গল্প-কবিতা

হাহাকাৰ- অপৰাজিতা গগৈ

(নাজিম হিকমতৰ প্ৰেয়সী আৰু পত্নী ভেৰা তুলিয়া কোভাৰ সোৱঁৰণত)

প্ৰিয়তম মোৰ !
এটা নতুন পুৱা বিচাৰি
তুমি ওলাইছা

সুগোল সোণবৰণীয়া বেলিটো
নিৰন্ন জনতাৰ হাতত তুলি দিব খুজি
তোমাৰ আলসুৱা পোছাক খুলি
শতছিন্ন কাপোৰকে পছন্দ কৰিলা

যদি তুমি বন্দী হোৱা
যদি তুমি জেলত পচি মৰা
যদি তুমি তিলতিলকৈ ভোকত মৰা
যদি তোমাৰ ৰূপান্তৰৰ গান গোৱা কণ্ঠনলী চিঙি পেলায়
শতজনৰ পোহৰ বিচৰা তোমাক
আন্ধাৰৰ পোতাশাললৈ দলিয়াই পঠায়…

মই কেনেকৈ জীয়াই থাকিম কোৱা
মই কেনেকৈ সহিম কোৱা ?

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *