব৷ আমাৰ স্বাস্থ্যৰ ক্ষতি হ’ব৷’’
‘‘তাৰ মানে তোমালোকেও এইবোৰলৈ ভয় কৰা হৈছা?’’
জুখি-মাখি পা-পইচা দি বস্তুবোৰ লৈ মানুহ দুটা গ’লগৈ৷
ছি-এফ-এল বাল্ব ভিতৰত পাৰাৰ বাষ্প থাকে৷ অৰিন্দমেও কথাটো জানে৷ কিন্তু আগৰেপৰা ব্যৱহাৰ কৰি থকা টিউবলাইটবোৰতো পাৰাৰ বাষ্প থাকে৷ সেইবোৰৰ ক্ষেত্ৰত পাৰা ওলাই প্ৰদূষণ ঘটোৱা কথাটো নোলাল কিয়? পাৰা প্ৰদূষণৰ কথাত অৰিন্দমৰ আৰু এটা কথা মনত পৰি গ’ল৷ ঊনৈছ শ পঞ্চাছৰ দশকৰ আগ ভাগত জাপানৰ এখন উপসাগৰৰ পানীত পাৰা প্ৰদূষণ ঘটিছিল৷ সেই উপসাগৰৰ মাছ খোৱা মানুহবোৰৰ হেনো এবিধ মাৰাত্মক ৰোগ হৈছিল৷ উপসাগৰখনৰ নাম অনুসৰি সেই বেমাৰটোৰ নাম ‘মিনামাটা বেমাৰ’৷ কিন্তু তাৰ বন্ধু এজনে পানী প্ৰদূষণৰ বিষয়ে লিখা প্ৰবন্ধ এটাত সেইটো ‘মিনিমাটা বেমাৰ’ বুলি লিখিলে৷ সি কথাটো সোধাত মিনিমাটাই শুদ্ধ বুলি ক’লে৷ কথাটো সি মানি ল’ব পৰা নাছিল৷ কাৰণ, কেইবাঠাইতো সি মিনামাটা বুলিয়েই পাইছিল৷ শেষত সি জাপানত দুবছৰ পদাৰ্থবিজ্ঞানৰ গৱেষণা কৰি অহা ড॰পুলকজ্যোতি শইকীয়াক সুধিলে৷ ভাবিলে, তেওঁৰপৰা দুটামান নতুন কথাও জানিব পৰা যাব৷ পুলকে ক’লে, ‘‘দাদা, সেইফালে যাবলৈকে সময় নহ’ল৷ জানো, মিনামাটাই হ’বনে কি৷’’
চাইকেলখন মচি মচি সি এইবোৰ ভাবি আছিল৷ সি কলেজত কেমিষ্ট্ৰি বৰ বেয়া পাইছিল৷ কিন্তু হৰেকৃষ্ণ বৰা ছাৰৰ ক্লাছকেইটা সি আৰম্ভণিৰেপৰা ভাল পাইছিল৷ ছাৰে বৰ ৰস লগাই পঢ়াইছিল৷ তেখেতে প্ৰথম ক্লাছটোতে এটা ৰসায়নৰ মেজিক দেখুৱাই ছাত্ৰ-ছাত্ৰীসকলক ‘স্বাগতম’ জনাইছিল৷ এখন ক’লা কাপোৰ জোকাৰি দেখুৱাই তেখেতে কৈছিল—
‘‘শুনা, শুনা, ক’লা পতাকা দেখুৱাই সাধাৰণতে মন্ত্ৰী-বিধায়ক আদি নেতাৰ প্ৰতি ‘গ’ বেক’ ধ্বনি দিয়া হয়৷ কিন্তু মই এইখন ক’লা কাপোৰেৰে তোমালোকক ৰসায়ন বিভাগলৈ, ৰসায়নৰ শ্ৰেণীলৈ আদৰণি জনাইছোঁ৷’’
তেখেতে তাৰ ঠিক পিছতে ‘‘কিন্তু চোৱা’’ বুলি কৈ কাপোৰখন পানীৰ নিচিনা দ্ৰৱ এটাত ডুবাই উলিয়াই আনিলে৷ কাপোৰখনৰ ক’লা ৰং আঁতৰি বগা হৈ পৰিল৷ তাত ক’লা ৰঙেৰে সুন্দৰকৈ লিখা আছিল—‘ৱেলকাম টু কেমিষ্ট্ৰি ক্লাছ, কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট’৷
সকলোৱে ক’ব নোৱাৰাকৈয়ে হাত-তালি দিছিল৷ লগে লগে বৰা ছাৰে বুজাই দিছিল—আগৰেপৰা ক’লা ৰঙেৰে আখৰ লিখি থোৱা বগা কাপোৰখন আয়’ডিনৰ দ্ৰৱত ডুবাই ক’লা কৰি ৰখা হৈছিল৷ সেই ক’লা কাপোৰখন হাইপো নামৰ ৰাসায়নিক পদাৰ্থৰ দ্ৰৱত ডুবাই দিয়াৰ লগে লগে ৰাসায়নিক বিক্ৰিয়া ঘটি বগা হৈছিল, আৰু আখৰখিনি ওলাই পৰিছিল৷
তাৰ পাছত ছাৰে কৈছিল—
‘‘আজি তোমালোকক ৰসায়নেৰে ভালকৈ এসাজ খুৱাম৷ খাবাতো?’’ সিহঁতে স্কুলৰ তলৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীৰ দৰে ‘‘খাম ছাৰ, খাম ছাৰ’’ বুলি চিঞৰি দিছিল। ছাৰে কৈ গৈছিল কিছুমান ৰাসায়নিক পদাৰ্থৰ বিশেষ নাম—
‘‘মিল্ক অব লাইম—ক্ৰিম অব টাৰ্টাৰ—বাটাৰ অব টিন—কাৰ্ডি হোৱাইট পিপিটি—মিল্ক অব ছালফাৰ—লিভাৰ অব ছালফাৰ—বাটাৰ অব এণ্টিমনি—পৰমাণুৰ প্লাম-পুডিং মডেল—….’’।
তাৰ পাছত ছাৰে এই বস্তুবোৰে বুজোৱা ৰাসায়নিক পদাৰ্থবোৰৰ নাম কৈ গৈছিল৷ ৰসায়ন বিষয়টো আন বিষয়তকৈ কঠিন কাৰণে ইয়াৰ সহজ ভাষাত বুজাবলৈ গাখীৰ, ক্ৰিম, মাখন, দৈৰ দৰে এনেবোৰ লোভ লগা নাম ব্যৱহাৰ কৰা হৈছিল৷ মিল্ক অৱ লাইম মানে কেলছিয়াম হাইড্ৰ’ক্সাইড, ক্ৰিম অৱ টাৰ্টাৰ হ’ল পটেছিয়াম হাইড্ৰ’জেন টাৰ্টাৰেট, বাটাৰ অৱ টিন মানে টিন ক্ল’ৰাইড, ইত্যাদি৷
বৰা ছাৰেই হেঙুল, হাইতাল, নিশাদল, তুঁতিয়া আদি ৰাসায়নিক বস্তুবোৰৰ লগতো চিনাকি কৰি দিছিল৷ পাৰাৰ এটা নাম হেনো কুইক ছিলভাৰ৷ বৰা ছাৰে কৈছিল৷ সঁচাকৈয়ে তাৰ গতি অস্থিৰ৷ এটোপাল পাৰা পৰিলে বাগৰি বাগৰি আঁতৰি যায়, তাক উঠোৱাটো সম্ভৱেই নহয়৷
যোৱা বছৰ পলৰ জ্বৰ হওঁতে ঘটা ঘটনা এটাৰপৰাই কথাটোৰ প্ৰমাণ পোৱা গৈছিল৷ সেইদিনা অৰিন্দম ঘৰত নাছিল৷ পলৰ গাত তীব্ৰ জ্বৰ৷ পৰীয়ে কথাটো অৰিন্দমক ফোনেৰে জনোৱাত সি তাইক কিমান জ্বৰ জুখিবলৈ কৈছিল৷ পৰীৰ থাৰ্ম’মিটাৰলৈ বৰ ভয়৷ মানে থাৰ্ম’মিটাৰত থকা পাৰাখিনিলৈ৷ তাই ভয়ে ভয়ে ড্ৰয়াৰৰপৰা থাৰ্ম’মিটাৰটো উলিয়াই আনোতেই ঘটিব নলগীয়াটোৱেই ঘটিল৷ থাৰ্ম’মিটাৰটো মজিয়াত পৰি তাৰ বাল্বটো ভাগি পাৰাখিনি ওলাই গৈছিল৷ বাগৰি যোৱা পাৰাৰ সৰু সৰু টোপালবোৰ পলে জ্বৰীয়া গাৰেও উঠি চাইছিল৷ ভাগ্য ভাল, পৰীৰ গাত এপদো সোণৰ অলংকাৰ নাছিল৷ কাৰণ, এনেকুৱা ঘটনা এটাৰ বাবেই তাইৰ কলেজীয়া বান্ধবী অন্বেষাৰ কিছু অসুবিধা হৈছিল৷ লগতে অৰিন্দমৰো৷ সেই ঘটনাৰ পাছতেই পৰীও অৰিন্দমৰ কাষ চাপিছিল৷
…ঘটনাটো শুনি অৰিন্দমৰ আন এটা ঘটনালৈ মনত পৰিছিল৷ এজন বিখ্যাত মানুহৰ ল’ৰালিৰ ঘটনা৷ ল’ৰাজন আছিল ধৰ্মীয় বিশ্বাস আৰু অন্ধবিশ্বাসেৰে ভৰা এখন ঘৰৰ সন্তান৷ ঘৰত বাপেকৰ এটা সৰু লেব’ৰেটৰি আছিল৷ সৰুতে বাপেকৰ অজ্ঞাতে এদিন তেওঁৰ হাতৰপৰা লেব’ৰেটৰিৰ ডাঙৰ থাৰ্ম’মিটাৰ এটা মজিয়াত পৰি ভাগিল৷ তেওঁ বৰ সাৱধানে থাৰ্ম’মিটাৰটোৰ পাৰাখিনি মজিয়াৰপৰা এখন এলুমিনিয়ামৰ প্লেটত তুলি লুকুৱাই থ’লে৷ কেইদিনমানৰ পাছত বাপেকে কথাটো গম পাই খঙতে তেওঁক কাণ চেপা দিছিল৷ তেওঁ কৈছিল যে পাৰা বৰ বিষাক্ত ধাতু, আৰু সেয়ে প্লেটখনৰপৰা পাৰাখিনি আঁতৰাই সেইখনৰ চুক-কাণ ভালদৰে চাফা কৰিবলৈ তেওঁক আদেশ দিছিল৷ ল’ৰাই বাপেকৰ কথামতে তেতেলিৰ ৰসেৰে এলুমিনিয়ামৰ প্লেটখন ভালদৰে ঘঁহি ধুই শুকাবলৈ দিছিল৷
পাছত তেওঁলোকে প্লেটখনৰ ওপৰত ভস্মৰ দৰে কিছুমান গুড়ি পদাৰ্থ দেখি আচৰিত হৈছিল৷ দেৱ-দেৱীত বিশ্বাস কৰা বাপেকে ভাবিছিল যে তেওঁ পুত্ৰক কাণত ধৰি শাস্তি দিয়াৰ বাবে যেন সেয়া আছিল দেৱতাৰ সকীয়নিস্বৰূপ৷ তেওঁ আনন্দতে সেই ‘বিভূতি’ ওচৰ-চুবুৰীয়াক দেখুৱাই সন্তুষ্টি লাভ কৰিছিল৷ কিন্তু, সেই সৰু ল’ৰাজন সন্তুষ্ট হ’ব পৰা নাছিল৷ কিয়নো, সেই তেতেলিৰে ধোৱা পাৰা লগা এলুমিনিয়ামৰ প্লেটখনৰ ওপৰত সৃষ্টি হোৱা ধোঁৱা বৰণীয়া অচিনাকি গুড়িবোৰনো কি, তেওঁৰ স্কুলৰ বিজ্ঞানৰ শিক্ষকজনেও ক’ব পৰা নাছিল৷
কিন্তু, পাছত ল’ৰাজনে জানিব পাৰিছিল যে সেই ‘বিভূতি’ আছিল এবিধ এলুমিনিয়াম লৱণ৷ তেৱেঁই পাছৰ জীৱনত আঁৰি থোৱা ফটোৰপৰা ‘বিভূতি’ৰ সৃষ্টি কৰাৰ লেখীয়া তথাকথিত অলৌকিকতাৰ বৈজ্ঞানিক ব্যাখ্যা দাঙি ধৰিছিল৷ এইজেনই হ’ল ভাৰতৰ যুক্তিবাদী আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি বাসৱ প্ৰেমানন্দ৷…
কথাবোৰ ভাবি ভাবি অৰিন্দম গৈ পলৰ ওচৰ পালেগৈ৷ তাক কৰিবলৈ দিয়া অংককেইটা চালে৷ আটাইকেইটা শুদ্ধই হৈছে৷ পলে সুবিধা পাই দেউতাকক সুধিলে—     ‘‘দেউতা, তোমালোকে পাৰাৰ বিষয়ে কোৱা কথাবোৰৰ শুনিলোঁ৷ তুমি যে এদিন কৈছিলা, মকৰধ্বজ নামৰ ঔষধত পাৰা থাকে৷ কিন্তু সেইটো ঔষধ খালে মানুহৰ শৰীৰত বিষক্ৰিয়া নঘটে কিয়?’’
‘‘মই গম আণ্ডাজ কৰিছিলোঁ, তই অংকও কৰিবি আৰু আমাৰ কথাও শুনি থাকিবি৷ মকৰধ্বজৰ বিষয়ে এইবোৰ কথা ময়ো আগতে জনা নাছিলোঁ৷ সিদিনা ‘প্ৰান্তিক’ত ওলোৱা প্ৰবন্ধ এটাৰপৰাহে বুজি পালোঁ৷ বাৰু তই কথাখিনি চমুকৈ জানি থ৷ ডাঙৰ হ’লে ভালকৈ বুজিবি৷ মকৰধ্বজ নামৰ আয়ুৰ্বেদিক ঔষধত পাৰা আৰু গন্ধকৰ যৌগ এটা থাকে৷ লগত সামান্য পৰিমাণৰ সোণ মিহলাই মৰোঁ মৰোঁ অৱস্থাত থকা ৰোগীক এই ঔষধ খুৱালে কিছু সময়ৰ বাবে সতেজ হৈ থাকে৷ সেই কাৰণে, মৰিবৰ সময়ত মকৰধ্বজ খুউওৱা বুলি কোৱা হয়৷ মকৰধ্বজত থকা পাৰাখিনি গন্ধকৰ সৈতে যোজিত হৈ থাকে৷ নতুন গৱেষণাৰপৰা পোৱা গৈছে যে সেই পাৰা অতিশয় ক্ষুদ্ৰ আকাৰৰ কণিকাৰ ৰূপত (যাক নেন’ কণিকা বোলা হয়) থাকে কাৰণে বিষক্ৰিয়া নঘটে৷ এতিয়া যা স্কুললৈ ওলাগৈ৷’’
এনেতে পৰীয়ে ভিতৰৰপৰা মাত লগালে, ‘‘তুমিও সোনকালে ওলোৱা, নহ’লে পলৰ স্কুলৰ বাবে দেৰি হ’ব৷ পাৰাৰ কথা আৰু কিমান পাগুলি থাকিবা৷ আমাৰ অন্বেষাৰ ক্ষেত্ৰত তোমাৰ পাৰাই কি বিঘিনি ঘটাইছিল, এতিয়াও তাই পাহৰা নাই৷’’
অৰিন্দমহঁত পঢ়া কলেজখনৰ বিজ্ঞান শাখাৰ ৰূপালী জয়ন্তী উপলক্ষে বিজ্ঞানৰ এখন ডাঙৰ প্ৰদৰ্শনী হৈছিল৷ তাত সি পদাৰ্থৰ ঘনত্বৰ তুলনা কৰিবলৈ এলানি পৰীক্ষা দেখুৱাইছিল৷ যেনে, পানীৰ ঘনত্বতকৈ বৰফৰ ঘনত্ব কম, সেয়ে বৰফ পানীত ওপঙে; প্লাষ্টিকৰ ঘনত্ব পানীতকৈ কম কাৰণে পানীত প্লাষ্টিক ওপঙে; পাৰা বা মাৰ্কাৰিৰ ঘনত্ব আন সকলো জুলীয়া পদাৰ্থতকৈ বেছি (১৩.৬), সেয়ে লোহাও (ঘনত্ব ৭.৮) পাৰাত ওপঙে, কিন্তু লোহা পানীত ডুব যায়, ইত্যাদি, ইত্যাদি৷ পৰী আৰু অন্বেষাহঁতে প্ৰদৰ্শনী চাবলৈ গৈ অৰিন্দমৰ প্ৰদৰ্শন চাই থাকোঁতেই অঘটনটো ঘটিছিল৷ পৰীৰ হাতখন লাগি অৰিন্দমৰ সন্মুখত থকা পাৰাৰ বটলটো বাগৰি পৰিছিল৷ সি কোনো মতে কৌশলেৰে অলপ পাৰা বুটলিব পাৰিলে৷
কিন্তু কি হ’ব৷ পাৰাখিনিয়ে নিজে পৰি যোৱাতকৈও এটা ডাঙৰ অঘটন ঘটাই থৈ গ’ল৷ অন্বেষাৰ সোঁহাতৰ তৰ্জনী আঙুলিত পিন্ধি থকা সোণৰ আঙঠিটোৰ সোণালী ৰং গুচি ৰূপালী হৈ পৰিল৷ তাইৰ চকু পানী ওলাল৷ কিছু সময়ৰ বাবে হৈ চৈ লাগিল৷ কথাটো সকলোৰে বাবে ৰহস্যময় হৈ পৰিল৷ কিয় হঠাৎ সোণৰ আঙঠিটো ৰূপৰ হৈ পৰিল?
হুলস্থূল শুনি অধ্যাপক হৰেকৃষ্ণ বৰা ছাৰ আগ বাঢ়ি আহিল৷ তেখেতে সুন্দৰকৈ বুজাই দিলে— বটলৰপৰা পৰি যোৱা পাৰাৰ বাষ্পই সোণৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি এবিধ সংকৰ ধাতু বা এল’ই গঠন কৰাৰ বাবেই সোণৰ প্ৰকৃত বৰণ হেৰাই গ’ল৷ সেই ৰূপালী ৰঙৰ সংকৰ ধাতুবিধ এমালগাম৷ পাৰা আৰু আন ধাতু মিলি গঠন কৰা সংকৰ ধাতুৰ বিশেষ নাম এমালগাম৷
কিন্তু, সেই আঙঠিটো যে দুসপ্তাহৰ আগতে এদিন সন্ধিয়া নেহৰু পাৰ্কত তাইক অৰবিন্দই পিন্ধাই দিছিল, সেই কথা পৰিণীতাৰ বাহিৰে আন কোনেও জনা নাছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *