গল্প-কবিতা

বকুলজোপা (প্ৰিয়ম হাজৰিকা)

আমাৰ পদূলিৰ বকুলজোপা
হঠাৎ এদিন বাগৰি পৰিল।
মৰা বকুলৰ শুকান কাঠে
আমাক গোটেই মাঘ জুৰি উম দিলে।

জুহালৰ এচুকত বহি আমি শুনিছিলোঁ
মৰা বকুলৰ জীয়া গাঁথা।
বগা গোলাপহেন সেমেকা চকুযুৰিৰে
আইতাই কৈছিল,
ককাৰ হাতত লহপহকৈ বাঢ়ি অহা
বকুল জোপাৰ কথা।

সত্তৰ বছৰ আগৰ ব’হাগৰ
কোনোবা এটা দিনত,
আইতাৰ কমলাবুলীয়া গাভৰু হাতত
ককাই যাঁচি দিছিল
বকুলৰ প্ৰথমধাৰি মালা।

ত্ৰিশ বছৰ আগৰ ব’হাগৰ
কোনোবা এটা দিনত
জোনাকৰ গীত জুৰি
সপোন সীয়া,
দেউতাৰ প্ৰিয় মানুহজনীয়ে
ৰ’দ জিকমিক হাঁহি মাৰি
খোপাত গুজিছিল
বকুলৰ আন এধাৰি মালা।
পোন্ধৰ বছৰ আগৰ ব’হাগৰ
কোনোবা এটা দিনত
থুপুক-থাপাক খোজ দিয়া
কণমানি ছোৱালীজনীৰ
কেঁকোৰা অকণমান খোপাটোত
মায়ে গুজিছিল,
বকুলৰ আন এধাৰি মালা।

নাকত গিলিপ মাৰি ধৰা
বহু বছৰ পুৰণি বকুলৰ গোন্ধটোৱে
আজি জুহালৰ চুকটো আৱৰি পেলালে।

আমাৰ পদূলিৰ বকুলজোপা
হঠাৎ এদিন বাগৰি পৰিল।
মৰা বকুলৰ শুকান কাঠে
আমাক গোটেই মাঘ জুৰি উম দিলে।

One thought on “বকুলজোপা (প্ৰিয়ম হাজৰিকা)

  • বকুলৰ গোন্ধেৰে মন মলমলাই গ’ল। ভাল লাগিল। আনন্দ আৰু বেদনাৰ অগাদেৱা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *